অন্যযুগ/


ধূলিৰ ধুমুহাত এদিন

শিল্পীকা ৰাজগুৰু

        
চৌবিছটা ঘণ্টাৰ ক্ৰিয়া-বিক্ৰিয়াৰ কৰ্ষণৰ ফলতে জন্ম হয় একোটা বহু প্ৰত্যাশিত প্ৰাণচঞ্চল দিনৰ। তিক্ত অভিজ্ঞতাৰে সমৃদ্ধ মাত্ৰ কেইটামান ঘণ্টাও কেতিয়াবা এটা পূৰ্ণাংগ দিনৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। অচিন কাৰোবাৰ সৈতে ভাবৰ আদান-প্ৰদান কৰোঁতে যেনেদৰে কোনো অসৰ্তক মুহূৰ্তত আগন্তুকক কোনোবা নলে-গলে লগা পুৰণি বন্ধুৰ দৰে অনুভৱ হোৱাৰ নিচিনাকৈ।
অকল্পনীয় দুৰ্ঘটনাটো সংঘটিত হৈছিল চেৰা বিহুৰ দিনা!
‘‘হেল্লদাদা, তাতো ধুমুহা বলিছে নেকি? ধুমুহাজাক ডাঙৰেইচোন!’’
নালাপত মগ্ন হৈছিল গৌৰীৰ দেউতাক। মেট্ৰলিটান চহৰৰ ফ্লেটত বাস কৰা তেওঁলোকৰ বেচৰকাৰী টি-ক’ম্পেনিটোৰ বছৰ লগতে কথা পাতি আছে বুলি তেওঁৰ শান্ত প্ৰকৃতিয়েই ইঙ্গিত দিছিল। ধুমুহাজাক নিশ্চয় বৰদৈচিলা ধৰণৰ ত্ৰাস সঞ্চাৰকাৰী প্ৰাকৃতিক দুৰ্যোগেই হ’’— তাই ভাবিছিল।
বৰ্তমানে তাই নিয়ৰ কণা এটোপালৰ সমানো ভীতিগ্ৰস্ত নহয় বৰদৈচিলালৈ। ভয় উপজিছিল সৰুতেহে। শৈশৱত তাই কল্পনা কৰিছিল যে পক্ষীৰাজ জঁটায়ুতকৈও বিশাল আকৃতিৰ দস্যু চিলাখনে নীলিম দিগন্তৰ বুকুৰ শুকুলা মেঘৰ আচ্ছাদনখন তাৰ অংকুশ হেন জোঙা হাতোৰাৰে ফালি-ছিৰি ওলাই আহে। গছ-বিৰিখ, নদী-পাহাৰ, পশু-পক্ষী, পৰ্বত-কন্দৰ নিমিষতে তহিলং কৰি ধ্বংসস্তুপলৈ পৰিণত কৰে। আসুৰিক প্ৰবৃত্তিৰ চিলাখনে চিলনীৰ দৰে চোঁ মাৰি আহি কণ কণ শিশুবোৰক থাপ মাৰি ধৰে। সিহঁতক বহু উচ্চতালৈ উৰুৱাই লৈ যায়। ভয়তে বিতত হৈ তাই তামোলৰ সেলেঙীৰে ওঁঠযুৰি বোলোৱা আইতাকৰ সৈতে চালপীৰা ডুখৰিতে বহি হাত চাপৰি মাৰি গাবলৈ ধৰে,
বৰদৈচিলা বৰদৈচিলা
মাৰাৰ ঘৰলৈ গৈছিলা
পইঁতা ভাতে পোৰা মাছে
উদৰ পূৰাই খাইছিলা
