বিশাল অনুৰাগ
শীত
তুমি এৰাসুঁতি এটা হ'লে
মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁ
আৰু ৰ'দলৈ বাট চাওঁ
বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ
মইতো নহ'লো পানী-মকৰা
পৰালৈকে পাৰতে থাকিম
তোমাৰ চেঁচা কঁপনিক নিচুকাই
গঁৰাৰ স'তে এনেয়োতো খহিম বাৰিষাত
পূৰ্ণিমা
আজি নিজৰেই প্ৰেমত পৰিব জোন
কলংকিত তুলসীক পোহৰেৰে ঢাকি
কোলাত তুলি ল'ব মৃগৰ যৌৱন ।