অন্যযুগ/


বিজ্ঞান : চিন্তা আৰু দুঃচিন্তা

 [১]

১৯৮৬ চন আৰু ১৯৮৭ চনত প্ৰায় পাঁচ মাহৰ অগাপিছাকৈ দুটা সূৰ্যগ্ৰহণৰ ঘটনা ঘটিছিল৷ সেই সময়ত আমি আছিলোঁ স্কুলীয়া ছাত্ৰ৷ আমাৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ কাৰণবোৰ স্পষ্টকৈ লিখা আছিল, পঢ়িছিলোঁও৷ কিন্তু সেই সূৰ্যগ্ৰহণৰ সময়ত আমাৰ ঘৰ-দুৱাৰ বন্ধ কৰি বেৰৰ জলঙাবোৰো আনকি সূৰ্যৰ পোহৰ সোমাব নোৱৰাকৈ বন্ধ কৰি ৰখা হৈছিল৷ আমাক ঘৰৰ ভিতৰতে বন্দী কৰি ৰখা হৈছিল৷ আনহে নালাগে যি পকী কুঁৱাৰপৰা আমি পানী খাওঁ, সেই কুঁৱাটোও ঢাকি ৰখা হৈছিল৷ তেনে কৰাৰ কাৰণ কি আছিল? আমাক কোৱা হৈছিল যে সূৰ্যগ্ৰহণৰ সময়ত বেলিৰ পোহৰ য’তে পৰে তাতে অমাঙ্গলিক কিবা এটা ঘটে৷ কুঁৱাৰ পানীত বেলিৰ পোহৰ পৰিলে পানীখিনিও বিষাক্ত হৈ পৰিব৷ 

আমাৰ পিতৃ-মাতৃ আছিল তেনেই স্বল্পশিক্ষিত লোক৷ কিন্তু আমাৰ আশে-পাশে থকা শিক্ষিত লোকসকলৰ ঘৰতো একে অৱস্থাই বিৰাজ কৰিছিল৷ আজিৰপৰা প্ৰায় পঁচিছ বছৰৰ পূৰ্বৰ সমাজখন এতিয়া আৰু নাই৷ শিক্ষিত লোকৰ সংখ্যাও যথেষ্ট বাঢ়িছে৷ কিন্তু শিক্ষাৰ যি মৌলিক উদ্দেশ্য– কাৰ্য-কাৰণৰ সম্পৰ্ক নিৰ্ণয়ৰ যত্নৰ, ই বাৰু বৃদ্ধি পাইছেনে? এই কাৰ্য-কাৰণৰ সম্পৰ্ক-সূত্ৰৰ নিৰন্তৰ অনুসন্ধানেই বিজ্ঞান৷ উচ্চ উচ্চ ডিগ্ৰীধাৰী লোকৰ মনতো এই একবিংশ শতিকাতো বিজ্ঞান-মানসিকতাৰ অভাৱ দেখি আমি আচৰিত হওঁ৷

 

[২]

‘জুই জ্বলিবলৈ অক্সিজেন গেছৰ প্ৰয়োজন৷ হাইদ্ৰ’জেন গেছ নিজে জ্বলি শেষ হৈ যায়, কিন্তু জুই জ্বলাত সহায় নকৰে৷ পৃথিৱীবাসী বহুকোষী জীৱবোৰে শ্বাস-প্ৰশ্বাসৰ যোগেদি বায়ুমণ্ডলৰপৰা নিজৰ প্ৰয়োজনীয় অক্সিজেন গেছ আহৰণ কৰে আৰু শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড্‌ গেছ বায়ুমণ্ডলত এৰি দিয়ে৷ মাটি-আৰু পানী পৃথিৱীৰ উপৰিভাগৰ দুটা ঘাই উপাদান আৰু পানীৰ বেলেগ বেলেগ অৱস্থাৰ কাৰণ হৈছে বায়ুমণ্ডলত তাপমানৰ হ্ৰাস-বৃদ্ধি৷’ এইবোৰ আছিল আমি সৰুতে পঢ়া সাধাৰণ বিজ্ঞানৰ প্ৰমাণিত সত্য৷ বিজ্ঞানে প্ৰমাণ অবিহনে একোকে সত্য বুলি গ্ৰহণ নকৰে বুলিও সৰুতেই আমাৰ মনত সোমাইছিল৷ অৱশ্যে প্ৰমাণিত সত্যও আপেক্ষিক বুলিহে বিজ্ঞানে বিশ্বাস কৰে৷ অৰ্থাৎ এবাৰ সত্য বুলি প্ৰমাণ হোৱা এটা তথ্য পৰৱৰ্তী সময়ত অসত্য বুলিও প্ৰমাণ হ’বগৈ পাৰে৷ এইখিনিতে সুবিধাবাদৰ সুৰুঙা এটা আছে আৰু এই সুৰুঙাটোৰেই বিজ্ঞানৰ চোলা পিন্ধা এচাম লোকে সমাজ একোখনক বিপথে পৰিচালিত কৰি আহিছে৷

