অন্যযুগ/


আধুনিক অসমীয়া কবিতা আৰু নীলমণি ফুকন

(অসমৰ জাতীয় কবিৰূপে সন্মানিত, দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত, কবিৰত্ন, কবিসূৰ্য, কবি শিৰোমণি, কাব্যভীষ্ম, কবিপিতা আদি অশেষ বিশেষণেৰে মণ্ডিত কবি নীলমণি ফুকন।  বহুদিনৰেপৰাই তেখেতক লৈ এটা বিশেষ সংখ্যা প্ৰকাশৰ পৰিকল্পনা আছিল অন্যযুগৰ। এই বিশেষ সংখ্যাটো প্ৰকাশ কৰিবলৈ পাই অন্যযুগে কৃতাৰ্থ বোধ কৰিছে। কবিজনাৰ সুস্থ আৰু সুদীৰ্ঘ জীৱনৰ কামনা কৰাৰ লগতে এই সংখ্যাটোৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।)

আধুনিক অসমীয়া কবিতাৰ জগতখনত ১৯৪৩ চনৰপৰা ২০২২ চনলৈ প্ৰায় আশীবছৰ কালত বহুতো কবিয়ে কবিতাৰ চৰ্চা কৰিছে৷ এই সকলো কবিৰ মাজত কিছুমান বিশেষত্বপূৰ্ণ কাৰণত কেইজনমান কবিহে কৃতী কবি বুলি চিহ্নিত হৈছে৷ মন কৰিবলগীয়া, অসমীয়া সাহিত্যত আধুনিক কবিতাক প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা কবিসকলৰ ঘাই তিনিজনতকৈ তেওঁলোকৰ ঠিক পৰৱৰ্তী কবিদল বহু দিশত বহুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হয়৷ এই দল কবিৰ মাজত সাধাৰণভাৱে দুটা ভাগ দেখা যায় – (ক) কঠোৰভাৱে দ্বন্দ্বাত্মক বস্তুবাদী দৃষ্টিভংগীৰে সমাজ-অধ্যয়ন কৰা কবি আৰু (খ) অসমীয়া আৰু ভাৰতীয় কাব্যিক ঐতিহ্যৰ আধাৰত পশ্চিমীয়া সাহিত্য-কলাৰ আদৰ্শকো আত্মস্থ কিৰ ব্যক্তি-মনৰ সত্য উদ্‌ঘাটনৰ প্ৰয়াস কৰি সমাজক সমৃদ্ধ কৰিব খোজা কবি৷ এনে বিভাজন অৱশ্যে অতি সৰলীকৰণৰ ফল৷ কাৰণ, দুয়োটা ভাগৰ মাজত পাৰ্থক্য যিমান, সাদৃশ্য তাতকৈ বেছি৷ সি  যি নহওক, এই দুটা ভাগত বিভক্ত কবিসকলক এক মুঠ কৰিলে ক্ৰমে নৱকান্ত বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, মহেন্দ্ৰ বৰা, হৰি বৰকাকতি, অজিৎ বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত, বীৰেশ্বৰ বৰুৱা, কেশৱ মহন্ত, ৰাম গগৈ, মহিম বৰা, হীৰেন ভট্টাচাৰ্য, হীৰেন গোঁহাই, অমলেন্দু গুহ, ভবেন বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন আদি কেইজনমান কবিৰ নাম বাছনিত উঠে৷ এই সকলৰ মাজৰপৰাও যদি বাছনি কৰিবলগা হয় তেনেহলে নৱকান্ত বৰুৱা, ভবেন বৰুৱা, অজিৎ বৰুৱা, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আৰু নীলমণি ফুকনৰ নামেই অগ্ৰাধিকাৰ পায়৷ 

এই কেইগৰাকী কবিৰ কাব্যকৃতিক সম্মুখত ৰাখি তাৰে মাজৰ নীলমণি ফুকনৰ মূল্যায়ন কৰাটো বৰ সহজ কাম নহয়৷ অৱশ্যে কেউজন কবিৰ কাব্য-চৰ্চাৰ বিৱৰ্তনৰ গতিবিধি লক্ষ্য কৰি এটা সিদ্ধান্তলৈ আহিব পাৰি৷ তথাপি সি শেষ সিদ্ধান্ত নহৈ কেৱল এটা পূৰ্বানুমান (hypothesis) বলৈ বাধ্য৷ কাৰণ, সাহিত্য-কলা বিচাৰৰ অনেক পথ থাকিলেও মাপ-কাঠি হিচাপে সদায় বিচাৰকৰ ৰুচি-অভিৰুচিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ব্যক্তিগত ৰুচি-অভিৰুচিক গৌণ-ভূমিকাত ৰাখি আলোচনা কৰিবলৈ হলে আলোচ্যমান কবিকেইজনৰ কবিতা সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন আলোচকে দাঙি ধৰা মন্তব্যৰ আশ্ৰয় লব লাগিব৷ এটা কথা সৰ্বজন-স্বীকৃত যে, এই  কেউজনেই অসমীয়া কাব্য-জগতত বিশিষ্ট কবি হিচাপে চিহ্নিত হৈছে৷ গতিকে সকলো আলোচকেই এওঁলোকৰ কাব্যকৃতি সম্পৰ্কে প্ৰশংসামূলক মন্তব্যই বেছিকৈ প্ৰকাশ কৰিছে৷ এই  দিশটোলৈ চকু ৰাখি এওঁলোকৰ কবিতাৰ দুৰ্বল দিশবোৰ কোনে কেনেদৰে দেখুৱাইছে সেইটো পৰ্যবেক্ষণ কৰাটো বেছি ফলপ্ৰসূ হব৷ 

যুদ্ধোত্তৰ অসমীয়া কবিতা-জগতৰ আটাইতকৈ বেছিকৈ চৰ্চিত কবিজন নৱকান্ত বৰুৱা৷ কাব্যকৃতিৰ প্ৰকাশ-কালৰ বিৱেচনাৰে কমেও ছটা দশক তেওঁ অসমীয়া কবিতাৰ চৰ্চা কৰাটো চকুত পৰে৷ এইজন কবিৰ কবিতা সম্পৰ্কে একাধিক আলোচকৰ মত এনে ধৰণৰ

১) ... কবি নৱকান্তৰ মতে আমাৰ বৰ্তমানৰ তিক্ত অভিজ্ঞতা মানৱ সভ্যতাৰ ঐতিহ্যৰ এটা গ্লানিময় অথচ সুনিশ্চিতভাৱে অতিক্ৰমণীয় অধ্যায়হে মাথোন৷ হয়তো কবিয়ে এই অনুপ্ৰেৰণা Toynbeeৰ পৰা পাইছে৷ নৱকান্তৰ ভাৰতীয় ধৰ্ম বিশ্বাসৰ প্ৰতি নিষ্ঠাবান উৎসাহ তেওঁৰ কবিতাত বুুদ্ধ আৰু উপনিষদৰ উল্লেখ লক্ষ্যণীয়– Toynbeeৰ ঐতিহ্য চিন্তাৰ প্ৰতি কবিৰ একাত্মীয়তাৰে সৈতে সম্পৰ্কযুক্ত বুলি ভাবিবৰ থল আছে৷ অৱশ্যে এইবোৰৰ ওখ খাপৰ ধ্যান-ধাৰণাই পাছলৈ কাব্যিক পৰিপক্কতা লাভ নকৰিলেগৈ (দত্ত, গগৈ সম্পা., পৃ. ৭৬)৷

২) কাল-চেতনা আৰু সমাজবোধ জড়িত যদিও নৱকান্ত (বৰুৱা) কাল চেতনাৰহে কবি৷ .... তেওঁৰ কবিতা স্বকীয় বৈশিষ্ট্যৰে উজ্জ্বল৷ ... নৱকান্তই অৱশ্যে সাম্প্ৰতিক কবিতাসমূহত (অন্তিম কালৰ) পূৰ্বৰ অঙ্গীকাৰ ৰক্ষা কৰিব পাৰিছে বুলি কবলৈ মই দ্বিধাবোধ কৰিছোঁ (ভট্টাচাৰ্য, পৃ. ৫৮-৫৯)৷

৩) নৱকান্ত বৰুৱা আছিল অসমৰ (এনে) এটা ঐতিহাসিক যুগসন্ধি বা আলি-দোমোজাৰো প্ৰতিনিধিস্বৰূপ আধুনিক কবি৷ কিন্তু তেওঁ এহাতে ৰবীন্দ্ৰনাথৰ গভীৰ স্তৰটো নাপালে আৰু আনহাতে কবি এলিয়টৰ গভীৰ স্তৰটোও নাপালেগৈ৷ ফলত এফালে ঘোৰ ক্লীৱতাবোধ আৰু আনফালে ৰোমাঞ্চ (অৰুন্ধতীৰ লাহী আঙুলিৰ বহুত জোনৰ ৰোমাণ্টি×ছিজম নাইবা বোধিদ্ৰুমৰ খৰিসুলভ সাংসাৰিকতাৰ আশ্ৰয়) এই দুটা অভিজ্ঞতাৰ মাজত এটা সন্ধি স্থাপন কৰিয়ে নৱকান্ত বৰুৱা সক্ৰিয় হল (বৰুৱা, ২০০০, পৃ. ১৩২)৷

এই তিনিওটা মন্তব্যৰ মাজত কবি নৱকান্ত বৰুৱাৰ কাব্যিক সম্ভাৱনা প্ৰত্যাশা অনুসৰি বিকশিত নোহোৱাৰ আক্ষেপ আছে৷ প্ৰথম আৰু তৃতীয় মন্তব্য দুটাত কবিজনে আৰম্ভণিৰপৰা দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁৰ উচ্ছস্তৰৰ ধ্যান-ধাৰণা আৰু গভীৰতৰ পৰ্যায়লৈ যোৱাৰ সম্ভাৱনাৰ ইঙ্গিত যিদৰে আছে সেইদৰে সেই সম্ভাৱনাই পৰিপক্ক ৰূপ লাভ নকৰাৰ আক্ষেপো আছে৷ দ্বিতীয় মন্তব্যটোত আছে কবি-জীৱনৰ শেহৰফালে কবি নৱকান্ত বৰুৱাৰ কবিতাই পূৰ্বতে থকা কিবা এটা গুণ হেৰুৱাই পেলোৱাৰ প্ৰমাণ৷ কবিজনে নিজৰ কবিতাৰ মাজত অব্যাহত ৰাখিব নোৱৰা সেই গুণ হৈছে তেওঁৰ চিন্তা-বৃত্তিৰ স্বচ্ছতা আৰু কাব্য-ভাষাৰ অগ্ৰগামিতা৷ লগতে কবিতাৰ সাধনাক তেওঁ একেবাৰে শেষ পৰ্যায়ত সাধাৰণ শব্দৰ খেলালৈ পৰ্যৱসিত কৰাটোও প্ৰনিধানযোগ্য৷ এই কথাৰ প্ৰমাণ চাবলৈ তেওঁৰ হে অৰণ্য হে মহানগৰ (১৯৫১) গ্ৰন্থৰ নামবাচক কবিতাটোসন্ধ্যাৰ চিলং আৰু সৰ্বং প্ৰাণ এজতি কবিতাকেইটাৰ ভাববস্তু আৰু সচেতনভাৱে ব্যৱহৃত ভাষাৰ সৈতে কবি-জীৱনৰ শেষৰ ফালৰ চিঠি’, ‘মানুহৰ সন্তানআদি কবিতা ৰিজাই চাব পাৰি৷ প্ৰথম অৱস্থাত লিখা কবিতাকেইটাৰ ভাব-গাম্ভীৰ্যই যিজন মননশীল কবি নৱকান্ত বৰুৱাৰ প্ৰতিশ্ৰুতি বহন কৰিছিল, সেইজনেই ক্ৰমশঃ’, ‘ইয়াত নদী আছিল’, ‘অসিতআদি উচ্চস্তৰৰ কবি-কৰ্মৰূপে স্বীকৃত কবিতা লিখিছিল৷ সম্ৰাট’, ‘ৰাৱণৰ দৰে কবিতা লিখি সেইজনেই অসমীয়া কবিতাৰ বিষয়ৰ নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি কৰিছিল৷  কিন্তু একেজনেই লিখিলে এনেকুৱা কবিতা :

ফৰমেল বুলি/  চিঠিখন নেপেলাবা/

লেফাফাটো নালাগে থব / চিঠিখনকে দিবা৷ 

লেফাফা-দুৰস্ত চিঠি/ আৰু কায়দা দুৰস্ত মানুহ/

তেওঁলোকে চমক লগায়,/ মুগ্ধ কৰে জানো ?  