সৰু লৰা-ছোৱালী এহাল ধৰি শিল, বগৰী কাঁইটেৰে ভৰ্তি বস্তাত ভৰাই কুমলীয়া মঙহৰ জুতি লবলৈ পিঠিত লৈ যোৱা ৰূপ কথাৰ ডাইনীজনীৰ দৰে নিষ্ঠুৰ চিলাখনকো তাই সমূলি দেখিব নোৱাৰিছিল। পাছত গোসাঁইবিহুৰ দিনা মাকে নাহৰৰ পাতত দেৱ দেৱ মহাদেৱলিখোঁতেহে গৌৰীক বুজাইছিল যে সেইখন কোনো বিৰাট আকাৰৰ চিলা নহয়, সেইজাক দৰাচলতে বিধবংসী ধুমুহাহে! জনশ্ৰুতি অনুসৰি, হাগ মাহত বৰদৈচিলা বোলে মাকৰ ঘৰলৈ যায়। কিন্তু মাকৰ ঘৰৰ জুহালত থকা ভাতৰ চৰুটোৰ তলি উদঙাই মাত্ৰ এমুঠিমান পঁইতাভাত আৰু পোৰামাছৰ কাণ এডোখৰহে ভাগ্যত মিলাৰ ফলতে প্ৰচণ্ড ক্ৰোধত টিঙিৰিতুলা হৈ পৰে। প্ৰকৃতি আৰু মানৱৰ বিস্তৰ ক্ষতি সাধন কৰি বৰদৈচিলাই পুনৰ শাহুৱেকৰ ঘৰলৈ ঢাপলি মেলে। তাই এল.পি. স্কুলত পঁঢ়োতে এবাৰ ঘূৰ্ণী বতাহো দেখিছিল। ব্যস্ত চহৰখনৰ ৰাস্তাৰ একাষে জাৱৰ-জোঁথৰ, সৰাপাত, ধূলি-বালিৰ কুণ্ডলী পকাই বতাহৰ দ্ৰুতবেগী ফোঁৱাৰাটো র্ধ্বমুখী দিশেৰে গতি লৈছিল আকাশমাৰ্গলৈ! জেলেপীৰ দৰে পাক খোৱা বতাহজাকে তাইকো মচোৱা সাপৰ দৰে মেৰিয়াই ওপৰলৈ উৰুৱাই নিয়াৰ আশংকাতে স্কুল ছুটীৰ পৰত তাইক নিবলৈ অহা ককাকৰ পায়জামাটোতে জোৰেৰে খামুচি ধৰিছিল।
এখিনি মানুহে সাগৰীয় নীলাভ উৰ্মিমালাৰ অতলস্পৰ্শী গৰ্ভ খেপিয়াই এমুঠি সতেজতা কঢ়িয়াই আনে জীৱনলৈ। আকৌ সেই সুস্থিৰ সাগৰৰ ৰুদ্ৰ অৱতাৰে এক মিনিটতে মৰিশালিত পৰিণত কৰে জীৱনৰ্চযা! নীলিম সলিলৰাশিৰ বুকুৰে সাগৰীয় ঢৌবোৰে প্ৰাৰম্ভিক পৰ্যায়ত দৃষ্টিনন্দনভাৱে উঠা-নমা কৰি ক্ৰমাৎ সাগৰৰ পাৰৰ কেৰেলীয়ান নাৰিকলৰ গছবোৰ, বালিত খোজ কঢ়া পথিক, নাৱিক, ৰেষ্ট্যুৰেণ্ট— সকলো জলৰাশিয়ে সৰ্পিল শীতলতাৰে লেহান কৰি নিয়ে। প্ৰাকৃতিক ধুমুহাই আশ্ৰয়বোৰ বিধ্বস্ত কৰাৰ পাছতো মানুহ নিৰাপদে জীয়াই থাকে। যেনেদৰে পক্ষীকুলেও ধুমুহাত অস্থায়ী বাহটো হেৰুৱাৰ পাছতো অগাধ পৰিশ্ৰমেৰে খেৰ-কুটাৰ সমন্বয়ত প্ৰস্তুত কৰি লয় আন এটি বা!
