ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনৰ সামগ্ৰিক শিক্ষা
ব্যৱস্থাত ঘাইকৈ ভাষিক পাৰ্থক্যৰ কাৰণেই একক ভাষা-সাহিত্যৰ পাঠ্যক্ৰম কল্পনা কৰিব
নোৱাৰি৷ পৰিসৰটো কমাই আনিলে অসম নামৰ ৰাজ্যখনতো আমি একেটা অৱস্থা প্ৰত্যক্ষ কৰোঁ ৷
সাধাৰণতে বিদ্যালয় পৰ্যায়ৰ শিক্ষাত একোটা প্ৰাদেশিক ভাষাত বিবিধ বিষয়ৰ জ্ঞান
আদান-প্ৰদান কৰিবলৈ যত্ন কৰা হয়, কিন্তু অসমীয়া বা আন প্ৰাদেশিক ভাষা একোটা ছাত্ৰ-ছাত্ৰীক শিকাওঁতে তাক
কেৱল এটা বিষয় বুলিহে দেখুউৱা হয়– ল’ৰা-ছোৱালীক
কাহানিও উপলব্ধি কৰিবলৈ শিকোৱা নহয় যে একোখন সমাজৰ উশাহ-নিশাহৰ দৰে এক সম্পদ হৈছে
ভাষা আৰু সাহিত্য ৷ তেনে ভেঁটিৰ আধাৰত শৰীৰৰ লগতে মনেৰেও ডাঙৰ হৈ অহা
ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া একোখন উচ্চ শিক্ষানুষ্ঠানত সোমায়হি তেতিয়া তেওঁলোকে
সম্মুখীন হ’বলগীয়া হোৱা পাঠ্যক্ৰম আৰু ইতিমধ্যে গঢ় লোৱা
নিজা নিজা মনস্তাত্ত্বিক পৰিমণ্ডলৰ মাজত একোটা ডাঙৰ পাৰ্থক্য দেখা পায় ৷ সেই
পাৰ্থক্য নাইবা দূৰত্ব হ্ৰাস কৰাৰ সুযোগ তেতিয়ালৈ নাথাকেগৈ, কাৰণ
ছমাহৰ মূৰে মূৰে হোৱা পৰীক্ষাবোৰত অত্যাৱশ্যকীয় মূল্যাঙ্ক অৰ্জন কৰাটোৱেই তেতিয়া
তেওঁলোকৰ সম্মুখত থকা প্ৰাথমিক কৰণীয় হৈ পৰে ৷ একেদৰেই বিভিন্ন বিষয়ৰ গ্ৰন্থ
অধ্যয়নৰ অভ্যাসো ছাত্ৰ-ছাত্ৰীয়ে স্কুলীয়া জীৱনতে গঢ় দিবলগীয়া এটা অভ্যাস ৷ পিছে
উপযুক্ত দিক্ নিৰ্দেশকৰ অভাৱত বহু ছাত্ৰ-ছাত্ৰীৰ কাৰণে অধ্যয়ন হয়গৈ কেৱল
পাঠ্যপুথিৰ মাজতে সীমাৱদ্ধ এটা নকৰিলে নোহোৱা সময়সাপেক্ষ অনুশীলন ৷
আমাৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম বহিৰ্ভূত
সমাজ-সংস্কৃতিৰ বিচিত্ৰ জগতখনক উপলব্ধি কৰাব পৰাকৈ প্ৰচলিত ব্যৱস্থাটোৱে অনুমতি
দিয়েনে ? সাম্প্ৰতিক
ভাষা-সাহিত্যৰ জগতখনত সাহিত্য সম্পৰ্কীয় আলাপ-আলোচনাবোৰো ভাষা আৰু সমাজকেন্দ্ৰিক
হৈ উঠা দেখা গৈছে৷ ফলস্বৰূপে ভাষাতত্ত্বই বোলা হওক বা ভাষাবিজ্ঞানেই বোলা হওক অনেক
ন ন অধ্যয়নক্ষেত্ৰ গা কৰি উঠিছে ৷ Computational Linguistics, Typology,
Contact Linguistics, Pragmatics, Descriptive Linguistics, Psycholinguistics,
