আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰত বিদেশৰ পৰা আহি প্ৰতি বছৰে এক নিযুততকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰেহি। উচ্চশিক্ষা হৈছে আমেৰিকাৰ এক বিশাল ৰপ্তানি সেৱা যিটোৱে ৪২ বিলিয়ন ডলাৰৰ ৰাজহ যোগান ধৰে। কিন্তু শেহতীয়াকৈ সেই ধনৰ প্ৰৱাহ প্ৰায় বন্ধ হ’বলৈ ধৰিছে। অতিমাৰী, ভিছা সম্পৰ্কীয় প্ৰতিবন্ধকতা, ক্ৰমবৰ্ধমান টিউশ্যন আৰু আমেৰিকাত প্ৰতিকুল নিৰাপত্তাৰ বিভাৱনাই নতুন আন্ত:ৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ নিবন্ধন প্ৰায় ৭২% হ্ৰাস কৰিছে।
আমেৰিকাৰ উচ্চশিক্ষা ব্যৱস্থাই এক গৌৰৱোজ্জ্বল আলোক-সংকেতৰ দৰে পুৰুষানুক্ৰমে দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰি আহিছে। তেওঁলোকৰ সৰহ সংখ্যক আহে উচ্চশিক্ষা তথা জীৱিকা সম্পৰ্কীয় পৰিপূ্ৰ্ণ সুযোগৰ বাবে। কিছু সংখ্যকে আমেৰিকাৰ লগত অটুট বন্ধন ৰক্ষা কৰি, নিজ দেশলৈ উভতি গৈ শিক্ষা, বাণিজ্য, বিজ্ঞান, অথবা চৰকাৰী ক্ষেত্ৰত পাৰদৰ্শিতাৰে সেৱা আগবঢ়ায়। অন্য কোনো দেশেই আমেৰিকাৰ সমান বিদেশী শিক্ষাৰ্থী বা প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ উদাহৰণ নাই। যিসকল বিদেশী লোক আমেৰিকালৈ আহি ইয়াতে নিগাজিকৈ থাকি যায়, তেওঁলোক হৈ পৰে আমেৰিকাৰ প্ৰতিভা অৱগাঁথনিৰ অত্যাৱশ্যকীয় অংগ। তেওঁলোকে আমেৰিকাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ বিভাগীয় কাৰ্যালয়, বৈজ্ঞানিক প্ৰয়োগশালা, প্ৰতিষ্ঠান আদিৰ উচ্চ পদবীধাৰী হৈ সেৱাত ব্ৰতী হয়। আমেৰিকাৰ নিজাকৈ ব্যৱসায়ৰ পাতনি মেলা প্ৰতি পাঁচজন উদ্যোগীৰ মাজৰি এজন বিদেশী আৰু তাৰে চাৰি ভাগৰ তিনি ভাগেই হ’ল ছাত্ৰ হিচাপে এই দেশত ভৰি দিয়া। যেতিয়াই বিদেশী ছাত্ৰ-ছাত্ৰীয়ে আহি আমেৰিকাৰ শিক্ষা প্ৰতিষ্ঠানত প্ৰৱেশ কৰেহি তেওঁলোকে বৈচিত্ৰ্যৰ লগতে বহু নিযুত টকাৰ ৰাজহৰো যোগান ধৰে।
কিন্তু সেই যে আলোক-সংকেত, যিটো বহু দশক ধৰি উজলি আছিল, সেই সংকেত লাহে লাহে ম্লান হ’বলৈ ধৰিছে। পূৰ্বৱৰ্তী প্ৰশাসনে 'আমেৰিকা প্ৰথম' নীতি আৰু আগ্ৰাসী বাকচাতুৰ্যৰে, এটা কথা বিশ্ববাসীক জনালে যে বিদেশী ছাত্ৰ-ছাত্ৰীসকলক এই দেশত আগৰ দৰে আদৰ-সাদৰ কৰা নহ’ব। তাৰ পাছত আকৌ ভূতৰ ওপৰত দানহ পৰাদি ক’ভিড-১৯ অতিমাৰীয়ে দেশৰ চাৰিসীমা বন্ধ কৰিলে। চৰকাৰী প্ৰতিৱেদন অনুযায়ী ২০২০ চনত বিদ্যাৰ্থী ভিছাৰ ১৮% হ্ৰাস পাইছে আৰু নতুন নামভৰ্তি ৭২% হ্ৰাস পাইছে যিটো পূৰ্বে কাহানিও ঘটা নাছিল।
ইতিমধ্যে, আমেৰিকাৰ আলোক-সংকেতৰ জ্যোতিৰ তাৰতম্য ঘটিছিলেই। আজিৰ যুগত ছাত্ৰ-ছাত্ৰীৰ সুযোগ-সুবিধাবোৰ নিজ দেশতেই অথবা পৃথিৱীৰ আন আন প্ৰগতিশীল দেশসমূহতো বেছ উন্নত হৈ পৰিছে। আমেৰিকাৰ বিদ্যাৰ্থীৰ দৰেই, অন্যান্য দেশৰ বিদ্যাৰ্থীসকলেও কম খৰচত উচ্চশিক্ষা লাভৰ সুযোগ পাইছে আমেৰিকাৰ ডিগ্ৰীৰ মূল্যাংকন কৰিবলৈ আৰম্ভ কৰিছে। লগতে তেওঁলোকে এই দেশত তেওঁলোকৰ নিৰাপত্তাৰ কথাও চিন্তা কৰিবলৈ লৈছে। বহু আন্তৰ্জাতিক বিদ্যাৰ্থীয়ে এই দেশৰ অভিবাসন অথবা ইমিগ্ৰেচন নীতি সম্পৰ্কে সংশয় প্ৰকাশ কৰিবলৈ লৈছে, কিয়নো এই নীতিয়ে বিদ্যাৰ্থীসকলক সমুলি প্ৰাথমিকতা নিদিয়ে।
আমেৰিকাৰ নতুন প্ৰশাসন তথা ক’ভিড-১৯ ৰ পৃথকীকৰণৰ পৰা লেহেমীয়া মুক্তিয়ে শেহতীয়াকৈ বিদ্যাৰ্থীৰ নামভৰ্তিৰ ক্ষীণ গতি কিছু পৰিমাণে কমাব বুলি আশা কৰিব পৰা যায়। কিন্তু পটভূমি সলনি হোৱাৰ যি গতিধাৰা ২০১৬ চনৰ আগতেই মূৰ দাঙিছিল, সেইটোক থান-থিত লগোৱা কঠিন হ’ব। যদি আমেৰিকাই উচ্চ শিক্ষাৰ বিশ্ব কৰ্ণধাৰৰ স্থান পৰিত্যাগ কৰে তেন্তে সেইটোৱে আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ অৰ্থনৈতিক, কূটনৈতিক আৰু সমূহীয়া স্বাস্থ্যত বাৰুকৈয়েই প্ৰভাৱ পেলাব। আন্তৰ্জাতিক শিক্ষা সময়ৰ লগত দ্ৰুত গতিত আৰু তৎমুহূৰ্ততে সলনি হৈছে। গতিকে আমেৰিকাৰ আলোক-সংকেত ক্ৰমে ক্ৰমে শেঁতা হৈ পৰিছে। এতিয়া কথা হ’ল সেই আমেৰিকাৰ উচ্চ শিক্ষাৰ দেৱালয়সমূহৰ আলোক-সংকেত কি পুনৰ পোহৰ হ’ব, একেবাৰে শেঁতা পৰি যোৱাৰ আগতে?
