অন্যযুগ/


ডেফ’ডিল ফুল

মূল: ৱিলিয়াম ৱাৰড্‌জৱাৰ্থ (১৭৭০-১৮৫০)
অনুবাদ: ড পোনা মহন্ত

ডেফডিল ফুল

গিৰি শিখৰত উটি ভাঁহি থকা
শুকুলা মেঘৰ দৰে,
ময়ো ভ্ৰমিছিলোঁ অনাই বনাই
তেনেই অকলশৰে৷
হঠাতে দেখোন চকুত পৰিল
সোণালী ফুলৰ শাৰী,
সোণ বৰণীয়া হাজাৰ কুসুম
ডেফ’ডিল নামধাৰী৷
নদীৰ পাৰত গছৰ তলত
হালি-জালি আছে,
ৰিব্‌ ৰিব্‌কৈ বলিছে বতাহ
ডেফ’ডিলেও নাচে৷
আকাশত জিলিকে শাৰী শাৰী তৰা
হাতীপটিয়েও ধৰিছে চেও,
ঠিক সেইদৰে ডেফ’ডিল ফুলেও
পুখুৰীপাৰত মাৰিছে ডেও
সোণালী ৰঙৰ অজস্ৰ কুসুম
পলকতে দেখিলোঁ মই,
যেন অপ্সৰাহে নাচিছে স্বৰ্গত
উলাহতে অধীৰ হৈ৷
নদীৰ বুকুত ঢৌৱেও নাচিছে
যেন আনন্দৰ ফেৰ,
ফুলৰ উলাহক ঢৌৰ নাচোনে
নোৱাৰে পেলাব চেৰ৷
আনন্দপিয়াসী কোনো কবিয়েই
পাই এনেকুৱা সঙ,
নোৱাৰে থাকিব মুহূৰ্তৰ বাবেও
নকৰি ৰহইচ ৰং
চালোঁ বাৰে বাৰে ৰ’ লাগি মই
কুসুমৰ সেই খেলা,
যদিও তেতিয়া ভবাই নাছিলোঁ
কিনো সেই মহামেলা৷
শেতেলিত পৰোঁ যদি চিন্তাক্লিষ্ট হৈ
নতু এটি শূণ্য মন লৈ,
মনৰ চকুত ভাঁহে সেই অপৰূপ খেলা
নিৰ্জনতাৰ আশীৰ্বাদ হৈ৷
ৰঙত উথলি উঠে তেতিয়া হৃদয় মোৰ
একো নাই হৈ উলাহত,
সোণালী ফুলৰ স’তে ময়ো যেন নাচি
যদিওবা আছোঁ নিৰ্জনত৷


(অনুবাদকাল: ২০১১ চন)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