                                          (চিঠি)

ইয়াত শব্দক লৈ তেওঁ পাতলীয়া ভাবৰ খেল খেলিছে মাথোন৷ গম্ভীৰ ভাবৰ  কবিতা এইছোৱা সময়ত যে তেওঁ লিখা নাই, এনে নহয়৷ কিন্তু তাতো জোৰকৈ কবিতা ৰচনা কৰিব খোজা বিশেষত্ব এটা আছে৷ উদাহৰণস্বৰূপে

কবি, তোমাৰ কবিতালৈ কিয় ইমান ভয়?

অৰণ্য কাটি পদ কৰিছা, কৰা,

গছৰ বাবে অৰণ্যখন এৰি আহিবা নেকি?

 

কিয় তোমাৰ কবিতাক লাগে টোকা আৰু চোকা

ঢোকাতে কল কলতে ঢোকা! 

দুবৰি বনৰ ইমান লেহুকা নহয় শিপা৷  

(কবিতাৰ ভৱিষ্যত)

ইয়াতো তেওঁৰ কাব্য-ভাষাই দ্বন্দ্বাত্মক ৰূপ এটাহে দেখুৱাইছে৷ প্ৰথমটো স্তৱকৰ মাজত থকা বিশুদ্ধ গদ্যৰ যি স্বাদ, সেয়া দ্বিতীয়টো স্তৱকৰ মুক্তক ধৰ্মী ছন্দৰ লহেৰ নোহোৱা কৰি পেলাইছে৷ এনে দিশলৈ লক্ষ্য কৰিয়ে এজন আলোচকে লিখিছে, 

এইজন শক্তিশালী কবিৰ কবিতাত কেতিয়াবা চকুত পৰা আসোঁৱাহবোৰ হল পুনৰাবৃত্তি, সৰু সুৰা ছন্দপতন আৰু খোৰা কাব্যপ্ৰকাশ – “মই যে প্ৰেমিক, ইনটেলেকচুৱেল প্ৰেমিক” (ফুকন, বৰগোহাঞি সম্পা. পৃ. ৩৪৯)৷

কবি নৱকান্ত বৰুৱাই আনকি কবি-জীৱনৰ শেহৰ ফালে একেবাৰে কেঁচা ভাৱনাৰ এনে একাধিক কবিতা লিখিছে যিবোৰে আচলতে তেওঁৰ কবি হিচাপে সমৃদ্ধ অতীতটোক বিদ্ৰুপহে কৰে৷ অক্টাভিঅপাজৰ দৰে শব্দৰ নক্সাধৰ্মী কবিতাও তেওঁ এইছোৱা সময়ত লিখিছে৷ কিন্তু তেনে কবিতাতো শব্দৰ সৈতে মিল বিন্যাস-সৃষ্টিৰ কিবা এক কাৰণহীন প্ৰৱণতাই তেওঁক আমনি কৰা দেখা গৈছে৷ এটা কবিতাৰ শেষ স্তৱকটো তেওঁ এনেদৰে লিখিছে       

আই

বতাহে কোবায়

বন্ধ ঘৰ৷ খিৰিকি কঁপাই

যিজন অহাৰ কথা তেওঁ অহা নাই

তেওঁ যে নাহিব কোনো দিনে 

সেই কথা মনে জানে৷

সেই খবৰকে কোনোবাই

জানোছা [যথা] দি যায়

আশাই আশাই

আছোঁ বাট চাই

  আই৷   

[আইৰ বাবে কেইটামান অসমান স্তৱক]

সংশ্লিষ্ট গোটেই কবিতাটো এনে সজ্জাৰেই ৰচনা কৰা হৈছে৷ ইয়াত দেখা গৈছে কেৱল ছন্দলহৰ ৰক্ষা কৰিবৰ কাৰণেই তেওঁ নিৰৰ্থক শব্দৰূপ একোটাও ব্যৱহাৰ কৰিছে৷ ওপৰৰ উদ্ধৃতিটোৰ আশাই আশাইশব্দদুটা এনে আৰ্ষপ্ৰয়োগ৷ আচলতে হব লাগিছিল এই আশাৰেইবা তেনে শব্দ বা বাক্যাংশ; কিন্ত পূৰ্বৱৰ্তী চৰণটো জানোছা [যথা] দি যায়”-ৰ লগত অন্ত্যমিল ৰক্ষা কৰাৰ লোভ সম্বৰণ কৰিব নোৱাৰা বাবেই এনে শব্দ-ৰূপৰ বিভ্ৰাট ঘটিছে৷ 

কবি জীৱনৰ সামগ্ৰিকতালৈ চালে নৱকান্ত বৰুৱাৰ এনে পাতলীয়া আৰু ধেমালি-ধৰ্মী কবিতাৰ গুৰুত্ব আৰু সংখ্যা দুয়োটাই বৰ নগণ্য হব৷ কিন্তু, প্ৰসংগটো যিহেতু বিৱৰ্তনৰ, গতিকে কবিজনৰ ভাব-ভাষা-আঙ্গিক সকলো দিশৰে উত্তৰণৰ পৰিপ্ৰেক্ষাক উপেক্ষা কৰিব নোৱাৰি৷ অতি সৰলীকৰণ যেন লাগিলেও নৱকান্ত বৰুৱাই তেওঁৰ কবি-জীৱনৰ শেহৰ ফালে মানসিক-বৌদ্ধিক উৰ্বৰতা-শক্তি ক্ৰমশঃ হেৰুৱাই পেলোৱা বুলি কব পাৰি৷ অৱশ্যে এজন কলাকাৰে এটা নিৰ্দিষ্ট সময়লৈকেহে তেওঁৰ ৰচনাৰ মাজত সকলো ফালৰপৰা মৌলিকত্ব প্ৰকাশ কৰিব পাৰে৷ এই ফালৰপৰা নৱকান্ত বৰুৱাৰ কাব্য-প্ৰতিভাৰ মূল্যায়ন কৰোঁতে তেওঁৰ কবি-জীৱনৰ শেহৰ ফালৰ কবিতা বোলা ভালেখিনি ৰচনা বাদ পৰিব৷ কিন্তু সেইখিনি ৰচনাক যিহেতু তেওঁ নিজে কবিতাবুলি পুথিৰূপে পাঠকক দিছে, এতেকে সেইখিনি লেখাৰ দায়িত্বৰপৰা তেওঁ মুক্ত নহয়৷ এনে দৃষ্টিভংগীৰে লক্ষ্য কৰি সিদ্ধান্তলৈ আহিব পাৰি যে নৱকান্ত বৰুৱাৰ মাজত মহৎ কবি হোৱাৰ সকলো বিশেষত্ব থকাৰ পাছতো তেওঁ মহৎ কবি হবগৈ নোৱাৰিলে৷ সাম্প্ৰতিক কালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আধুনিককবি হোৱাৰ সকলো সম্ভাৱনা প্ৰদৰ্শন কৰিও তেওঁ অন্যতম শ্ৰেষ্ঠকবি হৈয়ে ৰল৷ দলঙত তমীঘৰাৰ কবিতাবোৰেই তেওঁক এই পৰিধিৰ মাজত সীমাৱদ্ধ কৰিছে৷

ভবেন বৰুৱাৰ কবিতা পুথি সোণালী জাহাজ (১৯৭৭)-ৰ বাবেই প্ৰথম বাৰৰ বাবে অসমীয়া কবিতালৈ সাহিত্য অকাদেমি বঁটা আগ বঢ়োৱা হৈছিল৷ কিন্তু তেওঁৰ কবিতা সম্পৰ্কে বৰ কম সংখ্যক আলোচকেহে মত দিয়া দেখা যায়৷ সোণালী জাহাজৰ কবিতাখিনিক সমালোচকে প্ৰশংসাৰে সম্মানিত কৰিছে৷ তেওঁৰ সমসাময়িক এজন কবিৰ মন্তব্যই তেওঁৰ কাব্য-সাধনাৰ উদ্দেশ্যৰ স্পষ্টতা সম্পৰ্কে ধাৰণা দিয়ে 

মোৰ কবিতাৰ বিৱৰ্তনত সেই কবিসকলৰ ভিতৰত শ্ৰীভবেন বৰুৱাই বিশেষভাৱে সহায় কৰিছিল৷ এই গৰাকী কবিৰ দৰে কবিতাৰ ভাষা আৰু গঠন সম্পৰ্কে আগতে মই ইমান সচেতন নাছিলোঁ (ফুকন, গোহাঁই  সম্পা., পৃ. ১৩০-৩১)

কিন্তু একে সময়তে কবলগীয়া কথা হৈছে, তেওঁ আশাশুধীয়াভাৱে কবিতাৰ চৰ্চাত আত্মনিয়োগ কৰা নাই৷ এই কাৰণেই সমালোচকে অসমীয়া কবিতাৰ বুৰঞ্জীত তেওঁক বিশেষভাৱে চৰ্চা কৰা নাই৷ দুজন সমালোচকে বৰুৱাৰ কবিতা সম্পৰ্কে মত দিছে এনেকৈ

১৷ সামগ্ৰিক বিচাৰত তেওঁৰ কবিতাত ঘটনাবহুল জীৱনৰ শিহৰণ অনুপস্থিত বুলিব পাৰি৷ স্পষ্ট আৰু ব্যঞ্জনাময় কোনো জীৱনদৃষ্টিয়ে সোণালী জাহাজত পূৰ্ণ প্ৰকাশ পোৱা নাই; সময়ে সময়ে তেওঁৰ কাব্যপ্ৰকাশক বিশুদ্ধ কাব্য-আদৰ্শই  কিছু কৃত্ৰিম আৰু আভৰণ-গধুৰ কৰিব খোজে যেন লাগে৷ সেয়ে ব্যঞ্জনাৰ বিস্তাৰ আৰু পোতন বাধাগ্ৰস্ত হয় (ফুকন, বৰগোহাঞি সম্পা., পৃ. ৩৪৯)৷

২৷ ... দেশ-দেশান্তৰৰ বহু কবিৰ কবিতাৰ ছাপ তেওঁৰ (ভবেন বৰুৱাৰ) কবিতাত থাকিলেও, আৰু কোনো কোনো ক্ষেত্ৰত একোটা চিত্ৰকল্প টানি অনা বিধৰ, জটিল, কৃত্ৰিম, আনকি অপ্ৰয়োজনীয়ভাৱে বোধগম্য যেন লাগিলেও, ভবেন বৰুৱা এজন মৌলিক, প্ৰেৰণাদায়ক আৰু সাৰ্থক কবি৷ (গোস্বামী, পৃ. ২৪৩)৷

অৰ্থাৎ ভবেন বৰুৱাৰ কবিতাৰ কিছু সীমাৱদ্ধতা আছে যেনে কৃত্ৰিমতা, টানি অনা বা জোৰকৈ প্ৰতিষ্ঠা কৰা প্ৰতীক-চিত্ৰকল্পৰে আভৰণ-গধুৰ কৰিব খোজা, অপ্ৰয়োজনীয় ব্যঞ্জনা সৃষ্টিৰ স্বাৰ্থত আচল ভাৱ-দ্যোতনা বাধাপ্ৰাপ্ত কৰা আদি৷ তেওঁৰ এটা চুটি কবিতাত এই অভিযোগবোৰ পৰীক্ষা কৰিব পাৰি  

মেঘে মেঘে বিষণ্ণ স্বৰ্ণৰ মাদকতা !

