‘ব’হাগ
হ’ য়া বৈশাখ, কোনো নৈখে বাত,
লেকিন
বিহু বিহু লাগিছে হামনে কে’ ভী গাত...’
প্ৰেৰডী
সম্ৰাট মুনীন দত্তৰ উপৰোক্ত গীতটি বিগত কিছুদিন মনত বাজি আছে৷ ইয়াৰ আন আন বহু কাৰণ
থাকিলেও মূল কাৰণটো হৈছে বিভিন্ন স্থানত দেখা
বহাগ শব্দটোৰ লিপিৱদ্ধ ৰূপ৷
আমি
সৰুৰেপৰা বহাগক বহাগ বুলিয়ে কৈ আৰু লিখি আহিছোঁ৷ কিন্তু যোৱা কেইটামান বছৰৰপৰা
শব্দটো ‘ব’হাগ’ বুলি লিখাৰ প্ৰৱণতা এটা লক্ষ্য কৰি শঙ্কিত হৈ পৰিছোঁ৷ কাৰণ ‘বহাগ’ক
বিভিন্ন অনা অসমীয়া লোকেহে ‘ব’হাগ’ বুলি কোৱা শুনি আহিছোঁ যিসকলৰ বৰ্ণমালাত ‘অ’
উচ্চাৰণটো নাই৷ উদাহৰণস্বৰূপে হিন্দীত ‘অ’-ক ‘অ’ আৰু ‘আ’-ৰ মাজৰ ধ্বনি এটা হিচাপে
উচ্ছাৰণ কৰা হয় আৰু সেয়ে অনা অসমীয়াসকলে ‘অ’ ধ্বনিটো অসমীয়াভাষীৰ দৰে উচ্ছাৰণ কৰিব
নোৱাৰে৷ আনহাতে বাংলাভাষীসকলৰ বাবে ‘অ’ ধ্বনিৰ উচ্চাৰণ ‘অ’’-ৰ নিচিনা৷ অসমীয়া
অভিধানসমূহৰ ভিতৰত ‘হেমকোষ’ত বহাগ শব্দটো নাই৷ ‘চন্দ্ৰকান্ত অভিধান’ত শব্দটো
‘বহাগ’ ৰূপতে অৰ্থাৎ অসমীয়া জিভাৰ কথনৰ অনুসাৰী হৈয়ে আছে৷ কিন্তু বাকী কেউখন
অভিধানতে ‘বহাগ’ক ‘ব’হাগ’ ৰূপ দিয়া হৈছেযিটো উদ্বেগজনক৷
ওপৰত
যিটো শব্দৰ উদাহৰণ দিয়া হৈছে সিয়ে একমাত্ৰ নহয়৷ বহু অসমীয়া শব্দ ক্ৰমে ক্ৰমে বিকৃত
হ’ব ধৰিছে আমাৰ চকুৰ সম্মুখতে৷ ইয়াৰ ঘাই কাৰণ হৈছে অসমীয়া মানুহৰ জাতীয়তাবোধৰ
অভাৱ৷ যি জাতিয়ে নিজৰ ভাষাটোৰশুদ্ধতা ৰক্ষা কৰিবলৈ যত্নপৰ নহয় সেই জাতিৰ
জাতীয়তাবোধ কেৱল লিখিত শব্দ এটাহে, তাতকৈ অধিক একো নহয়৷ এনেবোৰ কাৰণতে
সাম্প্ৰতিক সময়ত অসমীয়াৰ স্বাভিমান বিহু বছৰেকৰ মূৰত কিছুমান মঞ্চ আৰু টেলিভিশ্যনৰ
পৰ্দাতে সীমাৱদ্ধ হ’বলৈ আগ বাঢ়িছে৷ এই দুই স্থানৰ উপৰি বিহুৰ যিকণ বাচি আছেগৈ
সেইকণ হৈছে ধনৱন্তৰ ঘৰ বাছি বাছি হুচৰি গাই মোটা অঙ্কৰ ধন সংগ্ৰহ কৰাত৷ বিহুৰ যি
আনন্দ আৰু আদৰ্শ সেয়া ক্ৰমশঃ পাহৰণিৰ গৰ্ভত সোমাবৰ উপক্ৰম কৰিছে৷
