অন্যযুগ/
সম্পাদকীয়
আমাৰ ভৱিষ্যৎ
বৰ্তমান সময়ত সমগ্ৰ মানৱ সমাজেই নিজৰ ভৱিষ্যতক
লৈ শঙ্কিত আৰু সন্দেহশীল। বিশেষকৈ গভীৰ মহাকাশতো বিচৰণ কৰিবলৈ ওলোৱা প্ৰযুক্তিৰ অধিকাৰী
মানুহে যেতিয়াই ন’ভেল ক’ৰ’না ভাইৰাছ নামৰ চকুৰে নেদেখা ক্ষুদ্ৰাতিক্ষুদ্ৰ বিষাণু এটাৰ
সন্মুখত অসহায় হৈ পৰিল, তেতিয়াই সকলোৰে মনত সন্দেহ ঘনীভূত হ’বলৈ ধৰিলে। এটা মাত্ৰ আঙুলিৰ
টিপাতে সমগ্ৰ পৃথিৱীখনকে ধ্বংসস্তুপত পৰিণত কৰিব পৰাকৈ সামৰিক শক্তিৰ অধিকাৰী মানুহ
নামৰ অহঙ্কাৰী প্ৰাণীবিধ কিমান অসহায়, সেয়া যোৱা ছটা মাহতে ফট্ফটীয়াকৈ ওলাই পৰিল।
প্ৰকৃতিৰ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি
তাৰ আধাৰতে ধনী-নিৰ্ধনীৰ বিচাৰ মানুহৰ সমাজতহে আছে। এনে বিচাৰ ব্যক্তিগত জীৱনৰ পৰা
বৃহত্তৰ সমাজ জীৱনলৈকে বিস্তৃত। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি-কূটনীতিৰো আধাৰ এই
সম্পদেই। অথচ প্ৰকৃতিয়ে কোনো ব্যক্তিকে কোনো বিশেষ সম্পদৰ অধিকাৰী পতা নাই। সেয়েহে
বিভিন্ন বস্তুক সম্পদ নাম দি সেইবোৰত বিভিন্ন ধৰণৰ মূল্য আৰোপ কৰি আমি নিজেই কৃত্ৰিমভাৱে
ৰচনা কৰি লোৱা ব্যৱস্থাটোক যে প্ৰকৃতিয়ে কাহানিও স্বীকাৰ কৰা নাই, সেয়া এইবাৰ ক’ৰ’না
ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু অভাৱনীয় বিস্তাৰে আকৌ এবাৰ প্ৰমাণ কৰিলে। সেয়েহে এই ভাইৰাছে
ধনী-দুখীয়াৰ বিচাৰ কৰা নাই। প্ৰতিজন মানুহৰ ভাগতে যেনেকৈ দিন-ৰাতিৰ সময় সমানকৈয়ে পৰে,
পোহৰ-আন্ধাৰ, জাৰ-জহ সমানকৈয়ে প্ৰত্যেকে লাভ কৰে, সেইদৰেই ক’ৰ’না ভাইৰাছেও এফালৰ পৰা
সকলোৰে শৰীৰক সংক্ৰমিত কৰি গৈছে। স্বাস্থ্যবিজ্ঞানীসকলৰ কিছু অংশই কৈছে যে সকলোৰে শৰীৰত
এই ভাইৰাছ প্ৰৱেশ কৰাৰ পাছত শৰীৰবোৰে নিজে সৃষ্টি কৰা সহনশক্তিয়েই হ’বগৈ ইয়াৰ আচল ঔষধ।
পিছে আধুনিক মানুহৰ সংকীৰ্ণ দৃষ্টিভঙ্গীহে
হাস্যকৰ। বিশেষকৈ বিগত শতিকাৰ আদিভাগত হোৱা ফ্লু মহামাৰিৰ তুলনাত এইবাৰ আক্ৰান্তৰ
সংখ্যা অনেক বেছি আৰু মৃত্যুবৰণ কৰা লোকৰ সংখ্যা তুলনামূলকভাৱে কম। এই ক্ষেত্ৰত বিভিন্ন
দেশৰ মাজত পৰিসংখ্যাক লৈও ৰাজনীতি-কূটনীতিৰ খেলা চলিছে। বহুতে কৈছে যে ৱুহানত আৰম্ভ
হোৱা এই মহামাৰিত মৃত্যু হোৱা চীনা নাগৰিকৰ সংখ্যা দেশখনে ঘোষণা কৰা সংখ্যাতকৈ অনেক
বেছি। আন বহুতে কৈছে, চীনে কিবা গোপন ঔষধ প্ৰয়োগ কৰি মৃতকৰ সংখাটো সীমাৱদ্ধ কৰি ৰাখিবলৈ
সক্ষম হ’ল। বহুতে কৈছে, এই ৰোগবিধ আচলতে ৰোগেই নহয়; ইয়াক কেৱল প্ৰচাৰৰ জোৰত ৰোগৰ ৰূপ
দি মানুহক ভীতিগ্ৰস্ত কৰিব খোজা হৈছে আৰু তাৰ যোগেদি কোনো কোনোৱে নিজৰ ন্যস্তস্বাৰ্থ
সিদ্ধি কৰিব খুজিছে ইত্যাদি। এনে বাক-বিতণ্ডাই প্ৰকৃততে সৰ্বসাধাৰণ বুলি কোৱা মানুহখিনিকহে
