অন্যযুগ/
পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়
এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷
সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই থকা৷ আমি যিবোৰক ইতৰ প্ৰাণী বুলি কওঁ সিবিলাকৰ সম্মুখত থকা প্ৰধান সমস্যাটো হৈছে খাদ্যৰ সমস্যা৷ সেয়েহে সিবিলাকে সকলো সময়তে খাবলৈকে যত্ন কৰে, খাদ্য বিচাৰি ফুৰে৷ তাৰ পাছৰ সমস্যাটো হৈছে প্ৰাকৃতিক তাড়নাৰ বশৱৰ্তী হৈ জন্ম দিয়া সন্তানবোৰক সুৰক্ষিত কৰি ডাঙৰ কৰা, আত্মনিৰ্ভৰশীল কৰি তোলা৷ এনেকৈ কৰা যত্নৰ ফলতে এবিধ জীৱই আন এবিধৰ সম্মুখত নানান সমস্যাৰো সৃষ্টি কৰে৷
মানুহৰ সমাজ মানেও সমস্যাৰে আকীৰ্ণ এখন সমাজ৷ বৰং মানুহৰ সমাজত সমস্যা তুলনামূলকভাৱে আন জীৱবোৰতকৈ অধিক৷ মস্তিষ্কত অনুভৱ কৰা জিজ্ঞাসাজনিত কাৰণত ক্ৰমে ক্ৰমে প্ৰকৃতিৰপৰা আঁতৰি কৃত্ৰিম যান্ত্ৰিক জীৱন এটা যাপন কৰিবলৈ লোৱাৰপৰাই বোধকৰোঁ মানুহৰ সম্মুখত বাকীবোৰ জীৱতকৈ পৃথক ধৰণৰ সমস্যাবোৰৰ সৃষ্টি হৈছিল৷ প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ আদি বিভিন্ন কাৰণত সমাজ ভেদে সমস্যাবোৰৰ স্বৰূপ বেলেগ বেলেগ৷ গতিকে সমস্যাবোৰৰ সমাধানৰো কোনো একক পথ নাই৷ বেলেগ বেলেগ সমাজৰ লোকৰ জীৱন যাপনৰ কৌশল যিদৰে পৃথক, সেইদৰেই সমস্যা সমাধানৰ পথো পৃথক৷
এটা কথা ঠিক যে জনবহুল সমাজত সমস্যা অধিক৷ ইয়াৰ কাৰণ হৈছে ঘাইকৈ সীমিত সম্পদৰ কাৰণে তেনে সমাজৰ ঘাই বিশেষত্বটো হয়গৈ দাৰিদ্ৰ্য৷ দাৰিদ্ৰ্যৰ কাৰণেই তেনে সমাজৰ সৰহ সংখ্যক লোকৰ জীৱন যাপনৰ শৈলীও হয় তলখাপৰ, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কাৰ্যদক্ষতা আৰু আত্মবিশ্বাসো হয়গৈ দুৰ্বল৷ ফলস্বৰূপে নিজৰ সমাজৰে একোটা সমস্যা সমাধানৰ সহজ পথ একোটা তেওঁলোকে কৰি তোলে একেবাৰে জটিল আৰু দীঘলীয়া৷ তেনে হোৱাৰ ফলতে তেনে সমাজবোৰ এটাৰ পাছত আনটোকৈ সমস্যাই পোত খুৱাই পেলাইছে৷
আমাৰ ভাৰতীয় সমাজখনো তেনে এখন সমাজেই৷ ইয়াত কাৰ্যদক্ষতা আৰু কাৰ্যক্ষমতাৰ মাজত দুস্তৰ ব্যৱধান আছে৷ ফলস্বৰূপে কৰণীয়খিনি হৈ উঠা সময়লৈ আন বহু কৰণীয়ই মূৰ দাঙি উঠে৷ অজিৰ সমস্যা সমাধানৰ কাৰণে কুৰুং-কাৰাং কৰি এটা সময়ত যেতিয়া বাঞ্ছিত পৰিৱৰ্তনৰ বাবে আমি প্ৰস্তুত হৈ উঠোঁগৈ তেতিয়ালৈ সমাজখনৰ বহু কথা নিজে নিজে পৰিৱৰ্তিত হৈ তাৰ চৰিত্ৰ বেলেগ ধৰণৰ হয়গৈ৷