এই
প্ৰসঙ্গতে আৰু কিছু বিষয়ে দৃষ্টি আকৰ্ষণ কৰে৷ যেনে অসমীয়াত কোনো শব্দ ৱ আখৰেৰে
আৰম্ভ নহয়৷ এইটো পৰম্পৰাগত নিয়ম৷ সেয়েহে এইটো আখৰেৰে আৰম্ভ হোৱা শব্দ অসমীয়া ভাষাত
নাই৷ পিছে ব্ৰিটিছসকল ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পাছৰেপৰা ক্ৰমে ক্ৰমে সলনি হোৱা
দিন-কালে অসমকো ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰুৱা যেনেকৈ কৰিলে তেনেকৈয়ে অসমীয়া ভাষালৈ
বহু ইংৰাজী আৰু আন আন ভাষাৰ শব্দৰ প্ৰৱেশ পথো মুকলি কৰি দিলে৷ তেতিয়াৰপৰাই ৱ
আখৰেৰে আৰম্ভ হোৱা বহু শব্দ অসমীয়া ভাষাত লিখি অহা হৈছে৷ তেনে কিছুমান শব্দ আমি
কেনেকৈ লিখি আহিছোঁ আৰু কেনেকৈ লিখা উচিত এনে বহু কথা বহু সময়ত আলোচিত হোৱা দেখা
পাওঁ৷ এই আলোচনাবোৰত প্ৰায়েই গুৰুত্ব পায় শব্দটোৰ মূল ভাষাৰ উচ্ছাৰণৰ বিশেষত্ব
ৰক্ষা কৰাৰ প্ৰসঙ্গটোৱে৷
আমি
পিছে তেনে দিশৰ প্ৰতি মনোযোগ দিয়াতকৈ আন এটা দিশলৈহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব
খুজিছোঁ৷ এটা উদাহৰণৰ সহায়ত কথাখিনি ক’বলৈ যত্ন কৰিম৷ William Wordsworth নামটো
অসমীয়াত লিখা উচিত ৱিলিয়াম ৱৰ্ডছৱৰ্থ বুলি৷ কিন্তু প্ৰায়ে লিখা হয় উইলিয়াম
ওৱৰ্ডছৱৰ্থ বুলি৷ এই ক্ষেত্ৰত আমি প্ৰথম শব্দটোত উ আখৰটো আৰু দ্বিতীয় শব্দটোত ও
আখৰটো ব্যৱহাৰ কৰিলোঁ কিয়? আমি ভাবোঁ যে ইয়াৰ কাৰণ হৈছে বাংলা
লিখন ভঙ্গীক অনুকৰণ কৰাটো৷ বাংলা ভাষাত ৱ আখৰটো নাই৷ গতিকে তেওঁলোকে ৱ-ৰে
বুজাবলগীয়াখিনি বুজাবলৈ বেলেগ বেলেগ আখৰৰ সহায় লয়৷ উদাহৰণস্বৰূপে অসমীয়া ধোঁৱা
শব্দটো বাংলাত ধোঁয়া লিখা হয়৷ অৱশ্যে কওঁতে তেওঁলোকে য়-ৰ উচ্ছাৰণ ৱ-ৰ দৰেই কৰে৷
এতিয়া ৱিলিয়াম ৱৰ্ডছৱথ লিখিবলৈ যিহেতু তেওঁলোকৰ ৱ আখৰটো নায়েই, গতিকে
তেওঁলোকে লিখে উইলিয়াম ওয়ৰ্ডছওয়ৰ্থ৷ হেমচন্দ্ৰ বৰুৱাক বাদ দি অসমীয়া ভাষা-সাহিত্যৰ