দুবছৰমান পূৰ্বে প্ৰচাৰ মাধ্যমৰ যোগেদি জানিব পাৰিছিলোঁ যে চুবুৰীয়া দেশ এখনৰ সৈতে যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হ’লে ভাৰতবৰ্ষই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ পৰিৱৰ্তে মন্ত্ৰশক্তিৰ সহায়েৰে সেই দেশৰ সেনাবাহিনীক পৰাভূত কৰিব পাৰিব৷ ই অতিশয় হাস্যকৰ ধাৰণা৷ অথচ একবিংশ শতিকাৰ দ্বিতীয় দশকতো এনে কথা বিশ্বাস কৰোঁতা মানুহ আমাৰ সমাজত যথেষ্ট৷ আকৌ, এজন প্ৰখ্যাত স্বয়ম্ভূ কবিৰাজে ৰাজহুৱাকৈ জনালে যে দহ [১০] গ্ৰাম ঘিঁউ জ্বলালে ১৬ কিলোগ্ৰাম অক্সিজেন উৎপন্ন হয়৷ তেওঁৰ মতে বৈদিক পদ্ধতিৰে প্ৰস্তুত কৰা ঘিঁউৰে চাকি জ্বলাব লাগে৷ মনোযোগেৰে লক্ষ্য কৰিলে এনে তথ্যবোৰৰ মাজত মানুহৰ মনোজগতৰ বহু আমোদজনক দিশ ফুটি উঠা দেখা যায়৷ আনহাতে, একে সময়তে এনে তথ্যবোৰে ভৱিষ্যতৰ মানুহৰ বাবে ভয়াৱহ অশনি সংকেতো বহন কৰে৷

মন্ত্ৰশক্তিৰ বলেৰে কোনোবাই কাৰোবাক প্ৰভাৱান্বিত কৰাৰ লিখিত তথ্য থাকিব পাৰে, কিন্তু সেই তথ্য লিপিৱদ্ধ কৰোঁতাজনৰ ব্যক্তিগত অভিজ্ঞতা আহৰণৰ পথ বা পদ্ধতিটোও সন্দেহজনক৷ আমাৰ জীৱনকালত এনে কথা কিছুমান আমি শুনিছোঁহে, দেখা নাই৷ আমাৰ আই-দেউতায়ো হেনো এনে কথাবোৰ শুনিছিলহে, দেখা নাছিল৷ আমাৰ আই-দেউতাই কোৱা শুনিছিলোঁ যে আমাৰ ককা-আইতাহঁতেও হেনো এনেবোৰ কথা শুনিছিলহে, দেখা নাছিল৷ এই যে পৰম্পৰাগতভাৱে পুৰুষাণুক্ৰমে এচামৰ পাছত এচাম লোকে শুনি অহা কথাবোৰ, এনে কথাৰপৰাই সাধুকথাৰ জন্ম হয়৷ সাধুকথাত বিশ্বাস-অবিশ্বাসৰ প্ৰশ্ন উত্থাপিত নহয়৷

