অন্যযুগ/


নিমাতী ঘাট, কিছু দুৰ্ভাগ্য আৰু কিছু আশা

         ক’ভিড আতঙ্কৰ বাবে যোৱা দুটা বছৰৰ শাৰদীয় দুৰ্গোৎসৱ সেমেকা আছিল বা পালনীয়খিনি পালন কৰিব পৰা পৰিস্থিতি নাছিল৷ সম্প্ৰতি চৰকাৰীভাৱে ক’ভিড পৰিস্থিতি উন্নত হোৱা বুলি ঘোষণা কৰা হৈছে আৰু বিভিন্ন বিধি-ব্যৱস্থাৰ মাজেদি শাৰদীয় দুৰ্গোৎসৱ পালন কৰিব পৰা যাব বুলি চৰকাৰৰ পক্ষৰপৰা ঘোষণা কৰা হৈছে৷ অৱশ্যে আমি সদায়ে চকুৰ আগতে দেখা সমাজখনত ক’ভিড  পৰিস্থিতি উন্নত হোৱা যেন লগা নাই৷ 

        সি যি নহওক, উৎসৱপ্ৰিয় জাতি হিচাপে আমি নিশ্চয় মহাসমাৰোহে দুৰ্গোৎসৱ পালন কৰিম৷ আমি উৎসৱৰ আনন্দৰ মাজতে কিছুমান ঘটনা আৰু দুৰ্ঘটনাৰ কথা অতি সোনকালেই পাহৰিও যাম৷ ফলস্বৰূপে ‘চক্ৰৱৎ পৰিৱৰ্তন্তে’ আপ্তবাক্যষাৰৰ সূত্ৰ ধৰি ভৱিষ্যতে আকৌ একে ধৰণৰ দুৰ্ঘটনাই আমাক আকৌ বাৰে বাৰে আমনি কৰি থাকিব৷

        তেনে এটা দুৰ্ঘটনা আছিল নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনা৷ সামৰ্থ্যতকৈ বহু বেছি যাত্ৰী আৰু সামগ্ৰী বোজাই কৰা ফেৰী এখন ঘাটৰপৰা কেই মিটাৰমান আঁতৰি যাওঁতেই বিপৰীত দিশৰপৰা অহা আন এখন ফেৰীয়ে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত কেই মিনিটমানৰ ভিতৰতে প্ৰথমখন ফেৰী পানীত বুৰ যায়৷ চৰকাৰীভাৱে তিনিজন লোকে উক্ত ঘটনাত প্ৰাণ হেৰুৱায় বুলি ঘোষণা কৰা হ’লেও প্ৰকৃততে ফেৰীখনতনো কিমান যাত্ৰী গৈছিল আৰু তাৰে ভিতৰত কিমানজন নিখোজ হ’ল তাৰ কোনো লিপিৱদ্ধ পৰিসংখ্যা কাৰো হাততে নাই৷

