অসমীয়া সাহিত্যৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল কাৰ্যতঃ অনুবাদৰ যোগেদি। প্ৰথমখন বিশুদ্ধ অসমীয়া ভাষাৰ পুথি হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ বা ‘প্ৰহ্ৰাদ চৰিত’ আছিল অনুবাদমূলক। আক্ষৰিক অনুবাদ নহ’লেও পুৰাণৰ কাহিনী এটাক নিজৰ ভাষাৰে লিখিবলৈ কৰা যত্নৰ ফলতে সেই পুথিখনৰ সৃষ্টি। তাৰ পাছতো মাধৱ কন্দলিৰ পৰা শঙ্কৰদেৱ-মাধৱদেৱ হৈ অসমীয়া সাহিত্যৰ ঐতিহ্য মানেই অনুবাদমূলক সাহিত্যৰ এটা চহকী ধাৰা। কিন্তু আধুনিকতাই গা কৰি উঠাৰ পাছৰ পৰাই, যদিও বহিৰ্জগতৰ পৰাই আমি আমাৰ দৈনন্দিন জীৱনৰ নব্বৈ শতাংশতকৈও অধিক আহাৰ্য আহৰণ কৰিছোঁ, তথাপি সাহিত্যৰ ক্ষেত্ৰত অনুবাদৰ অনুশীলন যেন বঁহিয়া পৰিবলৈ আৰম্ভ কৰিছে। পিছে আধুনিক পৃথিৱীত শ্ৰেষ্ঠ জ্ঞানাংশৰ অনুধাৱন অনুবাদৰ বাহিৰে আন একো উপায়ে আমাক নিদিয়ে।
আমাৰ সাহিত্যৰ জগতখনত অনুবাদ
সাহিত্যক আজিও বিশেষ মূল্য দিয়া দেখা নাযায়। অথচ অনুবাদক এটা বিশেষ মাধ্যম হিচাপে
গ্ৰহণ নকৰা হ’লে অসমীয়া সাহিত্য
আজি সামন্ত যুগতে থাকিলহেঁতেন। প্ৰকৃততে ব্ৰিটিছসকলে আধুনিক শিক্ষাৰ পথ প্ৰশস্ত
কৰাৰ ফলতেই ‘অনুবাদ’ অসমীয়া সাহিত্যৰ যোগেদি অসমৰ
সমাজ জীৱনৰ উত্তৰণৰো এটা বিশেষ শক্তিশালী পথ হৈ পৰিল বুলি সকলোৱে স্বীকাৰ কৰিবই
লাগিব। অথচ, দুখৰ বিষয় এয়ে যে
অসমৰ সমাজ জীৱনত পৰিকল্পিতভাৱে,
আনুষ্ঠানিকভাৱে, প্ৰাতিষ্ঠানিকভাৱে আজিও
অনুবাদ কাৰ্য এটা অপৰিহাৰ্য অনুশীলন হিচাপে স্বীকৃত নহ’ল।
চুবুৰীয়া বাংলাদেশক আমি সদায়ে
দাৰিদ্ৰ্য আদিৰ
উদাহৰণেৰে ইতিকিং কৰিয়ে আহিছোঁ। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ৰ পৰা সেই ভাব
বেছি গাঢ় হৈ উঠিল। কিন্তু বাংলাদেশত যি কৰ্মবিপ্লৱ আৰম্ভ হৈছে তাৰ যোগেদিয়ে অতি কম
দিনৰ ভিতৰতে দেশখন আমাতকৈ সমৃদ্ধিশালী হৈ উঠাৰ প্ৰতিশ্ৰুতি বিশ্ব সম্প্ৰদায়ে
লক্ষ্য কৰিছে। অনুবাদৰ ক্ষেত্ৰতো বিশেষকৈ ঢাকা বিশ্বাবিদ্যালয়ে অনুবাদ বিভাগৰ
যোগেদি যি বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছে তাৰ যোগেদি অসমীয়াহে নালাগে ভাৰতীয়কো পিছ
পেলাবলৈ বেছি দিন নালাগিব।
অসমৰ অসম বিশ্ববিদ্যালয়ক বাদ
দি এখন বিশ্ববিদ্যালয়েও আজি পৰ্যন্ত চাৰুকলাৰ বিভাগ এটা স্থাপন কৰিবলৈ সক্ষম নহ’ল। কিন্তু বৰাক উপত্যকা
যিহেতু বাংলাভাষী লোকৰ ঠাই আৰু বাংলাভাষী লোকসকলৰ যিহেতু নিজা এটা ৰুচিবোধ আছে; সেয়েহে শিলচৰত কেন্দ্ৰীয়
বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠা হ’ব বুলি খবৰ ওলাওঁতেই
সেই ঠাইৰ বাসিন্দাসকলে সংগঠিতভাৱে দাবী জনাইছিল যে প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনত
সুকুমাৰ কলাৰ বিভাগ এটা থাকিবই লাগিব। এতিয়া, শিলচৰস্থিত অসম বিশ্ববিদ্যালয়েই অসমৰ একমাত্ৰ প্ৰতিষ্ঠান য’ত এটা পূৰ্ণাঙ্গ চাৰুকলাৰ
বিভাগ আছে।
আমি বাঙালীসকলৰ পৰা বহু কিবাকিবি শিকিছোঁ। বাঙালীসকলৰ পৰাই ‘অসমীয়া ভাষাটো ‘শিকি’ ক্ৰমে ‘ৱ’ আৰু ‘৺’-ৰ ব্যৱহাৰ প্ৰায় ত্যাগেই
কৰিলোঁ যাৰ ফলত অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্য লোপ পোৱাত আমিয়েই সাৰ-পানী যোগালোঁ।
কিন্তু বাঙালীসকলৰ পৰা আমি শিকিব নোৱাৰিলোঁ ক্ৰমে (১) তেওঁলোকৰ জাতীয়তাবোধ, (২) তেওঁলোকৰ বিদ্যোৎসাহ আৰু
(৩) তেওঁলোকৰ শিল্পানুৰাগ।
জাতীয় সাহিত্যই জাতিক বহু দিনলৈকে
বাট দেখুৱায়। গতিকে চৰকাৰৰো কিছু দায়িত্ব থাকে (যিহেতু চৰকাৰ মানে ৰাইজৰে
প্ৰতিনিধিত্বৰে গঠিত এটা ব্যৱস্থা), কিন্তু আমি জাতীয় সাহিত্যিকসকলৰ ৰচনাৱলীৰ সুলভ সংস্কৰণ প্ৰকাশ কৰিবলৈ সক্ষম
হৈছোঁনে?
