অন্যযুগ/


বিহুববীয়া চিন্তাৰ বুৰবুৰণি

 

বিহুটিক সম্মুখত লৈ নতুন বছৰ এটা আকৌ আহিল৷ বছৰেকত নতুন বছৰ দুবিধ, আমাৰ বাবে দুবাৰকৈ আহে৷ এবাৰ এবিধ পুৰণি বছৰ যায়গৈ৷ তেতিয়া আমি খাই-বৈ স্ফূৰ্তি কৰি পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ‘হেপ্পী নিউ য়েৰ’ বুলি চিঞৰোঁ, উল্লাসত ফাটি পৰোঁ– যেন কোনো যুদ্ধহে জয় কৰি আহিলোঁ! পিছে আনবিধ বছৰ পুৰণি হোৱা বুলি আমি উপলব্ধি নকৰোঁ, বৰঞ্চ পুৰণি বছৰটোৰ বোকোচাতে উঠি অহা নতুন বছৰটোক আদৰি লওঁ৷ আগেয়ে দ্বিতীয়বিধ নতুন বছৰৰ সঙ্কেত দিছিল প্ৰকৃতিজগতে; আজিকালি এইবিধ নতুন বছৰৰ প্ৰথম উকমুকনি উঠে প্ৰচাৰ মাধ্যমত (বাতৰি কাকত, টেলিভিশ্যনৰ চ্চেনেল আৰু সামাজিক মাধ্যমবোৰত)৷ প্ৰথমে সঙ্কেত দিয়ে বিহুৰ মঞ্চত গীত গাবলৈ সাজু হোৱা বুলি গায়ক-গায়িকাসকলে৷ তাৰ পাছত সঙ্কেত দিয়ে ‘বিহু সন্মিলন’ৰ আয়োজকসকলে চান্দা-বৰঙণি তুলিবলৈ আৰম্ভ কৰি৷ কলঢোপ কলঢোপকৈ জী থকা আলোচনী দুখনমানে ‘বিহু সংখ্যা’ প্ৰকাশ কৰিবলৈ আয়োজন কৰি, সংঘ-সংগঠন কেতবোৰে বিহুনাচ-ঢোলবাদন আদিৰ কৰ্মশালা আয়োজন কৰাৰ উপৰি দোকানে-বজাৰে পিঠা-পনা, দৈ-ক্ৰীম, গৰুৰ পঘা, দীঘলতি-মাখিয়তী-জেতুকা আদিয়েও মোক খা মোক খা বুলি বিহুৰ সঙ্কেত দিয়ে৷

সি যি নহওক, নতুন বছৰত পুৰণি পুৰাণ এখন আটায়ে মেলে৷ প্ৰত্যেকৰে বেলেগ বেলেগ পুৰাণ৷ পুৰাণখনৰ নাম সংকল্প পুৰাণ৷ নতুন বছৰটোৱে উকমুকালে কি নাই, প্ৰায় প্ৰত্যেকেই বছৰটোৰ কাৰণে ন ন পৰিকল্পনা, ন ন আঁচনি যুগুতাই ৰাজহুৱাকৈ প্ৰকাশ কৰাটো আজিকালি এটা ফেশ্যনলৈয়ে পৰিৱৰ্তিত হৈছে৷ পিছে আমাৰ জীৱনৰ অভিজ্ঞতাবোৰ এনে যে নতুন বছৰৰ পৰিকল্পনাবোৰক যদি হাইপ’থিছিছ বোলা হয় তেন্তে তাৰ ফলাফল সদায়ে এণ্টিথিছিছ হোৱাহে দেখি আহিছোঁ৷ ই ব্যক্তিগত স্তৰত যেনেকৈ সত্য তেনেকৈয়ে সত্য সামাজিক স্তৰতো৷ ৰাজ্যিক বা ৰাষ্ট্ৰীয় স্তৰত যেনেকৈ সত্য তেনেকৈয়ে সত্য আন্তঃৰাষ্ট্ৰীয় স্তৰতো৷পিছে আমাৰ বিহু হেনো কাহানিবাই আন্তঃৰাষ্ট্ৰীয় হ’ল! কিবা অভিলেখো প্ৰতিষ্ঠা কৰিলে হেনো বিহুৱে!

নতুন বছৰটোৱে বহু কিবাকিবি কঢ়িয়াই অনাটো আমি কামনা কৰোঁ৷ এনেকৈ কামনা কৰোঁতে আমি এবাৰলৈও নাভাবোঁ যে নতুন বছৰ বুলি একো নাই, ই কেৱল মানুহে নিজৰ সুবিধাৰ কাৰণে ভাগ কৰি লোৱা নিৰৱধি সময়ৰ ক্ৰমহে, নতুন বছৰ কোনো সৰ্বশক্তিমান মানুহ বা জীৱিত অস্তিত্ব নহয় যে ই ইচ্ছা কৰিলেই বহু কিবাকিবি কৰি পেলাব পাৰে৷ আমাৰ এনে মানসিকতা প্ৰকৃততে নিজৰপৰা পলায়নৰ এক আচিলাহে৷ আমি প্ৰায় প্ৰত্যেকেই ভাবোঁ যে একেবাৰে ব্যক্তিগত আৰু পাৰিবাৰিক স্বাৰ্থপূৰণৰ বাবে কিবাকিবি কৰাটোৱেই আমাৰ একান্ত কৰ্তব্য৷ সেয়েহে সমাজক নেতৃত্ব দিবলৈ ওলোৱাসকলেও পাকে-প্ৰকাৰে নিজৰ আৰু নিজৰ পৰিয়াল-পৰিজনৰ কল্যাণৰ কামতে আত্মনিয়োগ কৰি যোৱা আমি দেখিছোঁ৷ তেনে নেতাসকলে প্ৰভাৱশালী বক্তৃতা আৰু ৰাইজে দিয়া ক্ষমতাৰ প্ৰয়োগেৰেই ৰাইজকে বিপথে পৰিচালিত কৰাও দেখি আহিছোঁ৷ 

এনে অৱস্থাত নতুন বছৰে আমালৈ কি উকমুকৰ পোৱালিটো আনি দিব?