Language Acquisition আদি এনে কিছুমান ক্ষেত্ৰ৷ এনে ক্ষেত্ৰত কাম
কৰিব পৰাকৈ মানৱ সম্পদ প্ৰস্তুত কৰি তোলাৰ দায়িত্ব আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ ৷
পিছে আমাৰ সাম্প্ৰতিক ছাত্ৰসমাজত মনে মনে গঢ় লৈ উঠা এটা উপসৰ্গ হৈছে
অধ্যয়নবিমুখিতা ৷ প্ৰথমে প্ৰচলিত ছিমেষ্টাৰ পদ্ধতি, তাৰো
পাছত ক্ৰেডিট্ নিৰ্ভৰ নিৰ্বাচনভিত্তিক পদ্ধতিৰ ঘাই লক্ষ্য হৈছে উচ্চ মূল্যাংক লাভ
কৰা ৷ এই ব্যৱস্থাপনাৰ বিপৰীতে ভাষা আৰু সাহিত্যৰ শ্ৰেণীত কেৱল পাঠ্যক্ৰমেই আলোচিত
হ’ব নালাগে, সমান্তৰালভাৱে আলোচিত হ’ব লাগে ভাষা একোটাৰ বা সাহিত্য পৰম্পৰা একোটা বৰ্তি থকা সমাজৰো অধ্যয়ন ৷
কিন্তু এনে অধ্যয়নৰ গভীৰতালৈ যাবলৈ শিক্ষক-শিক্ষাৰ্থী কাৰো হাতত সম্প্ৰতি সময় নাই
৷ গতিকেই আমি সকলোৱেই এক প্ৰকাৰ ‘Institutional Revisionism’-অৰ মাজত বন্দী ৷ এনে বন্দিত্ব আমাৰ সাম্প্ৰতিক সাহিত্যজগতৰ ছত্ৰে ছত্ৰে
প্ৰকাশিত হৈছে ৷
ইপিনে সাহিত্যৰ অধ্যয়নৰ দিশত সমগ্ৰ পৃথিৱীতে
সম্প্ৰতি এক প্ৰকাৰ নৱজাগৰণৰ সূচনা হৈছে,
অধ্যয়নৰ ন ন দিগন্ত মুকুলিত হৈছে ৷ কিন্তু পৃথিৱীৰ সৰ্বত্ৰ অনুশীলিত
Eco criticism, Semiotics and discourse analysis, Environmental rhetoric
and literature, Genres of professional writing, New media theory, War
Literature, Social Trauma and Psychology in Literature, Critical Race theory,
Diaspora and Postcolonial Theory আদিৰ প্ৰায়োগিক অধ্যয়ন এই
মুহূৰ্তলৈকে আমাৰ অসমীয়া সাহিত্যৰ পাঠ্যক্ৰমত উপেক্ষিত হৈয়ে ৰৈ গৈছে ৷ অৱশ্যে এনে
উপেক্ষাৰ কাৰণো আছে ৷ কেৱল অসমীয়া ভাষাৰে লিখা কিতাপ-পত্ৰ পঢ়ি বৰ্তমানৰ জগতখন
উপলব্ধি কৰাৰ সপোন অসাৰ্থক ৷ বহুভাষিক দেশ এখনৰ বাসিন্দা হিচাপে অন্ততঃ সাহিত্য অধ্যয়ন
কৰি ৰস আহৰণ কৰিব পৰাকৈ কমেও এটা দেশী ভাষা আৰু এটা বিদেশী ভাষা (অৱলীলাক্ৰমে
ইংৰাজী) জনাটো বৰ্তমান সাহিত্যৰ শিক্ষক-শিক্ষাৰ্থীৰ বাবে এটা পূৰ্বচৰ্ত হোৱা উচিত
৷ কিন্তু সময়-নিৰ্দিষ্ট আমাৰ ব্যৱস্থাটোৱে সেইটো স্বীকাৰ নকৰে ৷ এনে অৱস্থাৰ
অৱধাৰিত ফল হিচাপে আমি সাহিত্যৰ পাঠ (Text)-ৰ বাগ্ধাৰা (Discourse)-ৰ ভিতৰ নোসোমোৱাকৈয়ে আজিও সমাজ আৰু চৰিত্ৰ সম্পৰ্কে কথা পাতি আছোহঁক ৷
