সমন্বয় (Harmony) শব্দটোৱে
জাতিগঠনৰ বেলিকা সংশ্লেষণো (Synthesis)
বুজায়, কিন্তু ই
সংমিশ্ৰণ (Mixture) নুবুজায়৷
সংশ্লেষণ কোনোবাই জোৰ-জবৰদস্তি কৰা কাম নহয়; জাতিগঠনৰ ক্ষেত্ৰত ই পাৰস্পৰিক বুজা-পৰা, আদান-প্ৰদানৰ
স্বতস্ফূৰ্ততাৰে সংঘটিত এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া যাক ইংৰাজীত Assimilation বোলা হয়৷
মাৰ্চ
(২০২৩) মাহৰ শেষৰ সপ্তাহটোত অসমত সম্ভৱতঃ সৰ্বাধিক চৰ্চিত শব্দটো হৈছে সমন্বয়৷ এই
সমন্বয়ৰ যত্ন কৰিছিল অসমবাসী বাংলাভাষী কিছু লোকে অসমীয়া জাতীয় জীৱনৰ প্ৰতীকস্বৰূপ
গামোচাখনৰ এছোৱা ফালি তাৰে সৈতে বাংলা গামচাৰ এডোখৰ জোৰা দি প্ৰস্তুত কৰা এখন
অবান্তৰ ধাৰণাৰ অঙ্গবস্ত্ৰ তৈয়াৰ কৰাৰপৰা৷ আটাইতকৈ ডাঙৰ কথা, সেই আচৰিত বস্ত্ৰখনে শোভা
পালে অসমৰ সাংস্কৃতিক মন্ত্ৰীৰ ডিঙিত, অসম সাহিত্য সভাৰ সভাপতিৰ উপস্থিতিত অসমৰ শিক্ষা উপদেষ্টাৰ ডিঙিত৷
তাতকৈও ডাঙৰ কথা সাহিত্য অকাদেমি পুৰস্কাৰ প্ৰাপক অসমীয়া সাহিত্যিক এগৰাকীয়ে
কাণ্ডটোক প্ৰশংসাৰে সমৰ্থন কৰিলে,
এজন মুধাফুটা অভিনেতায়ো৷ প্ৰকৃততে উপৰি উক্ত কাণ্ডটো সমন্বয়ৰ উদাহৰণ
নাছিল, আছিল
সংমিশ্ৰণৰহে উদাহৰণ৷ সংমিশ্ৰণ হৈছে চাউল আৰু মচুৰ দাইল মিহলি হোৱা ধৰণৰ ঘটনা– য’ত কষ্ট হ’লেও দুইবিধকে আঁতৰ কৰিব পৰা
যায়৷ আনহাতে সমন্বয় বা সংশ্লেষণ হৈছে বিভিন্ন নৈৰ পানী এচলু এচলুকৈ একেটা পাত্ৰত
থোৱাৰ নিচিনা– যিখিনিক
কোনেও কোনো উপায়েৰে নিলগাব নোৱাৰে৷
ঘটনাটোৰ
বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজ
উত্তেজিত হৈ উঠিল৷ বিভিন্নজনে সম্প্ৰতি বিভিন্ন ধৰণে প্ৰসঙ্গটোত প্ৰতিক্ৰিয়া প্ৰকাশ
কৰিছে৷
এতিয়া
কথা হৈছে, যিসকলে
এই কাণ্ডটো কৰিছে তেওঁলোক বাংলভাষী বুলি ইতিমধ্যে সামাজিক মাধ্যমত বহুলভাৱে উফৰি
ফুৰা ‘বাংলা
সাহিত্য সভা, অসম’ নামৰ সংগঠনৰ এটা তাৰিখবিহীন
