ভাৰত
চৰকাৰে ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ ধ্ৰুপদী ভাষা আন চাৰিটা ভাষাৰ লগতে অসমীয়া
ভাষাকো স্বীকৃতি প্ৰদান কৰে৷ ধ্ৰুপদীভাষা হিচাপে অসমীয়া ভাষাৰ এই স্বীকৃতিৰ
যাত্ৰাত বহুজন গুণী লোকে নিজৰ নিজৰ অৰিহণা আগ বঢ়াইছে৷ তাতে হাত উজান দিছে অসমৰ
চৰকাৰেও৷ এখন সুদীৰ্ঘ নথি-পত্ৰ প্ৰদৰ্শনৰ যুদ্ধৰ অন্ততহে এই স্বীকৃতি অৰ্জন সম্ভৱ
হৈ উঠিছে৷
এই
স্বীকৃতিৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে দলদোপ-হেন্দোলদোপ কৰি বিভিন্ন
সভা-সমিতি পাতিলে, বিভিন্নজনে বক্তৃতাও দিলে৷ চৰকাৰী
পৃষ্ঠপোষকতাতো পালন কৰা হ’ল ‘ভাষা গৌৰৱ সপ্তাহ’ বোলা এক উপলক্ষ্য৷
কলেজ-বিশ্ববিদ্যালয়ৰ ষান্মাষিক পৰীক্ষা সম্মুখত ৰাখিও ছাত্ৰ-ছাত্ৰীয়ে তেনে
অনুষ্ঠানত উপস্থিত থকাৰ নিৰ্দেশ বা অনুৰোধ পালন কৰিলে৷
পিছে
লক্ষ্যণীয় বিষয়টো হৈছে, ‘ধ্ৰুপদী ভাষাৰ স্বীকৃতি’ৰ নথি এখনে
অথবা ‘ভাষা গৌৰৱ সপ্তাহ উদ্যাপনে’ অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষিত বুলি আমাক পতিয়ন
নিয়াব নোৱাৰে৷ ইয়াৰ অন্যতম প্ৰধান কাৰণ হৈছে মাতৃভাষা হিচাপে অসমীয়া ভাষাটো
ব্যৱহাৰ কৰাৰ সময়ত আমি প্ৰদৰ্শন কৰা অৱজ্ঞা অথবা বেপৰোৱা মনোভঙ্গী৷ উদাহৰণ এটা
দিওঁ৷ ডিব্ৰুগড় জিলাত জিলা ভিত্তিত অনুষ্ঠিত ‘ভাষা গৌৰৱ সপ্তাহ’ৰ উদ্বোধনী
অনুষ্ঠানত (৩ নৱেম্বৰ, ২০২৪) মঞ্চৰ পিছফালে আঁৰি থোৱা ফলকখনত মুখ্য
অতিথিজনৰ পৰিচয় হিচাপে লিখা আছিল ‘মন্ত্ৰী উদ্যোগ, বাণিজ্য ও
ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক দপ্তৰ, অসম চৰকাৰ’৷ এই লেখা বাৰু শুদ্ধনে?
‘মন্ত্ৰী
উদ্যোগ’টো কি বস্তু! তদুপৰি ‘আৰু’ৰ ঠাইত ব্যৱহাৰ কৰা ‘ও’টো? আন স্থানত বাদেই
দিছোঁ, চৰকাৰী ‘ভাষা গৌৰৱ সপ্তাহ’ৰ কাৰ্যসূচীত অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁতে
যদি উদ্যোক্তাসকলে এনে বেপৰোৱা মানসিকতা প্ৰদৰ্শন কৰে তেন্তে কোনোবা মনে-প্ৰাণে
নিজকে অসমীয়া বুলি ভাবি বা কৈ ভালপোৱা লোকে সহ্য কৰিব পাৰিবনে? সেই
অনুষ্ঠানতে সেইজন মুখ্য অতিথিয়ে ‘অসমীয়া ভাষা’ৰ উৎস হিচাপে কেইবাবাৰো ‘মগধী
প্ৰকৃত’ৰ কথা কৈছিল৷ তেখেতক নিশ্চয় কোনোবা বিশেষজ্ঞই ‘মাগধী প্ৰাকৃত’ বুলি লিখি
দিছিল৷ তেখেতে চাই চাই কৈ যাওঁতে কৰি পেলালে ‘মগধী প্ৰকৃত’৷ ৰাজহুৱা মঞ্চত
দায়িত্বশীল জনপ্ৰতিনিধি এগৰাকীয়ে এনে কথা কোৱা মানে অসমীয়া ভাষাটোৰ প্ৰতি আমি য়ে
দায়বদ্ধ নহওঁ সেইটোৱেই প্ৰমাণ হয়! সেইখন মঞ্চতে বহি আছিল বিশিষ্ট ভাষাবিদ পণ্ডিত
অধ্যাপক ভীমকান্ত বৰুৱাদেৱো৷ সেই সময়খিনি তেখেতে কিদৰে সহ্য কৰিছিল ভাবিবলৈকে টান!
একেদৰেই এজন জনপ্ৰতিনিধিয়ে ‘অসমীয়া ভাষাটো দ্ৰৌপদী ভাষা হ’ল’ বুলি বক্তব্য প্ৰদান
কৰাৰ বিষয়েও বাতৰি কাকতে প্ৰকাশ কৰিছিল৷
অলপতে
‘স্কিল যাত্ৰা’ৰ এখন প্ৰচাৰ পত্ৰ নি(য় বহুতে দেখা পাইছে৷ সেইখন কাগজত ‘অসমীয়া
ভাষা’ৰ ৰূপ আৰু ভয়ঙ্কৰ৷ তাত লিখা আছে ‘বি. এ. / বি. এ [মাননীয়], এম.
