অলপতে অসম বিধান
সভাৰ মজিয়াত বিধায়কৰ আচৰণক লৈ কিছু হুলস্থুল হৈছিল৷ এইখিনি সময়তে আকৌ
স্কুল-কলেজবোৰত চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ আছে ‘যুৱ সংসদ’৷ কেন্দ্ৰীয় চৰকাৰৰ
‘বিকশিত ভাৰত’ আঁচনিৰ অধীনত উদীয়মান যুৱশক্তিৰ মাজৰ পৰা ভৱিষ্যতৰ দিনত শিক্ষিত
সাংসদ-বিধায়কৰ প্ৰস্তুতিৰ বাবে এনে ‘যুৱ সংসদ’ পতা বুলি জানিব পৰা গৈছে৷
প্ৰসঙ্গক্ৰমে
মনলৈ অহা ভাব কিছুমান দাঙি ধৰিব খুজিছোঁ৷ কেৱল জনপ্ৰতিনিধিসকলেই দেশৰ সেৱা নকৰে,
প্ৰতিজন
চৰকাৰী-বেচৰকাৰী চাকৰিয়ালেও কৰে বা যিসকলে চাকৰি নকৰে তেওঁলোকেও দেশৰ সেৱা কৰে৷
প্ৰত্যেকৰে সেৱাৰ ধৰণ বেলেগ, ক্ষেত্ৰও বেলেগ৷ দেশৰ প্ৰতি আগ বঢ়োৱা
সেৱাৰ কৃতজ্ঞতা হিচাপেই চৰকাৰী-বেচৰকাৰী চাকৰিয়ালসকলক চাকৰি শেষ হোৱাৰ পাছত পেঞ্চন
আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হয়৷ একে ধৰণে পেঞ্চন আৰু অন্যান্য সা-সুবিধা
কিছুমান জনপ্ৰতিনিধিসকলকো প্ৰদান কৰা হয়৷ ইয়াৰ মানে, নৈতিকভাৱে
জনপ্ৰতিনিধিসকলো চাকৰিয়ালেই৷ কেৱল তেওঁলোকৰ নিযোগকৰ্তা সৰ্বসাধাৰণ ৰাইজ৷
কিন্তু পেঞ্চন
আদি কেইটামান দিশক বাদ দি চাকৰিয়ালসকলৰ সৈতে জনপ্ৰতিনিধিসকলৰ বহুতো পাৰ্থক্য আছে৷
উদাহৰণস্বৰূপে মন্ত্ৰী-বিধায়কসকলে নিজৰ দৰমহাৰ নিৰিখ নিজে স্থিৰ কৰিব পাৰে৷
তেওঁলোকে ব্যৱহাৰৰ উদ্দেশ্যে বিনামূলীয়া চৰকাৰী ঘৰ, চৰকাৰী গাড়ী,
সেই
গাড়ীৰ ইন্ধন আদি লাভ কৰে৷ আৰু বহুতো কিবাকিবি লাভ কৰে তেওঁলোকে৷ সাধাৰণ
চাকৰিয়ালসকলতকৈ জনপ্ৰতিনিধিসকলৰ চাকৰিৰ আন এটা পাৰ্থক্য হৈছে এয়ে যে তেওঁলোকৰ
চাকৰিকাল সাধাৰণতে পাঁচ বছৰীয়া৷ আকৌ সাধাৰণ চাকৰিয়ালসকলৰ চাকৰি এবাৰেই শেষ হয়৷
অৱসৰৰ পাছত আকৌ তেওঁলোক একেটা চাকৰিত বাহাল থাকিব নোৱাৰে (কিছু কিছু বিভাগত অৱশ্যে
বিশেষ দক্ষতা অনুসৰি একোজন লোকৰ চাকৰিকাল কেই বছৰমানলৈ বৃদ্ধি কৰাৰ সুযোগ আছে)৷
কিন্তু একোজন মন্ত্ৰী বা বিধায়ক বা সাংসদে এটা চাকৰি শেষ হোৱাৰ পাছত একেটা চাকৰিতে
পুনৰ নিয়ুক্তি লাভ কৰাৰ সুবিধা আছে৷
