আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ কাৰণে অসম সাহিত্য সভাৰ
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াৰ নিৰ্বাচন হৈ গ’ল৷ ফলাফলো ওলাল৷ ফলাফল
ওলোৱাৰ পাছতেই, স্বাভাৱিক প্ৰৱণতাৰ উপৰিফল হিচাপেই ফলাফলক লৈ
বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশো পালে৷ এনে প্ৰতিক্ৰিয়াসমূহৰ সাৰমৰ্মসমূহৰ ভিতৰত
প্ৰধান হৈছে –
ক) অৰুণাচল
প্ৰদেশৰ অধিবাসী য়েছে দৰ্জে থংচি নামৰ শ্ৰদ্ধেয় লেখকজন সভাৰ সভাপতি হ’বই
লাগিছিল৷ কাৰোবাৰ কিবা অনৈতিক কৰ্মৰ ফলতহে তেওঁ সভাপতি হিচাপে নিৰ্বাচিত হ’ব নোৱাৰিলে৷
খ)
পণ্ডিতপ্ৰৱৰ ড॰ নাহেন্দ্ৰ
পাদুন সভাপতি হ’ব লাগিছিল৷ কিন্তু তেওঁ ৰাজনীতিৰ খেলা খেলিব নজনাৰ
কাৰণেই নিৰ্বাচিত নহ’ল৷ লগতে তেখেতক ৰান্ধনি উচতাই জোল খালে
এক বিশেষ সংখ্যক লোকে৷
গ) ড॰ সূৰ্য্য
হাজৰিকা নামৰ মানুহজন এজন বদমাছ, সাহিত্যৰ নামত আখৰ এটাও লিখি নোপোৱা মানুহ,
অসমীয়া পঢ়ুৱৈয়ে নাম চিনি নোপোৱা এজন মানুহ৷ তেৱেঁই নিৰ্বাচনত বিভিন্ন
নৈতিক-অনৈতিক উপায় অৱলম্বন কৰি সভাপতি হ’ল৷
এনেকুৱা
ষ্টেটমেণ্টবোৰ লক্ষ্য কৰি কিছুমান অনুভৱ প্ৰকাশ কৰিবলৈ মন যায়৷ সেইবোৰ এনে–
ক) যিকোনো
এজন সাহিত্যৰ সৈতে সম্পৰ্ক থকা অসমীয়া মানুহেই আজিকালি অসম সাহিত্য সভাৰ সভাপতি বা
সম্পাদক হ’বলৈ আশা কৰি নিৰ্বাচন খেলিব পাৰে৷
খ) অসমীয়া
সাহিত্যৰ সৈতে সম্পৰ্ক থকা অনা অসমীয়া মানুহেও আজিকালি অসম সাহিত্য সভাৰ সভাপতি বা
সম্পাদক হ’বলৈ আশা কৰি নিৰ্বাচন খেলিব পাৰে৷
গ) যিসকলক
সৰ্বসাধাৰণে যোগ্য বুলি ভাবে সেইসকলক সেই ‘যোগ্য বুলি ভবাসকলে’ ভোট দি বিজয়ী কৰিব নোৱাৰে৷ আৰু ‘সৰ্বসাধাৰণ’ এই ভোটযুদ্ধৰ ভোটাৰ নহয়।
ঘ) বিজয়ী হ’ব
বুলি আশা কৰাসকল পৰাজিত হোৱাৰ পাছত বিজয়ীসকলৰ সাত জনমৰ বদনাম উকটিবলৈ অসমত মানুহৰ
অভাৱ নাই৷
ঙ) কাৰোবাক
জিকাবলৈ আন কোনোবা লোকক ব্যৱহাৰ কৰা হ’ল৷ ইত্যাদি৷
এতিয়া কথা
হৈছে, অসম সাহিত্য সভাৰ সভাপতি পদত নিৰ্বাচন খেলাসকল ওঁঠ চেপিলে গাখীৰ ওলোৱা
কেঁচুৱা নেকি? নহয়৷ যদি নহয়, তেওঁলোক
মূৰ্খ নেকি? নহয়৷ তেন্তে?
তেন্তে
নিশ্চিতভাৱে এই ভোটযুদ্ধৰ অন্তৰালত এক অদৃশ্য পৰম্পৰাৰ সৃষ্টি হৈছে৷ কাৰণ
সংশ্লিষ্ট সংগঠনটোৰ সভাপতিৰ পদটোত আসীন হ’বলৈ আশা কৰা প্ৰতিজন মানুহেই
লেখৰ মানুহ৷ তেওঁলোকৰ প্ৰতিজনেই স্পষ্টভাৱে জানে– জিকিলে কি
হ’ব বা হাৰিলে কি হ’ব?
