ৰুদ্ৰ সিংহ মটক
..কাব্যভাষাই
হৈছে কাব্যিক উৎকৰ্ষৰ মানদণ্ড (ৰবার্ট ফ্রষ্ট)।
হৰেন গগৈ অসমীয়া কাব্য জগতৰ এজন প্রতিষ্ঠিত
কবি। কবিৰ যৌৱনকালত ৰচিত কবিতাবোৰ সন্নিৱিষ্ট প্রথম সংকলন জোনাকতে জোৰণ প্ৰকাশ পাইছিল ১৯৯৬ চনত৷
পৰৱৰ্তী সময়তো কাকত-আলোচনীবোৰত তেওঁৰ কবিতা প্রায় নিয়মীয়াকৈ প্ৰকাশ
পাইছে৷ ২০০০ চনত গগৈৰ দ্বিতীয় কাব্যগ্রন্থ বকুল তলৰ গান ২০০৫ চনত দুপৰ টেঙাৰ পাতৰ দৰে
আৰু ২০১৯ চনত জাৰসন্ধ্যাৰ জুই
প্রকাশিত হয়৷ ক্রান্তিকাল
প্রকাশনৰ নিৱেদন, শিল্পী প্রাঞ্জল কুমাৰ লাহনৰ প্ৰচ্ছদসজ্জাৰে
আটকধুনীয়া কাব্যগ্রন্থ জাৰসন্ধ্যাৰ জুই৷ পুথিখনৰ সৌষ্ঠৱ বঢ়াইছে তীক্ষ্ণধী সাহিত্য
সমালোচক অৰিন্দম বৰকটকীৰ মননশীল পাতনিয়ে— ‘‘আমাৰ
জনজীৱনটোৰ সৈতে একাত্ম হৈ থকা আৰু এতিয়াও মলিন হৈ নপৰা সংবেদনবোৰক পুনৰাই অনুভৱ
কৰাৰ বাবে হৰেন গগৈৰ কবিতাৰ পাঠ এটা হৃদয়গ্রাহী যাত্ৰা হ’ব
বুলি আমাৰ বিশ্বাস৷ উচ্চ মানৰ কবিতা কেৱল শব্দৰ জুমুঠি নহয়, আবেগৰ ফিৰিঙতি নহয়; ই মূলত: নতুন বোধ বা চেতনা
সঞ্চাৰ কৰিব পৰা সৃজন আৰু মননৰো আলোকিত বাট৷’’
জাৰসন্ধ্যাৰ জুইত ভিন্ন স্বাদৰ মুঠ চল্লিছটা কবিতা সন্নিৱিষ্ট
হৈছে৷ আজিৰ পৰা দুই বা তিনি দশকৰ আগত কবিৰ অন্তদৃষ্টিৰ অপ্টিক লেঞ্চত ধৰা দিয়া
দুশ-দুর্দশা জর্জৰিত জৰৌৰৌৱা গ্রাম্য জীৱনৰ বহু জীয়া ছবিয়েই হয়তো
তেওঁৰ কবিতাৰ কেনভাছত অবিকৃত ৰূপত খোদিত হৈছে৷ শব্দক শিল্প কৰা
নির্লোভ হেঁপাহৰ পৰিভাষাই হয়তো কবিতা৷ কবি হৰেন গগৈৰ হৃদয়ৰ অতল তলিৰ পৰা উঠি অহা
লিৰিকেল স্বৰেৰে সজীৱ-সম্পৃক্ত, জীয়া কবিতাবোৰ পঢ়ি থাকোঁতে এনে এক ভাবেই উদয়
হৈছে আমাৰ মনত৷ কবিতাৰ সংজ্ঞা-অভিধা, কবিতাৰ শৰীৰৰ শব্দ-গন্ধ, উশাহৰ উত্তাপ, আত্মাৰ শৌর্য-গৰিমা— এইবোৰৰ ৰূপ-বর্ণ-বাক বা সম্যক
আভাস কবিতাই যিমান দিব পাৰে বাস্তৱ ক্ষেত্ৰত কোনো এজন কবিয়ে নিজেও হয়তো
সিমানখিনি দিব নোৱাৰে৷ আপোন শৌর্যৰে মণ্ডিত কবিতাৰ ভাৱমণ্ডল৷ কবি আর্চিবল্ড
মেকলিচে তোওঁৰ ‘আৰ্ছ পয়েটিকা’ নামৰ কবিতাটোত কৈছে— ‘‘কবিতাই
