অন্যযুগ/


মানৱ সম্পদৰ প্ৰসঙ্গত

 


ফেব্ৰুৱাৰি (২০২৫) মাহৰ শেষৰ সপ্তাহত অসমৰ চৰকাৰে দেশ-বিদেশৰ অনেক বিনিয়োগকাৰীক দুদিনৰ বাবে অসমলৈ মাতি আনি অসমত বিনিয়োগ কৰিবলৈ তেওঁলোকৰপৰা প্ৰতিশ্ৰুতি আহৰণ কৰিলে৷ বাতৰি কাকতৰ যোগেদি জানিব পৰামতে বিভিন্ন কোম্পানীয়ে হেনো অসমত কমেও আঢ়ৈ লাখ কোটি টকা বিনিয়োগ কৰিব৷ ফলস্বৰূপে অসমৰ যুৱক-যুৱতীৰ সম্মুখত মুকলি খাব ন ন ক্ষেত্ৰত কৰ্ম সংস্থাপন লাভ কৰাৰ সুযোগ৷ পিছে অসমৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এনে নতুন নতুন কৰ্মক্ষেত্ৰত কাম কৰিব পৰাকৈ যোগ্যনে?

সাম্প্ৰতিক সময়লৈকে অন্ততঃ নহয়৷ আৰু এই কথা জানে বাবেই অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে, ‘আমি উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিব পাৰিলে বাহিৰৰ পৰা মানুহ (কাম কৰিবলৈ) কেনেকৈ আহিব? অসমত উপযুক্ত মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰত্যাহ্বান এতিয়া আমাৰ বিশ্ববিদ্যালয়, শিক্ষানীতি প্ৰস্তুত কৰাসকলে ল’ব লাগিব৷’ এই কথাখিনি শুনিবলৈ বৰ ভাল৷ কিন্তু কাৰ্যক্ষেত্ৰত ই ইমান সহজ বিষয় নহয়৷ ইউৰোপ বা আমেৰিকাৰ ক্ষেত্ৰত হোৱাহ’লে ই বিশেষ কঠিন কাম নহ’লহেঁতেন৷ কাৰণ সেইবোৰ দেশত শিক্ষণ ব্যৱস্থাটো পাঠ্যপুথিকেন্দ্ৰিক আৰু আৰু পৰীক্ষাত মূল্যাঙ্ক অৰ্জন কৰাৰ লক্ষ্যৰ মাজত সীমাৱদ্ধ নহয়৷ তদুপৰি সেইবোৰ দেশত একোজন শিক্ষকে অতিকে আনন্দ মনেৰে পাঠদান, মূল্যায়ণ আদিত মনোনিৱেশ কৰিব পাৰে কাৰণ তেওঁলোকৰ সম্মুখত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো আগ্ৰহেৰে শিকাব পৰাকৈ, মনোযোগেৰে আটাইকে লক্ষ্য কৰিব পৰাকৈ সুস্থ৷ বিপৰীতে আমাৰ দেশৰ কলেজ-বিশ্ববিদ্যালয়ৰ বিশেষ বিশেষ বিভাগৰ একোজন শিক্ষকে বহন কৰিব পৰাতকৈ অধিক সংখ্যক শিক্ষাৰ্থীৰ বোজা বহন কৰিবলগীয়া হয়৷

তদুপৰি আমাৰ দেশৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ গৰিষ্ঠ সংখ্যকেই বিভিন্ন চৰকাৰী দায়িত্ব পালন কৰি পাঠদানৰ দৰে প্ৰাথমিক দায়িত্বটোৰপৰাই মাজে মাজে আঁতৰি থাকিবলগীয়াত পৰে৷ তেনে সময়খিনিত ছাত্ৰ-ছাত্ৰীসকল যে ক্ষতিৰ সম্মুখীন হয়, সেই ক্ষতিৰো যে ক্ষতিপূৰণৰ হকে কিবাকিবি উপায়ৰ চিন্তা কৰিব লাগে সেইবোৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বাবে প্ৰয়োজনীয় বিষয় নহয় যেন লাগে৷ উদাহৰণস্বৰূপে অলপতে হৈ যোৱা গুণোৎসৱত অসমৰ প্ৰায়বোৰ কলেজৰ প্ৰায় পঁচান্নব্বৈ শতাংশ শিক্ষকে কমেও চাৰিদিন পাঠদানৰপৰা বিৰত থাকিবলগীয়া হয়৷ সেই চাৰিটা দিন কিন্তু এই ষান্মাষিকত উভতি নাহে৷

