নিৰ্মালি নয়নতৰা
চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল
চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা আৰু এজোপা প্ৰকাণ্ড হোলোংগছৰ
প্ৰাচীন ছায়াৰে আৱৰা দেওপুখুৰীৰ পানীত দিনৰ নীলা আকাশখনো প্ৰতিবিম্বিত নহৈছিল৷
দেওপুখুৰীটো আগতে জঁয়াল আছিল৷
দেওচুকৰ ৰত্নৰ পুতেকে হেনো এদিন চকামকাকৈ সেই জলকেলি দেখিছিল৷ পিছদিনা দুপৰীয়ালৈ সি তেজ বঁতিয়াই মৰি থাকিল৷
হয় ? হয়, হয়। একদম
সঁচা কথা৷
বহুত দিনৰ আগতে আকৌ তাত ৰাইজে সমজুৱাকৈ মাছ মাৰিছিল৷ মাছ যিমান উঠিছিল, তাতোকৈ বেছি উঠিছিল সাজ-বাচন৷ ডাঙৰ পিতলৰ টৌ, কেৰাহি, ৰূপৰ দৰে চিকমিকোৱা খন্তি, তামৰ গাগৰি, সোণালী দূণৰি আৰু পিতলৰ একুৰি গিলাছ৷
এইবোৰ কথা সৌ তাহানিৰ পৰাই চলি আহিছে৷ কচুপুখুৰীৰ জেটুলিবুঢ়ীয়েও সৰুৰেপৰাই এই দস্তুৰকে দেখিছে হেনো৷ গাঁৱৰে সত্যৱতীয়ে জেটুলি বুঢ়ীক সুধিছিল,
- “আই তোৰ কিমান বয়স হ’ল ?”
বুঢ়ীয়ে কৈছিল, বৰভূঁইকপ যে আহিছিল, তেতিয়া
মোৰ ডাঙৰজনী ছোৱালীয়েই শান্তি হ’ল৷ তাই তেতিয়া চুকতে আছিল।”
গাঁওখনত দেওপুখুৰীটো যিমান পুৰণি, জেটুলিবুঢ়ী তাতকৈ কিজানি অলপহে কম পুৰণি৷ দেওপুখুৰীটো যিমান জঁয়াল, সাঁচিগছে আগুৰি থোৱা বুঢ়ীৰ ঘৰটোও সিমানেই জঁয়াল৷
বুঢ়ীৰ ঘোলা চকুহাল, ধোঁৱা গোন্ধোৱা মলিয়ন
কাপোৰসাজ, দেওপুখুৰীৰ বোকাময় পানীৰ বিশ্ৰী গোন্ধটো - কোনোবাখিনিত বৰ মিলে, বৰ মিলে৷
এতিয়া দেওপুখুৰীৰ পাৰলৈ যাবলৈ কাৰো বৰ বিশেষ ভয় নালাগে৷ গছ-গছনিবোৰ আগতকৈ সেৰেঙা হ’ল৷ বুঢ়া এজাৰজোপাৰ গুৰিটো উঁয়ে খাই তেনেই ফোপোলা কৰি পেলালে৷ পুখুৰীৰ পাৰত বহি থাকিলে আজিকালি কাৰো গা জিকাৰ খাই নুঠে৷ তথাপি মানুহবোৰ তালৈ নাযায়৷ কোনেও গাঁৱৰ আনবোৰ খালে-ডোঙে বৰশী টোপাই থকাৰ দৰে, ঘৰৰ পুখুৰীত জাল বোৱাৰ দৰে সেই দেওপুখুৰীত বৰশী টোপাবলৈ বা জাল বাবলৈ যোৱাৰ কথা নাভাবে৷