বুজাব নালাগে, সি হ’বহে লাগে৷’’ এনে সংজ্ঞাই
কলাৰূপ হিচাপে কবিতাৰ অর্থগৰিমা আৰু শিল্পসত্ত্বাৰ স্বতন্ত্রতাকে প্রতিপন্ন কৰে৷
চোতালত বিৰিণা এজোপাৰ কোমল ছাঁ কঁপিছে
কলিজাৰ সুহুৰি এটা শুনি আছো
কথা ৰূপ
মৌনতা সোণ
‘এজাক
মৌবাহৰ গুণগুণনি’ যেন গতিময় অনুভৱৰ পৃথিৱী এখন অহৰহ বুকুৰ গভীৰত
কঢ়িয়াই ফুৰা চিৰ অস্থিৰ কবি এজনৰ জীৱন-এষণা, আবেগ-কল্পনা, প্রজ্ঞা-অভিজ্ঞতাৰে বহুবর্ণিল
সমষ্টি। কবিৰ চৌপাশৰ সমাজখনৰ সমকালীন পৰিপ্ৰেক্ষিতৰ বস্তুনিষ্ঠ (objective) বিশ্লেষণকো আমি নিশ্চয়
উপেক্ষা কৰিব নোৱাৰোঁ৷ কাৰণ সচেতন কলাৰসিক মাত্রেই জানে কলা কলাৰ বাবে, কবিতা কেৱল কবিতাৰ বাবে
নহয়৷ বৌদ্ধিক আলোড়নৰ পৰা মুক্ত, মুগ্ধ-প্রলুব্ধ হৃদয়ৰ স্থল অভিসাৰ হ’ব
নোৱাৰে কবিতা৷ বৰং ই তেজৰ পৰা তেজলৈ গতি কৰা জীৱনমুখী সংস্কৃতিৰ হৃদস্পন্দন, শিপা-সেউজীয়া প্রজ্ঞাবোধৰ
চিৰগতিশীল এক বিস্তৃত আন্দোলন৷ ড° মৃদুল শর্মাই পাঠক চিত্তৰ বৌদ্ধিক উৎকর্ষণত এজন কবিৰ
সদর্থক ভূমিকাৰ কথা এনেদৰে দাঙি ধৰিছে— ‘‘একোজন কবিয়ে পাঠকৰ হৃদয়ৰ আভৰণ এখন এখনকৈ খুলি
পেলাব পাৰে— তেনেই উন্মুক্ত কৰি পেলাব পাৰে, নিজৰ মুখামুখি কৰাই দিব পাৰে৷’’ (কবিতা আৰু গদ্য: সম্পৰ্ক-সূত্ৰ সন্ধান)। যি সত্যৰ উপলব্ধিৰ বাবে স্রষ্টা কবি
অহোৰাত্র উন্মুখ হৈ থাকে, সেই সুমিষ্ট ফলৰ ৰসেৰে পাঠকক সাপ্লুত কৰাৰ বাবেই যেন চিৰ উচপিচ কবিৰ তেজৰ ‘নিজান
চিকুণ মালিতা’।
নিজান চিকুণ মালিতাত উচপি আধুনিকতাৰ গান
এটি ফলৰ মিঠাখিনিৰ বাবে উৎসুক হৈ থাকোঁ
(বাঁজী
ফুল)
তেওঁ লাহে লাহে আহে
অহাৰ পাছত জুইত জাৰ পোৰা সাধু এটা কৈ
গুচি যায়।
মাঘৰ চোতালত এচেৰেঙা ৰ’দ
লৈ
তিৰোতা কেইজনীয়ে বিহুৰ মেল পানিতে
কাহানিও ভোগৰ নাম নুশুনা এজনীয়ে
শুকুৰবৰীয়া বজাৰৰ মোৱা আলু এটা পুৰি খাইছে
মানুহৰ ভাল মাত এষাৰ শুনিবলৈ
মাঘত কি পুৰি খাম তাকে ভাবিছে
কাইলৈ নৈখনে গা ধুবলৈ মাতিছে
মনৰ ঘাট এটাত কিমান যে কথা থুপ খাই আছে।
(মাঘৰ জোন)
কবিৰ আপোন কল্পদৃষ্টি, অনুভূতিৰ বৰ্ণালী আৰু