কিন্তু আমি আধুনিক মানুহ৷ প্ৰতিটো কাৰ্যৰ অন্তৰ্নিহিত কাৰণ আমি জানিব খোজোঁ৷ কোনোবাই যদি জানিব নোখোজে তেন্তে তেনে লোকক আধুনিক কালত উপজা পৌৰাণিক মানসিকতাৰ লোক বুলিব লাগিব৷ সি যি নহওক, শব্দৰ যদি শক্তি থাকে তেন্তে সেই শক্তি আন কিহবাৰপৰাহে সৃষ্টি হ’ব লাগিব৷ এজন বা এশজন কিংবা হাজাৰজন ব্যক্তিয়ে মন্ত্ৰ উচ্চাৰণ কৰা শব্দৰ শক্তিয়ে লক্ষ লক্ষ শত্ৰুসৈন্যৰ কোলাহল আৰু সেইসকলৰ যান-বাহন আৰু যন্ত্ৰ-পাতিৰপৰা সৃষ্টি হোৱা শব্দৰ শক্তিক প্ৰতিহত কৰি সেই সেনাবাহিনীক বিমোহিত কৰিব বুলি অন্ততঃ আজিৰ যুগৰ মানুহ হিচাপে আমি মানি ল’ব নোৱাৰোঁ৷ আনকি পুৰাণ-মহাকাব্যতো তেনে যুদ্ধ হোৱা বুলি লিখা আমি পঢ়া নাই৷ সকলোৱে শাৰীৰিক আৰু অস্ত্ৰশক্তিৰ লগতে মগজুৰ শক্তিৰ প্ৰয়োগেৰেহে যুদ্ধত অৱতীৰ্ণ হোৱা বুলি লিপিবদ্ধ পুৰাকাহিনীবোৰেও কয়৷ 

পৰৱৰ্তী উদাহৰণটো! মাত্ৰ দহ গ্ৰাম ঘিঁউৰ দহনৰ ফলত ষোল কিল’গ্ৰাম অক্সিজেন! ই এটা অবান্তৰ ধাৰণা নহয়নে? এনেকৈ হ’লে দেখোন পৃথিৱীখন অক্সিজেনময় কৰি তুলিবলৈ চৌবিছ ঘণ্টাও নালাগে৷ এনেকৈ হ’লে দেখোন বছৰ বছৰ জুৰি দেশবোৰে বিশেষজ্ঞ বিজ্ঞানীক নিয়োগ কৰি পৃথিৱীৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰিবলৈ এনেয়ে অতবোৰ গৱেষণা চলাই আছে৷ পৃথিৱীৰ মানুহবোৰ ইমান নিৰ্বোধ হৈ আছেনে? লগতে সেই বৈদ্যজনে উল্লেখ কৰিছিল যে যিকোনো ঘিঁউ দহন কৰিলেও নহ’ব; সম্পূৰ্ণ বৈদিক পদ্ধতিত প্ৰস্তুত কৰা ঘিঁউ হ’ব লাগিব৷ জনা-নজনাৰ মাজেৰে আমি চাৰিওখন বেদ অধ্যয়ন কৰিছোঁ [ব্যক্তিগত সংগ্ৰহতো ৰাখিছোঁ, প্ৰয়োজনত কাৰোবাক পঢ়িবলৈ দিব পৰাকৈ] কিন্তু বেদসমূহৰ এটা পৃষ্ঠাতো ঘিঁউ প্ৰস্তুত কৰা পদ্ধতিৰ বিষয়ে বৰ্ণনা পঢ়িবলৈ পোৱা নাই৷ আমি দেখিছোঁ, বেদ মানে পূজা-পাতল আদিৰ সৈতে সম্পৰ্ক থকা ধৰ্মশাস্ত্ৰ নহয়, বেদ মানে মধুৰ কবিতাহে৷ সেইজন বৈদ্যই নিশ্চয় নগৈ গড়গাঁৱৰ বাতৰি দি কাৰোবাৰ আগত বাহাদুৰি দেখুৱাব খুজিছে৷ তদুপৰি ঘিঁউ বোলা বস্তুবিধ অকলে জ্বলাব পাৰি জানো? আন দাহ্য পদাৰ্থত ঢালিলে ঘিঁৱে জুইকুৰাৰ জ্বলনত সহায় কৰে৷ বিধান দিওঁতাজনৰ বিধানমতেই ঘিঁউৰ সৈতে কপাহো জ্বলে দেখোন ! কপাহ জ্বলাৰপৰা বা কি গেছ সৃষ্টি হয় ?

এনে ধাৰণা একোটা প্ৰচাৰ কৰি মানুহে মানুহৰ কি উপকাৰ সাধে? মানুহে বাৰু বিশ্বাস কৰি লয় কিয়?