দেওপুখুৰীৰ দেও লগা কথা৷ তাৰ সকলো কথা, সকলো প্ৰবাদ, কিম্বদন্তিয়েই দেওলগা৷
দেওলগা কথাবোৰ তিলোৱেও শুনিছিল৷ তাইৰ গাত তেতিয়া দুমহীয়া লেঠা৷ ভৰতে বিয়া বাৰু কৰাই তাইক টাউনতে ৰাখিছিল৷ গাঁৱত থকা মাকে এদিন আতুৰ হৈ তাক মাতিলে, - “ঘৰৰ ল’ৰা ঘৰলৈ গুছি আহ বোপাই৷ টাউনত কেইটকানো পাৱ? নিজৰ বাৰীতে কোৰ দুচাব মাৰিবি, লাওজোপাত হেঁদালিখন দিবি৷ হৈ যাব আহ৷ তাইকো এতিয়া লগ সংগ লাগে৷”
ভৰত আহিল৷ তিলোও আহিল৷ তাই চাকৰণী মাকৰ জীয়েক হ’লেও টাউনীয়া ছোৱালী৷ মাকে টাউনৰ মানুহৰ ঘৰত বন-বাৰী কৰে, বাপেকে ৰিক্সা চলায়৷ বিয়া হৈ আহি প্ৰথম তাই শাহুৱেকক লগ পালে৷ গোটেই অঞ্চলটোতে তেওঁৰ সমান বয়সৰ মানুহ আন এগৰাকী নাই৷ ভৰত তেওঁৰ পেটমোচা পো৷ তাৰ ওপৰত আঠোটা ককাই-ভাই, বাই-ভনী৷ তাৰে পাঁচোটা মৰি-হজিও শেষ৷ বহু দূৰৈত বায়েক দুজনী আছে৷ বাৰ বছৰৰ মূৰতো এদিন মাকক চাবলৈ আহিব নোৱাৰে৷ তিলোৱে শাহুৱেকৰ চিৰি-চেহেৰা চাই অনুমান কৰিলে, এইজনী আচলতে ‘আইতা’ বুলিব পৰা বয়সৰ মানুহহে!
কথাটো তাই ভৰতক ক’লেও৷
সি অলপ পৰ ভাবি ক’লে, “আই বুলি মাতিবি? এ ...আইতা বুলি নালাগে দে মাতিব৷”
শুনি শুনি তাইৰ দেওপুখুৰীলৈ ভয় নলগা হ’ল৷ বৰঞ্চ লাহে লাহে তাইৰ পুখুৰীটো চাবলৈ মনহে যোৱা হ’ল৷
গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে দেওপুখুৰীৰ নামেই নলয়৷ কিবাকৈ ক’ব লগা হ’লে, ‘সেই তাত’, ‘সৌখিনিত’, ‘সেইডোখৰত’ বুলিহে কয়৷ কওঁতাই কি কৈছে, শুনোতায়ো বুজি-বাজি লয়৷
ভৰত গাঁৱলৈ অহাৰ এমাহমানৰ পাছত মাকে এদিন সি ভাতৰ পাতত থাকোঁতেই গহীনাই ক’লে, “দেওপুখুৰী পাৰৰ মাটিডোখৰত চন্দনে খেতি কৰিবলৈ লৈছে৷ ককায়েৰ কাল হ’ল কি নহ’ল, দেখিছ তাৰ সাহস?”
