সততা বুলিলে কি বুজায়
সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি
অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি
নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা থাকিবলৈ সক্ষম হওঁ? সততা মানুহৰ
জীৱন যাপনৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল এটা ধাৰণা আৰু একে সময়তে জীৱন যাপনৰ পদ্ধতিও
ইয়াৰ ওপৰত নিৰ্ভৰশীল৷ মানুহৰ জীৱন-জীৱিকাৰ সকলো ক্ষেত্ৰতে সমষ্টিৰ অপকাৰ নোহোৱাকৈ
নিজৰ কৰণীয়খিনি নিঃস্বাৰ্থভাৱে কৰাটোকে সাধাৰণভাৱে সততাৰ উদাহৰণ বুলিব পাৰি৷ মানুহ
যিহেতু সামাজিক জীৱ সেয়ে মানুহে যিকোনো কাম কৰোঁতে সমষ্টিৰ কল্যাণৰ চিন্তা কৰিবই
লাগিব৷ কাৰণ সমাজখনৰ ক্ষতি মানে পাকে প্ৰকাৰে সেই সমাজৰ অংশীদাৰ প্ৰতিজন মানুহৰে
ক্ষতি৷
এইখিনি কথাকে
আৰু সহজভাৱে বুজিবলৈ যত্ন কৰোঁচোন৷
ধৰা হ’ল এটা
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ নতুন গৃহনিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ বিভিন্ন
ঠিকাদাৰ আহি কামটো কেনেকৈ কৰিব লাগিব জানি সেইমতে নিজা নিজা প্ৰস্তাৱ দাখিল কৰিলে৷
তেনে দুটা প্ৰস্তাৱ অনুসৰি নিৰ্মাণ হ’বলগীয়া ঘৰৰ সকলো দিশ একে৷ কিন্তু আচৰিত
হ’বলগীয়াকৈ খৰচৰ প্ৰস্তাৱত দুয়োজন ঠিকাদাৰৰ মাজত প্ৰায় বিছ লাখ টকাৰ পাৰ্থক্য দেখা
গ’ল৷ অথচ মন কৰিবলগীয়া যে দুয়োজনে চৰকাৰীভাৱে নিৰ্ধাৰিত দৰতে নিজা প্ৰাক্কলন
প্ৰস্তুত কৰিছে৷ সংশ্লিষ্ট কৰ্তৃপক্ষই আলোচনা-বিলোচনা কৰিলে৷ আটাইতকৈ শক্তিশালী
ব্যক্তিজন অৰ্থাৎ ভাৰপ্ৰাপ্ত বিষয়াজন আৰু আৰ্থিক লেনা-দেনাৰ কাম-কাজ চোৱা-চিতা কৰা
কৰ্মচাৰীজনে বাকীসকলক প্ৰভাৱান্বিত কৰিবলৈ যত্ন কৰিলে যে বেছি খৰচ হোৱাৰ
পৰিকল্পনাটো ভাল৷ আনটো পৰিকল্পনাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হ’ব৷ তদুপৰি
সেইজন ঠিকাদাৰে কাম হৈ থকা সময়ত মাজে মাজে পইচা বিচাৰি আহে যিটো অসুবিধাজনক৷
এইটো এটা
কল্পিত উদাহৰণ৷ এনে ঘটনা কিন্তু আমাৰ সমাজত প্ৰায় দৈনন্দিন ঘটিবই লাগিছে৷ এই ঘটনাৰ
সৈতে জড়িত ঠিকাদাৰ দুজনৰ এজন বেছ ধনী, যিজনে
চল্লিছ-পঞ্চাছ লাখ টকাৰ কাম বাকী হিচাপে কৰি দিবলৈ পিছ নোহোঁহকে৷ তুলনাত আনজন
আৰ্থিকভাৱে কিছু দুৰ্বল, যি কাৰণত তেওঁ কামৰ
মাজে মাজে কিছু ধন বিচাৰিবলৈ বাধ্য হয়৷ কিন্তু প্ৰথমজনে প্ৰায় বিছ লাখ টকা বেছিকৈ
ঘটিব যি সামগ্ৰী আৰু কামৰ বিনিময়ত, সেই একেখিনিৰ বিনিময়ত
দ্বিতীয়জনে সেই বিছলাখ টকা নঘটাকৈয়ে থাকিব৷ সেই বিছলাখ টকা নঘটিলেও কিন্তু কামটোৰ
বিনিময়ত তেওঁ লাভ কৰিব৷ লাভ নকৰিলে তেওঁ খাব কি?
