বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ এখন চলচ্চিত্ৰক লৈ কিছু উদ্দেশ্যপ্ৰণোদিত বিতৰ্ক সৃষ্টি কৰি প্ৰচাৰ চলোৱাৰ পাছত তাৰ প্ৰদৰ্শনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে সুব্যৱস্থা কৰাৰ বিপৰীতে এখন অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক-পৰিচালকে চিনেমাহলত সময় নোপোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শ্বাহৰুখ খানৰ চলচ্চিত্ৰৰ কাৰণে অসমৰ চৰকাৰে সুব্যৱস্থা কৰাৰ বিপৰীতে অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনী সম্বলিত মঞ্জুল বৰুৱা পৰিচালিত অনুৰ চিনেমাখনে চিত্ৰগৃহৰ প্ৰাইম টাইমত দৰ্শনীৰ সুবিধা নোপোৱাৰ অভিযোগ উঠিছে৷ প্ৰশ্ন হৈছে, অসমীয়া চিনেমাৰ প্ৰযোজক-পৰিচালকসকলে কোন ঠাইৰ চিত্ৰগৃহক ভৰসা কৰি চিনেমা নিৰ্মাণ কৰিব?
এই প্ৰশ্নটো সম্মুখত লৈ আনুষঙ্গিক আৰু কিছু কথা চিন্তা কৰিব পাৰি৷
চিনেমা হৈছে প্ৰযুক্তিনিৰ্ভৰ শিল্প৷ ইয়াৰ সৃষ্টিৰ বাবে বিভিন্ন প্ৰযুক্তিগত কাৰিকৰীৰ প্ৰয়োজন হয় আৰু দিনক দিনে এনে কাৰিকৰী কৌশলবোৰ অদ্যাধুনিক হৈ আহি আছে৷ এতিয়া হলিউডত ইংৰাজী ভাষাৰ চিনেমা একোখন নিৰ্মাণ কৰিবলৈ যিমান ধন খৰচ কৰা হয় তাতকৈ কম ধনেৰে ভাৰতবৰ্ষই একোটা মহাকাশ অভিযান চলাব পাৰে৷ সৰ্বভাৰতীয় পৰ্যায়ৰ কথা ভাবিলে দক্ষিণ ভাৰতৰ তেলুগু, তামিল অথবা কন্নড় ভাষাৰ চিনেমা একোখনত কৰা খৰচৰ কথা অসমীয়া চিনেমাৰ প্ৰযোজকৰ বাবে এতিয়াও অকল্পনীয় বিষয় হৈ আছে৷ ইয়াৰ কাৰণ কি? ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩১,২০৫,৫৭৬ জন৷ এইসকলৰ ভিতৰত অসমীয়া ভাষী লোকৰ সংখ্যা ১৫,০৯৫,৭৯৭ জন (বোধকৰোঁ ক’ভিড মহামাৰীকে ধৰি বিভিন্ন কাৰণত ২০২১ চনৰ লোকপিয়লৰ তথ্য অদ্যাপি চূড়ান্ত হোৱা নাই৷)৷ এতিয়া প্ৰশ্ন হৈছে, এই প্ৰায় ডেৰকোটি অসমীয়া ভাষী মানুহৰ কিমানজনে অসমীয়া চিনেমা চায়? তাতকৈও ডাঙৰ কথা, এই প্ৰায় ডেৰকোটি মানুহে সহজে চিনেমা চাব পৰাকৈ সা-সুবিধা অসমত আছেনে? অসমত সৰ্বমুঠ চিত্ৰগৃহ কেইটা? শেহতীয়াকৈ বিভিন্ন নগৰত মাল্টিপ্লেক্স