ভাৰতবৰ্ষৰ দৰে দেশ এখন এনে ধাৰণাৰ প্ৰচাৰৰ কাৰণে অতিকে উপযুক্ত মঞ্চ৷ সেয়ে ইয়াত সৰ্বব্যাধিবিনাশক ঔষধ দিব পৰা কবিৰাজ বা বৈদ্যৰ জন্ম হয় ৰাতাৰাতি৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মানুহে পৰিশ্ৰান্ত হৈ যিহকে পায় তাকে আশ্ৰয়ৰূপে গ্ৰহণ কৰে ইয়াত৷ আকাশলঙঘী পৰিমাণৰ ধন ব্যয় কৰিব নোৱাৰি বিনা চিকিৎসাৰে ভোগাতকৈ তন্ত্ৰ-মন্ত্ৰ বা জৰা-ফুকা আদি সস্তীয়া আৰু সহজলভ্য উপাদানৰ ওচৰতে আশ্ৰয় ল’বলগীয়া হোৱা এই দেশৰ সৰহ সংখ্যক অসহায় মানুহৰ কাৰণে উপৰিউক্ত ধৰণৰ ব্যক্তিয়ে সহজে ধন ঘটাৰ পথ একোটা বিচাৰি ল’বলৈ সুবিধা পায়৷ আচৰিত কথা যে চিকিৎসা বিজ্ঞানৰ জটিল পাঠ্যক্ৰম সম্পূৰ্ণ কৰি চিকিৎসা সেৱা আগ বঢ়াবলৈ একোজন ব্যক্তিয়ে বিশেষ ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰিব লগাটো ব্যধ্যতামূলক যদিও উল্লিখিত ধৰণৰ বৈদ্য-কবিৰাজসকলে কোনো অনুজ্ঞাপত্ৰ অবিহনেই সকলোৰে সম্মুখতে এনে ‘সেৱা’ আগ বঢ়াব পাৰে৷ আৰু, তাতকৈও আচৰিত কথা, বিজ্ঞান-প্ৰযুক্তিনিৰ্ভৰ বৈদ্যুতিন প্ৰচাৰ মাধ্যম কিছুমানে এনে ‘স্বয়ম্ভূ চিকিৎসক’ বা ‘সমাজ সেৱক’ক প্ৰচাৰ কৰে !

মন্ত্ৰশক্তি বা সৰ্বৰোগবিনাশক ঔষধৰ প্ৰবক্তাসকলে পিছে যোৱা দুবছৰতকৈও অধিক সময় পৃথিৱীয়ে ভুগি থকা ক’ৰ’নাভাইৰাছক প্ৰতিহত কৰিব পৰা নাই৷ এই দিশটো মন্ত্ৰশক্তি বা সৰ্বৰোগৰ চিকিৎসাত বিশ্বাস ৰখা লোকসকলে লক্ষ্য কৰা উচিত৷

সাম্প্ৰতিক সময়ত মানুহৰ জীৱনজড়িত যিকোনো বিষয়েই হৈ পৰিছে ব্যৱসায়ৰ উপাদান৷ সেয়েহে আগৰ এদিনীয়া দীপান্বিতা বা ফাকুৱা উৎসৱ আজিকালি হৈছে দুদিনীয়া৷ অৰ্থাৎ, হয় আমাৰ দেশৰ মানুহৰ ভক্তিভাৱ বাঢ়িছে, নহয় সুখ-সমৃদ্ধি থ’বলৈ ঠাই নোহোৱা হৈছে, নাইবা কাম-বন নকৰিলেও উদৰ পূৰাই ৰাখিব পৰা ধৰণৰ অৱস্থা এটা হৈছে – মানে আহৰি বাঢ়িছে৷ কিন্তু কাৰ্যক্ষেত্ৰত তেনে ঘটিছে জানো? নাইঘটা৷ 