উপলব্ধিৰ বৈচিত্র্য অনুযায়ী ভিন্ন হয় ভাষাৰূপ, আংগিক আৰু কবিতাৰ ভাৱকৰণ৷
কবিৰ চৌপাশৰ সমাজখন, বিশেষ কোনো ঘটনা-পৰিঘটনাৰ প্ৰতি কবিপ্ৰাণৰ সহজ
অনুৰাগ, সঁহাৰি আৰু সংবেদনৰ গভীৰতাই নির্ণয় কৰে কাব্যভাষাৰ উৰ্বৰতা, ধ্বনিবৈভৱ আৰু ভাৱপ্ৰবাহৰ
অন্তর্লীন অভিব্যঞ্জনা। বহু সময়ত এনেবোৰ অনির্বচনীয় শিল্পবৈচিত্ৰ্যৰ আধাৰতে
নিৰূপণ কৰা হয় এগৰাকী কবিৰ কাব্যভাষাৰ উৎকৰ্ষৰ মান৷
তোমাক কি দি যাম এই বাটত
কুৰুলিয়াই থকা কপৌৰ মাত
ক’লা ডাৱৰত ফাটি পৰা মুখবোৰ
ৰৈ আছেনে আঁজলি পাতি দুৱাৰমুখত
কাক দিব পাৰোঁ এষাৰি মাত
মোৰ গাঁৱৰ বিষাদ আৰু এজাক বৰষুণ
তিনি আলিৰ নিজানত তোমাৰ চকুলো
(চ’তৰ পেঁপাৰ মাত)
লোকজীৱনৰ কাষ চপা কথিত ভাষাৰ অৱলম্বনতে গঢ়
লৈছে হৰেন গগৈৰ কবিতাৰ ভাষা আৰু মেদহীন, নিটোল আংগিক। সুদীর্ঘ আঢ়ৈ দশকৰ নিৰৱচ্ছিন্ন
অনুশীলন আৰু সাধনাৰ ফচল তেওঁৰ ভাষাৰ কালিকা, অলংকাৰবৰ্জিত কবিতাৰ মুগ্ধ, পৰিমিত ব্যাকৰণ৷ ‘সৰলতাই
হৰেন গগৈৰ কবিতাৰ অলংকাৰ৷’ (গ্রন্থাভাস, ইউটিউব)— এই অভিমত সমালোচক ড° মৃদুল শৰ্মাৰ৷ কবিতাক মানুহৰ কাষলে লৈ যোৱাৰ স্বাৰ্থতে কথক হিচাপে কবি এজন যে
তেওঁৰ কাব্যভাষাৰ প্রতি বিশেষভাৱে দায়বদ্ধ হ’ব লাগিব, এই প্রসঙ্গত বৰেণ্য
কবি-সমালোচক নলিনীধৰ ভট্টাচার্যদেৱৰ অভিমত প্রণিধানযোগ্য— ‘‘কবিতা যদিও সূক্ষ্ম কলা, ইয়াৰ মাজেদিও মানুহক মানৱীয়
হ’বলৈ প্ৰেৰণা যোগাব পাৰি৷ তাৰ বাবে ভাষা হ’ব
লাগিব ভাবক সংক্রমিত কৰিব পৰা এটি অন্যতম উপাদান। লগতে আন এটা কথাও মনত ৰাখি থোৱা
ভাল৷ দৈনন্দিন কোৱা ভাষাকে ব্যঞ্জনাময় কৰাৰ প্ৰয়াস কবিয়ে কৰিব লাগিব৷’’ (সম-সময়ৰ ইতিহাসৰ ইংগিত মোৰ কবিতা)।
শিপাৰ বাবে সজাই থোৱা শব্দবোৰ
হেৰাই যোৱা দেখিছোঁ
উজুটি খাইও শিপা বিচাৰি ঢপলিয়াই
ফুৰে সহস্ৰজন
কলিজাত জীণ যোৱা কথা-বতৰা আৰু
কাহিনীৰ মাজৰ দীঘল বাট।
কিন্তু শব্দৰ তেজৰ তলিত সততে ফুলৰ নিৰ্জু কলি অর্থাৎ ‘বীজমন্ত্র’ সন্ধান কৰিব খোজা কবিও
কেতিয়াবা যেন আপোন সাধনাত দুখলগাকৈ বিফল হয়৷ কিন্তু আমি নির্মোহ আৰু নিৰাৱেগ
