অন্যযুগ/


শ্ৰী ৰঘুপতি (২০২৩) : অসমীয়া চলচ্চিত্ৰৰ ভাগ্যোদয়

 প্ৰণৱ মেধী

 

শৈলেন কুমাৰ শৰ্মা প্ৰযোজিত, ৰবি শৰ্মাৰ কাহিনী আৰু সংলাপ, সুব্ৰত কাকতিৰ  চিত্ৰনাট্য, পৰিচালনা, সম্পাদনাৰ অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি  অসমীয়া মনোৰঞ্জনধৰ্মী  চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন৷ চিনেমেটিক ট্ৰিটমেন্টৰ সঠিক প্ৰয়োগৰ সিংহভাগ স্পষ্টতা থকা চলচ্চিত্ৰখনৰ কাৰিকৰী কৌশলৰ প্ৰয়োগ বেহিচাপী, মাত্ৰাধিক নোহোৱা,কুশল অভিনয়ৰ পৰিচয় থকা শ্ৰী ৰঘুপতি এখন ৰসাস্বাদন কৰিব পৰা সুস্থ অসমীয়া চলচ্চিত্ৰ৷

শ্ৰী ৰঘুপতি চলচ্চিত্ৰখনৰ প্ৰ’টাগনিষ্ট, অসম প্ৰশাসনিক সেৱাৰ বিষয়া অতিৰিক্ত উপায়ুক্ত ৰঘুপতি ৰায় বৰুৱা এগৰাকী সমাজ সচেতন নৈতিক প্ৰমূল্যৰে পৰিশীলিত, সাহসী ব্যক্তি৷ তেওঁৰ সম্ভ্ৰান্ত শিক্ষিত পৰিয়ালত তেওঁৰ দৰে সাহসী ভগ্নী পৰী, যি নিজৰ মেধাৰে শিক্ষকতাৰ বৃত্তিত উত্তীৰ্ণ হৈ এখন আওহতীয়া গাঁৱত  নিয়োজিত হয়৷ ঘাত-প্ৰতিঘাত, প্ৰতিকূল পৰিবেশকো নেওচি জীৱন সংগ্ৰামত নামি পৰা পৰীৰ জীৱনলৈ আহে চৰম বিপৰ্যয়৷ শিশু, কিশোৰী অপহৰণ কৰা নাৰী সৰবৰাহকাৰী মাফিয়াৰ কবলত পৰে পৰী আৰু তাইৰে দুগৰাকী কিশোৰী ছাত্ৰী৷ সাম্ভাব্য ধৰ্ষণ, মৃত্যুকো ভয় নকৰি অতি সাহসেৰে পৰীয়ে জীৱন পণ কৰি যুঁজিও অৱশেষত ধৰ্ষিতা হৈ মৃত্যু বৰণ কৰে৷ পৰীৰ অকাল মৃত্যু তথা কিশোৰী ছাত্ৰী দুগৰাকীৰ অপহৰণে চিনেমাখনৰ ৰূপ সলনি কৰি দিয়ে৷ অতিৰিক্ত উপায়ুক্ত ৰঘুপতিৰ সাহস সমৃদ্ধ স্বচ্ছন্দ জীৱন সমূলি সলনি হয়৷ অভাৱনীয় প্ৰত্যাহ্বান আহে ৰঘুপতিৰ জীৱনলৈ৷ বিধায়ক, পুলিচ অধীক্ষক, জিলা উপায়ুক্ত পৰ্যায়ৰ শীৰ্ষ প্ৰশাসনীয় আৰু আইনৰ লোক যেতিয়া সমাজ নাশক অপৰাধীৰ অধীনস্থ হয়,ৰঘুপতিৰ দৰে সৎ চৰকাৰী উচ্চ বিষয়া এজন দিকবিহীন হৈ পৰে৷ নিজ ভগ্নী, কিশোৰী ছাত্ৰী দুগৰাকীৰ জীৱন ধ্বংসকাৰী অপৰাধী চক্ৰটো বিনাশ কৰিবলৈ উচ্চ পদবীৰ মোহ - দায়িত্ব পৰিত্যাগ কৰি ৰঘুপতিয়ে, সমাজ হানিকাৰক কুচক্ৰৰ স’তে এখন অনিশ্চিত যুঁজত অৱতীৰ্ণ হয়৷ চলমান খান ওৰফে ভাস্কৰ অধিকাৰী নামৰ প্ৰাইভেট ডিটেক্টিভ এজনৰ সহযোগত ৰঘুপতি সফল হয়৷ ড্ৰাগছ, অস্ত্ৰ, নাৰী সৰবৰাহকাৰী কুখ্যাত এটা মাফিয়া চক্ৰ সম্পূৰ্ণ ধ্বংস কৰি অপহৃত দুই কন্যা আৰু অনেক কিশোৰী কন্যা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