মাকৰ মাতত লুকাই থকা অক্ষম ক্ৰোধ, যন্ত্ৰণা আৰু নিৰুপায় হাহাকাৰখিনিয়ে তাক অলপ পৰলৈ অসহায় কৰি পেলালে৷ সেইখিনি বাম মাটি তাৰ বাপেকৰ ঘটনৰ মাটি৷ ক’লা চানেকীয়া মাটিটুকুৰাত ধানো ভাল হয়৷ তাৰ বাপেকৰ পাছত ককায়েক দুটাই তাত খেতি কৰিছিল৷ ককায়েক দুটা ক’লাজ্বৰত মৰাৰ পাছৰেপৰা তাত হাল বাওঁতা কোনো নোলাল৷ সিও টাউনত ইটো সিটো কৰি ঘৰলৈ নহাৰ আচিলাত এতিয়া বৰপিতাকৰ পুতেক চন্দনে মাটিডোখৰত খেতি কৰিবলৈ লৈছে৷ যোৱাবেলি ভৰতৰ মাকৰ মুখৰ আগেদিয়েই ভৰা ডাঙৰিবোৰ কঢ়িয়াই সেইডোখৰ মাটিৰ ধান আধিয়াৰে চন্দনৰ ভঁৰালত থ’লেগৈ৷ ভৰতৰ মাক, জেটুলিবুঢ়ী থকথক্কৈ কঁপিছিল৷ সেই কঁপনিয়ে চন্দনৰ গাৰ নোমো নলৰালে।
চন্দনৰ বাপেক ডাঙৰ, ভৰতৰ বাপেক সৰু৷ মাজত সাতজনীকৈ ছোৱালী৷ জেটুলিবুঢ়ীৰ শহুৰেক আপোনভোলা মানুহ৷ বৰপুতেকৰ হাতত মাটি-বাৰীৰ ভাৰ চমজাই গৈছিল৷ কৈ থৈও থৈছিল, “দেওপুখুৰী পাৰৰ মাটিখিনি সৰুক নামজাৰি কৰাই দিবি৷”
সেইমতে চন্দনৰ বাপেক জীয়াই থকালৈকে ভৰতৰ বাপেক, ককায়েক সকলোৱে সেই মাটিত খেতি কৰিলে, ধান চপালে, চন্দনৰ বাই ভনীবোৰেও কেতিয়াবা মনৰ হাউচত তাত ভূঁই ৰুলে৷ কিন্তু ভৰতৰ বাপেকে কোনোদিনেই মাটিখিনি নিজৰ নামলৈ তুলি লোৱাৰ কথা নাভাবিলে৷ ভাবিছিল চাগৈ, ককাই-ভাইৰ মাটি৷ মুখৰ কথাই সাৰ৷ কিহৰ নো নামজাৰি-চামজাৰি? এতিয়া যেনেকৈ কৰিছে, আগলৈকো কৰিব!
দুই ককাই-ভাই মৰি ভূত হ’ল৷ মাটি চন্দনৰ বাপেকৰ নামতে থাকিল৷ খেতি ভৰতৰ বাপেকে কৰিলে৷ মণ্ডলৰ ওচৰলৈ যোৱাই নহ’ল৷ ভৰতৰ ককায়েকহঁতো মৰিল, সিও গাঁৱত নোহোৱা হ’ল৷ চন্দনৰ কলিজাত যেন ভীমৰ সাহসহে বাঢ়িল! আধিয়াৰক কৈ সি তাত হাল নমালে। চন্দনে হাল বোৱাই মৈয়াই ন ভূঁইৰে ভৰাই পেলোৱা নিজৰ ভাগৰ মাটিখিনিলৈ চাই চাই জেটুলিবুঢ়ীয়ে নিজৰ ঘৰতে আহত বাঘিনীৰ দৰে গুজৰি গুমৰি থাকিল৷
“দেশত নিয়াই-অনিয়াইৰ চিন নোহোৱা হ’ল।” - বুঢ়ীৰ ঘোলা চকুৰে বৈ অহা চকুপানীয়ে দুগাল তিয়াই পেলোৱা দেখি দুই-এক গঞাই স্বগতোক্তি কৰিলে৷ সিহঁতেও জানে, বুঢ়া হোৱাখিনিৰ দুই-একে শুনিছিলেও, জেটুলিৰ শহুৰেকে মৃত্যুশয্যাতো সেই মাটি ভৰতৰ বাপেকক দিবলৈ কৈ গৈছিল! কিন্তু চন্দনক ফেপেৰি পাতি ধৰিবলৈ কাৰো যোত্ৰ, প্ৰয়োজন বা সাহস নাই৷ ঘাই ঘৰৰ ঘাই কথা৷ কোনে কোৰে কাটি গ্ৰহণী চপাই লয়?
