প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল এইকেইবিধ প’লিমাৰসৃষ্ট কৃত্ৰিম পদাৰ্থ সাম্প্ৰতিক সময়ত পৃথিৱীবাসীৰ কাৰণে এক প্ৰকাৰ অভিসম্পাতত পৰিণত হৈছে৷ ইয়াক অভিসম্পাত বোলাৰ অন্যতম কাৰণ হৈছে এই দুয়োবিধ বস্তু সহজে মাটিৰ সৈতে মিহলি নহয়৷ ফলত প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল (আচলতে এই তিনিবিধ বেলেগ পদাৰ্থ নহয়৷ কিন্তু সাধাৰণতে সকলো মানুহে সকলো ধৰণৰ বিষয়ৰে সূক্ষ্ম কাৰিকৰী দিশ বুজিবলৈ সক্ষম নহয়৷ আনহাতে থাৰ্ম’কলো এক ধৰণৰ প’লিমাৰেই] মিলি মানুহ আৰু আন জীৱকূলৰ বাবে সৃষ্টি কৰিছে নানানটা সমস্যা৷ দেখাত এই বস্তু দুবিধে প্ৰথমে মাটিৰ চৰিত্ৰ সলনি কৰিছে৷ ইহঁতে কৃষিভূমিৰ উৰ্বৰতা হ্ৰাস কৰাই নহয়, কৃষিৰ বাবে অনুপযুক্ত কৰিও তুলিছে৷ দ্বিতীয়তে চহৰ অঞ্চলৰ নলা-নৰ্দমাবোৰৰ পানীৰ স্ৰোত ইহঁতে বাধাগ্ৰস্ত কৰিছে যাৰ কাৰণে চহৰ অঞ্চলবোৰত প্ৰায়েই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে৷ তৃতীয়তে নদী, বিল, হ্ৰদ আৰু সমুদ্ৰত প্লাষ্টিক আৰু প’লিথিন আৱৰ্জনাই পানীকো দূষিত কৰিছে৷ চতুৰ্থতে স্থলচৰ-জলচৰ বহু প্ৰাণীয়ে খাদ্যৰ অভাৱতে হওক বা ভুলতে হওক প্লাষ্টিক ভক্ষণ কৰা আৰম্ভ কৰিছে৷ ফলত জীৱদেহত নানান ন ন উপসৰ্গই দেখা দিছে৷ এনে বহুত প্ৰকাৰে প্লাষ্টিক আৰু থাৰ্ম’কলে পৃথিৱীবাসীলৈ এটাৰ পাছত আনটো আশঙ্কা কঢ়িয়াই আনিছে৷ এনে আশঙ্কাৰ ভিতৰত একেবাৰে ভয়ঙ্কৰটো হৈছে ব্যৱহাৰ কৰাৰ পাছত ধ্বংস কৰাৰ বাট বিচাৰি নাপাই মানুহে জ্বলাই দিছে লাখ লাখ টন প্লাষ্টিক আৰু থাৰ্ম’কল, যি সামগ্ৰিকভাৱে পৃথিৱীৰ বায়ুমণ্ডলত এৰি দিছে বিষাক্ত গেছ৷ আনহাতে থাৰ্ম’কল বোলা বস্তুবিধে সাধাৰণভাৱে বায়ুৰ সংস্পৰ্শত থাকিয়েই সৃষ্টি কৰিছে কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী কেইবাবিধো ৰাসায়নিক পদাৰ্থ৷
গতিকে দেখা গৈছে,
প্লাষ্টিক
আৰু থাৰ্ম’কল হৈ উঠিছে মানৱ সভ্যতাৰ কাৰণে ফ্ৰাঙ্কেন্ষ্টাইন সদৃশ৷ সংবাদ মাধ্যমৰ
যোগেদি জনা গৈছে যে সমুদ্ৰতীৰত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা তিমিমাছৰ
গৰ্ভত ওলাইছে বহু কুইণ্টল প্লাষ্টিক আৰু প’লিথিন৷ এইখন ভাৰতবৰ্ষতে গাইগৰুৰ পেটত
হোৱা অচিন ৰোগৰ কাৰণ হিচাপে পোৱা গৈছে পঁয়ত্ৰিছ কিলোগ্ৰাম পৰ্যন্ত প’লিথিন৷
মহাসাগৰত গোট খোৱা প’লিথিন ভক্ষণ কৰাৰ ফলত সামুদ্ৰিক কাছৰ শৰীৰত অভাৱনীয় ধৰণৰ ৰোগ
