অন্যযুগ/


স্বদেশ-স্বজাতিৰ উন্নতিকল্পে সৰল বাস্তৱিক এটা প্ৰস্তাৱ

 

 

ধৰে নে জনম কেৱে এই মৰতত

শিলাময় কৰি তাৰ হিয়া?

এয়ে মোৰ জন্মভূমি বুলি মনে মনে

এবাৰো যি কোৱা নাইকিয়া?

নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায় অকৃত্ৰিম আন্তৰিকতাৰে৷ ইতিহাসৰ অনেক সাক্ষ্য-প্ৰমাণ আছে যে স্বাধীনতাবা পৰাধীনতা মানেনো কি নজনাকৈয়ে বহু ভাৰতীয় লোকে স্বাধীনতা আন্দোলনত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰিছিল৷

আমাৰ দেশখন বিদেশী ঔপনিৱেশিক শক্তিৰ কবলৰপৰা  স্বাধীন হ’ল৷ স্বাধীনহোৱাৰ লগেলগে দেশৰ নিজা প্ৰশাসনতন্ত্ৰ গঢ় দিবলগীয়া অৱস্থা হ’ল– সময়ে সময়ে নিৰ্বাচন পাতিবলগীয়া হ’ল, লোকপিয়ল কৰাবলগীয়া হ’ল আৰু সময়ৰ লগে লগে আৰু বহু ন ন বিশেষত্বৰ সৈতে দেশৰ জনসাধাৰণ পৰিচিত হ’বলগীয়া হ’ল৷

এতিয়া বিৱেচ্য বিষয় হ’ল দেশখনৰ সাধাৰণ নিৰ্বাচন৷ কেন্দ্ৰীয় লোকসভা আৰু দেশৰ সকলো ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন একেলগে হ’লে তেনে নিৰ্বাচনক সাধাৰণ নিৰ্বাচন বোলা হয়৷ পিছে সময়ৰ লগে লগে দেশৰ ৰাজনৈতিক বাতাৱৰণ এনেহে হ’লগৈ যে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একে সময়তে হোৱাৰ উদাহৰণ প্ৰায় নোহোৱাৰ নিচিনাই হৈছে৷ তদুপৰি ৰাজনৈতিক দল বাগৰা কাৰবাৰৰ ফলতে বিশেষ একোজন ব্যক্তিৰ কাৰণেই একোটা উপ নিৰ্বাচন পাতিবলগীয়া ব্যৱস্থাৰ কথাও এই প্ৰসঙ্গত উল্লেখযোগ্য৷

দেখা গৈছে যে, দেশৰ সাধাৰণ নিৰ্বাচনেই হওক অথবা লোকসভা বা ৰাজ্যিক বিধান সভাৰ নিৰ্বাচনেই হওক তেনে নিৰ্বাচনৰ দায়িত্ব পালনৰ ভাৰ সদায়ে দিয়া হয় স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক৷ লগতে অৱশ্যে বেঙ্ক আৰু আন আন ক্ষেত্ৰৰ বিষয়া-কৰ্মচাৰীকো এনে দায়িত্ব পালনৰ ভাৰ দিয়া হয়৷ এনে কৰাৰ ফলস্বৰূপে দেশৰ (বা ৰাজ্যৰ) শিক্ষকসকলৰ ওপৰতে সৰ্বাধিক দায়িত্ব আৰোপ কৰা হয়৷ ফলস্বৰূপে হয় স্কুল-কলেজত বিশেষ বিশেষ (সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত) শিক্ষক অনুপস্থিত থাকিবলগীয়া হয়, শিক্ষাৰ্থীক শ্ৰেণীৰ পাঠদানৰপৰা বঞ্চিত ৰাখিবলগীয়া হয় অথচ নিজৰ বিভাগীয় প্ৰতিৱেদনত বছৰটোৰ সকলো শৈক্ষিক দিনত নিজৰ শিক্ষানুষ্ঠানত সেৱা আগ বঢ়োৱাৰ খতিয়ানো দিয়াৰ দৰে ভণ্ডামিৰো আশ্ৰয় লবলগীয়া হয়৷ এনে হোৱাৰ কাৰণ হৈছে একাধিক চৰকাৰী বিভাগৰ মাজত থাকিবলগীয়া সহযোগিতাৰ অভাৱ৷

গুণোৎসৱৰ যোগেদি বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ মানৰ উন্নতি ঘটোৱাৰ যি প্ৰয়াস চলিছে সি নিশ্চয় প্ৰশংসনীয়৷ কিন্তু বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ মান উন্নীতকৰণৰ যত্নত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাক্ষেত্ৰখন ক্ষতিগ্ৰস্ত হয়৷ এনে ক্ষেত্ৰত উপায়ান্তৰ অৱস্থাত পৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষকসকল।কাৰণ শিক্ষানুষ্ঠানৰ দায়িত্বৰ বাহিৰে আন বিভিন্ন দায়িত্ব পালন কৰোঁতে শিক্ষকসকলে কৰা নিজৰ কামৰ ক্ষতিখিনি দেখুৱাবলৈ কোনো ব্যৱস্থা নাই৷

এনে অৱস্থাত পাবলগীয়া সেৱাৰপৰা বঞ্চিত হয় শিক্ষাৰ্থীসকল, পালন কৰিবলগীয়া নিজা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয় চৰকাৰীভাৱে শিক্ষকতাৰ বৃত্তিত নিয়োজিত লোকসকল৷