নৱজাগৰণৰ প্ৰথম স্তৰৰ লেখকসকলে যিহেতু কলিকতাৰ বৌদ্ধিক জাগৰণৰদ্বাৰা পোনপটীয়াকৈ
প্ৰভাৱান্বিত হৈছিল, গতিকে তেওঁলোকে বাংলাৰ অনুকৰণতে এনে শব্দবোৰ
ৱ-ৰ পৰিৱৰ্তে ও, উ আদি আখৰৰ সহায়ত লিখা আৰম্ভ কৰিছিল৷ জোনাকীৰ
স্তৰৰ লেখকসকল আছিল ঘাইকৈ কলেজীয়া ছাত্ৰ৷ গতিকে তেওঁলোকেও অগ্ৰজসকলৰ পথেদিয়েই বাট
বুলিলে৷
এতিয়া
আমাৰ প্ৰশ্ন, আমি এনে শব্দবোৰ বাংলা ভাষাত লিখাৰ ধৰণেৰেই
লিখি থাকিম নে নিজা ধৰণেৰে লিখিবলৈ আৰম্ভ কৰিম? আমি ছেক্সপীয়েৰৰ
দৰে শব্দ কেনেকৈ লিখিলে শুদ্ধ হ’ব তাক লৈ বিতৰ্কত ভাগ লোৱাতকৈ আনৰ ভাষাৰ লিখন কৌশল
অনুকৰণ নকৰি নিজৰ সম্বল ব্যৱহাৰ কৰি আনৰ ভাষাৰ শব্দবোৰ লিখিবলৈ আৰম্ভ কৰা উচিত৷
প্ৰসঙ্গক্ৰমে
অসমীয়া সংখ্যাবাচক শব্দ কেতবোৰৰ আখৰ জোঁটনিৰ বিষয়েও ক’বৰ মন যায়৷ আমি বিশ, ত্ৰিশ,
চল্লিশ
আদি শব্দবোৰ প্ৰকৃততে লিখা উচিত বিছ, ত্ৰিছ, চল্লিছ আদি
ধৰণেৰে৷ কাৰণ, শ-টোক আমি চ বা ছ বুলি উচ্ছাৰণ নকৰোঁ৷ তেনেকৈ
বাংলা ভাষাতহে উচ্চাৰণ কৰা হয়৷ আমি চ বা ছ উচ্চাৰণ কৰিবলৈ চ বা ছ-ই লিখোঁ আৰু লিখা
উচিত৷
কিন্তু
বিহু উৎসৱ বুলি লিখিলেও পঢ়োঁতে বা কওঁতে আমি বিহু উৎছৱ বুলিহে কোৱা উচিত৷ ইয়াত
সংস্কৃত ভাষাৰ এটা সূত্ৰ আছে যদিও সেই সূত্ৰৰ জটিলতালৈ নগৈ সহজে বুজিবলৈ ক’ব পাৰি
যে ৎ-ৰ পাছত স থাকিলে স-টো ছ বুলি পঢ়িব লাগে৷ আমি চিকিৎসা, চিকিৎসক আদি
কিছুমান শব্দৰ বেলিকা শুদ্ধটোকে উচ্চাৰণ কৰোঁ যদিও উৎসৱ, উৎসাহ আদি
কিছুমান শব্দত এই ভুলটো কৰি আহিছোঁ (উৎখৱ, উৎখাহ আদি ধৰণৰ উচ্ছাৰণ)৷
সংস্কৃতৰপৰা
পোনে পোনে আহি অসমীয়াত সোমোৱা কিছুমান শব্দৰ উচ্ছাৰণ অসমীয়া মানুহৰ মুখত বৰ
গণ্ডগোলীয়া শুনা যায়৷ প্ৰভাৱান্বিত, গৌৰৱান্বিত, সামঞ্জস্য আদি
শব্দৰ সাৰ্থক উচ্ছাৰণ বৰ কম সংখ্যক অসমীয়া লোকেহে কৰা শুনিবলৈ পাওঁ৷ প্ৰভাৱান্বিত
শব্দটোক প্ৰায়ে প্ৰভাৱাম্বিত’ বুলি কোৱাৰ দৰেই
গৌৰৱান্বিত শব্দক দুই ধৰণে কোৱা শুনা যায় – ‘গৌৰৱাম্বিত’ আৰু ‘গৌৰাম্বিত’৷