আন এটা প্ৰসঙ্গলৈ আহোঁ৷ ধৰাহ’ল, জ্যোতিষ অনুসৰি মোৰ ওপৰত চন্দ্ৰৰ বেয়া দৃষ্টি পৰিছে৷ জ্যোতিষীয়ে বিধান দিছে নানান ধৰণে৷ মই সেইমতে কৰিবও পাৰোঁ, নিজকে প্ৰশ্ন কেইটামানো সুধি চাব পাৰোঁ৷ প্ৰশ্নকেইটা হৈছে, প্ৰাণহীন চন্দ্ৰ নামৰ মহাজাগতিক বস্তুটোৱে বাৰু মোৰ ওপৰত বেয়া দৃষ্টি দিব কিয়? মইতো তাৰ একো অপকাৰ কৰা নাই! সি বাৰু মোৰ ওপৰত বেয়া দৃষ্টি দিবলৈ তাৰ চকু আছেনে? তাৰ চকু থাকিলেই যেনিবা, তাৰ আৰু এনে কি শক্তি আছে যাৰ কাৰণে সি মোক কেৱল দৃষ্টিপাত কৰিয়েই অপকাৰ কৰিব পাৰে? তাৰ কাম আনক অপকাৰ কৰি ফুৰা নেকি? পৃথিৱীৰপৰা চন্দ্ৰটো যিমানটো দেখা যায় তাৰ বুকুৰপৰা পৃথিৱীখনক অকণমানহে ডাঙৰ দেখা যায়৷ তেনে অৱস্থাত পৃথিৱীৰ কোটি কোটি মানুহৰ মাজৰপৰা বিচাৰি বিচাৰি মোৰ ওপৰত বেয়া দৃষ্টি দিবলৈ চন্দ্ৰৰ দৃষ্টিশক্তিও কম শক্তিশালী আৰু ফিল্টাৰসম্পন্ন নহয় !

কিন্তু এনে সুবিধাবাদ আজিও চলি আছে৷ জ্যোতিষৰ গণনা কম্পিউটাৰতহে কৰে বুলিও কোনো কোনোৱে জ্যোতিষীৰ ওপৰত অগাধ আস্থা প্ৰতিষ্ঠা কৰি লৈছে৷ পিছে সেইসকলে নাজানে যে কম্পিউটাৰত কৰা হিচাপ-নিকাচৰ যি ছফ্‌টৱেৰ, সি আচলতে মানুহে সৃষ্টি কৰা কিছুমান গাণিতিক সূত্ৰহে! সম্প্ৰতি অন্ধবিশ্বাস আৰু প্ৰযুক্তিবিদ্যাক এনেদৰেই সন্মিলিত কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকা হৈছে৷ 

বহুতে কয়, ‘আগতে এইবোৰ বিশ্বাস নকৰিছিলোঁ৷ কিন্তু এনে এটা প্ৰমাণ পালোঁ যে মই বিশ্বাস কৰিবলৈ বাধ্য হ’লোঁ৷’ এনে কথা আত্মবিশ্বাস নথকা মানুহৰ কথা৷ অত্মবিশ্বাসী মানুহে নিজৰ কৰ্মত বিশ্বাস নকৰি আনৰ সহায়ত নিজৰ মঙ্গল সাধনৰ উপায় বিচাৰি নুফুৰে৷ 

আমি আমাৰ সন্তানহঁতক আত্মবিশ্বাসী হোৱাটো মনে-প্ৰাণে কামনা কৰোঁ৷ আত্মবিশ্বাস মানে কিন্তু অহঙ্কাৰ নহয়৷ সামাজিক সন্তুষ্টিৰ কাৰণে বহু উৎসৱ-পাৰ্বণৰ প্ৰতি বিশ্বাস নাথাকিলেও আমি বিৰোধিতা নকৰোঁ৷ যুক্তিবাদ মানে স্বেচ্ছাচাৰিতা নহয়৷ আমি আশা কৰোঁ, আমাৰ সন্তানহঁতে বিজ্ঞানৰ অন্তৰ্নিহিত যুক্তিবাদ আৰু কাৰ্য-কাৰণৰ সূত্ৰবোৰ শিকক৷ একেদৰে প্ৰযুক্তিবিদ্যাৰ ফচলবোৰ [বিভিন্ন যন্ত্ৰ-পাতিবোৰ] বিজ্ঞান নহয়৷ সেইবোৰ বিজ্ঞানৰ ভৌতিক ফলহে৷ সেইবোৰত আকৌ দেৱত্ব আৰোপ কৰি সেন্দূৰৰ তিলক পিন্ধাই ধূপ-ধূনা জ্বলাই পূজা কৰি পৰস্পৰবিৰোধী মানসিকতাৰ প্ৰতিফলন যাতে আমাৰ সন্তানসকলে নেদেখুৱায়৷ 