ব্যৱসায় বোলা
কামটোৰ সৈতে সদায়ে লাভ বোলা কথাটো জড়িত হৈ থাকে৷ লাভ নকৰিলে ব্যৱসায়ী কেনেকৈ চলিব? কিন্তু সকলো
নীতিগত মান ৰক্ষা কৰি ব্যৱসায় কৰিলেও লাভ কৰিব পাৰি৷ বহু ব্যৱসায়ীৰ কাৰণে এই
কথাষাৰ তেনেই বিশ্বাস কৰিব নোৱৰা ধৰণৰ৷ বিশেষকৈ অসমীয়া ব্যৱসায়ীসকলৰ মাজত এনে নীতি
মানি ব্যৱসায় কৰা ব্যৱসায়ীৰ সংখ্যা বৰ কম৷ আমাৰ ব্যৱসায়ীসকলৰ কাৰবাৰবোৰ এনে ধৰণৰ –
ক) যিছোৱা
বাটত বাছৰ ভাড়া দহ টকা, ৰাতি ন-দহ বজাৰ পাছত
সেইছোৱা বাটৰে ভাড়া হয়গৈ ত্ৰিছ বা চল্লিছ টকা৷
খ) ওপৰ ফালে
ডাঙৰ আকাৰৰ এখিলা আৰু তলফালে ডাঙৰ আকাৰৰ আন এখিলা পাণ দি মাজত সৰু-সুৰা গেলা-পঁচা
পাণ কিছুমান দি শলা এডালেৰে চিলাই কৰি ডাঙৰ পাণৰ প্ৰতীতি সৃষ্টি কৰি সৰহ মূল্যত
বিক্ৰী কৰাটো৷
গ) প’লিথিনৰ
পেকেটত বিক্ৰী কৰা খাদ্যবস্তু ভাল হৈ থকাৰ ম্যাদ শেষ হ’লে বিশেষ ৰাসায়নিক পদাৰ্থৰে
উৎপাদনৰ তাৰিখটো মচি পুনৰ নতুন তাৰিখ এটা ছপা কৰি পুনৰ বিক্ৰী কৰাটো৷
ঘ) নতুন সাজ
একোটাৰ মাজত পুৰণি যন্ত্ৰ-পাতি লগাই বিভিন্ন মেশ্যিন বিক্ৰী কৰাটো৷
ঙ) নানান
ৰঙীণ কথা কৈ গ্ৰাহকৰ মন জয় কৰি
সামগ্ৰী বিক্ৰী কৰাৰ পাছত দিবলগীয়া সেৱাৰ বেলিকা বিভিন্ন অজুহাত দেখুৱাই পলায়ন
কৰিব খোজাটো৷
চ) পণ্য
সামগ্ৰী একোবিধৰ ব্যৱহাৰৰ মূল উদ্দেশ্যক গৌণ হিচাপে দেখুৱাই অন্যান্য উপৰঞ্চি
বিশেষত্বত গুৰুত্ব আৰোপ কৰি গ্ৰাহকক প্ৰতাৰণা কৰাটো৷ ইত্যাদি৷
এনে অনেক
ঘটনাৰে আমাৰ বজাৰ-ঘৰ ভৰি আছে৷ ভাল আলুৰ সৈতে দুটা গেলা আলু ভৰাই দি পঠোৱা
দোকানীজনৰ চৰিত্ৰটো সকলো ব্যৱসায়তে আমি দেখোঁ৷ এনে বিক্ৰেতাসকলৰ সৈতে কথা পাতোঁতে
মনত এনে ধাৰণা সৃষ্টি হয়– ‘প্ৰকৃততে সততাৰ মূৰ্তৰূপ এইজন ব্যক্তিয়েই৷’
কিন্তু সৎ
ব্যৱসায়ীও নোহোৱা নহয়৷ অসমৰ এজন প্ৰসিদ্ধ শিল্পী দেৱকৃষ্ণ বৰুৱাই ভাস্কৰ্য
নিৰ্মাণৰ উদ্দেশ্যে প্ৰায় পাঁচশ কিলোমিটাৰ দূৰৈৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰপৰা
অনোৱা বেছ মূল্যৱান ৰাসায়নিক সামগ্ৰী এবিধ ব্যৱসায়ীৰ ভুলৰ কাৰণেই ব্যৱহাৰৰ
অনুপযোগী হৈ পৰিছিল৷ তেওঁ সংশ্লিষ্ট দোকানখনত এনেয়ে কথাষাৰ জনাইছিল৷ পিছে
ব্যৱসায়ীজনে ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল আৰু কেইদিনমানৰ মূৰত তেওঁলৈ একে
পৰিমাণৰ সামগ্ৰী পুনৰাই প্ৰেৰণ কৰিছিল৷ আমি নিজেও এবাৰ আমাৰ চহৰৰে এজন ব্যৱসায়ীৰ
আগত ইয়াত নোপোৱা এবিধ বিশেষ সামগ্ৰীৰ কথা কৈছিলোঁ৷ কিছুদিনৰ পাছত তেওঁ আমাক খবৰ দি
মাতি নিছিল আৰু মই বিচৰা সামগ্ৰীবিধ দিছিল৷ আমি তেতিয়া যিমান আচৰিত হৈছিলোঁ তাতোকৈ
