আধুনিক গণতন্ত্ৰৰ এটা বিশেষত্ব হৈছে মুক্তভাৱে মত প্ৰকাশৰ অধিকাৰ৷ শেষ মধ্যযুগ পৰ্যন্ত সকলো মানুহৰে মুকলিমূৰীয়াকৈ নিজৰ মত প্ৰকাশ কৰিব পৰাকৈ অধিকাৰ নাছিল৷ কিন্তু ফৰাচী বিপ্লৱৰ পৰৱৰ্তী সময়ত ক্ৰমে ক্ৰমে বিশ্বৰ বিভিন্ন দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ পত্তন ঘটিল আৰু বিশ্বৰ প্ৰায় সৰ্বত্ৰ এক গণতান্ত্ৰিক প্ৰমূল্যৰূপে মানুহে অৰ্জন কৰিলে বিভিন্ন বিষয়ত নিজৰ মত মুক্তভাৱে প্ৰকাশ কৰাৰ অধিকাৰ (অৱশ্যে বিশেষ ধৰণৰ কিছুমান দেশত আজিৰ তাৰিখতো মুকলিকৈ মত প্ৰকাশৰ অধিকাৰ সম্ভৱ হৈ উঠা নাই )৷
কিন্তু মুক্তভাৱে মত প্ৰকাশ কৰিব পৰাটো কেৱল অধিকাৰেই নহয়, ই মানুহে আহৰণ কৰিবলগীয়া যোগ্যতাৰো বিষয়৷ অৰ্থাৎ কোনো লোকে নিজৰ দখলৰ বাহিৰৰ বিষয়ক লৈ কথা ক’বলৈ যোৱাটো যে অযুগুত সেয়া উপলব্ধি কৰাটো মত প্ৰকাশৰ অধিকাৰৰ নিহিত চৰ্তও৷ একে সময়তে ই কেৱল প্ৰশাসনিক বিধি-ব্যৱস্থানুসাৰে লিপিৱদ্ধ এটা নিয়মেই নহয়, একে সময়তে ই এক সামাজিক অনুশীলনৰো বিষয়৷ অৰ্থাৎ মানুহে মুক্তভাৱে মত প্ৰকাশ কৰাটো তেতিয়াহে অৰ্থপূৰ্ণ হৈ উঠে যেতিয়া সেই কাৰ্যক সংশ্লিষ্ট সমাজখনে সহজে গ্ৰহণ কৰিব পাৰে৷
কোনো ব্যক্তিয়ে প্ৰকাশ কৰা সত্যক সমকালীন সমাজখনে সহজে গ্ৰহণ কৰিব নোৱৰা বাবে ইতিপূৰ্বে বহু সত্যদ্ৰষ্টাই জীয়াতু ভোগ কৰিবলগীয়া হোৱাৰ উদাহৰণ অনেক আছে৷ মধ্যযুগৰ ইটালিত গেলিলিও গেলিলিক নিজৰ মত প্ৰকাশ কৰা বাবেই গৃহবন্দী কৰা হৈছিল৷ শেষ মধ্যযুগ অথবা আধুনিক যুগৰ উকমুকনি কালত এখন কিতাপৰ যোগেদি নিজৰ উপলব্ধ সত্য প্ৰকাশ কৰা বাবেই শ্বাৰ্ল ব’ডলেয়াৰৰ দৰে কবিয়ে সেই কালৰ ন্যায়ালয়স্বৰূপ গীৰ্জাত বিচাৰৰ সম্মুখীন হ’বলগীয়া হৈছিল৷ আমাৰ শ্ৰীমন্ত শঙ্কৰদেৱেও নিজৰ মত প্ৰকাশৰ স্বাধীনতাৰ অভাৱতে বিভিন্ন ভয়-ভাবুকিৰ বলি হৈ ইঠাইৰপৰা সিঠাইলৈ পলাই ফুৰিবলগীয়া হৈছিল৷ ৰজাৰ পুতেক মূৰ্খ হ’লেও ৰজা হোৱাৰ যি নিয়ম আমি প্ৰাচীন কালৰপৰা মধ্যযুগ পৰ্যন্ত দেখোঁ তাৰ অন্তৰালতো সত্য প্ৰকাশৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাই আছিল প্ৰধান৷
এতিয়া সাম্প্ৰতিক কালৰ প্ৰসঙ্গলৈ আহিব পাৰি৷ প্ৰশ্ন হয়, অতি সম্প্ৰতি আমি বাৰু মুক্তভাৱে মত প্ৰকাশ কৰোনে? যদি কৰোঁ, কেনে কেনে ক্ষেত্ৰত কৰোঁ? আমাৰ সম্মুখত কোনোবাই প্ৰকাশ কৰা মতটো যদি আমাৰ বিৰুদ্ধে যায় তেন্তে আমাৰ প্ৰতিক্ৰিয়া কেনে হয় বাৰু? এই পৰ্যৱেক্ষণ আমাৰ জীৱন-জড়িত প্ৰতিখন ক্ষেত্ৰতে উত্থাপন কৰিব পাৰি৷
এনে প্ৰশ্নৰ
উত্তৰ বাস্তৱিকতে এনে ধৰণৰ–
ক) আমি প্ৰায় ক্ষেত্ৰতে আমাৰ কৰ্মক্ষেত্ৰৰ উৰ্ধতন কৰ্তৃপক্ষ বা নেতৃত্বৰ মতকে নিজৰ মত বুলি প্ৰকাশ কৰোঁ৷ উৰ্ধতন কৰ্তৃপক্ষ অথবা নেতৃত্বয়ো সকলোৰে মত বুলি কৌশলেৰে ব্যক্তিগত মতকে সকলোৰে ওপৰত জাপি দিয়ে৷