 

[৩]

মানুহ নামৰ প্ৰাকৃতিক জন্তুবিধে ইতিহাসৰ কোনোবা এটা অজ্ঞাত দিনৰপৰা জ্ঞানৰ জখলাত বগাবলৈ আৰম্ভ কৰিছিল৷ সম্ভৱতঃ তেতিয়াৰপৰাই মানুহৰ কল্পনাশক্তিৰো বিকাশ ঘটিছিল বাকীবোৰ জীৱ-জন্তুতকৈ পৃথক ধৰণে৷ এনে কল্পনাশক্তিয়েই কিছুমান ক্ষেত্ৰত হৈ পৰিলগৈ ভাববাদী দৰ্শন আৰু আন কিছুমান ক্ষেত্ৰত ৰূপ ল’লে বিজ্ঞানৰ৷    

ভগৱান বোলা অজ্ঞাত সৰ্বজ্ঞ সৰ্বত্ৰবিৰাজমান শক্তিবিধো এনে মানৱ মনৰ কল্পনাই৷ বিজ্ঞানৰ দৃষ্টিৰে জগতৰ পৰম শক্তিকে ভগৱান বুলি বুজি ল’ব পাৰি৷ কিন্তু বিজ্ঞানৰ পৰম শক্তি ভগৱানজন মানুহ নহয়৷ পিছে মানুহে কল্পনা কৰা বিবিধ আদৰ্শৰ  ভিতৰত সৰহখিনি আদৰ্শৰ ভগৱানেই মানুহৰ নিচিনা শৰীৰৰ৷ কিয় হ’ল এনে? অৰ্থাৎ মানুহে কৰা কল্পনাৰ ভগৱান একোজন মানুহৰ দৰেই হ’ব৷ মানুহে নিজকে শ্ৰেষ্ঠ প্ৰাণী বুলি দাবী কৰে৷ এতেকে, নিজে শ্ৰেষ্ঠ হৈ অনাশ্ৰেষ্ঠ কোনো প্ৰাণীৰ ৰূপত নিজৰ ভগৱানজনকনো বাৰু কেনেকৈ কল্পনা কৰা যায়! অপ্ৰাসঙ্গিক হ’লেও, কল্পিত ভূত-প্ৰেতবোৰৰো শাৰীৰিক অৱয়ব মোটামুটি মানুহৰ নিচিনাই৷

এইবোৰ কথা মনলৈ অহাৰ মূল কাৰণ ধৰ্ম আচৰণৰ নামত আমাৰ চকুৰ সম্মুখতে ঘটি থকা আপাত তুচ্চ কিন্তু সুদূৰপ্ৰসাৰী প্ৰভাৱশালী কিছুমান আচৰণ আৰু সংঘটন৷ সাম্প্ৰতিক সময়ত ৰাস্তাই-ঘাটে একেবাৰে সুলভ দৃশ্যটো হৈছে ব’ল ব’ম নামৰ গেৰুৱা বসনধাৰী (হাফ পেণ্ট আৰু বনিয়ন চোলা৷ মন কৰিব লাগিব, কোনোবা কোম্পানীয়ে বিশেষভাৱে তৈয়াৰ কৰা বস্ত্ৰ৷ কাৰণ চোলাটোত বিশেষ আখৰ কিছুমানো ছপা কৰা থাকে !) দল দল মানুহৰ কিছুমান আচৰণ৷

আমি জানো, শিৱ নামৰ জংঘলী দেৱতাজন পৃথিৱীৰ প্ৰায় সকলো জনসমাজতে বিভিন্ন ৰূপত আছে৷ অসমতো শিৱ আছিল, প্ৰাগৈতিহাসিক কালৰেপৰাই অসমত শিৱৰ পূজা-সেৱাও হৈ আহিছিল৷ কিন্তু শিৱ নামৰ ভগৱানজনৰ তুষ্টিৰ কাৰণে অসমীয়া মানুহে বাটে বাটে এনেকুৱা পানী তোলা, গান-বাজনা কৰা আদি আচৰণ কৰা নাছিল৷ সাম্প্ৰতিক ভক্তসকলৰ কাণ্ড-কাৰখানা দেখিলে এনে লাগে যেন এই ধৰণৰ কাণ্ডটো আৰম্ভ হোৱাৰ পূৰ্বে মানুহে শিৱ বোলা ভগৱানজনক পূজা-সেৱা কৰাই নাছিল ! অথবা ইমানদিনে মানুহবোৰে ঈশ্বৰক ভক্তি কৰিব নাজানিছিলেই !

