খনিন্দ্ৰ
বৰুৱা
জীৱন-জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন পূৰাবৰ উদ্দেশ্যে
কেইবাদশকো আগৰে পৰা নিৰ্মলকক্ষ ব্যৱহৃত হৈ আহিছে। প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে
উন্নত মানৰ পণ্যসামগ্ৰী উৎপাদনৰ চৰ্ত পূৰণৰ বাবে নিৰ্মলকক্ষ এটি অত্যাধুনিক ব্যৱস্থা।
নিৰ্মলকক্ষৰ প্ৰযুক্তি, তাৰ আৰ্হি আৰু নিৰ্মাণ নিজেই এক নতুন বিজ্ঞানত পৰিণত
হৈছে।
নিৰ্মলকক্ষ কি?
নিৰ্মলকক্ষ এনে এটি কক্ষ বা প্ৰকোষ্ঠ, য’ত উচ্চ মানবিশিষ্ট পণ্য
উৎপাদনৰ বাবে নাইবা বৈজ্ঞানিক অনুসন্ধান চলাবলৈ, আৱশ্যকতা
অনুসাৰে ভিতৰৰ প্ৰদূষণৰ মাত্ৰা আৰু পাৰিৱেশিক স্থিতাংকসমূহ নিখুঁতভাৱে নিয়ন্ত্ৰ্ণত ৰাখিব পাৰি৷ ইয়াত মুখ্যতঃ বতাহত ওপঙি থকা প্ৰদূষক কণিকাৰ সংখ্যা নিয়ন্ত্ৰণ কৰা হয় যদিও কক্ষৰ উষ্ণতা, আৰ্দ্ৰতা, বায়ুৰ চাপ,
বৈদ্যুতিক সঞ্চালন-ক্ষমতা আদিও নিয়ন্ত্ৰণত ৰখা হয়।
কম-বেছি পৰিমাণে প্ৰায় সকলো উদ্যোগতেই আজিকালি এই প্ৰযুক্তিৰ প্ৰয়োগ হয়। আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ সৈতে তাৰ বৰ্ধিত কঠোৰ মানৰ চাহিদা পূৰাবলৈ, নিৰ্মলকক্ষ প্ৰযুক্তি এটি অনিবাৰ্য ব্যৱস্থা হৈ পৰিছে৷ প্ৰতিটো উদ্যোগৰ কাৰ্যপ্ৰণালীৰ চাহিদাৰ সৈতে খাপ খোৱাকৈ ভিন ভিন
আৰ্হিৰ নি্ৰ্মলকক্ষ নিৰ্মাণ
কৰিবলগীয়া হয়। ক্ৰমে উন্নীত হৈ নিৰ্মলকক্ষ প্ৰযুক্তি
বিজ্ঞানৰ এটি নতুন শাখা হৈ পৰিছে।
প্ৰদূষণৰ কাৰকসমূহ
যিহৰ উপস্থিতিয়ে কোনো কাৰ্যপ্ৰক্ৰিয়া অশুদ্ধ
কৰি তোলে আৰু ফলত উৎপাদিত পণ্যৰ নিৰ্দিষ্ট গুণগত মান আৰু
পৰিমাণৰ তাৰতম্য ঘটায়, তেনে পদাৰ্থ প্ৰদূষণৰ কাৰক বুলি
গণ্য হ’ব। এনে প্ৰদূষক পদাৰ্থ গোটা, তৰল,
বাষ্পীয়, জৈৱ বা অজৈৱ যিকোনো হ’ব পাৰে।
নিৰ্মলকক্ষৰ
ভিতৰত কৰ্মচাৰী বা শোধনকৰ্তাসকল কৰ্মৰত থাকে আৰু নানা যান্ত্ৰিক প্ৰক্ৰিয়াও চলে।
সাৱধানতা নল’লে আৰু প্ৰতিৰোধমূলক ব্যৱস্থা নাথাকিলে
নিৰ্মলকক্ষত মানুহৰ উপস্থিতিয়ে প্ৰদূষণ সৃষ্টি কৰে। মানুহৰ শৰীৰৰ পৰা হেজাৰ হেজাৰ মৃত ছালৰ কোষ, ঘাম,
তেল, চুলি আদি অনৱৰতেই