তহবিল নামৰ জীৱনৰ আৰ্যাখনত পোৱা-নোপোৱাৰ ধুমুহাজাকেও বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে ভিন্নজনক! তথাপি আমৃত্যু ৰথৰ বাঘজৰী চলাই নিয়ে সেই নিৰ্ভীক মানৱে! তাই কেতিয়াও প্ৰকৃতিসৃষ্ট ধুমুহাৰে সৈতে সন্মুখ সমৰত অৱতীৰ্ণ হোৱাৰ কথা নাভাবিছিল। কিন্তু আকস্মিকভাৱে সেইদিনা ধুমুহাৰ সৈতে যুঁজ দিয়াৰ প্ৰত্যাহ্বান আহি পৰিছিল।
চেৰাবিহুৰ দিনা সকলো ঘৰতে আছিল লক্‌ ডাউন্‌ পালন কৰি। আবেলি চাহটোপা খাবলৈ লৈছিলহে, হঠাতে বতাহৰ সো-সোৱনিৰ লগতে আগলি কলপাতে মামৰে ধৰা টিঙত চৰক্ চৰক্‌কৈ খুন্দিওৱাৰ শব্দ কিছুমানে বোকোচাত বান্ধি এপিনৰ পৰা ঢাহি-মুহি বলি আহিছিল ধূলিৰ ধুমুহাজাক।
হুৰ-মূৰকৈ ৰুমকেইটাৰ দুৱাৰ-খিৰিকী লক্‌ কৰি গৌৰীয়ে খিৰিকীৰ কাচৰ মাজেৰে বাহিৰলৈ জুমি চালে। একোকে মনিব নোৱাৰি চকুৰে। এখন যেন ধূসৰ পানীৰঙৰ চিত্ৰহে! পুৰণি মডেলৰ নিকন্‌ কেমেৰাৰে তোলা নিম্ন মানৰ কলা-বগা ফটবোৰৰ দৰে। সন্মুখৰ ব্লক দিয়া ৰাস্তাটো, পথৰ দুয়োপাৰৰ এজাৰ, কৃষ্ণচূড়া, মদাৰ, তৰুৱা কদম, শিলিখা গছবোৰে, পকী ঘৰবোৰৰ পৰিৱৰ্তে কেৱল ধূলিৰ ডাঠ তৰপ বন্ধা এখন চামনিহে চকুত পৰিছিল। কেৱল পতাকাসদৃশ ওখ ওখ কাকিনী তামোলৰ গছবোৰৰ ছিৰিলী ছিৰিলী  পাতবোৰে ধুমুহাত তাণ্ডৱ নৃত্য কৰিছিল। আচম্বিতে ব্ৰজপাত পৰাৰ দৰে ধাবাল ধুমুহাজাকে ভু-ভাৰস্তখনকে ভগ্নাৱশেষত পৰিণত কৰিব পাৰে বুলি তাই কল্পনাও কৰা নাছিল। যেন সিংহ-নিগনি সাধুটোৰ এখুদমান নিগনিটোৰ সমপৰ্যায়ৰ ধূলিকণাৰ মৰসাহ!
নিৰৱচ্ছিন্নভাৱে ধুমুহাজাক বলাৰ প্ৰায় দুঘণ্টামান পাৰ¸ হৈছিল। ধূলিৰ প্ৰকোপত ভায়েকে এম.আই. মাস্ক্‌খনকে পিন্ধি লৈছিল। মাকহঁতে শোৱনি কোঠাতে বহি মাজে মাজে কাষৰ ৰুম দুটাতে পায়চাৰি কৰি ফুৰিছিল। তিনিটা ৰুমত চাৰিওটা প্ৰাণায়েই যেন পণবন্দী! ধূলিৰ লেওটো ভিতৰলৈ সোমোৱাৰ ভয়ত তাই পাছফালেও যাব নোৱাৰিছিল। ডেডাউৰি পাৰিছিল তাই পেটৰ বিষত! ভায়েকে ভোকৰ জ্বালা সহিব নোৱাৰি পুৱাতে ঢাকোন মাৰি ৰখা গাখীৰ আধাকাপ খালে। বটলৰ তলিতে থকা মিৰিণ্ডা’-ৰ অৱশিষ্টকণো পি খালে। চতৰ চৌফলীয়া ৰদত পথৰুৱা ভূমি ছিঁৰালফাট মৰাৰ দৰে তাইৰ পেটেও ভোকতে কৰৰ্কৰীয়া মাৰিছিল।
‘‘ইজাকৰ পাছত সিজাক ধুমুহাৰ চামিয়ানা, ক্ষান্ত কেতিয়া হব ধুমুহাজাক?’’
