অন্যযুগ/
সম্পাদকীয়
জগতখন ক’ৰ পৰা সৃষ্টি হৈছে বুলি উত্থাপন
হোৱা প্ৰশ্নটোৰ উত্তৰত মহাজাগতিক বিস্ফোৰণকে ধৰি যিবোৰ কথা কোৱা হয়, সেইবোৰৰ ধাৰণা কৰিবলৈ
মানুহৰ সাধাৰণ আৰু প্ৰাকৃতিক মগজুটো যথেষ্ট নহয়। বিশেষভাৱে শিক্ষিত আৰু প্ৰশিক্ষিতসকলেহে
সেই সত্যৰ ধাৰণা কৰিবলৈ সক্ষমতা আহৰণ কৰে। সেয়েহে সাধাৰণ মানুহে পৰম্পৰা, ঐতিহ্য আদি শব্দই বহন কৰা তাৎপৰ্যৰ
ওপৰতে ভিত্তি কৰি জীৱনৰ পথত আগ বাঢ়ি যায়। এনেদৰে আগ বাঢ়োঁতেই মানুহে বিভিন্ন ক্ষেত্ৰত
যোগ্যতা আৰু অৰ্হতা আহৰণ কৰে।
যোগ্যতা নিজে নিজে সৃষ্টি হোৱা
সম্পদ নহয়। ঐতিহ্যৰ শিকলিডালৰ একোটা নগণ্য আঙঠি হিচাপে প্ৰতিজন লোকেই জগতৰ
প্ৰতি কিবা নহয় কিবা বৰঙণি আগ বঢ়ায়। তেনে বৰঙণিয়েই ব্যক্তি একোজনৰ পৰিচয় নিৰূপণ কৰে
আৰু সেই পৰিচয় আহে তেওঁৰ যোগ্যতা বা অৰ্হতাৰ ফলত।
এনে যোগ্যতা অথবা অৰ্হতাৰ ভিত্তিত
পৰম্পৰাগত ধ্যান-ধাৰণাই ক্ৰিয়াশীল হৈ থাকে। গতিকে ইতিহাসৰ বিভিন্ন সময়ৰ একে ধৰণৰ ক্ৰিয়া-কাণ্ডবোৰ
কোনো ব্যক্তিৰ অৰ্হতাৰ নিৰূপক হিচাপে কাম কৰে। এতেকে, নতুন প্ৰজন্মক সদায়ে পুৰণিয়ে ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দি হাতত
ধৰি আগ বঢ়াই নিয়ে আৰু কালক্ৰমত এৰি দিয়ে নিজৰ ক্ষেত্ৰত নিজৰ দক্ষতাৰে কাম কৰিবলৈ।
পিছে সকলো ক্ষেত্ৰতে সকলো পুৰণিয়ে
সকলো নতুনক আগ বঢ়াই নিব নোখোজে। বৰং নতুনে একাগ্ৰতাৰে নিজে কিবা আহৰণ কৰিলেও বহু পুৰণিয়ে
সেইখিনিক স্বীকৃতি দিবলৈ টান পায় বা নিদিয়ে। কাৰণ, নতুনলৈ ভয় কৰাটো পুৰণিৰ স্বভাৱেই— ইও এক ঐতিহ্যই। পিছে সত্যটো হৈছে, সদায়ে নতুনৰ হাতত পুৰণি পৰাস্ত হয়। তাতকৈও ডাঙৰ সত্য হৈছে, নতুনৰ মূল্যায়ন পুৰণিয়ে কৰিবলৈ
নাপায় যদিও পুৰণিক সদায়ে নতুনেহে মূল্যায়ন কৰে। উদাহৰণস্বৰূপে মহাভাৰতৰ দ্ৰোণাচাৰ্যই
সাময়িকভাৱে একলব্যক মূল্যায়ন কৰিবলৈ যত্ন কৰা যেন লাগিলেও সেয়া ভুল আছিল। বিপৰীতে দ্ৰোণই
যি কৰিলে তাৰ আধাৰত আমিহে দ্ৰোণক বিশ্লেষণ কৰোঁ, মূল্যায়নো কৰোঁ।
তাৰ মানে, ঐতিহ্যৰ সৈতে আমাৰ সম্পৰ্ক এৰাব
নোৱৰা হ’লেও সকলো সময়তে আমাক ঐতিহ্যই
