অন্যযুগ/


আমাৰ অভিজ্ঞতাবোৰ ইতিবাচক হোৱাহ’লে!


ধৰি লওক, আপুনি সান্ধ্যভ্ৰমণ কৰে৷ আমাৰ দেশততো সান্ধ্যভ্ৰমণৰ বাবে তেনে আচুতীয়া ৰাস্তাৰ ব্যৱস্থা প্ৰায় নায়েই, গতিকে আপুনি সাধাৰণ গাড়ী-মটৰ চলা ৰাস্তাৰেই খোজ কাঢ়িবলগীয়া হয়৷ এতিয়া প্ৰশ্ন হৈছে, আপোনাৰ সান্ধ্যভ্ৰমণ সুখকৰ নে? নে আপুনি প্ৰায়েই জীউটো চুলিৰ আগত বান্ধি লৈ খোজ কাঢ়িবলগীয়া হয়?

ধৰি লওক, আপুনি এখন গেলামালৰ দোকানত বয়বস্তু কিনিছে৷ আপুনি চকু মুদি বস্তুখিনি লৈ আনিব পাৰেনে? নে ঠগ খোৱাৰ ভয়ত আপুনি ক্ৰয় কৰা বস্তুৰ মান আৰু ওজন জোখা দগা-পাল্লালৈ ঘনাই সজাগ দৃষ্টি ৰাখিবলগীয়া হয়?

ধৰি লওক, আপুনি এজন ভোটদাতা৷ নহয়, এইটো ধৰি ল’বলগীয়া কথাই নহয়৷ কাৰণ আপুনি ভোটদাতা হয়েই৷ আপুনি যে ভোট দি একোজন প্ৰাৰ্থীক বিজয়ী কৰায় সেইজনে বাৰু আপোনাৰ চিন্তাধাৰাক সন্মান কৰে নে? আৰু, আপুনি বাৰু তেওঁক বিশ্বাস কৰিব পৰাকৈ তেওঁৰ কিবা যোগ্যতা লক্ষ্য কৰেনে

ধৰি লওক, আপুনি এখন খুব জনপ্ৰিয় হোৱা কিতাপ কিনিলে আৰু পৰম আগ্ৰহেৰে পঢ়িবলৈ আৰম্ভ কৰিলে৷ সকলো সময়তে এনে কিতাপে আপোনাক সন্তুষ্ট কৰিব পাৰেনে? একেদৰে খুব প্ৰশংসিত চিনেমা একোখনে

ধৰি লওক, আপুনি এজন ছাত্ৰ৷ পৰম আগ্ৰহেৰে নিজৰ শিক্ষকৰ ওচৰলৈ আপুনি যায় জীৱনৰ পথসংকেত লাভ কৰাৰ আশাত৷ শিক্ষকজনৰপৰা আপুনি সকলো ক্ষেত্ৰতে ঈপ্সিত সম্পদ লাভ কৰেনে? আকৌ, ধৰি লওক, আপুনি এজন শিক্ষক৷ অতিকে কষ্ট কৰি আপুনি শ্ৰেণীকোঠাত পাঠদানৰ কাৰণে সাজু হৈ উৎসাহেৰে শিক্ষাৰ্থীৰ মুখামুখী হয়৷ শিক্ষাৰ্থীসকলৰপৰা আপুনি একে উৎসাহ লাভ কৰেনে?

ধৰি লওক, আপুনি কৰা কাম এটাত সামান্য ছিদ্ৰ থাকি গ’ল৷ সেই কাৰণে আপুনি আপোনাৰ ওপৰৱালাৰপৰা গঞ্জনা লাভ কৰিবই৷ কিন্তু আপোনাৰ ওপৰৱালাৰ কামত যদি সদায়েই তেনে ছিদ্ৰ থাকি যায় যি ছিদ্ৰ সম্পৰ্কে আপুনি জানে যদিও তেওঁক অৱগত কৰিব নোৱাৰে; কাৰণ তেওঁ গৰগৰাই উঠিব৷ এনেকুৱা অৱস্থাত আপুনি কি কৰিব বা কি কৰে?