অপৰাধ তথা একশ্বনধৰ্মী চিনেমা হিচাপে অসমীয়া চিনেমাৰ ইতিহাসত পৰিচালক সুব্ৰত কাকতিৰ ৰঘুপতি এখন সফল চিনেমা৷ অসমৰ প্ৰায় সকলো প্ৰান্তৰৰ দৰ্শকক মনোৰঞ্জিত কৰা চলচ্চিত্ৰখনে চিত্ৰগৃহত মুক্তি পোৱাৰ পৰাই অভিলেখ সৃষ্টিকাৰী ব্যৱসায় কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ৷ চলচ্চিত্ৰ গাঁথনিৰ দিশত ৰঘুপতি চলচ্চিত্ৰখন আসোঁৱাহমুক্ত বুলি ক’ব নোৱাৰি৷ সযত্নে প্ৰস্তুত কৰা চলচ্চিত্ৰখনিৰ ট্ৰিটমেণ্ট বিশেষকৈ দ্বিতীয়াৰ্ধৰ আগলৈকে সাৱলীল, মনোগ্ৰাহী৷ পাছলৈ ক্ৰাইম থ্ৰিলাৰৰ দৰেই দ্ৰুত উদ্দেশ্যমুখী হৈ গতি কৰে৷ ৰঘুপতিয়ে thriller person হিচাপে অতি দ্ৰুততাৰে আলতাফহঁতৰ অপৰাধ জগতখন তচনচ কৰাত জঁপিয়াই পৰে৷ পাছৰ গোটেই সময়ছোৱাত ছাচপেঞ্চৰ কোনো কথা নাই; মাথোঁ একশ্বন – ধৰ, মাৰ৷ ৰঘুপতিৰ পূৰ্বৰ প্ৰেমিকা মনীষাৰ স’তে পৰিস্থিতিবশতঃ সাক্ষাৎ হোৱাৰ সামান্য মুহূৰ্ত দুটিমান থাকিলেও তাত ৰোমাঞ্চ-আৱেগৰ কোনো অৱকাশ নাই৷ যুদ্ধ সদৃশ সময়ত চুপতি বন্ধ৷ গতিকে একশ্বনধৰ্মী চিনেমা হিচাপে যথাৰীতি নায়কক বিজয়ী কৰাবলৈ ৰঘুপতিৰ ট্ৰিটমেণ্ট প্ৰস্তুত হৈছিল৷ নাৰী সৰবৰাহ (Flesh Trade)-ৰ দৰে স্পৰ্শকাতৰ অগতানুগতিক বিষয়বস্তু চয়ন কৰা পৰিচালকে এই বিষয়ৰ গভীৰ প্ৰতিস্থাপন চলচ্চিত্ৰখনৰ অপ্ৰয়োজনীয় কৌতুক, গীতৰ উছাহতকৈ বেছি প্ৰয়োজনীয় আছিল৷