        প্ৰসঙ্গক্ৰমে আমাৰ যাতায়াত ব্যৱস্থাৰ সৈতে জড়িত আমি লক্ষ্য কৰা কেইটামান দিশ প্ৰকাশ কৰিব খুজিছোঁ৷ আমাৰ ৰাজহুৱা যাতায়াত ব্যৱস্থাত সাধাৰণতে বাছ আৰু ৰে’লগাড়ীৰ ব্যৱহাৰেই সৰ্বাধিক৷ জলপথৰ ব্যৱহাৰ এতিয়াও একেবাৰে উপায়ান্তৰ মানুহখিনিৰ মাজত সীমাৱদ্ধ হৈ আছে৷ বিনোদনৰ বাবে জলপথেদি যাত্ৰা কৰা প্ৰসঙ্গটো সুকীয়া৷ একেদৰেই উৰাজাহাজৰ যোগেদি যাতায়াত কৰা লোকসকলো সমাজৰ এটা বিশিষ্ট অংশহে –শতাংশ হিচাপত যাৰ সংখ্যাটো তেনেই সৰু৷ এতিয়া কথা হ’ল, অসমত আমি দেখাখিনিৰ ভিতৰত কেৱল চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ উদ্যোগত ছুপাৰ বাছ বুলি চলোৱা দীৰ্ঘ দূৰত্বৰ বাছযাত্ৰাতহে টিকট একোটাৰ বিনিময়ত যাত্ৰীৰ নাম-ঠিকনা নথিভুক্ত কৰা হয়৷ মধ্যমীয়া আৰু হ্ৰস্বদূৰত্বৰ বাছযাত্ৰাৰ বেলিকা কোনো যাত্ৰীৰে নাম-ধাম লিপিৱদ্ধ কৰাৰ ব্যৱস্থা অন্ততঃ আমি দেখা নাই৷ একেদৰেই বেচৰকাৰী সংস্থাই ছুপাৰ বাছ বুলি চলোৱা দীঘ ৰ্দূৰত্বৰ বাছযাত্ৰাত টিকটৰ বিপৰীতে যাত্ৰীৰ নাম-ধাম লিখাৰ ব্যৱস্থা থাকিলেও তেনে গাড়ীৰ চালক-পৰিচালকৰ লোভ (হয়তো বহু সময়ত মালিক পক্ষৰো)-ৰ কাৰণেই বাটে-পথে বিভিন্ন যাত্ৰী উঠোৱা-নমোৱা কৰা হয়৷ আনহে নালাগে যাত্ৰীৱাহী বাছত মাজৰাতি বিভিন্ন পণ্যসামগ্ৰী বোজাই কৰি পৰিৱহন কৰোৱাৰো নজিৰ এইখন অসমতে আছে৷ এনে বাছযাত্ৰা কিমান নিৰাপদ? সংশ্লিষ্ট চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে এই ক্ষেত্ৰত যাত্ৰীসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে বুলি যিকোনো সচেতন মানুহৰে মনত প্ৰশ্ন উঠাটো স্বাভাৱিক৷

        একেদৰেই ছুপাৰ এক্সপ্ৰেছ ৰে’লগাড়ী কেইখনমান বাদ দি বাকী প্ৰায় সকলো ৰে’লগাড়ীতে ‘সাধাৰণ যাত্ৰী’ হিচাপে কিমান টিকট বিক্ৰী কৰা হয়? একোখন ৰে’লগাড়ীত কিমান মানুহ উঠা উচিত সেইটো নিশ্চিতভাৱে নিৰ্ভৰ কৰিব গাড়ীখনত কোন কোন স্তৰৰ কেইটা ডবা লগোৱা আছে তাৰ ওপৰত৷ কিন্তু  ‘সাধাৰণ যাত্ৰী’ৰ ক্ষেত্ৰত অসীম সংখ্যক টিকট বিক্ৰী কৰিবলৈও ৰে’ল বিভাগে কাহানিও পিছ হোঁহকা দেখা নাযায়৷ কিন্তু যিমান লোকক সাধাৰণ যাত্ৰীৰ টিকট বিক্ৰী কৰা হয় সেইসকলৰ নাম-ঠিকনা ৰে’ল বিভাগে কাহানিও নথিভুক্ত নকৰে৷ ফলত যিকোনো অবাঞ্ছনীয় দুৰ্ঘটনাৰ পাছত আহত বা নিহত ব্যক্তিৰ প্ৰকৃত পৰিসংখ্যাটো পোৱা নাযায়৷ বহু সময়ত নিখোজ হোৱা ব্যক্তি একোজনৰ সবিশেষো চিৰদিনলৈ প্ৰকাশ নোহোৱাকৈয়ে থাকি যায় যি হয়তো তেনে একোখন ৰে’লগাড়ীতে যাত্ৰা কৰিছিল৷

