অন্যযুগ/


ট’কিঅ’ অ’লিম্পিকত ভাৰতৰ প্ৰদৰ্শন আৰু কিছু আনুষঙ্গিক

         ক’ভিড মহামাৰীৰ মাজতে এবছৰ পলমকৈ অনুষ্ঠিত হোৱা ট’কিঅ’ অ’লিম্পিক শেষ হ’ল৷ প্ৰায় এশ চল্লিছ কোটি মানুহৰ দেশ ভাৰতবৰ্ষৰ ক্ৰীড়াৱিদসকলে এই ক্ৰীড়া প্ৰতিযোগিতাত মিশ্ৰিত প্ৰদৰ্শন কৰিলে৷ এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰ’ঞ্জৰ পদক লাভ কৰিলে ভাৰতীয় দলে৷ এইবাৰৰ প্ৰতিযোগিতাৰ বিশেষভাৱে উল্লেখনীয় সফলতা আছিল পুৰুষৰ যাঠি দলিওৱা প্ৰতিযোগিতাত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰাটো, যি এথলেটিক্‌ছ্‌ত ভাৰতীয় অভিলেখ৷ মীৰাবাই ছানুৱে ভাৰোত্তোলনত আৰু ৰবিকুমাৰ দাহিয়াই মল্লযুঁজত লাভ কৰিলে ৰূপৰ পদক৷ পুৰুষ আৰু মহিলাৰ হকী দল দুটাই  লাভ কৰিলে তৃতীয় স্থান অৰ্থাৎ ব্ৰ’ঞ্জৰ পদক৷ একেদৰেই ব্ৰ’ঞ্জৰ পদক লাভ কৰিলে পিভি সিন্ধুৱে মহিলাৰ বেডমিণ্টনৰ একক শাখাত, লাভলীনা বৰগোঁহায়ে বক্সিঙত, বজৰং পুনিয়াই মল্লযঁুজত লাভ কৰিলে ব্ৰ’ঞ্জৰ পদক৷ ইমানেই৷ ভাৰতীয় দলৰ পুৰস্কাৰৰ তালিকাখন ইমানেই দীঘল৷

        পিছে এই তালিকাখনৰো কিছুমান বিশেষত্ব আছে৷ ১৯২৮ চনৰ আমষ্টাৰডাম অ’লিম্পিক, ১৯৩২ চনৰ লছ এঞ্জেল্‌ছ্‌ অ’লিম্পিক, ১৯৩৬ চনৰ বাৰ্লিন অ’লিম্পিক, ১৯৪৮ চনৰ লণ্ডন অ’লিম্পিক, ১৯৫২ চনৰ হেলছিংকী অ’লিম্পিক, ১৯৫৬ চনৰ মেলবৰ্ন অ’লিম্পিক, ১৯৬৪ চনৰ ট’কিঅ’ অ’লিম্পিক আৰু ১৯৮০ চনৰ মস্কো অ’লিম্পিকত স্বৰ্ণপদক অৰ্জন কৰা [মাজতে ১৯৬০ চনৰ ৰোম অ’লিম্পিকত ৰূপ, ১৯৬৮ চনৰ মেস্কিকো অ’লিম্পিক আৰু ১৯৭২ চনৰ মিফনিখ্‌ অ’লিম্পিকত ব্ৰ’ঞ্জ অৰ্জন কৰাটোও মনত ৰাখিবলগীয়া] ভাৰতীয় হকী দলে সুদীৰ্ঘ একত্ৰিছ বছৰৰ পাছত অ’লিম্পিক হকী প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ই নিশ্চিতভাৱে ভাল খবৰ৷ ইফালে মহিলা হকী দলটোৰ বাবেও এই অ’লিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আছিল উল্লেখযোগ্য৷ কাৰণ এই অ’লিম্পিকত মহিলাৰ হকী দলটোৱেও অৰ্জন কৰিছে ব্ৰ’ঞ্জৰ পদক৷ আমাৰ যিমান দূৰ মনত আছে ১৯৮২ চনৰ এছিয়ান গে’ম্‌ছ, ২০০২ চনৰ কমনৱেল্‌থ্‌ গে’মছত সোণৰ পদক অৰ্জন কৰা আৰু ২০১৬ চনত এছিয়ান চেম্পিয়ন্‌ছ্‌  ট্ৰফী জয় কৰাতে ইমান দিনে ভাৰতীয় মহিলা হকী দলৰ সফলতা সীমাৱদ্ধ আছিল৷ 