কৰিবলগীয়াখিনি দ্ৰুত গতিত নকৰাৰ ফলতে এনে হয়৷ দ্ৰুত গতিত নকৰাৰ কাৰণ কি? কৰিবলৈ দায়িত্বপ্ৰাপ্তসকলৰ দক্ষতা কিংবা আত্মবিশ্বাসৰ অভাৱ৷ ইয়াৰ সমান্তৰালভাৱে কৰোঁতাসকলৰ ব্যক্তিগত বা সমষ্টিগত সুবিধাবাদৰো ভূমিকাক নুই কৰিব নোৱাৰি৷ দীৰ্ঘসূত্ৰিতাও এনে অৱস্থাৰ আন এটা কাৰণ হ’ব পাৰে৷ এই সকলোৰে মাজে মাজে অন্তঃস্ৰোতা হৈ থাকে সমাজখনৰ সৰহ সংখ্যক লোকৰ অমনোযোগিতা, অশিক্ষাজনিত সৎ সাহসৰ অভাৱ আদি৷ সমাজ একোখনৰ সৰহ সংখ্যক লোকৰ শিক্ষাহীনতা আৰু সৎসাহসৰ অভাৱৰ বাবেই সুবিধাবাদীসকলে বৃহত্তৰ সামাজিক গুৰুত্বৰ পৰিৱৰ্তে সংকীৰ্ণ ব্যক্তিগত বা সমষ্টিগত গুৰুত্ব চৰিতাৰ্থ হোৱাকৈ নানান কাণ্ড-কাৰখানা চলাই যাবলৈ সুবিধা পায় অথবা ব্যক্তিগত স্বাৰ্থসিদ্ধিকে বৃহত্তৰ সামাজিক সমস্যাৰ সমাধন বুলি প্ৰদৰ্শন কৰিবলৈও বহুতো সুযোগ লাভ কৰে৷
এটা উদাহৰণ৷ ধৰা হ’ল, এখন দেশৰ চৰকাৰী জলসিঞ্চন বিভাগত ভালেসংখ্যক পানী সিঁচা পাম্প পৰি আছে৷ পাম্পবোৰ ক্ৰয় কৰা হৈছিল দেশৰ অভাৱগ্ৰস্ত কৃষকসকলক চৰকাৰী সাহায্য হিচাপে দিবলৈ। সম্প্ৰতি প্ৰতিটো পাম্পৰে কিবা নহয় কিবা এটা অংশ বেয়া হৈ আছে৷ একোটা পাম্পৰ কাৰণে তিনি-চাৰি হাজাৰ টকা খৰচ কৰিলেই সেইবোৰ কাৰ্যক্ষম হৈ উঠিব৷ গতিকে সংশ্লিষ্ট বিভাগত ফাইল প্ৰস্তুত কৰা হ’ল৷ টেবুলে টেবুলে ঘূৰি ফুৰিল ফাইল৷ বেয়া হোৱা অংশবোৰৰ বজাৰ দৰ আৰু সেইবোৰ লগাই ঠিক-ঠাক কৰা মানুহৰ পাৰিশ্ৰমিকৰ তালিকা প্ৰস্তুত কৰা হ’ল৷ তিনি-চাৰি মাহৰ মূৰকত যন্ত্ৰকেইটা ভাল কৰিব লাগে বুলি ঊৰ্ধতন কতৃৰ্পক্ষৰ অনুমোদন পোৱা গ’ল৷ লগে লগে নিৰ্দিষ্ট দোকানক যন্ত্ৰাংশবোৰ যোগান দিবলৈ জনোৱা হ’ল৷ তেতিয়া দোকানে সেইবোৰ নিৰ্দিষ্ট মূল্যৰ বিনিময়ত দিবলৈ অস্বীকাৰ কৰিলে; কাৰণ দোকানীৰ মতে পাৰ হৈ যোৱা দিনবোৰত যন্ত্ৰাংশবোৰৰ মূল্য সলনি হৈছে৷ তেনেকৈ কাৰিকৰী লোকৰ পাৰিশ্ৰমিকো বৃদ্ধি হ’ল৷ গতিকে যন্ত্ৰকেইটা কাৰ্যক্ষম কৰা নহ’ল৷ পুনৰাই একেটা কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ল৷ এইবাৰ জনা লোকে চাই উদ্ধাৰ কৰিলে যে ইতিমধ্যে যন্ত্ৰকেইটাৰ ভিতৰৰ আৰু কেইটামান অংশ বিকল হৈ পৰিছে৷
গতিকে, সেই যন্ত্ৰকেইটা আৰু কাহানিও কাৰ্যক্ষম হৈ নুঠাটো হৈছে আমাৰ সমাজৰ অৱধাৰিত সত্য৷ আমাৰ ৰাজ্যখনৰে প্ৰায়বোৰ চৰকাৰী কাৰ্যালয়, হস্পিটেল আদিৰ চৌহদত বছৰ বছৰ ধৰি পৰি থাকি জহি-খহি যোৱা গাড়ীবোৰে এই সত্যটো দৃঢ় কৰি তোলে৷ আমাৰ সমাজখনৰ বেলিকাও কথা একেখিনিয়েই৷