ধৰি লওক, আপুনি একোৰে একো নহয়, এজন তেনেই সাধাৰণ মানুহ যি আন জনা-শুনা মানুহৰ কথা শুনি ভাল পায়, জ্ঞান লাভ কৰে৷ এতিয়া আপুনি সঁচাকৈ কওকচোন, তথাকথিত ভাল আৰু ডাঙৰ মানুহবোৰৰ আটায়ে বাৰু দৰকাৰী কথা কয়নে? নে সৰহ সংখ্যক ডাঙৰ মানুহে নিজৰ ‘ডাঙৰত্ব’ৰ কথাহে বেছিকৈ কয়? এনেকুৱা ডাঙৰ ডাঙৰ বক্তাৰ বক্তৃতা শুনি আপুনি বিৰক্ত হৈছেনে যি নিজকে খুব ভাল বক্তা বুলি ভাবে– যিকোনো বিষয়ৰে!

এনে প্ৰশ্নবোৰৰ উত্তৰ আমি কিমানজনৰ বেলিকা সন্তোষজনক বাৰু? আমি কেনেকুৱা এটা পৰিৱেশত বসবাস কৰিছোঁ ভাবিলেই ভয় লাগে৷ সাধাৰণ অসুখৰ দৰব এটা খাবলৈও ভয় লাগে– জানোচা ভেজাল! খাদ্যৰ নামততো ‘আমি ভেজাল বস্তু খাওঁ’ বা ‘আমি ভেজাল বস্তু খাব পাৰোঁ’ বুলি এক প্ৰকাৰ যুক্তি বা বাগধাৰা আমি নিৰ্মাণেই কৰি লৈছোঁ৷ এতিয়া আমি যে আমাৰ ভেজাল নেতাসকলকো দ্বিধাহীনভাৱে মানি লৈছোঁ, তেওঁবিলাকৰ জয়গান গাইছোঁ? কিয়

কিয় আমি ভালক ভাল আৰু বেয়াক বেয়া বুলি কোৱাৰ সাহস হেৰুৱাইছোঁ? কোনে আমাক বাধ্য কৰিছে

আমি দৰাচলতে মানসিকভাৱে স্বাধীন হ’বই পৰা নাই৷ হোৱাহ’লে আমি ঘৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা ফটা পোছাক পেলাই দি সেইটো উদ্দেশ্য সাধন কৰিবলৈ বহুজাতিক কোম্পানীৰ ডাঙৰ ডাঙৰ দোকানৰপৰা ফটাকানি নিকিনিলোহেঁতেন৷ আমি স্বাধীন হোৱাহ’লে আমাৰ মনোজগতত বিশেষ একোটা ৰাজনৈতিক দলৰ আদৰ্শই শিয়া মেলিব নোৱাৰিলেহেঁতেন৷ তাৰ বিপৰীতে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ কাম-কাজ, গতি-মতি লক্ষ্য কৰিহে আমি তেওঁলোকক সমৰ্থন বা বিৰোধ কৰিলোহেঁতেন৷

আমি আত্মমৰ্যাদা সম্পৰ্কে সচেতন হ’ব নোৱাৰিলোঁ৷ হোৱাহ’লে দুটা চিকচিকীয়া টকা দেখিয়েই হাতৰ বিদ্যা এৰি সেই টকাৰ আশাত অকৰ্মণ্য হ’বলৈ আগ নাবাঢ়িলোহেঁতেন৷

আমি শিক্ষিত হ’ব নোৱাৰিলোঁ৷ পৰাহ’লে প্লাষ্টিকৰ আৱৰ্জনাৰে আমাৰ ঘৰ-দুৱাৰ, চৌপাশ ভৰাই নুতুলিলোহেঁতেন৷ আমি শিক্ষিত হোৱাহ’লে অন্ততঃ ঘৰৰ চৌপাশে ওখ ওখ দেৱাল নিৰ্মাণ কৰি বতাহৰ বাট বন্ধ নকৰিলোহেঁতেন৷ আমি শিক্ষিত হোৱাহ’লে অন্ততঃ দুটা গছপুলি ৰুলোহেঁতেন, কংক্ৰিট-নিৰ্মিত আৱাসিক অঞ্চলবোৰৰ মাজে মাজে অন্ততঃ দুই-চাৰিটা নিৰ্মল পানীৰ পুখুৰীৰ ব্যৱস্থা ৰাখিলোহেঁতেন৷

আমি যি যি হোৱা উচিত আছিল সেইবোৰ দেখোন আমি হব নোৱাৰিলোঁৱেই!

আমাৰ অভিজ্ঞতাবোৰকে ইতিবাচক হোৱাহ’লে!

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