অন্যযুগ/


দেশৰ আৰ্থিক দুৰ্গতি

সঞ্জীত কুমাৰ বৰদলৈ


আমাৰ দেশ তথা ৰাজ্যখনৰ আৰ্থিক অৱস্থাটোৰ উমান পাবলৈ অৰ্থনীতিৰ পৰিসংখ্যা চোৱাৰ প্ৰয়োজন নাই৷ চৌপাশৰ পৰিমণ্ডলটো চালেই সকলো স্পষ্ট হ’ব৷ মূল্যবৃদ্ধি অভাৱনীয় হাতৰ হৈছে, স্থবিৰ হৈ পৰিছে বজাৰ-ব্যৱসায় আৰু সংকুচিত হৈ আহিছে উপাৰ্জনৰ ক্ষেত্ৰসমূহ৷ উন্নয়নমূলক কাম-কাজ থমকি ৰৈছে৷ দৰিদ্ৰ-মধ্যবিত্তই হাহাকাৰ কৰিব লগা হৈছে৷ গতিকে অৰ্থনীতিৰ গ্ৰাফডাল কোন দিশে গৈছে সেই কথা বুজিবলৈ তেনেই সহজ৷ ৰাজনৈতিক নেতাসকলে যিমানেই ঢাক-ঢোল বজাই নাথাকক, আমাৰ অৰ্থনীতি যে একেবাৰে নিম্নগামী হৈছে সেই কথা লুকুৱাব নোৱাৰে৷ আৰ্থিক সমৃদ্ধিহে সমাজৰ আচল চালিকাশক্তি৷ দেশৰ আৰ্থিক ব্যৱস্থা যিমানেই দুৰ্বল হ’ব সিমানেই সমাজত অৰাজকতা আৰু বিশৃংখলতা বৃদ্ধি পাব৷ তাৰ কিছু প্ৰতিফলন ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ৷ যিয়ে আমাক চিন্তিত কৰিছে, উদ্বিগ্ন কৰিছে৷
নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই কেইটামান সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল৷ সেইবোৰৰ ভিতৰত জি এছ টি, বিমুদ্ৰাকৰণ আদি অন্যতম৷ এনেবোৰ পদক্ষেপে আমাৰ অৰ্থনীতিক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল৷ আশা কৰা হৈছিল তেনেবোৰ পদক্ষেপে সাময়িকভাৱে কিছু বিৰূপ প্ৰভাৱ পেলালেও তাৰ সুফল আমি যথাসময়ত পাম৷ কিন্ত ঠিক তেনে সময়তে আহিল অতিমাৰী৷ ভাৰত চৰকাৰে যিমানেই অতিমাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফলতাৰ ঢোল নবজাওক কিয়, বিশেষকৈ প্ৰথম বছৰত ক’ৰনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছিল৷ সি যি হওক, অতিমাৰীয়ে আমাৰ অৰ্থনীতিক কোঙা কৰি পেলালে৷ দেশৰ জি. ডি. পি.-ৰ হাৰ অধোমুখী কৰি পেলালে৷ অৱশ্যে কেৱল আমাৰ দেশতে নহয়, সমগ্ৰ বিশ্বকে অতিমাৰীয়ে গভীৰভাৱে ক্ষতিগ্ৰস্ত কৰিলে৷ অতি স্বাভাৱিকতে আমাৰ দৰে দৰিদ্ৰ তথা উন্নয়নশীল দেশক অতিমাৰীয়ে বেছি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে৷ এতিয়াও আমি অতিমাৰীৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই৷ দেশৰ নাগৰিকক ভেক্‌চিন দি ক’ৰনাক প্ৰতিৰোধ কৰাৰ বাহিৰে আন উপায় নাই৷ এশ চল্লিছ কোটি (চলিত বষৰ্ত হবলগীয়া লোকপিয়ল এতিয়াও হোৱা নাই। গতিকে এই সংখ্যাটো প্ৰক্ষিপ্তহে, প্ৰামাণিক নহয়) বিশাল জনসাধাৰণক ভেক্‌চিন দিয়াটো বৰ সহজ কথা নহয়৷ তাৰ বাবে বিশাল অংকৰ ধনৰাশিৰ প্ৰয়োজন৷ সমান্তৰালভাৱে