সৰে বা নিৰ্গত হয। মানুহৰ সাজ-পোছাকেনানা
প্ৰদূষক কণিকা কঢ়িওৱাৰ উপৰি সূক্ষ্ম আঁহ, টুকুৰা আদি নিজৰ
পৰাও নিৰ্গত কৰে। যন্ত্ৰ-পাতিৰ কল-কব্জাৰ ঘৰ্ষণৰ পৰাও প্ৰদূষক
কণিকাৰ সৃষ্টি হয়। তদুপৰি মানুহ চলা-ফুৰা কৰোঁতে তেওঁলোকৰ পিন্ধনৰ
কাপোৰৰ অন্যান্য সামগ্ৰীৰ সৈতে হোৱা ঘৰ্ষণৰ ফলস্বৰূপে স্থিৰ-বিদ্যুৎ উৎপন্ন হয়। এনেদৰে
উচ্চ-বিভৱৰ সৃষ্টি হ’লে আৰু সেই আধান হঠাৎ প্ৰবাহিত (ডিছচাৰ্জ)
হ’লে সূক্ষ্ম যান্ত্ৰিক প্ৰণালী বা সূক্ষ্ম বৈদুতিন সঁজুলি আদিৰ ক্ষতিসাধন হ’ব পাৰে; ক্ষুদ্ৰাকৃতিৰ মাইক্ৰ’চিপৰ বিস্তৰ হানি হ’ব পাৰে।
কক্ষটো বা তাৰ বেৰবোৰ কিহেৰে
নিৰ্মাণ কৰা হয়, সেয়াও গুৰুত্বপূৰ্ণ। বেৰৰ পৰাও ৰাসায়নিক দ্ৰব্য, আঁহ, গুড়ি পদাৰ্থ আদি নিৰ্গত হ’ব পাৰে। নিৰ্মলকক্ষত এনে আটাইবোৰ সম্ভাৱ্য প্ৰদূষণৰ কাৰক নিয়ন্ত্ৰণত ৰখা হয়।
ভিন্ ভিন্ প্ৰয়োগৰ
বাবে নিৰ্মলকক্ষৰ ভিতৰৰ পৰিৱেশৰ নিৰ্মলতাৰ প্ৰয়োজনীয় পৰ্যায়ো ভিন্ন। দৰাচলতে প্ৰক্ৰিয়াটোৱে পৰিৱেশৰ কিমান প্ৰদূষণ সহ্য কৰিব পাৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰে
নিৰ্মলতাৰ পৰ্যায়। ভাসমান প্ৰদূষক-কণিকাৰ আকাৰ মাইক্ৰন
মাপকাঠিত জোখা হয়। এক মিটাৰৰ দহ লাখ ভাগৰ এভাগক এক মাইক্ৰন বোলে। মানুহৰ চুলি
এডালৰ ব্যাস ৫০-ৰ পৰা ৭০ মাইক্ৰন৷ তুলনা কৰিলে মাইক্ৰন মাপ
কিমান অনুমান কৰিব পাৰি; ই প্ৰায় ০.০০০০৪ ইঞ্চি। কেইবা দশকৰ পৰা
যুক্তৰাষ্ট্ৰৰ অনুমোদিত 209-E মাপদণ্ডৰে নিৰ্মলকক্ষসমূহক একাধিক শ্ৰেণীত ভাগ কৰা হৈছিল। প্ৰতি ঘনমিটাৰ বায়ুত ০.৫ মাইক্ৰনতকৈ ডাঙৰ ভাসমান কণিকাৰ সংখ্যাৰ আধাৰত শ্ৰেণীৰ নামকৰণ কৰা হৈছিল৷ তেনে কণিকা ১০০-তকৈ কম থাকিলে ‘শ্ৰেণী-১০০’, এহেজাৰতকৈ কম থাকিলে ‘শ্ৰেণী-১০০০’ ইত্যাদি।
অৰ্ধপৰিবাহী উদ্যোগৰ বৰ্ধিত চাহিদা পূৰাবলৈ, 209-E মাপদণ্ডক অপসাৰণ কৰি ISO 14644-1 নামেৰে এটি নতুন আন্তঃৰাষ্ট্ৰীয় মাপকাঠি ২০০১ চনৰ পৰা
প্ৰচলিত হৈছে। এই নতুন নিয়মত নিৰ্মলকক্ষৰ প্ৰতি ঘনমিটাৰ
