অন্যযুগ/


কৃষি-অৰ্থনীতি সম্পৰ্কীয় কিছু পৰ্যৱেক্ষণ


        একেবাৰে প্ৰাৰম্ভিক অৱস্থাত মানুহৰ সম্পদ আছিল কেৱল খাদ্যদ্ৰব্য৷ সেই সম্পদো আছিল সাময়িক সম্পদহে৷ তাৰ পাছতহে হাজাৰ হাজাৰ বছৰৰ বিভিন্ন ঘটনাক্ৰমৰ মাজেদি মানুহৰ মাজত দীৰ্ঘস্থায়ী সম্পদৰ ধাৰণা গঢ় লৈ উঠে৷ বনৰ পশু বশ মনাই পুহিবলৈ আৰম্ভ কৰাৰ পৰা লাহে লাহে পশু হৈ উঠিছিল মানুহৰ এবিধ সম্পদ৷ তাৰো পাছত বিবিধ বস্তুৰ ওপৰত মানুহে মূল্য আৰোপ কৰিবলৈ ধৰিলে আৰু এটা সময়ত বস্তুৰ বাবে ধাৰ্য মূল্যক মুদ্ৰা নামৰ প্ৰতীকেৰে বুজোৱা আৰম্ভ হ’ল৷ তেনে মুদ্ৰাৰ বিনিময়ত অন্য সম্পদ হস্তান্তৰিত হোৱাৰ প্ৰথাৰপৰাই ব্যৱসায়ৰ ধাৰণাও জন্ম হ’ল৷

        আৰু আজিৰ তাৰিখত মানুহৰ বাবে মুদ্ৰাই সম্পদ৷ দেশৰ ধাৰণা গঢ় লোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বেলিকা দেশভেদে মুদ্ৰাৰ মূল্যও পৃথক পৃথক হ’বলৈ ধৰিলে৷

        অতি প্ৰাচীন কালৰেপৰা আমাৰ দেশৰ জনসাধাৰণে ঘাইকৈ কৃষি আৰু পশুপালনৰ ওপৰতে ভিত্তি কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ আধুনিক সময়ত অৱশ্যে জীৱন ধাৰণৰ বাবে প্ৰয়োজন বাঢ়ি অহাৰ লগে লগে জীৱিকা অৰ্জনৰ বিভিন্ন উপায় উদ্ভাৱিত হৈছে৷ এই জীৱিকাৰ পথবোৰৰ ওপৰতে দেশখনৰ অৰ্থনীতি নিৰ্ভৰশীল বুলিয়ে আমি জানো৷ আমি অৰ্থনীতিৰ ছাত্ৰ নহওঁ, এতেকে বহু কথা বুজি নাপাওঁ৷ কিন্তু সাধাৰণ ধ্যান-ধাৰণাৰে নিজকে প্ৰায়ে এটা প্ৰশ্ন সোধোঁ– আমাৰ দেশৰ অৰ্থনীতি কিমান পৰিকল্পিত? এনে প্ৰশ্নৰ ভিত্তিও আছে। আমাৰ দেশে স্বাধীনতা অৰ্জন কৰাৰ সময়ত টকাৰ মূল্য আমেৰিকান ডলাৰৰ প্ৰায় সমান আছিল। কিন্তু স্বাধীন দেশখনে যোৱা সাতোটা দশকত ইমানেই আৰ্থিক উন্নতি কৰিছে যে এতিয়া এক ডলাৰ মানে প্ৰায় সত্তৰ-আশী টকা!

        কাৰ্যতঃ আমাৰ দেশৰ খেতিয়ক আৰু পশুপালকসকল অসংগঠিত৷ সেয়েহে প্ৰতি বছৰে আমাৰ দেশৰ শ শ কৃষকে উৎপাদিত শস্যৰ উচিত মূল্য নাপাই আত্মহত্যা কৰে; শ শ পশুপালকৰ পশুধন বানপানীত উটি যায় বা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ এই খেতিয়ক আৰু পশুপালকসকল তেওঁলোকৰ সম্পদক লৈ বীমা বা অন্যান্য কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থাৰে সুৰক্ষিত নহয়৷ কোনো কোনো ৰাজ্যৰ কৃষকে নিজৰ কৃষিকৰ্মৰ বীমা কৰোৱায় বুলি জানো, কিন্তু অসমৰ কৃষকে কৃষি বীমাৰ সুবিধা লোৱা বুলি শুনিবলৈ নাপাওঁ। দৰাচলতে অসমত এতিয়াও কৃষক মানে আঁঠুমূৰীয়া চুৰিয়া আৰু ফটা বনিয়ন পিন্ধা, হাড়ভঙা শ্ৰম কৰিও নিজৰ পথাৰৰ ফচলেৰে বছৰটো খাবলৈ নোজোৰা ধৰণৰ মানুহৰ ধাৰণাই বৰ্তি আছে। পঞ্জাৱ-হাৰিয়ানা-অন্ধ্ৰপ্ৰদেশ আদিত যে কৃষিকৰ্ম কৰিয়েই উৰাজাহাজ কিনিব পৰা মানুহ আছে সেই কথা অসমৰ মানুহে যেন শুনিলেও বিশ্বাস কৰিব নিবিচাৰে।