দৃষ্টিৰে লক্ষ্য কৰিলে হয়তো বুজি পাম কবিমানস চৌপাশৰ সমাজমানসৰ পৰা, সংকট আৰু ঘনীভূত হেজাৰ
সমস্যাৰ পৰা বিচ্ছিন্ন নহয়৷ কবিমনৰ দুখ-দুঃস্বপ্ন, অপ্রাপ্তি-হুমুনিয়াহ বা
শংকা-উদ্বিগ্নতা সমাজমানসৰ অনিবার্য অৱক্ষয়ৰে প্রত্যক্ষ প্রতিফলন। উজাগৰী ৰাতি
লিখি থকা কথাও/হৈ উঠিছে চকু ৰোৱা বাঁজীফুল৷ এয়া হয়তো কেৱল হৰেন গগৈৰে নহয়, তেওঁৰ সমসাময়িক অলেখ কবিৰ
মনোজগত আৱৰি ধৰা দুঃস্বপ্ন আৰু অন্ধকাৰ বাস্তৱৰে কৌশলী এক প্রতীকী উপস্থাপন।
জীৱন আৰু সমাজ, নৈ আৰু প্ৰেমৰ দৰে বৈ থকা
কথাবোৰ যিদৰে কবিতাৰ উৎস, সেইদৰে কলা বা কবিতাও মানুহ আৰু সমাজৰ বাবে৷
সংস্কৃতি আৰু সভ্যতাৰ জীয়াসুঁতি কবিতা৷ এই সত্য হৰেন গগৈৰ অন্তৰ্দৃষ্টি আৰু
কাব্যপ্রজ্ঞাৰ প্ৰেৰণা আৰু চালিকাশক্তি। কবিয়ে সেয়ে খুব সচেতনভাৱেই আপোন অনুভূতি, আৱেগ আৰু অভিজ্ঞতাৰ জুমুঠিক
মননশীলতাৰ হাতুৰীৰে ভাঙি-পিটি সেইবোৰক বাস্তৱতাৰ নতুন সাঁচ দান কৰিছে৷
আধুনিকতাৰ সূচনা সময়ক লৈ নহয়, পৰিৱর্তনমুখী গতিশীল চেতনাক লৈহে৷ ৰোমাণ্টিক
ভাববিলাসৰ পৰা স্বেচ্ছাই আঁতৰি আহিব খোজা এই পৰিৱর্তন-অভীপ্সা আৰু নৱচেতনাই হয়তো
সংহত কবিমনৰ আধুনিক ভিজন, তেওঁৰ ভিজন বা কাব্যবীক্ষাৰ পৰা আমি তেওঁৰ
শিল্পচিন্তাক কাহানিও নিলগাই মূল্যায়ন কৰিব নোৱাৰোঁ ৷ ই হয়তো হৰেন গগৈৰ প্ৰতিভা
আৰু কাব্যকৃতিৰো এক স্বকীয় বৈশিষ্ট্য।
মাজৰাতিও বিনাই উঠা গান এটা শুনিছোঁ
চোৱাচোন শিল— বৰষুণত
খৰিৰ ভাৰখন কেনেকৈ তিতিছে
ভনীজনীৰ খালি মোনাটোত
চটফটাই আছে যন্ত্রণাৰ শব্দবোৰ
তোৰ ওঁঠত কি গান বাজিছে
ক’ব নোখোজা বিষাদৰ এষাৰি মাত
(দেওলগা
সময়ৰ গান)
মাকৰ পিয়াহ আজুৰি থকা ফুলকুমলীয়া ল’ৰাটো
কাণি-মুনি গধূলি অফলাত উটি গৈছিল
উৰুখা পঁজাটিত বৃদ্ধ দুজনে গধূলি-ধেমালি এৰি
বাঁহৰ কামিৰে বান্ধিছে পলসে পোতা ঘৰ
জুখি চাব নোৱাৰি ঘৰৰ ভিতৰৰ আন্ধাৰ।
(পানী
ধেমালি)
‘জৱলাটিঙলৈ
যাওঁতে এদিন’ কবি হৰেন গগৈৰ কলমৰ এটি নজহা-নপমা কবিতা৷ এই
কবিতাৰ পটভূমি শিৱসাগৰ জিলাৰ বকতা মৌজাৰ অখ্যাত এখন পিছপৰা গাঁও। বানবিধ্বস্ত