বায়ুৰ অতি সূক্ষ্ম ০.১ মাইক্ৰন আকাৰৰ পৰা তুলনামূলকভাৱে স্থূল ৫.০ মাইক্ৰন বা ততোধিক
আকাৰৰ ভাসমান কণিকাসমূহৰ লেখ গণনাত লোৱা হৈছে। সংলগ্ন তালিকাত এই নতুন মাপকাঠিত নিৰূপণ কৰা নিৰ্মলকক্ষৰ শ্ৰেণী বিভাগসমূহ, কণিকাৰ আকাৰ আৰু তাৰ
লেখৰ অনুমোদিত ঊৰ্ধ্ব সীমাৰ সৈতে দেখুওৱা হৈছে। এই নতুন আধাৰত নিৰ্মিত নিৰ্মলকক্ষত নেন’ প্ৰযুক্তি, MEMS (মাইক্ৰ’-ইলেক্ট্ৰ’মেকানিকেল ছিষ্টেম), মাইক্ৰ’-মেকানিকেল কৌশলসমূহ, মাইক্ৰ’ বৈদুতিন প্ৰণালী আদিত নিৰ্ধাৰিত
স্থিতাংকসমূহৰ মান কটকটীয়া নিয়ন্ত্ৰণত ৰাখিব পাৰি আৰু লগতে উষ্ণতা, আৰ্দ্ৰতা, বৈদ্যুতিক সঞ্চালন-ক্ষমতা আদিৰ নিয়ন্ত্ৰণো সম্ভৱ।
জানি থোৱা উচিত যে চহৰাঞ্চলৰ
যি বায়ু আমি সাধাৰণতে সেৱন কৰোঁ, তাৰ প্ৰতি ঘনমিটাৰত
০.৫ মাইক্ৰন আৰু তাতকৈ ডাঙৰ কণিকাৰ সংখ্যা কোটিৰ ওপৰত থাকে৷ ইয়াৰ পৰা বায়ু বিশুদ্ধকৰণৰ গুৰুত্ব আৰু এই প্ৰক্ৰিয়াৰ দুষ্কৰতাৰ বিষয়ে অনুমান
কৰিব পাৰি।
(Federal Standard 209 E)
শ্ৰেণী-বিভাগ
|
কণিকা সংখ্যা
|
Class 1
|
1
|
Class 10
|
10
|
Class 100
|
100
|
Class 1,000
|
1000
|
Class 10,000
|
10,000
|
Class 100,000
|
1,00,000
|
Class 1,000,000
|
10,00,000
|
প্ৰতি ঘনমিটাৰ বায়ুত অধিকতম
অনুমোদিত 0.৫ মাইক্ৰন
আকাৰৰ
কণিকাৰ সংখ্যাৰ আধাৰত শ্ৰেণীবিভাগ
নতুন আন্তঃৰাষ্ট্ৰীয় মাপকাঠি ISO
১৪৬৪৪-১
(ISO 14644 - 1 Cleanroom
Standard)
(আপুনি যদি ম’বাইল ফ’নত এই লেখাটো পঢ়িছে, তেন্তে তলৰ তালিকাখন
ভালদৰে পঢ়াৰ সুবিধা হ’বলৈ অনুগ্ৰহ কৰি আপোনাৰ ম’বাইলটো পথালি কৰি লওক)
নিৰ্মলকক্ষৰ শ্ৰেণী-বিভাগ
(Class) |
কণিকাৰ আকাৰ (মাইক্ৰন) |
কণিকাৰ সংখ্যা (অনুমোদিত ঊৰ্ধ্ব সীমা)
|
0.1 |
0.2 |
0.3 |
0.5 |
1 |
5 |
ISO Class 1 |
10 |
2 |
|
ISO Class 2 |
100 |
24 |
10 |
4 |
|
ISO Class 3 |
1000 |
237 |
102 |
35 |
8 |
|
ISO Class 4 |
10000 |
2370 |
1020 |
352 |
83 |
ISO Class 5 |
100000 |
23700 |
10200 |
3520 |
832 |
29 |
ISO Class 6 |
1000000 |
237000 |
102000 |
35200 |
8320 |
293 |
ISO Class 7 |