চলচ্চিত্ৰ এখনৰ দোষ-ত্ৰুটি অসাৱধনতাবশতঃ কিম্বা সাৱধানতা অৱলম্বন কৰিলেও যে হয় তাক অস্বীকাৰ কৰা নাযায়৷ ইয়াত উদীয়মান, প্ৰবীণ প্ৰতিভাৰ কথা নাথাকে৷ চলচ্চিত্ৰ নিৰ্মাণৰ অলেখ অভিজ্ঞতাৰ কথাও নাহে৷ অৱশ্যে অভিজ্ঞতাৰ সোণালী সুফল নুই কৰিব নোৱাৰি৷ তথাপিও আৰম্ভণিতে অবিস্মৰণীয় অনন্য ছবি নিৰ্মাণ কৰা স্বনামধন্য পৰিচালকৰো শেহান্তৰৰ ছবি ৰসোত্তীৰ্ণ নোহোৱাৰ নমুনা আছে৷ ছবি নিৰ্মাণ এটি মানৱ শিশুক যথাৰ্থতে মানুহ(!) বনোৱাৰ সদৃশ কথা৷ মোহ-অপত্যস্নেহ, সংস্কাৰ দি, সমাজৰ আগলৈ (Forward) সফল ৰূপে গঢ়ি তোলাৰ যি কষ্টসাধ্য, ব্যয়বহুল প্ৰচেষ্টা, এখন চিনেমাৰ ক্ষেত্ৰটো অনুৰূপ যেন কোৱাটো নিশ্চয় অত্যুক্তি নহয়৷ খুঁটি-নাটিৰ অনেক সাৱধানতা লোৱাৰ পাছতো চিনেমাৰ সম্পাদনাৰ ক’ৰবাত থাকি যায় ত্ৰুটি ছেগা-চোৰোকাকৈ৷ ৰঘুপতিৰ ক্ষেত্ৰত প্ৰদীপ দৈমাৰীৰ কেমেৰাৰ ব্যৱহাৰ সঠিক হৈও ৰঘুপতিৰ ছবিখনৰ প্ৰথম প্ৰৱেশৰ মুহূৰ্ত্তৰ ফ্ৰেম ইন আৰু ফ্ৰেম আউটত খেলিমেলি চকুত পৰে৷ ৰঘুপতি যদি প্ৰৱেশ কৰিছে কেমেৰাৰ সন্মুখলৈ, আকৌ যদি আগবাঢ়িছে সোঁফাললৈ তৎমুহূৰ্ততে বাওঁফালে গুচি যায় তেনেহ’লে – এই দৃশ্যটোৱে চৰিত্ৰটিক দেখুৱাব খোজা আগমনক – প্ৰস্থানো দেখুওৱাৰ নিচিনা খেলিমেলিৰ সৃষ্টি কৰায়৷ চিনেমাখনৰ গতিৰ ক্ষিপ্ৰতাই ৰসভংগ নকৰিলেও স্থান বিশেষে সুবিধা থকা সত্তেও পৰীৰ কৰ্মস্থলী গাঁওখনৰ নান্দনিক লং শ্বটৰ অভাৱ থাকি গ’ল৷ বিৱাহ-চাকৰি-প্ৰেমৰ ধামখুমীয়াত কেমেৰাই টিপিকেল ব্যৱহাৰৰ ব্যতিৰেক মুকলি পৰিৱেশ আঁকিবলৈ কোনো সুবিধাই নাপালে প্ৰাৰম্ভতে৷ অৱশ্যে আৰম্ভণিতে ৰঘুপতিক স্পষ্ট কৰি পৰিচালকে সমান্তৰালকৈ পৰীৰ আত্মপ্ৰকাশক সুচাৰুৰূপে স্বীকৃতি দি চিনেমাখনৰ মূল দুটি  চৰিত্ৰৰ স্বৰূপক যথাযথ অংকন কৰিছিল৷ আচলতে ৰঘুপতি আৰু পৰীৰ বাটেৰে আগবঢ়াই নিছিল পৰিচালকে দৰ্শকক৷ দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ উপযুক্ত আছিল ৰঘুপতি আৰু পৰী৷ আৰু সেয়ে পৰীৰ অভাৱনীয়, মৰ্মন্তুদ মৃত্যুৱে দৰ্শকৰ সমগ্ৰ চেতনা জোঁকাৰি আনিছিল হাহাকাৰ৷ এই হাহাকাৰ অতএৱ উৎসুকতাই ৰঘুপতি চিনেমাখনৰ প্ৰতি আকৰ্ষিত হোৱাৰো মূল হেতু৷ পৰী ৰায় বৰুৱাৰ চৰিত্ৰত প্ৰিয়ম পল্লৱীৰ অপূৰ্ব অভিনয়ৰ স্বাক্ষৰ থকা একক, অনন্য দৃশ্যাংশ অসমীয়া চলচ্চিত্ৰ জগতত স্মৰণীয় হৈ থাকিব৷ এইগৰাকী অসহায়া নাৰী (পৰীৰ চৰিত্ৰত প্ৰিয়ম পল্লৱী) য়ে নিজৰ, দুগৰাকী কিশোৰীৰ জীৱন ৰক্ষা কৰিবলৈ কাঠনিবাৰীৰে জান-প্ৰাণ দি দৌৰি পলোৱা, সম্পূৰ্ণ অকলে  দুৰ্বৃত্তৰ সৈতে যুঁজ দি মৃত্যুমুখত পৰা নানা মুহূৰ্তৰ অভিনয় অসমীয়া দৰ্শকৰ মানসপটত খোদিত হৈ থাকিব৷ নিৰস্ত্ৰ পৰীয়ে অকলে পাষণ্ড এটাৰ সৈতে যুঁজ দিবলৈ  নিজৰ ভেনিটি বেগৰ পৰা ছাতিটোকে উলিয়াই লৈ, ছাতিটোৰ দাণ্ডিডাল টানি লৈ পাষণ্ডটোক কোবোৱা দৃশ্য আনহাতে যুঁজিব নোৱাৰি নিজকে পাষণ্ডৰ ওচৰত সমৰ্পণ কৰি ভৰিত ধৰি কিশোৰী দুজনীৰ বিনিময়ত পৰীক লৈ যাবলৈ খাটনি ধৰা, তৰা (লুনা দেৱী)-ৰ সহিতে দুয়ো কিশোৰীক দুৰ্বৃত্তই টানি লৈ যোৱা মুহূৰ্তত ‘তৰা’ৰ নাম কৈ চিৎকাৰ কৰা আদি দৃশ্যত পৰীৰ অভিনয় অদ্বিতীয়, হৃদয় বিদাৰক হৈছে৷ পৰীৰ অনুৰোধ-কাকূতিৰ কাম নোহোৱাত তাই শুকান গছৰ ঠাল এডালেৰে দুৰ্বৃত্তটোক প্ৰচণ্ড জোৰে মাৰ সোধোৱা আৰু সেই প্ৰচণ্ড কোবত গছৰ শুকান ঠাল ডাল (যি পঁচা-ঘূণে ধৰা আছিল) সশব্দে ভাগি টুকুৰা হৈ যোৱা দৃশ্যটি আছিল আকৰ্ষণীয়৷ পৰীৰ জীৱনৰ চূড়ান্ত বিপদৰ মুহূৰ্তত তাইৰ জীৱন, যৌৱন ৰক্ষা পৰাৰ প্ৰতি দৰ্শকৰ জগা ব্যাকুলতা ৰঘুপতি চিনেমাখনৰ অন্যতম সফলতা৷ আমাৰো অনুভৱ, পৰী ৰায় বৰুৱাৰ মৰ্মান্তিক মৃত্যুৱে ৰঘুপতি চিনেমাখনক দুৰন্ত গতি আৰু গভীৰতা প্ৰদান কৰিলে৷ পৰী চৰিত্ৰটিয়ে বস্তুতঃ ৰঘুপতি চিনেমাখনিক কৰিছিল সাম্ফল৷ কেমেৰাৰ কথা পুনৰবাৰ উনুকিয়াবলৈ নাই৷ পৰিচালক সুব্ৰতৰ সম্পাদনা আকৰ্ষণীয়৷ সৌভিক ফুকনৰ শব্দ সংযোজন সুন্দৰ, মানসম্পন্ন৷ সংগীতৰ প্ৰয়োজন আনন্দৰ কালত বিশেষ আনন্দদায়ক নহ’লেও দুখৰ সময়ত হৃদয়স্পৰ্শী৷ সংগীত প্ৰণয় দত্ত, দিগন্ত ভাৰতীৰ৷ সংগীত কম্পজিশ্যন আৰ্শ্বাদ এম ৰহমানৰ৷ আৱহ সংগীত সৃষ্টিত প্ৰণয় দত্ত আৰু আৰ্শ্বাদ এম ৰহমানৰ নতুনত্ব নথকা নহয়৷

