অন্যযুগ/


স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা - ৩

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী



ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো শুৱনি তোৰে মুখনি/ পদুমৰে ঠাৰি যেন হাত দুখনি/ তোৰে চকুযুৰি যায় উৰি উৰি/ বিচাৰি বিচাৰি কোন মায়াপুৰী/ কোন সৰগ জিনো বুলি/ মনৰ পাখি মেলি দিলি/ উজলি জিলিকে সৌ দূৰ-দূৰণি…৷” চিনেমাখনৰ নাম ‘ভক্তপ্ৰহ্লাদ’৷ মুক্তিৰ তাৰিখ ১৪ নৱেম্বৰ, ১৯৫৮৷ চিনেমাখনৰ বিশেষত্ব হ’ল এইখন প্ৰথম অসমীয়া ধৰ্মমূলক চিনেমা৷ নিপ বৰুৱা প্ৰযোজিত, পৰিচালিত ‘ভক্তপ্ৰহ্লাদ’ৰ চিত্ৰগ্ৰহণ কৰিছিল কেষ্ট মুখাৰ্জীয়ে৷ ইভা আচাও, ফণী শৰ্মা, দ্বিবন বৰুৱা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অমলেন্দু বাগচী, ৰেবেকা আচাও আদিয়ে অভিনয় কৰা ক’লা বগা চিনেমাখনৰ অ’ হৰি চৰণ দিয়াহে/ জলধিৰ মাজে তুমি হৈয়া অৱতৰি/……ব্ৰহ্মাণ্ডৰ ভূমি ভাৰ কান্ধতে প্ৰভূ / ভকতৰ প্ৰাণধন তুমি নাৰায়ণ …গীতটি আমি সৰুতে কাৰোবাৰ কাৰোবাৰ মুখত শুনা মনত পৰে৷  

