ড০ প্ৰিয়দেৱ গোস্বামী
বৰ্তমান সময়ত আমি প্ৰতি নিয়ত অনেক খবৰ লাভ কৰি থাকোঁ৷ এনে খবৰবোৰ আমাক যোগান ধৰে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমে৷ ইয়াৰ উপৰি প্ৰকৃতিয়েও আমাক বহু খবৰ দিয়ে৷ এই খবৰবোৰৰ আধাৰ হ’ল তথ্য৷ বিভিন্ন বিষয়ৰ বিষয়ে আমি তথ্য সংগ্ৰহ কৰোঁ৷ কোনো এক বিষয়ত জ্ঞান আৰ্জিবলৈ হ’লে আমি সেই বিষয়ে তথ্য-পাতি সংগ্ৰহ কৰি জুকিয়াই চাওঁ আৰু বহু ক্ষেত্ৰত এনে তথ্যৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰোঁ৷ বিজ্ঞানভিত্তিক অনুসন্ধানত এনে তথ্যৰ ভিত্তিত আমি তত্ত্বৰ বিকাশ ঘটাওঁ৷ মানুহৰ ছয়টা প্ৰজাতিৰ ভিতৰত অকল আমিহে জ্ঞানী জীৱৰূপে বাচি থাকিলোঁ৷ ই হ’ল প্ৰাকৃতিক নিৰ্বাচন, উৎকৃষ্টতাৰ প্ৰমাণ৷ দোষ-ত্ৰুটি আঁতৰাই প্ৰকৃতিত বৰ্তি থাকিব পৰাকৈ শুধৰণি কৰি জীৱকূল আগবাঢ়ে৷ এনে কাৰ্যও আমাৰ অন্তৰ্নিহিত তথ্যৰ ওপৰত নিৰ্ভৰশীল৷
বোধশক্তিৰ (মানৱজাতিৰ
প্ৰথম বিপ্লৱ) বিকাশৰ পাছত মানুহে সকলো তথ্য মগজুতে সঞ্চয় কৰি ৰাখিছিল৷ কিন্তু পোন
প্ৰথমবাৰৰ বাবে ‘ছুমেৰীয়’সকলে লিপি ব্যৱহাৰ কৰি মানুহক তথ্য লিপিৱদ্ধ কৰাৰ বাট দেখুৱালে৷
ইয়াৰ লগে-লগে মানুহৰ তথ্য-পাতি মগজুৰ বাহিৰতো সঞ্চয় কৰি ৰখাৰ ব্যৱস্থা আৱিষ্কাৰ হ’ল৷
ই নিশ্চিতভাৱে এটা যুগান্তকাৰী ঘটনা আছিল৷ মানৱজাতিৰ বিভিন্ন সভ্যতাই তথ্য-পাতি শিলালিপি, সাহিত্য আৰু অন্যান্য নথি-পত্ৰত সংৰক্ষণ কৰি ইয়াৰ স্বাক্ষৰ ৰাখি থৈ গৈছে৷ এটা সৰু উদাহৰণ দিওঁ। যোৱা ৩ অক্টোবৰ, ২০২৪ তাৰিখে কেন্দ্ৰীয়
চৰকাৰে আমাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে৷ এনে কাৰ্য সম্ভৱ হৈ উঠিল
আকল আমাৰ ভাষাত উপলব্ধ হাজাৰ বছৰ আগৰ তথ্য৷ এনে কাৰ্যৰ দ্বাৰা আমি তথ্যৰ গুৰুত্ব কিমান
উপলব্ধি কৰিব পাৰিছোঁ৷