আমাৰ দেশে চীন দেশৰ আগ্ৰাসী মনোভাৱৰ সৈতেও মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হ’ব লগা হৈছে৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে পান ইছলামিক মৌলবাদী শক্তিবোৰৰ গতিবিধিকো লক্ষ্য কৰি থাকিব লগা হৈছে৷ এনেবোৰ প্ৰত্যাহ্বানৰ মাজতে নিজৰ শাসন তথা দলীয় ৰাজনীতিৰ অংকবোৰো কৰিব লগা হৈছে৷ এই সকলো মিলি আমাৰ আৰ্থিক ব্যৱস্থাটো কোঙা হৈ পৰিছে আৰু তাৰ দুৰ্ভাগ্যজনক ফল দেশৰ দুখীয়া মধ্যবিত্তই বহন কৰিব লগা হৈছে৷ মন কৰিব লাগিব, অতিমাৰীয়ে দেশৰ সৰ্বসাধাৰণ ৰাইজক সকলো ফালৰপৰা জুৰুলা কৰাৰ সময়ত দেশৰ আগশাৰীৰ মুষ্টিমেয় পুঁজিপতি কেইজনমানৰ লগতে শাসকীয় দলৰ বাঘা বাঘা নেতাসকলৰ সা-সম্পত্তিৰ পৰিমাণ কেইবাশ গুণ বৃদ্ধি পালে!
অসমৰ আৰ্থিক অৱস্থাটো আৰু অধিক উদ্বেগজনক হৈ পৰিছে৷ আৰ্থিক অৱস্থাটো যেতিয়া দুৰ্বল হৈ থাকে, তেতিয়া প্ৰথমে কৰণীয় হৈছে ব্যয় সংকোচন কৰা৷ অৰ্থাৎ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা৷ কিন্তু ৰাজ্য চৰকাৰৰ কৰ্মকাণ্ডত তেনে দৃষ্টিভংগী চকুত পৰা নাই৷ বিগত তিনিবছৰ ধৰি ৰাজ্য চৰকাৰে বিভিন্ন উসৰপৰা লোৱা কেৱল ঋণৰ সুদৰ বাবদ ১৪,৪৩৭ কোটি টকা খৰচ কৰিব লগা হৈছে৷ চলিত বৰ্ষতো কেৱল সুদৰ বাবদ ৰাজ্যখনে ৬,৪৯৮ কোটি টকা দিব লাগিব! ২০২০-২১ বৰ্ষলৈকে অসম চৰকাৰৰ তথা ৰাজ্যখনৰ ধাৰৰ বোজা হৈছেগৈ ৭৯,৭৫৫ কোটি টকা! বৰ্তমানে অসম চৰকাৰে আকৌ ১৮ হাজাৰ কোটি ঋণ লোৱাৰ প্ৰস্তুতি চলাইছে৷ ২০১৫-১৬ অৰ্থাৎ বিজেপি দলে দিছপুৰ দখল কৰাৰ আগলৈকে অসমৰ মুঠ ধাৰ আছিল ৩৫,৬৯০ কোটি টকা৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মাত্ৰ ৫ বছৰীয়া আৰু ৫ মাহৰ শাসন কালত ৰাজ্যখনৰ নতুন ধাৰৰ বোজা হৈছেগৈ ৪৪,০৬৫ কোটি টকা! আকৌ ১৮০০০ কোটি ঋণ ল’লে অংকটো আৰু বৃদ্ধি পাব৷ গতিকে আমাৰ ৰাজ্যখন কোন দিশে গতি কৰিছে সেই কথা উপলব্ধি কৰিবলৈ এই সৰল পাটীগণিতৰ তথ্যই দিনৰ পোহৰৰ দৰে সকলো স্পষ্ট কৰে৷ আন কিবা ব্যাখ্যাৰ প্ৰয়োজন আছে জানো?
এতিয়া কথা হৈছে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী তথা পূৰ্বৰ চৰকাৰৰ ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এনে আৰ্থিক দুৰ্গতিৰ পৰা ৰাইজক কিদৰে সকাহ প্ৰদান কৰিব? কিদৰে তেওঁ ৰাজ্যখনৰ আৰ্থিক দিশটো টনকিয়াল কৰিব? কোনো সন্দেহ নাই, তেওঁ কিছুমান কঠোৰ সিন্ধান্ত ল’ব লাগিব৷ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে হিতাধিকাৰী ৰাজনীতি পৰিহাৰ কৰিব