প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে
সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে
যোৱা ১৪ অক্তোবৰ তাৰিখে৷ শিৱসাগৰ জিলাৰ চাফ্ৰাই চাহ বাগিচাত জন্মগ্ৰহণ কৰি ক্ৰমে
ক্ৰমে আগ বাঢ়ি গৈ সৰ্বভাৰতীয় সাহিত্যৰ জগতত কেৱল স্বীকৃতি অৰ্জন কৰা বা ৰাষ্ট্ৰীয়
স্তৰৰ সাহিত্য জগতৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি হৈ উঠাতে তেওঁৰ কৃতিত্ব সীমাৱদ্ধ
নহয়৷ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সংস্থা সাহিত্য অকাদেমিৰ অধ্যক্ষ হিচাপেও তেওঁ
গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিছিল৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ড॰
ৰামমনোহৰ লোহিয়া অধ্যাপক হিচাপে শিক্ষাজগতলৈ সেৱা আগ বঢ়োৱাৰ যোগেদি ৰাষ্ট্ৰীয়
স্তৰত শিক্ষাজগতখনকো তেওঁ সমৃদ্ধ কৰিছিল৷
আজিকালি সাহিত্যিক বুলিলে যি ধৰণৰ জীৱন-চৰ্যাত
অভ্যস্ত লোক একোজনৰ ধাৰণা চকুৰ আগলৈ আহে তেনে ধাৰণা বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ
ক্ষেত্ৰত নাখাটে৷ ডক্টৰেট ডিগ্ৰীধাৰী অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ সৰ্বোচ্চ পৰ্যায়ত
অধিষ্ঠিত হৈও তেওঁ কাহানিও স্থায়ী চাকৰিত বন্দী হোৱা নাছিল৷ তাৰ বিপৰীতে কলিকতাত
ছাত্ৰ জীৱনতে মাধৱচন্দ্ৰ বেজবৰুৱা সম্পাদিত বাঁহী কাকতৰ সহকাৰী সম্পাদকৰূপে তেওঁ
যি যাত্ৰা আৰম্ভ কৰিছিল সেইটো যাত্ৰা আগ বঢ়োৱাতহে তেওঁ গুৰুত্ব দিছিল৷ ফলত অসমীয়া
সাহিত্যই নতুন পোহৰৰ সন্ধান পাইছিল৷ ১৯৫২ চনৰ এপ্ৰিল মাহৰপৰা (পঞ্চম বছৰ প্ৰথম
সংখ্যা) তেওঁ ৰামধেনু আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল৷
তেতিয়াৰেপৰা ১৯৬৩ চনৰ এপ্ৰিল (ষোড়শ বছৰ প্ৰথম সংখ্যা) মাহলৈকে আলোচনীখনৰ দায়িত্বত
আছিল৷ ৰামধেনুৱেই যে অসমীয়া সাহিত্যলৈ আধুনিকতাবাদী দৃষ্টিভঙ্গীৰ
আমদানি ঘটোৱাৰ লগতে সবলভাৱে প্ৰতিষ্ঠাও কৰিছিল সেই কথা উল্লেখ কৰিবলৈ যোৱাটো
চৰ্বিতচৰ্বন মাত্ৰ৷ ৰামধেনুৰ দায়িত্ব এৰাৰ পাছত ১৯৬৩ চনৰ ২৩
অক্তোবৰৰপৰা প্ৰকাশ পোৱা সাদিনীয়া নৱযুগ আৰু প্ৰকাশ আলোচনীৰ
সম্পাদকৰূপেও তেওঁ ভাষাজননীৰ সেৱা কৰিছিল৷
গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ, নাটক (মঞ্চ অৰু
অনাতাঁৰ উভয়), ভ্ৰমণ লেখা, অনুবাদ আদি সাহিত্যৰ বিভিন্ন শাখাত তেওঁ নিজৰ
সৃষ্টিনৈপুণ্য প্ৰকাশ কৰি গৈছে৷ উপন্যাসৰ কাৰণেই তেওঁৰ বিশেষ খ্যাতি যদিও গল্পকাৰ
হিচাপেও তেওঁৰ গুৰুত্ব আছে৷ আনহাতে ‘আমি বহুৱাম জনতাৰ দৰবাৰ’, ‘বিষ্ণুৰাভা, এতিয়া
