অন্যযুগ/


বৰ আচৰিত বিশেষত্বৰ জাতি এটা!

 

যোৱা সোতৰ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ‘শিল্পীদিৱস’ আৰু একত্ৰিছ জানুৱাৰীৰৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন অসমৰ বহু ঠাইতে পালন কৰা হৈছে৷ একেদৰেই পালন কৰা হয় মহাপুৰুষ দুজনাৰ তিথি বা জয়ন্তী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন বা মৃত্যুদিন ইত্যাদি৷

এই ধৰণৰ উদ্‌যাপনবোৰক প্ৰশংসা কৰিব পাৰি৷ বৰ ভাল কথা এনে অনুশীলনবোৰ৷ পিছে এনে অনুশীলনবোৰে এটা প্ৰশ্নও উত্থাপন কৰে৷ প্ৰশ্নটো বহুস্তৰীয়–

ক) জন্ম-মৃত্যুৰ দিৱস উদ্‌যাপন কৰাসকল সদায়ে গীত-নৃত্যৰ সৈতে জড়িত৷ কোনো বিজ্ঞানী, উদ্যোগী-ব্যৱসায়ী অথবা ফুটবল খেলুৱৈৰ নামত আমাৰ মুলুকত জন্মদিন বা মৃত্যুদিন পালন কৰা নহয়৷

খ) বিশেষ দিন বা দিৱস উদ্‌যাপন কৰিবলৈ হ’লে গান-বাজনা হ’বই লাগিব৷ সেই গান-বাজনাৰ অন্তৰ্নিহিত দৰ্শন নাজানিলেও কোনো কথা নাই; গান-বাজনাৰ উপৰি আন কথা-বাৰ্তাৰ চৰ্চাৰেও যে কাৰোবাক স্মৰণ কৰিব পাৰি সেয়া ক্ৰমে ক্ৰমে অসমত অকল্পনীয় হৈ উঠিছে৷

এনে হোৱাৰ ফলস্বৰূপে জ্যোতিসংগীত পৰিৱেশন কৰা শিল্পী নামধাৰী একোজনে জ্যোতিপ্ৰসাদ আগৰৱালা কোন নাজানে, বিষ্ণুৰাভাৰ গীত গাওঁতা একোজনে বিষ্ণুপ্ৰসাদ ৰাভানো কোন বা তেওঁনো কি কি কৰিছিল একোকে নজনা অৱস্থা এটা হৈছেহি৷ বৰগীত গাবলৈ যত্ন কৰাসকলেতো শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে এক শতাংশও নাজানে, বৰগীতৰ প্ৰশিক্ষণ দিয়াসকলৰো বহুতে নাজানে৷

এনে হৈছে কিয়?

এনে হোৱাকে বোধকৰোঁ পৰিৱৰ্তন বুলি কয়! আমাৰ সম্মুখত দাঙি ধৰা বাণিজ্যিক লাভালাভৰ অঙ্কৰে নিৰ্ধৰিত সাম্প্ৰতিক পৃথিৱীখনত মানুহে নিজকে তাৰকাৰ দৰে জিলিকাই ৰখাৰ সুবিধা লাভ কৰিছে৷ এইটো সুবিধাকে কামত লগাই জাতীয় জীৱনৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি খ্যাতি থকা লোকসকলৰ নামত একগোট হৈ গান-বাজনা কৰি আভাসী সামাজিক মাধ্যমত নিজকে প্ৰচাৰ কৰিবৰ সুবিধা আজিৰ তাৰিখত সুলভ৷ এনে সুলভ আত্মপণ্যবিপননকালত কাৰোবাৰ নামত ভেঁজা দি কোনোবাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰাত আচৰিত হ’বলগীয়া একো নাই৷ কিন্তু যিসকল নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হোৱা দেখোঁ তেওঁলোকে দেখোন নিজে অৱলম্বন কৰা ব্যক্তিসকলৰ জীৱন কিম্বা প্ৰতিভা সম্পৰ্কে সম্পূৰ্ণ উদাসীন৷

অসমীয়া জাতিটো বৰ আচৰিত বিশেষত্বসম্পন্ন জাতি৷ কাৰণ নিজৰ ঐতিহ্য সম্পৰ্কে একো নাজানো বুলি সম্ভৱতঃ অসমৰ অসমীয়াইহে ক’ব পাৰে! তেনেকৈ কৈ তেওঁলোকে ৰাস্তাত জাতীয়তাবাদৰ শ্লোগান দি আন্দোলন কৰিবও পাৰে৷ বহু ৰাজনৈতিক আদৰ্শ, সম্প্ৰদায় আদিৰ ভিত্তিত সংগঠিত হোৱা বহু ছাত্ৰ সংগঠনৰ সদস্যৰ সৈতে কথা পতাৰ সৌভাগ্য বা দুৰ্ভাগ্য অৰ্জন কৰিছোঁ যিসকলে নিজৰ ৰাজনৈতিক আদৰ্শৰ বিষয়ে একোকে নাজানে অথবা নিজৰ সম্প্ৰদায়টোৰ উদ্ভৱৰ ইতিহাসৰ লগতে সমসাময়িক সময়ত নিজৰ সম্প্ৰদায়টোৰ সম্মুখত আহি পৰা সমস্যা, সংকট আদিৰ বিষয়ে একোকে নাজানে!