লাগিব৷ একেবাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৰ ক্ষেত্ৰত কিছু কল্যাণকামী আঁচনি অৱশ্যে চলি থাকিব লাগিব৷ কিন্তু ইতিমধ্যে চৰকাৰীভাৱে আগ বঢ়াই অহা বিনামূলীয়া সা-সুবিধা যথাসম্ভৱ সংকুচিত কৰিব লাগিব৷ তাৰ পৰিৱৰ্তে লঘু আৰু মজলীয়া উদ্যোগ গঢ়ি তুলি সংস্থাপনৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰিব পাৰিব লাগিব৷ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় কৰাসকলক সকাহ প্ৰদান কৰি তেওঁলোকক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰি উৎসাহিত কৰিব লাগিব৷ কৃষি, মৎস্য, পশুপালন, ৰেচম-বয়ন আদিৰ দৰে কুটীৰ শিল্পসমূহক অধিক গুৰুত্ব প্ৰদান কৰি ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিক সবল কৰি তুলিব লাগিব৷ ৰাজ্যখনত বৃহৎ উদ্যোগপতিয়ে বিনিয়োগ কৰিব পৰাকৈ প্ৰয়োজনীয় পৰিমণ্ডল তথা আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব৷ আমাৰ কৃষকসকলৰ ধান তথা উৎপাদিত ফচলৰ যাতে উপযুক্ত বজাৰ আৰু মূল্য পায় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাক অধিক গতিশীল কৰি তুলিব লাগিব৷
১৮৫২-৫৩ চনৰ মিলছৰ ৰিপৰ্টত তেতিয়াৰ মূল অসমৰ আৰ্থিক দিশটো সুন্দৰকৈ উল্লেখ আছে৷ সেই সময়ত অসমত মুঠতে জিলা আছিল ছখন- কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ আৰু গোৱালপাৰা৷ মুঠ জনসংখ্যা আছিল মাত্ৰ ১২ লাখ (১২,০১,১৫১ জন) ৷ ১৮৫২-৫৩ চনত সেই অসমৰ মুঠ ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ৯,১৩,৪৯৮ টকা৷ মুঠ খৰচৰ পৰিমাণ আছিল ৬,২৪,৭৮৫ টকা৷ অৰ্থাৎ বাজেট ৰাহি হৈছিল ২,৮৮,৭১২ টকা৷ দেশ স্বাধীন হোৱাৰ সময়তো বিত্তীয় দিশত অসমৰ স্থান দেশৰ ভিতৰতে আগফালেই আছিল৷ কিন্ত আজি আমি যি সময়ত স্বাধীনতাৰ ৭৫ বছৰীয়া উৎসৱ পালন কৰিবলৈ লৈছোঁ আমাৰ ৰাজ্যৰ স্থান দেশৰ ভিতৰত তলফালৰ পৰা তৃতীয় বা চতুৰ্থ স্থানত আছে! একে সময়তে আমাৰ দেশক চেৰ পেলাই চুবুৰীয়া বাংলাদেশ, ম্যানমাৰ, ভূটান আদি সৰু দেশৰ আৰ্থিক বিকাশৰ হাৰ বেছি হৈছে! ক্ৰমবৰ্ধমান আৰ্থিক অসমতা, শোষণ, বঞ্চনা তথা এচাম পাবত গজা, অকৰ্মণ্য আৰু অদূৰদৰ্শী ৰাজনৈতিক নেতাৰ কুটিল ৰাজনীতিয়ে দেশখন তিল তিলকৈ জুৰুলা কৰিব ধৰিছে৷ এইদৰে যদি দেশৰ আৰ্থিক অৱস্থা ধ্বংস হৈ গৈ থাকে তেন্তে অনাগত সময়ত দেশত গৃহযুদ্ধৰ সুচনা হ’লেও আচৰিত হ’ব লগা একো নাথাকিব৷

ভ্ৰাম্যভাষ : ৯৮৫৪৬০৪৩৬৬

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