এনেবোৰ
কথা-কাণ্ডৰ লগেত যোৱা কেইটামান বছৰৰ কাণ্ড-কাৰখানাৰ অধ্যয়নৰ ফলত এনে কিছুমান
উপপাদ্যৰো সৃষ্টি কৰে–
অসম সাহিত্য
সভাৰ সাধাৰণ সম্পাদক পদত বেছ কিছু বছৰ অসমীয়া সাহিত্যৰ সৈতে সম্পৰ্ক নথকা, মানুহে
নাম নুশুনা মানুহো যিহেতু নিৰ্বাচিত হৈছে গতিকে ভৱিষ্যতৰ যিকোনো সময়ত যিকোনো মানুহ
অসম সাহিত্য সভাৰ সভাপতি বা সম্পাদক হোৱাৰ পথ প্ৰশস্ত– অসম
বিধান সভাৰ সদস্য অৰ্থাৎ বিধায়ক হ’বলৈ যেনেকৈ অসমত থকা এজন
যিকোনো মানুহ যোগ্য (অসমৰ বাহিৰে আন ৰাজ্যত শইকীয়া, বৰা,
হাজৰিকা আদি উপাধিৰ মানুহ বিধায়ক হ’বলৈ আগ
বাঢ়িব পাৰেনে নোৱাৰে, যদি নোৱাৰে কিয় নোৱাৰে আদি প্ৰশ্ন এই
ক্ষেত্ৰত উত্থাপন হোৱা উচিত নহয়৷ অসমত কিন্তু সিং, সিংহানিয়া, চুব্বা, লিম্বু আদি
উপাধিৰ মানুহে বিধায়ক বা সাংসদ হিচাপে সসন্মানে নিৰ্বাচিত হোৱাৰ নজিৰ আছে)।
গতিকে, অসম
সাহিত্য সভা বোলা অনাচৰকাৰী সংগঠনটোৰ সভাপতি বা সম্পাদক পদত কোন নিৰ্বাচিত হ’ল বা কোন নিৰ্বাচিত নহ’ল তাকে লৈ বিভিন্ন মাধ্যমত
হোৱা প্ৰতিক্ৰিয়াবোৰ দেখি আমাৰ চকু কপালতহে উঠিব খোজে৷ কাৰণ অসম সাহিত্য সভা বোলা
সংস্থা বা সংগঠনটোৱে সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ উন্নতিৰ হকে বিশেষ অৰ্থপূৰ্ণ
কৰ্মসূচী হাতত লোৱা আমাৰ চকুত পৰা নাই৷
কেৱল সভাপতি
বা সম্পাদকৰ পৰিচিত অথবা ব্যক্তিগত সম্পৰ্ক থকা লোকৰ কিতাপ-পত্ৰ কেইখনমান ছপা কৰি, সুন্দৰভাৱে
বিপননৰ ব্যৱস্থা নকৰাকৈয়ে ‘প্ৰকাশ’ কৰাৰ
নাম লৈ অসমীয়া সাহিত্যক ৰক্ষা কৰিব পৰা নাযায়৷
যিসকল
প্ৰাৰ্থী পৰাভূত হৈছে সেইসকলে নাজানে নেকি নিৰ্বাচনী ৰাজনীতিৰ লক্ষ্য হৈছে যিকোনো
প্ৰকাৰে ভোটদানৰ মুহূৰ্তত ভোটাৰজনৰ সমৰ্থন আদায় কৰা? যি জিকিছে সেইসকলে
নিশ্চিতভাৱে সেই বুদ্ধি বা কৌশলটো প্ৰয়োগ কৰাত সিদ্ধহস্ততা দেখুৱাইছে৷ যিহেতু ‘নিৰ্বাচন’ ব্যৱস্থাটোকে মানি লোৱা হৈছে, নিজকে ‘যোগ্যজন’ বুলি একোটা
পদবীৰ বাবে মনোনীত কৰা হৈছে (আনে কৰা নাই), গতিকে জিকিবলৈ
প্ৰস্তুত হোৱাৰ সমানে হাৰিবলৈও প্ৰস্তুত হোৱাটো এনে খেলৰ খেলুৱৈসকলৰ স্বভাৱজাত
বিশেষত্ব হোৱা উচিত৷ একে সময়তে খেলুৱৈসকলৰ সমৰ্থকসকলৰো৷ খুব হাস্যকৰ কথা এইটোৱেই
যে এনে খেলত অংশ গ্ৰহণকাৰী লেখক-সম্পাদক-সংগঠকসকলৰ সাহিত্যিক বা সাংগঠনিক অৱদান সম্পৰ্কে