কিমান ৰাতি’ আদি কবিতাৰ যোগেদি কবি হিচাপেও তেওঁ উল্লেখযোগ্য৷ ‘ডেৰশ বছৰৰ অসমীয়া
সংস্কৃতিত এভুমুকি’ অসমীয়া সাহিত্যৰ এখন অমূল্য গ্ৰন্থ৷ ডি ডি কোশাম্বীৰ ‘ভাৰতৰ
ইতিহাস’ আৰু শৰৎচন্দ্ৰ চেটাৰ্জীৰ ‘পৰিণীতা’ অনুবাদ কৰি তেওঁ অসমীয়া অনুবাদ
সাহিত্যকো সমৃদ্ধ কৰি গৈছে৷
তেওঁক এজন মানৱতাবাদী ৰাজনৈতিক লেখক বুলিব পাৰি৷
তেওঁৰ ৰচনাত সৰু-ডাঙৰ প্ৰতিটো ঘটনাৰে একোটা ৰাজনৈতিক কাৰণ ফুটি উঠে৷ ৰাজনৈতিক
দৰ্শনৰ দিশত তেওঁ আছিল গণতান্ত্ৰিক সমাজবাদত বিশ্বাসী৷ সেয়ে বাকীবোৰ উপন্যাসক গৌণ
বুলি ধৰিলেও ‘ৰাজপথে ৰিঙিয়ায়’ৰ পৰা ‘ইয়াৰুইঙ্গম’ আৰু ‘মৃত্যুঞ্জয়’ হৈ
‘প্ৰতিপদ’লৈকে গণতান্ত্ৰিক সমাজবাদী দৃষ্টিভঙ্গীৰ প্ৰকাশ ঘটিছে স্পষ্টকৈ৷ আনহাতে
‘আজি বিয়া, পৰহিলৈ গাঁও পঞ্চায়ত’, ‘ছিৰালা আৰু চিন্দুইন’, ‘নেতাজী আৰু ইঙাইজং’
‘সৰু সৰু চাপৰ কিছুমান ঘৰ’ আদি গল্পতো এই আদৰ্শৰ প্ৰতিফলন স্পষ্ট৷ তেওঁৰ ‘এজনী
জাপানী ছোৱালী’ সম্পূৰ্ণ বিদেশৰ পটভূমিত বিদেশী চৰিত্ৰৰ মনস্তত্ত্ব আৰু বিদেশী
সমাজৰ চিত্ৰণেৰে লিখা এটা সাৰ্থক গল্প৷ আৰু বহু অসমীয়া গল্পকাৰ-ঔপন্যাসিকে বিদেশৰ
পটভূমিত গল্প-উপন্যাস ৰচনা কৰিছে যদিও সেইবোৰত সদায়ে অসমীয়া মানুহক প্ৰতিনিধিত্ব
কৰা চৰিত্ৰ থাকেই৷ এই গল্পটো পিছে ব্যতিক্ৰম৷ ই জাপানত দ্বিতীয় বিশ্বযুদ্ধৰ ক’লা
ছায়াই সৃষ্টি কৰা সামাজিক আৰু ব্যক্তিগত জীৱনৰ বিধ্বস্ত ৰূপ প্ৰকাশৰ জৰিয়তে
সামগ্ৰিকভাৱে বিশ্ব মানৱাত্মাৰে বুকুত কঁপনি তুলিব পৰাকৈ সফল গল্প৷
তেওঁ আছিল সাহিত্য অকাদেমি বঁটা লাভ কৰা তৃতীয়জন
অসমীয়া লেখক (প্ৰথম দুজন আছিল ক্ৰমে যতীন্দ্ৰনাথ দুৱৰা আৰু বেণুধৰ শৰ্মা)৷ তেওঁ
আছিল ভাৰতীয় লেখক সংস্থাৰ সভাপতি হিচাপে মনোনীত প্ৰথমজন অসমীয়া লেখক৷ ছোৱিয়েট
ৰাছিয়া, চীন, অধুনালুপ্ত যুগোশ্লাভিয়া আদি দেশ ভ্ৰমণৰ অভিজ্ঞতাৰে তেওঁ সমৃদ্ধ
আছিল৷ বাকীবোৰ দেশৰ সৈতে ভাৰতৰ সাদৃশ্য আৰু পাৰ্থক্য তেওঁ সূক্ষ্মভাৱে অধ্যয়ন
কৰিছিল৷ তেওঁ লক্ষ্য কৰিছিল যে প্ৰায়বোৰ দেশতে একক ভাষাৰ সাহিত্য পৰম্পৰাৰ বিপৰীতে
ভাৰতবৰ্ষত বিভিন্ন ভাষাৰ সাহিত্য পৰম্পৰা চলি আহিছে৷ প্ৰতিটো উল্লেখযোগ্য ভাৰতীয়
ভাষাৰে সাহিত্যৰ ইতিহাস গ্ৰন্থ প্ৰণয়ন কৰা হৈছে যদিও সামগ্ৰিকভাৱে ভাৰতীয় সাহিত্যৰ
ইতিহাস গ্ৰন্থৰ ৰূপত লিপিৱদ্ধ নোহোৱাটো তেওঁ গুৰুত্বসহকাৰে লক্ষ্য কৰিছিল৷ সেয়ে
সাহিত্য অকাদেমিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে তেওঁ অকাদেমিৰ হৈ পৰিকল্পনা
কৰিছিল ‘ইণ্টিগ্ৰেটেড হিষ্টৰি অব ইণ্ডিয়ান লিটাৰেচাৰ’ আৰু ‘এনচাইক্ল’পিডিয়া অব
