অন্যযুগ/


সম্পাদকীয়

অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে

জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে সময়ত পদ্ধতিগত অধ্যয়নকাৰীয়ে লিপিৱদ্ধ কৰে আৰু তাৰ পাছৰপৰাই তেনে লিপিবদ্ধ নথিৰ আধাৰতে ভাষা একোটাৰ শব্দাৱলীৰ ব্যৱহাৰ চলি থাকে। পিছে এনেকৈ লিপিৱদ্ধ বা নথিভুক্ত হোৱা প্ৰতিটো কথাই শিলৰ ৰেখা নহয়। তেনে হবলৈ হলে ভাষাক এটা উৎপাদিত সামগ্ৰী (Product) বুলিহে ধৰিবগৈ লাগিব, প্ৰণালী বা পদ্ধতি বা প্ৰক্ৰিয়া (Mechanism বা Process) বুলি ধৰিব পৰা নাযাব। 

উদাহৰণস্বৰূপে অসমীয়া ভাষাত লিখা চৈধ্য’ শব্দটোৰ কথাকে কব পাৰি। সংস্কৃত চতুৰ্দশ শব্দটো অপভ্ৰংশ হৈ অসমীয়া শব্দটো সৃষ্টি হৈছে যদি সি হব লাগিছিল চৌধ’ বা চৌদ্ধ। পিছে আমি শৈশৱৰেপৰা পাই অহা নেওতাৰ কিতাপৰপৰা ব্যাকৰণ-ৰচনাৰ কিতাপ পৰ্যন্ত শব্দটো চৈধ্য’ ৰূপতে ৰাখি থোৱা হৈছে। আমাৰ কথিত ভাষাত কিন্তু শব্দটো সৰ্বত্ৰ চৌধ’ বা চৌদ্ধ’ বুলিয়ে প্ৰচলিত। এনে উদাহৰণেই প্ৰকৃততে ব্যাকৰণ ৰচনাৰ যোগেদি ভাষাৰ মান্যৰূপ নিশ্চিত কৰা নমস্য লোকসকলৰ পৰ্যৱেক্ষণৰ সীমাদ্ধতা প্ৰমাণিত হয়।

মানুহ এবিধ সীমাদ্ধ প্ৰতিভাৰ জীৱ। কোনো মানুহেই অসীম প্ৰতিভাধৰ নাছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও আনকি ঝুমুৰিঝুমুৰী আদি ৰূপত একেটা শব্দকে স্থানান্তৰত লিখি থৈ গৈছে। গতিকে আমাৰ অগ্ৰজ ভাষাৱিদসকলে কৰি যোৱা কামৰ মাজতো নিশ্চিতভাৱে সীমাৱদ্ধতা আছে। গতিকে শিক্ষিত লোক হিচাপে আমি সেইখিনিক কোনো ডাঙৰ’ মানুহে গঢ়ি থৈ যোৱা শিলৰ ৰেখা বুলি মানি ললে আমাৰ নিজৰ প্ৰতি অবিচাৰ কৰা হব। সেইবুলি অগ্ৰজসকলৰ কামক আমি সমালোচনাও কৰিব নোৱাৰিমসেই অধিকাৰ আমাৰ নাই। কাৰণ তেওঁলোকে কৰা কামৰ আধাৰটোত থিয় হৈহে আমি তেওঁলোকৰ সীমাৱদ্ধতাক বিচাৰি পাইছোঁ।

এতিয়া এটা বেলেগ প্ৰসঙ্গলৈ আহোঁ। সম্প্ৰতি ইংৰাজী ভাষাৰ ব্যাপক প্ৰসাৰৰ ফলস্বৰূপে আমি অসমীয়া শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰতো কিছুমান নতুন ধৰণ-কৰণ মন কৰিছোঁ যিবোৰ আচলতে অসমীয়া ভাষাত জীন নাযায়। উদাহৰণ এটা দিওঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰসিদ্ধ গীত গছে গছে পাতি দিলে ফুলৰে শৰাই’ গাওঁতে বহু গায়ক-গায়িকাই ফুল’ শব্দৰ ফ-টো উচ্চাৰণ ইংৰাজী এফ্’ ধ্বনিৰ দৰে কৰিবলৈ লৈছে। অসমীয়া ’ ধ্বনিটো সদায়ে দুয়োখন ওঁঠৰ স্পৰ্শৰ ফলত সৃষ্টি কৰা ধ্বনি। কিন্তু ইংৰাজী এফ্’ ধ্বনিটো সদায়ে তলৰ ওঁঠৰ লগত ওপৰৰ দাঁতৰ স্পৰ্শতহে ধ্বনিত হয়। গতিকে এনে সংঘটনে অসমীয়া শব্দৰ উচ্চাৰণৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰতি ক ভাবুকি কঢ়িয়াই আনিছে বুলি উপলব্ধি হৈছে।

