অন্যযুগ/


সম্পাদকীয়

 নতুন বছৰ : আশা-নিৰাশা

গচ্ছতি ইতি জগতঃ৷ অৰ্থাৎ গৈ থকাৰ মানেই জগত৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অস্তিত্বই গতিশীল, আমি মানুহবোৰো৷ পৃথিৱীৰ আৱৰ্তনৰ লগে লগে আমি গৈ আছোঁ, সৌৰজগতৰ গতিৰেও আমি গৈ আছোঁ, সৰ্বোপৰি সময়ৰ মাত্ৰাৰেও আমি গতিশীল, যি মাত্ৰাক পদাৰ্থৰ চতুৰ্থ মাত্ৰা বোলা হয়৷ অৰ্থাৎ সময় বোলা অস্তিত্বটো প্ৰতিটো জাগতিক অস্তিত্বৰ মাজেদি সৰকি গৈ আছে আৰু প্ৰতিটো  অস্তিত্বকে স্থায়ী চিন দি গৈছে— তোমাৰ সৈতে মোৰ সম্পৰ্কৰ মান ইমান, তেওঁৰ সৈতে ইমান— এনেকৈ৷

পৰিৱৰ্তনেই সত্য৷ এই নিয়ম অনুসৰি আমি প্ৰতিটো মুহূৰ্ততে পুৰণি হৈ গৈ থাকোঁ মাত্ৰ৷ ছেকেণ্ড, মিনিট, ঘণ্টা, দিন, মাহ, বছৰ আদিৰ ব্যৱহাৰ কৰি আমি কেৱল যত্ন কৰোঁ আমাৰ জগত-ভ্ৰমণৰ এটা আপেক্ষিক হিচাপ উলিয়াবৰ উদ্দেশ্যে৷ 

এনে হিচাপেৰেই পুৰণি বছৰটো শেষ হ’বৰ হ’ল৷ তাৰ মানে নতুন বছৰ এটা আৰম্ভ হওঁ হওঁ৷ এনে সময়ত সদায়ে নানান হিচাপ-নিকাচ কৰা হয়, কি পালোঁ কি নাপালোঁ ভবা হয়৷ 

বিগত বছৰটোৱে আমাক যোৱা এটা শতিকাতো নোহোৱা পৰিস্থিতি এটাৰ মুখামুখী কৰাই দিলে৷ সমগ্ৰ পৃথিৱীজুৰি কেইবালাখো লোক অকালতে মৃত্যুৰ বুকুত ঢলি পৰি মানৱ সভ্যতাৰ সকলো প্ৰযুক্তিগত অগ্ৰগতিক উপহাস কৰি গ’ল৷ আমি এতিয়াও যিসকল মহামাৰীৰ মাজত থাকিও জীয়াই আছোঁ, সম্ভৱতঃ কমেও এটা শতিকাৰ ভিতৰত এইসকলেই সবাতোকৈ সৌভাগ্যৱান মানুহ৷ কাৰণ মহামাৰীয়ে আমাৰ জীৱনৰ স্বাচ্ছন্দ্য সাময়িকভাৱে নোহোৱা কৰিলে যদিও কোনো মূল্যৰ বিনিময়ত কিনিব নোৱৰা অভিজ্ঞতাৰে আমি অভিজ্ঞ হৈছোঁ৷

মহামাৰীৰ মাজতে অসমীয়া জাতিয়ে এক ভয়াৱহ শংকাৰ মাজেদি বছৰটো কটাই দিলে৷ শংকাৰ কাৰণ নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰীকৰণৰ ফলত অসম আৰু অসমীয়াই ভোগ কৰিবলগীয়া দুৰ্ভোগ৷ এই কাৰণটোকে লৈ ৰাজ্যখনত সাংস্কৃতি‍ক ক্ষেত্ৰত কাম কৰি‍ থকা ভালেখিনি লোকক ৰাজনৈতিক ক্ষেত্ৰলৈ ঢাপলি মেলা দেখা গ’ল, অন্ততঃ চাৰিটাকৈ নতুন ৰাজনৈতিক দলেও জন্ম লাভ কৰাৰ খবৰো আমি পালোঁ৷ এই দলকেইটাত কিন্তু বহু পুৰণি ৰাজনীতিকৰে সমাগম দেখিলোঁ য’ত এজন বা একাধিক নিকা ভাবমূৰ্তিৰ যুৱনেতাক প্ৰায় শিখণ্ডী হিচাপে সন্মুখত স্থাপন কৰি লোৱা হৈছে৷ পিছে এটা বিশেষভাৱে ভয়ঙ্কৰ জাতীয় সমস্যাক লৈ সকলো অসমীয়া একমুঠ হোৱা আমি নেদেখিলোঁ৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ কল্পনাতীত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ জীৱনত ছন্দ পৰিৱৰ্তন ঘটোৱাৰ দৰে কথা দোহাৰি লাভ নাই৷ কাৰণ, জগতত সম্প্ৰতি সকলো ধৰণৰ গঠনমূলক চিন্তাই এক প্ৰকাৰ অৰণ্যৰোদনত পৰিণত হৈছে৷