এই অৱস্থাটো সমগ্ৰ অসমৰে উচ্ছ শিক্ষাক্ষেত্ৰৰ
ভাষা-সাহিত্য অধ্যয়নৰ ক্ষেত্ৰখনৰ অৱস্থা৷ ইয়াক অতিক্ৰম কৰিবলৈ দুই-একে
বিক্ষিপ্তভাৱে যত্ন কৰিলেও শেষলৈ উপযুক্ত সমৰ্থনৰ অভাৱত ভবাৰ দৰে পৰিকল্পনা একোটাই
ঈপ্সিত ফল লাভ নকৰেগৈ৷
শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্ধাৰিত বিধি অনুসৰি বিদ্যায়তনিক পাৰদৰ্শিতা মূল্যাঙ্ক (Academic Performance Index) আহৰণ কৰাৰ উদ্দেশ্যে ‘অসমীয়া সাহিত্য সম্পৰ্কীয় কিতাপ লিখা’ মানুহৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ গতিকে বিষয়ৰ ফালৰপৰা এনে কিতাপবোৰ অৱধাৰিতভাৱেই বিশ্ববিদ্যালয়কেইখনৰ অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্ৰমৰ পৰিধিৰ ভিতৰুৱা ৷ ইমানবোৰ সমালোচনা গ্ৰন্থ অথচ সিবোৰৰ ভিতৰত কিন্তু লেখত ল’বলগীয়া সমালোচনা প্ৰায় নায়েই৷ আনহাতে এনে গ্ৰন্থ সম্পাদনা কৰিবলৈও ওলাই আহিছে বহুজন যিসকলে কিন্তু বিষয়ভিত্তিক প্ৰবন্ধ কেইটামান গোট খুৱাই ছপা কৰাকে সম্পাদনা বুলি বুজে৷ ফলস্বৰূপে অশুদ্ধ বাক্য, অশুদ্ধ তথ্যৰে উপচি পৰা এনে কিছুমান গ্ৰন্থৰে আমি আচলতে আমাৰ উঠি অহা প্ৰজন্মটোকহে বৌদ্ধিকভাৱে পঙ্গু কৰি তুলিবলৈ যত্নপৰ হৈছোঁ৷ আমি যদি বিগত শতিকাৰ শেষৰ দশকটো পৰ্যন্ত ভাষা-সাহিত্যৰ ক্ষেত্ৰত হোৱা কাম-কাজবোৰত চকু দিওঁ তেন্তে দেখোঁ যে সেই সময়লৈকে লেখক-সম্পাদকসকলৰ চিন্তা-চৰ্চা কৰাৰ অন্তৰালৰ তাগিদাটো আছিল জাতীয় ভাষা-সাহিত্য চৰ্চাৰ মানৰ উন্নয়ন সাধন কৰা৷ তেখেতলোকে এই ক্ষেত্ৰখনত অমানুষিক পৰিশ্ৰম কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ পঢ়িবলৈ পাইছোঁ৷ কিন্তু অপ্ৰিয় হ’লেও সত্য যে সাম্প্ৰতিক সময়ত দেশৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্ধাৰিত নীতিৰ কবলত পৰি সৰহ সংখ্যক লেখকেই (যিসকলে কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষকতা কৰে) কেৱল বিদ্যায়তনিক পাৰদৰ্শিতাৰ মূল্যাঙ্ক লাভৰ উদ্দেশ্যেহে কলমটোক ব্যৱহাৰ কৰে– তেহেলৈ জাতীয় সাহিত্য-সংস্কৃতি জহন্নামলৈয়ে নাযাওক কিয়! ই বৰ আশঙ্কাজৰ্জৰ বিষয়৷