ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা নাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয়ক লৈ সজাগ হোৱা দেখা গৈছে, বিশেষকৈ লোকনিৰ্মাণ বিভাগটোক লৈ, যিটো বিভাগ পূৰ্বৰ চৰকাৰৰ দিনতো তেওঁৰ অধীনতে আছিল৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যখণ্ডটো খুউব ব্যস্তভাৱে চোৱাচিতা কৰিছে, যিটো তেওঁ কৰিবই লাগিব, কাৰণ বৰ্তমান দেশজুৰি স্বাস্থ্যজনিত জৰুৰী অৱস্থা বিৰাজ কৰিছে৷ আনহাতে জলসম্পদ মন্ত্ৰীয়ে তৎপৰতাৰে বিভিন্ন ভগা-ছিগা মথাউৰিবোৰৰ মেৰামতি আৰু নিৰ্মাণকাৰ্যৰ তদাৰকী কৰি থকা দেখা গৈছে৷ শিক্ষামন্ত্ৰীগৰাকীয়েও ক’ভিড মহামাৰীৰ বাবে প্ৰায় ভাগি পৰা ৰাজ্যখনৰ শিক্ষাব্যৱস্থাক পুনৰ্জীৱন দিবৰ উদ্দেশ্যে উঠি-পৰি লাগিছে বুলি জানিব পাৰিছোঁ৷
এইখিনিৰ মাজতে অসমৰ প্ৰচাৰ মাধ্যমত চৰকাৰখনক উদ্দেশ্যি নানান প্ৰশ্ন উত্থাপিত হৈছে৷ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিয়ে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰপৰা ঋণ লৈ বিপদত পৰা মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰাৰ ব্যৱস্থা কৰিব বুলি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ ৰূপায়নক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে৷ এই প্ৰসঙ্গত মনত ৰাখিব লাগিব, চৰকাৰে ৰাইজৰ ধনৰ তদাৰকীৰ দায়িত্বহে পালন কৰে৷ সেই ধন চৰকাৰ চলোৱা লোক কেইজনমানে ইচ্ছা কৰিলেই খৰচ কৰিব নোৱাৰে৷ একেদৰেই চৰকাৰ চলোৱা দলটোৱে বা দলসমূহে নিজৰ স্বাৰ্থত ৰাজহুৱা পুঁজি খৰচ কৰিব নোৱাৰে৷ পিছে যোৱা দুটামান দশকৰ ভাৰতীয় ৰাজনীতিত এনে কৰিব নোৱৰা বহুত কাম কৰা হৈ আহিছে৷ অসমত চৰকাৰী সমবায় বিভাগে নিয়ন্ত্ৰণ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে সুলভ মূল্যত চাউল, চেনি, কেৰাচিন তেল আদি যোগান ধৰাৰ ব্যৱস্থা এটা আমি শৈশৱৰপৰাই দেখি আহিছোঁ৷
পিছে কেই বছৰমানৰ পূৰ্বৰ পৰা এনে ব্যৱস্থা চৰকাৰ চলোৱা ৰাজনৈতিক দলৰ স্বাৰ্থসিদ্ধিৰ ব্যৱস্থালৈ সলনি হোৱা দেখা গৈছে৷ বিশেষকৈ তিনিটকীয়া চাউল, এটকীয়া চাউল আৰু শেষত বিনামূলীয়া চাউল – এনেকৈ বিশেষ বিশেষ লোকক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ যোগেদি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ সুবিধা লোৱা নাই বুলি সংশ্লিষ্ট ৰাজনৈতিক দলে দাবী কৰিব নোৱাৰে৷ একেদৰেই শিপিনীৰ বাবে বিনামূলীয়া সূতা, ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া কিতাপ-পত্ৰ, বিশেষ দক্ষতাৰে বিশেষ বিশেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক ডেস্কটপ্ কম্পিউটাৰ, লেপ্টপ্, স্কুটি আদিকৈ ৰাজ্যৰ চাৰিওফালে এখন বিৰাট বিনামূলীয়াৰ মেলা৷