এতিয়া কথা হৈছে,
একোজন
ছাত্ৰৰ যেনেকৈ একোখন ‘প্ৰগ্ৰেছ ৰিপ’ৰ্ট’ থাকে তেনেদৰেই একোজন চাকৰিয়ালৰো একোখন
‘ছাৰ্ভিচ বুক’ থাকে৷ এজন লোকে চাকৰিকালত কি কি ভাল কাম কৰিলে, কেতিয়া
কেতিয়া কি কি নিয়মৰ আধাৰত তেওঁ পদোন্নতি লাভ কৰিলে, তেওঁ কি কি বেয়া
কাম কৰিলে আৰু তেনে কাম কৰা কাৰণে তেওঁৰ ওপৰত কি কি শাস্তিৰ বিধান হ’ল আদি সকলো
সেই ‘ছাৰ্ভিচ বুক’খনতে লিপিবদ্ধ কৰা হয়৷ সেই ‘ছাৰ্ভিচ বুক’খনত নথিভুক্ত তথ্যৰ
আধাৰতহে সেই কৰ্মচাৰীজনে সময়ে সময়ে পদোন্নতি লাভ কৰে৷ অৱসৰৰ সময়তো তেওঁ সেই
‘ছাৰ্ভিচ বুক’খনৰ তথ্যৰ আধাৰতহে পাবলগীয়া সা-সুবিধাসমূহ লাভ কৰে নাইবা নকৰে৷
জনপ্ৰতিনিধিসকলৰ
চাকৰিৰ এনে ‘ছাৰ্ভিচ বুক’ৰ ব্যৱস্থা আছেনে নাই আমি নাজানো৷ বিভিন্ন সময়ত কোনোবা
আলোচনী নাইবা আন সংস্থা কিছুমানে জনপ্ৰিয় মন্ত্ৰী, দক্ষ মন্ত্ৰী,
সৎ
বিধায়ক, ভদ্ৰলোক সাংসদ আদিৰ দৰে মৰ্যাদা বা সন্মান ঘোষণা কৰা দেখা যায়৷ তেনে
ঘোষণাবোৰৰ মাপকাঠি কি সেয়া পিছে স্পষ্টভাৱে জনা নাযায়৷ আমি ভাবোঁ, জনপ্ৰতিনিধিসকলে
দায়িত্বভাৰ গ্ৰহণ কৰা দিনাৰেপৰাই তেওঁলোকৰ একোখন ‘ছাৰ্ভিচ বুক’ৰ ব্যৱস্থা যদি কৰা
হয় আৰু কাৰ্যকালৰ শেষত যদি সেইখন ৰাজহুৱা কৰা হয় তেন্তে সকলো ফটফটীয়া হৈ পৰিব৷
ৰাইজ যিহেতু জনপ্ৰতিনিধিসকলৰ নিয়োগকৰ্তা, গতিকে সেইখন ‘ছাৰ্ভিচ বুক’ প্ৰত্যক্ষ
কৰাৰ অধিকাৰ ৰাইজে পাবই লাগে৷ তেনে হ’লেহে ৰাইজে আকৌ এজন ব্যক্তিক বিধায়ক বা
সাংসদৰ চাকৰিত মকৰল কৰিবনে নকৰে সিদ্ধান্ত ল’ব পাৰিব৷
লগতে একোখন দেশ
বা ৰাজ্যৰ বিয়াগোম বিয়াগোম দায়িত্বত অধিষ্ঠিত হোৱা জনপ্ৰতিনিধিসকলৰ শিক্ষাগত
অৰ্হতাও নিৰ্দিষ্ট কৰা উচিত৷ এই কথাটো সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগতঅনুষ্ঠিত
হৈ থকা ‘যুৱ সংসদ’ৰ লক্ষ্য আৰু উদ্দেশ্যতো লুকাই আছে৷ বৰ্তমান আমাৰ দেশৰ ব্যৱস্থাত
কেৱল কাৰোবাৰ মন গ’ল কাৰণেই ৰাজনীতিৰ খেলত অংশ গ্ৰহণ কৰিলে আৰু মানুহে যি কাৰণতে
নহওক, ভোট দিয়াৰ ফলতে জিকি ৰাজ্য বা দেশ একোখন চলাব পৰা হৈ উঠিল! এনে নিয়ম