        জল পৰিৱহন ব্যৱস্থাটোৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা প্ৰকৃততে কেইবাগুণো বেছি হোৱা উচিত৷ পৰিৱহনৰ কামত ব্যৱহৃত নাও বা জাহাজৰ ভৌতিক অৱস্থা, ইঞ্জিনৰ শক্তি, বিকল্প ইঞ্জিনৰ ব্যৱস্থা, যাত্ৰীসকলৰ বাবে জীৱনদায়িনী পোছাক, ডাঙৰ জাহাজৰ বেলিকা দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ সৰু নাৱৰ ব্যৱস্থা আদি৷ পিছে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদৰ বিভিন্ন ঘাটত যাত্ৰীসকলক পাৰাপাৰ কৰাৰ নামত পুৰণিকলীয়া কাঠৰ নাও একোখনকে ব্যৱহাৰ কৰি অহাটো এই একবিংশ শতিকাৰ তৃতীয় দশকত নিঃসন্দেহে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক৷ বিভিন্ন সময়ত আভ্যন্তৰীণ জল পৰিৱহন বিভাগে বহু শ কোটি টকা খৰচ কৰি বিদেশৰপৰা ডাঙৰ ডাঙৰ জাহাজ কিনি আনে কিন্তু কেইদিনমান চলোৱাৰ পাছতে বা এদিনো নচলোৱাকৈয়ে তেনে জাহাজ পৰিত্যক্ত অৱস্থাত থাকি থাকি ধ্বংস হোৱাটো সকলোৱে দেখি অহা সত্য৷ এনে ডাঙৰ জাহাজ অচল হৈ পৰি থকাৰ যুক্তি হিচাপে কোৱা হয় যে খৰালি ব্ৰহ্মপুত্ৰৰ পানী কমি গ’লে তেনে জাহাজ চলাব নোৱাৰি৷ এনে মতৰ বিপৰীতে আমাৰ মনত প্ৰশ্ন উঠে– যিসকল বিশেষজ্ঞৰ দিহামতে খৰালি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলাব নোৱৰা জাহাজ কোটি কোটি টকা খৰচ কৰি ক্ৰয় কৰা হয়, সেইসকল মূৰ্খ নেকি? এনে প্ৰশ্ন সোধাৰ অধিকাৰ আমাৰ নিশ্চয় আছে, কাৰণ তেনেকৈ খৰচ কৰা কোটি কোটি টকাত আমাৰো অংশ আছে৷

    পিছে পটৰ আঁৰৰ সত্যটো হৈছে, ডাঙৰ ডাঙৰ চৰকাৰী জাহাজ চলিলে সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল কেৱল দৰমহাৰ সীমিত পইচাৰেই চলিবলগীয়া হয়৷ কিন্তু চৰকাৰী নাও-জাহাজ চলোৱা বন্ধ কৰি বেচৰকাৰী লেচীক যদি ঘাটেদি যাত্ৰী তথা পণ্য পৰিৱহনৰ দায়িত্ব দি দিয়া হয় তেন্তে চৰকাৰী বিষয়াবৰ্গৰ কামো কমে আৰু উপাৰ্জনো ভাল হয়৷ নিমাতী ঘাটৰ দুৰ্ঘটনাটোৰ পাছৰ কেইদিনত সংশ্লিষ্ট ঘাটৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আমি পাৰ হৈ যোৱা বহুদিনৰ উপস্থিতিৰ চহী একেদিনাই কৰা বুলি স্পষ্টভাৱে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাটো এই কথাৰে প্ৰমাণ৷ একে সময়তে আৰু এটা প্ৰশ্ন আমাৰ মনত উদয় হৈছে। মটৰ চাইকেল বা গাড়ী চলাবলৈ শিকাৰ পাছত ব্যক্তি এজনক নিৰ্দিষ্ট বিভাগ এটাই অনুজ্ঞাপত্ৰ দিয়ে। আমাৰ নদীসমূহত চলি থকা মেশ্যিনযুক্ত নাও বা ফেৰীবোৰৰ চালকসকল তেনেকৈ অনুজ্ঞাপ্ৰাপ্ত নে? পথ-পৰিৱহন বা আকাশী পথ-পৰিৱহনৰ বাহন চালনাৰ প্ৰশিক্ষণৰ দৰে অসমৰ নৌচালকসকলক ক'ত কেনেকৈ প্ৰশিক্ষণ দিয়া হয়?