|
352000 |
83200 |
2930 |
ISO Class 8 |
|
832000 |
29300 |
ISO Class 9 |
8320000 |
293000 |
প্ৰতি ঘনমিটাৰ
বায়ুত থকা অধিকতম অনুমোদিত কণিকাৰ
সংখ্যাৰ আধাৰত শ্ৰেণী-বিভাগ
0.১, 0.২, 0.৩, 0.৫, ১.0
মাইক্ৰন আৰু ৫ মাইক্ৰন বা তাতকৈ অধিক আকাৰৰ।
বিশুদ্ধকৰণ প্ৰণালী
প্ৰথমতে কক্ষৰ বায়ু প্ৰদূষণমুক্ত কৰিবলৈ উচ্চ ক্ষমতাসম্পন্ন শোধনযন্ত্ৰৰে চেকি বিশুদ্ধ
কৰা বহুল পৰিমাণৰ বায়ু কক্ষত যোগান ধৰা হয়। এই বায়ুৱে মানুহ তথা যন্ত্ৰবোৰৰ পৰা বিস্তাৰিত
কণিকা আৰু জীৱাণু আদিৰে প্ৰদূষিত বায়ু আঁতৰাই পেলায় আৰু প্ৰদূষণ হ্ৰাস কৰে। লগতে এই
বায়ুৰ সহায়ত কক্ষৰ ভিতৰৰ চাপ বাহিৰতকৈ বেছি কৰি ৰখা হয়, যাতে বাহিৰৰ
প্ৰদূষিত বায়ু ভিতৰত সোমাব নোৱাৰে।
যি কোনো প্ৰক্ৰিয়াতে ১০০% বিশুদ্ধ পণ্য উৎপাদন কৰা অতি দুৰূহ। নিৰ্মলকক্ষ
ব্যৱহাৰ কৰা উদ্যোগসমূহৰ ভিতৰত প্ৰধানকৈ অৰ্ধপৰিবাহী উদ্যোগ আৰু মাইক্ৰ’চিপ নিৰ্মাণ উদ্যোগত প্ৰায় এশ শতাংশই বিশুদ্ধতা বিচৰা হয়। সেয়ে তাৰ নিৰ্মাণকক্ষবোৰৰ নিৰ্মলতা চূড়ান্ত
পৰ্যায়ৰ হ’ব লাগে। ঠিক তেনেদৰে চিকিৎসা-সঁজুলি আৰু ঔষধ উদ্যোগতো অতি উচ্চ
স্তৰৰ নিৰ্মলতা অত্যাৱশ্যকীয়। অন্যথা এটি সূক্ষ্ম কণিকায়ো উৎপাদিত মাইক্ৰ’চিপত ত্ৰুটি আনিব পাৰে নাইবা ঔষধৰ সৈতে ধ্বংসকাৰী বীজাণু বা দূষিত কণা ৰোগীৰ
শৰীৰত প্ৰৱেশ কৰিব পাৰে।
প্ৰথম দৃষ্টিত সহজসাধ্য যেন লাগিলেও, বাস্তৱত এনে বিশুদ্ধতা স্থাপন কৰিবলৈ
আৰু সেয়া অহৰ্নিশে অক্ষুণ্ণ ৰাখিবলৈ অবিশ্বাস্য পৰিমাণৰ উন্নত
প্ৰযুক্তিৰ প্ৰয়োজন হয়। ‘হেপা’ (‘HEPA’ High Efficiency
Particulate Air) ফিল্টাৰ অৰ্থাৎ ‘উচ্চ
দক্ষতাসম্পন্ন বায়ু-কণিকা চেকনী’-ৰ যান্ত্ৰিক প্ৰণালীৰে পৰিষ্কাৰ
কৰা নিৰ্দিষ্ট বিশুদ্ধতাৰ বায়ু নিৰ্মলকক্ষত যোগোৱা হয়। HEPA
ফিল্টাৰ নিৰ্মলকক্ষৰ ভিতৰ-চালৰ (ceiling) ৮০-ৰ পৰা ১০০ শতাংশ কালি
আগুৰি থকা কৃত্ৰিম চিলিঙৰ ভিতৰত সংস্থাপিত কৰা হয়। HEPA-ৰ পৰা যোগান ধৰা বিশুদ্ধ বায়ু গোটেই কক্ষৰ মাজেৰে ওপৰৰ পৰা তললৈ প্ৰায় ০.৪ মি/ছে গতিত নিমজভাৱে বৈ থাকে। এনেদৰে