বাট নেদেখুৱায়। সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰায় দুশ পোন্ধৰখন দেশত মহামাৰী ৰূপ ধাৰণ কৰা
নভেল ক’ৰ’না ভাইৰাছ বা ক’ভিড ১৯-ৰ পৰিপ্ৰেক্ষিতত এই কথাখিনি
মনলৈ আনিছে। মঙ্গল গ্ৰহত উপনিৱেশ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা মানুহ নামৰ জ্ঞানাহঙ্কাৰী
প্ৰাণীবিধ চকুৰে নেদেখা সাধাৰণ ভাইৰাছ এটাৰ হাতত সম্প্ৰতি নাজল-নাথল অৱস্থাত পতিত হৈছে।
সকলো ধৰণৰ জ্ঞানেৰে জ্ঞানী বুলি গৰ্ব কৰা মানুহক এই সামান্য ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দিবলৈ অদ্যাপি আৱিষ্কৃত কোনো অস্ত্ৰ-শস্ত্ৰ
অথবা দৰব-জাতিয়ে সহায় কৰিব পৰা নাই। অৰ্থাৎ মানুহৰ ঐতিহ্যলব্ধ জ্ঞান-বিদ্যা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে পানীৰ মিঠৈ। সাম্প্ৰতিক সময়ত পৰিস্থিতিৰ
জোৰা মাৰিবলৈ যাৰ মনত যেনে ধাৰণা খেলাইছে প্ৰকৃততে মানুহে তাকে অৱলম্বন কৰিছে। অৱশ্যে
এটা কথা ঠিক যে কোনো ঘটিৰাম-বাটিৰামৰ ইচ্চানুসাৰে নহয়, সামাজিক আৰু ৰাষ্ট্ৰীয় গাঁথনি অনুসৰি ক্ষমতাত অধিস্থিতসকলৰ মনত
খেলোৱা ধাৰণা অনুসৰিয়েই সাম্প্ৰতিক মানৱ সমাজ পৰিচালিত হৈছে।
অন্যযুগ প্ৰসঙ্গ:
সাম্প্ৰতিক সময়খিনি জীয়াই থকাৰ সময়হে। জীয়াই থাকিব
পাৰিলেহে জীৱনৰ সৈতে জড়িত আন আন দিশৰ প্ৰতি মনোযোগ দিব পৰা যাব। বিশেষকৈ কাকত-আলোচনী, কিতাপ আদিৰ উদ্যোগটো সম্প্ৰতি
শংকাগ্ৰস্ত। এই সংকটকালত অন্যযুগে প্ৰযুক্তিগত সামৰ্থ্য আহৰণ কৰি নিজকে জীয়াই ৰাখিব
খুজিছে। কেৱল জী থকাৰ কথাই অন্যযুগে ভবা নাই, ভাবিছে নতুন ৰূপেৰে নিজকে যুগৰ উপযোগীকৈ সজাই তোলাৰ কথাও।
পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত সামাজিক দূৰত্বৰ
সকলো নৈতিকতা ৰক্ষা কৰি অন্যযুগ অন্লাইন্ আলোচনী হিচাপেই প্ৰকাশ পাব। মানুহৰ জীৱনলৈ স্বাভাৱিকতা
উভতি আহিলেই সকলোৱে হাতত লৈ পঢ়িব পৰাকৈ অন্যযুগ প্ৰকাশ পাব। লগতে ন ন শিতান আৰু আঙ্গিকেৰে আলোচনীখন
পৰিপুষ্ট কৰিবলৈ পৰিকল্পনা কৰা হৈছে। আগন্তুক আগষ্ট সংখ্যাৰ পৰা নতুন ৰূপৰ অন্যযুগে
আত্মপ্ৰকাশ কৰিব। আমি আন্তৰিকতাৰে সদৌ সদাশয়
পাঠকৰ পৰা সহযোগিতা প্ৰাৰ্থনা কৰিছোঁ।