        এনেকৈ গা এৰা মনোভাবৰ কৰ্মচাৰীসকলক ৰাইজৰ ধনেৰেই লাখ লাখ টকাৰ দৰমহা আদায় দিয়া হয় আৰু তেওঁলোকে ৰাইজৰ জীৱনক লৈয়ে সদায়ে হেতালি খেলে৷ চৰকাৰে এনে কৰ্মচাৰীসকলক নিশ্চিতভাৱে স্বেচ্ছা অৱসৰ ল’বলৈ বাধ্য কৰা উচিত৷

        অসমৰ বিশেষকৈ মাজুলীবাসী ৰাইজে ইতিহাসে ঢুকি পোৱা সময়ৰপৰা এতিয়ালৈকে বৰনৈৰ বুকুৰে চুলিত জীৱ বান্ধি বহিৰ্জগতলৈ অহা-যোৱা কৰিবলগীয়া হৈ থকাটো ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনৰ বাবে লজ্জাজনক বিষয়৷ মাজুলীলৈ দুদিনৰ কাৰণে ফুৰিবলৈ গৈ ৰোমান্তিক দৃষ্টিৰে মাজুলীবাসীক লক্ষ্য কৰা লোকে তেওঁলোকৰ জীৱন যাত্ৰাৰ সংকটৰ মুহূৰ্তবোৰত বৰনৈৰে পাৰাপাৰ হোৱাৰ যন্ত্ৰণা দেখা নাপায়৷ ডাঙৰ ডাঙৰ নেতাসকলেও বাস্তৱৰ সমস্যাসংকীৰ্ণ মাজুলীখন দেখা নাপায়৷ একেদৰে ৰাজকীয় জীৱন কটোৱা চাৰিসত্ৰীয়া সত্ৰাধিকাৰকেইজনেও মাজুলীতে থাকিও মাজুলীবাসীৰ আৰ্তনাদ শুনা নাপায়৷ অথচ এই তিনিটা স্তৰৰ মানুহৰ মতৰ ভিত্তিতে মাজুলীবাসীৰ বাবে বহিৰ্জগতৰ সৈতে পথ যোগাযোগৰ ব্যৱস্থা হোৱা উচিত নে অনুচিত সেইটো নিৰ্ণীত হৈ আহিছে৷ অৱশ্যে, প্ৰাকৃতিক সৌন্দৰ্যৰ বাহিৰে মাজুলীৰপৰা কেন্দ্ৰীয় চৰকাৰে আহৰণ কৰিব পৰা বিশেষ সম্পদ অন্ততঃ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই৷ যদি মাজুলীৰ ভূগৰ্ভত তেল, প্ৰাকৃতিক গেছ বা কয়লা আছে বুলি প্ৰমাণ পোৱা যায় তেন্তে নিশ্চিতভাৱে তিনি-চাৰি বছৰৰ ভিতৰতে যোৰহাটৰপৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং এখন হৈ উঠিলহেঁতেন আৰু ‘ফেৰী’ বোলা অবিজ্ঞানসম্মত আওপুৰণি কাঠৰ নাৱত উঠি জীৱন-মৰণৰ টনা-আঁজোৰাৰ মাজত মাজুলীবাসীয়ে কালাতিপাত কৰিব নালাগিলহেঁতেন৷

        নিমাতীঘাটৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত আগন্তক চাৰি বছৰৰ ভিতৰত যোৰহাট আৰু মাজুলী সংযোগী দলং নিৰ্মাণ হৈ উঠিব৷ কিন্তু ঘোষিত দলংখনৰ বাবে জৰীপ, প্ৰাক্‌কলন আদি একোৱেই কৰা হোৱা নাই৷ সেইখিনি কামতে দেখোন উঠি-পৰি লাগিলেও দুবছৰ সময় লাগিবই৷ তাৰ পাছত নিবিদা প্ৰক্ৰিয়া আছেই৷ এনে প্ৰক্ৰিয়াবোৰৰ কাষেদিও নোযোৱাকৈ একেকোবে চাৰি বছৰৰ ভিতৰত দলং নিৰ্মাণ হ’ব, দলং নিৰ্মাণৰ ব্যয় হ’ব ইমান শ ইমান কোটি টকা আদি কথাবোৰ বিশ্বাসযোগ্য নহয়৷ এনে বিষয়বোৰ ভুক্তভোগী ৰাইজে দায়িত্ব সহকাৰে লক্ষ্য কৰা উচিত৷