প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে সাংস্কৃতিক মন্ত্ৰীক সেই আচহুৱা অঙ্গবস্ত্ৰ দিয়া হৈছিল
বৰ্তমাৰপৰা দেৰ বছৰৰ পূৰ্বেই৷ তদুপৰি সেই বিজ্ঞপ্তিত ‘অন্যেৰ কৰা একটি নমুনা
গ্ৰহণ কৰতে গিয়ে এক বিভ্ৰান্তি আৰ বিতৰ্কেৰ জন্ম হল৷ এটা আমাৰ ইচ্ছাকৃত নয়, কাম্যও
নয়৷ আমৰা কোনো মন্দ উদ্দেশ্য নিয়ে এটা কৰিনি৷’ আনহাতে কিবা এক সংগঠনৰ ‘প্ৰথম ৰাজ্যিক প্ৰতিনিধি
সম্মেলন’ৰ সভা
এখনত মঞ্চত অসম সাহিত্য সভাৰ সভাপতি বহি থকা অৱস্থাত অসম চৰকাৰৰ শিক্ষা উপদেষ্টাই
থিয় হৈ হাঁহিমুখে কিবা গ্ৰহণ কৰা অৱস্থাত তেওঁৰ ডিঙিত উপৰি উক্ত আচহুৱা বস্ত্ৰখন
দেখা গৈছে৷ তেওঁলোকৰ পিছফালে জিলিকি আছে ২৫ আৰু ২৬ মাৰ্চ, ২০২৩ চন৷ অৰ্থাৎ এই আচহুৱা
বস্তুবিধ সৌ সিদিনা পৰ্যন্ত ব্যৱহৃত হৈছে৷
সম্প্ৰতি
প্ৰশ্ন হৈছে, হাজাৰ
হাজাৰ বছৰ ধৰি লোকজীৱনৰ প্ৰতীকস্বৰূপ হৈ উঠা জাতীয় ঐতিহ্যস্বৰূপ গামোচাখন কোনোবাই
কটা-ছিঙা কৰাটো কিবা এক বিশেষ পদবী বা ক্ষমতাত থাকিলেও ব্যক্তি একোজনে সমৰ্থন কৰিব
পাৰেনে? অথবা
তেনে ক্ষমতসীন ব্যক্তিয়ে যিহেতু একোটা বৃহৎ জনসমষ্টিৰ প্ৰতিনিধিত্ব কৰে, গতিকে লক্ষ লক্ষ লোকৰ
ঐতিহ্যবোধ আৰু জাতীয় প্ৰমূল্যবোধৰ দিশটো তেওঁলোকে আওকাণ কৰিব লাগেনে?
এতিয়া
আৰু কিছুমান প্ৰশ্নৰ আধাৰত জোৰা দিয়া ‘গামোচা’ আৰু ‘গামচা’ৰ সংকৰ বস্ত্ৰবিধৰ
ভৱিষ্যতলৈ লক্ষ্য কৰোঁচোন–
১) এই
বিচিত্ৰ বস্তুটোৰে কোনোবা অসমীয়াই শাস্ত্ৰ-ভাগৱত মেৰিয়াই ৰাখিবলৈ আগ্ৰহ প্ৰকাশ
কৰিবনে?
২) এই
বস্ত্ৰবিধক গুৰু-আসনত স্থান দিব পাৰিবনে কোনোবা অসমীয়াই?
৩) এইবিধ
বস্ত্ৰৰে বাৰু কোন অসমীয়াই অতিথিক গলবস্ত্ৰ হৈ সম্ভাষণ জনাব?
৪)
কোনোবা অসমীয়াই সভা-সমিতিত এইবিধ বস্ত্ৰৰে অতিথিসকলক সম্ভাষণ জনাবনে?
৫) এইবিধ
মূৰত বান্ধি কোন অসমীয়া পাহোৱাল ডেকাই বিহু মাৰিব?
৬) এইবিধ
বস্ত্ৰ কোন ঢুলীয়াই/ওজাই নিজৰ ঢোলত মেৰিয়াব?