 

যেন কোনো হ্ৰদৰ বুকুত

জলৰাশিৰ কৃষ্ণনীল অশ্ৰুত মন্ত্ৰৰ ওপৰেদি

উচ্ছল বৰ্ণৰ ঝংকৃত তৰংগ শোভা 

 

যেন কোনো প্ৰৌঢ়া সুন্দৰীৰ

অভিজ্ঞ দেহৰ ৱেষ্টনীত পুলকৰ ধাৰা,

অদৃশ্য মেঘে মেঘে গম্ভীৰ৷ 

 

ৰঙীণ প্ৰগলভতা সুকঠিন ভাস্কৰ্যত

মোগলী, পছিমা৷ 

 

মহাভাৰতীয় ৰথৰ চকাৰ শব্দ আহে

ৰাতি ৰাতি৷ 

(দিল্লীত এটা সূৰ্য্যাস্ত)

এই  কবিতাটোত থকা মুঠ ৪৫ টা শব্দৰ ২৫ টা শব্দই সংস্কৃতমূলীয়তৎসম৷ এইবোৰ শব্দৰ সঘন ব্যৱহাৰ অসমীয়াত কমকৈ হয়, – বিষণ্ণ, জলস্পৰ্শ, প্ৰৌঢ়া, তৰংগ, বৰ্ণ, শোভা, পুলক, ভাস্কৰ্য আদিক বাদ দি৷ যেনশব্দটো চাৰিবাৰ ব্যৱহৃত হৈছে মুঠ চাৰিটা শব্দ হিচাপত৷ বাকী থাকিল ওপৰেদি, কোনো, দেহ, ৰঙীণ, পছিমা, ৰাতি, চকা, শব্দ, আহে আদি কেইটামানহে জতুৱা অসমীয়া শব্দ৷ দেখা গৈছে, সংস্কৃত শব্দত অসমীয়া বিভক্তি ৰ, প্ৰত্যয় আ আৰু ঈ ব্যৱহৃত হৈছে৷ ই কৃত্ৰিম প্ৰয়োগ; এনে প্ৰয়োগে কবিতাটোৰ প্ৰথম পঠনতে পাঠকক বিৰক্ত কৰে৷ তদুপৰি দুটা চৰণৰ শেষ স্তৱকটো কবিতাটোৰ ভাৱনাৰ লগত কোনো সম্পৰ্ক নথকা৷ এতেকে, উপৰিউক্ত মন্তব্য দুষাৰ এইটো কবিতাৰ মাজেদিয়ে সঠিক প্ৰমাণিত হয়৷ এনে একাধিক দুৰ্বলতাৰ হেতু হৈছে কবি বৰুৱাৰ মাত্ৰাধিক সচেতনতাযি সচেতনতাই তেওঁৰ কবিতাৰ সুখপাঠ্যতা নোহোৱা কৰে৷ ফলত তেওঁৰ কবিতাবোৰ চিত্তৰ নিৰ্যাস নহয়’ (ভট্টাচাৰ্য, পৃ. ৬৯) বুলি মন্তব্য কৰা হৈছে৷ 

অজিৎ বৰুৱাক এটা সময়ত অসমীয়া কবিতাৰ এছোৱা দীঘলীয়া সময়ৰ (১৯৪১-৭৩) আটাইতকৈ মননশীল কবি’ (দত্ত, গগৈ সম্পা. পৃ. ৮৩)বোলা হৈছিল৷ বিশেষকৈ এলিয়টৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মেধা আৰু পৰিশীলিত কাব্য-ভাষাৰে তেওঁ অসমীয়া আধুনিক কবিকুলৰ এজন অন্যতম শ্ৰেষ্ঠ কবিৰূপে নিজা পৰিচয় এটা প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু এইজন প্ৰতিভাৱান কবিৰ কবিতা সম্পৰ্কে এনে মন্তব্যও পোৱা গৈছে 

১৷ অজিৎ বৰুৱাৰ কবিতাৰ সামগ্ৰিক বিচাৰশেষত দৰ্শনৰ প্ৰসঙ্গটোও আহিব৷ এলিয়টৰ গভীৰ পৰ্যায়টোত অজিৎ বৰুৱাও সোমাব নোৱাৰিলে (বৰুৱা, ২০০২, পৃ. ১৪২)৷

২৷ (অজিৎ বৰুৱাই) নিজে নিজৰ আত্মগত ভাব-অনুভূতিৰ সত্যতা যাচাই কৰিবলৈ যাওঁতে কবিতা কেতিয়াবা শেষ হয় অশান্ত মীমাংসাহীন দ্বন্দ্বত৷ কেতিয়াবা সেই দ্বন্দ্বৰ প্ৰকাশত ভাহি থাকে পৰাজয় বা ব্যৰ্থতাৰ হুমুনিয়াহ৷ কেতিয়াবা মানৱ-জীৱনৰ নিয়তি বুলি নিৰুপায় আত্মসমৰ্পণ৷ আৰু নৰতনুৰ অধিকাৰীৰূপে  পাঠকৰ লগত আত্মীয়তা (গোহাঁই, দাস সম্পা. পৃ. ৪৪৬)৷

৩৷ ফৰাচী কবিতা আৰু এলিয়ট-উৎসাহী অসমীয়া কবি অজিৎ বৰুৱাৰ কবিতাত উৎসাহী গৱেষকে এলিয়ট আদি কবিৰ সৈতে মিল-অমিলৰ উপাদান বিচাৰিলে শব্দ, কথা, ব্যঞ্জনা, লয়ৰ মাজত সমল নি(য় পাব; কিন্তু বৰুৱাৰ সাম্প্ৰতিক কাব্য-সম্ভাৰত তেওঁৰ প্ৰিয় ফৰাচী কবি বা এলিয়টৰ কাব্যৰ নিচিনাকৈ জীৱন-যন্ত্ৰণা আৰু মৌলিক অতি-চিন্তনৰ পৰা পোৱা কৰুণ-কঠোৰ জীৱনদৃষ্টি সহজাত স্ব-বিৰোধৰ আততি-বিততিৰে সৈতে সম্পূৰ্ণকৈ মেল খোৱা যেন নালাগে৷ (ফুকন, বৰগোহাঞি সম্পা. পৃঃ ৩৫৮)।

এই তিনিটা মন্তব্যৰ প্ৰথম আৰু তৃতীয় মন্তব্য দুটা সমাৰ্থক, – এলিয়টৰ আদৰ্শ অনুসৰণ কৰিব খোজা অজিৎ বৰুৱাৰ চিন্তা-চেতনা এলিয়টৰ সমান গভীৰতালৈ যাবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ কাৰণ দাঙি ধৰিব পাৰি দ্বিতীয় মন্তব্যৰ আধাৰত : তেওঁৰ দৃষ্টিভংগী পাৰস্পৰিক বিপৰীতমুখী ভাৱনাৰ দ্বন্দ্বত অস্বচ্ছ৷ সেয়েহে এলিয়টৰ দাৰ্শনিকতাৰ যিটো গভীৰ স্তৰ, সেইটোৰ ওচৰলৈ যোৱাৰ প্ৰয়াস নকৰাকৈয়ে কেৱল আঙ্গিকৰ দিশটোৰে এলিয়টৰ কাব্যৰ আদৰ্শ অনুসৰণ কৰিবলৈ গৈ অজিৎ বৰুৱাই নিজা মৌলিক পৰিচয় নোহোৱা কৰি পেলাইছে৷ প্ৰসঙ্গক্ৰমে মন কৰিবলগীয়া যে অজিৎ বৰুৱাৰ কবিতা সম্পৰ্কে যিমানখিনি মূল্যায়নধৰ্মী আলোচনা দেখা যায় সকলোতে এলিয়ট আৰু ফৰাচী কবিতাৰ প্ৰসঙ্গ অৱশ্যম্ভাৱীৰূপে আহি পৰিছে৷ ইয়াৰ এটা তাৎপৰ্য হৈছে এয়ে যে, এলিয়ট আৰু ফৰাচী কবিতাৰ আদৰ্শতে কবি বৰুৱাৰ কাব্য-পৰিক্ৰমা আৰম্ভ হৈছে৷ কিন্তু অসমীয়া পাঠকৰ মানসিক ৰুচিবোধ নিয়ন্ত্ৰণ কৰিছে ইয়াৰ বোকা-পানীৰে ভৰা গ্ৰাম্য প্ৰকৃতিৰ সৰলতাই৷ তাত এলিয়টৰ আপাত বিশৃংখল কাব্য কৌশল কিমান দূৰ গ্ৰহণযোগ্য সেয়া সন্দেহাতীত নহয়৷ সমান্তৰালভাৱে ফৰাচী কবিতাৰ প্ৰতীকবাদী আদৰ্শকে ধৰি বিশুদ্ধ কাব্যৰআদৰ্শৰ তুলনাত অসমীয়া পাঠকৰ মনোজগতত বৈষ্ণৱ পৰম্পৰাৰ বিমূৰ্ত আদৰ্শ এটাহে স্থায়ী হৈ আছে৷ এতেকে অজিৎ বৰুৱাৰ কাব্য-চিন্তা আৰু অসমীয়া পাঠকৰ কাব্য-পাঠৰ ৰুচিবোধৰ মাজত এক বিস্তৰ ব্যৱধান ৰৈ গৈছে৷ এলিয়টৰ কবিতা বা ফৰাচী কবিতাতো আভ্যন্তৰীণ যুক্তি-শৃংখলা (objective correlative) আছে, কিন্তু অসমীয়া পাঠকৰ মনোবৃত্তিত আভ্যন্তৰীণ বিশ্বাসৰ শৃংখলা এটাহে আছে৷ এই বিশ্বাস গীতিময়৷ অজিৎ বৰুৱাৰ কবিতাত তেনে গীতিময় সংগীত-সূত্ৰডাল নাই৷ 

হীৰেন ভট্টাচাৰ্য আধুনিক অসমীয়া কবিকুলৰ মাজত সৰ্বাধিক জনপ্ৰিয় কবি৷ এইজন কবিৰ কবিতাৰ ভালেমান উল্লেখযোগ্য দিশ আছে৷ তথাপি এওঁৰ কবিতাৰ দুটা দিশৰ দুৰ্বলতাৰ কথা কোৱা হৈছে – ‘এটা হল ভাবৰ দিশ৷ আনটো হল ভাষাৰ দিশ৷এই দুয়োটা দিশৰ আলোচনাৰ প্ৰসঙ্গত এজন সমালোচকে কবিতাৰ উদ্ধৃতি দি দেখুৱাইছে