যুগে যুগে আহৰিত তথ্য সংৰক্ষণ কৰি মানুহে জীৱনধাৰাৰ মান উন্নত কৰিবলৈ সমৰ্থ হৈছে৷ এনে ব্যৱস্থাৰ ফলতে আমাৰ তথ্যভাণ্ডাৰ বৃদ্ধি পাবলৈ ধৰিলে৷ যুগ যুগ ধৰি এই সঞ্চিত তথ্যই আমাক বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰি আহিছে আৰু আমি প্ৰজ্ঞাৰ অধিকাৰী হৈছোঁ৷ এই ক্ষেত্ৰত এক সুন্দৰ উদাহৰণ হ’ল আমাৰ সভ্যতাৰ ঐতিহ্য বহনকাৰী বেদসমূহ৷ ইয়াত মানুহৰ বাবে অনেক নিদান দিয়া আছে৷ ঘৰ এখনতেই হওক বা সমাজৰ যিকোনো অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক আমি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰোঁ আমাৰ হাতত মজুত থকা তথ্যৰ পৰা৷
কৃষিবিপ্লৱ মানৱ
সমাজৰ দ্বিতীয় বিপ্লৱ৷ কৃষিৰ আৱিষ্কাৰে মানুহক স্থায়ী বসতি স্থাপনৰ ধাৰণা দিলে আৰু
পৃথিৱীত অনেক সভ্যতা গঢ় লৈ উঠিল৷ এনে সময়তে জ্ঞানৰো বহুল বিকাশ ঘটিল৷ আমাৰ বাবে অনেক তথ্য
সঞ্চয় হ’ল৷ ভাপ ইঞ্জিনৰ আৱিষ্কাৰে ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিলে৷ পৃথিৱীত বহু উপনিৱেশ সৃষ্টিকে
আদি কৰি এই বিপ্লৱৰ বহু অৱদান আছে৷ ইয়াৰে কিছুমান কল্যাণকামী আৰু কিছুমান অপকাৰী৷ বায়ুমণ্ডল
প্ৰদূষণ, পৰিৱেশ ধ্বংস ইয়াৰে ঋণাত্মক অৱদান৷ লগতে আমি বাস কৰা পৃথিৱীখনৰ সামাজিক গাঁথনি
সলনি কৰি সমাজখনক বিভিন্ন স্তৰত ভাগ-ভাগ কৰাৰ দৰে অৱদানো ইয়াৰেই কীৰ্তি৷ অৰ্থাৎ বন্দুক
আৰু ইঞ্জিনৰ প্ৰভাৱ সমগ্ৰ বিশ্বত কিমান সেয়া আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ৷ নিউটনে বলগতি বিষয়ত কৰা অধ্যয়নৰ ফলাফলসমূহ তেখেতে প্ৰকাশ কৰা গ্ৰন্থ ‘পিঞ্চিপিয়া’ত বিস্তৃতভাৱে
বৰ্ণনা কৰিছে৷ নিউটনৰ গৱেষণাৰ পাছৰেপৰাই বিজ্ঞানৰ অনেক বিষয়ত অধিক অধ্যয়ন তথা গৱেষণা
হ’বলৈ ধৰিলে৷
বিজ্ঞানৰ প্ৰধান উদ্দেশ্য হ’ল প্ৰকৃতিৰ সত্য উদ্ঘাটন কৰা, ইয়াক তথ্যৰ আকাৰত সঞ্চয় কৰা আৰু সেই তথ্যৰ আধাৰত আমি সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰা৷ যেতিয়া আমাৰ কামবোৰ ভবামতে নহয় বা প্ৰত্যাহ্বান আহে বা আমাৰ জীৱন সুখদায়ক নহয়, তেতিয়া প্ৰযুক্তিয়ে আমাক তেনে অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ আশা দেখুৱায়৷ ইতিহাসলৈ মন কৰিলে দেখা যায় যে কোনো এক আৱিষ্কাৰে সমগ্ৰ পৃথিৱীলৈ অভূতপূৰ্ব ধৰণে পৰিৱৰ্তনৰ ঢৌ বোৱাই আনে৷ আমি আগৰ অৱস্থা পাহৰি, এক নতুন ব্যৱস্থাক আদৰি লওঁ৷ যেনে কৃষিৰ আৱিষ্কাৰে মানুহক অঘৰী অৱস্থাৰ পৰা পৰিত্ৰাণৰ পথ দেখুৱাই স্থায়ী বসবাসৰ ব্যৱস্থা এটা গঢ়ি তুলিবলৈ শিকালে৷ তেনেদৰে ভাপযন্ত্ৰৰ আৱিষ্কাৰে মানুহক বহু পৰিমাণে দৈহিক শ্ৰমৰ পৰা মুক্তি দিছে৷ এই সকলোবোৰ ইতিহাসৰ একো-একোটা অধ্যায়৷ এনে সকলো কাৰ্যত মানুহে তথ্য-পাতি নিজেই বিশ্লেষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি গৈছে আৰু বিশাল তথ্যভাণ্ডাৰ গঢ়ি তুলিছে৷ বিজ্ঞানভিত্তিক সিদ্ধান্তও আহৰিত তথ্যৰ ওপৰত নিৰ্ভৰ কৰে৷ এনে তথ্যৰ ওপৰতেই বিজ্ঞানৰ তত্ত্ব গঢ় লৈ উঠে৷ আহৰিত তথ্যক স্বাভাৱিক ভাষাৰ সহায়ত যুক্তিগতভাৱে বিশ্লেষণ কৰি আমাৰ মগজুৱে সিদ্ধান্তত উপনীত হয়৷ স্বাভাৱিক ভাষা ব্যৱহাৰ কৰি যুক্তি সহকাৰে গাণিতিক প্ৰক্ৰিয়া কেনেদৰে প্ৰয়োগ কৰা হয় এই বিষয়ে গণিতৰ তৰ্কবিদ্যাত আলোচনা কৰা হয়৷ এই ক্ষেত্ৰত বৃটিছ গণিতজ্ঞ জৰ্জ বুলে এক মৌলিক অৱদান আগ বঢ়াই গৈছে৷ ১৮৫৪ চনত তেওঁ প্ৰকাশ কৰা An Investigation of Laws of Thought-ত আমি কেনেদৰে চিন্তা কৰোঁ আৰু এই ক্ৰিয়া কেনেদৰে সম্পন্ন কৰোঁ এই বিষয়ে গাণিতিকভাৱে এক বিশদ ব্যাখ্যা আগ বঢ়াইছিল৷ এই তত্ত্বৰ ওপৰতেই কম্পিউটাৰ বিজ্ঞানৰ তথ্য সৰবৰাহৰ তত্ত্বগত ভেঁটি প্ৰতিষ্ঠিত৷ বৈদ্যুতিক বৰ্তনীত এই তত্ত্ব প্ৰয়োগ কৰিয়েই তথ্য সৰবৰাহ কৰা হয়৷ অৰ্থাৎ আমাৰ মগজুৱে কৰা চিন্তাক যন্ত্ৰত প্ৰতিফলিত কৰি কাৰ্য সম্পাদন কৰাটো সম্ভৱ হৈ উঠিল৷
বিংশ শতিকাৰ প্ৰথম অৰ্ধেকত তথ্য-প্ৰযুক্তি বিদ্যাৰ বিকাশে আমাৰ মাজলৈ চতুৰ্থটো বিপ্লৱৰ ঢৌ বোৱাই আনিলে৷ এই বিপ্লৱৰ নামটোতেই সোমাই আছে ইয়াৰ মাহাত্ম্য বা গুৰুত্ব৷ একো একোটা বিষয়ত আহৰিত তথ্য ইমান বৃদ্ধি পালে যে এজন মানুহে জীৱনকালত ইয়াক অধ্যয়ন কৰি বা আহৰণ কৰি শেষ কৰিব নোৱাৰে অথবা সকলো তথ্য বিৱেচনা কৰি কোনো সিদ্ধান্তত উপনীত হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে৷ বৰ্তমান সময়ত তথ্যৰ মুক্ত প্ৰৱাহে আমাক বিভিন্ন বিষয়ত অধিক শক্তিশালী হোৱাত সহায় কৰিছে৷ যেনে- বিশ্বৰ কোনো এক অংশত আৱিৰ্ভাব হোৱা ৰোগৰ বিষয়ে আন ঠাইৰ মানুহে আগতীয়াকৈ জানিব পাৰিছে৷ লগতে সাৱধান হৈ জীৱন বচাব পৰা হৈছে৷ অৰ্থাৎ যাৰ ওচৰত অধিক তথ্য মজুত আছে, তেৱেঁই সাম্প্ৰতিক পৃথিৱীত অধিক শক্তিশালী৷ শাসনতন্ত্ৰও এনে ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য৷ কাৰণ তথ্যৰ ওপৰত ভিত্তি কৰিহে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি৷
তথ্যৰ মুখ্য ভূমিকা হ’ল বাস্তৱক প্ৰতিনিধিত্ব কৰা৷ কিন্তু প্ৰকৃত সত্য আৰু বাস্তৱিকতা একে নহয়৷ তথ্যৰ গুৰুত্ব উপলব্ধি কৰি ১৯৮৯ চনত সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰিগানে কৈছিল যে ‘তথ্যই হৈছে আধুনিক যুগৰ অম্লজান’৷ তথ্যই আমাৰ মাজত বিভিন্ন ধৰণে ক্ৰিয়া কৰে৷ ইয়াৰে ভিতৰত আমাৰ মাজত প্ৰৱাহিত কিছুমান তথ্যই আমাক একত্ৰিত কৰে৷ এই সকলো ধাৰণা কিন্তু মানৱসৃষ্ট৷ তেনে ধৰণৰ ধাৰণাবোৰৰ ভিতৰত মুখ্যতঃ ধৰ্ম, ৰাষ্ট্ৰ, জাতি আদি৷ এইবোৰৰ কিছুমান আদৰ্শ থাকে৷ আমি এনে আদৰ্শবোৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সফলো হৈছোঁ৷ যুগে যুগে মানুহে এনে আদৰ্শ ৰক্ষাৰ হেতু মানুহে জীৱন পৰ্যন্ত আহুতি দি আহিছে৷ এই যে এটা কাহিনীয়ে বহুলোকক একত্ৰিত কৰে- ই সম্ভৱ হয় তথ্যৰ সৰবৰাহ তথা সেই গোটৰ মাজত সহযোগিতাৰ দ্বাৰা৷ এই সহযোগিতাৰ ফলতে ক্ষমতাৰ বিকাশ ঘটে৷ এনে আদৰ্শবোৰৰ বাবে মানুহে আত্মবলিদান দিবলৈও আগবাঢ়ে আৰু আদৰ্শৰ ভেটি মজবুত কৰে৷ ধৰ্ম বা দেশৰ বাবে মানুহে যুগে যুগে নিজৰ জীৱন আহুতি দি আহিছে, বৰ্তমানেও দি আছে৷ বৰ্তমান সময়ৰ মধ্য প্ৰাচ্য বা ৰাছিয়া য়ুক্ৰেইনৰ মাজৰ সংঘাত এনে ধাৰণাৰে ফচল৷ এই কথাখিনি ইয়াত এই কাৰণেই বৰ্ণনা কৰা হৈছে যে এই সকলো তথ্যৰ সৰবৰাহৰ ফলতহে সম্ভৱ হৈছে৷