বায়ুৰ সোঁতে সম্পূৰ্ণ কক্ষৰ ভিতৰৰ ভাসমান প্ৰদূষকবোৰ কঢ়িয়াই নিয়ে আৰু শেষত মজিয়াৰ জালিৰ (grating) মাজেৰে ওলাই যায়।
মজিয়াৰ জালিৰ তলতো আকৌ এবিধ ফিল্টাৰ (pre filter) সংযোজিত থাকে,
যিয়ে ওলাই যোৱা বতাহখিনি প্ৰথম শোধন কৰে। কক্ষৰ ভিতৰত চলা ঔদ্যোগিক বা অনুসন্ধান
কাৰ্যত উৎপন্ন হোৱা ৰাসায়নিক বাষ্প আদিও এই ‘প্ৰি-ফিল্টাৰ’-তে শোধন হয়।
এই শোধন কৰা বতাহখিনিৰ সৈতে কিছু অংশ সজীৱ (fresh) বায়ু মিহলাই (৫-ৰ পৰা ২০%), HEPA ফিল্টাৰৰ মাধ্যমেৰে আকৌ কক্ষত
যোগান ধৰা হয়।
ওপৰৰ পৰা তললৈ বোৱা এনেবিধ সোঁতক ‘উল্লম্ব (vertical) সোঁত’
বোলে। কিছুমান নিৰ্মলকক্ষৰ ভিতৰৰ কৰ্মপ্ৰণালীৰ আৱশ্যকতা
অনুসাৰে বায়ু এখন বেৰৰ পৰা বিপৰীত বেৰলৈ অনুভূমিক
(horizontal)
সোঁততো বলোৱা হয়। এনে প্ৰণালীত ‘হেপা–ফিল্টাৰ’ আৰু ‘প্ৰি–ফিল্টাৰ’ নিৰ্মলকক্ষৰ দুখন বিপৰীত বেৰৰ ভিতৰত অৱস্থিত হয়। মন কৰিবলগীয়া
যে উল্লম্ব সোঁত প্ৰণালীত গোটেই কক্ষৰ মজিয়াৰ ওচৰৰ বায়ুভাগ সমানে নিৰ্মল হয়, কিন্তু অনুভূমিক সোঁতত বিশুদ্ধ বতাহ যোগোৱা বেৰৰ পৰা বিপৰীত বেৰৰ দিশত ক্ৰমান্বয়ে
বিশুদ্ধতাৰ মাত্ৰা কিছু কমি আহে।
বিশেষ পোছাক
আগতেই কোৱা হৈছে যে নিৰ্মলকক্ষত মানুহৰ প্ৰৱেশ প্ৰদূষণ
সৃষ্টিৰ এটি মুখ্য কাৰণ। সেয়েহে নিৰ্মলকক্ষৰ ভিতৰত কৰ্মৰত ব্যক্তিসকলৰ দেহ বিশেষ পোছাকেৰে
আৱৰা হ’ব লাগে যাতে শৰীৰৰ জৈৱ আৰু অজৈৱ পদাৰ্থৰ নিৰ্গমণ ন্যূনতম হৈ
থাকে। মূৰ
আৰু জোতাত আৱৰণ আৰু হাতত হাতমোজা পিন্ধিব লাগে। এই পোছাকবোৰ সূক্ষ্ম শুংবিহীন ডেক্ৰন, নাইলন আৰু পলিয়েষ্টাৰেৰে তৈয়াৰ
কৰা হয়। স্থিৰ-বিদ্যুৎ ধাৰণ ক্ষমতা কম হেতু ডেক্ৰন বেছি পছন্দ কৰা হয়। এই পোছাকত
কিছু কাৰ্বন-তন্তু সন্নিৱিষ্ট কৰি তাক অলপ বিদ্যুৎ-পৰিবাহী
কৰি তোলা হয়। ফলত ঘৰ্ষণত উৎপন্ন হোৱা স্থিৰ-বিদ্যুৎ
লাহে লাহে প্ৰবাহিত হৈ থাকে আৰু উচ্চ-বিভৱ সৃষ্টি হোৱাৰ ভয় নাথাকে। পোছাক
ধোওঁতে শেষৰ ধোৱাত এনে এবিধ ৰাসায়নিক মিহলোৱা হয়, যিয়ে বতাহৰ জলীয় বাষ্প আকৰ্ষণ কৰে; ই স্থিৰ-বিদ্যুৎ প্ৰবাহত সহায় কৰে। সেই