এ. / এম. এ [মাননীয়]৷ এই মাননীয়টো বুজিবলৈ টান৷ সম্ভৱতঃ গুগল নামৰ ব্যৱস্থাটোৰ
জৰিয়তেঅনুবাদ কৰোঁতে ইংৰাজী ‘অনাৰ্ছ’ শব্দটো ‘মাননীয়’ হৈ পৰিছে৷ এই কাগজখন চৰকাৰৰ
উদ্যোগত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে৷ এখন গাড়ীত কেইজনমান ব্যক্তি ঘূৰি ফুৰিছে
ৰাজ্যৰ ইমূৰৰপৰা সিমূৰলৈ, শিক্ষানুষ্ঠানবোৰত প্ৰচাৰ চলোৱাৰ লগতে
এনে কাগজ বিতৰণ কৰিছে৷ ইয়াৰ মানে, এই কাগজখনৰ লাখ লাখ ক’পি ছপা কৰা হৈছে
য’ত বহু পৰিমাণৰ ৰাজহুৱা পুঁজি খৰচ হৈছে৷ এনে এটা গুৰুত্বপূৰ্ণ কাম কৰোঁতে তাত
লিখা নিজৰ ভাষাটোৰ শুদ্ধতাৰ প্ৰতি মনোযোগ দিয়া নহ’ল কিয়? কাগজখনত থকা আন
কিছুমান শব্দ বা বাক্যাংশ এনে ধৰণৰ– ‘প্ৰয়োগিক’ (হ’ব লাগে প্ৰায়োগিক), ‘অপ্থালমিক’
(হ’ব লাগে অপ্থালমিক। অসমীয়া ভাষাত প আৰু থ বৰ্ণ যুক্ত নহয়), ‘জনেৰেলে
মনেজোৰ’ (হ’ব লাগে জেনেৰেল মেনেজাৰ)], ‘শীত্তাপ’ (হ’ব লাগে শীতাতপ), ‘চেৰিকুলটুৰিষ্ট’
(হ’ব লাগে চেৰিকালছাৰিষ্ট), ‘ৰেডিঅ []লজি’
(হ’ব লাগে ৰেডিঅ’ল’জি) আদি৷ এইবোৰ বিষয়ত চকু দিবলৈ মানুহৰ অভাৱ হৈছে নে আগ্ৰহৰ?
বাতৰি কাকতততো অসমীয়া ভাষাৰ ব্যৱহাৰৰ বিষয়ে ক’বই নালাগে। অসমীয়া ভাষাত দম্পতী মানে পতি-পত্নী যুগল। গতিকে লিখা উচিত এক দম্পতী বা এটা দম্পতী। আজিকালি বাতৰি কাকতত আমি প্ৰায়েই ‘এহাল দম্পতী’ পঢ়িবলৈ পাওঁ। মাজে মাজে দম্পতী গৈ ‘দম্পত্তি’ হোৱাও দেখোঁ। সিদিনা কাকতৰ এটা বাতৰিৰ শিৰোনাম আছিল ‘ভোটযুদ্ধত মুখ্যমন্ত্ৰী কনৰাডৰ পত্নীজয়’ যাৰ অৰ্থ হ’ব ভোটৰ যুদ্ধত কনৰাড নামৰ লোকজনে নিজৰেই হওক বা আনৰেই হওক পত্নীক পৰাস্ত কৰিলে! এনে ভাষাৰেই আমি আজিকালি অসমীয়া বাতৰি কাকত পঢ়োঁ!
এই
নিজৰ প্ৰতি আগ্ৰহ আৰু সন্মানবোধ নোহোৱা চৰিত্ৰটোৱেই সামগ্ৰিকভাৱে অসমীয়া জাতিটোকে
ক্ৰমে ক্ৰমে নিশকতীয়া কৰি আনি আছে৷ আমাৰ জাতীয়তাবোধ যেন কেৱল ৰাজপথৰ প্ৰদৰ্শনতহে
বৰ্তি আছেগৈ যি জাতীয়তাবোধে কোনো জাতীয় সমস্যা সমাধান কৰিব নোৱাৰিলেও কিছুমান
‘নেতা’ৰ জন্ম সময়ে সময়ে দিয়েই আছে৷ এনে অভিজ্ঞতাৰ আধাৰত যোৱা সংখ্যাৰ সম্পাদকীয়
টোকাৰ শেষৰ বাক্যটোকে আকৌ দোহাৰিম– এনে অৱস্থাত ধ্ৰুপদী অসমীয়া ভাষাৰ ভৱিষ্যত কেনে
হ’বগৈ বুলি এটা ভয়াৱহ প্ৰশ্নই আমাক আমনি কৰি আছে৷
অন্যযুগ প্ৰসঙ্গ :
অহা জানুৱাৰি, ২০২৫ সংখ্যাৰপৰা 'অন্যযুগ'ত আৰম্ভ হ'ব দুখন নতুন ধাৰাৱাহিক উপন্যাস - (১) সাহিত্য অকাদেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰাৰ 'বেংডোবাৰ ঘাট' আৰু (২) গোৱিন কুমাৰ খাউণ্ডৰ 'পানী হিলৈ'।