আমাৰ জীৱন ধাৰণৰ বাবেও বিভিন্ন সময়ত অনেক মতবাদ গঢ় লৈ উঠিছে৷ ইয়াৰে কিছুমান দাৰ্শনিক আৰু কিছুমান ধৰ্মীয়৷ কিছুমান মতাদৰ্শ বেছ পুৰাণি৷ যেনে আমাৰ দেশৰ বেদ-বেদান্তই এনে অনেক পথ আমাক দেখুৱাই আলোকিত কৰি আহিছে৷ মানৱ জাতিৰ বাবে ভাল বুলি ভৱা এনে মতবাদে কেতিয়াবা ৰক্তপাতৰো সূচনা কৰে৷ আমি এৰিষ্ট’টলৰ মতবাদ, বুদ্ধৰ দৰ্শন বা মাহাত্মা গান্ধীৰ দৰ্শনৰ বিষয়ে জানো৷ বৰ্তমান প্ৰচলিত মতবাদসমূহৰ কিছুমান কিন্তু অতিকৈ নতুন৷ ঔদ্যোগিক বিপ্লৱে আগ বঢ়োৱা দুই প্ৰধান মতাদৰ্শৰ এটা হ’ল পুঁজিবাদ আৰু আনটো সাম্যবাদ৷ দুয়োটাৰে লক্ষ্য আমাৰ সমাজখন কেনেদৰে পৰিচালিত হ’ব লাগে বা মানুহৰ মাজত সম্পদৰ বিতৰণ কেনে ধৰণৰ হ’ব লাগে বা মানুহে মাজত সম্পদৰ বিতৰণ কেনে ধৰণৰ হ’ব লাগে তাৰ আৰ্হি তৈয়াৰ কৰা৷ এই মতবাদ দুটা ৰাজনৈতিক আদৰ্শও৷ সামাজিক গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা কাৰ্ল মাৰ্ক্সৰ সাম্যবাদৰ দৰ্শনে বিশ্বক বহুলভাৱে প্ৰভাৱিত কৰিছিল, বৰ্তমানেও কৰি আছে৷ বহুদেশৰ ৰাজনৈতিক পদ্ধতি এতিয়াও এনে মতৰ আধাৰত প্ৰতিষ্ঠিত৷ এনে পদ্ধতিত দেশ শাসন এক কেন্দ্ৰীভূত শক্তি৷ সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা এক কেন্দ্ৰীভূত নেতৃত্বৰ হাতত কুক্ষিগত হৈ থাকে৷ এনে পদ্ধতিত তথ্য মুক্তভাৱে প্ৰৱাহিত হ’ব নোৱাৰে বা নহয়৷ আনহাতে পুঁজিবাদী পদ্ধতিত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বহু পৰিমাণে বজাৰ নিয়ন্ত্ৰণকাৰী বাণিজ্যিক গোষ্ঠীসমূহৰ হাতত থাকে৷ বিশেষকৈ অৰ্থনৈতিক প্ৰতিষ্ঠান আৰু বহুজাতিক প্ৰতিষ্ঠানসমূহৰ হাতত৷ এনে পদ্ধতিত কোনো এক সিদ্ধান্তত ত্ৰুটি দেখা দিলে বজাৰৰ অৰ্থনৈতিক শক্তিয়ে শুধৰণি কৰি পুনৰ জনগণৰ প্ৰয়োজনসাপেক্ষে এক নতুন বাট দেখুৱাই আগ বাঢ়ে৷ এই মতবাদতো বহুতো দুৰ্বলতা আছে৷ জীৱন ধাৰণৰ এনে দৰ্শনত মানুহো বজাৰৰ এক উপকৰণ৷ ইয়াত মানুহৰ স্বাধীনতা অলেখ৷ যিমান মন যায় সিমান অৰ্থ উপাৰ্জন কৰিব পাৰে৷ নতুন ধাৰণা প্ৰৱৰ্তনত ৰাষ্ট্ৰৰ বাধা কম৷ চাৰ্লছ ডাৰউইনৰ যোগ্য ভোগ্য বসুন্ধৰা নীতি এনে মতবাদৰ মুখ্য দৰ্শন৷ তাৎপৰ্যপূৰ্ণভাৱে এই মতবাদৰ উল্লেখযোগ্য অৱদান হ’ল– তথ্যৰ মুক্ত আদান-প্ৰদান৷