ৰঘুপতিৰ নাম ভূমিকাত ৰবি শৰ্মাই অতি যত্ন সহকাৰে নিজকে নিৰ্মাণ কৰিব পাৰিলে ৰঘুপতি বুলিয়ে৷ তেওঁৰ ক্লান্তিহীন কষ্টই ৰঘুপতি চৰিত্ৰটিক সাৰ্থক কৰিছে৷ অদম্য ৰঘুপতিয়ে অন্তৰতম যন্ত্ৰণা-আৰ্তি বাহ্যিকভাবে নেদেখুৱাই প্ৰচ্ছন্ন  কৰিছে প্ৰতিশোধ, চৰম শাস্তি দিয়াৰ মানসিকতাৰ মাজেৰে৷ ৰঘুপতিয়ে অপৰাধীক পাত পাত কৰি বিচাৰি ফুৰিছে; প্ৰথমে একক প্ৰচেষ্টাৰে, পাছলৈ চলমান খান ছদ্মনাম লোৱা প্ৰাইভেট ডিটেক্টিভ ভাস্কৰ অধিকাৰীৰ সহযোগত নাৰী সৰবৰাহকাৰী বৃহৎ গেং (Gang) এটা নিঃচিহ্ন কৰে৷

পৰী ৰায় বৰুৱাৰ চৰিত্ৰত প্ৰিয়ম পল্লৱীৰ অভিনয় বিশেষভাবে উল্লেখনীয়৷ তেওঁৰ অভিনয় চৰিত্ৰানুগ, যথাৰ্থ৷ পৰী চৰিত্ৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল প্ৰিয়ম পল্লৱীয়ে৷ অৱশ্যে গাঁৱৰ স্কুলত শিক্ষা দানৰ চানেকি নেদেখুৱালেও পৰীৰ পাঠদানৰ কোঠালিতে ছাত্ৰ-ছাত্ৰীয়ে গীতৰ সুৰ-তালত নচা দৃশ্য ৰসৰ অপকৰ্ষক হৈছে৷