মননধৰ্মী জটিল চিন্তা-চৰ্চাৰ প্ৰতি এক ৰোমাণ্টিক বহেমিয়ান বৈৰাগ্যও এই দুৰ্বলতাৰ (কিছুমান জনপ্ৰিয়, সুলভ ছেণ্টিমেণ্ট্‌ আৰু ভাবৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতা) এটা কাৰণ বুলি হয়তো কব পাৰি৷

একেজন আলোচকেই একে ঠাইতে তেওঁৰ ভাষাৰ দিশটো সম্পৰ্কে কৈছে এনেকৈ

দালিৰ ভাঁজে ভাঁজে য অপাৰ বিস্ময়৷

আৱেগত ভাগি পৰে য শব্দৰ তন্ময়৷

বিস্ময় শব্দটোৰ কাৰণেই তন্ময়শব্দটো আহিল, কোনো অৰ্থগত প্ৰয়োজনত নহয়৷ ... এই ধৰণৰ দুৰ্বলতাবোৰ অধিক  সুক্ষ্ম ৰূপত  ভট্টাচাৰ্যৰ সাম্প্ৰতিক কালৰ ভালেমান কবিতাতো আছে (বৰুৱা, ২০০২, পৃ. ২৮৪-৮৮)৷

হীৰেন ভট্টাচাৰ্যৰ দুই-তিনি চৰণৰ একোটা স্তৱকতে সম্পূৰ্ণ বহুতো কবিতা আছে৷ এনে কবিতাবোৰৰ মূল্যায়ন কৰি হীৰেন গোহাঁয়ে দিয়া মন্তব্য এনে ধৰণৰ

ভট্টাচাৰ্যই যদিও উৰ্দু কবিতাৰপৰা কেতবোৰ কৌশল শিকিছে, তাৰ প্ৰভাৱে তেওঁৰ প্ৰতিভাৰ বাবে কিছু বিপদো সৃষ্টি নকৰাকৈ থকা নাই৷ তিৰ্যক সংগীত বা তাকৰীয়া শব্দৰ ঘনীভূত (কেতিয়াবা সাঁথৰ যেন লগা) বিন্যাসত তেওঁ ৰোমাণ্টিক প্ৰেম-বিৰহৰ নানা ভাব অসমীয়া সাহিত্যত দুৰ্লভ নৈপুণ্যৰে প্ৰকাশ কৰিছিল৷ কিন্তু ক্ৰমে সেই অভ্যাসটোৱে তেওঁৰ কিছুমান কবিতালৈ আনি দিছিল পেশীহীন মাধুৰ্য আৰু চতুৰ চপলতা৷ ...এইবোৰ কবিতাৰ আৰু এক ত্ৰুটি হৈছে উৰ্দু কবিতাসুলভ এবিধ ভাবপ্ৰৱণ আত্মকৰুণা (self pity)৷ ...কিন্তু আজিৰ কবিতাত তাৰ উপস্থিতি কিছু অস্বস্তিকৰ হোৱাৰ উপৰি কবিৰ সহাঁৰি তথা চেতনাত সি অলপ ভেজাল আনি দিয়ে৷ ভাবপ্ৰৱণতাই কল্পনাৰ বস্তুনিষ্ঠতা আৰু তন্ময়তাত বাধা দিয়ে (গোহাঁই, দাস সম্পা. পৃ. ৪৫৬)৷

উপৰিউক্ত দুয়োজন সমালোচকৰ মন্তব্যত প্ৰায় একে ধৰণৰ দুৰ্বলতাই চিহ্নিত হৈছে৷ বহু আলোচকে হীৰেন ভট্টাচাৰ্যৰ মিতভাষণ আৰু নিৰ্বাচিত শব্দৰ সুন্দৰ বিন্যাসক ৰোমান্তিকতামূলক বুলি কৈছে৷ কিন্তু মনত ৰাখিব লাগিব যে তেওঁৰ শব্দচয়নত ভাবাৱেগৰ নিয়ন্ত্ৰণ নাথাকে৷ কম শব্দৰ ব্যৱহাৰ আৰু আবেগ সংযত কৰা দুয়োটা একে কথা নহয়৷ একে সময়তে এই কথাও মন কৰিবলগীয়া যে এই কম শব্দ ব্যৱহাৰ কৰা মিতভাষী কবিজনে উপৰিউক্ত উদাহৰণৰ দৰে ভাবৰ দাবী নোহোৱাকৈও শব্দৰ ব্যৱহাৰ কৰেযি চৰাচলতে কাব্য-ভাৱ বা কাব্য-শৰীৰৰ বাবে প্ৰয়োজনীয় নহয়৷ একে সময়তে আৰু এষাৰ কথা নথিভুক্ত হৈছে এনেকৈ যে প্ৰথমৰ ফালৰ কবিতাৰ তুলনাত শেষৰ ফালৰ কবিতাত তেওঁ ব্যৱহাৰ কৰা শব্দৰ ৰূপকাৰ্থ বেছি প্ৰবল, কবিৰ নৈপুণ্য আৰু ভাষাৰ ওপৰত দখল আগতকৈও যেন চমকপ্ৰদ, কিন্তু ভাবৰ পিনৰপৰা কবি আগতকৈ বেছি আগবাঢ়িব পৰা নাই  (পৃ. ৪৬১)৷ এনে একাধিক দিশ পৰ্যালোচনা কৰি কব পাৰি যে এটা যুগৰ কবিতাৰ সৰ্বশ্ৰেষ্ঠ কবি হব পৰাকৈ হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিৱৰ্তন আৰু উন্নতি চকুত নপৰে৷ 

এই সময়ছোৱাত এগৰাকী উল্লেখযোগ্য কবি নিৰ্মলপ্ৰভা বৰদলৈ৷ আলোচ্যমান যুগটোৰ কবিসকলৰ মাজত তেঁৱেই বাকীসকলৰ লগত খোজ মিলাই কাব্য চৰ্চা কৰা অকলশৰে মহিলা কবি৷ কবিতাৰ ৰচক পুৰুষ নে মহিলা সেয়া লক্ষ্য কৰাটো নিষ্প্ৰয়োজন যদিও এই কথা উল্লেখ কৰাৰ প্ৰাসঙ্গিকতা আছে৷ মহিলা বুলিয়ে উপেক্ষা কৰাৰ প্ৰৱণতা এটা অসমৰ সমালোচকসকলৰ আছে (দত্ত, কবিতা ২, পৃ. ৬০) বুলি মাজে সময়ে অভিযোগ উঠে৷ নাৰীবাদী মনোভংগীৰ প্ৰসাৰেও এনে অভিযোগৰ  সুযোগ সৃষ্টি কৰে, কাৰণ অসমীয়া সমালোচকসকলৰ সৰহ সংখ্যকেই পুৰুষ৷ পিছে নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সম্পৰ্কত এই সময়ছোৱাৰ প্ৰায় আটাইসকল সমালোচকৰ বিচাৰ উৎসাহব্যঞ্জক৷ সাধাৰণতে যিকোনো কবিৰ কবিতাৰ ভাল-বেয়া দুয়োটা দিশৰ কথা ব্যক্ত কৰা সমালোচকেও তেওঁৰ কবিতাক উচ্চৈস্বৰে প্ৰশংসা কৰিছে (বৰুৱা, ২০০২, পৃ. ২২৯-৫৮)৷ গতিকে মহিলা কবি হোৱা বাবেই  তেওঁৰ কবিতা উপেক্ষিত হোৱাৰ বা সমালোচকৰ দৃষ্টিত অনুজ্জ্বল হোৱাৰ আশংকা নাই৷ কিন্তু সমালোচকে তেওঁৰ কবিতাৰ প্ৰশংসা কৰাৰ লগতে দুৰ্বল দিশৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰিছে৷ যেনে  

১৷ এওঁ (নিৰ্মলপ্ৰভা বৰদলৈ) নিজা শৈলী এটাৰ অধিকাৰী৷ বৰদলৈৰ কবিতাত সাহসী আৰু প্ৰতিবাদী কণ্ঠস্বৰ নোহোৱা নহয়, কিন্তু মূল সুৰটো যন্ত্ৰণাবোধৰহে৷ আংগিকৰ মায়াৰ পৰা এওঁ সম্পূৰ্ণ মুক্ত নহয় (ভট্টাচাৰ্য, পৃ. ৯৬)৷

২৷ এই কবিগৰাকী (নিৰ্মলপ্ৰভা বৰদলৈ)-ৰ কাব্য-সাধনা জীৱনদৃষ্টিৰ পূৰ্ণ, অধিক স্পষ্ট আৰু উজ্জ্বলতৰ বিকাশৰ প্ৰতীক্ষাত (ফুকন, বৰগোহাঞি সম্পা., পৃ. ৩৬৭)।

এই মন্তব্য কেইষাৰে কবিতাত থাকিবলগীয়া কিবা এটা নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ মাজত নাই নাই ভাবৰ উমান দিয়ে৷ এজন আলোচকে তেওঁৰ কবিতাত সৰ্বত্ৰ এটা আকুলতা বিদ্যমান বুলি বিশ্লেষণ কৰি দেখুৱাইছে৷ আকুলতা বোলোঁতেই অৱধাৰিতভাৱে ভাৱপ্ৰৱণতাৰ কথা আহি পৰে৷ ব্যক্তিত্ব শক্তিশালী নহলে কবি এগৰাকীয়ে কবিতাত ব্যক্তিগত ভাবপ্ৰৱণতা অথবা আৱেগ প্ৰকাশৰপৰা নিজকে বিৰত কৰিব নোৱাৰে৷ নিৰ্মলপ্ৰভা বৰদলৈও এইক্ষেত্ৰত সবল ব্যক্তিত্বৰ কবি বুলি চিহ্নিত নহয়৷ তেওঁৰ কবি-জীৱনৰ দুটা সময়ৰ দুটা কবিতা লক্ষ্য কৰিলে তেওঁৰ কাব্য-পৰিক্ৰমাত আকুলতাৰ ভূমিকা সম্পৰ্কে এটা সম্যক ধাৰণা কৰিব পৰা যাব৷ কবিতা দুটা হ

(১) মৰম এক             

প্ৰকাশৰ খেলা৷                    

মুখেৰে নকবা :                 

প্ৰেমত পৰিছোঁ৷                 

দেখুৱাবা :               

কেনেকৈ৷   (মৰম)       

 

২) আঁচল পাতি পাতি

সকলোবোৰ ললোঁ

তিতা, টেঙা

কেঁহা, কাঁইটীয়া

ফুলবোৰ

এবেলাতে শুকাই যোৱা ফুলবোৰ

ভৰত 

চাদৰখনেই উঁৱলি গ

ত থওঁ

এতিয়া

এইবোৰ??