সামঞ্জস্য শব্দটোৰ উচ্চাৰণ হ’ব লাগে ‘সামন্জচ্য’ ধৰণৰ৷ কিন্তু আমি প্ৰায়ে মানুহৰ
মুখত ‘সামজনচ্য’ ধৰণেহে শুনিবলৈ পাওঁ৷
একেদৰেই
কিছুমান শব্দৰ মাজত আৰু শেষত থকা কিছুমান ব্যঞ্জন বৰ্ণক আমি ব্যঞ্জনান্ত হিচাপে
পঢ়োঁ, কিছুমান পঢ়োঁ স্বৰান্ত হিচাপে৷ এই যে স্বৰান্ত-ব্যঞ্জনান্তৰ
পাৰ্থক্যখিনি, সেইখিনি আমি কিতাপ পঢ়ি আহৰণ কৰিব নোৱাৰোঁ৷
সেইখিনি আহৰণ কৰিবলৈ আমাক পৰম্পৰাৰ প্ৰতি কিছু শ্ৰদ্ধা আৰু অনুসন্ধিৎসাহে লাগে৷
মহাপুৰুষ মাধৱদেৱৰ ‘মই দুৰাচাৰ কেৱলে তোমাৰ...’ আমি ব্যঞ্জনান্ত হিচাপে উচ্ছাৰণ
নকৰোঁ৷ এই কথাটো আমি পৰম্পৰাৰপৰাই শিকিছোঁ৷ এতিয়া উদাহৰণ হিচাপে এটা শব্দ লওঁ–
কুল৷ এই শব্দটো যদি নদীৰ পাৰ বুজোৱা অৰ্থত লিখা যয় তেন্তে উচ্ছাৰিত হ’ব কুল্
হিচাপে৷ যদি মানুহৰ নাম হয় তেন্তে উচ্চাৰিত হ’ব কুলঅ হিচাপে৷ সেইদৰেই কুলপতি,
কুলগুৰু
আদি শব্দতো কুল শব্দাংশ উচ্চাৰিত হ’ব লাগিব কুলঅ হিচাপে৷
আৰু
এটা শব্দৰ প্ৰসঙ্গ টানি আনিব খুজিছোঁ– ‘জীৱন’৷ ড॰ ভূপেন হাজৰিকাই এই শব্দটোক ‘জীয়ন’ বুলি উচ্ছাৰণ কৰিছিল৷ সেই বুলিয়েই
তেখেতৰ গান গাওঁতে গায়ক-গায়িকাই জীৱনক ‘জীয়ন’ কৰা উচিত বুলি নাভাবোঁ৷ আকৌ, শব্দটোক
সাধাৰণভাৱে ব্যৱহাৰ কৰোঁতে আমি প্ৰায়েই ‘জীবন’ বুলি কওঁ৷ এইটোও ভুল৷ একেদৰে ভুল
শিৱসাগৰক ছিবচাগৰ বা শিবসাগৰ বোলা, প্ৰভাৱক প্ৰভাব বোলা৷
সাম্প্ৰতিক
সময়ত আধুনিক পৃথিৱীৰ সৰু-ডাঙৰ সকলো জাতিয়েই নিজৰ ভাষিক-সাংস্কৃতিক বিশেষত্ববোৰ
বজাই ৰাখিবলৈ, হেৰোৱাখিনিক পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ হৈছে৷
এনে অৱস্থাত আমি অসমীয়াসকলে নিজৰবোৰ যি হয় হৈ থাকক বুলি এৰি দি ৰং চাই থাকিলে
ভাৱিষ্যতে কাহানিবা কোনো গৱেষকে এই একবিংশ শতিকাৰ অসমীয়া মানুহখিনিক সম্ৰাট নিৰোৰ
লগত তুলনা কৰিব– যি ভয়াৱহ অগ্নিকাণ্ড চাই চাই বাঁহী বজাই থাকিব পাৰিছিল৷