গুণোৎসৱৰ প্ৰসঙ্গটো ওলাওঁতেই ক’ব পাৰি যে এই উদ্‌যাপনে প্ৰকৃততেই বিদ্যালয় স্তৰৰ শিক্ষালৈ একো ইতিবাচক পৰিৱৰ্তন অনা দেখা নাই৷ প্ৰত্যেক গুণোৎসৱৰ সময়ত স্কুলখন চাফ-চিকুণ কৰা, আগদিনা কেইটামান গছপুলি ৰোৱা, কাহানিও স্কুললৈ নহা ল’ৰা-ছোৱালীক গুণোৎসৱৰ দিনা কাকূতি-মিনতি কৰি হ’লেও স্কুললৈ অনি হাজিৰ কৰোৱা আদিৰ মাজত স্কুল একোখনৰ সৰ্বাঙ্গীণ বিকাশৰ আদৰ্শ গঢ় লৈ নুঠে৷ প্ৰকৃততে গুণাৎসৱে বিচৰাখিনিৰ অন্তৰালৰ যি দৰ্শন, তাৰ প্ৰতি দিবলগীয়া মনোযোগ নিদিয়া কাৰণেই বছৰৰ পাছত বছৰ ভাল গ্ৰে’ড লাভ কৰি অহা স্কুলৰো শিক্ষক-শিক্ষাৰ্থী উভয়ৰে অৱস্থা সেই আৱদ্ধ জলাশয়ৰ নিচিনাই হৈ আছে৷ জগতখন কি দ্ৰুত গতিৰে আগ বাঢ়িছে তালৈ লক্ষ্য কৰিবলৈ শিক্ষকৰো মন নাই, গতিকে ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি সেইফালে আকৰ্ষণ কৰিবলৈও কোনো নাই!

যোৱা প্ৰায় পোন্ধৰ দিনমানৰ পৰা অহা পোন্ধৰ দিনমানৰ ভিতৰত চলিত ষান্মাষিকত কলেজ-বিশ্ববিদ্যালয়বোৰত বাৰ্ষিক ক্ৰীড়া সপ্তাহ চলিছে আৰু চলিব৷ পিছে এই ব্যৱস্থাটো সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাৰ লগত সমূলি খাপ নাখায়৷ যেতিয়া কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষা বছৰেকীয়া হিচাপৰ আছিল তেতিয়া গোটেই শিক্ষাবৰ্ষটোৰ মাজৰে এটা সপ্তাহ ক্ৰীড়া-সংস্কৃতিৰ নামত খৰচ হৈছিল৷ সাম্প্ৰতিক সময়ৰ ষান্মাষিক ব্যৱস্থাত অযুগ্ন ষান্মাষিকৰ সময়ছোৱাত এনে কাৰ্যক্ৰমণিকাৰ নামত সময় খৰচ নহয় অথচ যুগ্ম ষান্মাষিকৰ সময়ত এটা সপ্তাহ একেকৈ খৰচ হৈ যায়৷ এইবোৰ দিশলৈ চাওঁতাও অন্ততঃ আজিৰ তাৰিখলৈকে কোনো নাই৷

এনেকৈ একোটা শৈক্ষিক ষান্মাষিকত হেৰোৱা সময়খিনিৰ কোনো ক্ষতিপূৰণৰ সুবিধা অন্ততঃ আমাৰ শিক্ষা ব্যৱস্থাত নাই৷ তাৰ মানে আমি কাগজে-কলমে খুব উন্নত এক শিক্ষানীতি পালন কৰি আহিছোঁ যি নীতি কাৰ্যতঃ ভিতৰ ফাপোলা৷

এনে ভিতৰ ফোপোলা শিক্ষানীতিৰে আমি নতুন যুগৰ নতুন কাৰিকৰী, নতুন প্ৰযুক্তি, নতুন কৰ্মশক্তিৰে সমৃদ্ধ মানৱ সম্পদ গঢ় দিব পাৰিমনে?