মানুহৰ জীৱনৰ সীমাহীন অভাৱ, দুর্দশা আৰু অন্ধকাৰৰ আশাহত ছবি ইয়াত খোদিত
হৈছে। কবিতাটিত প্ৰসংগক্রমে কবিয়ে যি বাখৰ বেঙেনাৰ কথা উল্লেখ কৰিছে সেই গছৰ পৰা
গুটি হয়, কিন্তু গুটিৰ পৰা গছ নহয়৷ কবিৰ আপোন আপাদেৱে এই প্রাচীন গছজোপাৰ কাহিনীৰে
বানপানী বিধস্ত গাঁওখনলৈ ভাল দিন যে কাহানিও নাহে সেই কৰণ সত্যকে গভীৰ কাৰুণ্যৰে
ফুটাই তুলিছে—
বৰাধানৰ সাজ চপচপীয়া হৈ থকা নাই
আপাদেওৰ কলহত
কিনো চাবি গোহালিত
গৰু নাই
কিনো খাবি চেৱা দিয়া ভাতৰো জুই নাই
**
নিঃশেষ হৈ অহা আশাবোৰৰ পাছত
বানত ককবকাই থকা মুখবোৰে
বাটলৈ চাই আছে
কাইলৈৰ পৰা ল’ৰাহঁতে
আকৌ একোটা সৈয়াকণী বিচাৰিব
যি ভাঙিব পাৰে অনিয়ম আৰু গেলা-পচাবোৰ
(সৈয়াকণী
পৃষ্ঠা)
হৰেন গগৈৰ কবিতাত মৰি মৰিও নমৰে দিখৌ। ইও হয়তো কবিৰ ঘনীভূত
বিষাদবোধেৰে সম্পৃক্ত ব্যঞ্জনা৷ কিয়নো কবিৰ ভালপোৱাৰ দিখৌ তেওঁৰ প্রিয় মানুহৰ
বাবে অভিশাপ। দিখৌ জীয়াই থাকে শইচৰ পথাৰবোৰ কবৰ দিবলৈকে, বছৰি বছৰি কৃষিজীৱী
মানুহখিনিক অবর্ণনীয় দুখ-যাতনা উপহাৰ দিবলৈকে৷ তেওঁলোকৰ বাবে এয়া যেন নির্মম
নিয়তি। কেতিয়াবা যে ভাগ্য ৰবি উদয় হ’ব, ভাল দিন আহিব, কবিমনত তেনে ভাব নহয়৷
অৱশ্যে এনে ভয়, সন্দেহ বা শংকাৰ বাস্তৱ ভিত্তি নথকা নহয়। সমাজ
জীৱনৰ এশ-এবুৰি সংকট দেখি ,ঘঁৰিয়ালৰ চকুপানী দেখি
মানুহ দিকভ্রান্ত হৈছে, ভাৰাক্ৰান্ত হৈছে কবি আৰু তেওঁৰ বন্ধুমহল—
বুকুত হাত দি ক’বলৈ
কোনোবা এজন ওলাব
যিসকলে বেছিকৈ জানে চলনা
কৰি সুবিধা ল’ব
আৰু আনক বুর্বক সজাব নেকি নাজানো
(মেচাকি
মেজেঙা)
‘ৰজাৰ
বজাৰ’ হৰেন গগৈৰ এটি উচ্চ মানৰ কবিতা ৷ কাতিৰ জুয়ে সপোনে-দিঠকে
খেদি ফুৰা গঞাৰ বিষাদকাতৰ ছবিকে কবিয়ে হৃদয়পটত কঢ়িয়াই
লৈ ফুৰিছে৷ সেয়ে কবিৰ তেজৰ নিজানত নিনাদিত হয় ‘ঢেঁকীয়াপতীয়া
বাঘৰ গোঁজৰণিৰ
দৰে চৌপাশে ভোক-পিয়াহৰ
গোঁজৰণি এটা...। মানুহৰ পেটৰ নাড়ী ছিঙা, জীৱনক তিলতিলকৈ অকাল মৃত্যুৰ আৱর্তলৈ ঠেলি
দিয়া ভোকৰ প্ৰসঙ্গৰে সমাজত চলি থকা শোষণ-পীড়ন, অর্থনৈতিক বৈষম্য
সম্পর্কে এনে কবিতাই এটা নতুন বোধ বা চেতনাৰ উন্মেষ ঘটায়৷