বিভ্ৰান্ত কৰি তুলিছে। পদে পদে মৃত্যুভয়ে খোদি ফুৰিছে সকলোকে— কোনজন মৃত্যুৰ শীতল কোলাত
কোন মুহূৰ্তত ঢলি পৰিবলগীয়া হয় একো ঠিক নাই।
এতিয়া আমাৰ মনত ভাব হৈছে, বিভিন্ন দেশে নিজৰ
নিজৰ পৰিধিৰ ভিতৰত নিজৰ মানুহখিনিক ৰক্ষা কৰিবলৈ ভুলে-শুদ্ধই গ্ৰহণ কৰা ব্যৱস্থাবিলাকে
ভৱিষ্যতে মানুহ জাতিটো কাহানিও একেখন মঞ্চতে থিয় হৈ আমি মানুহ বুলি ক’ব পৰা পথটো ৰুদ্ধহে
কৰি পেলাইছে। আমি মন কৰিছোঁ, ৰাষ্ট্ৰসংঘৰ মজিয়াত মাৰাথন আলোচনা চলি আছে, বিশ্ব স্বাস্থ্য
সংস্থাই বিভিন্ন বিশেষজ্ঞৰ দ্বাৰা গৱেষণা কৰাই আছে আৰু দেশবোৰকো বিভিন্ন নীতি-নিৰ্দেশনা
দি আছে যদিও সকলো দেশেই নিজৰ মতেহে পৰিস্থিতিৰ জোৰা মাৰিবলৈ যত্ন কৰি আছে। লগতে এখন
দেশে আন এখন দেশক সন্দেহৰ চকুৰে চোৱাটো অব্যাহত ৰাখিছে।
এই কাৰ্যকলাপ বৰ্তমানৰ শিশুসকলে পৰিণত বয়সত
মুখামুখী হ’বলগীয়া পৃথিৱীখন যে অতিশয় ধূসৰ হৈ পৰিব তাৰ ইঙ্গিত বহন কৰিছে। ই অতিশয় উদ্বেগৰ
বিষয়।
অন্যযুগ প্ৰসঙ্গ
সাহিত্য-সংস্কৃতিৰ বাবেও বৰ্তমান সময়খিনি
নেতিবাচক যেন লাগে। কিন্তু মানুহৰ জীৱনক পুংখানুপুংখভাৱে অধ্যয়ন কৰিব পৰাকৈ এই মহামাৰিয়ে
আমালৈ বহু সুৰুঙা উলিয়াই দিছে। বিশ্বৰ লগতে অসমৰ গ্ৰন্থ উদ্যোগটোও প্ৰায় স্থৱিৰ হৈ
পৰিছে, নাটকৰ জগতখনতো যোৱা ছটা মাহে নিৰন্ধ্ৰ অন্ধকাৰ বিৰাজমান। বহু হাজাৰ অসমীয়া পৰিয়য়ালৰ
পেটৰ ভাতমুঠিৰ নিশ্চয়তা দি অহা ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনো সম্প্ৰতি জঠৰ। আমি সকলোৱে
নিৰুপায় অৱস্থা এটাত কিবা উপায় ওলাব ওলাব বুলি অপেক্ষা কৰিছোঁ।
অন্যযুগতো নেতিবাচকক ইতিবাচকলৈ সলনি কৰিবলৈ
যৎপৰোনাস্তি যত্ন কৰা হ’ব। এই সংখ্যাৰ পৰা অন্যযুগত কিছু নতুন শিতান আৰম্ভ কৰিবলৈ প্ৰয়াস
কৰা হৈছে। সদাশয় পঢ়ুৱৈসকলৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া আৰু দিহা-পৰামৰ্শ আহ্বান কৰিছোঁ।
শিশু-কিশোৰৰ চ’ৰা প্ৰসঙ্গ
আজিৰ শিশুসকল পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’লেহে ভৱিষ্যতেও তেওঁলোকে পঢ়া-শুনাৰ প্ৰতি দায়বদ্ধ হৈ ৰ’ব আৰু শিশুকালতে গঢ় দিয়া অভ্যাসটোৱে ভৱিষ্যতে বুজন বয়সত তেওঁলোকৰ ব্যক্তিত্ব আৰু প্ৰতিভাক উজলাই তুলিব। সেয়ে বৰ্তমান অসমৰ শিশু আলোচনীকেইখনৰ প্ৰকাশ অনিশ্চিত ধৰণৰ হৈ পৰালৈ লক্ষ্য ৰাখি শিশু আৰু কিশোৰসকলৰ মানসিক খোৰাক যোগাবলৈ এই শিতানটো আৰম্ভ কৰা হৈছে। অহা সংখ্যাৰ পৰা এই শিতানটোৰ কলেৱৰ বৃদ্ধি কৰা হ’ব। ইয়াত (১) শিশু আৰু কিশোৰৰ বাবে লিখা আৰু (২) শিশু আৰু কিশোৰে লিখা লেখা প্ৰকাশ কৰা হ’ব। আগ্ৰহীসকলক লেখা পঠাবলৈ অনুৰোধ জনালোঁ।