বুঢ়ীয়ে সাঁচি গছেৰে আৱৰা জঁয়াল ঠাইডোখৰত সজা ঘৰটোৰ পিৰালিত হুৰাওৰাৱে কান্দে আৰু কান্দে৷ এদিন চুবুৰীৰে বসন্তই সহিব নোৱাৰি ভৰতলৈ চিঠিকে লিখিলে, "তই আহ৷ মাৰজনীৰ গতি নাইকিয়া হৈছে৷”
মাকেও আন কাৰোবাৰ হতুৱাই লিখালে, “ঘৰৰ ল’ৰা ঘৰলৈ আহ বোপাই৷”
ভৰত আহিল, লগত তিলো৷ লগত সিহঁতৰ দুমহীয়া লেঠা৷
সাঁচি গছবোৰত পোকে ধৰিছিল৷ বেচিব পৰা যায়৷ টাউনৰ চিনাকি মানুহ এঘৰত সি গছবোৰ বেচি দিলে৷ কাইলৈ কেঁচুৱা এটা হ’ব৷ তাক ৰ’দ এচেৰেঙা লাগিব, খেলিবলৈ বহল চোতাল এখন লাগিব৷ লাগনি গছ আৰু আম-অমিতা দুজোপামানো ৰুব লাগিব৷ টকা-পইচা দুটা মানো লাগ বুলিলেই পোৱাতে লাগে৷ গছ বেচা টকাকেইটা তুলিৰ তলত থৈ সি বৰপিতাকৰ ঘৰলৈ ওলাল৷
চন্দন নাছিল৷ চন্দনৰ ঘৈণীয়েকে তাক চোতালৰপৰাই ঘূৰাই পঠিয়ালে৷
“ভালনে বৌ” -বুলি সি
সুধিছিলহে৷ তেতিয়ালৈ তাই কিজানি পিছ বাৰাণ্ডাই পাইছিলগৈ৷
তাৰ পাছত কেইবাদিনো সি চন্দনৰ চোতালৰ পৰাই উভতি আহিল৷ এদিন ক’ৰবাৰ পৰা উভতি অহা চন্দনক সি বাটতে পাই ৰখালে৷ “ককাইদেউ কথা এটা” বুলি মুখ মেলোঁতেই চন্দনে ক’লে,
- “ঘৰলৈ যাবি৷ বাট আগচি
ধৰি মোক কথা ক’বলৈ নাহিবি৷”
অসহনীয় ক্ৰোধ আৰু অপমানত হাতৰ মুঠি বান্ধি ভৰত ঘৰলৈ ঘূৰি আহিল৷ জেঠমহীয়া গৰম আৰু খঙত সি জ্বৰ ঘমাদি ঘামিলে৷ সিদিনা ঢাঁহি-মুহি নিয়াকৈ বতাহ বলিল৷ বৰষুণো আহিল৷ ৰাইজে কঠিয়াৰ টোমবোৰ ভঁৰালৰ পৰা নমাইছিলেই৷ কি কৰোঁ কি নকৰোঁকৈ সি পিৰালিতে বহি থাকিল৷
মাটিৰ এবেগেত তলিলৈকে জীপ পোৱাকৈ বৰষুণে কলহৰ কাণে ঢলাদি পানী ঢালিলে৷ পিৰালিতে তিতি-বুৰি জুৰুলি জুপুৰি হৈ ভৰত বহিয়েই থাকিল৷
পাছদিনা দেওপুখুৰী পাৰৰ মাটিটুকুৰা সি চাই আহিলগৈ৷ তাৰ পাছদিনা, তাৰ পাছদিনা, তাৰ পাছদিনাও সি গ’ল৷
বহুত মানুহে দেখিলে, উঁয়েখোৱা এজাৰজোপাৰ
কাষেদি লুংলুঙীয়া বাটটোৰে সি বলিয়াৰ দৰে পথাৰলৈ ঢাপলি মেলিছে৷ কোনোবাই দেখিলে,
চতিয়নাজোপাৰ তলত সি আমন জিমনকৈ বহি আছে৷ মানুহবোৰে লাহেকৈ কঠিয়াৰ
টোমবোৰ ভঁৰালৰ পৰা নমাইছিল৷ কোনোৱে কঠিয়ানিত জেওৰা-জপনা দি খেতিলৈ সাজু হৈছিল৷ পথাৰ