এটাই দেখা দিছে – পানীত থকা সত্তেও সিহঁতৰ চলংবোৰ শুকাই কুৰকুৰীয়া হৈ ভাগি যাবলৈ
আৰম্ভ কৰিছে৷ তাৰ মানে ডাইন’ছৰৰ দৰে বিশালকায় জীৱ পৃথিৱীৰপৰা ধ্বংস হওঁতেও যি কাছ
ধ্বংস হোৱা নাছিল সেই কাছ মানুহে সৃষ্টি কৰা প্লাষ্টিক আৰু প’লিথিন নামৰ অস্ত্ৰই
ধ্বংস কৰিবলৈ উদ্যত হৈছে৷
নিঃসন্দেহে
মানুহে নিজৰ স্বাৰ্থৰ কাৰণেই প্লাষ্টিক আৰু থাৰ্ম’কল সৃষ্টি কৰি তাৰ ব্যৱহাৰ আৰম্ভ
কৰিছে৷ কিন্তু এই ব্যৱহাৰ ইমানেই মাৰাত্মক হৈ উঠিছেগৈ যে প’লিথিন আৰু থাম’কলৰ
বাচনত গৰম খাদ্য লৈ তাক গ্ৰহণ কৰি আমি সম্প্ৰতি নিজৰে স্বাস্থ্যৰ বাবে মহাব্যাধি
আহ্বান কৰিছোঁ৷ হয়, ইহঁতে বহু ক্ষেত্ৰত মানুহৰ জীৱন পৰিক্ৰমাক সহজ
কৰি তুলিছে, প্লাষ্টিকৰ সহায়ত বিভিন্ন আচ-বাব আৰু নিত্য
প্ৰয়োজনীয় সামগ্ৰী সৃষ্টি কৰিব পৰা হোৱা কাৰণেই বহু গছ-গছনি ৰক্ষা পৰিছে৷ কিন্তু
সি দেখাতহে৷ পৰোক্ষভাৱে প্লাষ্টিক আৰু থাৰ্ম’কলে সৃষ্টি কৰা নেতিবাচক পৰিৱেশত
গছ-গছনি গজা আৰু জীয়াই থকাটোও এক প্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ গতিকে পৃথিৱীৰ
প্ৰায় সকলো দেশৰ কাৰণেই এতিয়া প্লাষ্টিক আৰু থাৰ্ম’কল বৰ্জন কৰাটো হৈ উঠিছে এক
প্ৰকাৰ অচিন শত্ৰুৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধৰ দৰেই৷
আমি
দেখিছোঁ, চিকিৎসা সামগ্ৰী, খাদ্য সামগ্ৰীকে ধৰি সকলোতে প্লাষ্টিক
আৰু থাৰ্ম’কলৰ পয়োভৰ৷ আনহাতে সাম্প্ৰতিক সময়ৰ মানৱ সভ্যতাৰ উন্নতিৰ অন্যতম চিনাকি
কম্পিউটাৰ ব্যৱস্থাটোৰ অন্যতম উপাদান হৈছে প্লাষ্টিক৷ পিছে ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰাৰ পাছত
সেইবোৰক কি ব্যৱস্থাৰে মানুহৰ জীৱনৰপৰা আঁতৰাব পাৰি তাৰ একো ব্যৱস্থাপনা অন্ততঃ
আজিৰ তাৰিখলৈকে ভাৰতবৰ্ষত সংগঠিত ৰূপত নাই৷
বহু আগবঢ়া দেশে
ব্যৱহৃত প্লাষ্টিক পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিছে৷ সেইবোৰ দেশে বিভিন্ন
চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত চৰজমিন তদন্ত চলাই ব্যৱহাৰৰ অনুপযোগী প্লাষ্টিকৰ
সংগ্ৰহ আৰু পুনব্যৰ্ৱহাৰৰ ব্যৱস্থা কৰিছে৷ আমাৰ দেশত সেইবোৰৰ একোৱেই নাই৷ দেখাক
দেখি অৱশ্যে আমাৰ বিভিন্ন প্ৰতিষ্ঠান, কাৰ্যালয়, শিক্ষানুষ্ঠান
আদিক প্ৰশ্ন কৰা হৈ আহিছে– ব্যৱহাৰৰ বাবে অনুপযুক্ত প্লাষ্টিকৰ সামগ্ৰীৰ কি কৰা হয়?