আমেৰিকাৰ উচ্চশিক্ষাৰ প্ৰতি বিশ্বৰ সকলো প্ৰান্তৰৰ বিদ্যাৰ্থীসকলৰ আকুলতা সময়ৰ লগত সলনি হৈ আহিছে। প্ৰথমেই ই আৰম্ভ হ’ল এক ধৰণৰ মহানুভৱতা হিচাপে, তাৰ পাছত হৈ পৰিল এক কূটনৈতিক আহিলা, আৰু শেষত পৰিণত হ’লগৈ এক এৰাব নোৱৰা বিপণনৰ আৰ্হি।
আমেৰিকালৈ আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ আগমনৰ ইতিহাস প্ৰায় দুশ বছৰতকৈও পুৰণি। ভেনিজুৱেলাৰ স্বাধীনতা সংগ্ৰামৰ নায়ক ফ্ৰাঞ্চিস্কো ডি মিৰাণ্ডাই ১৭৮৪ চনতেই আমেৰিকাৰ ইয়েল' বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেনেদৰে, ইয়াংগ উইংগ নামৰ চীনা ছাত্ৰজনে ১৮৫৪ চনত ইয়েল'ৰ পৰাই উত্তীৰ্ণ হৈছিল, লগতে ইয়েল'ৰ হৈ আমেৰিকান ফুটবল খেলিছিল, গায়কদলৰ হৈ গান গাইছিল আৰু ইংৰাজী ৰচনাৰ বাবে পুৰস্কৃতও হৈছিল। তেওঁ চীন দেশলৈ উভতি গৈ সেই সময়ৰ চীনৰ কুইংগ শাসকসকলক প্ৰত্যয় নিয়াই বহু চীনা বিদ্যাৰ্থীক আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰিছিল, যাতে দেশখনলৈ আধুনিকতা আনিব পাৰি।
সেই কালত চীনৰ দৰে আন যিবোৰ দেশে অৰ্থনৈতিক আৰু সামাজিক দিশৰ ফালৰ পৰা নিজ দেশৰ উন্নতিৰ কথা চিন্তা কৰিবলৈ লৈছিল, আমেৰিকা হৈ পৰিছিল তেনে দেশৰ বাবে প্ৰশিক্ষণ ক্ষেত্ৰ। প্ৰথমৰ ফালৰ বহুসংখ্যক বিদ্যাৰ্থীক আমেৰিকান মিছনেৰীসকলে পৃষ্ঠপোষকতা কৰিছিল। পাছলৈ জনহিতকৰ গোট যেনে কাৰ্নেগী আৰু ৰকাফেলাৰ আধাৰ আদিয়ে বিদ্যাৰ্থী তথা বিদ্যাৱানসকলক আমেৰিকালৈ অহাৰ সুযোগ কৰি দিছিল। দ্বিতীয় বিশ্বযুদ্ধ আৰু তাৰ আগলৈকে আমেৰিকান বিশ্ববিদ্যালয়সমূহ আছিল একনায়কত্ববাদী শাসকৰ কৱলৰ পৰা মুক্তি বিচৰাসকলৰ বাবে আশ্ৰয় স্থল। ইফালে যেতিয়াৰে পৰা শীতল যুদ্ধৰ অঙঠা জ্বলিবলৈ ল’লে তেতিয়া এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰে ফুলব্ৰাইট্ প্ৰ'গেমৰ যোগেদি কূটনৈতিক ভূমিকা পালন কৰিবলৈ ধৰিলে। ১৯৬২ চনত ৰাষ্ট্ৰপতি কেনেডিয়ে হোৱাইট হাউছৰ দক্ষিণ প্ৰংগণৰ পৰা বিদেশৰ বিদ্যাৰ্থীসকলক উদেশ্যে দিয়া এক বক্তৃতাত কৈছিল, “মই আশা ৰাখিছো যে তোমালোক যিমান দিন আমাৰ দেশত থাকিবা তোমালোকে আমাৰ পৰা জ্ঞান আহৰণ কৰাৰ সুযোগ পাবা, আৰু লগতে আমাৰ ভাল-বেয়া সকলো শিকিব পাৰিবা।”
ছোভিয়েট ইউনিয়নৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱাৰ পৰা আমেৰিকান প্ৰশাসনে বিশ্ববিদ্যালয় আৰু গৱেষণাৰ নামত বিশাল পৰিমাণৰ ধনৰাশি খৰচ কৰিবলৈ ল’লে। তাৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভৰপুৰ বিকাশ হ’বলৈ লোৱাত বিভিন্ন দেশৰ প্ৰতিভাবান বিদ্যাৰ্থীৰ আগমন হ’ল, বিশ্বৰ আটাইতকৈ আগশাৰীৰ গৱেষকসকলৰ লগত উৎকৃষ্ট প্ৰয়োগশালাত গৱেষণা কৰাৰ সুযোগ পোৱাৰ আশাৰে।
সেই বিদ্যাৰ্থীৰ বেছি ভাগেই স্নাতকোত্তৰ পৰ্যায়ৰ আছিল, কিন্তু সাম্প্ৰতিক আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ ঢৌৰ বেছি ভাগেই মাত্ৰ হাইস্কুলীয়া শিক্ষা সাং কৰা পৰ্যায়ৰ। এইসকল হৈছে উন্নতিশীল মধ্যবিত্ত ঘৰৰ সন্তান, আৰু বৃহত্তৰভাৱে চীন দেশৰ। বিগত এক কি দুই দশক ধৰি বিভিন্ন কাৰকৰ হেতু চীনৰ পৰা অহা বিদ্যাৰ্থীৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ ল’লে। চীন দেশৰ অভিভাৱকৰ এটাই চিন্তা যে মুদ্ৰাস্ফীতি হোৱা অৰ্থব্যৱস্থাত বিদ্যাৰ্থীক আগশাৰীত ৰাখিবলৈ হ’লে আমেৰিকাত শিক্ষা দিয়াবই লাগিব। তেওঁলোকৰ দেশত প্ৰতি বছৰে ৮ নিযুত বিদ্যাৰ্থীয়ে হাইস্কুলীয়া শিক্ষা শেষ কৰে আৰু নিজ দেশৰ বিশ্ববিদ্যালয়ত সকলোকে শিক্ষা দিবৰ বাবে স্থানৰো অভাৱ। বহু পৰিয়ালৰ ল’ৰা-ছোৱালীক আমেৰিকাত উচ্চ শিক্ষাৰ বাবে পঠাব পৰা আৰ্থিক স্বচ্ছলতাও আছে। লগতে চীন দেশৰ “এক-সন্তান” নীতিৰ বাবে এজন বিদ্যাৰ্থীয়ে দুয়োফালৰ ককাক-আইতাকৰ ফালৰ পৰাও টিউশ্যন, যাতায়াত, আৰু