অসমৰ নাট্য জগতখন মহামাৰীয়ে বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি পেলালে৷ সাহিত্যৰ জগতখনো সাময়িকভাৱে স্তব্ধ হৈ পৰিছিল যদিও সম্প্ৰতি ক্ৰমে ক্ৰমে এইখন জগত আগৰ ছন্দলৈ উভতিছে৷ মহামাৰীয়ে ভোগোৱা লেখকসকলে নিশ্চিতভাৱে নতুন অভিজ্ঞতাৰে সাহিত্য ৰচনা কৰিব (কিছু ৰচিত হৈছেই)৷ এতিয়াই সেইখিনি আশা কৰাটো উচিত নহ’ব, কাৰণ এয়া অভিজ্ঞতাক ধাৰণ কৰাৰ সময়হে৷ সাহিত্যিকসকলক উৎসাহ যোগাবলৈ ৰাজ্য চৰকাৰে বিশেষভাৱে এখন আঁচনি প্ৰৱতৰ্ন কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু কেৱল নাটকৰ বাবেই জীৱন পাত কৰা মানুহখিনিৰ বাবেও তেনে এখন আঁচনি গ্ৰহণ কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। কাৰণ,  বিগত বছৰেটাত নাটকৰ সৈতে জড়িত মানুহখিনিয়েই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ভ্ৰাম্যমাণ থি‍য়েটাৰৰ দলসমূহ এতিয়াও আগৰ দৰে মূৰ দাঙি থিয় হ’ব পৰা নাই। অব্যৱসায়ি‍ক নাট্যজগতখনত হোৱা ক্ষতিয়ে আমাৰ জাতীয় নাট্যজগতক বহু দিন  পিছলৈ ঠেলি দিলে।

শেহতীয়াকৈ সকলোকে আচৰিত কৰি ইংলেণ্ডকে ধৰি কেইবাখনো দেশত পুনৰাই ক’ৰ’নাভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে আৰু এই সংক্ৰমণ আগৰ তুলনাত সত্তৰ শতাংশ অধিক ভয়াৱহ বুলি বিশেষজ্ঞসকলে সদৰি কৰিছে৷ প্ৰথম অৱস্থাত ক’ৰ’নাত আক্ৰান্ত হৈ জীৱন ৰক্ষা পৰা লোকসকল স্থায়ীভাৱে ৰক্ষা পৰা বুলি কোৱা হৈছিল৷ সেই কাৰণেই তেনে লোকৰ ৰক্তৰপৰা সংগ্ৰহ কৰা প্লাজমাই ৰোগীৰ শৰীৰক ক’ৰ’নাভাইৰাছৰ সৈতে যুঁজিব পৰাকৈ শক্তি দিয়ে বুলিও কোৱা হৈছিল৷ পিছে সকলো ফুটুকাৰ ফেন বুলিও সোনকালেই প্ৰমাণিত হ’ল৷ কাৰণ এবাৰ ভুগি ৰক্ষা পৰাৰ পাছতে আকৌ ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যাটোও বাঢ়ি আহিল৷ এনে অভিজ্ঞতাবোৰে প্ৰমাণ কৰিলে যে মানুহে ভবাতকৈ ক’ৰ’নাভাইৰাছ অধিক মাৰাত্মক৷