হাস্যকৰ৷ একেদৰেই সাধাৰণ লোক একোজনৰ ক্ষেত্ৰত ‘পুলিচ ভেৰিফিকেশ্যন ৰিপ’ৰ্ট’ অতি
দৰকাৰী প্ৰাথমিক নথি আৰু সেই ৰিপ’ৰ্ট নেতিবাচক হ’লে চাকৰি পোৱাৰে সম্ভাৱনা কমি যায়।
চাকৰি কৰি থকা লোক একোজনৰ ক্ষেত্ৰত কোনো গোচৰ আদি উত্থাপিত হ’লে ‘পুলিচ ৰিপ’ৰ্ট’ৰ
নেতিবাচক তথ্যখিনি তেওঁৰ ‘ছাৰ্ভিচ বুক’ত সোমায় আৰু তেওঁৰ চাকৰিও অনিয়মীয়া হোৱাৰ
আশঙ্কা বাঢ়ি যায়। এনে
অৱস্থাত বিধায়ক বা সাংসদ হ’বলৈ ওলোৱা ব্যক্তিসকলৰো ইতিবাচক ‘পুলিচ ভেৰিফিকেশ্যন
ৰিপ’ৰ্ট’ বাধ্যতামূলক নথি হোৱা উচিত৷ সাধাৰণ মানুহৰ পুলিচ ক্লিয়াৰেঞ্চ নহ’লে নিজৰ
দেশীয় পৰিচয়ৰ প্ৰথম নথি ‘পাছপ’ৰ্ট’ পোৱাই মস্কিল, বিদেশ ভ্ৰমণৰ
অনুমতিসূচক ‘ভিজা’ পোৱাতো দূৰৰে কথা৷ কিন্তু আমি
সংবাদ মাধ্যমত পোৱামতে বহু জনপ্ৰতিনিধিৰ বিৰুদ্ধে বিভিন্ন গোচৰ আদি থকাৰ পাছতো
তেওঁলোক ‘অতি গুৰুত্বপূৰ্ণ ব্যক্তি’ৰ মৰ্যাদাসহকাৰে দেশ-বিদেশ ভ্ৰমণ কৰি থাকিব
পাৰে অনায়াসে!
একেদৰেই আজিকালি
বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মান নিৰূপণৰ বিভিন্ন ব্যৱস্থা থকাৰ দৰেই একোখন
পৌৰসভা, পৌৰ নিগম, পঞ্চায়ত বা চৰকাৰৰ কাম-কাজৰ মান নিৰূপণৰ
উদ্দেশ্যেও একোটা সাংবিধানিক ব্যৱস্থা থকা উচিত৷ ৰাইজে কথাবোৰ পাহৰি যায় নাইবা
নতুন নতুন কথাৰে পুৰণি কথা কিছুমান পাহৰাই ৰখাৰ কৌশল যিহেতু ৰাজনীতিৰ ক্ষেত্ৰখনত
দেখা যায়, সেয়ে একোখন চৰকাৰে ঘোষণা কৰা বহু উন্নয়নমূলক আঁচনি প্ৰকৃততেই ৰূপায়ণ
নহয়গৈ৷ তেনে বিফলতাবোৰ লিপিৱদ্ধ হোৱাৰ এটা নিয়মীয়া অনুশীলন গঢ় দিয়া উচিত৷
সফলতাবোৰক লৈ চিন্তা নাই– চৰকাৰে নিজই সেইবোৰ ৰাজহুৱা কৰি থাকে!
পিছে এইবোৰ অলীক সপোনৰ বাহিৰে আন একো নহয়৷ কাৰণ পৃথিৱীৰ সকলো দেশ বা ৰাজ্যতে এনে নিয়মবোৰ প্ৰস্তুত কৰে ক্ষমতাত অধিষ্ঠিত মন্ত্ৰী, বিধায়ক, সাংসদ আদিসকলেই৷ তেওঁলোকে বাৰু নিজৰ বিপদ হোৱাকৈ নিয়ম প্ৰস্তুত কৰিবনে? ‘পহিলা এপ্ৰিল’ৰ এপাহি ‘ফুল’ বুলি এইখিনি চিন্তাকে ৰাজহুৱাকৈ দাঙি ধৰিলোঁ৷