পৰীক্ষাৰ খৰচ-পাতিৰ বাবে হাত পাতিবৰ সুযোগ আছে। ২০০১-ৰ ছেপ্তেম্বৰ ১১-ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কিছুদিনলৈ আমেৰিকাৰ বিদ্যাৰ্থী ভিছা বন্ধ আছিল যদিও, পাছলৈ বিদ্যাৰ্থী ভিছাৰ নিয়ম শিথিল কৰিলে যাতে বিদেশী বিদ্যাৰ্থীয়ে সহজতে আহি শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পায়। আমেৰিকাত ২০০৮-ৰ অৰ্থনৈতিক মন্দৱস্থা তথা হাইস্কুল শিক্ষা শেষ কৰা বিদ্যাৰ্থীৰ সংখ্যাৰ হ্ৰাস পোৱাৰ সময়ত বিদেশৰ বিদ্যাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে লগত অনা ৰাজহ খুবেই লোভনীয় হৈ পৰে। আমেৰিকায়ো এই সুযোগক মুক্তহস্তে আঁকোৱালি ল’লে। এই সুযোগক যোগান আৰু চাহিদাৰ শুভবিৱাহ বুলি ক’লেও ভুল নহ’ব।
এটা শতিকা ধৰি চলা আন্তৰ্জাতিক আদান-প্ৰদানৰ পাছত এক বৃহৎ পৰিৱৰ্তন দেখা গ’ল। বিগত শতিকাৰ নৱম দশকত যেতিয়া বিদ্যাৰ্থীৰ আদান-প্ৰদান হৈছিল বেছিভাগ বিদেশৰ বিদ্যাৰ্থীয়েই সম্পূৰ্ণ জলপানি পাইছিল, আমেৰিকাত শিক্ষা গ্ৰহণ কৰাৰ বাবে। কিন্তু বৰ্তমান সময়ত বিদেশী বিদ্যাৰ্থীৰ পৰা আদায় কৰা টিউশ্যন ফিজেৰে আমেৰিকান বিদ্যাৰ্থীক জলপানি দিয়া হৈছে। এয়া আমেৰিকান উচ্চ শিক্ষা ব্যৱস্থাৰ বৃহত্তৰ পৰিৱৰ্তন।
আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহত টিউশ্যন কমাই ৰখা, ৰাজ্য চৰকাৰৰ পৰা হেৰুওৱা অৰ্থসাহায্যৰ পৰিপূৰক বিচাৰি পোৱাৰ নিচিনা কামবোৰ সম্ভৱ হৈছিল কিয়নো আন্তৰ্জাতিক বিদ্যাৰ্থীসকলে মোটা অংকৰ ৰাজহ যোগান ধৰিছিল। আনকি আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীসকলৰ পকেট-মানি আমেৰিকাৰ কলেজ টাউনবোৰৰ অৰ্থনৈতিক উন্নতিৰ বাবে এক বৰদান হৈছিল, এক কথাত আমেৰিকান অৰ্থব্যৱস্থাৰ বাবেও। ইউ. এছ.-ৰ বাণিজ্য বিভাগৰ এক নতুন সমীক্ষাৰ মতে আমেৰিকাত আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ অৰ্থনৈতিক প্ৰভাৱ হ’ল প্ৰতি বছৰে প্ৰায় ৪২ বিলিয়ন ডলাৰ। এই দৰেই উচ্চ শিক্ষা হৈ পৰিল আমেৰিকাৰ আটাইতকৈ বৃহৎ ৰপ্তানি সেৱা, যিটো ছয়াবিন, গোমধান, আৰু বস্ত্ৰৰ একত্ৰিত ৰাপ্তানিৰ সমান। ২০০৬ চনৰ পৰা বিদেশী বিদ্যাৰ্থীৰ আমেৰিকান উচ্চশিক্ষাৰ আলয়সমূহত নাম পঞ্জীয়নৰ হাৰ বাঢ়িবলৈ ল’লে আৰু ২০১৮-ত সেই পৰিসংখ্যা একেবাৰে শিখৰ পালেগৈ - ১.১ নিযুতলৈ। কিন্তু এটা কথা ঠিক যে সকলো ঢৌৰেই এটা শিখৰ থাকে। ক’ভিড-১৯ নিশ্চয়কৈ শিখৰৰ চূডাতকৈ বেছি মন্দাৱস্থা হৈহে দেখা দিলে। ২০২০ চনৰ মাৰ্চ মাহৰ পৰা বিশ্ববিদ্যালয়সমূহৰ চৌহদ বন্ধ হোৱাৰ লগে লগে আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীসকল সিঁচৰতি হ’ল চাৰিওফালে, একাংশ আমেৰিকাতে থাকি গ’ল আৰু বাকী অংশই বিশ্বৰ বিভিন্ন কোণৰ পৰাই শিক্ষাগ্ৰহণ অব্যাহত ৰাখিলে।
ইফালে ভ্ৰমণ নিষিদ্ধকৰণ আৰু দূতাবাস বন্ধ কৰাৰ বাবে, নতুন আন্ত:ৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকল আমেৰিকালৈ অহা কমি গ’ল। আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ নামভৰ্তি প্ৰায় ৪৩% কমিল, যিটো বিদ্যাৰ্থী ভিছা বন্ধ হোৱাৰ সময়তৈকও বেছি। কেইখনমান আমেৰিকান বিশ্ববিদ্যালয়ে, যেনে পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটিয়ে দিকচৌ চৌহদ পাতি চাংহাইৰ ইষ্ট্ চাইনা নৰ্মেল ইউনিভাৰ্ছিটিৰ প্ৰায় ৫০০ মান ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিলে।