চিনেমা এখনৰ পৰিচয় ইয়াত সন্নিবিষ্ট গীতে বহন কৰে নে গীতটিক চিনেমাখনেহে বিশেষ কৰি তোলে? এই বিষয়ে কথা পাতিবলৈ আমাৰ হাতত অনেক উদাহৰণ আৰু যুক্তি আছে৷ ভূপেন হাজৰিকাই লিখা “ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজায় ক’ত/ ক’ত?/ গিৰগিৰ গিৰগিৰ ডাৱৰেনো/ মাদল বজায় ক’ত?/ ক’ত?/ অমোৰ অসম দেশত, অসম দেশত/ মাইহাং বাটিৰ সোৱাদ পানী / যাচে কোনে ক’ত? ক’ত?/ কাৰ পদূলিৰ কেতেকীনো/ মলেমলায় ক’ত?/ অমোৰ অসম দেশত, অসম দেশত…” গীতটি অসমীয়াৰ অতি চিনাকি৷ কিন্তু গীতটি থকা চিনেমাখনৰ নাম জানে কেইজনে! ১৯৫৯ চনৰ প্ৰথম ভাগতে অহা এই চিনেমাখনৰ নাম ‘কেঁচাসোণ’৷ চন্দ্ৰধৰ গোস্বামী, ইভা আচাও আদিয়ে অভিনয় কৰা ‘কেঁচাসোণ’ৰ কাহিনী চাহবাগিছাকেন্দ্ৰিক৷ তেজপুৰ জিলা চাহ মজদুৰ সংঘৰ হৈ হৃদয় আগৰৱালাই ‘কেঁচাসোণ’ প্ৰযোজনা কৰিছিল৷ পৰিচালনা কৰিছিল ফণী শৰ্মাই৷ ড° ভূপেন হাজৰিকাই সঙ্গীত দিয়া চিনেমাৰ গীতবোৰ সাধাৰণতে শ্ৰোতা-দৰ্শকৰ মনত ৰৈ গৈছিলেই৷ ‘কেঁচাসোণ’ৰ মণ্টু ঘোষ, ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আদিয়ে গোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অ’ আমাৰ গাঁও/ অ’ আমাৰ গাঁও/ আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ/ আমি মৰিবলৈ যাওঁ/ গীতটিয়ে তাহানিৰে পৰা আমাক মুগ্ধ কৰি আহিছে৷ চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই৷ এইটো বছৰতে মুক্তি লভিছিল কামৰূপ কলা মন্দিৰৰ বেনাৰত নিৰ্মিত নিপ বৰুৱাৰ আমাৰ ঘৰ, কথাকলি চিনে প্ৰডিউচাৰ্চ নগাঁৱৰ বেনাৰত নিৰ্মিত প্ৰভাত মুখাৰ্জীৰ পূবেৰুণ, দেবা ফিল্মছৰ বেনাৰত নিৰ্মিত শৈল বৰুৱাৰ ‘চাকনৈয়া’ই৷ ‘চাকনৈয়া’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছিল দুৰ্গেশ্বৰ বৰঠাকুৰে৷ জনপ্ৰিয় লেখক চৈয়দ আব্দুল মালিকে এইখন চিনেমাৰ বাবে এটি গীত লিখিছিল— মছগুল দুনিয়াত হায়ৰে হায়ৰে হায়ৰে/ দিল আছে দিলদাৰ নাইৰে নাইৰে/ দিল আছে মিল নাই/ যাৰ নাই/ তাৰ নাই/ যাৰ আছে সি চব পায়ৰে পায়ৰে আৰু গীতটিত কন্ঠদান কৰিছিল ভূপেন হাজৰিকা, মিহিৰ বৰদলৈ, মুকুল বৰুৱা আদিয়ে৷ ‘পূবেৰুণ’ আৰু ‘চাকনৈয়া’ – এই দুয়োখনতে জ্ঞানদা কাকতিয়ে অভিনয় কৰিছিল৷ ‘পূৱেৰুণ’ক আমি মনত ৰাখোঁ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমা হিচাপে৷ ‘আমাৰ ঘৰ’ত অভিনয় কৰিছিল ফণী শৰ্মা, বিজয় শংকৰ, ক্ষীৰদা কান্ত বিষয়া, বীণা বৰুৱা আদিয়ে৷ এইখন চিনেমাৰ সংলাপ লিখিছিল লক্ষ্যধৰ চৌধুৰীয়ে৷ 

১৯৬৩ চনৰ নৱেম্বৰ মাহ৷ জোনপ্ৰভা বৰুৱানীৰ প্ৰযোজনাৰে সেই মাহতে অসমে লাভ কৰিছিল প্ৰথমখন অসমীয়া কমেডি – ‘ইটো সিটো বহুতো’৷ ফণী শৰ্মা, ব্ৰজেন বৰুৱা, সুতপা মজুমদাৰ আদিয়ে অভিনয় কৰা ‘ইটো সিটো বহুতো’ৰ চিত্ৰনাট্য লিখিছিল আৰু পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই৷ 

যশস্বী কবি নৱকান্ত বৰুৱাই গীত লিখিছিল ‘মাটিৰ স্বৰ্গ’ নামৰ চিনেমাখনৰ বাবেও৷ সেয়াও আছিল ১৯৬৩ চন৷ মুক্তি পাইছিল অনিল ভূঞা পৰিচালিত তথা চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰী, অনিল চৌধুৰীয়ে প্ৰযোজনা কৰা ক’লা-বগা চিনেমা ‘মাটিৰ স্বৰ্গ’৷ জিতেন দেৱ, বীৰেন্দ্ৰ কুমাৰে সঙ্গীত দিয়া চিনেমাখনৰ বাবে নৱকান্ত বৰুৱাই লিখিছিল— “জীৱনৰ এই সাঁকোত কিয়নো সাজিব খুজিলি ৰংমহল/ অত হেঁপাহেৰে কিয়নো গোটালি/ মিছা মৰমৰ কেঁচা সমল/ এয়া মাথো অহা-যোৱা বাট/ নাই ক’তো থল জিৰণিৰ/ মৃগতৃষ্ণাৰ সিপাৰে বালিৰ / শেষ নাই তিৰবিৰণিৰ/”৷ ‘মাটিৰ স্বৰ্গ’ৰ বাবে কবিয়ে দুটি গীত লিখিছিল, যি গীতত কন্ঠদান কৰিছিল অসিত কুমাৰ আৰু শৰদিন্দু দাসগুপ্তই৷ 

