অন্যযুগ/


পৃথিৱীৰ অসুখৰ খবৰ কোনে ৰাখিছে

 

পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি বিগত শতিকাৰ অষ্টম দশকতে বিজ্ঞানীসকলে ধৰা পেলাইছিল আৰু তাৰ ক্ষতি ৰোধ তথা মেৰামতি কৰাৰ উদ্দেশ্যে বিশেষ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভিন্ন দেশে সংকল্প গ্ৰহণ কৰিছিল৷ তেনে ইতিবাচক পদক্ষেপৰ কাৰণেই শেহতীয়াকৈ অ’য’ন স্তৰটোৰ ক্ষতি কমি অহা বুলি প্ৰমাণ হৈছে৷ ই নিশ্চিতভাৱে পৃথিৱীৰ সুৰক্ষিত ভৱিষ্যতৰ হকে এটা ভাল খবৰ৷

কিন্তু বিগত কিছু বছৰত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ উষ্ণতা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মেৰু অঞ্চলৰ হাজাৰ হাজাৰ মাইলজোৰা বৰফৰ খণ্ড গলিবলৈ আৰম্ভ হৈছে আৰু সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছে৷ আনহাতে নদীৰ পানী প্ৰদূষিত হোৱাৰ লগতে সামুদ্ৰিক যাতায়াতৰ ফলত ক্ৰমে ক্ৰমে সমুদ্ৰৰ পানীও প্ৰদূষিত হৈছে আৰু তেনে প্ৰদূষণৰ ফলত বহু সামুদ্ৰিক জীৱৰ জীৱনলৈ সংকট নামি আহিছে৷ এইবোৰ বৰ উদ্বেগজনক তথ্য৷ আন এটা উদ্বেগৰ বিষয় এয়ে যে একাধিক মৰু অঞ্চলতো তাণ্ডৱৰ ৰূপত বানপানী হৈছে৷  শেহতীয়াকৈ প্ৰশান্ত মহাসাগৰৰ বুকুত বিপুল পৰিমাণৰ লিথিয়াম জমা থকাৰ তথ্য উদ্‌ঘাটিত হোৱাৰ পাছত বিভিন্ন কোম্পানীয়ে সেই লিথিয়াম আহৰণৰ বাবে বিভিন্ন দেশৰ চৰকাৰসমূহৰ ওচৰত আৰ্জি পেছ কৰিছে৷ যদিহে প্ৰশান্ত মহাসাগৰৰ বুকুত লিথিয়াম আহৰণৰ কাণ্ড-কাৰখানা আৰম্ভ হয় তেন্তে সি কেৱল সামুদ্ৰিক প্ৰদূষণৰে সৃষ্টি নকৰে; বিপৰীতে সমগ্ৰ পৃথিৱীৰে ভৱিষ্যত অন্ধকাৰ কৰি তুলিব৷ কাৰণ, সঁচা-মিছা নাজানো যদিও পঢ়িবলৈ পোৱামতে প্ৰশান্ত মহাসাগৰত ইতিমধ্যে দুখন টেক্টনিক প্লে’টৰ প্ৰায় সংযোগস্থলত কিছুমান ছিদ্ৰ সৃষ্টি হৈছে যিবোৰ ছিদ্ৰৰ কাৰণে অদূৰ ভৱিষ্যতে এক অভাৱনীয় ধৰণৰ বৃহৎ ভূমিকম্পৰো আশঙ্কা সৃষ্টি হৈছে৷ অহা ২০৫০ চনত সেই ভূমিকম্পৰ আশঙ্কা ৩৭ শতাংশ আৰু ২১০০ চনত তাৰ আশঙ্কা ৯০ শতাংশ৷