এনে ধৰণৰ প্ৰচেষ্টাবোৰে কিছু পৰিমাণে হ’লেও অতিমাৰীৰ মাধমাৰৰ পৰা উচ্চশিক্ষা ব্যৱস্থাক সকাহ দিব পাৰিলে। তথাপি ২০২০ চনত উচ্চশিক্ষাৰ ৰপ্তানি মূল্যৰ ৯.৫ বিলিয়ন ডলাৰ (২০%) স্খলিত হ’ল। ক’ভিড-১৯-ৰ বাবে ইয়াৰ উপৰুৱা আৰু সম্ভৱত: দীৰ্ঘম্যাদী প্ৰভাৱ আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ আগমনত পৰিব। এই ক’ভিড-১৯-ক লৈ ২০২০ চনত আমেৰিকাৰ প্ৰশাসনৰ গতিবিধিয়ে বিশ্বৰ জনতাৰ মনত এক তিতা-কেহা ভাব জন্মাইছে আৰু আন্তৰ্জাতিক বিদ্যাৰ্থীৰ অভিভাৱকসকলক আশংকাত পেলাইছে যে তেওঁলোকৰ বিদ্যাৰ্থীসকল আমেৰিকাৰ উচ্চ শিক্ষাৰ চৌহদত সুৰক্ষিত হৈ ৰ’বনে? ইয়াৰ লগতে অতিমাৰীৰ প্ৰভাৱে আমেৰিকাত এছিয়ান-বিৰোধী বৰ্ণবৈষম্য আৰু অপৰাধৰো জন্ম দিছে। তদুপৰি দেশখনৰ মূল ৰাষ্ট্ৰনেতাজনেই ক’ভিড-১৯-ৰ বাবে চীন দেশক পোনপটীয়াকৈ দোষাৰোপ কৰিছে। আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ প্ৰংগণত প্ৰায় ৭০% বিদ্যাৰ্থীয়েই এছিয়াৰ পৰা অহা। চীন দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়েই অনেক সময়ত হাইস্কুল শিক্ষাৰ মাজভাগতেই আমেৰিকালৈ আহি শিক্ষা লয়হি আৰু কলেজীয়া শিক্ষা শেষ কৰে মানে তেওঁলোকে এইখন দেশক আপোন কৰি লয়। ক’ভিড-১৯-য়ে সেইটো সলনি কৰিলে। চীন দেশৰ বহু বিদ্যাৰ্থীক শ্বেতাংগসকলে সমজুৱাভাৱে ক’ভিড-১৯ ভাইৰাছ বিয়পোৱা বুলি দোষাৰোপ কৰিবলৈ ল’লে। তেনে বহু বিদ্যাৰ্থীৰ মনলৈ ভাব আহিবলৈ ল’লে যে তেওঁলোকক হয়তো পেটে পেটে আচুতীয়া দৃষ্টিৰে চোৱা হয়। সেয়েহে এই দেশত শিক্ষা গ্ৰহণ কৰি ইয়াতেই কৰ্মসস্থাপন লৈ এই দেশতেই নিগাজিকৈ থাকি যোৱাৰ সপোন দেখা বিদ্যাৰ্থীসকলে সেই বিষয়ে পুনৰবিচাৰ কৰিবলৈ লৈছে।
পিছে ক’ভিড-১৯-য়েই একমাত্ৰ কাৰণ নহয় যাৰ বাবে চীন দেশৰ বিদ্যাৰ্থীৰ মানসিক অৱস্থা সলনি হৈছে। আমেৰিকাৰ মুখ্য ভৌগলিক তথা ৰাজনৈতিক প্ৰতিদ্বন্দ্বী চীন দেশৰ প্ৰতি ৱাশ্বিংটনত গঢ় লৈ উঠা সজাগতাও এনে হোৱাৰ আন এক কাৰণ। আমেৰিকা আৰু চীনদেশৰ শিক্ষানুষ্ঠানৰ মাজত থকা বৈজ্ঞানিক গৱেষণাৰ অংশীদাৰিত্বক প্ৰশাসনে বেয়া দৃষ্টিৰে প্ৰত্যক্ষ কৰিবলৈ ল’লে, চীনৰ বিদ্যাৰ্থী আৰু বিদ্যাৱানসকলৰ প্ৰতি চলি অহা স্বচ্ছ ব্যৱস্থাক এক দুৰ্বল অনুবন্ধ হিচাপে গণ্য কৰিবলৈ ল’লে, আমেৰিকান উচ্চ শিক্ষা ব্যৱস্থাৰ বাবে অসুৰক্ষিত বোধ কৰিবলৈ ল’লে। পূৰ্বৱৰ্তী প্ৰশাসনে প্ৰথমৰ পৰাই চীন দেশীয় বিদ্যাৰ্থীক প্ৰতিৰোধ কৰাৰ কথা চিন্তা কৰিবলৈ ল’লে। অৱশেষত সেই প্ৰশাসনৰ শেষৰ ফালে চীনৰ স্নাতক বিদ্যাৰ্থীৰ ওপৰত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিলে আৰু মেইন লেণ্ড চাইনা আৰু হংকঙৰ লগত থকা ফুলব্ৰাইট স্কলাৰ বিনিময় সম্পূৰ্ণৰূপে বন্ধ কৰিলে। উইলচন চেণ্টাৰৰ চীন আৰু আমেৰিকাৰ ওপৰত প্ৰতিস্থিত কেছিনজাৰ ইনস্টিটিউটৰ পৰিচালক ৰবাৰ্ট ডেলীৰ মতে উল্লিখিত কিছু কিছু আশংকা বিধিসন্মত। ডেলীৰ মতে দেশৰ সুৰক্ষাৰ শংকাৰ কাৰণতেই চীনা বিদ্যাৰ্থীৰ পৰা আমেৰিকান উচ্চ শিক্ষানুষ্ঠানত হোৱা লাভালাভ নাকচ কৰা অনুচিত। আমেৰিকান বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰত এছিয়ান বিদ্যৰ্থীৰ পৰা হোৱা প্ৰত্যক্ষ ক্ষতিৰ তালিকা তেনেই নগণ্য। তাৰ বিপৰীতে সকলো দিশতেই এছিয়ান বিদ্যাৰ্থীৰ পৰা হোৱা ভৰপূৰ লাভালাভকহে আগস্থান দিয়া উচিত। ডেলীৰ মত অনুযায়ী, চীনা বিদ্যাৰ্থীৰ ওপৰত আৰোপ কৰা সংশয় একেবাৰেই অবাঞ্ছিত, কিয়নো বেছি ভাগ ছাত্ৰৰেই স্পৰ্শকাতৰ গৱেষণাৰ উৎসলৈ প্ৰৱেশাধিকাৰ নাই। পূৰ্বৱৰ্তী প্ৰশাসনৰ বিগত চাৰি বছৰত আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীসকলে আমেৰিকান অভিবাসনৰ বিষাক্ত নীতিৰ ফল বাৰুকৈয়েই উপলব্ধি কৰিলে। প্ৰশাসনে বিদেশী স্নাতকসকলৰ আমেৰিকাত জীৱিকা নিৰ্বাহ কৰাৰ যোজনা বন্ধ কৰাৰ ভাবুকি দিয়া, সীমান্তৰ পৰাই বহুতক নিজ দেশলৈ ফিৰাই পঠোৱা, অতিমাৰী তুংগত থকা সময়তেই আন্ত:ৰাষ্ট্ৰীয় ছাত্ৰক মুখামুখি শিক্ষা ল’বলৈ নিয়ম কৰা যাতে উচ্চ শিক্ষানুষ্ঠানৰ চৌহদ পুনৰ-মুকলি কৰিব পাৰে - ইত্যাদি প্ৰচেষ্টাবোৰ চলালে।