 ১৯৬৪-ত আহিল ‘মণিৰাম দেৱান’ যিখন চিনেমাৰ সঙ্গীত ব্যক্তিগতভাৱে মোৰ অতি প্ৰিয়৷ সুধাকণ্ঠ ভূপেন হাজৰিকা সঙ্গীতৰ দায়িত্বত থকাৰ পাছত সেইখন চিনেমাৰ গীতে আমাক যুগ যুগ ধৰি আপ্লুত কৰি নাৰাখিবনে! ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা ‘মণিৰাম দেৱান’ৰ বুকু হম হম কৰে মোৰ আই/ কোনে নিদ্ৰা হৰে মোৰ আই, তপ্ত তীখাৰে অগ্নি শক্তি/ ৰক্ত বৰ্ণে জ্বলে/ এ জ্বলিলে/ মুক্তি পিয়াসী সুপ্ত মানুহৰ/ বক্ষ তীখা হৈ গল/ এ গলিলে…, হে মাই যশোৱা এ/ মাই হেৰে যশোৱা আমাক লাগিয়া/ অলপ তোৰ মৰমো নাই/, সংগ্ৰামলগ্নে আজি শংকা ত্ৰাস ত্যাজি…আদি গীতবোৰ পাহৰিব নোৱাৰি৷ এইখন চিনেমাত ৰঞ্জনা বৰদলৈৰ বিহুনৃত্যটিও নিশ্চয়কৈ বহুতৰ প্ৰিয়৷ ণিৰাম দেৱান পৰিচালনা কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে৷ চিত্ৰগ্ৰহণ বিজয় দেৰ, প্ৰযোজনা অপূৰ্ব চৌধুৰীৰ৷ হলৰইডৰ চৰিত্ৰত অভিনয় কৰিছিল বাংলা চিনেমাৰ বিশিষ্ট অভিনেতা উৎপল দত্তই আৰু মণিৰাম দেৱানৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই৷  

ণিৰাম দেৱানত ভূপেন হাজৰিকাৰ সঙ্গীতৰ কথা কৈছিলোঁহে৷ ইয়াৰ পাছৰ বছৰতে মুক্তি পালে খাছী কিংবদন্তিৰ আধাৰত নিৰ্মিত, বিষ্ণু ৰাভা, ফণী শৰ্মা, ইভা আচাও, বিদ্যা ৰাও, ৰঞ্জনা বৰদলৈ, কমল চৌধুৰী আদি অভিনীত চিনেমা প্ৰতিধ্বনিপ্ৰতিধ্বনিৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যৰ ৰচক, সংলাপ-সঙ্গীত দিওঁতা তথা গীতৰ ৰচকো একেজন মানুহেই— সেইজন হ’ল ভূপেন হাজৰিকা৷ প্ৰতিধ্বনিকা শ্বৰাতিনামেৰে খাছি ভাষালৈ ডাব কৰা হৈছিল৷ ভূপেন দাৰ ৰচনা আৰু কণ্ঠই শ্ৰোতাৰ কাণত মৌ বৰষিছিল — লিয়েনমাকাও/ কোন পাহাৰৰ শিখৰতে বাট চাইছা/ সুৰৰ পঁজা কিয় উদং ৰাখিম/ অকলশৰে মই কিমান কান্দিম/ তাকে একমনে ভাবিছা?’(প্ৰতিধ্বনি, ১৯৬৫)৷

 

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