প্রথিতযশা লেখক, সমালোচক নগেন শইকীয়াদেৱৰ দৃষ্টিত
এই বোধ
ইন্দ্রিয়জ বোধ
নহয়, প্রচলিত সমাজ ব্যৱস্থা সম্পর্কে এক বহল, গতিশীল ভাবানুভূতিৰ জাগৰণ। কলা বা কবিতাত
মূর্তি হৈ উঠা এই আৰ্টিষ্টিক কনছায়েঞ্চৰ বাবেই এজন
চিত্রশিল্পী বা কবিক সমাজৰ জাগ্রত প্ৰহৰী বুলি অভিহিত কৰা হয়।
বাট এৰি দি বাট এটা বিচাৰিছে
এখন প্রাচীন চিত্ৰৰ দৰে
এখন শেষ নোহোৱা নাটকৰ দৰে
তিৰোতাবোৰ টোপনিয়াই বহি আছিল
আন্ধাৰ-পোহৰৰ খেলাত বিষাদ কাতৰ মুখ
বজাৰত হুমুনিয়াহৰ বাহিৰে একোৱেই নাছিল
জলমলোৱা নাহৰ গুটিৰ পোহৰত জ্বলে
কাতিমাহৰ আকাশৰ গান
এটা কথা আমি লক্ষ্য কৰিছোঁ, হৰেন গগৈৰ কবিতাত ক্ৰোধৰ
বিস্ফোৰণ, বিদ্ৰোহৰ শংখনিনাদ শুনিবলৈ নাপাওঁ; যি পাওঁ সেয়া হ’ল
হৃদয়স্তনিত যন্ত্রণাৰ স্বৰলিপি, ভিতৰি ভিতৰি আলোড়িত হৈ উঠা বিবেকৰ আত্মপাঠ। আন
বহু কবিৰ সৃষ্টিকর্মত সততে বিৰল জনজীৱনৰ বাস্তৱ ছবি-চিত্রকল্প, অনুভূতিৰ ৰসঘন মানৱায়ন
তেওঁৰ সমাজদর্শী কবিতাবোৰৰ উজ্বল বৈশিষ্ট্য৷ হয়, মানুহ আৰু মানুহৰ মাজৰ
নেদেখা সাঁকো কবিতা নামৰ এই নান্দনিক শব্দশিল্প। এই সত্যক প্রতিষ্ঠা কৰাৰ বাবেই কবিপ্ৰাণৰ
আজন্ম সাধনা৷ ‘পাটসাঁকোৰ সাঁকোডাল/ এইফালেও আছে
সেইফালেও আছে.... কবিতা বজাৰৰ সস্তীয়া পণ্য নহয়৷ ই জীৱনসত্যৰ বিপুল বীজপ্রৱাহ।
কবিতাৰ ওপৰত গভীৰ আস্থা থকা বাবেই সদৌ অসম কবি সন্মিলনৰ তেওঁ এজন অগ্রণী সংগঠক৷
মানৱ সত্তাৰ সম্ভাৱনাৰ সোণালী দুৱাৰ উন্মোচন কৰা অন্তৰ-সংস্কৃতিক
জীয়াই ৰাখিবলৈকে আমি শব্দব্রহ্ম আৰু কবিতাক ভাল পাবলৈ শিকিব লাগিব। কবিতাৰ পাঠ বা যথার্থ আবৃত্তি
আমাৰ সুপ্ত, সহজাত সুকুমাৰ হৃদয়বৃত্তিৰ উৎকৰ্ষণৰ শক্তিশালী
শিল্প হ’ব পাৰে৷ কবিতা হ’ব পাৰে মানৱতাৰ মর্মবাণী, আত্মাৰ উত্তৰণৰ সপোন আৰু
সংগ্রাম ৷ ৰূপকথাৰ প্রমিথিয়াছৰ দৰে আমি আজন্ম বিচাৰি ফুৰা কণ্টকিত সেই জুই-দিঠকৰ
বাট কবিতা—
গাত আঁটি বান্ধি লোৱা পাতল চাদৰখন
জাৰ সন্ধ্যাত বৰকৈ কঁপিছিল
নামঘৰীয়াজনে গা ধুই থাকোঁতে গোৱা
এফাঁকি ঘোষাৰ শব্দবোৰ কাণত বাজিছিল
... ...