সম্প্ৰতি হিন্দী আৰু বাংলা ভাষাৰ প্ৰভাৱো আমাৰ ওপৰত আগ্ৰাসী ধৰণৰ। এটা কথা বুজিবলৈ টান যে আমি অসমীয়া মানুহবোৰে নিজৰ ঠাইত অনাঅসমীয়া লোকৰ ভাষিক আগ্ৰাসন ৰোধ কৰিবলৈ অকণো যত্নপৰ নহওঁ। আমি হিন্দীভাষী এজনৰ সৈতে অসমীয়াত কথা পাতি তেওঁক অসমীয়া কবলৈ বাধ্য কৰিব নোখোজোঁ। বাংলাভাষী লোকৰ ক্ষেত্ৰতো আমি সামান্যতমো যত্ন নকৰোঁ যাতে তেওঁ অসমীয়া ভাষাটো শিকিবলৈ বাধ্য হয়। একেদৰেই অসমৰ বাহিৰত গৈ থাকিবলগীয়া হোৱা কোনো অসমীয়াই সেইবোৰ ঠাইত নিজৰ মাতৃভাষাত কথা কৈ গৌৰৱ অনুভৱো নকৰোঁ। অৰ্থাৎ আমি নিজৰ আৰু আনৰ উভয় ঠাইতে নিজৰ ভাষা-পৰম্পৰাক জলাঞ্জলি দিবলৈ আগ বাঢ়িছোঁ।

ফলস্বৰূপে অসমতে আজি অসমীয়া ভাষাই অসমীয়াৰ চকুৰ সন্মুখতে স্বকীয়তা হেৰুৱাবলৈ আৰম্ভ কৰিছে। কেনেকৈআকৌ উদাহৰণলৈ যাব লাগিব। ড০ ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ’ শীৰ্ষক গীতটো উঠি অহা অসমীয়া শিল্পীৰ কণ্ঠত মহাবাহু ব্ৰম্হপুত্ৰ’ বুলি শুনাৰ অভিজ্ঞতা আমাৰ বহুতৰে হৈছে। সেইদৰে তেখেতৰ আমি একেখন নাৱৰে যাত্ৰী’ গীতটোৰ তুমিয়ে যদি ব্ৰহ্মাৰ পুত্ৰ’ অংশটোও ব্ৰম্হাৰে পুত্ৰ’ বুলি গোৱা শুনা যায়। ই নিশ্চিতভাৱে মুম্বাইৰ চিনেমা উদ্যোগে হিন্দী ভাষা বুলি চলাই অহা উৰ্দু মিহলি এটা খিচিৰি ভাষাৰ উচ্চাৰণ। ইয়াক যেনিবা আমি অসমীয়াই অকাতৰে আদৰি লৈছোঁ নিজে সজাগ নোহোৱাৰ কাৰণে। প্ৰভাৱ’, ‘জীৱন’, ‘শিৱসাগৰ’ আদি শব্দৰ ’ ধ্বনিটোক আমি কোনো দ্বিধা নোহোৱাকৈয়ে ’-লৈ সলনি কৰি পেলাইছোঁযি চন্দ্ৰবিন্দু’ নামৰ ধ্বনিয়ে পৰম্পৰাগতভাৱে অসমীয়া ভাষাৰ বহু বিশেষত্ব বহন কৰি আহিছিল সেইটো ধ্বনিকো আমি শিক্ষিত-অশিক্ষিত নিৰ্বিশেষে প্ৰায় বিসৰ্জনেই দিছোঁ! এনে ঘটনাবোৰ প্ৰকৃততে দুৰ্ঘটনা হিচাপেহে চিহ্নিত হোৱা উচিত আছিল। কিন্তু দেখা গৈছেসকলোৱে এইবোৰক পৰিঘটনা বুলিয়েই মানি লৈছে (ঘটনাদুৰ্ঘটনা আৰু পৰিঘটনাৰ বিশ্লেষণৰ স্থান ইয়াত নাই)।