অস্থিৰতাৰে ছট্‌ফটাইছিল দেউতাকে।
চিকুণ ৰুমকেইটা নিমিষতে ধূলিয়ৰি পোতাশাললৈ পৰিণত হৈছিল। ধুমুহাজাক ক্ষান্ত নহলে পৰিষ্কাৰ কৰাটো অসম্ভৱ। ইফালে বিছাই ডকাৰ দৰে দেউতাকে ইফালে সিফালে ঘুৰ্মুটিয়াই ফুৰিছিল। মাজতে ড্ৰয়িংৰুমৰ ছ’ফাবোৰ গামোচাৰে জাৰি-জোকাৰি দিছিল যদিও পানীৰ সোঁতে সাগৰৰ পাৰৰ বালিচৰ উটুৱাই নিয়াৰ দৰে ধূলিৰ ডাঠ চামনিয়ে পলকতে বুৰাই পেলাইছিল বেতৰ ছ’ফাবোৰ। এঢোক পানীৰে কোনোমতে ডিঙিটো তিওৱাৰ অৱকাশো নাছিল। বতাহৰ হো-হোৱনিটো ক্ৰমশঃ হাতুৰীৰ কোবে হুতুৰ হুতুৰকৈ মৰা যেন লাগিল বুকুতে। হাতে-ভৰিয়ে পঘাৰে বন্ধা তাই যেন এজনী চবকাত ভোগা অকামিলা গৰুহে! লগত লোহাৰ শিকলিডাল আঁটি আঁটি বান্ধি অহংকাৰী ভাতৃয়ে এফালে টানিছে, গপত গঙ্গাটোপ হৈ থকা পিতৃয়ে আনফালে টানিছে। মুখাধাৰী মিতিৰ-কুটুমবোৰে চলনাৰ বাণ মাৰিছে। মানৱৰূপী দানৱমখাৰ টনা-আঁজোৰাত তাইৰ কলখোৱা ধাতু বাজ ওলোৱাৰ উপক্ৰম নিজ অস্তিত্বৰ ওপৰতে উপজিছিল সন্দেহ! তাই বাৰু ঘোঁৰা নে গাধ? নে কে.পি.এম. চাৰিআলিৰ জামুজোপাৰ তলত মূৰ খজুৱাই বহা, ভেকেটা-ভেকেট গোন্ধোৱা মূকবধিৰ এপেনামৰ পাগলীজনী! তাই এটা যেন নাকী লগোৱা নিষ্পেষিত গোনা ম! চূড়ান্ত কটাক্ষ, অশ্লীল ঠাট্টা-মস্কৰাৰ ভৰ সহিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাব। মৃগী ৰোগীৰ দৰে তাইক সিহঁতে বিনোদনীবুলি অমানুষিক উৎপীড়ন চলায়। অথচ বলে নোৱৰাখিনিৰ বাহিৰে সাধ্যানুসৰি পৰাখিনি পালন কৰাত তাই ত্ৰুটি নকৰিছিল কাহানিও।
হিমালয়ৰ সুউচ্চ চূড়া কাঞ্চনজংঘাৰ শুভ্ৰ শিৰ পূৰ্বাচলত অক্ষয় কীৰ্তিৰে দণ্ডায়মান হৈ যোৱাৰ দৰে নিজৰ ভৰিত নিজে থিয় হব পৰা এজনী স্বাৱলম্বী যুৱতী হিচাপে তাইৰ পৰিচয়টোও হৈ নুঠিল। অপৰিপক্ক মগজুৰে তায়ো বিপদ সূচোৱা দিশ চিনাক্তকৰণত অসমৰ্থ হৈছিল। সেয়ে পাৰ্যমানে দহনৰ জ্বালা সহি সহি আনক আলোকিত কৰোৱা মমবাতিৰ দৰে ভংগুৰ জীৱনটোহে চম্ভালিবলগীয়া হল। তাই যে নিৰক্ষৰ আছিল তেনে নহয়, বৰঞ্চ পূৰ্ণ স্বাক্ষৰ হৈ কৰ্মনিয়োজনৰ দিশত প্ৰয়োজনীয় মূলধনৰ বিশাল ৰাশিৰ অংকটোহে নিমিলিছিল ভাগ্যত! অন্যহাতে বিপুল অৰ্থভাণ্ডাৰ ভাঙিও সামান্য ৰোজগাৰকণ গোটোৱাত ব্যৰ্থ হোৱা ভাতৃৰ বেলিকা দেউতাকৰ কপালত অনুশোচনাৰ এডালো ৰেখা ফুটি নুঠিল!