পাছচোতালত জাৰসন্ধ্যাৰ পুৰি থকা জুইকুৰাত
জ্বলাব পৰা হ’লে
বুকুৰ কান্দোন এটা
জীৱনৰ বিয়লি বেলালৈকে
আৱৰি আছে জুই আৰু জাৰ
(জুই আৰু জাৰ)
কবিতা অর্থহীন শব্দৰ নিচক ধেমালি নহয়৷ ই সংস্কৃতিৰ ফুল, কর্ষিত হৃদয়বৃত্তি। কবি
হৰেন গগৈৰ দৃষ্টিত কবিতা হ’ল— ‘‘আয়ে চিনি পোৱা/ জগত জিনা
মাত৷’’ (চ’তৰ পেঁপাৰ মাত)। জীৱন জগোৱা, জাতিক প্রাণশক্তি দান কৰা
জাতীয় সংস্কৃতিৰ উৎসস্বৰূপ বসন্ত উছৱ ঢোল-পেঁপা-গগনাৰ
দৰে সাতামপুৰুষীয়া বাদ্যযন্ত্ৰৰ যি সোণোৱালী ঝংকাৰ সেয়া এহাতে
যৌৱনৰ আৰু আনহাতে ঋতুৰাজ বসন্তৰ দৰে চিৰনতুন আৱাহনী। সৃষ্টি আৰু উৰ্বৰতাৰ প্ৰতীক
এই সুৰ-লহৰী যেন কুলি-কেতেকীৰ অমিয়া গীত-মাতৰ দৰেই অসমীয়াৰ তেজত ৰৈ ৰৈ বাজে৷
নৱকান্ত বৰুৱাদেৱে কৈছিল, ‘কবিক পৰিচয় কৰাই নিদিবা; কবিতা কবিৰ পৰিচয়৷’ হৰেন গগৈৰ বিষয়ে বহলাই নকৈ ঠিক একে সুৰতে এনেদৰেই ক’বৰ
মন যায়— হৰেন গগৈৰ ভিন্ন বিষয়, ভিন্ন স্বাদৰ কবিতাবোৰেই
তেওঁৰ চহকী কবিসত্তাৰ পৰিচয়৷ জাৰসন্ধ্যাৰ জুইশিখাৰ অমল উত্তাপৰ প্ৰতি শীতার্ত মানৱপ্ৰাণৰ
দুর্বলতা-আকুলতা কেৱল আজিৰ নহয়, অনন্ত কালৰ। ক্ষণিকৰ সুৰসুৰণি তোলা জীৱনবিমুখ
স্কুল চিন্তা-ভাৱনা নহয়, সাৰস্বত কবিতাৰ তেজৰ ৰূপান্তমুখী ৰৌদ্রোজ্জ্বল
সমাজ-চেতনাৰ প্ৰতি ক্রমশঃ জাগ্রত হওক মানৱচিত্তৰ ভালপোৱাৰ আকুলতা, মহিমামণ্ডিত সৃষ্টিৰ
চিৰসুন্দৰ আৱাহনী।
জ্বলি থকা টিপচাকি এটাৰ পোহৰত
আয়ে পলসুৱা মাটিৰ গান এটা গুণগুণাই আছে
(জ্বলি
থকা টিপচাকি এটাৰ পোহৰত)
০০০০০