৭) এইবিধ
সংকৰ বস্ত্ৰ কোন অসমীয়া গাভৰুৱে মনে মনে প্ৰিয়জনক দিব?
৮) অসমৰ
বাহিৰলৈ যাওঁতে লগ পোৱা গুণীজনক সন্মান জনাবলৈ এইবিধ সংকৰ বস্ত্ৰ কোন অসমীয়াই ভাৰ
বৈ নিব?
এনে বহু
প্ৰশ্ন গামোচা কাটি ফটাকানি কৰা কাণ্ডটোত সমৰ্থন আগ বঢ়োৱা অসমীয়াকেইজনকে প্ৰথমে
সুধিব পাৰি৷
গান্ধীজীয়ে
কৈছিল যে অসমীয়া মহিলাই নিজৰ শালৰ কাপোৰত সপোন বাছে৷ অসমীয়া গামোচাখন এক জাতীয়
উপলব্ধিৰ সম্বল, বেপাৰৰ
পণ্য নহয়৷ অসমীয়া গামোচাত যি সপোন ফুটি উঠে আন কোনো গামোচাজাতীয় বস্ত্ৰতে তেনে একো
ফুটি নুঠে৷ অসমীয়া গামোচাখনেৰে যেনেকৈ মৰম-শ্ৰদ্ধাৰ আদান প্ৰদান হয় আন কোনো
গামোচাজাতীয় বস্ত্ৰৰ তেনে সক্ষমতা নাই৷
তেনেখন
গামোচাৰ আজি এই গতি! দুৰ্ভাগ্যবশতঃ সাম্প্ৰতিক সময়ত অসমীয়া জাতীয় জীৱনক নেতৃত্ব
দিওঁতা সম্পাদক-সাহিত্যিকে, খ্যাতিমান
অভিনেতায়ো গামোচাৰ বিকৃতিক সমৰ্থন কৰি জাতীয় প্ৰশ্নত নিজৰ স্থিতি স্পষ্ট কৰি
দেখুৱাইছে৷ বিগত বহু বছৰ ধৰি তীব্ৰ অসমীয়াবিদ্বেষৰ পৰিচয় দি অহা বাংলাভাষী বিধায়ক
এজনেও এই উদ্ভট কাণ্ডটোৱেহে অসমীয়া মানুহৰ ভৱিষ্যত নিৰাপদ কৰিব বুলিও মত প্ৰকাশ
কৰিছে৷ এনে মত দেশৰ বাহিৰৰপৰা বিশেষ সম্প্ৰদায়ৰ মানুহ আনি অসমৰ মাটিত বসতি স্থাপন
কৰিবলৈ দি অসমীয়াৰ ভৱিষ্যত নিৰাপদ কৰিবলৈ কৰা চেষ্টাটোৰে প্ৰতিফলন যেন লাগিছে৷
আনহাতে
অসমীয়া গামোচাখনৰ জি আই টেগ (Geographical
Indication tag) লাভ কৰা এটা অসমীয়া সম্পদ৷ এই স্বীকৃতি অৰ্জন কৰা সামগ্ৰীক বিকৃত
কৰাটো ভাৰতীয় আইন মতে অপৰাধ৷ এনে অৱস্থাত অসমীয়া মানুহৰ সম্মুখত প্ৰশ্ন হ’ব– এই অপৰাধৰ অপৰাধীয়ে শাস্তি
পাবনে? এই
অপৰাধক ৰাজহুৱাকৈ সমৰ্থন কৰাসকলে শাস্তি পাবনে?