এই
প্ৰশ্নটো যে অন্তঃসাৰশূন্য সেয়া প্ৰমাণিত হয় দেশখনৰ বাটে-পথে পৰি থকা কোটি কোটি
প্লাষ্টিক আৰু থাৰ্ম’কলৰ সামগ্ৰী দৰ্শন কৰি৷
চৰকাৰীভাৱে
প’লিথিন ব্যৱহাৰৰ বিৰুদ্ধে সময়ে সময়ে নিৰ্দেশনা জাৰি কৰা হয় ঠিকেই, কিন্তু
বজাৰত প’লিথিনৰ বিক্ৰী কাহানিও বন্ধ নহয়৷ ইয়াৰ কাৰণো স্পষ্ট৷ কোটি কোটি টকা কৰ
হিচাপে লাভ কৰি থকা উদ্যোগ একোটা সহজে বন্ধ কৰি পেলাব নোৱাৰি৷ গতিকে সৰ্বসাধাৰণে
ব্যৱহাৰ কৰা-নকৰাক লৈয়ে নিৰ্দেশনা একোটা দি প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰি থকা
দেখুৱায়৷
আমাৰ সমাজখনৰ কোনো নহয় কোনো অংশত দিনটোৰ কোনোবা নহয় কোনোবা সময়ত প্লাষ্টিক আৰু প’লিথিন জীৱৰ বাবে, বায়ুমণ্ডলৰ বাবে ক্ষতিকাৰক বুলি চৰ্চিত হৈয়ে থাকে৷ অথচ আমাৰ প্ৰশাসকসকলে আমাৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি প্লাষ্টিকৰ কাৰখানাও পাতে৷ তেনেহ’লে এই যে স্ববিৰোধ, ইয়াৰ মাজত থাকি প্লাষ্টিকমুক্ত সমাজ বা দেশ এখনৰ কল্পনা কৰিব পাৰিনে? প্লাষ্টিক-প’লিথিন ব্যৱহাৰ কৰাটো অপকাৰী বুলি লিখা বেনাৰ বা গ্ল’ছাইনবোৰো দেখোন প্লাষ্টিকেৰেই তৈয়াৰী৷ আকৌ, পাৰিপাশ্বিৰ্কতা ৰক্ষা সম্পৰ্কীয় সভাবোৰত প্লাষ্টিকৰ বটলত মঞ্চত বহা বিশিষ্ট লোকসকলক খোৱাপানী যোগান ধৰা, ডিছপ’জেবল্ বুলি কোৱা অথচ নন্ডিছপ’জেবল্ কাপ্-প্লে’টত চাহ পৰিৱেশন কৰা আদিৰপৰা আমি মুক্তি কেনেকৈ পাম? তেনে বাচনত গৰম চাহপানীয়ে কৰা ৰাসায়নিক বিক্ৰিয়াৰ বিষময় ফলৰ বিষয়টো বাদেই, তেনে সভাৰ শেষত জমা হোৱা আৱৰ্জনাবোৰৰ ব্যৱস্থা কেনেকুৱা হয়?
এনে এশ এবুৰি
সমস্যা সম্মুখত লৈ আমি কি কৰা উচিত? সাম্প্ৰতিক সময়ৰ বিশেষত্বই এনেকুৱা যে
আপুনি প্লাষ্টিকক এৰিব খুজিলেও প্লাষ্টিকে আপোনাক নেৰে৷ দাঁত ঘঁহা দাঁতোনডালেই হওক
বা চোলাটোৰ বুটামকেইটাই হওক৷ আগৰ দিনত গৰু-গাইৰ হাড়ৰপৰা বুটাম তৈয়াৰ কৰা হয় বুলি
প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ যদিও বৰ্তমান সেইবোৰ বস্তু প্লাষ্টিকৰ গোগ্ৰাসত
পৰিছে৷ কম্পিউটাৰ-ম’বাইল ফোন, গাড়ী সকলোতেই প্লাষ্টিক৷ যিকোনো নতুন
পণ্যসামগ্ৰীৰ বকলাখনো প’লিথিনৰে৷ গতিকে আমি এই সমস্যাটোৰপৰা আঁতৰোঁ বুলিয়েই আঁতৰি
আহিব নোৱাৰোঁ৷
তেনেহ’লে কৰিব
পাৰোঁ কি? অৱশ্যেই আমি প্লাষ্টিক আৰু থাৰ্ম’কলৰ ব্যৱহাৰ কমাব পাৰোঁ৷ প্ৰথমে,
বস্তু
দুবিধৰ ব্যৱহাৰ কমাবলৈ আমি কৰি ল’ব পাৰোঁ পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিকখিনি ঘৰতে
বাৰম্বাৰ ব্যৱহাৰ কৰাৰ নিয়ম এটা৷ দ্বিতীয়তে সংগঠিত ৰূপত চৰকাৰ বা ৰাইজৰ মিলিত