ট্ৰাক একোখন সজাই-পৰাই লৈ উচ্চগ্ৰামত চিনেমাৰ সস্তীয়া গান বজাই বজাই ধৰ্ম আচৰণ কৰা এইসকলক দেখি মনলৈ অহা বহু প্ৰশ্নৰ ভিতৰত এইকেইটা ঘাই –  ভগৱানে বাৰু ‘নাকাবন্দী’ জাতীয় গান শুনি ভাল পায় নেকি? ভগৱান বাৰু কলা নেকি? ভগৱানক পূজা কৰাৰ বিশেষ সময় একোটা যে আহে, বাকীবোৰ দিনত ভগৱানে আন আন গ্ৰহ-নক্ষত্ৰৰ ভক্তসকলৰ শ্ৰদ্ধা-ভক্তি লৈ ফুৰেগৈ নেকি? ভগৱানক যে নৈ-ঘাটৰ পানী আনি গা ধুৱাব লাগে, তেওঁ বাৰু শাৰীৰিকভাৱে অক্ষম নেকি? যদি হয়, প্ৰশ্নটোৰ সৈতে দেখোন বিৰোধেই ঘটিল ! কাম-বন নকৰি কেৱল ভগৱানৰ নামত ঘূৰি ফুৰিলেই পেট ভৰে নেকি? বা ধৰ্ম আচৰণৰ বিশেষ দিনকেইটাত ভক্তসকলে খোৱা-বোৱা কৰেনে নকৰে? যদি কৰে, তাৰ কাৰণে ধন ভগৱানজনে দিয়ে নে? ভক্তসকলে ইমান উচ্ছগ্ৰামত সঙ্গীত শুনি প্ৰকৃততে আত্মানুসন্ধানী ধ্যান কৰে নেকি? ভক্তসকলে তেওঁলোকৰ কাণ্ড-কাৰখানাই আনক অশান্তি দিয়া বুলি অনুভৱ কৰে নে নকৰে? ইত্যাদি অজস্ৰ৷

আমাৰ সৰু জগৎখনত দেখিছোঁ, যিমানে আমি শিক্ষিত হৈছোঁ সিমানে নতুন নতুন ভগৱানৰ আৱিৰ্ভাৱ হৈছে আৰু পূজা-সেৱাৰ সংখ্যা বাঢ়িছে৷ গণেশ পূজা, বিশ্বকৰ্মা পূজা, কালী পূজা, দুৰ্গা পূজা, বোল ব’ম ইত্যাদি ইত্যাদি ৰূপত ধৰ্মীয় কৃত্যৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে নিশ্চিতভাৱে লাভ হৈছে বিভিন্ন কোম্পানীৰ৷ সাম্প্ৰতিক বানত বিপণ্ণ জনতাই এমুঠি ভাত, এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাত অদৃশ্য ভগৱানৰ নামত দেখুওৱা এনে আচৰণৰ খৰচখিনি বিপণ্ণ জনতাৰ নামত খৰচ কৰাহ’লে বাৰু ভগৱানজনে বেয়া পালেহেঁতেন নেকি?

ধৰ্ম আচৰণৰ নামত হোৱা ব্যৱসায়, ব্যভিচাৰ আদিৰ কথা বাদ দিলেও উচ্চগ্ৰামত বজোৱা সঙ্গীতে মানুহৰ মনোজগতখনত পেলোৱা প্ৰভাৱ সম্পৰ্কে কোনে ভাবি চাব? মানুহৰ শ্ৰৱণশক্তিয়ে সহ্য কৰিব নোৱৰা ধৰণে শক্তিশালী শব্দবোৰ যে বজাব নালাগে সেয়া কোনে নিশ্চিত কৰিব? আমাৰ দেশত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা এটা আছে৷ ব্যৱস্থাটোৰ কাম হৈছে গাড়ী-মটৰক ৰাস্তাত চলাব পৰাকৈ প্ৰমাণ-পত্ৰ দিয়া৷ ক’লা-ধোঁৱাৰে পিছে পিছে যোৱা পথচাৰীক ক’লীয়া কৰি পেলোৱা গাড়ী-মটৰো ইয়াত চলি থাকে, কাৰণ তেনে গাড়ীৰ প’ল্যুশ্যন চাৰ্টিফিকেট থাকে৷ 