শঙ্কৰদেৱৰ ৰচনাৱলীৰ সুলভ
সংস্কৰণ কেৱল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই উলিয়ালে। কিন্তু ব্যৱসায়িক সমৰ্থন তেওঁলোকে কাৰোৰে পৰাই নাপালে। অৰ্থাৎ
যি অৰ্থত ‘সুলভ’ বোলা হয়, সেই অৰ্থটো কেৱল কিতাপ একোখনৰ
‘দাম’ নিৰ্দিষ্ট নহয়; সি যোগান নিৰ্দিষ্টও। দাম আৰু যোগান-ব্যৱস্থাৰ এটা মিলবিন্যস্ত পৰিকল্পনা
যেতিয়ালৈকে সম্ভৱ হৈ নুঠিব,
তেতিয়ালৈকে
প্ৰকৃততে আমি ‘জাতীয় সাহিত্য’ বোলা অভিধাটো উচ্চাৰণ কৰাৰ
নৈতিক অধিকাৰ লাভ নকৰোঁ। আজি পৰ্যন্ত বেজবৰুৱাৰ ৰচনাৱলীৰ সুলভ সংস্কৰণ, জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰ ৰচনাৱলীৰ
সুলভ সংস্কৰণ প্ৰকাশেই নহ’ল। অসমীয়া ভাষাৰ
শ্ৰেষ্ঠ গদ্যলেখকসকলৰ অন্যতম সত্যনাথ বৰাৰ ৰচনাৱলী আজিকোপতি সংকলিত নোহোৱাটোও
অসমীয়া জাতিৰ এটা ডাঙৰ ক্ষত।
অসমীয়া ভাষালৈ আজি পৰ্যন্ত ৰবীন্দ্ৰনাথৰ ৰচনাৱলী অনূদিত নোহোৱাটো অসমীয়া জাতিসত্তাৰ বাবেই অপমানজনক নহয়নে? জৱাহৰলাল নেহৰু বা মহাত্মা গান্ধীৰ ৰচনাৱলী সম্পূৰ্ণৰূপে অনূদিত নোহোৱাটো এটা জাতীয় অপৰাধ নহয়নে?
অন্যযুগ কেৱল দুজনমান লোকৰ ব্যক্তিগত প্ৰচেষ্টাৰ ফল। কোনো ঔদ্যোগিক বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এই আলোচনীখন প্ৰকাশ কৰা হোৱা নাই। অতিসম্প্ৰতি যোৱা মাৰ্চ (২০২০) মাহৰ পৰা সমগ্ৰ বিশ্বব্যাপ্ত ক’ৰ’না মহামাৰিৰ তাণ্ডৱলীলাৰ অৱশ্যম্ভাৱী ফল হিচাপে অন্যযুগৰ ছপা সংস্কৰণ বন্ধ ৰাখিবলগীয়া হৈছে। এনে অৱস্থাতো কেৱল ক্ৰমবৰ্ধমান শুভানুধ্যায়ীৰ শুভাশিস-শুভেচ্ছাৰ বলতে আলোচনীখন চলি আছে আৰু ই ন ন বিশেষত্ব আহৰণ কৰিবলৈ ইয়াৰ যত্ন অব্যাহত ৰাখিছে।
কিন্তু পৰম্পৰাগতভাৱে আমাৰ পঠন অভ্যাস বিশুদ্ধৰূপে কাগজৰ সৈতে জড়িত। মহামাৰিৰ আশঙ্কাজৰ্জৰ কাল শেষ হোৱাৰ লগে লগে অন্যযুগৰো ছপা সংস্কৰণ প্ৰকাশ কৰাৰ কথা চিন্তা কৰি থকা হৈছে। সদাশয় পাঠকসমাজে নখ জোকাৰিলে নিশ্চয় ‘অন্যযুগ’ নামৰ এই সপোনৰ নৈখন বৈ থাকিব নিৰৱধি।