ওপৰত যিকেইটা উদাহৰণ দাঙি ধৰা হল তাৰে সৰহ অংশই গানৰপৰা লোৱা হৈছে। প্ৰসঙ্গক্ৰমে গানৰ জগতৰে আৰু এষাৰ কথা উল্লেখ কৰিবলগীয়া। আকৌ এটা উদাহৰণ লওঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰো তেৰা’ শীৰ্ষক বৰগীতটো  বৰ্তমানৰ গায়ক-গায়িকাসকলে কেনেকৈ গায় মন দি শুনিবলগীয়া। মেএৰিপা। মৰু মন। মাধৱ ঘনে ঘন। ঘাআতুক পা। প নাছোৰা।’ বুলি গোৱা নিশ্চয় আমি মন দি শুনিলেই ধৰিব পাৰিম। পিছে গায়নৰ কৌশলটো হব লাগিছিল এনেকুৱাহে, ‘মেৰি পামৰু মন। মাধৱ ঘনে ঘন। ঘাতুক। পাপ নাছোৰা।’ ব খোজা হৈছে যেগানৰ বেলিকা সুৰ-তাল-লয়ৰ প্ৰতি সংশ্লিষ্টসকল যিমান সজাগ হয়শব্দসমূহৰ উচ্চাৰণগত শুদ্ধতা ৰক্ষাৰ প্ৰতি সিমান নহয়। ই নিশ্চিতভাৱে ভাষাটোৰে ভৱিষ্যতৰ বাবে এক অশুভ সঙ্কেত বহন কৰিছে।

নিজৰ মাতৃৰ প্ৰতি মানুহে অবিচাৰ কৰিব পাৰে জানো? অসমীয়া ভাষাটোক যদি আমি মাতৃভাষা বুলি উপলব্ধি কৰোঁ তেন্তে এনে কাম-কাজৰ যোগেদি ভাষাটোক বাৰে বাৰে অনিষ্ট সাধন কৰি আছোঁ কিয়?


অন্যযুগ প্ৰসঙ্গ

'অন্যযুগ'-ৰ অনলাইন সংস্কৰণৰ প্ৰতি সদাশয় পাঠক সমাজৰ প্ৰতিক্ৰিয়াত আমি উদ্দীপ্ত তথা অনুপ্ৰাণিত হৈছোঁ। আমাৰ পঠন অভিজ্ঞতা ঘাইকৈ কাগজৰ কিতাপৰ জৰিয়তেই গঢ় লৈ উঠিছে। গতিকে কাকতত প্ৰকাশিত ৰূপত 'অন্যযুগ'-ক ৰাইজৰ মাজলৈ আগ বঢ়াই দিবলৈ আমাৰ মনতো এক ব্যাকুলতা আছে। কিন্তু যি মহামাৰীয়ে পৃথিৱীৰ বহু ডাঙৰ ডাঙৰ প্ৰকাশন প্ৰতিষ্ঠানকো স্তব্ধ কৰি পেলাইছে, সেই মহামাৰীৰ মাজত নিজকে পৰিৱৰ্তিত ৰূপত হ'লেও সময়োপযোগী কৰি প্ৰকাশ কৰি থকাটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিছে। তথাপি 'অন্যযুগ'-এ স্তব্ধ নহৈ নিজকে সময়ৰ অগ্ৰগতিৰ সমান্তৰালকৈ সজ্জিত হ'বলৈ সক্ষমতা আহৰণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে।

পৰম্পৰাগতভাৱে এয়া হ'ব লাগিছিল শাৰদীয় উছৱৰ উলহ-মালহৰ সময়। কিন্তু মহামাৰীৰ কাৰক ভাইৰাছটোৱে দেখোন ক্ৰমশঃ ভয়াৱহ ৰূপহে ধাৰণ কৰিছে। প্ৰথম অৱস্থাত আমাৰ দেশৰ আক্ৰান্তসকলৰ সৰহ সংখ্যকেই আৰোগ্য হৈছিল যদিও এতিয়া আক্ৰান্তৰ হাৰ আৰু মৃত্যুবৰণ কৰা লোকৰ সংখ্যাও উদ্বেগজনকভাৱে বাঢ়িছে। এনে অৱস্থাত আলোচনীখনৰ ছপা সংস্কৰণ প্ৰকাশ কৰা আৰু সময় মতে পাঠকৰ হাতত তুলি দিব পৰা কামটো অনিশ্চয়তাৰে ভৰি পৰিছে। সেয়েহে পৰিস্থিতি-পৰিৱেশ স্বাভাৱিক নোহোৱা পৰ্যন্ত 'অন্যযুগ' এনেকৈ অনলাইন সংস্কৰণ হিচাপেই প্ৰকাশ পাই থাকিব। 