তদুপৰি আমাৰ সমাজখন খুলি খুলি খাব পাৰে আমাকে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক নেতাসকলে৷ আমাৰ অশিক্ষা-অবিৱেচনাৰ সুযোগ লৈ তেওঁলোক ক্ষমতাৰ আসনত অধিষ্ঠিত হয়৷ তাৰ পাছতে তেওঁলোকে সন্ধান কৰে ন ন সমস্যাৰ৷ পুৰণি সমস্যাবোৰৰ ওপৰতে যদি আৰু কিছুমান সমস্যা জাপি দিব পাৰি তেন্তে সেই সমস্যাৰ স্বৰূপ উপলব্ধিৰ কাৰণে বিভিন্নজনে বাক্যব্যয় কৰিব, তৰ্ক-বিতৰ্কত অংশ গ্ৰহণ কৰিব, উচিত-অনুচিতৰ বিচাৰ-বিৱেচনা কৰিব আৰু সময় গৈ থাকিব৷ এই গৈ থকা সময় ৰাজনৈতিক নেতাসকলৰ কাৰণে বৰ দৰকাৰী৷ সমস্যাহীন সমাজ এখনত নেতা হিচাপে তিষ্ঠি থকাটো বৰ সহজ নহয় বুলিয়ে তেওঁলোকৰ ধাৰণা৷ সেয়েহে এশ একত্ৰিছ কোটি মানুহৰ দেশখন ধনী কৰি তুলিবলৈ বুলি একোজন নেতাই পোন্ধৰশ কোটি ৰাজহুৱা টকা খৰচ কৰিলেও দেশখন ধনী হৈ নুঠেগৈ৷
আনহাতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো পৰিৱৰ্তন নামৰ শব্দটোৱে কেতিয়াবা কেতিয়াবা ঐতিহ্যৰ প্ৰতিয়ে ভাবুকি সৃষ্টি কৰে৷ এটা সময় আছিল, সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মীসকলে নিজৰ অন্তৰত প্ৰেথিত আদৰ্শক কোনো মূল্যৰ বিনিময়তে জলাঞ্জলি দিব খোজা নাছিল৷ আজিকালিও তেনে লোক আছে, কিন্তু সংখ্যাত নগণ্য৷ আজিকালি সৰহ সংখ্যক শিল্পী-সাহিত্যিকৰ নিজৰ আদৰ্শৰ যোগেদি সমাজৰ সেৱা কৰাতকৈ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি সমাজত নাম জিলিকোৱাটো অধিক গুৰুত্বপূৰ্ণ লক্ষ্য৷ সেয়েহে আজিকালি নিজৰ বিষয়ে নিজে প্ৰচাৰ চলোৱাৰ এটা অসুস্থ বাতাৱৰণো গা কৰি উঠিছে৷ বহু সময়ত অৱস্থা আনকি এনেকুৱাও হৈছেহি যে ‘ক’ নামৰ লেখকজনে তেওঁ লিখা কিতাপখন সম্পৰ্কে কোনে কি বুলি ক’ব লাগিব তাৰ ৰূপৰেখাও কৌশলেৰে প্ৰস্তুত কৰি ৰাখিছে৷ বহু সময়ত ‘ক’ নাম লেখকজনে তেওঁৰ কিতাপখন একক আৰু অনন্য বুলি প্ৰমাণ কৰিবলৈ ‘খ’, ‘গ’, ‘ঘ’ আদি এদল লোকক সাজু কৰি ৰাখিবলৈ লৈছে৷ ‘ক’ই ক্ৰমে ‘খ’, ‘গ’, ‘ঘ’ আদিৰ বিষয়ে বিভিন্ন উপলক্ষ্যত ঢোল বজায় আৰু সময়ত ‘ক’ৰ ধাৰ মাৰিবলৈ ‘খ’, ‘গ’, ‘ঘ’ আদি দল বান্ধি ওলাই আহে৷ এনে হোৱাটো জাতীয় জীৱনৰ বাবে খুব অপকাৰী৷ কিন্তু জাতীয় জীৱনৰ কথা ভাবে কোনে? এনে লোকে হয়তো ভাবে, ‘জাতিয়ে মোক জন্ম দিয়া নাই, জাতিয়ে মোক নিজৰ ভৰিৰ ওপৰত থিয় হোৱাত সহায় কৰা নাই৷ গতিকে মই মোৰ জাতিৰ কথা কিয় ভাবিম?’