(আঁচল পাতি পাতি)

দুয়োটা কবিতা তেওঁৰ কবি-জীৱনৰ ক্ৰমে আৰম্ভণি আৰু শেষৰ পৰ্যায়ৰ৷ কিন্তু দুয়োটাতে একেই ভাবাৱেগ, একেই শব্দচয়ন আৰু একেই সংগীত প্ৰচ্ছন্ন হৈ আছে৷ যদি কবিতাক ব্যক্তিত্বৰপৰা পৰিত্ৰাণৰ প্ৰয়াস বুলি মানি লোৱা হয় তেনেহলে এনে ভাবৰ আতিশয্য ভাল কবিতাৰ লক্ষণ হব নোৱাৰে৷ কাৰণ, মানুহৰ ভাৱাবেগ বহুদূৰ পাৰিপাশ্বিৰ্কতাৰ ওপৰত নিৰ্ভৰশীল৷ সেয়ে বাহ্যিক বস্তু-জগতখনৰ পৰিৱৰ্তনে মানুহৰ ভাবনা-জগতখনো সলনি কৰি থাকে৷ গতিকে সাহিত্যত ভাবপ্ৰৱণতাৰ প্ৰকাশ যিমানে কমাব পাৰি বা পৰোক্ষ কৰিব পাৰি সিমানে সেই সাহিত্যৰ গ্ৰহণযোগ্যতাৰ কালসীমা বিস্তৃত হয়৷ অন্যথা একোটা বিশেষ যুগৰ পাঠকৰ কাৰণেহে সেই সাহিত্য আৱেদনপূৰ্ণ হয়৷ উপৰিউক্ত পাঁচোগৰাকী কবিৰ ভিতৰত নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আৰু নিৰ্মলপ্ৰভা বৰদলৈ এনে ভাবাতিশয্যৰপৰা মুক্ত হব পৰা নাই৷ এওঁলোকৰ ভাবাৱেগ আন্তৰিক, গীতিধৰ্মী ৰূপত প্ৰকাশ পায়৷ আনহাতে অজিৎ বৰুৱা আৰু ভবেন বৰুৱাৰ কবিতাত ভাবাবেগৰ প্ৰকাশ পাণ্ডিত্যধৰ্মী৷ সেয়েহে দুয়োজনৰে কবিতা বহুদূৰ কৃত্ৰিম আৰু অসমীয়া কাব্য-ঐতিহ্যত জীণ নোযোৱা ধৰণৰ৷ একে কাৰণতে তেওঁলোক দুজনৰ কবিতাত মইটোৰ প্ৰকাশ অহংধৰ্মী৷ গীতিধৰ্মী আৰু হৃদয়ৰ আকুলতাৰে সিক্তই হওক বা পাণ্ডিত্যসুলভ নিৰ্বাচনধৰ্মী অৰ্থাৎ কৃত্ৰিমেই হওক, দুয়ো ধৰণৰ প্ৰকাশতে ব্যক্তিত্বৰ প্ৰকাশহে লক্ষ্যণীয়, পৰিত্ৰাণৰ চেষ্টা নহয়৷ 

এই আটাইকেইজন কবিৰ লগতে উচ্ছাৰিত হোৱা আনজন কবি নীলমণি ফুকন৷ কবি-জীৱনৰ আৰম্ভণিৰেপৰা এইজন কবিয়ে বিভিন্ন প্ৰতিকূলতাৰ সৈতে দ্বন্দ্বত অৱতীৰ্ণ হৈ আহিছে৷ এই দ্বন্দ্ব দুটা পৰ্যায়ত দেখা যায় – (১) ব্যাহিক আৰু (২) আভ্যন্তৰীণ ৷

ব্যাহিক দ্বন্দ্বৰ বেলিকা লক্ষ্যণীয়ভাৱে কবি ফুকনে তেওঁৰ কবি-জীৱনৰ প্ৰথম ভাগৰেপৰা কিছু সংখ্যক সমালোচকৰ কটু সমালোচনাৰ সম্মুখীন হবলগীয়া হৈছে৷ এনে সমালোচনা বহু সময়ত আক্ৰমণৰ পৰ্যায় পোৱাও দেখা যায়৷ এনে সমালোচনাৰ এটা নমুনা দাঙি ধৰিলে তাৰ প্ৰাবল্যৰ প্ৰমাণ ফুটি উঠিব

এটা কথা ফট্‌ফটীয়া যে নীলমণি ফুকনৰ কবিমানসত প্ৰকৃত কাব্য-সাধনাৰ বাবে ঠাই নাই, কবিতা ৰচনা তেওঁৰ মানত সাহিত্য-উদ্যোগ (literary industry); আপোন ভাষাৰ আৰু দেশ-বিদেশৰ সৰু বৰ অনেক কবিৰ ৰচনাৰ চান্‌ কাঢ়ি তেওঁ কবিতাৰ নামত পদ্য লেখতেই  [যথা] সন্তুষ্ট৷ কবিতাৰ বহিঃপ্ৰকৃতিতেই তেওঁ মুগ্ধ৷ কবিতাৰ অন্তঃমহললৈ সোমোৱাৰ চেষ্টা বা সাধনা তেওঁৰ নাই৷  ... নীলমণি ফুকনৰ সম্পৰ্কত প্ৰয়োজনীয় কথা এই যে তেওঁ ছন্দ সম্বন্ধে যথেষ্ট পৰীক্ষা-নিৰীক্ষা নকৰাকৈ আন কবিৰপৰা পোৱা ধৰা-বন্ধা ফৰ্মুলাতকবিতা লেখিবলৈ [যথা] লৈছিল৷ তেওঁ গদ্য-ছন্দৰ (বুৰঞ্জীকবিতাৰ গদ্য-ছন্দকো ধৰি) সোপাঢিলা দুৰ্বল অৱস্থাৰ ইও এটা কাৰণ (বৰুৱা, গগৈ সম্পা., পৃ. ৯৯-১০০)৷

এনে আক্ৰমণাত্মক সমালোচনা কবি ফুকনে তেওঁৰ অন্তিমখন কবিতা পুথি প্ৰকাশ কৰাৰ পাছতো শুনিছে (ফুকন, কথা গুৱাহাটী)৷  পিছে মন কৰিবলগীয়া যে আাৰম্ভণিতে কেইজনমান আলোচকে তেওঁৰ কাব্যিক সম্ভাৱনাৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছিল আৰু তেওঁ সেই সময়ত লিখা কবিতাৰ দুৰ্বলতাবোৰ আঙুলিয়াই দিছিল  (গোহাঁই সম্পা. পৃ. ১৯৫-৯৬)৷ সেই উৎসাহ-নিৰুৎসাহৰ মাজেৰেই কাব্য-চৰ্চা কৰি ফুকনে ১৯৭১ চনত প্ৰকাশ কৰা সূৰ্যমুখী নামৰ চতুৰ্থখন কাব্য-গ্ৰন্থৰ বাবে সংলাপৰ সন্মানলাভ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত বিদেশী কবিৰ কবিতা নকল কৰাৰ অভিযোগ উত্থাপিত হৈছিল (গোহাঁই, দাস সম্পা. পৃ. ৪৫০; ফুকন, গোহাঁই সম্পা. পৃ. ১৯৫-৯৬)৷ এনে প্ৰতিকূল পৰিস্থিতি সাহসেৰে অতিক্ৰম কৰিবলৈ সক্ষম হোৱা কবি ফুকনৰ এইবোৰ কাৰণতে কাব্য-চৰ্চা পূৰ্বতকৈ গম্ভীৰ হৈছিল৷ সেয়েহে তেওঁৰ পঞ্চমখন কবিতা পুথিৰ কবিতাসমূহত চতুৰ্থখন পুথিৰ কবিতাবোৰে আহৰণ নকৰা এটা আপাত সৰল ভাষা-ৰীতি আৰু ৰূপ-নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বতকৈ সংযত এটা প্ৰয়াস লক্ষ্য কৰা যায়৷ ষষ্ঠখন পুথিৰ কবিতাসমূহে তেওঁৰ পঞ্চম পুথিত আৰম্ভ হোৱা বিশেষত্ববোৰ অধিক গভীৰ আৰু তাৎপৰ্যপূৰ্ণ হোৱাৰ প্ৰমাণ দাঙি ধৰে৷ পঞ্চমখন পুথিৰ কবিতাত ঘাইকৈ তেওঁৰ পূৰ্বৰ প্ৰকৃতি-দৃষ্টি সলনি হয়৷ পূৰ্বতে তেওঁ আছিল ৰোমান্তিকসকলৰ দৰে প্ৰকৃতিৰ মাজত বিস্ময় লক্ষ্য কৰা কবি৷ কবিতা নামৰ ষষ্ঠ পুথিখনৰ কবিতাত তেওঁৰ সেই বিশেষত্বৰ উত্তৰণ ঘটি সি বিশুদ্ধ প্ৰকৃতি-চেতনালৈ পৰিৱৰ্তিত হৈছে৷ কাঁইট আৰু গোলাপ আৰু কাঁইট গ্ৰন্থৰ কবিতাতে তেওঁৰ ব্যক্তিত্বৰ এইটো দিশ মুকুলিত হৈছিল৷ আনহাতে, প্ৰথম পাঁচখন কবিতা পুথিৰ কবিতাৰ মাজত তেওঁৰ যি আত্মমগ্নতা বা আত্মকেন্দ্ৰিকতা, সিও কবিতাৰ সময়ৰপৰা আঁতৰিবলৈ আৰম্ভ কৰে৷ অৱশ্যে একেবাৰে শেহৰ কবিতাটোলৈকে নীলমণি ফুকনৰ আত্মমগ্নতা অব্যাহত আছে৷ কিন্তু তাৰ চৰিত্ৰ সলনি হৈছে৷ প্ৰথমাৱস্থাত সি আছিল কাৰণহীন, ৰোমান্তিক৷ সেয়া ঝঞ্ঝামত্ত অৰণ্যতনিজকে সংগীহাৰা পখীবুলি অনুভৱ কৰাতে প্ৰমাণিত৷ পাছত কিন্তু তেওঁ আত্মমগ্নতাৰ এটা কাৰণ আৱিষ্কাৰ কৰিছে৷ প্ৰথম তিনিখন পুথিৰ কবিতাবোৰত চিত্ৰকল্পৰ স্বাৰ্থত চিত্ৰকল্প নিৰ্মাণ কৰা, ফৰাচী প্ৰতীকবাদী আদৰ্শৰে ব্যক্তিগত প্ৰতীক ব্যৱহাৰ কৰা আৰু ৰোমান্তিক উত্তৰাধিকাৰ-সূত্ৰে পোৱা ভাবপ্ৰৱণতাৰ দ্বন্দ্বত তেওঁৰ কবিতা বহু পৰিমাণে হৈ পৰিছিল অস্বচ্ছ ভাবনাৰ কবিতা; যদিও তেওঁ একাধিক শ্ৰেষ্ঠ কবিতা সেইটো পৰ্যায়তে লিখিছিল৷ কিন্তু চতুৰ্থখন কবিতাপুথিৰ সময়ৰপৰা তেওঁ প্ৰতীকবাদ-চিত্ৰকল্পবাদৰ সীমাৰ বাহিৰলৈ ওলাই আহি এটা নিজা কাব্য-দৃষ্টি স্পষ্ট কৰি দেখুৱাবলৈ যত্নপৰ হৈছে৷ এইটো পৰ্যায়ত তেওঁ বহুদূৰ প্ৰতীতিবাদ, অভিব্যক্তিবাদ আৰু অধিবাস্তৱবাদী দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈছে৷ আত্মকেন্দ্ৰিক বিষাদবোধৰ বাবেই নতুন কবিতাৰ সম্পাদক মহেন্দ্ৰ বৰাই তেওঁক নিৰ্জনাতীতৰ কবিআখ্যা দিলেও পৰৱৰ্তী সময়ত তেওঁ নিজৰ বিষাদবোধৰ উৎস বিচাৰি পাইছেগৈ সমকাল-চেতনাৰ পৰিপ্ৰেক্ষাত৷ একে সময়তে ঐতিহ্য-চেতনাও তেওঁৰ মনত বিশুদ্ধ ৰূপত গা কৰি উঠিবলৈ আৰম্ভ কৰিছে৷ প্ৰথমে তেওঁৰ কবিতাৰ ভাষাটো আছিল কৃত্ৰিম আৰু ঘাইকৈ সংস্কৃত-মূলীয় সুশ্ৰুত শব্দৰে ভৰা৷  চতুৰ্থ গ্ৰন্থৰ কবিতাবোৰ ৰচনাৰ সময়ৰপৰাই তেওঁ কবিতাত জতুৱা অসমীয়া শব্দ ব্যৱহাৰত অধিক দক্ষতা দেখুৱাবলৈ লয়৷ প্ৰথম অৱস্থাত শুনি ভাল লগা ধৰণৰ সংস্কৃতীয়া শব্দৰ প্ৰচুৰ ব্যৱহাৰে তেওঁৰ কবিতাক সমসাময়িক বাকীসকল কবিৰ প্ৰকাশভংগীতকৈ পৃথক কৰি দেখুৱাইছিল ৷ সেই স্তৰৰ ভাষাত তেওঁ অচিনাকী আৰু চমকধৰ্মী প্ৰতীক ব্যৱহাৰ কৰাৰ দৰে চমৎকাৰী বিদেশী শব্দ শব্দ কিছুমান ব্যৱহাৰ কৰিও চমক (gimmick) সৃষ্টি কৰিব খোজা গুণ দেখা যায়৷ এনে কিছুমান প্ৰয়োগ মেমথ, মেমেল, ওক, গিংগ, ঝ্যঁ ফল্যাঁ (ফৰাচী কবি Jean Follain, ১৯০৩১৯৭১), অ্যালবাষ্টাৰ, ফ্লেমিংগো, আলবাট্ৰছ আদি৷ কিন্তু চতুৰ্থখন গ্ৰন্থৰ কবিতাবোৰ ৰচনাৰ সময়ৰপৰাই তেওঁ তেনে চমক দিয়াৰ লোভ সম্বৰণ কৰিবলৈ সক্ষম হয়গৈ৷ ফলস্বৰূপে তেওঁৰ কাব্য-ভাষা হলগৈ তেনেই সৰল আৰু পূৰ্বতকৈ ভাবঘন৷ প্ৰথমাৱস্থাত তেওঁৰ ভাষা আছিল জোৰকৈ গীতিধৰ্মী কৰিব খোজা, শুৱলা শব্দৰ ভাষা৷ পাছৰ পৰ্যায়ত তেওঁ গুৰুত্ব দিলে অৰ্থ-তাৎপৰ্যই  সৃষ্টি কৰা গীতিধৰ্মৰ ওপৰত৷ তাৰ বিপৰীত শব্দগত অলংকাৰৰ দিশত তেওঁ ব্যৱহাৰ কৰিলে দ্বন্দ্বাত্মক (dialictal) শব্দবিন্যাস৷ গতিকে পূৰ্বকালত তেওঁৰ কবিমন নিয়ন্ত্ৰণ কৰা ৰোমান্তিক আতিশয্যৰপৰা এই অৱস্থাত তেওঁ মুক্ত হবলৈ সক্ষম হয়৷ সপ্তমখন পুথি নৃত্যৰতা পৃথিৱীৰ কবিতাবোৰত তেওঁৰ ভাষা আপাত দ্বন্দ্বাত্মক অথচ অধিক সহজ আৰু বিষয়ানুগত হৈ উঠিছে৷ তেওঁৰ শেষ কাব্যগ্ৰন্থ অলপত সংকলিত কবিতাবোৰ ৰচনাৰ সময়লৈ তেওঁ হৈ পৰিছে সকলো প্ৰলোভনৰপৰা মুক্ত; ভাব-ভাষা আদি কেউটা উপাদান আয়াসসিদ্ধ আৰু আপাত সৰল হৈ উঠিছে৷ 