খ) আমি নিজৰ স্বাৰ্থ ৰক্ষিত নোহোৱাৰ ভয়ত কিম্বা স্বাৰ্থসিদ্ধিৰ স্বাৰ্থত উৰ্ধতন কৰ্তৃপক্ষ অথবা নেতৃত্বৰ প্ৰশংসাৰ্থে নাভূত-নাশ্ৰুত ধাৰণা একোটা প্ৰকাশ কৰি তাক বাগ্ধাৰাৰ ৰূপ দিবলৈ যত্ন কৰোঁ৷
গ) আমাৰ নেতৃত্ব অথবা উৰ্ধতন কতৃৰ্পক্ষৰ বিৰুদ্ধে কোনোবাই মত প্ৰকাশ কৰিলেই সেইজনক উভতি ধৰিবলৈ আমি সাজু হৈ থাকোঁ৷ এনে অৱস্থাত আমাৰ বিৰুদ্ধবাদীজনে কৰা বেয়া কামৰ তালিকা প্ৰস্তুত কৰিব সেইখিনি ৰাজহুৱা কৰিবলৈকো আমাক সৰহ সময়ৰ প্ৰয়োজন নহয়৷
এনে বহু
সম্ভাৱনা৷ এনে অৱস্থাত লক্ষ্যণীয় কেতবোৰ দিশ আছে যিবোৰ ব্যক্তি-মনস্তত্ত্বৰ সমানে
সামাজিক মনস্তত্ত্বৰো আকৰ্ষণীয় অধ্যয়ন ক্ষেত্ৰ বুলি স্বীকৃত হৈছে৷ তেনে কিছু
পৰ্যৱেক্ষণ তলত তুলি ধৰা হৈছে–
ইতিবাচকতা আৰু নেতিবাচকতা অথবা ভাল আৰু বেয়াক লৈ মানুহ সম্প্ৰতি সন্দেহবাদী৷ হয়, ইতিবাচকতা আৰু নেতিবাচকতা আপেক্ষিক, অস্পষ্ট তথা সাময়িক৷ একে কথা ভাল আৰু বেয়া বোলা শব্দদুটাই দাঙি ধৰা তাৎপৰ্যৰ বেলিকাও৷ তথাপি মানুহৰ সমাজত প্ৰাচীন কালৰপৰাই ভাল আৰু বেয়া বোলা ধাৰণা দুটা খুব সক্ৰিয়ভাৱে প্ৰচলিত।
সাম্প্ৰতিক পৃথিৱীত হৈছে কি, ‘ভাল মানুহ’ বুলি চিহ্নিত আৰু স্বীকৃত ব্যক্তি এজনে কোনো চৰ্ততেই কোনো বেয়া কাম কৰিব নোৱাৰে বুলি, কিম্বা তেওঁ ভালৰ উদ্দেশ্যে কৰা সত্তেও কোনো কামৰ পৰিণতি বেয়া হ’ব পাৰে বুলি কল্পনাও কৰিব নোৱৰা এক ধৰণৰ পৰিৱেশ ৰচিত হৈ শিপা গজি গছ হ’বলৈ আৰম্ভ কৰিছে৷ দ্বিতীয়তে প্ৰতিজন মানুহেই যিহেতু নিজকে ‘ভাল মানুহ’ বুলিয়ে ভাবে, সেয়ে আমাৰ প্ৰায় সংখ্যক মানুহেই ‘ভাল মানুহ’ বুলি চিহ্নিত তথা স্বীকৃত ডাঙৰ মানুহ একোজনৰ ছত্ৰছায়াত থাকিবলৈ আৰম্ভ কৰিছে৷ এনে ডাঙৰ মানুহজনৰ ছত্ৰছায়াত থকা ‘ভাল মানুহ’বোৰ ইমানেই ভাল যে তেওঁলোকে আন মানুহৰ ‘সকলো ভাল’হে দেখে, কাৰো একো বেয়া নেদেখেই৷ আনকি তেওঁলোকে আন ‘বেয়া মানুহে’ কৰা ‘বেয়া কাম’ৰ বিষয়েও চৰ্চা নকৰে– যদিও তেনে চৰ্চাই সমাজখনকে ৰক্ষা কৰে! এনে ভাল মানুহবোৰৰ লক্ষ্য এটাই– নিজকে ভাল মানুহৰূপে বৰ্তাই ৰখা (তেহেলে সমাজখন জহন্নামলৈকে নাযাওক কিয়)! তৃতীয়তে, সংখ্যাত অতিকৈ কম হ’লেও এনে ‘ভাল মানুহ’বোৰে ভাবিব নোৱৰা ধৰণৰ ‘বেয়া মানুহ’ এবিধো সমাজত এতিয়াও আছে যিসকলে কোনো স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে কোনো ডাঙৰ মানুহৰ প্ৰশ্ৰয় নিবিচাৰে৷ এনে ‘বেয়া মানুহে’ হেন্ৰিক ইব্ছেনসৃষ্ট ডাক্তৰ ষ্ট্ৰংমেনৰ দৰেই উপলব্ধি কৰে যে পৃথিৱীত সেইজনেই সৰ্বাধিক শক্তিশালী লোক যিজনে অকলশৰে থিয় হ’বলৈ সাহস ৰাখে!