যোৱা ১৯৯০ চনমানৰপৰা সমগ্ৰ পৃথিৱী জুৰি আৰম্ভ হোৱা মুক্ত অৰ্থনীতিৰ ফলস্বৰূপে পৃথিৱীত বিশাল বিশাল দালানৰ সংখ্যা বৃদ্ধি পালে৷ বহুমহলীয়া অট্টালিকা সজাৰ নামত বহু গছ-বন ধ্বংস কৰা হ’ল, বহু জলভাণ্ডাৰ পুতি পেলোৱা হ’ল৷ এতিয়া মানুহে মাজে মাজে বৃক্ষৰোপণ বোলা কথা এটা কয়, কিন্তু গছৰ সংখ্যাহে ক্ৰমে ক্ৰমে আগতকৈও কমি গৈ আছে৷ বছৰ বছৰ ধৰি স্কুল-কলেজৰ লাখ লাখ ল’ৰা-ছোৱালীয়ে গছপুলি ৰুই ৰুই ফ’টো আপল’ড কৰিয়েই আছে অথচ গছৰ সংখ্যাহে বৃদ্ধি হোৱা নাই! ৰষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত অসমতে কত হাজাৰজোপা প্ৰাচীন আৰু বিশালকায় গছ কাটি পেলোৱা হ’ল! গছ আমাক লাগিবই, কিন্তু কেৱল গছেই আমাৰ পৰিৱেশটো শীতল কৰিব নোৱাৰে৷ পৰিৱেশতন্ত্ৰক শীতলীকৃত কৰিবৰ কাৰণে বিশাল বিশাল জলভাণ্ডাৰৰো প্ৰয়োজন৷ মুক্ত অৰ্থনীতিৰ প্ৰৱৰ্তনৰ সময়ৰ পৰাই বৃদ্ধি পালে বিভিন্ন যান-বাহন, কাৰখানা আৰু বিশালকায় যন্ত্ৰৰ সংখ্যা৷ যান-বাহনৰ অভাৱনীয় সংখ্যালৈ লক্ষ্য কৰি ক’ব পাৰি যে সম্প্ৰতি আমাৰ অসমৰে চহৰসমূহত অৱস্থা এনে হৈছে যে ৰাস্তাবোৰ যেন খোজকঢ়া লোকৰ ব্যৱহাৰৰ কাৰণে নহয়েই৷ কিন্তু পৃথিৱীৰ প্ৰতিটো ৰাস্তাতে যে খোজকঢ়া মানুহৰে অধিকাৰ অধিক আৰু প্ৰাচীন এইকথা যেন আজিৰ তাৰিখত প্ৰায় সকলোৱে পাহৰিয়ে গৈছে৷ ইফালে কোটি কোটি যান-বাহন, কল-কাৰখানা আৰু অন্যান্য যন্ত্ৰই উৎপন্ন কৰা বিষাক্ত গেছবোৰ ক’লৈ গৈছে? আমাৰ বায়ুমণ্ডলতেতো আছে! তদুপৰি সেইবোৰে সৃষ্টি কৰা অভাৱনীয় উত্তাপ! সাধাৰণ শীতাতপ নিয়ন্ত্ৰণ যন্ত্ৰ এটাই বন্ধ কোঠা এটা কৃত্ৰিমভাৱে শীতল কৰে ঠিকেই, কিন্তু একে সময়তে সি বায়ুমণ্ডলক কিমান উষ্ণতা যোগান ধৰে সেই কথাও বৰ্তমান চিন্তাৰ বিষয়বস্তু হোৱা উচিত৷