জুৰি বৰষুণৰ পানী উপচি পৰা দেখি মানুহবোৰ যিমানে
উল্লসিত হৈছিল, ভৰতৰ সিমানে দুখ লাগিছিল, সিমানে খং উঠিছিল৷
তাৰ গোমোঠা মুখখন দেখিলে তিলোৰ ভয় লাগে৷ তাই ৰাতি তাৰ সোঁহাতখন তাইৰ পেটত লগাই কয়,
“আমাকনো সেইচপৰা মাটি কেলেই লাগিছে? আমি
জামুতলৰ মাটিডোখৰতে খেতি কৰিম দিয়ক৷”
দেওপুখুৰী পাৰৰ মাটিডোখৰ ভাল, ধান ভাল হয়৷ অকল ফচল ভাল হোৱাৰ বাবেই নহয়, তাত ভৰতৰ মৃত বাপেক, ককায়েকহঁতৰ দেহৰ তেজ, কপালৰ ঘাম মিহলি হৈ থকাৰ আৱেগ আছে৷ ককাকে ভৰতৰ বাপেকক মৃত্যুশয্যাতো হেনো কৈছিল, “ককায়েৰৰ নামত মাটি আছে৷ তোক দিব৷ মই কৈছোঁ৷”
মাটিডোখৰত ভৰতৰ বাপেকে হাল জুৰিলে, খেতিৰ ধানো মৰণৰ কাললৈকে খালে৷ কিন্তু নামজাৰি নহ’ল যি নহ’লেই৷
ভৰতৰ কপালৰ শিৰা, হাতৰ মুঠি টনটনাই উঠে৷ তেনেকুৱা টনটনীয়া হাতৰ মুঠিত দা এখনৰ সৈতে, কান্ধত কোৰ এখন লৈ সি এদিন পুৱাতে দেওপুখুৰী কাণৰ মাটি ডোখৰ পালেগৈ৷
তিলোৱে সুধিছিল, “যাব জানো?”
সি ক’লে, “যাম৷”
তাৰ উত্তৰৰ দৃঢ় কঠিন প্ৰত্যয়ত তিলোৰ
ভয় ভয় লাগিছিল৷
সি পিছে গ’ল৷
মাটিডোখৰত পানী জমা হৈছে৷ হাল নমাবই
পাৰি৷ চহাই-মৈয়াই হয় মানে ৰুবলৈ কাৰোবাক কঠিয়াৰ কথাও কৈ থ’ব পাৰি৷ মাটিডোখৰলৈ চাই সি উঁয়ে খোৱা এজাৰজোপাৰ তলতে বহি থাকিল৷ অলপ আঁতৰলৈ
থকা সোণাৰুজোপাৰ তলত তাৰ বুঢ়ীমাকৰ মৰিশালি৷ বুঢ়ীমাকে আগতে ভাওনা-সকাম, বিয়া-বাৰু য’লৈকে নাযায় চন্দনক লৈ যায়৷ কোলাত বহুৱাই
বিচনীৰ বা দি থাকে৷ ভৰতে কেতিয়াবা বহিব খুজিলে সি ঠেলা মাৰি দি কয়, “গুচ,ক’লী মাৰৰ পিতেক৷”
ভৰতে কান্দে, সি ভাবে আইতাকে চন্দনক ডবিয়াব৷ কিন্তু তাৰ বুকুত ঘা লাগি যোৱাকৈ আইতাকে লা-ৰে ক’লা কৰা দাঁতসোপা নিকটাই হাঁহে৷ সেই মৌন, ক’লা, বীভৎস হাঁহিটো তাৰ মনত আছে৷ গিয়াতালি ভোজলৈ গ’লে, ৰাইজৰ কাজ-কৰ্মলৈ গ’লে বুঢ়ীমাকে অনা প্ৰসাদ-পকামিঠৈৰ টোপোলাটোৰো সৰহখিনি চন্দনে পায়৷
দুপৰীয়া ভৰত ঘৰলৈ নাহিল৷ তিলোৰ উচপিচনি দেখি জেটুলিবুঢ়ীৰো মনটো কিবাখন কৰিলে৷ গৰৈমাছ এটা পুৰি তাতে খৰিছা অকণ দি গৰম ভাত দুটামান লৈ তিলো পথাৰলৈ যাব খুজিলে৷ বুঢ়ীয়ে ক’লে,