        মাজে মাজে কাকতত ওলোৱা খবৰ একোটাই আমাক বিভ্ৰান্ত কৰে, নিজৰ অস্তিত্ব বা বিচাৰ শক্তি সম্পৰ্কে সন্দিহান কৰি তোলে, নিজৰ যোগ্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিবলৈও বাধ্য কৰে৷  ধৰা হ’ল তেনে এটা খবৰৰ শিৰোনাম ‘মহাৰাষ্ট্ৰৰ তিনিটকীয়া পিঁয়াজ অসমত বিক্ৰী হৈছে চল্লিছ টকাত৷’ আমি চিন্তিত হওঁ, ৰাজ্যখনত সমবায় আৰু কৃষিৰ নামত দুটাকৈ বিয়াগোম চৰকাৰী বিভাগ থকা অৱস্থাত এনে অৰাজকতা কেনেকৈ সৃষ্টি হয়? তাতকৈও ডাঙৰ কথা, এনে অৰাজকতা দেশে স্বাধীনতা অৰ্জন কৰা সময়ৰপৰাই চলি আহিছে৷ কৃষকে হাড় ভাঙি কৰা পৰিশ্ৰমৰ ফচল এচাম মধ্যভোগীয়ে ক্ৰয় কৰে সামান্য দামৰ বিনিময়ত৷ তাৰ পাছত সেই সামগ্ৰী হাত বাগৰি বাগৰি আহি আহি শেষত প্ৰকৃত উপভোক্তাৰ হাতত পৰোঁতে তাৰ দাম হয়গৈ আকাশলংঘী৷ উৎপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য কৃষকে কাহানিও নাপায়৷ 

        আমি জনাত চৰকাৰী কৃষি বিভাগে কৃষকৰ কাৰণে উন্নত জাতৰ বীজ যোগান ধৰে, মাজে মাজে বিশেষ অৰ্হতা চাই কোনো কোনো কৃষকক ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৱাটাৰ পাম্প আদি ৰেহাই মূল্যত যোগান ধৰে৷ পিছে মন কৰিবলগীয়া যে এই সকলো সম্পদেৰে সমৃদ্ধ হোৱা কৃষক এজনে বছৰটোৰ মূৰত কৃষিৰ ফল একো নাপাবগৈও পাৰে৷ কাৰণ, বহু সময়ত এনে উন্নত বীজবোৰে লহপহীয়া গছ গজালেও শস্য উৎপাদন কৰিব নোৱাৰে৷ আকৌ বছৰেকীয়া বান, খৰাং, শস্য বিনষ্টকাৰী পোক আদিৰ আক্ৰমণে সম্ভাব্য ফচল নষ্ট কৰাটোও এটা নিয়মীয়া ঘটনা হৈ পৰিছে৷  

        চলিত বছৰত অসমক সৰ্বাধিক ধান ক্ৰয় কৰা ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰা হ’ব বুলি কিছুদিনৰ পূৰ্বে এটা খবৰ ওলাইছিল৷ প্ৰশ্ন হয়, ধান কাৰপৰা ক্ৰয় কৰা হ’ব? অসমৰ কৃষকৰপৰা নে বাহিৰৰপৰা? দেশৰ ভিতৰতে সৰ্বাধিক ধান বিক্ৰী কৰিবলৈ অসমৰ কৃষকৰ ক্ষমতা আছে জানো? নাই৷ এতেকে নিশ্চিতভাৱে যদি কৰা হয় তেন্তে অসমৰ বাহিৰৰপৰাই প্ৰস্তাৱিত ধানখিনি ক্ৰয় কৰা হ’ব৷ কিন্তু আঁচনিখন যদি ‘দেশৰ ভিতৰত সৰ্বাধিক ধান উৎপন্ন কৰা ৰাজ্য হিচাপে অসমক গঢ়ি তোলা’ ধৰণৰ হ’লহেতেন? এনে আঁচনি অসমীয়াই কাহানি দেখিবলৈ আৰম্ভ কৰিব?