সাধাৰণ বিমান, হেলিকপ্তাৰ, ফাইটাৰ জেট, মহাকাশযান আদিৰ উৰণৰ বাবে ব্যৱহৃত ৰকেটৰ জেট ইঞ্জিন আদিত ব্যৱহৃত অক্সিজেনখিনিৰ অপচয়ৰ বিষয়ে বাৰু আমি কিমানে চিন্তা কৰোঁ? লগতে হাইদ্ৰ’জেনো ব্যৱহৃত হয় এনে ইঞ্জিনত৷ দুইবিধ গেছেই মানুহৰ বাবে, পৃথিৱীৰ জীৱকুলৰ বাবে কিমান প্ৰয়োজনীয় সেয়া সকলোৱে জানে৷ শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধ, ইজৰাইল আৰু পেলেস্তাইনৰ হামাছৰৰপৰা লেবাননৰ হিজবুল্লালৈ সম্প্ৰসাৰিত হোৱা যুদ্ধ আজিৰ ধ্বংসকাণ্ডবোৰে কিমান ডিগ্ৰী অতিৰিক্ত উত্তাপ পৃথিৱীক দিছে, কিমান অপকাৰী আৱৰ্জনাৰে আমাৰ বায়ুমণ্ডল ভৰাই তুলিছে আমি বাৰু খবৰ লৈছোঁনে? ইমান দূৰলৈ নাযাওঁ বাৰু৷ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলে’নযুক্ত কৰাৰ নামত বছৰ বছৰ ধৰি কৰোঁ নকৰোঁকৈ কৰি থকা কাম-কাজে কিমান ধূলিৰ সৃষ্টি কৰিছে তাৰ খবৰ বাৰু ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাখিছেনে? বছৰ বছৰ ধৰি এনে ধূলিয়ে মানুহৰ আয়ুস কিমান কমাইছে তাৰ হিচাপ বাৰু কোনে কৰিব?

আহিন মাহটো অসমৰ মানুহৰ কাৰণে বৰ আশাৰ মাহ৷ ই অসমীয়াই কৰা কৃষিকাৰ্যৰ ফল লাভৰ সঙ্কেতবাহী, লগতে ই শীতকালৰ আগমনৰ সূচকো৷ পিছে ২০২৪  বছৰটোৰ আহিন মাহে অসমীয়া মানুহক জোলোকা-জোলোকে পানী খুৱাইছে৷ আবতৰীয়া আহিনা গৰমত ইতিমধ্যে একাধিক লোক মৃত্যুৰ মুখতো পৰিছে৷ এই যে অকল্পনীয় জলবায়ু পৰিৱৰ্তন, ইয়াৰ কাৰণবোৰ বাৰু মানুহেই সৃষ্টি কৰা নাইনে? মানুহৰ জীৱনত প্ৰয়োজন ইমানেই বাঢ়ি আহিল যে শাৰীৰিক আৰাম আৰু  উন্নয়ন তথা সৌন্দৰ্যৰ নামতে আমি কত বিষাক্ত দ্ৰব্য প্ৰস্তুত কৰিছোঁ, প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে কত যে উদ্যোগ গ্ৰহণ কৰিছোঁ৷ পাৰ্থিৱ জীৱনটোক আৰামদায়ক, সুন্দৰক্ষমতাশালী আৰু প্ৰভাৱশালী কৰি তোলাৰ নামতে আমি পৃথিৱীৰ জঠৰ ফালি উলিওৱা ইন্ধন পুৰি সৃষ্টি কৰিছোঁ বিষাক্ত গেছ, সৃষ্টি কৰিছোঁ প্লাষ্টিক-প’লিথিন-থাৰ্ম’কলৰ দৰে পৃথিৱীয়ে স্বাভাৱিকভাৱে গ্ৰহণ কৰিব নোৱৰা পদাৰ্থবোৰ৷

এইবোৰ অমাৰ সেউজীয়া পৃথিৱীখন ৰোগগ্ৰস্ত হোৱাৰ কিছুমান কাৰণ আৰু কাৰক৷ এই কাৰণবোৰ সৃষ্টি কৰিছোঁ আমি৷ সেয়ে প্ৰকৃতি মাজে মাজে ৰুষ্ট হৈছে, আমাক সকীয়নি প্ৰদান কৰিছে৷ এনে সকীয়নিবোৰ উপেক্ষা কৰিলে কিন্তু পৃথিৱীখন মানুহ বা আন জীৱৰ বাবে উপযোগীহৈ নৰ’বগৈ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