‘ৰহচোন নেলাগে যাব৷ আবেলি
সি আহি ওলাবহিয়ে৷’
ভৰত আবেলিলৈেক ঘৰ নোলালহি৷ তিলোৰ উচপিচনিখিনি ছটফটনিলৈ পৰিণত হ’ল৷ বুঢ়ীয়ে কি ক’ব-নক’ব ভাবিবলৈ এৰি তিলো বাটলৈ ওলাই গ’ল৷ গোমা বতৰটোৱে যেন তাইৰ উশাহ বন্ধ কৰি পেলাব খুজিছে৷ কিবা এক অজান আশংকাত ধৰফৰাই উঠি জেটুলিয়েও তিলোৰ পিছে পিছে কুকুৰলৰ দিবলৈ ধৰিলে৷
এই বৰষোঁ, এই বৰষোঁকৈ থকা মেঘাছন্ন আকাশখনে দেখিলে, গাঁৱৰ বোকাময় বাটেৰে দুজনী নিমাখিত মানুহ দেওপুখুৰী পাৰলৈ বুলি খোজ দিছে৷ বৰষিবলৈ ৰৈ থকা বৰষুণজাক থমকি ৰ’ল৷ দেওপুখুৰী পাৰত মানুহৰ জুম৷ গুণগুণনি, ভুনভুননি, চেপা আৰ্তনাদেৰে থমথমীয়া পৰিৱেশ৷
তিলো আৰু জেটুলিক দেখি কোনোবাই আটাহ
পাৰি উঠিল, “আহ
ঐ তিলোত্তমা, এইপিনে আহ!”
জেটুলিবুঢ়ীয়ে তিলোক ক’লে,- “নাযাবি৷ তাত জলকোঁৱৰৰ সোণৰ নাও ওলাইছে চাগৈ! তই গা-ভাৰী মানুহজনীয়ে সেইবোৰ চাবলৈ গ’লে কিবা দায়-দোষ লাগিব! আমি জৰীতলৰ বাটটোৰে পথাৰলৈ যাম ব’ল।”
বুঢ়ীয়ে ক’লেহে হয়৷ কিন্তু আশংকা আৰু উত্তেজনাত থৰক-বৰক খোজেৰে তাই মানুহৰ জুমটো ফালি আগ বাঢ়িল৷
দেওপুখুৰীৰ মহিমা অপাৰ৷ সাধাৰণ মানুহে তাৰ কি পাৰ পাব? পাৰ নোপোৱা মহিমা নুবুজা বুঢ়ীয়ে দেখিলে, চতিয়না তলত সেয়া জলকোঁৱৰৰ ভগা ছিগা সোণৰ নাও!
হয় হয়, জলকোঁৱৰৰে নাও৷ সেয়েতো
পানীত তিতা, বোকা লগা সেই নাৱৰ শৰীৰ! বুঢ়ীয়ে মুমূৰ্ষু পাৰ
এজনীৰ দৰে ধৰফৰাই সেই ভগা নাৱৰ গাত ঢলি পৰিল৷
জলকোঁৱৰৰ নাও, জলকোঁৱৰৰ নাও৷ উস নহয় নহয় ...!
ৰাইজখন অ', এইটোচোন মোৰ পোণাটোৰ গা!
মূৰটো বিচাৰি দিয়ক দৌতা ঈছৰসকল৷ তাৰ
চকুৰ মণিটো দেখিলেই মই বুজি পাম তাক কোনে মাৰিলে৷ এইখন নাও হে নহয়নে তিলো? ভগা নাও?
তিলোক মাইকী মানুহ দুজনীমানে সাবট মাৰি থৈছিল৷ তাই চুঁচৰি যোৱাদি গৈ চতিয়না তল পালেগৈ৷ এইটো মানুহৰ গাত মূৰটো নাই৷ তাৰ কটা ডিঙিয়েদি বোৱা তেজৰ এটি সুঁতি বৈ গৈ পুখুৰীত পৰিছেগৈ৷ এইটো মানুহ ভৰত নহয়৷
কেনেকৈ হ’ব?