আগৰখন চৰকাৰৰ শেষৰ দিনকেইটাত ৰাজ্যৰ অৰ্থনীতি প্ৰায় ভাগি পৰিছিল৷ সেই সময়তো কিন্তু চৰকাৰখনে বহু লেখক-শিল্পীক পঞ্চাছ হাজাৰকৈ টকাৰ সাহায্য দি সম্বৰ্ধনা জনাইছিল৷
কিন্তু দুৰ্ভাগ্যজনকভাৱে মহামাৰীকালীন চিকিৎসাৰ ব্যৱস্থাপনাৰ বাবে বৰ্তমানৰ চৰকাৰে আকৌ ভুক্তভোগী ৰাইজৰে আৰ্থিক সহযোগিতা বিচাৰিবলগীয়া হৈছে৷ ৰাইজেও সঁহাৰি নিদিয়াকৈ থকা নাই৷ বহু চৰকাৰী কৰ্মচাৰীয়েও নিজৰ দৰমহাৰ অংশ এনে সাহায্য হিচাপে দান দিছে৷ অথচ, ৰাজ্যখনৰ শ্ৰমজীৱি লোকসকলে যোৱা বছৰৰপৰা প্ৰায় পোন্ধৰ-ষোলমাহ কাল কি যে কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়াত পৰিছে তালৈ চৰকাৰখনে মনোযোগ দিয়া নাই৷
ইপিনে মন কৰিবলগীয়া এটা দিশ হৈছে, বিগত চৰকাৰখনে ক’ভিড্ মহামাৰীৰ প্ৰাৰম্ভিক অৱস্থাতে ঘোষণা কৰিছিল যে ৰাজ্যত পাঁচ বছৰলৈকে কৰ্মক্ষম হোৱাকৈ পাঁচখন ক’ভিড হস্পিটেল স্থাপন কৰা হ’ব৷ ভবা হৈছিল, দ্ৰুতগতিত সেই ক’ভিড্ হস্পিটেল নিৰ্মাণ হ’ব৷ পিছে সেই প্ৰকল্প পৰিকল্পনা নাছিল, আছিল কল্পনাহে৷ সেয়েহে সকলোৱে সেই প্ৰকল্পৰ কথা পাহৰিলে৷ ক’ভিডৰ প্ৰথমটো ঢৌ শেষ হোৱাৰ লগে লগে অস্থায়ী ক’ভিড্ চেণ্টাৰবোৰ সামৰা হৈছিল৷ দ্বিতীয় ঢৌ অহাৰ লগে লগে আকৌ যুদ্ধকালীনভাৱে তেনে একাধিক অস্থায়ী ক’ভিড চেণ্টাৰ বা ক’ভিড্ চিকিৎসালয় প্ৰতিষ্ঠা কৰা হ’ল৷ অস্থায়ী ব্যৱস্থাপনা মানেই ঘৰৰপৰা বিছনা-পত্ৰলৈকে ভাড়া ভৰিবলগীয়া এটা ব্যৱস্থা৷ আমাৰ ৰাজ্যৰপৰা এনে ভাড়া বিশেষ বিশেষ ঠিকাদাৰ কোম্পানীয়ে লৈ যোৱা নাইনে? তাতকৈ যদি পাঁচখন নহ’লেও তিনিখনমান ক’ভিড্ হস্পিটেল নিৰ্মিত হ’লহেঁতেন ! আগৰ চৰকাৰখনৰ কথা বাৰে বাৰে কৈ থকাৰ কাৰণ এয়ে যে আগৰখন চৰকাৰো বতৰ্মানৰ চৰকাৰখন চলোৱা দলটোৰে আছিল।
সি যি নহওক, প্ৰসঙ্গটো বিনামূলীয়া ব্যৱস্থাপনাৰ৷ ইমানবোৰ বিনামূলীয়া আঁচনিৰ মাজতে সৌ সিদিনা চৰকাৰীভাৱে ঘোষণা কৰা হৈছে ‘অসম ৰত্ন’কে ধৰি প্ৰায় কুৰিলাখ টকাৰ বাৰ্ষিক বঁটাৰ কথা৷ বিশেষ বিশেষ লোকক তেওঁলোকৰ সামাজিক বৰঙণিৰ কাৰণে সন্মানিত কৰাটো ভাল কথা৷ কিন্তু ৰাজ্যৰ ৰাজকোষৰ ইমান লাওলোৱা অৱস্থাত ইমানবোৰ বঁটা ঘোষণা কৰাটো জৰুৰী নহয় বুলিয়ে আমাৰ ধাৰণা৷ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগ বঢ়োৱা লোকসকলক সন্মানিত কৰাটোৱেই যদি চৰকাৰৰ লক্ষ্য হ’লহেঁতেন তেন্তে আগৰ চৰকাৰখনৰ শেষ দিনকেইটাত লেখক-শিল্পীক সম্বৰ্ধনা জনাওঁতে কলেজ আলোচনী বা স্মৃতিগ্ৰন্থৰ সম্পাদকো সম্বৰ্ধিত হোৱাৰ বিপৰীতে কেৱল চৰকাৰী চাকৰিয়াল হোৱা কাৰণেই বহু ওখ খাপৰ লেখক-শিল্পী উপেক্ষিত হৈ নৰ’লহেঁতেন৷ চৰকাৰী চাকৰিয়াল লেখক-শিল্পীসকলক অন্ততঃ নগদ ধন নিদি কেৱল সম্বৰ্ধনা জনোৱা হ’লেও বিষয়টোৱে এক অন্য মাত্ৰা লাভ কৰিলেহেঁতেন৷ অনৱৰতে চৰকাৰৰ সমালোচনাত মুখৰ হৈ থকা বহু লোকে ইতিমধ্যে এনে আঁচনিৰ সুবিধা লোৱাৰ বেলিকা নিজৰ স্বৰূপ প্ৰকাশ কৰা দেখা গৈছে৷