   এই কথাখিনিৰ সত্যতা পৰীক্ষা কৰি চাব পাৰি তেওঁৰ কবি-জীৱনৰ তিনিটা স্তৰৰ তিনিটা কবিতাৰ ভাবনা, আৱেগ আৰু ভাষাৰ দিশৰপৰা

শেৱালি ফুলৰ গন্ধে গন্ধে গৈ  আছিলোঁ৷

গন্ধে গন্ধে উটি আহিছিল

হৃদয়ৰ উত্তাপত বাষ্প হৈ উৰি যোৱা

গেৰি ধৰা শস্যৰ ৰস৷ 

 

গছৰ ওপৰত তথাপিও গছ আছিল,

বাটৰ ওপৰত মহাকাশৰ পথ,

চকুৰ ওপৰত চকুৰ গ্ৰীষ্মৰ চোঁৱৰ

হাতৰ ওপৰত হাতৰ নিঃসঙ্গ খড়্‌গ৷

 

যদিও মোৰ আঙুলিৰ আঙঠিত ভূটীয়া বাখৰত

নৃশংস হল নিজৰে মুখৰ ছবি,

পূজাৰ বেলুনত যদিও বন্ধ হল আহিনৰ হাওৱা [যথা]

অ্যালবাষ্টাৰত [যথা] সেয়া আমাৰ ৰাতি৷  

                        (আহিন, নিৰ্জনতাৰ শব্দ)

গেঁৰি ধৰা শস্য, শেৱালি ফুলৰ গন্ধ আদিয়ে এই কবিতাটোৰ নামবাচক শব্দটো তাৎপৰ্যপূৰ্ণ কৰি তুলিব খুজিলেও মহাকাশৰ পথ, গীষ্মৰ চোঁৱৰ, নিঃসঙ্গ খড়্‌গ আদিয়ে কবিতাটোত পাঠকৰ বাবে অসুবিধাজনক কৰি তুলিছে৷ তদুপৰি গন্ধ, বাষ্প, গ্ৰীষ্ম, নৃশংস আদি তৎসম শব্দৰ লগত হাওৱা (হাৱা : বতাহ), অ্যালবাষ্টাৰ (এলাবাষ্টাৰ : এবিধ অলংকাৰ গঢ়াত ব্যৱহাৰ কৰা বগা বৰণৰ শিল) আদিয়ে কিছুদূৰ বিৰোধিতাও কৰিছে৷ সৰ্বোপৰি, বাংলা ভাষাৰ উচ্ছাৰণ আৰু লিখন-পদ্ধতিৰে এলাবাষ্টাৰ শব্দটো অ্যালবাষ্টাৰ ৰূপে লিখা বাবে শব্দটো ৰহস্যজনক হৈ পৰিছে৷ ফুকনৰ কবি-জীৱনৰ দ্বিতীয়খন গ্ৰন্থত সন্নিৱিষ্ট এই কবিতাত কবিৰ কাব্যিক অভিজ্ঞতাৰ প্ৰকাশৰ তাড়নাক তল পেলাইছে এই শব্দটোৰ ব্যৱহাৰৰ চমকে৷ এই কবিতাটোৰ ভাবনা, গাঁথনি, শব্দ-নিৰ্বাচন আদি সকলো দিশতে কবিয়ে নিজৰ স্পষ্ট উদ্দেশ্য আৰু লক্ষ্যৰ পৰিচয় দিব পৰা নাই৷ আনহাতে,

উৰি যোৱা প্ৰতিটো হালধীয়া চৰায়েই এতিয়া

বোবা শিশুটোৰ মাত

আৰু তোমাৰ তিতা চুলিকোচাৰ [যথা] আগেৰে মই

টোপ্‌টোপ্‌কৈ পৰোঁ

তেওঁলোকৰ মুখৰ দিকছৌ হাঁ-ৰ ভিতৰত

আৰু নিৰ্নিমেষ নিৰ্জনতাৰ তাপ হওঁ তিতা হওঁ

তাপ হওঁ

   (১৫ নং কবিতা, কাঁইট আৰু গোলাপ আৰু কাঁইট)

এইটো কবি ফুকনৰ দ্বিতীয় পৰ্যায়ৰ কবিতা৷ ইয়াত কবিৰ ভাষাই এটা সৰল জতুৱা বিশেষত্ব আহৰণ কৰিছে৷ পূৰ্বৰ দৰে ভাবৰ খেলিমেলিও ইয়াত নাই৷ নিষ্ঠুৰ সময়ৰ প্ৰেক্ষাপটত সংবেদনশীল ব্যক্তি এজনৰ মানসিক দোদুল্যমানতা আৰু নিঃসঙ্গতা ইয়াত পূৰ্বতকৈ সংযত ৰূপত প্ৰকাশ হৈছে৷ কবিতাৰ ভাষাও ইয়াত ক্ৰমে দ্বন্দ্বাত্মক হৈ উঠিছে৷ কিন্তু ইয়াত কবিজনৰ ভাবাৱেগ পূৰ্বৰ তুলনাত কমিলেও সি আৰু সংযত হোৱাৰ সম্ভাৱনাও ৰাখিছে৷ তেওঁৰ পৰৱৰ্তী স্তৰৰ কবিতাত দেখা বিশেষত্ব কিছু পৃথক ধৰণৰ

পূৰ্ণিমাৰ জোনাক

চন্দ্ৰমল্লিকা ফুলবোৰৰ মুখত

 

জাগৰুক আনন্দিত সেই প্ৰাজ্ঞ

সমুখত

তিতিক্ষু  কাৰুণিক

 

যেন সকলো শুনিলোঁ

যেন সকলো দেখিলোঁ

যেন সকলো জানিলোঁ

 

দেহ নাও সিঁচি দিওঁ

সিঞ্চ ... ইমং নাৱং সিত্তা

 

চন্দ্ৰমল্লিকা ফুলবোৰৰ মুখত

অনন্ত সেই স্তব্ধ মনৰ     

সুগন্ধি শুভ্ৰতা 

                   (২৩ নং কবিতা, কবিতা)

এই কবিতাত কবি ফুকনৰ প্ৰকৃতি-চেতনা, ঐতিহ্য-ভাৱনা, প্ৰেম-ভাৱনা, বিষাদময়তা, আত্মমগ্নতা আদিৰ এক প্ৰকাৰ সংশ্লেষণ হৈছে৷ ভাষাৰ দিশত দেখা গৈছে যে ইয়াত সংস্কৃতমূলীয় বা জতুৱা ভাষা বুলি কোনো শব্দৰ নিজা পৰিচয় নোহোৱা হৈছে৷ কবিতাটোৰ ভাবশক্তিয়ে কৰা দাবী অনুসৰি তৎসম, তদ্ভৱ-জতুৱা অসমীয়া সকলো শব্দ আহি স্বস্থানত অৱতীৰ্ণ হৈছে৷ আচলতে কবিৰ দৃষ্টিভংগীৰ সুস্থতা আৰু উদ্দেশ্যৰ স্পষ্টতাৰ ফলতে এনে পৃথক ঐতিহ্যৰ শব্দপুঞ্জই পাৰস্পৰিকভাৱে কোনো বিৰোধ নোহোৱাকৈ কাব্য-ভাবৰ প্ৰকাশৰ স্বাৰ্থত এই কবিতাত সহাৱস্থান কৰিবহি পাৰিছে৷ সৰ্বোপৰি ধম্মপদভিক্‌খুবগ্‌গৰ অংশবিশেষ পালি ভাষাতে কবিতাটোৰ অংশ হিচাপে স্থাপিত হোৱা সত্তেও কবিতাটোৰ সৌন্দৰ্য কিম্বা আৱেদন কোনো প্ৰকাৰে হানি হোৱা নাই৷ 