সম্প্ৰতি অসম মুলুকত বহুতো ছাত্ৰ সংগঠন আছে৷ সেই সংগঠনবোৰে আঞ্চলিক শাখা, জিলা শাখা আৰু ৰাজ্যিক এই কেউটা স্তৰত অধিৱেশন পাতে৷ এনে অধিৱেশনবোৰৰ বস্তুগত প্ৰাচুৰ্য দেখিলে যিকোনো সচেনত মানুহৰ মূৰ ঘূৰাই যাব! ছাত্অৰসকলে ইমান টকা-পইচা কেনেকৈ পায়, কৰপৰা পায়? অসমৰ আৰ্থিক সংকট দেখোন দিনক দিনে বাঢ়িহে গৈছে৷

অসমত আজিৰ তাৰিখত জেওৰা-জপনাৰ কাম কৰিব জনা মানুহ এজন নাই৷ অসমত আজিৰ তাৰিখত ভালদৰে খেতি কৰিব জনা মানুহ এজন নাই৷ অসমত আজিৰ তাৰিখত শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ জীৱন আৰু কীৰ্তি তথা তেখেতসকলৰ আদৰ্শৰ বিষয়ে জনা গায়ক-পৰিৱেশক এজন নাই৷ অসমত আজিৰ তাৰিখত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰ্শনৰ বিষয়ে জনা জ্যোতিসংগীতৰ গায়ক নাই৷  অসমত আজিৰ তাৰিখত বিষ্ণপ্ৰসাদ ৰাভাৰ বিষয়ে জনা আৰু তেখেতৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল বিষ্ণুৰাভাৰ গীতৰ গায়ক-গায়িকা নাই৷

এনে এখন অসমক বাৰু উন্নতিৰ পথত অগ্ৰসৰ হোৱা বুলি ভাবিব পাৰিনে?

নিশ্চিতভাৱে নোৱাৰি৷

সাম্প্ৰতিক সময়ৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যি ‘ভেল্যু এডুকেশ্যন ক’ৰ্ছ’ৰ সূচনা কৰিছে তাতো ভেল্যু বা মূল্যবোধ সমূলি অনুপস্থিত৷ মূল্যবোধৰ বোধৰ পৰিৱৰ্তে তাত আছে প্ৰয়োজনীয় মূল্যাঙ্ক আহৰণ কৰি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পথহে৷ একে শিক্ষানীতিত ‘স্কিল এনহাঞ্চমেণ্ট ক’ৰ্ছ’ বুলি যি পাঠ্যক্ৰম প্ৰৱৰ্তিত হৈছে তাতো কোনো ‘স্কিল’ বা ‘হাতে-কামে দক্ষতা’ৰ গোন্ধ-ভাপো নাই; তাতো আছে কেৱল জোৰা-ফোন্দা মাৰি পৰীক্ষাত প্ৰয়োজনীয় মূল্যাঙ্ক অৰ্জন কৰাৰ ব্যৱস্থাহে!

এনে অৱস্থা সৃষ্টি কৰিছে আমাৰ সম্মানীয় বিশ্ববিদ্যালয়সমূহেই৷ ব্যৱহাৰিকতা আৰু স্থানীয় সামাজিক প্ৰয়োজনৰ প্ৰতি পিঠি দি কেৱল এক ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’-ৰ প্ৰতি দায়ৱদ্ধ হ’বলৈ গৈয়েই এনে ‘ন যযৈৗ, ন তস্থৌ’ অৱস্থাত উপনীত হৈছে আমাৰ শিক্ষা ব্যৱস্থা৷

একেই অৱস্থা আমাৰ সামাজিক বিষয়বোৰতো৷

একেই অৱস্থা আমাৰ সাংস্কৃতিক বিষয়বোৰতো৷

একেই অৱস্থা আমাৰ সামগ্ৰিক ৰাজনৈতিক-অৰ্থনৈতিক বিষয়বোৰতো৷

অথচ আমি একোকে নেদেখোঁ দেখোন!

আমি অসমীয়া জাতিটো অন্ধ হ’লোঁ নেকি?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