কোৱাঁচোন, গোলাপ বাৰু নগ্ননে
কবি : পাবলো নেৰুদা
অনুবাদ : ড° দীপমণি দাস
( চিলিৰ জাতীয় কবিৰূপে বিবেচিত পাবলো নেৰুডাৰ আচল নাম নেফটালি ৰিকাৰ্ডো ৰেইচ বাচালাটো (১৯০৪-১৯৭৩)।
প্ৰেম, প্ৰকৃতি আৰু সমাজ বাস্তৱতা তেখেতৰ কবিতাৰ উপজীব্য। সহজ সৰল চিত্ৰকল্প আৰু ৰূপকৰ চমকপদ ব্যৱহাৰত তেখেতৰ কবিতা প্ৰাণস্পৰ্শী হয়। প্ৰেমৰ এশটা চতুস্পদী কবিতা- তেখেতৰ এখন প্ৰখ্যাত গ্ৰন্থ। ১৯৭১ চনত তেখেতে সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।)
কোৱাচোন তুমি -সকলো আৱৰণ খুলি ওলাই আহিছে গোলাপীজনী
নে সেয়া তাইৰ একমাত্ৰ পোছাক
গছবোৰে কিয় বাৰু লুকুৱাই থয়
শিপাবোৰৰ গৰিমা
কোনে বাৰু শুনে
লুকাই লুকাই লৈ যোৱা
বাহনখনৰ দুখৰ মালিতা
বৰষুণত তিতি ৰৈ থকা ৰেলগাড়ীখনতকৈ বেছি কৰুণ আন কিবা পৃথিৱীত আছে নেকি?
*
শ্ৰোতাবোৰ
মূল : দ্যা লিশ্যনাৰ্ছ
কবি : ৱাল্টাৰ দ্যা লা মেৰ
(ৱালটাৰ দ্যা ল্যা মেৰ্ (১৮৭৩-১৯৫৬)ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি, চুটি গল্পকাৰ আৰু ঔপন্যাসিক। তেখেতৰ 'দ্যা লিশন্যাৰ' কবিতাটি শিশু সাহিত্যৰ মাইলৰ খুটি। ৰোমাঞ্চ সৃষ্টি, অভিনৱ কল্পনা,আধিভৌতিকতা, মনস্তাত্ত্বিকতা আৰু ফেণ্টাচী তেখেতৰ কবিতাৰ উপকৰণ।)
চন্দ্ৰৰ পোহৰত আলোকিত দুৱাৰখনত টোকৰ মাৰি ভ্ৰমণকাৰীজনে সুধিলে
'হেৰা, ইয়াত আছেনে কোনোবা?'
আৰু তেওঁৰ ঘোঁৰাটোৱে বননিৰ সেউজ ঘাঁহনিডৰাৰ ঘাঁহবোৰ চোবাবলৈ ধৰিলে
অলপ অসন্তুষ্টিৰে
তেতিয়াই উৰি গৈছিল এটি চৰাই ভ্ৰমণকাৰীজনৰ মূৰৰ ওপৰেৰে
আৰু তেওঁ মাৰিলে টোকৰ দ্বিতীয়বাৰ পুনৰাই
আৰু সুধিলে-
' আছেনে ইয়াত কোনোবা?'
কিন্তু নাহিল কোনো এজনো আগুৱাই ভ্ৰমণকাৰীজনৰ কাষলৈ
তৰুলতাই আৱৰি ধৰা দুৱাৰৰ সেই কাঠছটাৰ পৰা কোনো এজনেও হাওলি চোৱা নাছিল তেওঁৰ সেই ধূসৰ শীৰ্ণ চকুযুৰিলৈ
য'ত তেওঁ থিয় হৈ ৰৈছিল
স্হৱিৰ হৈ
উগুল-গুথুল মনেৰে
মাথোন অশৰীৰী প্ৰেতাত্মাৰ শৃংখল এটাই শুনি ৰৈছিল
মানুহৰ মাজৰ পৰা নিগৰিত সেই কণ্ঠস্বৰটিলৈ
আৰু জোনাকৰ আভাৰে আলোকিত শ্যামবৰণীয়া চিৰিকেইটাত জুমবান্ধি থিয় হৈ ৰৈছিল
আৰু অদৃশ্যমান হৈ গৈছিল সেই খালী হলটোত
শুনি শুনি সেই শিহৰিত আৰু কম্পমান কণ্ঠস্বৰ
অকলশৰীয়া ভ্ৰমণকাৰীজনৰ
আৰু তেওঁ অনুভৱ কৰিছিল তেওঁৰ হৃদয়ত সিঁহতৰ আশ্চৰ্যতাক
অনুভৱ কৰিছিল সিঁহতৰ স্হৱিৰতাক
তেওঁৰ কণ্ঠস্বৰৰ সঁহাৰি বুলি
আৰু যাবলৈ ওলাইছিল তেওঁৰ ঘোঁৰাটো এন্ধাৰৰ সেই তৃণমিত্তিকাক কৰ্ষণ কৰি
সেই প্ৰোজ্জ্বল তৰাৰ পাতসিয়া আকাশৰ তলত
তেওঁ হঠাৎ টোকৰ মাৰিছিল দুৱাৰখনত-
অলপ জোৰকৈয়ে
আৰু শিৰ তুলি কৈ গৈছিল-
'সিঁহতক ক'বা- মই আহিছিলোঁ আৰু কোনেও মাত এষাৰো নিদিলে,
ক'বা সিঁহতক- মই ৰাখিলোঁ মোৰ কথা'
শ্ৰোতাবোৰে অকণো কেটকুটেই নকৰিলে
সময়ে উজাগৰে ৰখা মানুহজনে কৈ যোৱা সকলো কথাই পৰি ৰ'ল
প্ৰতিধ্বনিত হৈ
সেই নিৰৱ-নিতাল-নিজান ঘৰটোৰ প্ৰচ্ছায়াত
এৰা, সিঁহতে শুনিছিল তেওঁৰ ঘোঁৰাত ওলমাই থোৱা ৰিকাপিখনত হোৱা খোজৰ শব্দ
শুনিছিল সিঁহতে শিলত কৰ্ষণৰত খুৰাৰ লৌহ শব্দ
আৰু জানিছিল কিদৰে সেই নিস্তব্ধতা বিদ্যুৎ গতিত বাঢ়ি গৈছিল
ক্ৰমে ক্ৰমে
দূৰন্ত খুৰাবোৰৰ ওভতনি যাত্ৰাৰ খোজৰ পিছে পিছে
...