কবিতাৰ ভাব আৰু ভাষাৰ এনে বিৱৰ্তন নীলমণি ফুকনৰ সময়ৰ আন কোনো অসমীয়া কবিৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়৷ তথাপি তেওঁৰ কবিতাত মৌলিকতাৰ অভাৱ’ (উদ্ধৃত, খাটনিয়াৰ, ঠাকুৰ  সম্পা. পৃ. ৯৪), তেওঁ এটাও গদ্য কবিতা লিখিব নোৱৰা’ (বৰুৱা, কথা গুৱাহাটী) বুলি ২০০৫ চনলৈকে অভিযোগ দেখা যায়৷ মৌলিকতাৰ দিশত কবি ফুকনে ইতিমধ্যে সুদীৰ্ঘ দিনৰ সাধনাৰে নিজৰ যোগ্যতা প্ৰতিষ্ঠা কৰিছে৷ কেৱল এজন সমালোচকে প্ৰথম অৱস্থাত কোৱা আন কবিৰ কবিতাৰ চান্‌ কাঢ়ি কবিতাৰ নামত পদ্যলিখা নীলমণি ফুকনৰ কাব্যৰ দোষ বা দুৰ্বলতা আন কোনো সমালোচকৰ চকুত পৰা নাই৷ এই প্ৰসঙ্গত এষাৰ কথা সাধাৰণভাৱে সকলোৱে স্বীকাৰ কৰে যে,

মৌ মাখিৰ দৰেই কবি সকলে [যথা : কবিসকলো] স্বাধীন পৰ্যটক৷ তেওঁলোকে দেশে দেশে পৰিভ্ৰমণ কৰি বিভিন্ন উৎসৰ পৰা বুটলি আনে বিভিন্ন বিষয়বস্তু আৰু কলা-কৌশল৷ আপোন প্ৰতিভাৰে সেই বিষয়বস্তুক নতুন ৰূপ দি ঐশ্বৰ্যশালী কৰি কবিতাৰ বাহ সাজে৷ নিকৃষ্ট বস্তুক বা ধাৰ কৰি অনা বস্তুক উৎকৃষ্ট ৰূপ দিব পৰীক্ষা ক্ষমতাৰ নামেই প্ৰতিভা আৰু তাতেই প্ৰকাশ হয় মৌলিকতা (বৰা, পৃ. ৫২)৷ 

কবি ফুকনে নিজকে বহুবাৰ প্ৰভাৱ চিকাৰীৰ খপ্পৰত পৰা মানুহবুলি কৈছে৷ তেওঁ লগতে কৈছে যে দেশী-বিদেশী পূৰ্বসূৰী কবিৰ কবিতাৰ প্ৰেৰণামূলক প্ৰভাৱৰ ফলতহে পৰম্পৰাৰ লগত এজন কবি সম্পৰ্কিত হয়৷ কোনো সাৰ্থক কবিয়েই পৰম্পৰা-বিচ্ছিন্ন নিঃসংগ জগতৰ বাসিন্দা হব নোৱাৰে৷ তেনেহলে কবিজনে কবিতা লিখিবও নোৱাৰিব৷ কাৰণ, পৰম্পৰা-বিচ্ছিন্ন হলে জাগতিক অভিজ্ঞতা তেওঁ যিদৰে আহৰণ নকৰিব সেইদৰেই সেই অভিজ্ঞতাৰ প্ৰকাশ কৰিবলৈও তেওঁ নিবিচাৰিব৷ 

যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ জগতত নীলমণি ফুকনৰ কিছু একক বৈশিষ্ট্য আছে৷ ইতিমধ্যে আলোচিত তেওঁৰ কাব্য-দৃষ্টিৰ উত্তৰণৰ দিশটোৰ লগতে মন কৰিবলগীয়া বিশেষত্ব হৈছে আত্মপ্ৰকাশৰ সময়তে তেওঁৰ বাক্‌ভংগী আছিল সমসাময়িকসকলতকৈ পৃথক, ভাবনাও আছিল সকলোৰে মাজতে থাকিও আঁতৰি থকাৰ দৰে৷ সম্ভৱতঃ এই দিশটো বিৱেচনা কৰিয়েই নতুন কবিতাৰ সম্পাদক মহেন্দ্ৰ বৰাই তেওঁক নিৰ্জনাতীতৰ কবিআখ্যা দিছিল৷ পৰৱৰ্তী সময়ত তেওঁৰ আত্মকেন্দ্ৰিকতা আৰু আত্মনিগ্ৰহশীল চেতনা সমাজবোধ আৰু ঐতিহ্য-চেতনাৰে প্ৰক্ষালিত হয় আৰু তেতিয়াৰপৰাই তেওঁৰ কাব্যদৃষ্টি সমাজমুখী হয়৷ কিন্তু সমাজমুখী দৃষ্টিভংগীৰ অধিকাৰী হৈও তেওঁ জনতাৰ সমদলৰ মাজত মিহলি হৈ যোৱা নাই৷ জনতাৰ মাজৰে এজন হৈও, জনতাৰ মাজতে থাকিও তেওঁ আত্মমগ্ন হৈয়ে ৰৈছে৷ সেইবুলি তেওঁ ভাবাৱেগৰ ব্যক্তিগত আতিশয্যৰে আক্ৰান্তও হোৱা নাই৷ সমসাময়িক কবিসকলৰ মাজত দেখা আৱেগ-বিহ্বলতা তেওঁৰ নাই৷ তেওঁৰ আৱেগ সংযত৷ কবিতাৰ মাজত সি প্ৰত্যক্ষ হৈ ফুটি নুঠে, প্ৰচ্ছন্ন হৈ বিয়পি থাকে৷ এই কথাৰ প্ৰমাণ তেওঁৰ কবিতাতে আছে      

তোমাৰ মৃত্যুৰ জুয়ে সানি থৈ গল মোৰ মুখত

প্ৰদীপ্ত কি কঠিনতা

 

ধুমুহাৰ মুকুট পিন্ধি থিয় হৈ ৰলো

দেওলগা এই প্ৰাচীন পাহাৰত

 

দলদোপ হেন্দোলদোপ কৰি পাৰ হৈ গ

তেওঁলোক

হাতে হাতে ৰাতিৰ গোলাপ

 

কিনো ক্ষুব্ধ সুবাসেৰে ভৰি উঠিল আকাশ

মোৰ ডিঙিত বাজি

             (তোমাৰ মৃত্যুৰ জুয়ে... : সম্পূৰ্ণ কবিতা)

ইয়াত মই’, ‘তুমিৰ মৃত্যু, ‘তেওঁলোকৰ উৎসৱৰ বিষণ্ণতা এই সকলো আছে৷ কবিতাটোত জীৱন-মৃত্যুৰ ভাৱনাৰ দ্বন্দ্বই এটা বিশেষ মাত্ৰা লাভ কৰিছে৷ মইজন কান্দি কান্দি চকুলো শুকুৱাই পেলোৱা মানুহলৈ সলনি হৈছে৷ কাৰোবাৰ মুখৰ উৎসৱৰ প্ৰেক্ষাপটত তেওঁৰ দুখৰ গভীৰতা বৃদ্ধি হৈছে৷ কিন্তু কবিতাটোৰ কোনো ঠাইতে মইজনৰ হৃদয়ানুভূতিৰ তীব্ৰ প্ৰকাশ নাই৷ ব্যক্তিগত নৈপুণ্য প্ৰদৰ্শনৰ কোনো স্পৃহাতেওঁৰ কবিতাবোৰত নাই, আংগিক সদায় ভাবৰ অধীন (গোহাঁই সম্পা. পৃ. xi) 

কবিতা এটা ৰচনাৰ পাছত তাৰ পুনৰ উপলব্ধি, পুনৰীক্ষণ আৰু পৰিমাৰ্জন কৰাটো কবি ফুকনৰ অন্যতম বিশেষত্ব৷ আনকি প্ৰকাশিত কবিতাকো তেওঁ বাৰম্বাৰ হাত ফুৰাইছে৷ ই তেওঁৰ কবিতাৰ পাঠকক কিছু পৰিমাণে অসুবিধাত পেলালেও, কবিতাৰ বিশুদ্ধতাৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ সচেতনতাৰ ই অন্যতম প্ৰমাণ৷ একেদৰেই গ্ৰন্থত সন্নিৱিষ্ট হোৱা বহু কবিতাক তেওঁ বৰ্জনকৰাটো অসমীয়া কাব্যৰ ইতিহাসৰে একক ঘটনা৷ একাধিক অসমীয়া কবিয়ে কবি-জীৱনৰ শেহৰ ফালে শব্দৰ সৈতে ধেমালি খেলাক কবিতাৰ সতে একাকাৰ কৰি পেলালেও তেওঁ তেনে কৰিবলৈ আগ্ৰহী নহয়৷ সেয়েহে তেওঁ কৈছিল,

 ১৯৮৭ চনৰ পিছত মোৰ কোনো নতুন কবিতা প্ৰকাশ পোৱা নাই৷ লিখা যে নাই সেইটো নহয়; কিন্তু         লিখি উঠি পঢ়ি চাই দেখিছো সেইবোৰত একেই ফৰ্মএকেই লেংগুৱেজ (আমাৰ অসম)৷

তেওঁ অনুভৱ কৰিছে যে তেওঁ নতুন কবিতা সৃষ্টি কৰিব নোৱৰা হৈছে, সেই সময়ত জোৰকৈ কবিতা সাজি উলিওৱাৰ দৰে কাম তেওঁ কৰিব খোজা নাই৷ সেয়েহে ১৯৮৫ চনৰপৰা ২০০৩ চনলৈকে লিখা পঁচিছটা কবিতাৰ মাজৰপৰা পোন্ধৰটা কবিতা নিৰ্বাচন কৰি তেওঁ শেষ সংকলনখন প্ৰকাশ কৰে৷ এই গ্ৰন্থৰ একাষাৰশীৰ্ষক লেখাত পুথিখনক তেওঁৰ শেষ সংকলনবুলি ঘোষণা কৰাটোও মন কৰিবলগীয়া৷ অৰ্থাৎ ইয়াৰ পাছত আৰু তেওঁৰ লিখিবলগীয়া কবিতা নাই৷ এনে সততাৰ পৰিচয় এই সময়ছোৱাৰ বাকীসকল কবিয়ে দিব পৰা নাই৷ তেওঁৰ শেষ গ্ৰন্থ অলপ আগতে আমি কি কথা পাতি আছিলোঁত সন্নিৱিষ্ট কবিতাকেইটা তেওঁৰ ১৯৯৭ চনৰ স্বীকাৰেক্তিমতে ভাল কবিতা নহয়৷ কিন্তু এইকেইটা কবিতাত তেওঁৰ এক প্ৰকাৰ বুদ্ধত্বপ্ৰাপ্তিঘটা দেখা যায়৷ এই বুদ্ধত্বপ্ৰাপ্তিৰ পৰ্যায়ত মানুহৰ সৃষ্টিশীল প্ৰকাশভংগীয়ে অনুশাসন আৰু সংযমৰ দায়বদ্ধতাৰপৰা আঁতৰি আহি প্ৰকৃত জীৱন-সত্যৰ প্ৰতি আগ্ৰহী হৈ পৰে  (বৰকটকী, ঠাকুৰ সম্পা. পৃ. ২১৮)৷প্ৰকৃত জীৱন-সত্যৰ প্ৰতি আগ্ৰহীজন আপোনাআপুনি সংযমশীল আৰু অনুশাসিত হৈ পৰে; অৰ্থাৎ কৃত্ৰিম সংযম-ৰক্ষাৰ বা অনুশাসনৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ যান্ত্ৰিক প্ৰয়াস তাত নাথাকে৷ কবি ফুকনৰ এইখন পুথিৰ কবিতাসমূহৰ ভাব-ভাষাত সৰল সঙ্গতি আৰু দাৰ্শনিক-সুলভ নিৰাৱেগ দৃষ্টিভংগী লক্ষ্যণীয়৷ ইয়াত তেওঁৰ সৰলতাই পৰম ৰহস্যময় অলংকাৰ হৈ দেখা দিছে৷  সামাজিক প্ৰেক্ষাপটত থাকিও কবি ফুকন ইয়াত আত্মমগ্ন, আত্মমগ্ন হৈও তেওঁ নিজৰ মাজত হেৰাই নগৈ সামাজিক পৰিপ্ৰেক্ষাটো নিজৰ মাজত জীয়াই ৰাখিছে৷ কবিজনৰ দৃষ্টিভংগীৰ সৰলতা এইখিনি কবিতাতেই যে ফুটি উঠিছে সেইটো নহয়৷ কাব্য-দৃষ্টি আৰু জীৱন-দৃষ্টি একাকাৰ হৈ পৰা দেখা গৈছে তেওঁৰ অন্তিম সংকলন সম্পূৰ্ণ কবিতাতো৷ তেওঁ বৰ্জন কৰা কবিতাসমূহ যে বেয়া কবিতা হলেও তেঁৱেই লিখা, সেইটো তেওঁ স্বীকাৰ কৰি এই সংকলনত সন্নিৱিষ্ট কৰিছে৷ এই প্ৰসঙ্গত পুনৰ তেওঁ সৰল স্বীকাৰোক্তি দঙি ধৰিছে এনেকৈ

