অন্যযুগ/


স্বজাতিৰ সাংস্কৃতিক পৰিচয়ৰ বেলিকা কৰণীয় কিছু

 

অসম চৰকাৰে শেহতীয়া বাজেটত ৰাজ্যৰ চিনেমা জগতখনক উৎসাহিত কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লোৱা দেখা পাইছোঁ৷ এই পদক্ষেপসমূহৰ ভিতৰত অসমীয়া চিনেমা নিৰ্মাণক ত্বৰান্বিত কৰিবলৈ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমালৈ পঞ্চাছ লাখ টকাৰ অনুদান আগ বঢ়োৱাৰ কথা৷ লগতে বেচৰকাৰী সংগঠন অথবা সাংস্কৃতিক সংস্থা কিম্বা ব্যক্তিগত খণ্ডৰদ্বাৰা প্ৰস্তাৱিত প্ৰতিটো চিনেমা হলৰ বাবে চৰকাৰে শ্বেয়াৰ মূলধন অথবা অনুদান কিম্বা সৰল ঋণৰ ৰূপত পঞ্চাছ লাখলৈকে ধন বিনিয়োগ কৰাৰ প্ৰস্তাৱ কৰা হৈছে৷ এই দুয়োটা প্ৰস্তাৱ নিঃসন্দেহে আদৰণীয়৷ এতিয়া কাৰ্যক্ষেত্ৰত যথাযথভাৱে এই আঁচনিৰ ৰূপায়ন কৰাৰ দায়িত্ব পালন কৰাসকলে নিঃস্বাৰ্থভাৱে কাম কৰিব বুলি আমি আশা কৰোঁ৷

প্ৰায় একেদৰেই অটল পেঞ্চন আঁচনিৰ অধীনলৈ অসমীয়া চিনেমা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আৰু কলাকুশলীসকলৰ অন্তৰ্ভুক্তিৰ প্ৰস্তাৱো ৰখা হৈছে৷

এই দুয়োখন আঁচনিৰ প্ৰস্তাৱৰ লগে লগে আমাৰ মনত দুটামান প্ৰশ্ন জাগি উঠিছে৷ প্ৰশ্নকেইটা হৈছে–

১) অসমীয়া অব্যৱসায়িক নাট্যক্ষেত্ৰৰ শিল্পী তথা কৰ্মীসকলে এনে আঁচনিৰ সুবিধা লাভ কৰিব কেতিয়া?

২) অংকীয়া ভাওনা তথা সত্ৰীয়া সংস্কৃতিৰ শিল্পীসকলে এনে আঁচনিৰ সুবিধা লাভ নকৰে কিয়?

৩) আন আন লোকনৃত্য-লোকনাট্যক্ষেত্ৰৰ শিল্পী-কলাকুশলীসকলে এনে আঁচনিৰ সুবিধা লাভ কৰিব কেতিয়াকৈ?

এনে প্ৰশ্নৰ যুক্তিযুক্ততা নিশ্চয় আছে৷ কাৰণ অসমত আজিপৰ্যন্ত জাতীয় নাট্যশালা এখন গঢ়ি তোলা নহ’ল৷ যি নাট্যধাৰাই অসমীয়া নাটকৰ পৰিচয় প্ৰদান কৰে সেই অব্যৱসায়িক নাট্যজগতখনৰ উন্নতিকল্পে একে ইতিবাচক পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ কৰা নহ’ল৷ প্ৰতিখন জিলাৰে সদৰত জিলা পুথিভঁৰালৰ সৈতে একো একোটা চৰকাৰী প্ৰেক্ষাগৃহৰ ব্যৱস্থা থাকিলেও সেই প্ৰেক্ষাগৃহত অব্যৱসায়িক নাট্যচৰ্চাকাৰীসকলে নাট্যপ্ৰদৰ্শনৰ সুবিধা বিশেষ লাভ নকৰে৷ এইসকল শিল্পী-কলাকুশলীৰ কথা কোনেও নাভাবে৷ অথচ আগ বঢ়া জাতিসমূহৰ অন্যতম বিশেষত্ব হৈছে নিয়মীয়াকৈ জাতীয় নাট্য প্ৰদৰ্শন৷ এই বিষয়টোক লৈ একালত লজ্জাজনক অভিজ্ঞতাৰ সম্মুখীন হোৱা বুলি প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে লিখি থৈয়ে গৈছে৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ’ল, কিন্তু শংকৰী সংস্কৃতিৰ নিয়মীয়া চৰ্চা আৰু প্ৰসাৰৰ বাবে কোনো দীৰ্ঘম্যাদী তথা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ একে অৱস্থা বিভিন্ন লোকশিল্পৰ সৈতে জড়িত শিল্পী তথা কলাকুশলীসকলৰো৷ কেৱল শংকৰী সংস্কৃতি তথা লোক সংস্কৃতিৰ অনুশীলন আৰু প্ৰচাৰৰ সৈতে দীৰ্ঘদিন ধৰি ব্যক্তিগত স্তৰত আত্মনিয়োজিত লোকসকলক জীৱনৰ বিয়লি বেলাত সম্বৰ্ধনা জনোৱা অথবা  কিবা একোটা বঁটা বা পুৰষ্কাৰ দিয়াতে যেন অসমীয়া মানুহৰ দায়িত্ব শেষ হয় এনে লাগে৷