        আকৌ, সমবায় বিভাগে বিভিন্ন স্থানৰ ৰাইজে সমবায় সমিতি কিছুমান প্ৰতিষ্ঠা কৰাত সহযোগিতা কৰে, সেই সমিতিবোৰৰ নীতি-নিয়ম ভালদৰে পালিত হৈছেনে নাই পৰিদৰ্শন কৰে, ক’ৰবাৰপৰা কেনেবাকৈ চাউল, চেনি, কেৰাচিন তেল আদি ক্ৰয় কৰি সাধাৰণ বজাৰ মূল্যতকৈ কম দামত ৰাইজক দিয়ে৷ এই ৰাইজো নিৰ্বাচিত, সকলোৱে নাপায়৷ পিছে সমবায় বিভাগটোৱে জানো কৃষি বিভাগটোৰ সৈতে সম্পৰ্কিত হৈ সমবায় ভিত্তিত অসমত এটা কৃষি বিপ্লৱ গঢ় দিব নোৱাৰে? আমি জনাত অসমৰে বিভিন্ন ঠাইত বিভিন্ন লোকে কৃষি ক্ষেত্ৰত বেছ প্ৰশংসনীয় কাম কৰি আছে৷ তাৰে কিছু অংশ সমবায় ভিত্তিতো হৈছে বুলি খবৰ পাওঁ৷ কিন্তু যিখিনি হৈছে সেইখিনি সংশ্লিষ্ট ৰাইজৰ আগ্ৰহ আৰু অংশ গ্ৰহণৰ ফলতহে সম্ভৱ হৈছে৷ তাত চৰকাৰী বিভাগটোৰ অৰিহণা তেনেকৈ নাই৷ তদুপৰি সেই কৃষকসকলেও ফচল উৎপাদনৰ সময়ত শ্ৰম আৰু নিযোজনৰ অনুপাতে দাম নাপায়৷ সমবায় বিভাগটোৱে এনে কৃষিজাত সামগ্ৰীসমূহ কৃষকৰপৰা নিৰ্দিষ্ট দামতহে ক্ৰয় কৰাৰ কঠোৰ ব্যৱস্থা এটা কৰিব নোৱাৰেনে? একে ভূমিকা ল’ব পাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগটোৱেও৷ আমি জনাত ৰাজ্যখনৰ খাদ্য সামগ্ৰীৰ জোৰা মাৰিবলৈ আমাৰ চৰকাৰী বিভাগটোৱে ঘাইকৈ নিৰ্ভৰ কৰে কোটিপতি ব্যৱসায়ীসকলৰ ওপৰত আৰু এই কোটিপতি ব্যৱসায়ীসকলৰ সৰহ সংখ্যকেই অনা অসমীয়া৷ ক’ৰপৰা কেনেকৈ কিনি আনি কি দামত ইয়াত বিক্ৰী কৰিব সেয়া তেওঁলোকেহে স্থিৰ কৰে৷ লগতে ক্ৰয় আৰু বিক্ৰীৰ হিচাপ-নিকাচো তেওঁলোকৰ মতেই চলে৷ হাজাৰ হাজাৰ কৰ্মচাৰীৰে পৰিপুষ্ট এই চৰকাৰী বিভাগকেইটাইনো আজিলৈকে অসমৰ সৰ্বমুঠ জনসংখ্যাৰ তুলনাত কোন ঠাইত কি সামগ্ৰী কিমান উৎপন্ন হয় এই সাধাৰণ অঙ্কটোকে কৰি উলিয়াব পৰা নাইনে?

        ইপিনে, চাহ খেতি কৃষি বিভাগে চোৱা-চিতা কৰিবলগীয়া হয়নে নহয় আমি নাজানো৷ ব্ৰিটিছৰ দিনতে বাগিচা খুলিবলৈ লীজত লোৱা হাজাৰ হাজাৰ হেক্টৰ মাটিৰ চাহ বাগিচাৰ মালিক দেশ স্বাধীন হোৱাৰ পাছৰপৰা বাগিচাসমূহ থকা মাটিৰো মালিক হৈ পৰা দেখা গ’ল৷ সেইবোৰ মাটিকে এতিয়া বহুতে সোণৰ দামত বিক্ৰী কৰি আছে৷ ৰাজহ বিভাগ বা ভূমি ব্যৱস্থাপনা বিভাগৰ সৈতে কৃষি বিভাগে এইবোৰ বিষয় আলোচনা কৰে নে নকৰে নাজানো৷ যদি কৰে তেন্তে মৰণমুখী চাহ বাগিচাৰ দখলত থকা চৰকাৰী ভূমি উদ্ধাৰ কৰি কৰ্মঠ নিবনুৱাৰ যোগেদি সেইবোৰ মাটিতো সমবায় হিচাপত খেতি কৰাব পাৰি৷ চাহ বাগিচাৰ শ্ৰমিকসকলক মাজে সময়ে চৰকাৰে কৃপাৰ দৃষ্টিৰে চোৱাৰ ঘোষণা শুনা যায়৷ আন আন কৃষিকৰ্মৰ শ্ৰমিকসকলকো যদি তেনে দৃষ্টিৰে চোৱাৰ নিয়ম এটা হয় তেন্তে নিশ্চিতভাৱে অসমে পঞ্জাৱ-পশ্চিম বঙ্গৰ চাউলেৰে ভাত ৰান্ধিব নালাগিব৷