শক্তিৰে পেলনীয়া প্লাষ্টিকেৰে নতুনকৈ কিবা কৰিব পাৰি নেকি তাৰ চিন্তা কৰিব পাৰি৷
বহু দেশত এতিয়া পেলনীয়া প্লাষ্টিকেৰে কৃত্ৰিম গছ-গছনি সাজি নগৰবোৰ সজাই তোলা দেখা
যায়৷ তদুপৰি আমাৰ ইয়াত কংক্ৰিটেৰে প্ৰস্তুত কৰা ৰাস্তা সজা ব্লক প্লাষ্টিকেৰেও
প্ৰস্তুত কৰিব পাৰি৷ প্ৰতি বছৰে বানপানী হোৱা ৰাজ্য অসমত ৰাইজক বহু সংখ্যক নাৱৰ
প্ৰয়োজন হয়৷ ডাঙৰ গছৰ নাটনি হোৱা আমাৰ প্ৰকৃতি জগতখনকে আৰু শোষণ নকৰি, কাঠৰ
পৰিৱৰ্তে পেলনীয়া প্লাষ্টিকেৰে ডাঙৰ ডাঙৰ নাও সাজিব পাৰি৷
হাইদৰাবাদৰ শতীশ কুমাৰ নামৰ এজন অভিযন্তাই ইতিমধ্যে পেলনীয়া প্লাষ্টিকৰপৰা পেট্ৰ’ল প্ৰস্তুত কৰি উলিওৱাৰ খবৰ পোৱা গৈছিল৷ কেই বছৰমানৰ পূৰ্বে অসমৰো এজন যুৱকে একে ধৰণৰ কাম এটা কৰি আমাৰ মনক ইতিবাচক চিন্তাৰ সুফল সম্পৰ্কে আগ্ৰহী কৰি তুলিছিল৷ এই বিষয়ত আমাৰ কোনো কাৰিকৰী জ্ঞান নাই৷ গতিকে জ্ঞানী বন্ধুৰ মত বিচৰাত তেওঁ জনালে যে এনেকৈ আৱৰ্জনাৰপৰা ইন্ধন সৃষ্টি কৰা পদ্ধতিটোৰ নাম পাইৰ’লাইছিছ্ (Pyrolysis)৷ ই হেনো বৰ খৰচী বা জটিল পদ্ধতিও নহয়৷ ই হেনো এটা পুৰণি আৰু সৰল পদ্ধতি৷ এনেকৈ প্ৰথমে ডিজে’ল উৎপাদন কৰিব পাৰি৷ সেই ডিজে’ল পৰিশোধন কৰা আৰু প্লাষ্টিকৰপৰা পেট্ৰ’ল প্ৰস্তুত কৰা কাৰিকৰী কৌশল যথেষ্ট ব্যয়বহুল৷ কিন্তু প্লাষ্টিক উৎপাদন কৰিবলৈ যিহেতু কোটি কোটি টকা খৰচ কৰা হৈছেই, গতিকে সেই প্লাষ্টিক এবাৰ ব্যৱহাৰৰ পাছত আকৌ তাক পৰিৱেশ বিনষ্টকাৰী হোৱাৰপৰা বিৰত ৰাখিবলৈও কিছু ধন খৰচ কৰাত বাধা থাকিব নালাগে৷ পিছে এনে আশাপ্ৰদ খবৰবোৰৰ পৰৱৰ্তী পদক্ষেপৰ খবৰহে আমি নাপাওঁ। সম্ভৱতঃ এনে পদক্ষেপবোৰ মুনাফাদায়ক নহয় বাবেই ধনী কোম্পানীৰ চক্ৰান্তত এইবোৰ কলিতে মৰহি যায়।
আমাৰ দেশখন এনে এখন দেশ য’ত নিজৰ ঘৰখন তথা চৌহদটোক বাদ দি ৰাজহুৱা স্থান কোনেও চাফা নকৰে অথচ আটায়ে লেতেৰা কৰে৷ এই মানসিকতা আঁতৰ কৰি আগ বঢ়া দেশবোৰৰ দৰে ‘ৰাজহুৱা স্থান কোনেও লেতেৰা নকৰা আৰু সকলোৱে চাফা কৰা’ৰ মনোভঙ্গী এটা আমাৰ মনত গঢ় দিয়াটো এই সময়ত আমাৰ সম্মুখত থকা আটাইতকৈ ডাঙৰ দায়িত্ব৷ আনহাতে বিভিন্ন সাজসজ্জা, পণ্য সামগ্ৰীৰ পে’কে’জিং আদিত থাৰ্ম’কলৰ ব্যৱহাৰ একেবাৰে বন্ধ কৰা উচিত৷
মুঠৰ ওপৰত আমি
প্লাষ্টিক-থাৰ্ম’কল সৃষ্টি কৰাৰ সমানে সিহঁতক নিয়ন্ত্ৰণ নকৰিলে সময়ত মানৱ সমাজেই
নহয়, পৃথিৱীৰ সমগ্ৰ জীৱজগতেই ভীষণ দুৰ্যোগৰ সম্মুখীন হ’ব লাগিব৷ গতিকে
এতিয়াই যিহেতু সমস্যা যথেষ্ট গহীন হৈ উঠিছেই, গতিকে
সংশ্লিষ্টসকলে ইয়াৰ সমাধানকল্পে চিন্তা-চৰ্চা কৰা উচিত৷