ধৰ্মৰ নামত হোৱা শব্দৰ প্ৰদূষণৰ প্ৰতি মনোযোগ কোনে দিব? ধৰ্মৰ নামৰ এচাম লোকে প্ৰদৰ্শন কৰা ৰাজহুৱা বিশৃংখলাই উঠি অহা শিশুসকলৰ মন-মগজুত কি প্ৰভাৱ পেলাব পাৰে তালৈ কোনে চকু দিব? মানুহৰ মনোজগতত হৈ থকা প্ৰদূষণ ৰোধ কৰাৰ দায়িত্ব কোনে ল’ব? দিন হাজিৰা কৰা মানুহ একোটাই পইচা সাঁচে, ব’ল ব’মত যাবলৈ৷ সময়ত সপ্তাহ-দহদিনৰ কাৰণে সাঁচতীয়া ধন লৈ সি যায়গৈ ধৰ্ম কৰিবলৈ? তাৰ পৰিয়ালটোৰ চিন্তা সেই কেইদিন কোনে কৰিব? কোনোবা অদৃশ্য ভগৱানে ? এনে মানসিকতা সাধাৰণ মানুহৰ মনত শিপাইছে কিয়? 

ধৰ্ম আচৰণ কৰিবলৈ গা গৰম কৰা সস্তীয়া গান লাগিবই নেকি? মাইক ব্যৱস্থা ওলোৱাৰ আগতে ভগৱান আৰু ভক্তৰ গা কিহে গৰম কৰিছিল? বিশেষ বিশেষ¸ ভগৱানৰ প্ৰতিমা বিসৰ্জন দিবলৈ যাওঁতে মুকলিকৈ মদপানী গলাধঃকৰণ কৰি বনৰীয়া নাচ নাচিবই লাগিব নেকি? তেনেকৈ মদপানী খোৱা ভক্তক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিব লাগিব নে ধৰি নি দুকোবমান দি লক্‌ আপত ভৰাই থ’ব লাগিব? কোনো পূজাত নাৰীৰ সৌন্দৰ্য প্ৰতিযোগিতা পতাৰ নামত কোনোবাই বেপাৰ কৰিবলৈ যত্ন কৰিলে বুলিয়েই নাৰীসকল সেই বেপাৰৰ পণ্য হৈ উটি-ভাহি যাবই  লাগিব নেকি?

আমাৰ সন্তানহঁতৰ কাৰণে এইখিনি চিন্তা, এইখিনি প্ৰশ্নৰ উত্তৰ আমি বিচাৰোঁ৷ আমাৰ সন্তানহঁত ভাববাদী পৃথিৱীৰ বাসিন্দা হৈ মূৰ্খ হৈ ৰৈ থাকোঁতেই পৃথিৱীখন আগ বাঢ়ি গৈ কোনোবাখিনি পাবগৈ৷ আমাক লাগে বিজ্ঞানমনস্ক এখন সমাজ, মুকলিমূৰীয়া চিন্তাৰ এটা পৰিৱেশ৷ বি়জ্ঞান মানে কেৱল ডাঙৰ ডাঙৰ গৱেষণা আৰু চমকপ্ৰদ প্ৰযুক্তিৰ উদ্ভাৱনেই নহয়, বিজ্ঞান মানে নিজৰ সমাজখনৰ প্ৰচিলত প্ৰথা, বিশ্বাস, সংস্কাৰ আদিৰ অন্তৰ্নিহিত সত্য উদ্ঘাটনৰো প্ৰয়াস। তেনে প্ৰয়াস অন্ততঃ মানুহৰ সমাজখন সুস্থিৰ আৰু গতিশীল কৰি তোলাত সহায়ক হ`ব বুলি আমাৰ বিশ্বাস।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