তিলোৱে মানুহটোৰ হাত এখন তুলি তাইৰ পেটত লগাই দিলে৷ চিৰপৰিচিত স্পৰ্শটো পাই পেটৰ সন্তানটো লৰ-চৰ কৈ উঠিল৷
তিলোৱে বুজিলে, এইটো ভৰত৷
ভৰতেই হয়৷ ৰাতিপুৱা কোৰখনে দাখনে লৈ
ওলাই অহা, তাইৰ
মানুহটো৷ তাইৰ অজন্মা সন্তানৰ পিতৃ এই মূৰ নোহোৱা শৰীৰটো৷ তাই কেঁকো-জেকোকৈ উঠি
উঁয়েখোৱা এজাৰজোপাৰ পিনে উঠি গ’ল৷ ক’লাচানেকীয়া
মাটিডোখৰতো তেজ৷ ডেকা মানুহ এটাৰ তেজ সেয়া৷
বৰষুণজাকে কথাটো সহিব নোৱাৰিলে৷ দপদপাই বৰষুণ দিবলৈ ধৰিলে৷ ন-কৈ দিয়া আলি আৰু চতিয়না তলৰ তেজবোৰ বৰষুণৰ পানীয়ে পথাৰত, পুখুৰীত মিলাই দিলে৷
বহুদিনলৈ গাঁওখন নিমাওমাও হৈ থাকিল৷
দেওপুখুৰীয়ে কোনোদিনেই মানুহ লোৱা
নাছিল৷ এইবাৰ ভৰতক ল’লে৷ জলকোঁৱৰৰ দায় লাগিল তাৰ৷ সি চতিয়না তলত বহি বহি থকা হৈছিল
নহয়! কিবা গুপ্তধনৰ সম্ভেদ পাই নিজৰ জোলোঙাত ভৰাইছিল চাগৈ সি! নহ’লে নতুন চাইকেলখন, ঘৰৰ টিনপাতকেইচলা কিনিবলৈ ক’ৰপৰা টকা পালে সি?
ৰাইজে জেটুলিবুঢ়ীৰ চোতালতে চন্দনৰ দহা-কাজ খালে৷ গিয়াতালি ভোজৰ দিনাও আটায়ে পাতত বৰ এছটা এছটা কাৱৈ মাছ পালে৷
জেটুলি আৰু তিলো দুয়োজনীয়ে ইজনীয়ে সিজনীক দেখিলেই চক্ খাই উঠাকৈ নিজৰ কোঠাতে অকলে অকলে সোমাই থাকিবলৈ ল’লে৷ দহা-কাজ যোৱাৰ পাছত জেটুলিয়ে জামুতলৰ মাটিকণত খেতি কৰাবলৈ আধিয়াৰ বিচাৰি গ’ল৷
আধিয়াৰে ক’লে, “খেতিটো আমি এনেয়েও কৰিমেই। চন্দন ককাইদেৱে টকা-সিকা দিছিলেই৷”
জেটুলি ঘৰলৈ ঘূৰি আহিল৷ তাই তিলোক সুধিলে, “মই কামলৈ ওলাই গ’লে তই সাৱধানে থাকিবি৷ ভয় নকৰিবি।কৰিবি নেকি?”
তিলোৱে মূৰ জোঁকাৰিলে৷
জেটুলিয়ে সোতোৰা পৰা দুহাতেৰে সমস্ত
শক্তিৰে দা এখন ধৰাই তিলোক দি পথাৰত হাজিৰা কাম কৰিবলৈ গ’ল৷
পথাৰতে তাই আৰ-তাৰ মুখৰপৰা এদিন শুনিলে, জামুতলৰ মাটিডোখৰতো চন্দনৰ বাপেকৰ নামেই আছিল৷ যোৱাবেলি সি নিজৰ নামত তুলি ল’লে৷
**** **** ****
- “তাৰপাছত আইতা?”