কিছু কিছু বিজ্ঞলোকৰ মতে অতিমাৰী আৰু ৰাজনীতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে - কিন্তু এই যে আন্তৰ্জাতিক উচ্চশিক্ষাৰ নামভৰ্তি ব্যৱস্থাৰ গাঁঠনিতেই যে কিছু ফাট মেলিছে সেই বিষয়ে বেছি চিন্তা কৰা হোৱা নাই। প্ৰথমেই চীনৰ ওপৰত বেছি নিৰ্ভৰশীলতা, কিয়নো তিনি ভাগৰ এভাগ আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীয়েই চীনদেশৰ। ২০০৮-ৰ মন্দাৱস্থাত অৰ্থসংঘাতমুখী যি উচ্চ শিক্ষানুষ্ঠানে চীনা বিদ্যাৰ্থীক দেৱদূত বুলি ভবিছিল, আজি সেই একেই অনুষ্ঠানেই হয়তো ভাবিবলৈ লৈছে যে নামভৰ্তিৰ দুৱাৰখন ধোবাংবাং কৰা হ’ল নেকি? নামভৰ্তিৰ পদাধিকাৰীসকলে আপদটো বুজিব পাৰিছে যদিও কেনেকৈ সেই তথাকথিত কালচক্ৰটোক ভঙিব পৰা যায় তাৰ উপায়হে বিচাৰি উলিয়াব পৰা নাই। উদাহৰণ স্বৰূপে, ছয়খন ভিন্ন ভিন্ন দেশৰ পৰা ৫০০ ছাত্ৰক নামভৰ্তি কৰোৱাতকৈ চীনৰ ৫০০ জনক অন্তৰ্ভুক্ত কৰা সহজ বুলি গণ্য কৰা হয়।
সমূহ আমেৰিকান উচ্চ শিক্ষানুষ্ঠানত ২০২১ চনৰ আৰম্ভণিতেই চীনৰ বিদ্যাৰ্থীৰ নামভৰ্তি মুঠ ১৮% কমি গৈছে। হয়তো চীনদেশৰ বিদ্যাৰ্থীসকলে নিজ দেশতেই কেই বছৰমানৰ আগৰ সময়ৰ তুলনাত বৰ্তমান সময়ত কম খৰচতেই বেছি সম্ভাৱনাপূৰ্ণ বিকল্প বিচাৰি পাইছে। এইটো সিমান আচৰিত হ’ব লগা নহয়, কিয়নো বিগত বছৰকেইটাত চীন দেশৰ উচ্চ শিক্ষানুষ্ঠানতসমূহত প্ৰশাসনে বহুলভাৱে বিনিয়োগ কৰিছে। বিজ্ঞসকলৰ ধাৰণা যে আগন্তুক কেই বছৰ মানত আমেৰিকাত চীনদেশৰ বিদ্যাৰ্থী মুঠ বিদেশী বিদ্যাৰ্থীৰ ৩৫% হৈ নাথাকিব। কিছু কিছু শিক্ষানুষ্ঠানে তেওঁলোকৰ গুৰুত্ব চীনৰ পৰা আঁতৰাই দক্ষিণ আমেৰিকাৰ ফালে মন দিছে। উদাহৰণ স্বৰূপে নিউ অৰলিয়েনছৰ লয়লা ইউনিভাৰ্ছিটিত বৃহত্তৰ আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দক্ষিণ আমেৰিকাৰ পৰা অহা। এই খিনিতেই উচ্চশিক্ষাৰ বজাৰখনৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বন হ’ল যে মাত্ৰ কেইখনমান দেশতহে চীনদেশৰ দৰে আমেৰিকান উচ্চশিক্ষাৰ চাহিদা আৰু খৰচ বহন কৰিব পৰা সমৰ্থতা আছে। যেনে আফ্ৰিকাৰ দেশসমূহৰ বিপুল যুৱ প্ৰজন্মক উপযুক্ত উচ্চশিক্ষা দিবৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা তেনেই নগণ্য, কিন্তু সেই দেশৰ ন্যূনতম সংখ্যক পৰিয়ালেহে আমেৰিকাৰ উচ্চশিক্ষাৰ ব্যয়ৰ বোজা বহন কৰিব পাৰে।
ইফালে বহু শিক্ষানুষ্ঠানে চীনদেশৰ বিদ্যাৰ্থীয়ে যোগান ধৰা নিগাজি মোটা ৰাজহ হেৰুৱাব নিবিচাৰে। গৱেষণাৰ পৰা এই কথা পৰিষ্কাৰ যে আমেৰিকাৰ ৰাজ্যিক প্ৰশাসনে যেতিয়াই বাজেট কৰ্তন কৰে, শিক্ষানুষ্ঠানে সেই ৰাজহ আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ পৰা আদায় কৰাৰ বাবে উঠি-পৰি লাগে। যিদৰে বিদেশী বিদ্যাৰ্থীৰ পৰা আদায় কৰা ৰাজহেৰে উচ্চ শিক্ষানুষ্ঠানবোৰে বিগত মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাব পাৰিলে, এতিয়া ক’ভিড-১৯-ৰ পৰৱৰ্তী সময়ৰ বাজেট ঘাটি কি দৰে পৰিপূৰণ কৰিব তাৰ প্ৰচেষ্টাত তৎপৰ হৈছে।
আমেৰিকান সপোন ভংগ:
পৰম্পৰাগতভাৱে চীনৰ বিদ্যাৰ্থীৰ উচ্চশিক্ষাৰ সপোনপুৰী হ’ল আমেৰিকা। চীনৰ শিক্ষা মন্ত্ৰালয়ৰ সমীক্ষাৰ মতে চীনৰ পৰা বিদেশলৈ উচ্চশিক্ষাৰ বাবে অহা আধাতকৈ বেছি শিক্ষাৰ্থী আমেৰিকালৈ আহে। কিন্তু নতুন সমীক্ষাৰ পৰা এইটোও জানিব পৰা গৈছে যে বৰ্তমান বিদ্যাৰ্থীসকলে বিকল্প হিচাবে হংকং, জাপান বা ছিংগাপুৰলৈ যোৱাটোহে বিৱেচনা কৰিছে। এই দেশবিলাকৰ শিক্ষাৰ শৈলী আৰু সাংস্কৃতিক দিশটো চীনৰ সতে মোটামুটি একে। লগতে খুবেই সুবিধাজনক, যদি অতিমাৰী বা আন তেনেকুৱা স্বাস্থ্যজনিত বিপদে ভবিষ্যতে দেখা দিয়ে তেওঁলোকে অতি কম সময়তেই ঘৰলৈ উভতিব পাৰিব। অতিমাৰীৰ পাছতহে বহু অভিভাৱকে এটা কথা বস্তুনিষ্ঠভাৱে চিন্তা কৰিবলৈ সময় পালে যে আমেৰিকাৰ বাহিৰেও আন বহু দেশত ভাল ইউনিভাৰ্ছিটি গঢ় লৈ উঠিছে য’ত অত্যাধুনিক শিক্ষাব্যৱস্থা বিদ্যমান।