কিছুমান গঢ় লৈ উঠিছে যদিও পূৰ্বৰ ‘সাধাৰণ’ চিনেমা হলবোৰত সাধাৰণ মধ্যবিত্ত দৰ্শকে যিদৰে চিনেমা চাবলৈ সাহস কৰিছিল মাল্টিপ্লেক্সত চাবলৈ সেই সাহস নকৰে৷ কাৰণ, মাল্টিপ্লেক্সত এখন চিনেমা চোৱা মানে যথেষ্ট অৰ্থব্যয়৷ এনে অৱস্থাত নিশ্চিতভাৱে সাধাৰণ অসমীয়া চিনেমাৰ দৰ্শকে চিনেমা চাবলৈ এৰিছে৷ আনহাতে নগৰবোৰৰ মাল্টিপ্লেক্সত সাধাৰণভাৱে হিন্দী, ডাব কৰা দক্ষিণ ভাৰতীয় আৰু ইংৰাজী চিনেমাৰ প্ৰদৰ্শন হয়৷ অসমীয়া চিনেমাৰ বিতৰকে নিজৰ চিনেমাৰ প্ৰদৰ্শনৰ কাৰণে সুবিধা বিচাৰি হাবাথুৰি খাবলগীয়া হয়৷ ইয়াৰো কাৰণ আছে৷ নগৰ অঞ্চলৰ মাল্টিপ্লেক্সবোৰত চিনেমা চাবলৈ যি পৰিমাণৰ অৰ্থকড়িৰ প্ৰয়োজন হয় সেই পৰিমাণৰ অৰ্থ খৰচ কৰি ‘মনোৰঞ্জন’ৰ সোৱাদ ল’বলৈ সাধাৰণতে আগশাৰীৰ ব্যৱসায়ীসকলহে সক্ষম৷ আৰু অসমতনো কেইজন অসমীয়া আগশাৰীৰ ব্যৱসায়ী আছে?
এনে পৰিপ্ৰেক্ষাত যিহেতু চাওঁতা নাই, গতিকে বিনিয়োগ কৰা ধনখিনি কেনেকৈনো প্ৰযোজকৰ হাতলৈ ঘূৰি আহিব? যদি বিনিয়োগৰ ধন ঘূৰি অহাৰ নি(য়তাই নাথাকে তেন্তে কোন ব্যৱসায়ীয়ে চিনেমাত ধন বিনিয়োগ কৰিব? এনে কাৰণতে সমসাময়িক বিশ্বৰহে নালাগে, ভাৰতৰো আন বহু ভাষাৰ চিনেমাৰ তুলনাত অসমীয়া চিনেমাৰ অৱস্থাটো চালুকীয়া হৈ আছে৷ ইয়াৰ অৰ্থ অৱশ্যে এইটো নহয় যে অসমত ভাল চিনেমা কৰিব পৰা শিল্পী বা কলাকুশলী নাই৷ বহু অসমীয়াই আজিৰ তাৰিখত মুম্বাইত হিন্দী তথা দক্ষিণৰ একাধিক ভাষাৰ চিনেমা উদ্যোগত ভাল কাম কৰি আছে৷
এনে অৱস্থাৰপৰা অসমীয়া চিনেমাক উদ্ধাৰ কৰিব কোনে? যোৱা শতিকাৰ শেষ দশকত উগ্ৰপন্থীৰ হুমকিত অসমৰ প্ৰায় সকলো নগৰৰ চিত্ৰগৃহবোৰ বন্ধ হৈ পৰোঁতে ৰাজ্য বা দেশৰ চৰকাৰে বিশেষ একো উদ্যোগ গ্ৰহণ কৰা নাছিল৷ সেই সময়ত বিভিন্ন কলাকুশলীয়ে ভিচিডি ছবি কৰিবলৈ লৈছিল যিটোৱে অসমীয়া চিনেমাৰ দৰ্শকসকলক সম্পূৰ্ণৰূপেই হলত চিনেমা চোৱা অভ্যাসটোৰপৰা আঁতৰাই আনিলে৷ সেই ভিচিডি ছবিৰো এক প্ৰকাৰ বিস্ফোৰণেই হৈছিল৷ আনহে নালাগে চিনেমা সম্পৰ্কীয় সাধাৰণ জ্ঞানকণৰো অধিকাৰী নোহোৱাকৈ তেনে চিনেমা নিৰ্মাণ কৰি ৰাতাৰাতি শিল্পী হৈ উঠা