ফলস্বৰূপে ৰাষ্ট্ৰ অথবা ৰাজ্যৰ নামত সময় মতেই সকলো হৈ উঠে৷ কিন্তু গোপনে ক্ষতি হয় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ৷ অথচ ৰাষ্ট্ৰ একোখনৰ পৰিচয় গঢ় লয় সেই ৰাষ্ট্ৰখনৰ শৈক্ষিক ব্যৱস্থাটোৰ আধাৰতহে৷

এনে অৱস্থাত শিক্ষা ব্যৱস্থাটোৰ সুৰক্ষাৰ বাবে কিবা কৰিব নালাগিবনে? নিশ্চয় কৰিব লাগিব৷

বিশ্ব স্বাস্থ্য সংস্থাই মানুহৰ বয়স অনুপাতে জীৱনকালক কেইটামান ভাগত ভগাইছে৷ সেই হিচাপে এজন মানুহৰ জীৱনৰ পোন্ধৰ বছৰৰপৰা চৌষষ্ঠি বছৰলৈ কাম কৰিব পৰা (working), অৱস্থাত থাকে৷ ইপিনে আমাৰ দেশত সাধাৰণতে ষাঠি বছৰ বয়সতে চৰকাৰী চাকৰিৰপৰা এজন মানুহক অৱসৰ প্ৰদান কৰা হয়৷ এনে অৱসৃত লোকসকলৰ সৰহ সংখ্যকেই অতিশয় কৰ্মঠ অৱস্থাত থাকে৷ আনহাতে দেশৰ আন আন ৰাজ্যলৈ নগৈ কেৱল অসমৰ কথাকে চিন্তা কৰিলে দেখা যায় যে আমাৰ প্ৰতিখন জিলাতে একোটা নিয়োগ বিনিময় কেন্দ্ৰ আছে য’ত লাখ লাখ শিক্ষিত লোকে নিবনুৱা বুলি নাম পঞ্জীয়ন কৰাই ৰাখে৷ বিশ্ববিদ্যালয়সমূহতো স্নাতকোত্তৰ উত্তীৰ্ণসকলৰ পঞ্জীয়নৰ ব্যৱস্থা আছে৷

উপৰি উক্ত অৱসৰপ্ৰাপ্ত লোকসকলৰ মাজৰ শাৰীৰিকভাৱে সুস্থ আৰু যোগ্যসকলৰ তত্ত্বাৱধানত নিৰ্বাচন, উপ নিৰ্বাচন, লোকপিয়লকে ধৰি অন্যান্য জৰীপ, গুণোৎসৱ আদি কৰাব নোৱাৰিনেঞ্জ কিছুদিনৰ পূৰ্বে ৰাজ্যৰ চৰকাৰে অৰুণোদয় নামৰ এখন আঁচনিৰ কিছুমান কামত মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক নিযোগ কৰিছিল৷ অধ্যয়নৰতসকলক কামত লগাব পাৰি যেতিয়া অধ্যয়ন সমাপ্ত কৰি থকাসকলকো নি(য় লগাব পাৰি৷ এনে কৰিলে বিভিন্ন চাকৰিৰ কাৰণে শিক্ষাগত অৰ্হতা থকা যুৱক-যুৱতীসকলে নিজকে বিভিন্ন চৰকাৰী কাম-কাজৰ বাবে প্ৰস্তুত কৰিবও পাৰিব আৰু দুটা টকা উপাৰ্জন কৰাৰো সুবিধা পাব৷

দেশৰ উচ্চ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ কাৰণে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু  প্ৰত্যায়ন পৰিষদ (NAAC) যেনেদৰে গঠন কৰা হৈছে একেদৰেই স্কুল পৰ্যায়ৰ শিক্ষাক্ষেত্ৰৰ মান নিশ্চিতকৰণাৰ্থে ৰাজ্য চৰকাৰে এটা স্থায়ী ব্যৱস্থা গঢ়ি তুলিব  পাৰে৷ ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদসকলক এনে ব্যৱস্থাপনাৰ গুৰি ধৰিবলৈ দিব পাৰি৷ প্ৰতিখন বিদ্যালয়ৰ মূল্যায়ন বছৰেকৰ মূৰত বাধ্যতামূলক নকৰি তিনি বছৰমানৰ মূৰত কৰাৰ নিয়ম কৰিলে ব্যৱস্থাটোৱে ইতিবাচক ফল দিব৷ কাৰণ বিশেষজ্ঞসকলৰ পৰামৰ্শ কাৰ্যকৰী কৰি তাৰ ফল লাভ কৰিবলৈ এটা বছৰ যথেষ্ট নহয়গৈ৷ বছৰেকত কমেও দুটাকৈ পৰীক্ষা পতা, আভ্যন্তৰীণ মূল্যায়ন কৰাৰ লগতে গৰম বন্ধ আদিৰ কাৰণে যিকোনো নতুন অনুশীলনে ফল দিবলৈ এটা বছৰত বৰ সৰহ দিন নাথাকেগৈ৷

এনে ধৰণৰ কিবা এক সুদূৰপ্ৰসাৰী আঁচনি গ্ৰহণ কৰিলেহে ৰাজ্যখনৰ শিক্ষাক্ষেত্ৰখনক প্ৰকৃত উন্নতিৰ দিশলৈ লৈ যোৱা হ’ব৷ ই এক প্ৰাৰম্ভিক প্ৰস্তাৱহে। বিজ্ঞ তথা গুণী লোকসকলৰ জৰিয়তে এনে এটা কৰ্মক্ষম ব্যৱস্থা গঢ়ি তোলা উচিত।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