        যোৱা শতিকাত পশ্চিম বঙ্গত হোৱা ভয়াৱহ খাদ্য সংকটৰপৰা ৰাজ্যখনে এনে শিক্ষা ল’লে যে এতিয়া তাত ধানখেতিৰ উপযোগী সৰহখিনি মাটিতে বছৰেকত তিনিবাৰকৈ ধানখেতি কৰা হয়৷ কৃত্ৰিমভাৱে জলসিঞ্চনৰ উদ্দেশ্যে চৰকাৰে তাত কৃষকসকলক যথেষ্ট সুবিধা কৰি দিছে৷ অসমখন পশ্চিম বঙ্গতকৈ সৰু ৰাজ্য৷ গুণাগুণৰ ফালৰপৰা অসমৰ মাটি পশ্চিম বঙ্গৰ মাটিতকৈ ধানখেতিৰ বাবে অধিক উপযোগী৷ প্ৰকৃতিয়ে দিয়া এইখিনি সুবিধা গ্ৰহণ কৰিব নাজানি এতিয়া আমি বাহিৰৰপৰা অহা চাউলৰ ভাত খাই থলগিৰি বা জাতীয়তাবাদৰ জয়ধ্বনি দিবলগীয়া হোৱাটো আমাৰ ভণ্ডামিৰ বাহিৰে আন একো নহয়৷ এতিয়া অসমতো বিশেষকৈ তিতাবৰ অঞ্চলত উৎপাদিত চাউল উজনি অসমৰ একাংশ বজাৰত বছৰৰ বাৰ মাহেই পোৱা যায়৷ পিছে মন কৰিবলগীয়া, তিতাবৰৰ চাউলৰ ব্যৱসায়টোৰ মালিকীস্বত্ব অনা অসমীয়াৰ হাততহে আছে ৷

    অসমত অসমীয়া ল’ৰা-ছোৱালীয়ে সম্প্ৰতি ব্যৱসায় কৰিবলৈ শিকিছে৷ কৃষিক্ষেত্ৰতো যথেষ্ট পাৰদৰ্শিতাৰে ভালে সংখ্যকে কাম কৰিছে৷ এই সকলোখিনিকে সামৰি ল’ব পৰাকৈ আমাৰ এটা কেন্দ্ৰীয় ব্যৱস্থা লাগে যি ব্যৱস্থাই সকলো ধৰণৰ খাদ্যসামগ্ৰীৰ উৎপাদন নিশ্চিত কৰাৰ লগতে নিৰ্ধাৰিত মূল্যত ক্ৰেতা-বিক্ৰেতাই নিয়মীয়া ব্যৱসায়ৰ সম্পৰ্কত বান্ধ খাব পাৰে৷


        মূলধন একলাখ টকা। এই কেৱল একলাখ টকা বিভিন্নজনৰ হাতেদি নিজা নিজা উপাৰ্জন হিচাপে পাৰ হৈ যাওঁতে চৰকাৰে আহৰণ কৰা কৰ হয়তো এক কোটিও হ’বগৈ পাৰে৷ এক লাখ টকাৰ কৰ এক কোটি? অসম্ভৱ যেন লাগিলেও ইও সম্ভৱ হ’ব পাৰে৷ ই এটা সম্ভাৱনা৷ অৰ্থনীতিৰ জটিল সূত্ৰই এনে সংঘটন নিশ্চিতভাৱে ব্যাখ্যা কৰিব পাৰিব৷ আমি অৰ্থনীতিৰ সামান্যতম কথাও নাজানো৷ তথাপি বয়-বস্তুৰ আকাশলঙঘী দাম আৰু জনসাধাৰণৰ কমি অহা উপাৰ্জনে যে সামগ্ৰিকভাৱে আমাৰ অসুৰক্ষিত অৰ্থনীতিৰ ইঙ্গিত দিছে সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিব কৰোঁ৷ এনে উপলব্ধিৰ ফল হিচাপেই ‘অন্যযুগ’ৰ এই সংখ্যাৰ আয়োজন৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