ইণ্ডিয়ান লিটাৰেচাৰ’ প্ৰকাশৰ৷
দেশৰ সাহিত্য জগতলৈ তেওঁ মৌলিক ৰচনাৰ উপৰি
সাংগঠনিকভাৱেও সেৱা আগ বঢ়াইছিল৷ তেওঁ যথাক্ৰমে ভাৰতীয় জ্ঞানপীঠ বঁটাৰ মনোনয়ন
সমিতিৰ সদস্য, ইণ্ডিয়ান কাউঞ্চিল ফৰ কালছাৰেল ৰিলেশ্যনৰ গৱৰ্নিং ব’ডিৰ সদস্য,
নেশ্যনেল বুক ট্ৰাষ্টৰ ব’ৰ্ড ট্ৰাষ্টি, ভাৰত চৰকাৰৰ পাব্লিকেশ্যন ডিৱিজনৰ উপদেষ্টা
সমিতিৰ সভাপতি, পি ইউ চি এলৰ আজীৱন সদস্য, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ আজীৱন
সদস্যৰূপে দায়িত্ব পালন কৰিছিল৷
তেওঁ সাহিত্য অকাডেমি আৰু জ্ঞানপীঠ পুৰস্কাৰৰ
উপৰি ‘ৰাষ্ট্ৰীয় সমন্বয় বঁটা’ (১৯৯০), ‘হাৰ্মনি এৱাৰ্ড, ১৯৯০’, ‘হৰনাথ ঘোষ
স্মৃতি পদক’ (১৯৯১) আদি সম্মান লাভ কৰিছিল যদিও তেওঁৰ বাবে আটাইতকৈ ডাঙৰ সম্মান
আছিল সমকালিন প্ৰায় সকলো আগ শাৰীৰ ভাৰতীয় লেখকৰপৰা লাভ কৰা শ্ৰদ্ধা আৰু আদৰ৷ দেশৰ
প্ৰথমজন জ্ঞানপীঠ সম্মান লাভ কৰা লেখক জি শঙ্কৰ কুৰুপ (কেৰালা)ৰ উপৰি ড॰ এছ এল
ভৈৰাপ্পা (কৰ্ণাটক), উমাশঙ্কৰ যোশী (গুজৰাট), কোটা শিৱৰাম কাৰান্থ
(কৰ্ণাটক), গোপীকান্ত মহান্তি (ওড়িষা), পি ভি নৰসিংহ ৰাও (তেলুগু), ইন্দ্ৰনাথ
চৌধুৰী (ইংৰাজী), নীৰদ চি চৌধুৰী (লণ্ডন), কেথেলিন ৰেইন (লণ্ডন), ড॰ শঙ্কৰদয়াল
শৰ্মা (ইংৰাজী আৰু হিন্দী), বি কে গুহ (কৰ্ণাটক), হুমায়ুন কবীৰ (বাংলা), ভবানী
ভট্টাচাৰ্য (বাংলা), তীৰ্থ বসন্ত (সিন্ধ্ৰী), আখতাৰ মহিউদ্দিন (কাশ্মীৰী) আদি
আগশাৰীৰ লেখকসকলৰ সমীহ আদায় কৰিব পৰাটো আছিল তেওঁৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ অন্যতম
উজ্জ্বল দিশ৷ গণতান্ত্ৰিক সমাজবাদ তেওঁৰ ৰাজনৈতিক দৰ্শন আছিল ইতিপূৰ্বে উল্লেখ কৰা
হৈছেই৷ এই দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ ওপৰত প্ৰভাৱ পৰিছিল ক্ৰমে ড॰ ৰাম মনোহৰ লোহিয়া,
জয়প্ৰকাশ নাৰায়ণ আৰু আচাৰ্য নৰেন্দ্ৰদেৱৰ দৰে ৰাজনীতিবিদৰ৷ এই তিনিওজনৰ সৈতে তেওঁৰ
সম্পৰ্ক আছিল হাৰ্দিক৷ ৰাজা ৰামান্নাৰ দৰে বিজ্ঞানীৰ সৈতেও ভট্টাচাৰ্য্যদেৱৰ সম্পৰ্ক
আছিল সহৃদয়৷ সৰ্বভাৰতীয় পৰ্যায়ত ইমান প্ৰভাৱশালী লেখক অসমীয়া সাহিত্য জগতত
দ্বিতীয়জন নাই৷
জন্ম শতবৰ্ষৰ এই মুহূৰ্তত ভট্টাচাৰ্য্যদেৱৰ স্মৃতিত
গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ।
ড॰ বীৰেন্দ্ৰনাথ দত্ত :
শ্ৰদ্ধাঞ্জলি
সৌ সিদিনা (২৩ অক্টোবৰ ২০২৩) আমাৰ মাজৰপৰা আঁতৰি গল
শিক্ষাবিদ, লেখক, লোককলাৰ গৱেষক আৰু সংগীত শিল্পী ডক্টৰ বীৰেন্দ্ৰনাথ
দত্তদেৱ৷ ৪ নৱেম্বৰ ১৯৩৫ তাৰিখে নগাঁৱত জন্মগ্ৰহণ কৰা দত্তদেৱে শান্তিনিকেতনৰ