        কাৰণ আমাৰ চৰকাৰেই ব্ৰহ্মপুত্ৰৰ বুকু খান্দি শদিয়াৰপৰা ধুবুৰীলৈ জাহাজ চলোৱাৰ কথা কৈছিল, ফল একো নহ’ল৷ কৈছিল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে দুটা এক্সপ্ৰেছ হাইৱে’ সজাৰ কথা৷ সেইঅনাও কাহানিবাই ডে’লে৷ কোৱা হৈছিল গুৱাহাটীত দক্ষিণ-পূব এছিয়াৰ বাণিজ্য কেন্দ্ৰ হিচাপে টুইন টাৱাৰ সজাৰ কথা৷ সেইদুটা ঘৰো আজিলৈকে সজা নহ’ল৷ মাজুলী জিলাখনক ডিজিটেল জিলালৈ উন্নীত কৰাৰ কথাও কোৱা হৈছিল৷ মাজুলীত ইণ্টাৰনেট ব্যৱস্থা কেনে মাজুলীবাসীয়ে নিশ্চয় জানে৷ এনে মিথ্যাচাৰৰ আশ্ৰয় লৈ কিয় বাৰে বাৰে আমাৰ পৰিচালকসকলে আমাক আভুৱা ভাঁৰিছে বুজা নাযায়৷ অৱশ্যে‍ দুবাৰকৈ আধাৰশিলা প্ৰতিষ্ঠা কৰা প্ৰস্তাৱিত দলংখনৰ জৰীপ বা প্ৰাক্‌কলনৰ কাম যদি আগতীয়াকৈ কৰা হৈছিল তেনেহ’লে কথা বেলেগ। তথাপি এটা কিন্তু থাকি যায়। যদিহে প্ৰাক্‌কলন আজিৰপৰা দুই-তিনি বছৰৰ পূৰ্বে কৰা হৈছিল তেন্তে তেতিয়াৰ খৰচত আজিৰ তাৰিখত দলংখন হৈ উঠিব জানো? তাৰ মাজতো খবৰ ওলাইছে যে দলং নিৰ্মাণৰ সামগ্ৰী ইতিমধ্যে আহি পাইছেহি। যদি ই সঁচা তেন্তে নিশ্চয় পলমকৈ হ’লেও আশাৰ খবৰ।

        আমি যোৰহাট আৰু লখিমপুৰৰ মাজত পথ যোগাযোগ ব্যৱস্থা উন্নীত হোৱাটো বিচাৰোঁ৷ ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশতো এই পথ যোগাযোগ ব্যৱস্থা খুব গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি ভাবিব পাৰি৷ কাৰণ যোৰহাট আৰু লখিমপুৰৰ দূৰত্ব কেৱল ৬৯. কিল’মিটাৰ৷ অথচ এই সামান্য দূৰত্ব অতিক্ৰম কৰিবলৈকে মানুহে একোটা দিন খৰচ কৰিবলগীয়া হয়৷ লখিমপুৰৰপৰা খাবলু ঘাট, কমলাবাৰী হৈ যোৰহাটলৈকে যদি পথ যোগাযোগ স্থাপন কৰিব পাৰি তেন্তে ভৱিষ্যতে এই পথটো নিশ্চিতভাৱে সেনা আৰু অস্ত্ৰ সঞ্চালনৰ দিশতো সহায়ক হৈ উঠিব৷ একে সময়তে মাজুলীলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকসকলৰ বাবেও মাজুলী পৰ্যটন এটা আনন্দদায়ক অভিজ্ঞতা হৈ উঠিব৷

‘অন্যযুগ’ৰ সুহৃদ পাঠক সমাজলৈ শাৰদীয় ওলগ আৰু শুভকামনা জনাইছোঁ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