বেছি আচৰিত হৈছিলোঁ সামগ্ৰীবিধৰ দাম দিয়াৰ সময়ত৷ সামগ্ৰীবিধ মুঠতে দহ একক আছিল৷
প্ৰতি এককত ব্যৱসায়ীজনে মোৰপৰা প্ৰায় চাৰে সাতশ টকা কমকৈ লৈছিল৷ আমি প্ৰায় বোবা হৈ
তেওঁৰ মুখলৈ দলিয়াই দিয়া প্ৰশ্নবোধকটো সঠিকভাৱে চিনি পাই তেওঁ হাঁহি মাৰি আমাক
কৈছিল, ‘মই লাভ নকৰাকৈ আপোনাক বস্তু বিক্ৰী কৰা নাই৷’
সঁচাকৈ আমি
আজিও ভাৱোঁ, দেৱকৃষ্ণ বৰুৱাৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা
গুৱাহাটীৰ লাথ ফাইবাৰ নামৰ দোকানখনৰ দোকানীজনে যিটো লাভ কৰিলে সেয়া
ধন হিচাপে লাভ কৰাতকৈ অনন্ত গুণৰ অধিক লাভ৷ এই লাভ হৈছে এজন ব্যক্তিৰ হৃদয়ৰ সমস্ত
কৃতজ্ঞতা৷ আমাৰ বন্ধু ব্যৱসায়ীজনৰ ক্ষেত্ৰতো একেখিনিকে ক’ম৷ কাৰণ, তেওঁলোকে জনাইছে
যে ধনৰ ক্ষেত্ৰতো তেওঁলোকৰ লোকচান হোৱা নাই৷
ইয়াৰ মানে
এইটোৱেই নহয় জানো, সকলো বিধি-নীতি মানি
চলিও ব্যৱসায় কৰিব পাৰি? ব্যৱসায় কৰোঁতে লাভ
কৰিব লাগে সঁচা কথা৷ কিন্তু ব্যৱসায় কৰোঁতে মানুহক ঠগিব নালাগেটোও সমানেই সঁচা
কথা৷ ই সকলো ব্যৱসায়তে খটা এক সাধাৰণ তত্ত্ব৷
সাম্প্ৰতিক
সময়ত ৰাজনীতিও এক প্ৰকাৰ ব্যৱসায়েই৷ ৰাজনৈতিক ক্ষমতা আহৰণ কৰা লোকসকলে নিজাকৈ কোনো
স্পষ্ট জীৱিকাৰ উপায় নোহোৱা সত্তেও এক প্ৰকাৰ ৰাজকীয় জীৱনঅতিৱাহিত কৰা দেখা যায়৷
তদুপৰি তেওঁলোকে বিভিন্ন সা-সুবিধা লাভ কৰা দেখা যায় যিবোৰ সা-সুবিধা সৰ্বসাধাৰণ
মানুহে লাভ নকৰে৷ তাৰ পাছতো ৰাজনীতিৰ ক্ষমতাৰে ক্ষমতাশালীসকলে সৰ্বসাধাৰণক অন্ধকাৰত
ৰাখি ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ অভিযোগ আমি প্ৰায়ে পঢ়িবলৈ আৰু শুনিবলৈ পাওঁ৷
এনে ক্ষমতাশালীসকলেই ৰাষ্ট্ৰক প্ৰবঞ্চনা কৰা দুবৃত্তৰ সম্মুখত বিষ নোহোৱা সাপৰ
ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে দুখীয়া জনসাধাৰণৰ বাবে বিষাক্ত সৰ্পৰ ৰূপ লয়৷ কেৱল
আত্মস্বাৰ্থ বা দলগত স্বাৰ্থ পূৰণৰ স্বাৰ্থতে এনে ৰাজনীতিকসকলে প্ৰকাৰান্তৰে নিজৰ
দেশখনকে ক্ষতিগ্ৰস্ত কৰে৷ আমাৰ কাষৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ৰাজনীতিকসকলেই এনেকুৱা
যি কাৰণত দিনক দিনে স্বাধীন পাকিস্তান এখন ভিক্ষাৰীৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে৷
সকলো
বিধি-নীতি মানি চলিও ৰাজনীতিৰ ব্যৱসায় কৰিব কৰোঁতে ঈপ্সিত লাভ কৰিব লাগে যেনেকৈ তেনেকৈয়ে মানুহক ঠগিবও
নালাগে৷ এই নীতি ৰাজনীতিৰ ব্যৱসায়তো নিঃসন্দিগ্ধ সত্য৷ ঠগ ৰাজনীতিকবোৰে বেছি দিন
ব্যৱসায় কৰিবলৈ নাপায়৷ সময়ত ৰাইজে তেনে ৰাজনীতিকৰপৰা কিনিবলৈও এৰে, বিকিবলৈও
এৰে৷