সম্প্ৰতি বিশ্বৰ বহু দেশেই এই ভাইৰাছৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে৷ পিছে এই প্ৰতিষেধকবোৰে কিমান দূৰলৈ ক’ৰ’নাৰ সৈতে যুঁজিব পৰাকৈ মানুহক শক্তি যোগাব সি সন্দেহজনক৷ কাৰণ, ভাইৰাছ বোলা জীৱবিধ (জীৱ নহ’বও পাৰে) দ্ৰুত গতিত উৎপৰিৱৰ্তিত হোৱা এক প্ৰাকৃতিক অস্তিত্ব৷ আমি মানুহবোৰে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি (প্ৰতিষেধক) আহৰণ কৰিবলৈ কমেও প্ৰায় এবছৰ ল’লোঁ৷ এই এবছৰত ভাইৰাছবিধে কিন্তু নিজকে বহুত সলনি কৰি পেলালে৷ এতিয়া ভাইৰাছবিধৰ যি সময়ৰ বিশেষত্ব অধ্যয়ন কৰি প্ৰতিষেধক প্ৰস্তুত কৰা হৈছে, সেই সময়তকৈ বৰ্তমান ইয়াৰ চৰিত্ৰ পৃথক, ই অধিক শক্তিশালী৷ গতিকে প্ৰৱৰ্তন কৰা প্ৰতিষেধকবোৰৰ ওপৰতে ভৰসা কৰি এতিয়া যদি মানুহে স্বাভাৱিক সময়ৰ দৰে বেপৰোৱা জীৱন কটাবলৈ হয় তেন্তে বাস্তৱত হিতে বিপৰীত হোৱাৰ আশঙ্কা আছে৷

সংক্ৰমণৰ আশঙ্কাত ভাৰতবৰ্ষই বিশেষকৈ ইংলেণ্ডৰ পৰা সকলো ধৰণৰ বিমানৰ চলাচল বন্ধ কৰি দিছে যদিও (এই মুহূৰ্তলৈকে) এই নতুন ধৰণৰ ভাইৰাছত আক্ৰান্ত কেইবাজনো লোক ইতিমধ্যে বিদেশৰ পৰা আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰা বুলি খবৰ ওলাইছে৷ আমাৰ অভিজ্ঞতাই কয়, আমাৰ দেশখন সংক্ৰমিত কৰিবলৈ এজন আক্ৰান্তই যথেষ্ট৷ কাৰণ আমাৰ দেশখন সৰ্বাধিক ক্ষেত্ৰত অশিক্ষিত মানুহেৰে ভৰা৷ এই অশিক্ষিত শব্দটোৱে লিখিব-পঢ়িব জনা লোককো সামৰি লয়৷ বিশেষকৈ ‘বিপদবোৰ আনৰ কাৰণেহে, মোৰতো বিপদ নহয়’ ধৰণৰ মানসিকতা এটা আমাৰ ভাৰতীয় মানুহৰ মজ্জাগত৷ এনে হোৱাৰ ফলত আমাৰ জীৱন-ধাৰণ প্ৰক্ৰিয়াত আমি নিজৰ কাৰণে অৱলম্বন কৰিবলগীয়া সাৱধানতাত সুৰুঙা ৰাখি যাওঁ৷ তদুপৰি আমাৰ দেশৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আৰু ৰাজনৈতিক জীৱনত এনে কিছুমান অলাগতিয়াল অনুশীলনত আমি ভাগ লওঁ, যিবোৰত জনসমাগম হোৱাটো স্বাভাৱিক (কিমান বেছি সংখ্যক লোক গোটা খাইছে তাক আমি গৌৰৱৰ বিষয় বুলি গণ্য কৰোঁ)৷ ক’ৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে মানুহে পাৰস্পৰিকভাৱে শাৰীৰিক দূৰত্ব মানি চলিব লাগে বুলি কোৱা হয় যদিও উপৰিউক্ত ক্ষেত্ৰসমূহৰ নেতাসকলে তেওঁলোকৰ উদ্দেশ্য সিদ্ধিৰ কাৰণেই আমাক গোট খুৱায় আৰু আমি আক্ৰান্ত হওঁ৷

অসমত বিধান সভাৰ নিৰ্বাচনলৈ কেইমাহমানহে আছে৷ ইতিমধ্যে স্বায়ত্তশাসিত পৰিষদ কেইবাখনৰো নিৰ্বাচন হৈ গৈছে৷ গতিকে, অৱধাৰিতভাৱে অসমত আগন্তুক সময়খিনিত হাজাৰ হাজাৰ মানুহে সমাগম সৃষ্টি কৰিব৷ তদুপৰি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে বিভিন্ন সংগঠনে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো ইঙ্গিত দিছে৷ এই ক্ষেত্ৰতো একে ধৰণৰ গণসমাৱেশ হ’বই৷ এনে অৱস্থাত ক’ৰ’নাৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটিলে পৰিস্থিতি কেনে হ’ব ভাবিলেই ভয় লাগে৷ কাৰণ, ৰোগীৰ সংখ্যা কমি অহাৰ লগে লগে অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা প্ৰায়বোৰ ক’ভিড চেণ্টাৰ বন্ধ কৰি পেলোৱা হ’ল৷ স্থায়ী চিকিৎসালয়খিনিত ক’ভিড চিকিৎসাৰ ব্যৱস্থা সীমিত৷ ইপিনে অহা সময়খিনিত অসমৰ বতৰ হ’ব বৰষুণীয়া৷ আগন্তুক সময়ত যাতায়াতৰ ক্ষেত্ৰত দূৰ-দূৰণিৰ ৰাইজৰ দুৰ্ভোগ আৰম্ভ হ’ব৷ ইপিনে খেতিৰ দিন৷ খেতি কৰিব নোৱাৰিলে পেটৰ জুইকুৰা নুমুৱাবৰ কোনো নিশ্চিত পথ নাথাকে৷

