অন্যযুগ/


সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে কিছু চিন্তা


চুবুৰীয়া বাংলাদেশতবিগত কিছুদিন ধৰি সংৰক্ষণ বিৰোধী আন্দোলন গা কৰি উঠিল আৰু অৱশেষত দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোক লৈ যি ৰায়দান কৰিলে সেয়া লক্ষ্য কৰি আমাৰ দেশৰো সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে নতুনকৈ চিন্তা-চৰ্চা কৰিবলগীয়া আছে বুলি বোধ হৈছে৷ ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সংগ্ৰামীসকলৰ পৰিয়ালৰ লগতে আন কেইটামান শ্ৰেণীৰ লোকৰ  বাবে এটা সময়ত দেশখনত চৰকাৰী চাকৰিত ৫৬ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছিল৷ বিভিন্ন ঘটনাক্ৰমৰ অন্তত দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে সকলো ধৰণৰ সংৰক্ষণ কেৱল ৭ শতাংশলৈ হ্ৰাস কৰিলে৷ এই নিৰ্দেশ অনুসৰি এতিয়াৰপৰা মুক্তিযোদ্ধাৰ পৰিয়ালে লাভ কৰিব ৫ শতাংশ আৰু বিশেষভাৱে সক্ষম তথা তৃতীয় লিঙ্গৰ লোকসকলে লাভ কৰিব ১ শতাংশ সংৰক্ষণৰ সুবিধা৷ লগতে দেশখনত অনগ্ৰসৰ শ্ৰেণীৰ বাবেও ১ শতাংশ সংৰক্ষণৰ সুবিধা ৰখা হৈছে৷ এই ৰায়দান নিশ্চিতভাৱে যুগান্তকাৰী বুলি বিৱেচিত হৈছে৷ ভাৰতবাসী আচৰিত হ’বলগীয়া বিষয় এয়ে যেদেশখনৰ উচ্চতম ন্যায়ালয়ে দিয়া এই ৰায়দানৰ সংৰক্ষণৰ সুবিধা ৭ শতাংশতকৈও হ্ৰাস কৰিব লাগে বুলি সম্প্ৰতি দাবী উত্থাপন হৈ আছে৷

বাংলাদেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ ৰায়দান আৰু সেই ৰায়দানক লৈও অসন্তুষ্ট বাংলাদেশৰ গৰিষ্ঠ সংখ্যক নাগৰিকৰ মনোভাব সাম্প্ৰতিক সময়ত নিশ্চিতভাৱেই ভাৰতবাসীক আচৰিত কৰি দিব পৰা৷ কাৰণ স্বাধীনতা অৰ্জনৰ পূৰ্বে বিভিন্ন ব্ৰিটিছাধীন ৰাজ্যত বিক্ষিপ্তভাৱে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও স্বাধীনতা-পৰৱৰ্তী কালত সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তিত হয়৷ এনে সংৰক্ষণ ব্যৱস্থাসমূহে প্ৰকৃততে পূৰ্বনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য সাধন কৰিব পাৰিছেনে বুলিও প্ৰশ্ন উত্থাপন কৰিব পাৰি৷

১৯৩২ চনৰ জুন মাহৰ ঘূৰণীয়া মেজমেল সন্মিলনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ৰামছে মেকড’নাল্ডে ভাৰতবৰ্ষত সম্প্ৰদায়ভিত্তিক নিৰ্বাচনৰ প্ৰস্তাৱ আগ বঢ়াইছিল৷ তাৰে ফলত কালক্ৰমত ভাৰতীয় সংসদীয় ব্যৱস্থাত মুছলমান, শিখ, ভাৰতীয় খ্ৰীষ্টান, এংল’-ইণ্ডিয়ান আৰু ইউৰোপীয়ানসকলৰ পৃথক প্ৰতিনিধিত্বৰ ব্যৱস্থা হয়৷ এই ব্যৱস্থাৰে এটা অংশ আছিল দলিত তথা অনুসূচীত জাতি-জনজাতিৰ লোকৰ বাবে কেইখনমান আসনৰ সংৰক্ষণ৷ গতিকে দেখা গ’ল, ভাৰতবৰ্ষৰ সামগ্ৰিক সংৰক্ষণ ব্যৱস্থাটো জাতিভেদ-আধাৰিত আৰু একে সময়তে ই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতও আছিল৷ ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সপক্ষে, ১৯৮০ চনৰ পাছত অন্যান্য পিছপৰা জাতিৰ সপক্ষে আৰু ২০১৯ চনত সাধাৰণ শ্ৰেণীৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ১৯৫০ চনত আৰম্ভ হোৱা এফাৰমেটিভ একশ্যন প্ৰগ্ৰাম অনুসৰি স্বাধীন ভাৰতৰ সংসদীয় ব্যৱস্থাত উপেক্ষিত সম্প্ৰদায়সমূহৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল৷ ১৯৫৪ চনত ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে শিক্ষানুষ্ঠানসমূহত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে ২০ শতাংশ স্থান সংৰক্ষিত কৰিবলৈ পৰামৰ্শ দিছিল আৰু প্ৰয়োজন হলেই নামভৰ্তিৰ বাবে ন্যূনতম অৰ্হতাৰ মূল্যাঙ্ক ৫ শতাংশ শিথিল কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল৷ ১৯৮২ চনত নিৰ্দিষ্ট কৰা হৈছিল যে ৰাজহুৱা খণ্ড আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ খালী পদৰ ১৫ শতাংশ আৰু ৭.৫ শতাংশ ক্ৰমে অনুসূচিত জাতি আৰু অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হ’ব লাগিব৷

ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ে ১৯৯২ চনত দিয়া এক ৰায়দান অনুসৰি সংৰক্ষণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে৷ ৫০ শতাংশতকৈ অধিক যিকোনো সংৰক্ষণে সংবিধানৰ উল্লংঘন বুলিও উক্ত ৰায়তকোৱা হৈছিল৷ কিন্তু পৰৱৰ্তী সময়ত কৰা সংবিধানৰ সংশোধনে সংৰক্ষণ ৫০ শতাংশৰো অধিক কৰে৷ এই ব্যৱস্থাটোৰ ভিতৰত আৰু অনেক দীঘলীয়া তথা বিচিত্ৰ ইতিহাস আছে৷

এতিয়া ভাৰতীয় সংৰক্ষণ ব্যৱস্থাৰ আটাইতকৈ লক্ষ্য কৰিবলগীয়া বিষয়টো হৈছে  কোন কাহানিবাই পিছপৰা বা অনুসূচীত জাতি-জনজাতি বুলি চিহ্নিত একোজন লোকৰ বংশ-পৰিয়ালে প্ৰজন্মৰ পাছত প্ৰজন্ম এনে সুবিধা লাভ কৰি গৈ আছে৷ যদি ‘পিছপৰা’ অৱস্থাৰপৰা ‘আগবঢ়োৱা’ই এনে ব্যৱস্থাৰ লক্ষ্য আছিল তেন্তে চৰকাৰী সংৰক্ষণৰ সুবিধাই তেনে লোক বা লোকসমষ্টিক ‘আগবঢ়াব পাৰিলেনে নাই’ জৰীপ চলোৱা উচিত আছিল৷ তদুপৰি একোজন লোকে ছাত্ৰাৱস্থাত কম শতাংশ মূল্যাঙ্কৰে শিক্ষানুষ্ঠানত আসন লাভ কৰা, চৰকাৰী জলপানি লাভ কৰা, বিভিন্ন ধৰণৰ চৰকাৰী আৱেদনৰ মূল্য কমকৈ ভৰা, চাকৰিৰ ক্ষেত্ৰতো সংৰক্ষণৰ সুবিধা লাভ কৰা আদিকৈ অনেক সুবিধা লাভ কৰে দেখোন! তাৰ পাছতো তেনে লোক কিয় অনুসূচীত বা পিছপৰা হৈয়ে ৰৈ গৈছে বুজা নাযায়৷ আমি জনা এজন লোক অনুসূচীত জাতিৰ বুলি চিহ্নিত৷ তেখেত আছিল এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ৷ তেখেতৰ সাতোটাকৈ ল’ৰা-ছোৱালীয়েও ওপৰত উল্লেখ কৰা সকলো সা-সুবিধা লাভ কৰি বৰ্তমানে চৰকাৰী চাকৰিত কৰ্মৰত৷ উল্লেখযোগ্য যে তেখেতৰ নাতি-পুতিয়েও বৰ্তমানেও পিছপৰা বা অনুসূচীত জাতিৰূপেই সকলো সা-সুবিধা লাভ কৰি আছে৷

এনে সংৰক্ষণ বন্ধ হোৱা উচিত৷ এনে ব্যৱস্থাই সুবিধাবাদৰহে পৃষ্ঠপোষকতা কৰে৷ বাংলাদেশৰ সংৰক্ষণবিৰোধী আন্দোলন আৰু তাৰ ফলাফলৰপৰা আমিও উপযুক্ত শিক্ষা লাভ কৰাৰ সময় সমাগত হৈছে৷

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