এটা প্ৰয়োজনীয় চৰিত্ৰ – কল্যাণ চন্দ্ৰ দত্তক ৰূপায়ণ কৰা বেহাৰবাৰী আউট পষ্টখ্যাত সুঅভিনেতা কে কে ওৰফে সিদ্ধাৰ্থ শৰ্মাৰ অভিনয় ৰঘুপতিত অকৃত্ৰিম নহ’ল; চৰিত্ৰটোৰ কথা-কাণ্ড প্ৰাৰম্ভতে বহুৱালি যেনহে হ’ল৷ তেনেকৈ কথকী চৰিত্ৰৰ ব্যক্তি ৰঘুপতিৰ দেউতাক হৰিপ্ৰসাদ বৰঠাকুৰৰ অভিনয়ত অতিৰঞ্জন নাই৷ তেওঁৰ চৰিত্ৰটোৰ কথাৰ যতি পৰে – বাকৰুদ্ধ হৈ পৰে আদৰৰ জী পৰীৰ অকাল মৃত্যুৰ লগে লগে৷ ৰঘুপতিৰ বাগদত্তা মনীষাৰূপী প্ৰীতি কংকনাৰ অভিনয় স্থান বিশেষে চৰিত্ৰানুগ৷ অৰুণ নাথৰ অভিনয়ত নতুনত্বৰ স্বাদ পোৱা গ’লেও চৰিত্ৰটোক মাফিয়া গেঙৰ ইতিমধ্যে গেং বিতাড়িত সহযোগী অপৰাধী চলমান খানৰ ঠাইত (শেহত) প্ৰাইভেট ডিটেক্টিভ ভাস্কৰ অধিকাৰীৰ পৰিচয় প্ৰদান কৰাত ৰসভংগ হ’ল৷ চৰিত্ৰৰ উপস্থাপন সদায় কাহিনীৰ খাতিৰত স্বতঃস্ফুৰ্ত হ’ব লাগে৷ ই জোৰ কৰিলে সৃষ্টি নহয়৷ কাজেই এজন পৰাজিত ডিটেক্টিভ হোৱাতকৈ, অপৰাধী চক্ৰতে মানৱীয় প্ৰমূল্য থকা তাৰ বাবে নিজৰ জীৱনলৈও চৰম বিপদ মতা, দুৰ্জনৰ সৰ্বনাশ কৰিবলৈ অহা ৰঘুপতিৰ দৰে কাৰোবাক সহায় কৰি আত্মসন্তুষ্ট হোৱা, অৰ্থাৎ দহৰ ভাল কৰি পাপৰ প্ৰায়শ্চিত্ত কৰা চৰিত্ৰ শক্তিশালী নিশ্চয়৷ অন্যান্য কুশীলৱসকলৰ চৰিত্ৰ ৰূপায়ণ খাপচৰা হোৱা নাই৷ এম এল এ ৰূপী অৰুণ হাজৰিকাৰ অভিনয় তৃপ্তিদায়ক৷ অৱশ্যে বিদিশাৰ ৰূপত বৰ্ণালী পূজাৰীৰ চৰিত্ৰটো গতানুগতিক হৈ থাকিল৷  হাফিজ কাইৰ ভূমিকাত পৰাণ বৰঠাকুৰ, কিশোৰী তৰাৰ লগৰী য়াচমিনৰ মাকৰ চৰিত্ৰত কৰা সীমা বৰুৱাৰ অভিনয় লেখত ল’বলগীয়া৷ য়াচমিন নিখোঁজ হোৱাৰ পাছত ফ্ৰেমৰ একেবাৰে সোঁফালে থাকি সীমা বৰুৱাৰ অভিনয়, ঘৰৰ বাৰাণ্ডাত বহা দৃশ্যটিৰ আলোকসম্পাত অপূৰ্ব সুন্দৰ৷ লগতে অফস্ক্ৰীনত ভাহি অহা, পুত্ৰীক হেৰুৱাৰ বেদনাৰ আৰ্তি হৃদয় চুই যোৱা৷  য়াচমিনৰ পিতৃৰ ভূমিকাত সঞ্জীৱ বুঢ়াগোহাঁইৰ অভিনয়, হানিফৰ চৰিত্ৰত কোকিল শইকীয়াৰ অভিনয়ত ক্ৰুৰতা দৃষ্টি নন্দন ৷ আনহাতে পৰী ৰায় বৰুৱাৰ সৈতে বাগ্দান কৰা চৰিত্ৰাভিনেতাজনৰ অভিনয় আড়ষ্টতাৰে ভৰা  নহ’লেও আন্তৰিক নহয়৷ পৰী ৰায় বৰুৱাৰ চৰিত্ৰটিৰ উচ্চমানৰ অভিনয়ৰ ওচৰত  (ককায়েক ৰঘুপতিক “...বেক আপ কৰ লিয়া” গীতটোত পৰীয়ে প্ৰকাশ কৰা ভাৱাবেগলৈকে পৰীৰ অভিনয় যিমান অৰ্থৱহ) উল্লিখিত চৰিত্ৰটো নিস্তেজ৷

ৰঘুপতি আসোঁৱাহমুক্ত নহয়৷ এজন বিধায়কক ডি.চি., আৰক্ষী অধীক্ষকৰ সন্মুখতে ৰঘুপতি ৰায় বৰুৱাই বাসগৃহত ঠেকেচি পেলাব পাৰে; পুলিচ-দেহৰক্ষী অন্তৰ্ধান– ই কেনে কথা ! সচৰাচৰ দাক্ষিণাত্যৰ চিনেমাত সুলভ নায়কৰ ঢঙৰ ৰঘুপতিক আইনে ধৰা পেলাব নোৱাৰে, প্ৰায় হেলাৰঙে অপৰাধীচক্ৰৰ সমূহ অপৰাধীৰ এটা-এটা কৈ প্ৰাণ নাশ কৰে৷ কোৱা বাহুল্য, মূল চৰিত্ৰটো শক্তিশালী কৰিবলৈ গৈ বাস্তৱক উপেক্ষা কৰিলে সেই চৰিত্ৰটোক অতিমানৱহে সজোৱা হয়৷ হিল্লোল কুমাৰ পাঠক অভিনীত দায়িত্বহীন পুলিচ ইন্সপেক্টৰ জনৰ মাথোঁ পৰ্দাত ভুমুকি মৰা সদৃশ ভূমিকা গ্ৰহণযোগ্য নহ’ল৷ তেওঁক মাফিয়াৰ পদানত বোধ হ’লেও উপৰুৱাকৈ হ’লেও আইন-শৃংখলাৰ স্বাৰ্থত কৰ্তব্য কৰা দৃষ্টিগোচৰ নহ’ল; যেন সৰ্বত্ৰ নৈৰাজ্য৷ পৰী ৰায় বৰুৱাৰ ধৰ্ষণকাৰী, দুৰ্বৃত্তৰ ৰূপত কৰা অভিনেতা মানৱ জ্যোতি বৰাৰ মূক (Silent) কিন্তু বৰ্বৰ ৰূপত কৰা অভিনয় প্ৰশংসনীয়৷ নিৰ্দয়, নিকৃষ্টতাৰ আকস্মিক প্ৰতিফলন ঘটোৱা চৰিত্ৰটোৱে প্ৰাঞ্জলভাৱে চলচ্চিত্ৰখনক দুঃসহ অৱস্থালৈ গতি সলনি কৰায়৷

