মনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–
“মনত ৰাখিবিহঁক,
চালনীৰে চালি, কুলাৰে জাৰি মলখুকিটা বাছি
উলিওৱাৰ পাছতহে তহঁতৰ প্ৰমোচন!”
আমাৰ তলমুৱা বুকু-পাঠশালাৰ বহুনা-কোলাত
তেনেকৈয়ে খামি-পুতি বহে চালনীৰ বীৰত্ব-নিৰ্যাস৷
এদিন দেখিলোঁ—
ছাঁ-চুটি পিৰালিৰ গাখীৰতী-বতাহত
পিতাদেউৰ দাঁতৰ কামোৰ এখিনিৰ তল-সৰকা
মাইকী-গাঁঠি কিছুমানে
তেনেই পৃথিৱী-ঘূৰণীয়াকৈ গঢ়িছেএখন ঘন-চালনী—
আইৰ ফেলাহি-মেলা একোঁচ হেঁপাহৰ জোখত৷
বাঢ়নী-বতৰে বৰষুণ চালিব পৰা হিচাপৰ
এখন গুড়ি-চালনী!
মাল-লৰী গাড়ীৰ ধোঁৱা-নলিচাৰে ডিজেল গোন্ধোৱা
গাঁৱলীয়া আলিবাট এটাত
গুড়ি-চালনীৰ ষ্টিয়েৰিং পকাই আমাৰ ল’ৰা-চেঁকুৰ৷
চালনী-সৰকা কিনকিনীয়া বতাহে
জুৰ পেলাই থৈ যায় কলিজাৰ সৰিয়হ-ফুটা উত্তাপ৷
তুলসীতলীয়া মঙল বাৰৰ এটা ৰাতিপুৱা
মোৰ মূৰৰ ওপৰত নাচি উঠে এখন গুড়ি-চালনী,
যি এৱাঁ কলহ এটাৰ মুখত মুখ পাতি ধৰি
চালি দিয়ে মন্ত্ৰ-মৰা মুখভঙা পানীৰ নিছিগা-ধাৰ–
উটুৱাই নিবলৈ মোৰ
দুৰ্দিনৰ আটাইবোৰ গেলেপা-গেলেপ গোন্ধ৷
মিঠা-সমাজিক এটাৰ গুড়িবোৰ চালি দিবলৈ
অথবা,
ৰ’দৰ ৰং চালি হালধীয়া কৰি তুলিবলৈ বুকুৰ কুলা,
গুড়ি-চালনিখন মোৰ
মই পাহৰি এৰি থৈ আহিলোঁ
ল’ৰালি-পথাৰৰ শেলুকনিৰ বঁকীয়া এটাত৷
হ’লেও বুকুৰ ভিতৰত মোৰ
এতিয়াও আছে আন এখন গুড়ি-চালনী,
যি সন্ঢালনিকৈ চালি থাকে দুখৰ বৰষুণ এজাক!
ঠিকনা:
অধ্যক্ষ, মাজুলী মহাবিদ্যালয়,
ডাকঘৰ- কমলাবাৰী, মাজুলী-৭৮৫১০৬,
ম’বাইলঃ ৮৬৩৮৭৬৯০৪০,
ইমেইলঃ drdebajit23@gmail.com
শ্ৰব্য ৰূপ