তথ্য-প্ৰযুক্তি বিকাশৰ ফলত বৰ্তমান এক নতুন মতবাদ গঢ়লৈ উঠিছে৷ ইতিহাসৰ এই নতুন মতবাদটোৱেই হ’ল ‘তথ্যবাদ’৷ তথ্যবাদৰ মুখ্য দৰ্শন হ’ল তথ্যৰ প্ৰৱাহ৷ আচলতে সকলো জীৱন হৈছে তথ্যৰ প্ৰৱাহ৷ যিহেতু প্ৰত্যেক জীৱ কোষেৰে গঠিত আৰু এই কোষবোৰৰ কাৰ্যকলাপ কিছুমান ৰসায়নিক ক্ৰিয়াৰদ্বাৰা সম্পন্ন হয়৷ সেয়েহে এই সকলোবোৰ তথ্যৰ এক ক্ৰমানুদেশ৷ অৰ্থাৎ জীৱন হৈছে তথ্যৰ প্ৰৱাহ৷ গতিকে সকলো মানুহ এদিন এই পদ্ধতিৰ অধীনলৈ আহিব৷ এদিন বিশ্বৰ সকলো অংশ সামৰি এই তথ্যভাণ্ডাৰ গঢ় লৈ উঠিব৷ পৃথিৱীৰ কোনো অংশক তথ্যৰ এই মায়াজালৰ পৰা আঁতৰাই ৰখা উচিত নহয়৷ এনে ক্ষেত্ৰত তথ্যৰ সৰবৰাহ বন্ধ কৰাতো এক ‘পাপ’ কাৰ্য হ’ব৷ প্ৰকৃততে মৃত্যু হ’ল বিজ্ঞানৰ দৃষ্টিত তথ্য প্ৰৱাহৰ স্ৰোত বন্ধ হোৱা কাৰ্য বা ঘটনা৷ বৰ্তমান তথ্য-প্ৰযুক্তিয়ে কঢ়িয়াই অনা সম্ভাৱনাৰ পৰা অনুমান কৰিব পাৰিলে ইতিহাসৰ বৰঘৰত থকা একমাত্ৰজন হ’ল তথ্যবাদ৷ অৰ্থাৎ ভৱিষ্যতৰ একমাত্ৰ ভৰসা হৈছে তথ্য৷ তথ্য হ’ল বাস্তৱিকতাৰ বুনিয়াদী ধাৰণা৷ অৰ্থাৎ বাস্তৱ পৃথিৱীখনৰ বিষয়ে আহৰিত তথ্য৷ তথ্যৰ মুখ্য ভূমিকা হ’ল বাস্তৱক প্ৰতিনিধিত্ব কৰা৷ একোটা তথ্যই পৃথিৱীৰ ঘটনাপ্ৰৱাহ সলাই দিব পাৰে৷ উদাহৰণস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানিৰ যুদ্ধক্ষেত্ৰলৈ প্ৰেৰিত সংকেত বৃটিছ গণিতজ্ঞ এলেন টুৰিঙে বিসংকেতিকৰণ কৰি য়ুৰোপত যুদ্ধখন অন্ত পেলোৱাত অশেষ অৱদান আগ বঢ়াইছিল৷
তথ্যবাদৰ আৰম্ভণি হৈছে বিজ্ঞানৰ দুটা বিষয় একেলগ হৈ আৰম্ভ কৰা যাত্ৰা৷ প্ৰথমটো হৈছে আজিৰ পৰা প্ৰায় ১৬০
বছৰৰ পূৰ্বে চাৰ্লছ ডাৰউইনৰ On the Origin of Species-ৰ প্ৰকাশ, য’ত আমি দেখিবলৈ পাওঁ
যে জৈৱিক প্ৰক্ৰিয়া এক ৰাসায়নিক ক্ৰমানুদেশ মাত্ৰ৷ জীৱকোষত ঘটা ঘটনাবোৰ আমি অনুক্ৰমত সজাব
পাৰোঁ৷ দ্বিতীয়টো হৈছে এলেন টুৰিঙৰ ‘টুৰিং মেশ্বিনৰ পৰীক্ষা’৷ টুৰিঙে দেখুৱাইছিল যে