বিশ্বভাৰতীৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ তেওঁ গোৱালপাৰা জিলাৰ লোক সংস্কৃতি বিষয়ত
গৱেষণা কৰি ডক্টেৰট ডিগ্ৰী লাভ কৰিছিল৷গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত
অধ্যাপকৰূপে সেৱা আগ বঢ়োৱাৰ পাছত তেওঁ ক্ৰমে গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা কলেজ,
গোৱালপাৰা কলেজ আৰু পাণ্ডু কলেজত অধ্যক্ষৰূপে সেৱা আগ বঢ়ায়৷ ১৯৭৯ চনত তেওঁ গুৱাহাটী
বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত যোগদান কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা
কলাগুৰু ৰূপে তেওঁ অৱসৰ গ্ৰহণ কৰে৷ পাছত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ
আমন্ত্ৰণত সেই বিশ্ববিদ্যালয়ৰ পৰম্পৰাগত সংস্কৃতি আৰু কলা-ৰীতি বিভাগৰ দায়িত্ব
গ্ৰহণ কৰে আৰু ১৯৯৫ চনত তাত ফ’ৰ্ড ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নৰ্থ-ইষ্টাৰ্ন
আৰ্কাইভেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ফৌকল’ৰ (NEACTAF) প্ৰতিষ্ঠা কৰে৷
শিক্ষা আৰু সাহিত্য-সংস্কৃতিৰ জগতলৈ আগ বঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁ ক্ৰমে
পদ্মশ্ৰী (২০০৯, জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা (২০১০), মহাপুৰুষ মাধৱদেৱ
বঁটা, অসম চৰকাৰৰ আজান পীৰ বঁটা, সংগীত নাটক অকাডেমিৰ ঠাকুৰ ৰত্ন সন্মান, চাটক
সন্মান আদিৰে সম্মানিত হৈছিল৷ অসমীয়া সংগীতৰ ঐতিহ্য, ব্যক্তি
সংস্কৃতি, শংকৰ মাধৱৰ মনীষা আৰু অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰ, Cultural Contours
of Northeast India, গোৱালপৰীয়া লোকগীত
সংগ্ৰহ আদি সাহিত্য আৰু লোকসংস্কৃতি সম্পৰ্কীয় কুৰিখনৰো অধিক গ্ৰন্থ ৰচনা
কৰা এই কৃতবিদ্য পণ্ডিতজন তেওঁৰ পাণ্ডিত্য আৰু ব্যক্তিত্বৰ উপৰি সাধাৰণ অসমীয়া
মানুহৰ মনত চিৰুগমীয়া হৈ ৰব বিশেষকৈ তেওঁৰ অসাধাৰণ গায়কীৰ বাবে৷ তেওঁৰ কণ্ঠৰ বহুদিন
বকুলৰ গোন্ধ পোৱা নাই, আহিনক কোনে আনে, মন মোৰ বহাগৰ শীৰ্ণ নদী, সৌ শিৰিষ ডালত পৰি
এজনী চৰাই, ৰহিমলা ওৰণিৰ মাজেৰে, বগলী বগা ফোঁট দি যা, অ’ ধুন ধুনীয়া মোৰ অকণমানি,
মেলি দিলোঁ মন, আকাশে বতাহে ইমান ফুলৰ, পালোঁ নে নেপালোঁ নুসুধিবা মোক, বৰষা তোমাৰ
চকুত মেঘৰ অঞ্জন, আহিনক কোনে আনে, আকাশ আমাক অকণি আকাশ দিয়া আদি অমৰ গীতৰ
মাজেদি তেওঁ এটা সুৰীয়া কণ্ঠ হৈ আমাৰ মনত চিৰকাল প্ৰতিধ্বিনত হৈ থাকিব৷ ড॰
দত্তদেৱৰ স্মৃতিত অন্যযুগ পৰিয়ালৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ৷