অতিশয় দুখৰ কথা যে ওৰে জীৱন সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিবলৈ প্ৰাণপাত কৰা লোকসকলেই শিল্পী পেঞ্চনৰ দৰে সামান্য বিত্তীয় সাহায্যৰ বাবে চৰকাৰী ব্যৱস্থাৰ ওচৰত আৱেদন জনাবলগীয়া হয়৷ এনে ব্যৱস্থাৰ অৱসান ঘটাই আৱেদন-নিৱেদনৰ পৰিৱৰ্তে শিল্পী-কলাকুশলীসকলৰ কৰ্মৰাজিৰ স্বচ্ছ পৰীক্ষণৰ জৰিয়তেও পেঞ্চন প্ৰদান কৰিব পৰা যাব৷

এনে দিশ কিছুমান লক্ষ্য কৰি আমি চৰকাৰী-বেচৰকাৰী উপযুক্ত চিন্তানায়কসকলৰ উদ্দেশ্যে কেইটামান প্ৰস্তাৱ আগ বঢ়াব খুজিছোঁ৷ প্ৰস্তাৱসমূহ এনে ধৰণৰ–

ক) অসমৰ প্ৰতিখন জিলাতে নাট্যাভিনয়ৰ উপযোগীকৈ অন্ততঃ পাঁচ বা ততোধিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে৷

খ) অব্যৱসায়িক নাট্যজগতৰ শিল্পী তথা কলাকুশলী, লোকশিল্পৰ কলাকুশলী, অংকীয়া ভাওনা তথা সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত কলাকুশলীসকলৰ কাম-কাজৰ তথ্য সামৰিব পৰাকৈ এটা অনলাইন্‌ তথ্যকোষৰ ব্যৱস্থা কৰি সেই তথ্যকোষৰ তথ্যৰ আধাৰতে একোজন ব্যক্তিলৈ শিল্পী পেঞ্চন আগ বঢ়াব পৰা যাব৷

গ) ৰাজ্যিক ভিত্তিত শংকৰী সংস্কৃতিৰ এখন একাডেমি প্ৰতিষ্ঠা হ’ব লাগে আৰু প্ৰতি জিলাতে তাৰ শাখা প্ৰতিষ্ঠা হ’ব লাগে৷ সেই একাডেমিত নিয়মীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ আৰু নিয়মীয়া পৰিৱেশনৰ ব্যৱস্থা কৰিব লাগে৷

ঘ) অঞ্চলভেদে বিভিন্ন লোকসাংস্কৃতিক পৰিৱেশ্য কলাৰ নিয়মীয়া প্ৰশিক্ষণ আৰু পৰিৱেশনৰ ব্যৱস্থা কৰিব লাগে৷

ঙ) এখন জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰি সকলো অব্যৱসায়িক নাট্যগোষ্ঠীক তাৰ আওতালৈ আনিব লাগে৷

চ) অব্যৱসায়িক নাট্যচৰ্চা -প্ৰদৰ্শন তথা শংকৰী ভাওনা আৰু অন্যান্য পৰিৱেশ্য কলাকে ধৰি সকলো প্ৰদৰ্শনৰ বাবে (ক) প্ৰস্তাৱৰ প্ৰেক্ষাগৃহত সুবিধা কৰিব লাগে৷

সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ প্ৰতিখন জিলাতে সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয় একোটা আছে, জিলা সাংস্কৃতিক বিষয়া বুলি এটা পদবীত কোনোবা কোনোবা বিষয়াও আছে; কিন্তু তেওঁলোকে সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব পৰাকৈ বিশেষ একো ফলদায়ক কাম কৰি থকা নাই৷ গতিকে, কোনো ফল নোহোৱাকৈয়ে সাম্প্ৰতিক সময়তো সাংস্কৃতিক অনুশীলনৰ নামত ৰাজহুৱা ধন খৰচ হৈ আছে৷ 

এনে অৱস্থাত ওপৰত উল্লেখ কৰা (ক-ৰপৰা চ-লৈ) কিছুমান পদক্ষেপে বোধকৰোঁ আমাক বিশেষ আৰ্থিক লাভ নিদিলেও জাতীয় পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত এনে পদক্ষেপৰ ফলাফল সুদূৰপ্ৰসাৰী হ’ব পাৰে৷ অৱশ্যেই ওপৰৰ প্ৰস্তাৱসমূহ  বিশেষজ্ঞ ব্যক্তিৰদ্বাৰা পৰীক্ষা কৰাই, সিবোৰৰ ঊনৈছ-বিছ লক্ষ্য কৰি তাৰ আধাৰত যথোপযুক্ত পদ্ধতিৰে আঁচনি প্ৰস্তুত কৰিব লাগিব৷ এনে কিছু আঁচনিয়েহে ভৱিষ্যতে অসমীয়া মানুহৰ সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবগৈ যি অসমীয়া জাতীয়তাবাদৰে আন এটা গুৰুত্বপূৰ্ণ দিশ বুলি বিৱেচিত হ’ব৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