বৈদ্যুতিক কম্পিউটাৰো মানুহৰ নিচিনাকৈ বুদ্ধিমান হ’ব পাৰে৷ ইয়েই হ’ল বৰ্তমানৰ কৃত্ৰিম
বুদ্ধিমত্তা৷ এতিয়া তথ্যবাদে দুয়োকে একেলগ কৰিছে৷ এনেদৰে দুয়োকে একেলগ কৰি জীৱ আৰু
যন্ত্ৰৰ মাজৰ ব্যৱধান নাইকিয়া কৰি তুলিছে৷ লগতে আগন্তুক দিনত বৈদ্যুতিক ক্ৰমানুদেশে
জৈৱিক ক্ৰমানুদেশক অতিক্ৰম কৰাৰো উপক্ৰম ঘটিছে৷ বৰ্তমান এনে সকলোবোৰ ঘটনা পৰ্যালোচনা
কৰিলে দেখা যায় যে তথ্যবাদে আমাক এক নতুন ধৰণৰ প্ৰযুক্তি প্ৰদান কৰিব আৰু অভাৱনীয়ভাৱে
এক নতুন শক্তি দিব৷ যিহেতু সকলো বিষয় তথ্যতে আৱদ্ধ হ’ব– এতেকে ই বিজ্ঞানৰ সকলো বিষয়
একত্ৰিকৰণ কৰিব৷ এনে ধৰণৰ ধাৰণাবোৰ বা অনুমানবোৰ কিন্তু অতি আকৰ্ষণীয়৷ এনে হোৱাৰ ফলত
এটা বিষয়ৰ এজনে আন এটা বিষয়ৰ আন এজনক আতি সহজে জানিব পাৰিব৷ বৰ্তমানলৈকে মানুহে তথ্যৰ
পৰা খবৰ আহৰণ কৰে, খবৰৰ পৰা জ্ঞান আৰু জ্ঞানৰ পৰা প্ৰজ্ঞা আহৰণ কৰে৷ কিন্তু তথ্যবিদসকলে
ভাবে যে মানুহে এই সাগৰসদৃশ তথ্যৰ পৰা জ্ঞান-প্ৰজ্ঞা বিচাৰি উলিওৱাটো অসম্ভৱ হৈ পৰিব৷
এনে কাৰ্য আমি নিশ্চয়কৈ বৈদ্যুতিক ক্ৰমানুদেশকে অৰ্পণ কৰিব লাগিব৷ এনে যন্ত্ৰৰ সামৰ্থ্য বুদ্ধিমত্তাৰ ক্ষেত্ৰত মানুহতকৈ অলেখ বেছি হ’ব৷ গতিকে আমি ‘বিগ ডাটা’ আৰু কম্পিউটাৰ
ক্ৰমানুদেশৰ ওপৰত আস্থা ৰাখিবই লাগিব বা ইয়াৰ বিকল্প নাথাকিব৷ বৰ্তমান সময়ত এনে ধৰণৰ
তথ্যৰ প্ৰভাৱ কিমান সেয়া আমি ‘শ্বেয়াৰ’ বজাৰৰ সূচাংক লক্ষ্য কৰিলেই অনুমান কৰিব পাৰোঁ৷
এটা মাত্ৰ ৰাজনৈতিক ঘটনাই ১০-১৫ মিনিটৰ ভিতৰত অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱা আমি লক্ষ্য
কৰিছোঁ৷ অৰ্থাৎ আমাৰ জীৱন, স্বাস্থ্য, ৰাজনীতি সকলো তথ্যবাদে নিৰ্ণয় কৰিব৷ এনে অৱস্থাৰ
ফলত ভৱিষ্যতে ৰাজনৈতিক একনায়কত্ববাদ নাথাকিব– কিন্তু তাৰ ঠাইত তথ্যবাদৰ একনায়কত্ব সকলো দিশতে বিদ্যমান হ’ব৷ বৰ্তমান প্ৰায় সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ
আমি লক্ষ্য কৰিছোঁ৷ কিন্তু এই কৃত্ৰিম বুদ্ধিমত্তা বৰ্তমান কেঁচুৱা অৱস্থাতেই আছে৷
***
ফোন : ৯৪৩৫৪৭৩৮৭২