গতিকে, অসমৰ ৰাইজৰ কাৰণে আগন্তুক ছমাহমান সময় আচলতে অগ্নিপৰীক্ষাৰ সময় বুলি অনুভৱ কৰোঁ৷ বিশেষকৈ ক’ৰ’নাভাইৰাছৰ সমান্তৰালভাৱে কৃষিকৰ্মত যদিহে ক্ষতি হ’বলৈ হয় তেন্তে অন্ততঃ আগন্তুক কেইবাটাও বছৰলৈ অসমৰ সমাজ-জীৱন ভালকৈ থিয়দঙা দিব নোৱাৰিব বুলি আমাৰ অনুভৱ হৈছে৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিগত এমাহ কাল কেইবাখনো ৰাজ্যৰ কৃষকসকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে৷ প্ৰচণ্ড শীত, খাদ্যাভাৱ আদিৰ মাজতো তেওঁলোকে আত্মোপলব্ধি আৰু স্বাভিমানৰ বলতে বিক্ষোভৰ কাৰ্যসূচী অব্যাহত ৰাখিছে৷ এই বিদ্ৰোহৰ ফলত কেইবা ধৰণৰ ক্ষতি হৈছে৷ প্ৰথমতে ৰাষ্ট্ৰৰ  সাম্প্ৰতিক অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে৷ দ্বিতীয়তে কৃষিক্ষেত্ৰত কৰ্মদিন হ্ৰাস পোৱাৰ ফলত আগন্তুক সময়ত খাদ্যাভাৱে দেখা দিয়াৰ আশঙ্কা প্ৰৱলতৰ হৈছে৷ তৃতীয়তে বিক্ষোভথলীত পুনৰাই ক’ৰ’নাৰ প্ৰাদুৰ্ভাৱ ঘটাৰ আশঙ্কাও ঘনীভূত হৈছে৷ এনে অৱস্থাৰ উপশম কোনে ঘটাব পাৰে? নিশ্চিতভাৱে চৰকাৰেই এনে আশঙ্কাগ্ৰস্ত সময়ক স্বাভাৱিক সময়লৈ সলনি কৰিব পাৰে৷

অৱশ্যে সকলো সময়তে চৰকাৰৰ মুখলৈ চাই থাকি সকলো ধৰণৰ নেতিবাচক পৰিণতিৰ কাৰণে চৰকাৰক দোষাৰোপ কৰাটো আমাৰ স্বাভাৱত পৰিণত হৈছে৷ এই স্বভাৱ পৰিত্যাগ কৰি আমাৰ জীৱনৰ সৈতে সম্পৰ্কিত বিভিন্ন ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ দায়িত্ব আমি পালন কৰিব লাগিব৷ বিশেষকৈ ৰাজনৈতিক অস্থিৰতাক আমাৰ জীৱনৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশবোৰত প্ৰভাৱ পেলাবলৈ দিব নালাগে৷ অন্যথা ভৱিষ্যতৰ দিনবোৰত পৃথিৱীখনত মানুহ জীয়াই থকাই টান হৈ পৰিব৷

এনে অৱস্থাত নতুন বছৰটোত কিবা চমৎকাৰ ঘটি আমাৰ সুৰক্ষা নিশ্চিত হ’ব বুলি আমাৰ অকণো আশা নাই৷ তথাপি  বহু নেতিবাচকৰ মাজতো আমি সদায়ে ইতিবাচকৰ প্ৰতি আগ্ৰহী৷ সকলোৰে সুমন-সুস্বাস্থ্য কামনা কৰিছোঁ৷ সকলোৰে মঙ্গল হওক৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