লোকেৰে এসময়ত অসম ভৰি উঠিছিল৷ এনে পৰিপ্ৰেক্ষাত আকৌ মন কৰিবলগীয়া দিশ হৈছে মানুহৰ আৰ্থিক অৱস্থা৷ দিন হাজিৰা কৰাসকলৰ হাজিৰা গড়ে পাঁচ শ টকা হ’লেও তেওঁলোকে ক্ৰয় কৰা চাউল-মিঠাতেলৰ দাম লাখপতি-কোটিপতিসকলে কিনা দামৰ সমানেই৷ গে’লে’ৰিয়া, আইন’ক্স আদিৰ চিত্ৰগৃহৰ টিকেটৰ মূল্য প্ৰকৃততেই নিম্ন বা মধ্যবিত্ত ঘৰ একোখনৰ সকলোৱে এখন চিনেমা উপভোগ কৰিব পৰাধৰণৰ হৈ থকা নাই৷ অথচ আমাৰ সমাজখনৰ সৰহ সংখ্যক লোকেই আৰ্থিকভাৱে এই অৱস্থাৰ৷ গতিকে অসমৰ চিত্ৰগৃহসমূহৰ মালিকপক্ষৰ ব্যৱসায়ৰ দিশটোও মন কৰিব লাগিব৷ যদি অসমীয়া দৰ্শকে চিত্ৰগৃহ ভৰপূৰ হৈ অসমীয়া ছবি চায় তেন্তে নিশ্চয় অসমীয়া ছবিৰ প্ৰদৰ্শনৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি নহয়৷ পিছে সাম্প্ৰতিক সময়তো অৱস্থাটো একেই আছে৷ চিনেমা নিৰ্মাণ সম্প্ৰতি আগতকৈ সহজ হৈ উঠিছে৷ গতিকে বিভিন্ন জনে চিনেমা নিৰ্মাণ কৰিছে আৰু দৰ্শকে গ্ৰহণ নকৰিলে উদ্যোগটো কেনেৈ চলিব বুলি আক্ষেপ কৰিছে৷ আমি ভাবোঁ, যিমান পাৰি সিমান ভিতৰুৱা ঠাইৰ দৰ্শকক অসমীয়া চিনেমা দেখুওৱাৰ নিশ্চিত ব্যৱস্থা এটা গঢ়ি তুলিব নোৱাৰিলে কেৱল নগৰসমূহৰ হল বা মাল্টিপ্লেক্সকেইটাত চলাই অসমীয়া চিনেমাক জীয়াই ৰাখিব পৰা নাযাব (বিষয়টো হাবি-বন ধ্বংস ৰোধ কৰিবলৈ যত্ন নকৰি কেৱল বিপন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰি ফুৰাৰ নিচিনা হৈছে৷ প্ৰথমেতো বন্যপ্ৰাণীৰ আৱাসস্থলৰ সুব্যৱস্থা কৰিব লাগিব!)৷ কাৰণ চিত্ৰগৃহৰ মালিকে নিজৰ ব্যৱসায়িক লাভ হোৱা চিনেমাৰ প্ৰদৰ্শনত গুৰুত্ব দিবই৷ ব্যৱসায়িক লাভৰ নিশ্চিতি হিন্দী বা ইংৰাজী চিনেমা এখনে যিদৰে দিব পাৰে সামগ্ৰিকভাৱে অসমীয়া চিনেমা এখনে সেইদৰে দিব পৰা হোৱা নাই৷
কাৰণ খৰচ কমোৱাৰ যত্নই অসমীয়া চিনেমা একোখনৰ পৰিচালকক পৰিকল্পনা অনুসৰি কাম কৰাত বহু সময়ত বিফল কৰি তোলে৷ পৰিচালকৰ দৃষ্টিভঙ্গীৰ সীমাৱদ্ধতা তথা বিষয়বস্তু সম্পৰ্কে গভীৰ গৱেষণা নকৰাটোও বহু সময়ত অসমীয়া চিনেমা বিফল হোৱাৰ কাৰণ৷ ইফালে অসমীয়া চিনেমাৰ দৰ্শকে ষ্টাৰ ৱাৰ্ছ, গড্জিলা, কেপ্টেইন আমেৰিকাৰ দৰে চিনেমা চোৱাৰ অভিজ্ঞতাও অৰ্জন কৰিছে৷ সেই একেখিনি অসমীয়া দৰ্শকে অসমীয়া চিনেমাৰ জোৰা-ফোন্দা মৰা কথা-কাণ্ডবোৰ হজম কৰিব কেনেকৈ? এনে দৃশ্যৰ উদাহৰণ বহুতো দিব পাৰি৷