পঞ্চাশ বছৰীয়া মোৰ কাব্য পৰিক্ৰমাৰ ৰূপটোৰ,– ভাৱ ভাষা চিত্ৰকল্প প্ৰতীক আৰু ৰূপনিৰ্মীতিৰ,           [যথা] কাব্যিক দৃষ্টি বিষয়-বিশেষ আৰু কবি-মানসৰ পৰিমণ্ডলটো,– কেতিয়াবা কেনেবাকৈ কোনোবা        পাঠকে অনুধাৱন কৰিবলৈ বিচাৰিলে এই বৰ্জিত কবিতাখিনিও তেওঁক লগা হব পাৰে (সম্পূৰ্ণ কবিতা,        ২০০৬)৷

এইখিনি কথাৰ লগতে তেওঁ কৈছে যে কেৱল পাঁচ-ছটামান বাদ দি বাকী কবিতাবোৰক কবিতা বুলি মানুহে স্বীকৃতি নিদিলেও তেওঁ সুখী হব৷ এই প্ৰসঙ্গত তেওঁ হৰ্হে লুই বৰ্হেছৰ বক্তব্যৰ উদ্ধৃতিও দাঙি ধৰিছে৷ আধুনিক অসমীয়া কবিসকলৰ আন কোনো কবিয়ে এনেকৈ কব পৰা নাই৷ ফুকনে নিজৰ সৃষ্টিৰ মান সম্পৰ্কে পোষণ কৰা এই হীনমন্যতাই তেওঁৰ সৃষ্টিক সাৰ্থক কৰি তুলিছে৷

শেহতীয়াকৈ তেওঁ কৈছে যে প্ৰায় ছটা দশকৰো অধিক কাল কবিতা লিখিলেও এই গোটেই পৰিক্ৰমাটো তেওঁৰ বাবে তেওঁ লিখিব খোজা ভাল কবিতাটো লিখিবৰ বাবে এটা প্ৰস্তুতিহে৷ সেই প্ৰস্তুতিতে জীৱনৰ বাষষ্টি বছৰ পাৰ হৈ যোৱা আৰু সপোনৰ কবিতাটো লিখিব নোৱৰাৰ দুখে তেওঁক বিব্ৰত কৰে (ফুকন, মাইজান) ৷

দেশ-বিদেশৰ ইতিহাস পুৰাকথা, ধৰ্ম-দৰ্শন, লোকাচাৰ-লোককলা, লোকগীত, উচ্চাঙ্গ ৰাগসংগীত, পশ্চিমীয়া ছিম্ফনী, কবি-চিত্ৰকৰ-স্থাপতি-ভাস্কৰ, নিজৰ চাৰিওকাষৰ গ্ৰাম্য প্ৰকৃতি, গ্ৰাম্য জীৱনৰ মানুহৰ সৰলতা-সততা, চহৰীয়া শিক্ষিত মানুহৰ স্বাৰ্থান্ধতা-অমানুষিকতা, মাঙ্গলিক ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ সাৰশূন্য স্বৰূপ, পদপথৰ মানসিক ভাৰসাম্যহীন মানুহ, মৃতদেহ-মৃত্যু, শিশু-বৃদ্ধ-বৃদ্ধা-মাতৃ-কন্যা আদি বিভিন্ন বিচিত্ৰ জাগতিক বিষয় আৰু ভাবনাৰে তেওঁৰ কবিতা সমৃদ্ধ হৈছে৷ তেওঁৰ কবিতাৰ মান সম্পৰ্কে কোৱা হৈছে

... আমাৰ সমসাময়িক কবিসকলৰ ভিতৰত ফুকনৰ কবিতাই এক অনন্য মহিমা অৰ্জন কৰিছে৷ বাকীসকলৰ প্ৰতিভা বা দক্ষতাৰ গৌৰৱ আমি হ্ৰাস কৰিব খোজা নাই৷ কিন্তু নীলমণি ফুকনৰ কাব্যত এনে এক সমৃদ্ধি আৰু পূৰ্ণতা উপলব্ধি কৰোঁ, যি আমাৰ হৃদয়-মনত এক স্পন্দিত তন্ময়তা, এক বাঙ্ময় নীৰৱতা সঞ্চাৰ কৰে৷ আমাৰ অনুভূতি, আমাৰ জীৱনবোধক সি এক সৰল গাঢ়তা আনি দিয়ে (গোহাঁই সম্পা. পৃ. ix)

ইয়াৰ কাৰণস্বৰূপে কোৱা হৈছে,

কবিতা ফুকনৰ বাবে তপস্যাৰ তুল্য৷ আনে যি পৱিত্ৰতা, নিষ্ঠা আৰু আত্মনিবেদনেৰে উপাসনা কৰে, ফুকনে কাব্য ৰচনাত তেনে আত্মোৎকৰ্ষৰ পৰিচয় দিয়ে৷ সেয়ে তেওঁৰ কাব্যত এক অবিচ্ছেদ জিজ্ঞাসা আৰু এক নিভাঁজ নম্ৰতা বিৰাজমান (গোহাঁই সম্পা. পৃ. xi)

কেৱল দেশৰ সৰ্বোচ্চ সাহিত্যিক সন্মান অৰ্জন কৰা বাবেই নহয়, উপৰি উক্ত বিশ্লেষণ আৰু বিশেষজ্ঞৰ মন্তব্যৰ তাৎপৰ্যয়ো নীলমণি ফুকনক এই যুগৰ এজন শ্ৰেষ্ঠ কবিৰূপে চিহ্নিত কৰিছে৷ 

 

প্ৰসঙ্গপঞ্জী :

গোহাঁই, হীৰেন৷ সম্পা. সাগৰতলিৰ শঙ্খ৷ গুৱাহাটী, লয়াৰ্ছ, ১৯৯৭৷

ঠাকুৰ, নগেন৷ সম্পা. নিৰ্জনতাৰ পৰা কোলহললৈ৷ গুৱাহাটী, ষ্টুডেণ্ট্‌চ, ২০০৬৷

তুলসী, অনুভৱ৷ সম্পা. কবিৰ বচন৷ গুৱাহাটী, বনফুল, ২০১২৷

দাস, শোণিত বিজয় আদি৷ সম্পা. হীৰেন গোহাঁই ৰচনাৱলী  (প্ৰথম), গুৱাহাটী, কথা, ২০০৯৷

ফুকন, নীলমণি৷ গোলাপী জামুৰ লগ্ন৷ গুৱাহাটী, ষ্টুডেণ্ট্‌চ্‌, ১৯৯৯৷

        জাপানী কবিতা৷ গুৱাহাটী,  বৰুৱা,  ১৯৯৩৷

        নৃত্যৰতা পৃথিৱী৷ গুৱাহাটী,  বৰুৱা, ১৯৯৩৷

        পাতি সোণাৰুৰ ফুল৷ গুৱাহাটী, ষ্টুডেণ্ট্‌চ,  ২০০৬৷

        শিল্পকলাৰ উপলব্ধি আৰু আনন্দ৷ গুৱাহাটী, অন্বেষা,২০১৩া৷

        সম্পূৰ্ণ কবিতা৷ গুৱাহাটী,  অৰ্থাৎ,  ২০০৬৷

        ৰূপ-বৰ্ণ-বাক্‌৷ গুৱাহাটী, ষ্টুডেণ্টচ্‌,  ১৯৯৬৷

        লোক কল্পদৃষ্টি৷ গুৱাহাটী, অসম প্ৰকাশন পৰিষদ, ১৯৮৭৷

বৰগোহাঞি, হোমেন৷  সম্পা. অসমীয়া সাহিত্যৰ বুৰঞ্জী৷ [ষষ্ঠ] গুৱাহাটী, আবিলেক্‌, ১৯৯৩।

বৰুৱা, প্ৰহলাদ কুমাৰ৷ আধুনিক অসমীয়া কবিতাৰ গতিবৈচিত্ৰ্য  ডিব্ৰুগড়, বনলতা, প্ৰথম, ২০০০৷

বৰুৱা, ভবেন৷ অসমীয়া কবিতা : ৰূপান্তৰৰ পৰ্ব  গুৱাহাটী, গ্ৰন্থ,  ২০০২৷

ভট্টাচাৰ্য, নলিনীধৰ৷ কবিতা আৰু নেপথ্য  গুৱাহাটী, চেতনা,  ১৯৯৬৷

সিকদাব়, অশ্ৰুকুমাব়আধুনিক কবিতাব় দিগ্‌বলয়  কলকাতা, অৰুণা, ১৪০৬ বং৷

Gili, J. L. Lorca: Selected Poems. Hasmondsworth, Penguin, ১৯৮৪.

আমাৰ অসম  গুৱাহাটী, ৭মে’, ১৯৯৭; ২৬ জুলাই, ২০১৬৷

কথা গুৱাহাটী  সম্পা. শোণিত বিজয় দাস৷  গুৱাহাটী, কথাপ্ৰথম বছৰ, দ্বাদশ সংখ্যা, এপ্ৰিল               ২০০৫; দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা, জুলাই,  ২০০৫৷

কবিতা৷ ২, সম্পা. শোণিত বিজয় দাস৷ গুৱাহাটী, কথা, জুলাই-আগষ্ট, ১৯৯৬৷

সংজ্ঞা  সম্পা. নীলমণি ফুকন৷ প্ৰস্তাৱনা সংখ্যা, গুৱাহাটী, মাৰ্চ-এপ্ৰিল-মে’, ১৯৭৫৷

সংলাপ  সম্পা. ভবেন বৰুৱা৷ তৃতীয় সংখ্যা, এপ্ৰিল, ১৯৭৩; নতুন পৰ্যায়, ১ম সংখ্যা২০০১,               গুৱাহাটী৷

ব্যক্তিগত কথোপকথন৷ ২৭ এপ্ৰিল, ২০১৪, গুৱাহাটী৷

ব্যক্তিগত কথোপকথন৷ ১২ অক্তোবৰ, ২০১৪, মাইজান, ডিব্ৰুগড়৷

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