কণো দ্বিধাবোধ নকৰি আপত্তি দৰ্শোৱাৰ অধিকাৰ তাইৰ জন্মগতভাৱে আছিল। কিন্তু, নিজৰ ভৱিষ্যতটো সুখ-স্বাচ্ছন্দ্যৰে নিৰ্মাণ কৰিবলৈকে লোকৰ অক্ষমতাক ব্ৰহ্মাস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ নিচিনা অমানৱীয় কাৰ্যত ব্ৰতী হবলৈ তাইক বিবেকে অনুমতি দিয়া নাছিল।
অতীতৰ এক অবিশ্বাস্য পৰিঘটনাৰ ফলশ্ৰুতিতে বিষাক্ত হৈ পৰিছিল বৰ্তমানটো। তাই ঘৰৰ পৰা আঁতৰত পঢ়াৰ সংক্ৰান্তত হষ্টেলত কটাইছিল দুটা বছৰ। নিমাতী ঘাটৰ উন্মনা পছোৱাজাকে গৌৰীক গাভৰু মন প্ৰাণত প্ৰথমজাক বৰষুণৰ মতলীয়া সৌৰভ বিয়পাইছিল। এজন প্ৰেমপ্ৰত্যাশিত যুৱকৰ আঙুলিত ধৰি নহলে পেশীবহুল সুঠাম বাহুত মূৰ থৈ প্ৰেমিক চৰাইজনীয়ে ৰামধেনুৰঙী স্বপ্নৰ চানেকি সাজিছিল স্বপ্নাতুৰ দুচকুৰ মোহনাত। কিন্তু ভণ্ড প্ৰেমিকৰ লালসাৰ পিঞ্জৰাত আবদ্ধ চৰাইজনীক সি নিষ্ঠুৰভাৱে পেলনীয়া দ্ৰব্যৰ দৰে এৰি গুচি গৈছিল সূৰ্য উঠা দেশলৈ। অস্তগামী সুৰুযৰ অনুজ্জ্বল আভাকণহে সিঁচৰিত হৈ পৰিছিল তাইৰ দুৰ্ভগীয়া জীৱনটোত।
দিশহাৰা বিহংগিনীয়ে প্ৰায় পাঁচোটা বছৰ যাযাবৰীৰ দৰে অকলশৰেই কটাইছিল। অন্তিম ক্ষণত অন্য এক যুৱকে খামুচি ধৰিছিল তাইৰ অচল হাতৰ মুঠিটো। সহচৰ্যজনৰ এখনি মমতাৰে পৰিপূৰ্ণ হৃদয় আছিল। আছিল এটা মানৱদৰদী নিষ্কলুষ মন, নাছিল মাত্ৰ ক্ষন্তেকীয়া বিলাসিতাৰ নামত ধূলিসাৎ কৰি দিব পৰা অগাধ ধন-সম্পত্তি! অন্যহাতে তাইৰ উচ্চাভিলাষী দেউতাকে পৰ্বতপ্ৰমাণ সা-সম্পত্তি বা বিপুল অৰ্থ নথকা মানুহক ঘৃণাৰ চকুৰে চাইছিল।
সেয়ে হয়তো তাই পদে পদে ভুঞ্জিবলগীয়া হৈছে সীমাহীন মানসিক যন্ত্ৰণা!