বিদ্যাৰ্থীৰ লগতে অভিভাৱকৰো চিন্তাধাৰা সলনি হৈছে। ব্ৰাজিলৰ কলেজ পৰামৰ্শদাতা এমিলী ডবচনৰ মতে, তেওঁ পৰামৰ্শ দিয়া বহু বিদ্যাৰ্থীয়ে এই ধাৰা মতে আমেৰিকাক গন্তব্য স্থান নকৰি ব্ৰিটেইন, কানাডা, কাটাৰ, জাপান, আৰু চেক্ ৰিপাব্লিকৰ দৰে দেশবোৰকহে বাচি লৈছে। এই বিদ্যাৰ্থীসকলে বিভিন্ন কাৰণত অনা-আমেৰিকান ইউনিভাৰ্ছিটি বাচি লৈছে, কৰো বাবে বিশেষ মেজৰ বিষয়, কাৰো বাবে চাৰি বছৰৰ ঠাইত তিনি বছৰতে স্নাতক ডিগ্ৰী লোৱা, আৰু আন কোনোৱে হস্ত-চালিত আগ্নেয়াস্ত্ৰজনিত অপৰাধবোৰৰ ভয়। বহু সম্ভাব্য আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ পিতৃ-মাতৃৰ মতে আমেৰিকাৰ আগ্নেয়াস্ত্ৰজনিত হিংসা আমেৰিকান সমাজৰ প্ৰতীক হৈ পৰিছে।
আৰু এক দুশ্চিন্তা খৰচ বহনৰ ক্ষমতা। আমেৰিকাৰ উচ্চ শিক্ষাৰ ব্যয় পৃথিৱীৰ অন্য যি কোনো দেশতকৈ অধিক, লগতে ৰাজহুৱা শিক্ষানুষ্ঠানসমূহে আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ পৰা দু ৰ পৰা তিনি গুণ বেছি টিউশ্যন ফিজ আদায় কৰে। লগতে বিদেশী বিদ্যাৰ্থীসকলে ভিছা পাবৰ বাবে উচ্চশিক্ষাৰ বাবে প্ৰয়োজনীয় পুঁজি থকাৰ প্ৰমাণ দিয়াৰ লগতে আমেৰিকাত আহি যাতায়াত, ঘৰভাড়া ইত্যাদিৰ যে যোগাৰ কৰিব পৰিব তাৰো প্ৰমাণ গোটাব লগাত পৰে। বিদ্যাৰ্থী বা পৰিয়ালে এই সকলো খৰচৰ বোজা ল’ব লাগে - মোটামুটি ৬০% আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীয়েই স্নাতক ডিগ্ৰীৰ ল’বৰ বাবে পৰিয়ালৰ জমা টকা বা ধাৰৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়। পিছে পি. এইচ. ডি. কৰিবলৈ বা পষ্ট ডক্তৰেল কৰিবলৈ অহাসকলে পাঠদান অথবা গৱেষণাৰ বাবে ভাত্তা পায়। পিউ গৱেষণা চেণ্টাৰৰ মতে, ক’ভিড-১৯-ৰ প্ৰভাৱত গোলকীয় হিচাপত ৫৪ নিযুত লোক মধ্যবিত্ত শাৰীৰ পৰা তললৈ নামিলে। এই পৰিসংখাৰ ৬০% জনতাই ভাৰতবৰ্ষৰ, আৰু আমেৰিকাত বিদেশী বিদ্যাৰ্থীৰ গণনাত ভাৰতৰ স্থান দ্বিতীয়। ক’ভিড-১৯-ৰ পাছত আমেৰিকাত উচ্চ শিক্ষা লোৱাৰ সপোন বহুতৰেই ভাঙিল, কিন্তু ক’ভিড-১৯-ৰ আগতো আন বহুতৰ বাবে সেই চিন্তাটো সপোনৰো অগোচৰ আছিল।
শিক্ষাৰ পাছত কৰ্মসংস্থান:
কিছু সংখ্যক বিদেশী বিদ্যাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই এতিয়া আমেৰিকান ডিগ্ৰীৰ গুৰুত্ব সম্পৰ্কে জিজ্ঞাসা কৰিবলৈ লৈছে। চীন আৰু দক্ষিণ কোৰিয়াই এক বৃহৎ সংখ্যক বিদ্যাৰ্থীক আমেৰিকাত উচ্চশিক্ষাৰ বাবে পঠায়। এতিয়া কথা হৈছে আমেৰিকান ডিগ্ৰীধাৰী স্নাতকসকল যেতিয়া নিজ দেশলৈ উভতি আহি কৰ্মসংস্থান বিচাৰে, দেশৰ কৰ্মক্ষেত্ৰৰ বজাৰত সেই ডিগ্ৰী কিমান সহায়ক হয়? সমীক্ষাৰ পৰা দেখা গৈছে বৰ্তমান সময়ত বিদেশৰ ডিগ্ৰী সিমান সহায়ক নহয়। এই স্নাতকসকলৰ বাবে বিকল্প হৈছে আমেৰিকাতেই কৰ্মসংস্থান বিচৰা। সেই পথ অৱলম্বন কৰাসকলে জানে যে দিনৰ শেষত কিমানখন ডেওনা পাৰ কৰিব লাগে। বহুতে এই প্ৰতিবন্ধকতাবোৰৰ গুৰিতে পূৰ্বৰ প্ৰশাসনৰ লগতে কভিড-১৯-ক জগৰীয়া কৰিব বিচাৰে যদিও সেই প্ৰত্যাহ্বানবোৰ বহু আগৰ পৰাই আছিল। যেনে ২০২১-ত মাত্ৰ ৮৫ হাজাৰ কৰ্মদক্ষতাজনিত ভিছাৰ বাবে মুঠ ৩০৮ হাজাৰ আৱেদন লাভ কৰাৰ খবৰ আছে। কিন্তু বাৰ্ষিক ৮৫ হাজাৰ ভিছাৰ কোটা আজিৰ পৰা প্ৰায় ১৫ বছৰ মান আগৰপৰাই আছে। বৰ্তমান ব্যৱস্থা মতে আন্তৰ্জাতিক শিক্ষা আৰু কৰ্মসংস্থানজনিত অভিবাসন দুয়োটাকে পৃথক দৃষ্টিৰে চোৱা হয়। বিদ্যাৰ্থী ভিছাৰ আৱেদনৰ সময়তেই বিদ্যাৰ্থীয়ে কেৱল উচ্চ শিক্ষাৰ বাবেহে যে আহিছে সেই কথাৰ আশ্বাস দিব লাগে। আনহাতে প্ৰতিযোগী দেশ অষ্ট্ৰেলিয়া আৰু কানাডাই কিছু পৃথক পথ তৈয়াৰ কৰি থৈছে যাৰ দ্বাৰা স্নাতকসকলে সেই দেশত কৰ্মসংস্থান পোৱাৰ লগতে স্থায়ী বাসিন্দাও কম সময়তেই হ’ব পাৰে। ব্ৰিটেইনেও যোৱা বছৰৰ পৰা গোলকীয় প্ৰতিভা ভিছাৰ প্ৰৱৰ্তন কৰিবলৈ লৈছে।