বিশেষ একো নজনাকৈয়ে ইণ্টাৰনেটৰ সামাজিক মাধ্যমত বিশেষজ্ঞৰ ভূমিকা পালন কৰি ৰায়দান
দিয়া মানুহৰ সংখ্যাটো সম্প্ৰতি উদ্বেগজনকভাৱে বাঢ়ি গৈছে৷
শেহতীয়াকৈ
বিষয়টোক লৈ সামাজিক মাধ্যমত হোৱা বিভিন্ন আলোচনাত আনকি এনে প্ৰসঙ্গয়ো স্থান পালে
যে কোনোবাই যদি নিৰ্বাচিত সভাপতিজনৰ সমৰ্থনত একাষাৰ কৈছে লগে লগেই সেইজন কিবা
পুৰস্কাৰৰ আশা কৰা মানুহ হৈ পৰিছে! আটাইতকৈ ডাঙৰ কথা, এনে
আলোচনাত অংশ গ্ৰহণ কৰি ৰাজহুৱাভাৱে এচামে আন এচামৰ চৰিত্ৰহনন পৰ্যন্ত কৰিবলৈ
কুণ্ঠিত হোৱা নাই৷
লক্ষ্য কৰিব
লাগিব এই নিৰ্বাচনৰ ভোটাৰসকল কোন? তেওঁলোকৰ পৰিচয় কি? তেওঁলোকৰ
সাহিত্যিক অৱদান বা দায়ৱদ্ধতা কি? লগতে লক্ষ্য কৰিব লাগিব,
শাখা সাহিত্য সভাসমূহ কেনে মানুহে চলাই ৰাখিছে? লক্ষ্য কৰিব লাগিব শাখা সাহিত্য সভাবোৰৰপৰা সাহিত্যৰ নামত প্ৰকাশিত
কিতাপবোৰৰ মানো৷ এনে সাহিত্যৰ ৰচক-প্ৰকাশকসকলৰ মানসিকতাৰ প্ৰতিফলনেই নিৰ্বাচনৰ
ফলাফলতো দেখা যায়৷ এইবাৰো দেখা গ’ল৷
অসম সাহিত্য
সভাৰ ইতিহাসত কেৱল এখন অভিধান সংকলন কৰাৰ অভিজ্ঞতাপুষ্ট লোকো সভাপতি হোৱাৰ উদাহৰণ
আছে৷ গতিকে এইবাৰ নিৰ্বাচিত সভাপতিজন অন্ততঃ তেওঁ সম্পাদনা কৰা মূল্যৱান
কিতাপসমূহৰ আধাৰতে যোগ্য ব্যক্তি৷ কিন্তু সভা পৰিচালনাত তেওঁ কেনে পাৰদৰ্শিতা
দেখুৱায় সেয়া সময়ে ক’ব৷ আনহাতে বিগত সময়ৰ দুজন সম্পাদক প্ৰধান আছিল অসমৰ
সাহিত্য জগতৰ কোনেও চিনি নোপোৱা লোক৷ এজন সম্পাদক অনভিজ্ঞ বুলি সেই সময়ৰ
(শুৱালকুচি অধিৱেশন) বিদায়ী সভাপতিয়ে নিজে প্ৰতিৱেদন ছপা কৰি বিতৰণ কৰিছিল৷ প্ৰশ্ন
হয়, সাহিত্য সভাৰ সম্পাদক প্ৰধান হ’ব
পৰা যোগ্য মানুহ নোহোৱা কাৰণেই তেনে অনভিজ্ঞ (অৰ্থাৎ অযোগ্য) লোক সম্পাদক হ’বলগীয়াত পৰিছিল নেকি? যদি পৰিছিল তেন্তে সেয়া অসমীয়া
সমাজ-জীৱনৰ কাৰণেই উদ্বেগজনক কথা!
মুঠ কথা হৈছে, অসম সাহিত্য সভাই অসমীয়া সাহিত্যৰ উন্নতিৰ কাৰণে সামগ্ৰিকভাৱে একোৱেই কৰিব পৰা নাই৷ কোনো নতুন লেখক-লেখিকাক উলিয়াই অনাতো সাহিত্য সভাৰ কোনো ভূমিকা নাই৷ আনহে নালাগে সাহিত্য সভাই নিজৰ কৰ্মচাৰীকেইজনকে দিবলগীয়া দৰমহাৰ টকাকেইটা সময় মতে দিব পৰা নাই৷ এনে এক সংস্থা বা সংগঠনৰ সভাপতি বা সম্পাদক কোন হ’ল কোন নহ’ল সেই কথাই অসমীয়া সমাজৰ একো লাভ বা লোকচান কৰিব নোৱাৰে৷