প্ৰসঙ্গক্ৰমে
অসমবাসী বাংলাভাষীসকলে গামোচাক নিজৰ বস্ত্ৰ বুলি ব্যৱহাৰ কৰিব নোৱাৰি ‘অন্যেৰ কৰা একটি নমুনা
গ্ৰহণ কৰতে গিয়ে এক বিভ্ৰান্তি আৰ বিতৰ্কেৰ জন্ম হল’ বুলি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰাৰ আঁৰৰ সত্যটোও
উপলব্ধিযোগ্য৷ বিশেষকৈ বৰাক উপত্যকাৰ বাংলাভাষীসকলে শিলচৰত ‘পৰিৱহন নিগম’ৰ বাছত লিখি থোৱা ‘অসম’ শব্দটো ‘আসাম’ কৰা, বৰাক উপত্যকাত অসমীয়া ভাষাৰ
আনুষ্ঠানিক প্ৰৱেশৰ বিৰোধিতা কৰা আদিৰে বাৰংবাৰ নিজৰ অসমীয়াবিৰোধী স্থিতি প্ৰকাশ
কৰি আহিছে৷ সম্প্ৰতি গামোচাৰ টুকুৰাৰ সৈতে তেওঁলোকৰ হিন্দু ধৰ্মাৱলম্বীসকলে পূজাত
ব্যৱহাৰ কৰা কাপোৰখনৰ টুকুৰা এটাহে সংযোগ কৰিছে, মেলে মিটিঙে তেওঁলোকে সম্ভাষণ জনাবলৈ ব্যৱহাৰ কৰা
উত্তৰীয়খন তেওঁলোকে টুকুৰা কৰা নাই৷ আৰু এই কাণ্ডটোকে কৰি তেওঁলোকে সমন্বয়ৰ
ফুটাঢোল কোবাইছে৷
অসমীয়া গামোচাখনৰ যি মৰ্যাদা সেয়া সম্প্ৰতি চৰ্চিত বাংলা কাপোৰখনত নাই। বাংলা হিন্দু সমাজত পূজা পাৰ্বনত সেই ৰঙা গামচাখন ঘটত মেৰিয়ায়। তাৰ পাছত সেইখন গামচা গৃহস্থই ব্যৱহাৰ নকৰে, কৰিব নাপায় বুলি দান দিয়ে নাইবা বিসৰ্জন দিয়ে। ৰঙা গামচাখনৰ গুৰুত্ব সিমানেই। এনেয়ে সেইখন গামচা কঁকালত পিন্ধা, গা মচিবলৈ ব্যৱহাৰ কৰা, বয়-বস্তু টোপোলা কৰি বন্ধা আদিতো ব্যৱহাৰ কৰা হয়। সেইখনৰ লগত বাংলা সমাজৰ কোনো সন্মানৰ কথা জড়িত নহয়। সন্মান কৰি ডিঙিত পিন্ধাই তেনে গামচা কাকো দিয়া নহয়।
কিন্তু কি আচৰিত কথা যে অসমীয়াৰ স্বাভিমান, গামোচা যিখন সন্মানেৰে ডিঙিত পিন্ধাই দিওঁতে এক বুজাব নোৱাৰা অনুভৱে মনত ক্ৰিয়া কৰে, সেইখনৰ লগত ৰঙা গামচাখনৰ তুলনা হয়নে? সমন্বয়ৰ বাবে অত্যুৎসাহী বাংলা সমাজে দেখোন অসমীয়া গামোচা খনেক ব্যৱহাৰ কৰিব পাৰে। িকন্তু তাকে নকৰি অসমীয়া গামোচাখনৰ মৰ্যাদা কিয় হ্ৰাস কৰিবলৈ যত্ন কৰা হৈছে বুজিবলৈ টান নহয়। ই হৈছে সাংস্কৃতিক আগ্ৰাসনৰে এটা ৰূপ।
আচলতে অসমীয়া আৰু বাঙালীৰ (বা আন কোনো ভাষিক গোষ্ঠীৰ) মাজত সমন্বয় ঘটাওঁ বুলি ঘটাব পৰা নাযায়। তাৰ কাৰণে অসমবাসী বাঙালীসকলৰ (বা আন কোনো ভাষাভাষীৰ) মনত অসমীয়াৰ প্ৰতি শ্ৰদ্ধা জাগিব লাগিব।