শাৰদীয় বতৰত সদাশয় পাঠকৰ উদ্দেশ্যে বিশেষভাৱে 'অন্যযুগ'-ৰ এই সংখ্যাটো সাহিত্য সংখ্যা হিচাপে আয়োজন কৰা হৈছে। পৰিচিত আৰু প্ৰতিষ্ঠিত লেখকসকলৰ লগতে প্ৰতিভাৱান বুলি বিৱেচনা কৰা নতুনৰ লেখাও এই সাহিত্য সম্ভাৰৰ মাজত আছে। সকলো লেখা সমান মানবিশিষ্ট হোৱাটো কাহানিও সম্ভৱ নহয়। মান বোলা গুণটোও আপেক্ষিক আৰু ৰুচিনিৰ্ভৰ। তথাপি অন্যযুগত নতুন লেখকৰ লেখাৰ সচেতন পঠনৰ যোগেদি সম্ভাৱনাক ইতিবাচক সমৰ্থন দিবলৈ যত্ন কৰা হৈছে। নতুন লেখকসকলৰ সম্ভাৱনাক কোনোবাইতো তুলি ধৰিবই লাগিব। এতেকে, বহু 'প্ৰতিষ্ঠিত পণ্ডিত'-এ কোনজন লেখকৰ কিমান লেখা প্ৰকাশ হৈছে তালৈ লক্ষ্য কৰি লেখা বাছনি কৰিলেও 'অন্যযুগ'-ৰ সম্পাদনা কক্ষই সেই দৃষ্টিভঙ্গী মানি নচলে, বৰং তাৰ বিৰোধহে কৰে। লেখা একোটা লেখা হিচাপেই মূল্যৱান হ'ব লাগিব, লেখকৰ নাম-যশ, প্ৰতিষ্ঠা আদিয়ে লেখাৰ মান কদাপি নিৰ্ণয় কৰিব নোৱাৰে। 

দেশী-বিদেশী বিভিন্ন শ্ৰেষ্ঠ লেখাৰ অনুবাদ নিয়মীয়াকৈ প্ৰকাশ কৰিবলৈ 'অন্যযুগ'-এ ইতিমধ্যে আৰম্ভ কৰাটো নিশ্চয় পাঠকসকলে লক্ষ্য কৰিছেই। লগতে আমি গুৰুত্ব দিব খুজিছোঁ শিশু আৰু কিশোৰসকলৰ বাবে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাত, যাতে আমাৰ ভৱিষ্যতৰ মানুহখিনি মৰ্যাদাসম্পন্ন মন-মস্তিষ্কৰ অধিকাৰী হৈ উঠিবগৈ পাৰে। আমি গুৰুত্ব দিব খুজিছোঁ চিত্ৰ-ভাস্কৰ্যৰ অনুশীলনত জীৱন পাত কৰিও শিল্পী বুলি স্বীকৃতি নোপোৱা সৃষ্টিকাতৰ মানুহখিনিৰ শিল্পবস্তু সম্পৰ্কীয় আলোকপাতত। বিজ্ঞান আৰু যুক্তিবাদী চিন্তাৰ প্ৰতিও 'অন্যযুগ' সদায়ে শ্ৰদ্ধাশীল হৈ থাকিব। প্ৰসঙ্গতঃ উল্লেখযোগ্য যে কেৱল কম্পিউটাৰ বা ম'বাইল ফ'নৰ স্ক্ৰিনত পঢ়িব পৰা সুবিধাজনক ব্যৱস্থা এটা কৰিলেই তাক অনলাইন্ আলোচনী বোলা নাযায়। কাৰিকৰী দিশতো অনলাইন্ আলোচনী বা গ্ৰন্থৰ বহু বিশেষত্ব থাকে। এনে  সকলো বিশেষত্ব আহৰণ কৰিবলৈ 'অন্যযুগ'-ৰ সম্পাদনা কক্ষই সকলো ধৰণৰ যত্ন অব্যাহত ৰাখিছে।

সদাশয় পাঠকসকলৰ প্ৰতি সবিনয় নিৱেদন ঃ 'অন্যযুগ'-ৰ দোষ-দুৰ্বলতাবোৰ যাতে ইতিবাচক দৃষ্টিৰে আঙুলিয়াই দিয়ে। সকলোকে সন্তুষ্ট কৰাটো যদিও সম্ভৱ নহয় বা তেনে কৰাটো কাৰো উদ্দেশ্যও হ'ব নালাগে, তথাপি পাঠকৰ মানসিক খাদ্যৰ ব্যৱস্থা কৰিবলৈ 'অন্যযুগ' দৃঢ়প্ৰতিজ্ঞ- যি খাদ্যই  মানুহৰ মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু বিকাশ কৰাত সহায়ক হ'ব।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