এটা কথা ঠিক যে বিদেশলৈ যেতিয়া কোনো ছাত্ৰ আহে সাধাৰণতে কেই বছৰমানৰ কথা চিন্তা কৰি নাহে - এইটো এটা জীৱনজোৰা যাত্ৰা বুলি ধৰি লৈ আহে। যি কি নহওক আমেৰিকাৰ উচ্চ শিক্ষা এটা প্ৰতিভাৰ সুঁতি হৈ বৈ থাকিব। এই সুঁতিত বিদেশৰ পৰা আহি বিজ্ঞান অথবা অভিযান্ত্ৰিকত পি. এইচ. ডি. কৰা ১০ জনৰ ভিতৰৰ ৮ জনেই প্ৰথম কৰ্মসংস্থান ইয়াতেই গ্ৰহণ কৰে।
কাৰ্নেগী মেলন ইউনিভাৰ্ছিটিৰ পি. এইচ. ডি. ছাত্ৰ দিব্যাংশ কৌশিক কম্পিউটাৰ বিজ্ঞানৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁৰ মতে দেশৰ গৱেষণা আৰু আমেৰিকাৰ গৱেষণাৰ মাজত আকাশ পাতাল পাৰ্থক্য, কিন্তু তাৰ মানে এইটোও নহয় যে আমাৰ দেশত প্ৰতিভাৰ অভাৱ। মূল কাৰণটো হৈছে যে আমেৰিকাত গৱেষণাৰ এক অপূৰ্ব পৰিস্থিতিতন্ত্ৰ সজোৱা আছে, যিটো আমাৰ দেশত এতিয়াও সেই পৰ্যায়ক নহয়। যিহেতু প্ৰতিভাই প্ৰতিভাক আকৰ্ষণ কৰে, পৃথিৱীৰ উৎকৃষ্ট বিদ্যাৰ্থীয়েও আমেৰিকাৰ বিশ্ববিদ্যালয়বোৰত আৱেদন কৰে। দিব্যাংশই আমাজনৰ গ্ৰেজুৱেট ৰিচাৰ্ছ ফেল’চ্ছিপ পাইছে আৰু তেওঁ গৱেষণা কৰিছে মানৱ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ভাব-বিনিময়ৰ ওপৰত। আমেৰিকান কোম্পানী আৰু ইউনিভাৰ্ছিটিবোৰে এই দিব্যাংশৰ দৰে বিদ্যাৰ্থীকেই নিযুক্তি দিবৰ বাবে তাল-ফাল লগায়। কিন্তু আমেৰিকাৰ ইমানবোৰ অজ্ঞাত নীতি-নিয়মৰ কথা ভাবি দিব্যাংশই গ্ৰেজুৱেচনৰ পাছত কি কৰিব এতিয়াও সিদ্ধান্ত লোৱা নাই। বোষ্টন কলেজৰ অধ্যাপক তথা জাৰ্নেল অফ ইণ্টাৰনেচনেল ষ্টুডেন্টচৰ মুখ্য সম্পাদক ড০ গ্লাচৰ মতে, ফটফটীয়া ভৱিষ্যতৰ অভাৱৰ বাবে আগন্তুক দিনত দিব্যাংশৰ দৰে বিদ্যাৰ্থীয়ে হয়তো ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ আহিবলৈ দুবাৰ চিন্তা কৰিব, কৰ্মসস্থানৰ কথাটো দুৰতেই থাকিল। যদি তেনে হয় বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লবলৈ বিদ্যাৰ্থীৰ অভাৱে আমেৰিকাৰ উচ্চশিক্ষাৰ অনুষ্ঠানবোৰক বাৰুকৈ জুৰুলা কৰিব। এই ধৰণৰ সমস্যাৰ সমাধান হিচাপে উঠি অহা যুৱ আমেৰিকান, বিশেষকৈ ছাত্ৰী আৰু কিয়ৎ-প্ৰতিনিধি শ্ৰেণীৰ লোকসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ বাট মুকলি কৰা অতি প্ৰয়োজনীয়।
ৰণনীতিৰ অভাৱ :
পৃথিৱীৰ আন আন উন্নত দেশত একোটা সমন্বিত ৰাষ্ট্ৰীয় কৌশল আছে যিটো বিশ্ববিদ্যালয়বোৰলৈ বিদেশী বিদ্যাৰ্থীৰ সোঁত বোৱাই থকাত সহায়ক হয়। আনহাতে আমেৰিকাৰ ক্ষেত্ৰত সেইটো কাম বিশ্ববিদ্যালয়সমূহে নিজাববীয়াকৈ কৰিব লাগে। নতুন প্ৰশাসনৰ এজেঞ্চি অফ্ ইন্টাৰনেচনেল ডেভেলপমেণ্টৰ মুখ্য বিষয়াগৰাকীৰ মতে, গোলকীয় অভিবাসনত আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ এক বিৰাট অৱদান আছে। তেওঁ নতুন ৰাষ্ট্ৰপতিগৰাকীক অনুৰোধ জনায় যে, দেশখনে এতিয়া আৰু আগলৈও পৃথিৱীৰ সকলো দিশৰ পৰাই যুৱ প্ৰতিভাসকলক আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহলৈ আদৰণি জনাই থাকিব বুলি জগতবাসীৰ আগত সদৰী কৰা দৰকাৰ। ৰাষ্ট্ৰপতিজনে ইতিমধ্যেই ঘোষণা কৰিছে যে দেশখনে এটা সমন্বিত ৰাষ্ট্ৰীয় নীতি অনুসৰণ কৰি বিদেশী বিদ্যাৰ্থীক আৰু গৱেষকক আমেৰিকাৰ চৌহদত স্বাগতম্ জনাব। লগতে আমেৰিকান ষ্টাডি এব্ৰৰ্ড আৰু গোলকীয় গৱেষণাক উদগণি দিব বুলিও তেওঁ ঘোষণা কৰিছে। যিদৰে চাৰ্ছ, জীকা অথবা চুৱাইন ফ্লুৰ পাছত বিশ্ববিদ্যালয়বোৰত বিদেশী বিদ্যাৰ্থীৰ নামভৰ্তিৰ গতি সলনি হৈছিল, ঠিক তেনেদৰেই ক’ভিড-১৯-ৰ ঢৌ কমাৰ পাছতো আমেৰিকাৰ শিক্ষানুষ্ঠানত বিদেশী ছাত্ৰৰ নামভৰ্তি লাহে লাহে হ’লেও অতিমাৰীৰ পূৰ্বৰ সমান নহ’লেও বাঢ়িবলৈ লৈছে। ২০২১ চনৰ প্ৰথম ভাগত বিতৰণ কৰা বিদ্যাৰ্থী ভিছাৰ পৰিসংখ্যা সেই একে সময়ত ২০১- ৰ ভিছাৰ প্ৰায় ৮৩%।
