কৰৱী
বৰ্মন কলিতা
ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস,
যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।
পৰম্পৰাগতভাৱে ভাৰতীয় ধৰ্ম শব্দটো সংস্কৃত শব্দ৷ এই
শব্দটো সংস্কৃত ধাতু ‘ধৃ’-ৰ পৰা আহিছে বুলি পণ্ডিতসকলে কয়৷ ‘ধৃ’ মানে ধাৰণ কৰা৷ যি
ধাৰণ কৰি ৰাখে, সিয়েই ধৰ্ম৷ ধৰ্মই মানুহক এক সহজ-সৰল জীৱন যাপন কৰাৰ মাৰ্গ দেখুৱায়৷
বিশ্বাস হ’ল ধৰ্মৰ এটা অপৰিহাৰ্য উপাদান৷ এই বিশ্বাসৰ
মাধ্যমেৰেই সন্দেহক দূৰীভূত কৰি মানুহে তৈয়াৰ কৰি লৈছে এখন ধৰ্মীয় জগত। মানুহৰ নিৰল,
অকলশৰীয়া ক্ষণত বহুতো ভাব মনলৈ আহে আৰু যেতিয়া ৰহস্যময় ধৰণৰ বিভিন্ন প্ৰশ্নৰ সমাধান
বাস্তৱ অভিজ্ঞতাত বিচাৰি নাপায়, তেতিয়াই মানুহে বিশ্বাসৰ আশ্ৰয় গ্ৰহণ কৰে৷ ধৰ্মীয় বিশ্বাসৰ
মাজেৰে এই সন্দেহক নোহোৱা কৰিব বিচাৰে৷ ধৰ্ম জীৱনক সৌষ্ঠৱশালী কৰাৰ এক শক্তিশালী উপাদান৷
ড° আম্বেদকাৰেও
কৈছিল, “Religion must mainly be a matter of principles only. It cannot be a
matter of rules. The moment it degenerates into rules, it ceases to be a
religion, as it kills responsibility which is an essence of the true religious
act.” এইটো সহজেই অনুধাৱন কৰিব পৰা যায় যে মানুহৰ একান্ত ঈশ্বৰভক্তিত ধৰ্ম বিশ্বজনীন
আৰু ভাতৃত্ববোধৰ ই নিভাঁজ প্ৰকাশ। কিন্তু ধৰ্মৰ সংগঠিত ৰূপ হিচাপে ধৰ্মীয় সংস্কাৰ
অথবা আদৰ্শবাদৰ পোষকতা ব্যক্তিগত ভক্তিৰ ঊৰ্ধ্বত এক আৰ্থ-সামাজিক প্ৰকল্প। কালক্ৰমে
ধৰ্মীয় আচাৰ-ৰীতিবোৰ সংস্কৃতিৰ লগত বিলীন হৈ গ’ল৷ এইবোৰৰ সংস্কাৰ হৈ থাকিল আৰু নতুন
নতুন কালোপযোগী আচাৰ-ৰীতিৰ প্ৰৱৰ্তন হ’ল। ঐতিহাসিকভাৱে আৰ্থ-সামাজিক বিৱৰ্তনে জন্ম
দিয়া ধৰ্মীয় আদৰ্শবাদ নতুবা আচাৰ-ৰীতিৰ সংস্কাৰ বিভিন্ন সময়ত ধৰ্মৰ সংগঠিত ৰূপ হিচাপে
আত্মপ্ৰকাশ কৰিছে আৰু সময় সাপেক্ষে এই বিভিন্ন সংস্কৰণবোৰত আৰ্থ-সামাজিক শক্তিবিলাকৰ
আত্মপ্ৰকাশৰ মাধ্যম হৈ পৰিছে৷
ধৰ্মৰ বিকাশ হৈছে এটা সামাজিক প্ৰক্ৰিয়া। মানুহৰ সৃষ্টিৰ