একেই উদ্দেশ্যৰে নিৰ্মলকক্ষৰ মজিয়া, জোতাৰ আৱৰণ
আদিও সামান্যভাৱে বিদ্যুৎ-পৰিবাহী কৰা হয় আৰু কক্ষৰ সকলো যন্ত্ৰ-পাতি,
সা-সঁজুলিবোৰ ভূ-সংযোজিত কৰি ৰখা হয়। যি নিৰ্মলকক্ষত বৈদুতিন সংযোজনৰ (electronic
assembly) কাম কৰা হয়, তাৰ মাজেৰে আধানযুক্ত বায়ুপ্ৰবাহৰ
দ্বাৰা স্থিৰ-বিদ্যুৎ প্ৰশমন কৰা হয় আৰু
উচ্চ-বিভৱ সৃষ্টি হ’বলৈ দিয়া নহয়।
প্ৰৱেশ-নিয়ন্ত্ৰণ
নিৰ্মলকক্ষত বস্তু বা ব্যক্তিৰ প্ৰৱেশৰ অনুমতি বিশেষ শোধন প্ৰক্ৰিয়াৰ পাছতহে
দিয়া হয়। কৰ্মচাৰীসকলে তেওঁলোকৰ বিশেষ পোছাক পিন্ধি কক্ষত প্ৰৱেশ কৰিবলৈ যাওঁতে এলানি বতাহৰ তীব্ৰ ফোঁৱাৰাৰ (jet) মাজেৰে পাৰ হ’ব লাগে। প্ৰৱেশপথৰ ওপৰ তথা কাষৰ বেৰত থকা
সৰু বিন্ধাৰে ওলোৱা তীব্ৰ বায়ুৰ সোঁতে পোছাকত লাগি থকা বহিঃকণিকাবোৰ
উলিয়াই নিয়ে। নিৰ্মাণস্থলৰ আন অংশৰ পৰা নিৰ্মলকক্ষলৈ বস্তু বা সামগ্ৰী আদি অনা-নিয়া
কৰিবলৈ এবিধ বহিৰ্সংযোগী সংলগ্ন বাকচ ব্যৱহাৰ কৰা হয়, যাতে কক্ষৰ মুখ্যদ্বাৰ
ঘনাই ব্যৱহাৰ কৰিবলগীয়া নহয়। সেয়া
নহ’লে কক্ষৰ বিশুদ্ধ পৰিৱেশ বাৰে বাৰে ব্যাহত হ’ব। সাধাৰণতে
এই বাকচক ‘পাছ
বক্স’ (pass box) বোলা
হয়।
নিৰ্মাণ প্ৰক্ৰিয়া আৰু বৈধকৰণ
প্ৰথমতে বিশুদ্ধতাৰ প্ৰয়োজনীয় স্তৰ অনুসৰি নিৰ্মলকক্ষৰ উপযুক্ত আৰ্হি নিৰূপণ
কৰা হয় । ইয়াৰ পাছত নক্সা আৰু বিন্যাস-পৰিকল্পনা প্ৰস্তুত কৰি
উলিওৱা হয়। লগতে কি কি সামগ্ৰী বা সমল বিশুদ্ধকৰণ
প্ৰণালীটোৰ সংস্থাপনত দৰ্কাৰ হ’ব নিৰ্দিষ্ট কৰা
হয়। ‘পাছ বক্স’-ৰ বাবেও যথাযথ ব্যৱস্থা
কৰিব লাগে। নিৰ্মলকক্ষ নিৰ্মাণৰ বাবে সঠিক সামগ্ৰীৰ চয়নো অতি আৱশ্যকীয়। এনে পদাৰ্থ
যিয়ে বহিঃকণিকা, আঁহ আদি আকৰ্ষণ কৰিব, আশ্ৰয় দিব
বা উৎপন্ন কৰিব পাৰে,
য’ত এনে
ৰাসায়নিক পদাৰ্থ সন্নিৱিষ্ট থাকে যিবোৰে উৎপাদিত পণ্য প্ৰদূষিত কৰাৰ ভয় থাকে তেনে সকলো পদাৰ্থ ব্যৱহাৰৰ অযোগ্য। ইয়াৰ পাছতেই নিৰ্মলকক্ষ-প্ৰণালী সংস্থাপন কৰা হয়।
নিৰ্মলকক্ষ-প্ৰণালী স্থাপন কৰি