এতিয়া সমস্যা হৈছে মুক্তকণ্ঠ ৰোধকৰণাৰ্থে প্ৰাতিষ্ঠানিক প্ৰয়াসৰ ফলত৷ প্ৰাতিষ্ঠানিকতাক কোনো ক্ষমতাশালী ব্যক্তি বা মনে মিলা ব্যক্তিমণ্ডলীৰ উদ্দেশ্য সিদ্ধিৰ গোপন দুৱাৰৰূপে ব্যৱহাৰ কৰা হৈছে৷ ক্ষেত্ৰবোৰ হ’ব পাৰে বিজ্ঞান বা সাহিত্য, শিক্ষা বা ক্ৰীড়া, সমাজবিজ্ঞান কিম্বা নৃতত্ত্ববিজ্ঞান, সাহিত্য কিম্বা সঙ্গীত, ৰাজনীতি কিম্বা আধ্যাত্মিকতা৷ সৰ্বত্ৰ৷ প্ৰকৃততে প্ৰতিখন ক্ষেত্ৰকে বাণিজ্যিকীকৰণ কৰা হৈ গৈছে সংগোপনে, কাহানিবাই৷ এতিয়া আমিবোৰ এই বাণিজ্য জগতৰ বিলিয়নেয়াৰ পুঁজিপতি মালিকৰ একো একোটা সামান্য ক্ৰীড়াসামগ্ৰী মাথোন৷ আমি কোন মুহূৰ্তৰপৰা নিজকে এনেকৈ বাণিজ্যৰ পণ্য হ’বলৈ এৰি দিলোঁ আমি নিজে নাজানো৷ কিন্তু এনে কাৰ্যৰত ব্যক্তি অথবা ব্যক্তিসমষ্টি আছে যি ব্যক্তি হিচাপে আমাৰ প্ৰত্যেকৰে বিক্ৰী হৈ যোৱাৰ তাৰিখ অন্ততঃ প্ৰকাশ কৰি দিব পাৰে৷ আমি কিন্তু গম নাপাওঁ যে আমাক আমাৰ অগোচৰে এনে এখন অকল্পনীয় জগতৰ বিবিধ ক্ৰীড়াৰ অংশীদাৰ কৰি পেলোৱা হ’ল! আমি এতিয়া নিজকে জগতৰ সৰ্বাধিক বিজ্ঞ, সৰ্বাধিক কাৰ্যক্ষম আৰু সৰ্বাধিক ইতিবাচক ব্যক্তি বুলি ভাবি লওঁ, কাৰণ আমাৰ ওপৰত তেনে ইম্প্ৰেশ্যন জাপি দিয়া হৈছে৷ আমাক আমি কোন, আমাৰ মগজুটোৱে কিমান বহন কৰিব পাৰে আদি প্ৰশ্ন সুধিবলৈ সুৰুঙা দিয়া নাই, এখন বৈচিত্ৰ্যপূৰ্ণ আভাসী জগতত আমাক প্ৰত্যেককে একো একোজন বীৰৰূপে প্ৰতিভাত কৰা হৈছে৷
আৰু অলপধতুৱা মানসিকতাৰ আমিবোৰে সেইখন আভাসী জগততে বীৰত্ব প্ৰকাশ কৰি অভীপ্সা পৰিপূৰ্ণ কৰি ধন্য হৈছোঁ৷
আৰু এনেকৈয়ে আমি সত্যক সত্য বুলি মানি লোৱাৰ সাহস হেৰুৱাই পেলাইছোঁ৷ ভাল মানুহ এজনে কৰা এটা কামৰ পৰিণতি বেয়া হোৱা বুলি প্ৰকাশ কৰা মানুহজনকে ‘বেয়া’ বুলি আমি ৰাজহুৱাকৈ প্ৰকাশ কৰিছোঁ, সেই ‘বেয়া মানুহজনৰ’ লেদেনা উকটিবলৈও কুণ্ঠিত বোধ কৰা নাই! এনে কৰাৰ ফলস্বৰূপে লাভ কোনে আহৰণ কৰিছে সেয়া গমি চাবলৈ কাৰো কাণসাৰেই নাই৷
এনে অনুশীলনে
প্ৰকৃততে অনিষ্ট কৰিছে কাৰ? আভাসী জগতৰ শূন্যত গদা ঘূৰাই থকা বীৰ-পুৰুষসকলৰে নহয়
জানো?