বেৰৰ জলঙাৰে সোমাই অহা চ’তমহীয়া জৰজৰকৈ বলা বতাহত কঁপি উঠা চাকিৰ ৰঙা আগটোলৈ চাই জেটুলিয়ে স্বগতোক্তি কৰিলে,- “তাৰ পাছত তিলোও পথাৰলৈ যাবলৈ ধৰিলে। তোক থৈ যায়৷ মোৰ লগতে থাক তই৷ এদিন তাই ধান দাবলৈ গৈ নহাই হ’ল৷ মই তোক ফটাকানিৰে মেৰিয়াই বিচাৰি গ’লো৷”
- “তেতিয়াই তই জলকুঁৱৰী দেখিছিলি ন আইতা? মই সোণেছৰীক কওঁতে তাই বিশ্বাসেই নকৰে৷ কেনেকুৱা দেখিবলৈ জলকুঁৱৰী আইতা?”
জেটুলিয়ে ঘোলা চকুহালৰ দৃষ্টি চাকিৰ শিখাটোত থৈ বিৰবিৰালে- “বালিৰে চকচকীয়াকৈ ঘঁহা তামৰ কলসীৰ দৰে নিমজ মইনা৷ জলকুঁৱৰীৰ গা তৰা গজালিৰ নিচিনা৷ কোমল, মোটোকালেই ভাঙে৷”
জেটুলিয়ে নক’লে, সিদিনা চতিয়না তলত তাই সাপে ভেকুলী গিলাৰ খেল খন দেখিছিল৷ আৰু দেখিছিল, ভৰতৰ তেজলগা মাটিকণ যন্ত্ৰণাত কেঁকাই উঠা তিলোৱে খামুছি ধৰিছে৷ তাইৰ লগত সেইটো চন্দন, হয় হয়! চন্দনেই আছিল৷
বুঢ়ীয়ে কিংকৰ্তব্য বিমূঢ় হৈ তাৰ
পিঠিতে এক গোৰ শোধাইছিল৷ সিও সমস্ত শক্তিৰে বুঢ়ীক গতিয়াই দিছিল৷
এহাতে কেঁচুৱা, আনহাতে তিলোক ধৰি ঘৰমুৱা বুঢ়ীয়ে ফুচফুচাইছিল,- “দেওপুখুৰীৰ পাৰলৈ নেযাবি তিলো৷ জলকোঁৱৰৰ দায় লাগে৷”
- মই যোৱা নাছিলোঁ আই৷ মোক চোঁচৰাই নিছিল৷ জলকোঁৱৰে নহয়, পিশাচে৷
জেটুলিৰ এতিয়া ভয় নেলাগে৷ মাত্ৰ তাইৰ বুকুখন কঁপি উঠে৷ কিমান দিন? কিমান দিন তাই বুকুৰ সঁজাত ভৰাই মইনাক আতোলতোল কৈ চাই থাকিব পাৰিব?
মইনাই জেটুলিক সাৱটি ধৰিলে,- “নেযাওঁ আইতা৷ দেওপুখুৰীৰ কাষ পালেই মই দৌৰ মাৰোঁ৷ নহ’লে ইচৰক মাতোঁ৷”
মইনাই নক’লে, পৰহি জানকী জেঠাইৰ ঘৰলৈ গৈ থাকোঁতে দেওপুখুৰী কাণৰ বাঁহনিডৰাৰ পৰা ভুমুক কৈ ওলাই আহি চন্দন বৰপিতায়েকৰ সৰুটো পুতেকে তাইক কৈছিল, - “পেনটো খোলচোন মইনা, দুটকা দিম৷ খোল, খোলচোন৷ দুটকা দিম৷”
মইনাই ভাবিলে, আইতাকক তাই কটাৰী এখন ধৰাই দিবলৈ ক’ব৷
জেটুলি বুঢ়ীয়ে সিদ্ধান্ত ল’লে,- তিলোক ধৰাই দিয়া দা খনত নতুন গপচ নাল এটা লগাবলৈ হ’ল৷ সেই নাল ধৰি ধৰি মইনাৰ হাতখনকে টান হওক৷
হাতখন লো যেন টান হ’লেও মইনাই দা খন লৈয়ে ফুৰিব৷ দা,কটাৰী হাতত থাকিলে ভূত পিশাচে আসৈ পালেও মানুহে নেপাব !
ফোন: ৭০০২৭৯৪২৩৯