যি সময়ত জে’মছ্ কেমেৰুনৰ দৰে বিশ্ববিখ্যাত পৰিচালকে একোখন চিনেমাৰ নিৰ্মাণত তেৰ বছৰ পৰ্যন্ত সময় ব্যয় কৰে [সেই অনুপাতে পৰিশ্ৰম, কৌশল আৰু অৰ্থব্যয় কি পৰ্যায়ত হ’ব পাৰে চিন্তা কৰিবলগীয়া], তেনে সময়ত যদি খালী কাপত চাহ খোৱাৰ দৃশ্যৰেই যদি অসমীয়া চিনেমাত ‘কাম চলাই’ থকা হয় মানুহে তেনে অসমীয়া চিনেমা কিয় চাব? যি সময়ত একোখন চিনেমাৰ নিৰ্মাণৰ পূৰ্বে বছৰ বছৰ ধৰি একোটা গৱেষকৰ দলে নিৰন্তৰ গৱেষণা কৰে সেই সময়ত চিনেমাৰ শ্বুটিং চলি থকা সময়ত অসমৰ ইতিহাস সম্পৰ্কীয় তথ্য বিচৰা অসমীয়া পৰিচালকে (সকলো নহয়) কি মানৰ চিনেমা নিৰ্মাণ কৰিব সেয়া সহজেই অনুমেয়৷
গতিকেই অসমত চিনেমাৰ পৰিৱেশ এটা ৰচনা কৰিবলৈ একেবাৰে তৃণমূল পৰ্যায়ৰপৰাই যত্ন কৰিব লাগিব৷ চিনেমা চোৱা আৰু সিবোৰৰ ভাল-বেয়া দিশবোৰৰ বিশ্লেষণাত্মক আলোচনা কৰা, নিৰ্মাণ সম্পৰ্কীয় বিভিন্ন দিশৰ কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰা, বিশ্বৰ ভাল ভাল চিনেমাসমূহ নিয়মীয়াকৈ চাব পৰা আন্তঃগাঁথনি প্ৰস্তুত কৰা, অসমৰ গাঁৱে-ভূঞে লুকাই থকা বিভিন্ন ভাষিক-সাংস্কৃতিক-নৃতাত্ত্বিক-পুৰাতাত্ত্বিক উপকৰণসমূহক লৈ চিনেমা নিৰ্মাণৰ যোগেদি সেইবোৰৰ সংৰক্ষণৰ সম্ভাৱনা সৃষ্টি কৰা, অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যক চিনেমাৰ জৰিয়তে বিশ্ব সম্প্ৰদায়ৰ চকুৰ আগত তুলি ধৰা আৰু তাৰ যোগেদি অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনা বৃদ্ধি কৰা আদি বিভিন্ন উদ্যমক আমি চিনেমাৰ সৈতে জড়িত কৰিব পাৰোঁ৷ সৰ্বোপৰি এনে উদ্যমবোৰে আজিৰ তাৰিখত নিবনুৱা সমস্যাৰো বেছ সন্মানজনক সমাধানৰ পথ দিব পাৰে৷ তদুপৰি এটা জাতিৰ কৃষ্টি সংস্কৃতি ঐতিহ্য সামাজিক পৰম্পৰা তথা ধৰ্মীয় ৰীতি নীতিৰ অন্যতম বাহক আৰু প্ৰচাৰক স্বৰূপে চলচ্ছিত্ৰই এক অনন্য ভূমিকা পালন কৰি আহিছে৷