অপ্ৰাপ্তিৰ তীব্ৰ স্নায়ৱিক যন্ত্ৰণা আৰু সীমাহীন অন্যায় সহি সহি আৰম্ভ হল তাইৰ হৃদয়খনত এটা ভূমিকম্পৰ। মানসিক অন্তৰ্দ্বন্দ্বৰ ফলত এটা ছিদ্ৰৰ সৃষ্টি হল। তাতে সংৰোপ কৰা হল এটা নিৰ্বিকাৰ যন্ত্ৰ! এতিয়া আৰু অলীক কল্পনাৰ দিগ্‌বলয়টোক ধাৰণ কৰি তাই জীয়াই থকাৰ কৃত্ৰিম তাড়নাবোৰ অনুভৱ কৰে।
ঘৰখনৰ যতমানে লেদেনা উকটা, উৱলি যোৱা চোলা পিন্ধা তাই যেন পৰিত্যক্ত চিণ্ডেৰেলাজনীহে! তেনে এটা মিৰাকলনিতান্তই লাগিছিল। সাধুটোৰ দৰে তাইৰো জোতাৰ জোখ লোৱাৰ চলেৰে শুকুলা ঘোঁৰাত উঠি ৰাজকোঁৱৰ এজন অহাহেঁতেন! কিন্তু বাস্তৱত সকলো নিৰৰ্থক। পুৰাতন বিষাদবোৰেই তাইৰ আমৰণ লগৰী!
ইতিমধ্যে সম্পূৰ্ণ তিনি ঘণ্টা অতিক্ৰম কৰিছিল ধূলিৰ ধুমুহাজাকে। এককোষী এমিবা হেন ধূলিৰ কণিকাবোৰে প্ৰাণঘাতী বিষাক্ত বীজাণু কঢ়িয়াই ওপঙি ফুৰিছিল ঘৰৰ প্ৰতিটো সামগ্ৰীৰ ওপৰতে। বতাহৰ প্ৰচণ্ড হো-হোৱনিৰ সৈতে দুঃশ্চিন্তাত হেৰাই গৈছিল তাইৰ সুস্থিৰ চিন্তাশক্তি! ধূলি-মাকতি, লেহুকা গছৰ সৰু পঁচাডালৰ টুকুৰা, এলান্ধু, উৰহী আকৃতিৰ গুটিৰ ছিৰা, শুকান সৰাপাত পৰি ৰুমবোৰ অপৰিষ্কাৰ আৰু ধূঁৱলি-কুঁৱলী হৈ পৰিছিল। গৌৰীৰ নিজকে মিউজিয়ামত সংৰক্ষণ কৰা প্লাষ্টাৰ অৱ পেৰিছেৰে নিৰ্মিত ভাস্কৰ্যৰ দৰেহে লাগিছিল। অশান্ত মনটোলৈ অলপমান সুস্থিৰতা ঘূৰাই আনিবলৈ সৃজনীমূলক সাহিত্য ৰচনা কৰিবলৈ, চিত্ৰ অংকন কৰাৰ পৰিৱেশো নাছিল। হাতৰ এন্‌ড্ৰইডটোৰ হম স্ক্ৰীনখনো ৰঙচুৱা হৈ বেটেৰী শেষ হৈ অহাৰ ইংগিত দিছিল। ডেউকা ভঙা পখীৰ নিনাদ শুনোতা কোনো নাছিল। তাই খঙেৰে চালে অনুজ্জ্বল লাইটটোলৈ!
‘‘মাকণ, মূঢ়াটো লৈ আন, ইয়াতে বহ।’’
আইতাকে গৰমৰ দিনবোৰত নাতিনীক চৰাপাটীৰে বিচি বিচি ঘামচি ফুটাই দিছিল। উৎকট গৰমত জেপজেপীয়া হৈ পদূলিমুখৰ দমকলৰ তলতে তাই বহিছিল। মৰহা প্ৰাণলৈ নতুন উদ্যম কঢ়িয়াই আনিছিল দমকলৰ শীতল পানীৰ সুঁতিটোৱে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কলিআম চকলিয়াই কলপাতত নিমখ-জলকীয়া সানি খোৱা, বাৰীৰে ৰসাল কাজীটেঙাৰে চৰবত বনোৱা, তেনেদৰে শীতৰ দিনবোৰত জুহালৰ জুইকুৰাৰ উমত হিমচেঁচা দেহাটো গৰম কৰা সেউজীয়া ক্ষণবোৰত তাইৰ জীৱনটো কুঁহিয়াৰ সমানেই ৰসাল আছিল।
কিন্তু, মমৰশিখা, কেৰাছিন তেলৰ লণ্ঠনৰ পৰিৱৰ্তে কাৰেণ্টৰ ব্যৱহাৰ, আধুনিক প্ৰযুক্তিৰ এল.ই.ডি. বাল্ব, সৌৰ পেনেলে যেতিয়া ঘৰখন কৃত্ৰিম ৰশ্মিৰে পোহৰাই তুলিলে তাইৰ ৰাংঢালী মনটোক মৰ আঁউসীৰ ঘোপমৰা এন্ধাৰে ছানি ধৰিছিল। কালক্ৰমত পৰিধেয় বাঢ়ি গৈছিল কাল ধুমুহাজাকৰ!