আৰু সক্ৰিয় অৱস্থালৈ আনি, তাক নিৰ্ধাৰিত মানৰ বাবে পৰীক্ষা কৰি বৈধতাৰ প্ৰমাণপত্ৰ
(validation) লোৱাটো অনিবাৰ্য। বৈধকৰণ
প্ৰণালী মনুহৰ দ্বাৰা পৰিচালিত নাইবা স্বয়ংক্ৰিয় দুয়োটাই হ’ব পাৰে। প্ৰদূষক কণিকাবোৰৰ দ্বাৰা বিচ্ছুৰিত ৰশ্মি আলোক-সংবেদী বৈদুতিন যন্ত্ৰৰ সহায়ত গণনা কৰি কক্ষৰ নিৰ্মলতাৰ স্তৰ ক্ষণিকতে নিৰূপণ
কৰিব পাৰি। পদ্ধতিটোৰ কিছু সীমাবদ্ধতাও আছে। এই উপায়েৰে ০.৩
মাইক্ৰনতকৈ সৰু কণিকা ধৰা পেলোৱা সম্ভৱ নহয়। অৱশ্যে তাৰ বাবে নতুন, পৰোক্ষ উপায় উদ্ভাৱন কৰা হৈছে। ভাসমান কণিকাৰ আকাৰত বাহিৰেও তাৰ আকৃতি, ৰং, প্ৰতিসৰণাংক (refractive index) আদি গুণাগুণৰ বাবেও বিচ্ছুৰণ
কিছু পৰিমাণে প্ৰভাৱিত হয়। ইয়াৰ
বাবেও এনে গণনাৰ সঠিকতা কিছু হ্ৰাস পায়।
এই পদ্ধতিত কক্ষৰ বিভিন্ন অংশত সম-আয়তনৰ বায়ুত ভাসমান কণিকাৰ সংখ্যা গণনা কৰা হয়। পৰিসংখ্যাৰ সূত্ৰৰ নিয়মেৰে
এই ফলাফলখিনিৰ পৰা সম্পূৰ্ণ কক্ষটোৰ গড় নিৰ্মলতাৰ স্তৰ নিৰূপণ হয়। নিৰ্মলতাৰ
স্তৰ যিমানেই উচ্চ হয়, নিখুঁত পৰিমাপ পাবলৈ সিমানেই বেছি সংখ্যক জোখ লৈ গড় উলিওৱা আৱশ্যক। সক্ৰিয় হোৱাৰে পৰা সম্পূৰ্ণ জীৱনকাললৈ নিৰ্মলকক্ষৰ
নিৰ্ধাৰিত বিশুদ্ধতাৰ স্তৰ অক্ষুণ্ণ
ৰাখিব লাগে। সেয়েহে তাক নিৰীক্ষণ, তদাৰক
আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰীক্ষা কৰি
থাকিবলগীয়া হয়।
যিহক এসময়ত বিলাসিতা বুলি গণ্য কৰা হৈছিল, এতিয়া সেই ‘নিৰ্মলকক্ষ’ (cleanroom) অগ্ৰণী প্ৰযুক্তিবোৰৰ বাবে নিখুঁত
পণ্য উৎপাদনৰ এটি অত্যাৱশ্যকীয় ব্যৱস্থা হৈ পৰিছে। এটি ক্ষুদ্ৰ অংশৰ সামান্য ত্ৰুটিৰ
বাবেও এখন অত্যাধুনিক ৰকেট-যান বা বায়ুযান ধ্বংস হ’ব পাৰে;
ধাৱমান উৎপাদনৰ চকা থমকি ৰৈ অজস্ৰ ধন আৰু সময়ৰ ক্ষতি সাধিত হ’ব পাৰে। সেয়েহে নিৰ্মলকক্ষ-প্ৰযুক্তি আজিৰ অগ্ৰণী প্ৰযুক্তিসমূহৰ অভিন্ন অংগ হৈ পৰিছে আৰু
ই এটি পৃথক প্ৰযুক্তি-বিদ্যাৰূপে পৰিগণিত হৈছে।
(ড° ৰমেশ চন্দ্ৰ গোস্বামীদেৱৰ ওচৰত তেখেতৰ সহায় আৰু উপদেশৰ বাবে কৃতজ্ঞ হৈ ৰ’লোঁ।)