আকৌ, বাতৰি কাকততে পাইছোঁ যে অসমৰ স্কুলবোৰত একাধিক কোম্পানীয়ে দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰম আৰম্ভ কৰিব৷ ইয়াৰ অৰ্থ এনেকুৱা নেকি যে যোৱা কিছু বছৰত দক্ষতা বৃদ্ধিৰ নামত যিখিনি অগ্ৰগতি ঘটা বুলি কৈ থকা হৈছে সেইখিনি শুদ্ধ নহয়? অৱশ্যে কলেজ পৰ্যায়ত দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰমবোৰে কাৰো কোনো ধৰণৰ দক্ষতা বৃদ্ধি কৰা নাই বুলিয়েই জনা যায়৷

আৰু এষাৰ কথা। আমি প্ৰায় সৰহ সংখ্যক অভিভাৱকেই আমাৰ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাখিনি পাৰিলে নিজেই যেন কৰি দিম, এনে মানসিকতা পোষণ কৰোঁ। টকা-পইচােৰ ওপচাই, টোপ এটাও পৰিবলৈ নিদিয়াকৈ আমি আমাৰ ল’ৰা-ছোৱালীয়ে আনতকৈ অধিক নম্বৰ লাভ কৰি ফলাফল কৰাত গুৰুত্ব দিওঁ। কিন্তু কেৱল কিতাপৰ বিদ্যৰে শিক্ষিত হৈ বহুত নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে কাৰ্যক্ষেত্ৰত বাস্তৱিক সমস্যা সমাধানৰ বেলিকা  সদায়ে পিছ পৰে। পৰিবই তো! অনবৰতে মোবাইল ফোন, লেপটপ আদিৰ লগতে থকাৰ পাছতো আমাৰ ল’ৰা-ছোৱালীয়ে কিবা এটা বিশেষ কাম কৰিবলৈ ইণ্টাৰনেট কেফেলৈ দৌৰিবলগীয়া হয় আৰু অভিভাৱকে এবাৰলৈও প্ৰশ্ন নোতোলে তেনেহলে সেই লৰা-ছোৱালীয়ে সেই মোবাইল ফোন, লেপটপৰ সাম্ৰাজ্যখনত নিজকে হেৰুৱাই পেলোৱাৰ বাহিৰে আন একো ফল নাপায়। আনহাতে ধনৰ মূল্য আমাৰ লৰা-ছোৱালীয়ে নুবুজে, নুবুজে শ্ৰমৰো মূল্য। আগ বঢ়া দেশবোৰৰ ছাত্ৰৰ-ছাত্ৰীয়ে পিছে  নিজে কাম কৰি ধন ঘটি পঢ়িবলগীয়াত পৰে। ছাত্ৰ-ছাত্ৰীৰ আৱাসবোৰতো কোনেও খোৱাবস্তু ৰান্ধি-বাঢ়ি সম্মুখত যতনাই নিদিয়েহি। নিজে ধন উপাৰ্জনৰ উদ্দেশ্যে কাম কৰা, ৰন্ধা-বঢ়া আৰু বাচন-বৰ্তন ধোৱা, ঘৰ পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা আদি কামৰ মাজতে শ্ৰেণীত উপস্থিত হোৱা, সময় মতে (সঘনাই) শিক্ষকে কৰিবলগীয়া কাম জমা দিয়া আদিৰ মাজত সেইবোৰ দেশৰ ছাত্ৰ সমাজ ব্যস্ত। আন চিন্তা কৰিবলৈ তেওঁলোকৰ হাতত সময়েই নাথাকে- মোবাইল ফোনত  ফে’চবুক, মেছেঞ্জাৰ আদিক লৈ ব্যস্ত হ@বলৈ তেওঁলোকৰ সময়েই নাথাকে। সেয়ে তেওঁলোকে সময়, ধন,শ্ৰম আৰু কৰ্তব্যৰ মূল্য হাড়ে হাড়ে উপলব্ধি কৰিবলৈ সক্ষম হয়। তেনেকৈ শিক্ষিত হোৱা শিক্ষাৰ্থীকহে প্ৰকৃততে মানৱ সম্পদ বুলিব পাৰি।

ভাৰতত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ জৰিয়তে উচ্চ শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ যি ব্যৱস্থা গঢ়ি তোলা হৈছিল তাতো দুৰ্নীতিৰ কেৰোণ লগা বুলি খবৰ পোৱা গৈছে৷ এনে অৱস্থাত কাগজে-কলমে দেশৰ শিক্ষা ব্যৱস্থাটোৰ যশ-খ্যাতি আৰু বাস্তৱিক অৱস্থাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য ৰৈ গৈছে৷ এনে পৰিস্থিতিত জগতৰ দ্ৰুত প্ৰগতিৰ সৈতে ফেৰ মাৰিব পৰা মানৱ সম্পদ আমি গঢ় দিম কেতিয়া আৰু কেনেকৈ?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