আকৌ ধৰা হওক এজন শিল্পী তেওঁৰ মাধ্যমৰ জগতখনত নিজাকৈ এটা দল সৃষ্টি কৰিব পৰাকৈ অৰ্থ-সম্পদৰ অধিকাৰী৷ গতিকে তেওঁ তেনেকৈয়ে নিজৰ দলৰ যোগেদি নিজৰ শিল্পক্ষেত্ৰত কাম কৰি আছে৷ আজিকালি যিহেতু শিল্পচৰ্চা কৰি নাম আৰু যশ-খ্যাতি দুয়োবিধেই আহৰণ কৰিব পাৰি, গতিকে তেওঁৰো সকলো ফালে জয়জয় ময়ময় অৱস্থা৷ আত্মবিশ্বাসে যিহেতু কেতিয়াবা মানুহক মূৰে ভৰি কাঢ়িবলৈও মৰসাহসী কৰি তোলে, গতিকে তেৱোঁ তেনে এটা কামকে কৰিলে৷ যেতিয়া সমাজৰ কিছু অংশ লোকে তেওঁৰ কামটো ‘ভাল হোৱা নাই’ বা ‘নকৰিবলগীয়া কাম’ বা ‘কুকাৰ্য’ বুলি চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই তেওঁ সমাজখনৰ আন আন ক্ষেত্ৰৰ কিছু সংখ্যক বিশেষ ব্যক্তিৰ মন্তব্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে– যিসকল ব্যক্তিয়ে তেওঁৰ শিল্পক্ষেত্ৰৰ বিষয়ে কাৰ্যতঃ একোকে নাজানে৷ শেহতীয়াকৈ এটা ভ্ৰাম্যমাণ নাট্যদলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক এখনৰ ‘পুনৰ্নিৰ্মাণ’ কৰি প্ৰচাৰ কৰাৰ সৈতে এই উদাহৰণৰ মিল দেখুৱাব পাৰি৷ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া মানুহৰ চেতনাত এটা আদৰ্শ, এটা দৰ্শন, জীৱনবোধৰ এটা বাট, এটা চহকী জাতীয় ঐতিহ্য৷ তেনে এজন ক্ষণজন্মা লোকৰ ৰচনাক ‘এখন নাটকহে, শিলৰ ৰেখাতো নহয়’ বুলি তাচ্ছিল্যসূচক মন্তব্য কৰি সেই থিয়েটাৰ দলটোৰ স্বত্ত্বাধিকাৰে প্ৰকাৰান্তৰে সকলো হৃদয়ৱান লোককে বুজাই দিলে – শিল্পৰ নামত আমাৰ সমাজত প্ৰকৃততে কি হৈ আছে৷
এনেকুৱা পৰিৱৰ্তন আমাক নালাগে৷ আমাক তেনে পৰিৱৰ্তন লাগে যি জগতৰ সমান্তৰালভাৱে আত্মপৰিচয় ৰক্ষা কৰি এটা জাতি হিচাপে আগ বাঢ়ি যোৱাত আমাক সহায় কৰে৷ সুধাকণ্ঠ ভূপেন হাজৰিকাই সুধিছিল, ‘তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হ’লে বিশ্বই জানো ভাল পাব ?’ প্ৰশ্নটোৰ উত্তৰো দিছিল তেওঁ– ‘পৃথিৱীত জনমি সচেতন নহ’লে প্ৰাপ্যও থিতাতে হেৰাব৷’
আমাক বিনা খৰচত ঘৰ, চাউল, বিদ্যুৎ পালোঁ নে নাপালোঁ সেই সচেতনতা নালাগে৷ মানুহ হিচাপে জী থাকোঁতে আমি আত্মমৰ্যাদা ৰক্ষা কৰিব পাৰিছোঁনে নাই, নিজৰ জাতিটোক জীয়াই ৰাখিবলৈ কিবা এটা কৰিব পাৰিছোঁনে নাই, এনে সচেতনতাহে লাগে৷