প্ৰাৰম্ভিক পৰ্যায়ত এটা শিশুৱে ক’ব নোৱৰাকৈয়ে কোনো এটা ধৰ্মৰ আনুগত্য স্বীকাৰ কৰে।
বিশেষত বংশৰ উত্তৰাধিকাৰী হিচাপেই শিশুটোৱে এটা নাম থকা কোনো ধৰ্মৰ অংশীদাৰ হৈ পৰে।
মানুহেই নিৰ্ধাৰণ কৰা ধৰ্মৰ নাম যেনে— হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, শিখ বা অন্যান্য
নামেৰে জনাজাত এটা ধৰ্মৰ নাম পাছলৈ শিশুটোৰ বোধগম্য হয়। আৰু সেই ধৰ্মৰ বিশ্বাসতেই বন্দী
হৈ শিশুটোৱে বৃদ্ধাৱস্থালৈকে সেই বিশেষ ধৰ্মৰ সৈতে জড়িত হৈ থাকে। আৰু তেনেদৰেই সেই
ধৰ্মীয় বিশ্বাসত দীক্ষিত হৈ পৰজনমৰ প্ৰশান্তি লাভৰ উদ্দেশ্যৰে এজন ব্যক্তি বা এটা জীৱনৰ
পৰিসমাপ্তি ঘটে। আৰু একেদৰেই এই শিশুটোৰ সদৃশ স্থিতি আপোনালোক সকলোৰে হৈছে আৰু তেনেদৰেই
ধৰ্মীয় মনোভাৱ নিজৰ অভিজ্ঞতাৰ পৰা লাভ কৰিছে।
জ্ঞানৰ অন্বেষণৰ পদ্ধতি হিচাপে বহু আগৰে পৰা ধৰ্ম, দৰ্শন
আৰু বিজ্ঞান ব্যৱহাৰ কৰা হৈ আহিছে। ধৰ্মই বিশ্বাসৰ দ্বাৰা, দৰ্শনে চিন্তাৰ দ্বাৰা আৰু
বিজ্ঞানে পৰীক্ষাৰ দ্বাৰা সদায় জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে।
বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ পৰা মানুহৰ অন্তৰত সৃষ্টি
হোৱা বিস্ময় আৰু ভয়েই ধৰ্মৰ উৎস। পৰৱৰ্তী কালত এই পৰিঘটনাসমূহৰ কাৰ্য-কাৰণ সম্বন্ধসমূহৰ
বিষয়েও মানুহে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰে আৰু ইয়েই সেইবোৰৰ কাৰক হিচাপে বিভিন্ন
ধৰ্মৰ দেৱ-দেৱী আদিৰ উৎপত্তিৰ কাৰণ বুলি অনুমান কৰিব পাৰি। চিন্তা কৰিব পৰা যি ক্ষমতাই
মানুহক আন জীৱ-জন্তুৰ পৰা পৃথক কৰিছিল, সিয়েই ধৰ্মৰো সৃষ্টি কৰিছিল। সেই হিচাপে সভ্যতাৰ
আৰম্ভণিয়েই ধৰ্মৰো আৰম্ভণি বুলি অনুমান কৰিব পাৰি। গতিকে ধৰ্মও সভ্যতাৰেই অংগ। সভ্যতাৰ
বিকাশ হোৱাৰ লগে লগে ধৰ্মৰো বিকাশ হৈছিল। অৱশ্যে বেছিভাগ ধৰ্মতে এনেদৰে ধাৰণা কৰা হয়,
যেনিবা সেই ধৰ্ম সৃষ্টিৰ আৰম্ভণিৰ পৰা একেই আছে। বিভিন্ন ধৰ্মৰ ভিন ভিন ধৰ্মগ্ৰন্থসমূহৰ
ওপৰত অগাধ বিশ্বাস আৰু ভক্তিয়েই ইয়াৰ প্ৰধান কাৰণ বুলি ক’ব পাৰি।