ভাতৃহঁতৰ লগত তাইৰ চিন্তা-ভানাৰ আকাশ-পাতাল পাৰ্থক্য আছিল। তাইৰ শক্তিশালী মনস্তত্ত্বৰ সংবেদনশীল অধ্যায়বোৰ সিহঁতে কৰ্শাল মাৰি পুতিছিল ভৰিৰ খোজত। তথাপি হীনমন্যতাৰ নিকৃষ্ট বাক্যবাণে যুক্তিবাদী আদৰ্শৰ সত্যতা খণ্ডন কথাত অসমৰ্থ হল। এক সন্মোহনী মায়াই নিজৰ অধীনলৈ আঁজুৰি নিছিল তাইক, সেয়া আছিল একাকিত্বৰ চৰম দুৰ্যোগ!
লেথেৰি নিছিগাকৈ প্ৰায় চাৰি ঘণ্টামান ধুমুহাজাক বলিল। এসময়ত অপেক্ষাৰ অন্ত পেলাই মন্থৰ হৈছিল বতাহজাকৰ অশ্বাৰোহী আগ্ৰাসন! বিদ্যুৎ পৰিবাহী তৰংগৰ ভিতৰে চলি অহা তীক্ষ্ন বৈদ্যুতিক শক্তিয়ে তিৰবিৰাই তুলিলে বিকল লাইটবোৰ। তায়ো বুজি উঠিল অতীত এক নিৰাভৰণ শূন্য অৱস্থিতিহে।  বৰ্তমানটো ভোগবাদৰ বাবে প্ৰয়োজনীয় বুলি ভবাৰ কাৰণে ভূটানী মানুহবোৰে কয় যে তেওঁলোক সদায়ে সুখী! অতীত, ভৱিষ্য জানো এখন এবছাৰ্ড নাটক নহয়, বৰ্তমানটোহে আচল, বাকী উপলক্ষ্যবোৰ কেৱল ঐন্দ্ৰজালিক খেলা!
জীৱনে নিৰ্দিষ্ট কৰি দিয়া তুষাৰেৰে আবৃত পথছোৱাৰ তুষাৰ আঁতৰাই শ্লেজখন থেলি নিব নোৱাৰে আৱেগিক মানুহবোৰে। তুষাৰ পৰ্বতত স্থিতি হেৰুৱাই মৃত্যুক আঁকোৱালি লয়। ইচ্ছামৃত্যুৰ ৱিল বিচাৰি  ন্যায়পালিকাৰ কাষলৈ ঢপলিয়া। নতুবা এচামে সেই একেডাল তিনি ডেউকাযুক্ত পঘাতে ওলমি ৰয় চুঙা বাদুলিটোৰ দৰে!
অথচ গল্পকাৰ পাৰ্থ বিজয়দাৰ দৰে সমুদ্ৰভীতিক জয় কৰা মানুহবোৰৰ মৃত্যু অনিবাৰ্য বুলি জানিও জীৱনলৈ থাকে অপাৰ আকাংক্ষা! তায়ো যেন পানীপিয়া হৈ পৰিল জীৱনতৃষ্ণাৰ মধুৰ অন্বেষণত!