এই চাহিদা এক কথাত নতুনকৈ বঢ়া নাই। কিয়নো অতিমাৰীৰ আগতেই চীনদেশৰ বহু বিদ্যাৰ্থীয়ে ভৱিষ্যতে বিদেশত শিক্ষা লোৱাটো ঠিৰাং কৰি ৰাখিছিল, সেই পূৰ্ব বাচনিৰ বাবে তেওঁলোকে দেশৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে অনুপযুক্ত হৈ পৰে। গতিকে তেওঁলোকৰ বিদেশলৈ যোৱাৰ বাহিৰে কোনো বিকল্প নাথাকিল। বহু বছৰ ধৰি ইণ্টাৰনেচনেল ষ্টুডেণ্টৰ বাবে অনলাইন শিক্ষাৰ কথা আলোচনা হৈ আছিল। কিন্তু দুয়ো ফালৰ পৰা অলপ দ্বিধাবোধ আছিল। আমেৰিকাৰ অধ্যাপকসকলে বিশ্বৰ বিভিন্ন স্থানত থকা অচিনাকী শিক্ষাৰ্থীসকলৰ প্ৰতি সিমান আস্থা দেখুৱাব পৰা নাছিল। এতিয়া অতিমাৰীৰ পাছত তেনে ধৰণৰ অজুহাতৰ কোনো অৱকাশ নাই। অতিমাৰীয়ে সকলো অধ্যাপককেই শিকালে কিদৰে দূৰণিবটীয়া অনলাইন শিক্ষাদান কৰিব পাৰি।
শেহতীয়া এক সমীক্ষা মতে বিদেশত শিক্ষা গ্ৰহণৰ ইচ্ছা থকা চীন আৰু মালয়েছিয়াৰ অৰ্ধেকতকৈও বেছি বিদ্যাৰ্থীয়ে জনায় যে তেওঁলোকে নিজ দেশতেই থাকি দুৰণিবটীয়া শিক্ষাৰ মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰাতহে বেছি আগ্ৰহী। উচ্চশিক্ষাবিদ তথা সমীক্ষকসকলৰ মতে আমেৰিকাৰ শিক্ষানুষ্ঠানসমূহে বিদেশত কিছু শাখা চৌহদ মুকলি কৰি এনে এটা মডেল শিক্ষা ব্যৱস্থাৰ তৈয়াৰ কৰিব পাৰে যাৰ জৰিয়তে বিদ্যাৰ্থীসকলে পাঠ্যক্ৰমৰ সাধাৰণ-শিক্ষাৰ ভাগটো নিজ দেশতেই সম্পূৰ্ণ কৰি কেৱল পাঠ্যক্ৰমৰ মেজৰ ভাগৰ বাবেহে আমেৰিকালৈ আহিব পাৰে। এক দ্ৰুতগামী আঁচনিৰে সংক্ষিপ্ত কৰি পাঠ্যক্ৰমৰ ম্যাদ কম কৰিব পৰা যায়। তাৰ বাবে মাত্ৰ এক তালিকা প্ৰস্তুত কৰা দৰকাৰী। এই ধৰণৰ ৰূপান্তৰে আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থীৰ সংজ্ঞা সলনি কৰিব: শিক্ষাব্যৱস্থাটো ভ্ৰাম্যমান হ’ব, বিদ্যাৰ্থী নহয়। কিন্তু এনে ধৰণৰ বিকল্পবোৰে এক প্ৰত্যক্ষ অসুবিধা হ’ল যে, চাৰি বছৰ ধৰি চৌহদত আন্ত:ৰাষ্ট্ৰীয় বিদ্যাৰ্থী নথকাৰ বাবে শিক্ষানুষ্ঠানবোৰৰ এক বৃহত্বৰ ৰাজহৰ নাটনি হ’ব। লগতে বিদেশী বিদ্যাৰ্থীসকলে বিদেশত থাকি শিক্ষা ল’লে যি ধৰণৰ সাংস্কৃতিক আদান-প্ৰদান হ’লহেঁতেন সেইটোৰ পৰা বঞ্চিত হ’ব। একে সময়তে আমেৰিকান বিদ্যাৰ্থীসকলেও বিদেশী বিদ্যীৰ্থীৰ লগত কোঠাৰ-সংগী বা শ্ৰেণীকোঠাৰ-সংগী হোৱাৰ সুযোগ হেৰুৱাব।
বোষ্টন কলেজৰ ড০ গ্লাচে অতিমাৰীৰ পূৰ্বৰ দুটা দশকৰ বিদ্যাৰ্থী-সচলতা পৰিসংখ্যাৰ তথ্য সংগ্ৰহ কৰি দুটা মূল গোটত ভাগ কৰিছে। এটা হৈছে বৃহত্তম দেশ য’ৰ পৰা বিদেশী বিদ্যাৰ্থী আহে - যেনে চীন, ভাৰত, জাপান, দক্ষিণ কোৰিয়া - আৰু আনহাতে বিদ্যাৰ্থীৰ বাবে উচ্চশিক্ষাৰ মূখ্য গন্তব্যস্থল - অষ্ট্ৰেলিয়া ব্ৰিটেইন আৰু আমেৰিকা.।
বিশ্ব-হিতকাৰী :
পিছে সময়ৰ লগত ছবিখন সলনি হ’বলৈ লৈছে। গোটেই পৃথিৱীতে প্ৰতি বছৰে বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা বিদ্যাৰ্থীৰ সংখ্যা ২ নিযুতৰ পৰা ৬ নিযুতলৈ বাঢ়িল, লগতে প্ৰদেশিকতা, সংস্কৃতি তথা ভাষাৰ ভিত্তিত নতুন নতুন জোঁটৰ আবিৰ্ভাৱ আৰু শ্ৰীবৃদ্ধি হৈছে। পূৰ্বৰ ছোভিয়েট ৰিপাব্লিকৰ দেশবোৰৰ পৰা ৰাছিয়া আৰু তাৰ্কীলৈ; লেটিন আমেৰিকাৰ পৰা স্পেইনলৈ; ছাহাৰাৰ নিকটৱৰ্তী দেশবোৰৰ পৰা দক্ষিণ আফ্ৰিকালৈ বিদ্যাৰ্থীৰ সোঁত বৈছে। গতিকে আমি দেখিবলৈ পাইছোঁ বহু দেশেই ব্যাপক হাৰত বিদ্যাৰ্থীৰ আদান-প্ৰদানত জড়িত হৈ পৰিছে। এই গোলকীয় সলনা-সলনি আমেৰিকাৰ হিতাৰ্থে নহ’লেও, সমগ্ৰ বিশ্বৰ বাবে হিতকাৰী। মাথোঁ এটা কেন্দ্ৰই আৰু এটা আলোক-সংকেতে সমগ্ৰ বিশ্বৰ পৰা বিদ্যাৰ্থীক আকৰ্ষণ কৰাৰ ঠাইত আজি বহু সৰু ডাঙৰ আলোক-সংকেতে বিদ্যাৰ্থীক আকৰ্ষিত কৰিবলৈ লৈছে।