এই যে বিনামূলীয়া বস্তু যোগান ধৰা আঁচনি আৰু নগদ ধনেৰে বিশেষ বিশেষ লোকক আপ্যায়ন কৰাৰ আঁচনিবোৰ, এইবোৰৰ যোগেদি ৰাজহুৱা ধনৰ অপচয়ৰ বাহিৰে একো হোৱা নাই৷ সোৰোপা আৰু এলেহুৱা অসমীয়া মানুহক এনে অঁচনিবোৰে অধিক সোৰোপাহে কৰিছে৷ লগতে কৰি তুলিছে সুযোগসন্ধানীও৷
অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ একাধিক বিভাগত স্থানীয় লোকৰ নিযুক্তিৰ দাবী প্ৰায়ে উত্থাপিত হয়৷ এনে বিষয়ক লৈ বহু সময়ত বহু আন্দোলনেও মূৰ দাঙি উঠে৷ প্ৰচাৰ মাধ্যমতো অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ কাৰ্যালয় বা তেনে স্থানত বহিৰাগতই নিযুক্তি লাভ কৰাৰ খবৰ প্ৰায়ে ওলায়৷ এই প্ৰসঙ্গত ব্যক্তিগত অভিজ্ঞতাভিত্তিক কিছু কথা কোৱাৰ প্ৰয়োজন বোধ কৰিছোঁ৷
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ অসমৰ বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰা পৰীক্ষা কেন্দ্ৰলৈ উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যৰপৰা বহুতো ডেকাল’ৰা আহে৷ প্ৰায়েই ৰে’লগাড়ী একোখনত বিনা টিকটেৰেই উঠি গাড়ীৰ মজিয়াতে কম্বল একোখন পাৰি শুই শুই প্ৰাসঙ্গিক কিতাপ পঢ়ি থকা তেনে ডেকাক আমি লগো পাইছোঁ, কথাও পাতিছোঁ৷ তেনে বহু পৰীক্ষাৰ সৈতে জড়িত থাকি দেখিছোঁ যে ব্যতিক্ৰমক বাদ দি অসমীয়া যুৱক-যুৱতীসকলে তেনে পৰীক্ষাসমূহত প্ৰায়ে ভাল ফল দেখুৱাব নোৱাৰে৷ পৰীক্ষাগৃহত তেওঁলোকৰ শৰীৰী ভাষা দেখিয়ে কথাটো বুজিব পাৰি৷ বিপৰীতে বাহিৰৰ ৰাজ্যৰপৰা আহি পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ সৰহ সংখ্যকেই অতি দক্ষতাৰে প্ৰশ্নোত্তৰ লিখা দেখা যায়৷ এনে অভিজ্ঞতাৰপৰা আমি বুজি পাওঁ যে অসমীয়া ডেকা-গাভৰুৱে পাবলগীয়াটো আহৰণ কৰিবলৈ প্ৰয়োজনীয় শ্ৰম কৰিবলৈ আগ্ৰহী নহয় বা প্ৰয়োজনীয় অৰ্হতা আহৰণ কৰিবলৈ যত্ন নকৰে৷ তাৰ বিপৰীতে যিকোনো সংগঠনৰ নামত আন্দোলন কৰিবলৈ ৰাস্তালৈ ওলাই যাবলৈ সৰহ সংখ্যক অসমীয়া ডেকা-গাভৰুৱে ভাল পায়৷ তেনেকৈ ক্ষন্তেকীয়া আৱেগত সৃষ্টি কৰা আন্দোলনে কি ফল দিয়ে ইতিমধ্যে অসমত বাৰম্বাৰ প্ৰমাণিত হৈছেই৷ আন্দোলন একোটাৰ নামত অসমত বাৰে বাৰে ন ন নেতাৰ সৃষ্টি হয়৷ তেনে নেতাসকলৰ সৰহ সংখ্যকৰে অসমৰ চাৰিসীমা সম্পৰ্কে, অসমৰ জনগাঁথনি সম্পৰ্কে বা অসমৰ ঘাই সমস্যাবোৰৰ সম্পৰ্কে একো জ্ঞান নাথাকে৷ তেনে নেতাৰে কিছু সংখ্যকে কেতিয়াবা ভোটযুদ্ধত জিকি আমাক পৰিচালনা কৰাৰ সুযোগ লাভ কৰে৷