এতেকে, সমাগত বহাগৰ এই প্ৰাক মুহূৰ্তত ৰাইজলৈ অনুৰোধ, অনুগ্ৰহ কৰি শ্ৰমৰ কথা ভাবক৷ নিজৰ উৎপাদিত সম্পদ উচিত দাম নাপালে বিক্ৰী নকৰি নষ্ট কৰি পেলাওখ, কিন্তু মধ্যভোগীক লাভ খাবলৈ নিদিব৷ বিনামূলীয়া চাউলৰ ঠাইত পাৱাৰ টিলাৰ, ট্ৰেক্টৰ বিচাৰক, খেতি কৰক৷ দ মাটিবোৰত পুখুৰী খান্দি মাছ পোহক৷ ধানখেতি নোহোৱা ঠাইত ৰবিশস্য কৰক৷ বছৰটোত অন্ততঃ তিনিটা খেতি কৰিবলৈ যত্ন কৰক৷ আনৰ কথা নুশুনিব, আনৰ হাতলৈ-মুখলৈ চাই বহি থকাটোক জীৱন নোবোলে৷ স্বনিৰ্ভৰশীল হওক৷

চাকৰি বিচাৰি যুৱক-যুৱতীসকল বহি নাথাকিব৷ গছৰ ডাল এটা চকলিয়াই তাতে অসম বুলি লিখি চাবি লগোৱা আঙঠি এটা লগাই দিলেও প্ৰতিটোতে পঞ্চাছ টকাকৈ হ’লেও বহুত ধন ঘটিব পাৰি– এনে বহুত কাঠৰ টুকুৰা আমি অসমৰ বাহিৰৰপৰা কিনি আনো৷ ৰাস্তাত পৰি থকা শিলগুটি একোটাত সৰুকৈ ছবি এটা আঁকিও বিক্ৰী কৰিব পাৰি৷ এইবোৰ কথা ভাবক৷ ৰিক্সা, ঠেলা চলোৱা অসমত থকা অথচ অসমীয়া ভাষাৰে কথা নোকোৱা অসমৰ বাহিৰৰ মানুহখিনিৰ জীৱন-প্ৰণালী লক্ষ্য কৰক৷ তেওঁলোকে ইয়াত ধন ঘটি নিজৰ নিজৰ প্ৰদেশলৈ পঠায়৷ তেওঁলোকৰ সাংস্কৃতিক উৎসৱ-পাৰ্ৱণ আমি পালন কৰোঁ৷ প্ৰশ্ন সোধকচোন নিজকে, অসমৰ বাহিৰত থকা অসমীয়াসকলে বেলেগ বেলেগ ৰাজ্যৰ চৰকাৰৰ পৃষ্ঠপোষকতাত সেইবোৰ ৰাজ্যত অসমৰ বিহু উৎসৱ উদ্‌যাপন কৰাৰ সুবিধা পায়নে?

দোছা-ম’ম’ খাওক, চাইনিজ-কণ্টিনেণ্টেল ডিছ খাওক; পিছে অসমীয়া পিঠা-পনা, চিৰা-দৈৰে জলপান খাব পৰা বিপণী খোলাৰ কথাও ভাবকচোন৷ অসমতে নহয়, অসমৰ বাহিৰতো অসমৰ থলুৱা খাদ্যৰ বিপণী খুলি দেখুৱাওকচোন গাঁঠিত বল থকাসকলে৷ অকল অসমতে অসমীয়া শ্ৰেষ্ঠ অসমীয়া শ্ৰেষ্ঠ বুলি চিঞৰি থাকি কাকনো শুনাব খেজে আপোনাৰ কণ্ঠ?

সাহিত্য-সংস্কৃতি, গীত-নাটৰ সৈতে জড়িতসকলেও অসমৰ বাহিৰত অসমীয়া সাহিত্যৰ প্ৰসাৰৰ কাৰণে কাম কৰকচোন৷ বিশেষকৈ ইংৰাজী আৰু হিন্দী ভাষাত দখল থকাসকলে অসমীয়া সাহিত্য-সংস্কৃতিক অসমৰ বাহিৰলৈ নিবলৈ যত্ন কৰকচোন৷

এইবাৰ দেশত সাধাৰণ নিৰ্বাচনৰ বতৰে বিহুৰ বতৰত আন এক ৰহণ লগাইছে৷ পিছে ৰাজনীতিৰ ক্ষেত্ৰত থকাসকলে অসমৰ বাহিৰৰ আন এখন ৰাজ্যৰপৰা অন্ততঃ এজন অসমীয়াক বিধান সভা, লোকসভা বা ৰাজ্যসভাৰ নিৰ্বাচন খেলাই দেখুৱাওকচোন৷ অসমত দেখোন অনেকজন অনা অসমীয়াই নিৰ্বাচন খেলি আছে, জিকি আছে৷

নতুন বছৰ বুলি ৰাইজৰ চৰণত নিবেদিবলৈ এনে কিছুমান কথাকে লৈ উপস্থিত হৈছোঁ৷ কথাবোৰ ভাবক, ৰাইজ৷ জোৰ পুৰি আঙুলি পালেহি৷ এতিয়াও কথাবোৰ বুজি পোৱা নাইনে?

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