অসমীয়া চলচ্চিত্ৰত পূৰ্বৰ খলনায়কৰ অতিৰঞ্জিত ভাৱমূৰ্তি, ৰঘুপতিত সমূলি  ৰূপান্তৰিত হ’ল৷ খলনায়কৰ চৰিত্ৰই সফল ভূমিকাত থাকি ৰসোত্তীৰ্ণ অভিনয়ৰ চিন ৰাখি চলচ্চিত্ৰ শ্ৰী ৰঘুপতিৰ সৌন্দৰ্য বৃদ্ধি কৰিলে৷ নিগেটিভ চৰিত্ৰত কৰা আন আটাইকেইজন অভিনেতাৰে অভিনয় চৰিত্ৰৰ উপযোগী৷ আলতাফ মিঞা(ৰাজ শৰ্মা)ৰ আপাত নিস্তৰংগ অভিনয় চকুত লগা৷ পিছে তেওঁৰ অৱশ্যম্ভাৱী মৃত্যুৰ শ্বটত তেওঁৰ অভিনয় ঠিক-ঠাক নহ’ল৷ উল্লেখযোগ্য যে আলতাফ মিঞাৰ অপৰাধ আড্ডাৰ ভিতৰচ’ৰাৰ ছেটিংছ সঠিক নহ’ল৷ আলতাফ মিঞাৰ আসনৰ বডিগাৰ্ড পৰিবেষ্টিত পৰিৱেশ থিয়েটাৰী যেন লাগিল৷ একশ্বনৰ দৃশ্যাংশৰ নতুনত্ব আমোদজনক হৈছে ৷ দাক্ষিণাত্যৰ অতিমাত্ৰা উদ্ভট একশ্বনৰ দৃশ্যসমূহৰ দৰে ৰঘুপতিৰ ফাইটিং (Fighting)-ৰ দৃশ্যাংশ তেনে অতিৰঞ্জিত হোৱা নাই৷ VFX -অৰ কামত Mwkathang Machahary -ৰ কৃতিত্ব ৰৈছে ৷ Motion Graphics, Title Design, VFX -অটো কৃতিমান ঋতুপৰ্ণ বৰাৰ উন্নত মানৰ প্ৰতিভা চকুত পৰে৷

অসমীয়া চলচ্চিত্ৰৰ বৰ্তমানৰ ব্যৱসায়িক সংকটপূৰ্ণ সময়ছোৱাত শৈলেন শৰ্মা, ৰবি শৰ্মা উদীয়মান প্ৰতিভা সুব্ৰত কাকতিয়ে শ্ৰী ৰঘুপতি চলচ্চিত্ৰখন সুনিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ ইতিহাসত এক সাহসিক পৰিচয় ৰাখিলে৷ অভূতপূৰ্ব জনপ্ৰিয়তা লভা শ্ৰী ৰঘুপতিয়ে অসমৰ ছবি গৃহলৈ অসমৰ বুজন সংখ্যক দৰ্শকৰ লানি নিছিগা সোঁত বোৱাই আনিলে৷ অসমীয়া চলচ্চিত্ৰ দৰ্শকৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰতি থকা বিশ্বাস, স্নেহ সন্মান আৰু ধাউতি আকৌ বঢ়ালে৷

***



ঠিকনা :

ৰহা টাউন, 

ডাক : ৰহা, জিলা : নগাওঁ, 

পিন : ৭৮২১০৩

ভ্ৰাম্যভাষ : ৯১০১৪৩২০৩৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