অৱশ্যে ব্যতিক্ৰমী, শ্ৰমসহিষ্ণু আৰু অধ্যয়নশীল ৰাজনীতিকো আছে৷ কিন্তু তেনে ৰাজনীতিকৰ সংখ্যা এপাচি শাকত একোটা জালুকৰ নিচিনা৷ সেয়েহে আমাৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক চৰকাৰবোৰত প্ৰায়ে একেজন ব্যক্তিৰে প্ৰভাৱ লক্ষ্য কৰা যায়৷ অৰ্থাৎ সেই একেজনৰ অৱলম্বনতে বাকীসকল কোনোমতে চলি থাকে৷
অসমীয়া মানুহে বিনামূলীয়া সামগ্ৰী আৰু ওপৰতে পোৱা ধনৰ মোহ ত্যাগ কৰিবৰ হ’ল৷ এয়া একবিংশ শতিকা৷ জ্ঞান আৰু শ্ৰমৰ বিনিময়ত এতিয়া পৃথিৱীক শাসন কৰিব পাৰি৷ মঙ্গল গ্ৰহত মানুহৰ বাবে ঘৰ সজাৰ পৰিকল্পনা কৰাৰ যুগ এইটো৷ সৌৰজগতৰ শক্তিৰ উৎস সূৰ্য মৰি থাকিলে কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰি পৃথিৱীকে চলাই নিয়াৰ সামৰ্থ্য আহৰণৰ যুগ এইটো৷ কেৱল জ্ঞান আৰু পৰিশ্ৰমেৰে ইলন্ মাস্কৰ দৰে একোজন ব্যক্তিয়ে নাছাৰ দৰে পৃথিৱীৰে সবাতোকৈ শক্তিশালী মহাকাশ গৱেষণা প্ৰতিষ্ঠানক তেওঁৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে৷ সমগ্ৰ পৃথিৱীতে ইণ্টাৰনেট্ ব্যৱস্থাপনা গঢ়ি তোলাৰ সংকল্প কৰিছে সেই একেজন ইলন্ মাস্কেই৷ অথচ অসমীয়াই আজি বিনামূলীয়া চাউলৰ সপোনতে সীমাৱদ্ধ কৰি ৰাখিছে নিজৰ পৰিমণ্ডল৷ অৰ্থাৎ পেটটো পূৰাই ৰখাৰ বাহিৰে যেন জগতত আন কৰিবলগীয়া কাম একোৱেই নাই ! আমাৰ চৰকাৰেও ভৱিষ্যতৰ স্বাৰ্থত বিনামূলীয়া বস্তু বিতৰণৰ আঁচনিবোৰ পৰিহাৰ কৰক৷ জগতখন বহুদূৰ আগ বাঢ়িল৷ অসমীয়াও আগ বাঢ়িব লাগিব৷
নালাগিবনে?
ড০ লক্ষ্মীনন্দন বৰা : শ্ৰদ্ধাৰ্ঘ্য
আমি এতিয়া ওপৰলৈ চালেই উৰুঙা আকাশখনহে দেখোঁ৷ ক’ভিড্ মহামাৰীয়ে ইজনৰ পাছত সিজনকৈ আমাক ছাঁ দি থকা প্ৰতিভা আৰু প্ৰভাৱশালী লোকসকলক আঁতৰাই লৈ গৈছে আৰু আমি অসহায়তাৰে ছটফটাইছোঁ৷
নব্বৈ বছৰ বয়সতো নতুন উপন্যাসৰ পৰিকল্পনা কৰা ড০ লক্ষ্মীনন্দন বৰাদেৱকো ক’ভিডে কাঢ়ি লৈ গৈছে আমাৰ মাজৰপৰা৷ গঙাচিলনীৰ পাখি, কায়কল্প, পাতালভৈৰৱীৰ দৰে উপন্যাসৰ স্ৰষ্টাগৰাকীক ভৱিষ্যতে আমি আৰু কাহানিও শাৰীৰিকভাৱে নাপাম, এই কথাটোৱে আমাক ম্ৰিয়মাণ কৰি ৰাখিছে৷
আপোনভোলা স্বভাৱৰ মানুহজেন নিশ্চিতভাৱে শতবৰ্ষ অতিক্ৰম কৰিব পাৰিলেহেঁতেন৷ কিন্তু মহামাৰী এনে এক পৰিস্থিতি, যি এইখিনি কথা লিখি থকাজনে অহা সংখ্যাৰ ‘অন্যযুগ’ৰ সম্পাদকীয় লিখিব পাৰিব বুলি নিশ্চয়তা নিদিয়ে৷
ড০ লক্ষ্মীনন্দন বৰাদেৱৰ স্মৃতিত ‘অন্যযুগ’ পৰিয়ালৰ হৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ৷