জন্ম লাভ কৰাটো যেনেদৰে কাৰোৰে স্বয়ংক্ৰিয় পৰিক্ৰমা নহয়, তেনেদৰে ইচ্ছামৃত্যু বাৰণ কৰাটোও এক প্ৰকাৰৰ অক্ষমণীয় অপৰাধ বুলি ধৰা হয়।
জীৱনটো এটা মাত্ৰ কাল্পনিক x, y-ৰ সমীকৰণ! x আমি আৰু y মানে আমাৰ আপোচ! আমি সদায়ে এটা y-ৰ দৰে চলকৰ সন্ধান কৰোঁ! কেতিয়াবা মনৰ পন্দৰ y নাপালেও y-ৰ দৰে বিকল্পৰ সন্ধান পাওঁ। কেতিয়াবা অন্তহীন ক্ষুধাৰ তাড়নাত কক্‌বকাই y-ৰ পিঠিতে বহি y-ৰ দুগুণ অৰ্থাৎ 2y নামৰ চলকটোকে চপাই আনো যাতে আমাৰ যাৱতীয় আহিলাবোৰ পৰ্যাপ্ত পৰিমাণে উমৈহতীয়া চলকৰ পন্দৰে হলেও ক্ৰয় কৰিব পাৰোঁ। আৰু তেতিয়াই ফৰ্মুলাটোতে কেৰোণ লাগে আৰু অংকটো নিমিলা অংকৰ চৰিত্ৰলৈ পৰ্যবসিত হৈ পৰে! বিষাক্ত হুলে তাইক বিন্ধিলেও, ঘাত-প্ৰতিঘাতত ক্ষত-বিক্ষত হলেও নিপু সৈনিকৰ দৰে অপ্ৰতিদ্বন্দ্বী হৈ ৰব অন্যায়ৰ বিৰুদ্ধে! জীৱন যুদ্ধৰ আক্লান্ত যুঁজাৰু বিজ্ঞানী ষ্টিফেনেও জীৱনৰ ওচৰত হাৰ মনা নাছিল নাহানিও।
আনহে নালাগে ইন্দনেছিয়াৰ টৰজা জনজাতীৰ লোকবোৰে মৃতকৰ সৎকাৰৰ ৰাম্বুচলনিদিয়া পৰ্যন্ত টমবোলাপদ্ধতিৰে পৰিয়ালৰ মৃতকসকলৰ জঁকাটোত সাজ-পাৰ পৰিধানৰ যোগেৰে নিজৰ মাজৰে এজন জীৱন্ত ব্যক্তিৰ দৰে মৃতদেহৰ সৈতে সহবাস কৰে। ইহজনমৰ মায়া এৰি অন্য এক পৃথিৱীৰ বাসিন্দা হোৱাসকলৰো জীৱনৰ প্ৰতি সুতীব্ৰ আকৰ্ষণ আৰু দুৰ্দান্ত প্ৰেম প্ৰণিধানযোগ্য!
ধূলিৰ ধুমুহাজাকৰ বিদায়পৰ্বৰ সময়ত গৌৰীৰ মনৰ উদ্দাম ধুমুহাজাকেও শাম কাটিছিল!
উলাহতে তাই টিভি নামৰ প্ৰেক্ষাগৃহৰ বিগ স্ক্ৰীনত দৃষ্টি নিবদ্ধ কৰিছিল, আগশাৰীৰ নিউজ চেনেলটোৰ ৰঙীন পৰ্দাত ভাহি আহিছিল খবৰটো—
‘‘প্ৰলয়ংকাৰী ধূলিৰ-ধুমুহাজাকে মহানগৰীৰ বহু অট্টালিকাৰ লিফ্ট উৰুৱাই নিছে, ঘৰৰ মূধচ উৰুৱাই নিছে। তদুপৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত দুখনকৈ মাছমৰীয়া নাও বুৰ গৈ সন্ধানহীন। এজন নাৱৰীয়াৰ কৰুণ মৃত্যু... !’’
গল্পটোৰ শ্ৰব্য ৰূপ

গল্পকাৰৰ ঠিকনা:
জয়সাগৰ, ঠাকুৰপাৰ,
শিৱসাগৰ
পিন: ৭৮৫৬৬৫
ভ্ৰাম্যভাষ: ৯১০১৯৫৫৩৭০
E-mail: shilpikarajguru2018@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