        এইখিনি পৰিসংখ্যাৰ সৈতে আৰু কেইটামান পৰিসংখ্যা লক্ষ্য কৰা ভাল৷ প্ৰায় চাৰে তেত্ৰিছ কোটি মানুহৰ দেশ আমেৰিকাৰ ক্ৰীড়াৱিদে এইবাৰৰ অ’লিম্পিকত লাভ কৰিছে ৩৯ টা সোণ, ৪১টা ৰূপ আৰু ৩৩টা ব্ৰ’ঞ্জৰ পদকেৰে সৰ্বমুঠ ১১৩টা পদক৷ চীনদেশে লাভ কৰিছে ৩৮ টা সোণ, ৩২টা ৰূপ আৰু ১৮টা ব্ৰ’ঞ্জৰ পদকেৰে সৰ্বমুঠ ৮৮টা পদক৷ প্ৰায় বাৰ কোটি মানুহৰ ক্ষুদ্ৰৰাষ্ট্ৰ জাপানে লাভ কৰিছে ২৭ টা সোণ, ১৪টা ৰূপ আৰু ১৭টা ব্ৰ’ঞ্জৰ পদকেৰে সৰ্বমুঠ ৫৮টা পদক৷ এই পদক তালিকাত ভাৰতৰ স্থান ৪৮ সংখ্যক ৷ 

        দেখা গৈছে যে এই পৰিসংখ্যা কোনো কাৰণতে প্ৰশংসনীয় নহয়৷ এতিয়া প্ৰশ্ন হয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰত ভাৰতৰ প্ৰদৰ্শন ইমান নিৰাশজনক কিয়? এই প্ৰশ্নৰ কোনো সৰলৰৈখিক উত্তৰ নাই৷ তথাপি কিছু কাৰণ আৰু কাৰক নিশ্চিতভাৱে আমাৰ চকুৰ সম্মুখতে আছে৷ 

        প্ৰথম কথা, ভাৰতবৰ্ষৰ কোনো পৰিকল্পিত ক্ৰীড়ানীতি নাই৷ একোটা শিশুক তাৰ ভাললগা খেল খেলি সেই খেলৰ যোগেদিয়ে আগ বাঢ়িবলৈ ভাৰতবৰ্ষৰ সৰহ সংখ্যক পিতৃ-মাতৃয়ে দিব নোখোজে৷ ইয়াৰো কাৰণ আছে৷ শিশু অৱস্থাৰেপৰা কোনো ব্যক্তিক ক্ৰীড়াৱিদ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থায়ো অনুমতি নিদিয়ে৷ সেয়েহে সাম্প্ৰতিক সময়ত উচ্ছ শিক্ষানুষ্ঠানবোৰৰপৰা বিভিন্ন ক্ৰীড়াক্ষেত্ৰত নাম কৰা ছাত্ৰ-ছাত্ৰীৰ হিচাপ বিচৰা হয় যদিও সেই শিক্ষাৰ্থীৰ বাবে ক্ৰীড়া আৰু সাধাৰণ পঢ়া-শুনা সমান্তৰালভাৱে আগ বঢ়াই নিবলৈ কোনো স্পষ্ট নীতি কাৰ্যতঃ নাই৷ সাংস্কৃতিক ক্ষেত্ৰতো একেই অৱস্থা৷

       দ্বিতীয়তে, ভাৰতবৰ্ষত ব্যতিক্ৰমী অভিভাৱকে অনেক কষ্ট স্বীকাৰ কৰি নিজৰ সন্তানক ক্ৰীড়াক্ষেত্ৰত উপযুক্ত কৰি তোলাৰ পাছতহে ক্ৰীড়া সংগঠকসকলৰ চকুত পৰে৷ তেতিয়া সেই সংগঠকসকলৰ মনোমত হ’লেহে ক্ৰীড়াৱিদসকলে উপযুক্ত প্ৰতিযোগিতাৰ মঞ্চত খেলাৰ সুবিধা লাভ কৰে৷ 

        ভৌগোলিক ব্যৱধান, নৃতাত্ত্বিক আৰু সাংস্কৃতিক পাৰ্থক্য, আৰু আন কিছুমান কাৰণত দীৰ্ঘদিন ধৰি গা কৰি উঠা আঞ্চলিক ঈৰ্ষাপৰায়ণতাকো ভাৰতবৰ্ষত ক্ৰীড়াৰ উপযুক্ত বিকাশৰ এটা বাধা বুলি ক’ব পাৰি৷ আনহে নালাগে পৃথিৱীৰ মাত্ৰ কেইখনমান দেখে খেলা ক্ৰিকেট খেলৰ ক্ষেত্ৰতে ভাৰতত আঞ্চলিক খোৱা-কামোৰা দেখা যায় যি কাৰণত কোনো কোনো অঞ্চলৰ উপযুক্ত খেলুৱৈয়ে ৰাষ্ট্ৰীয় দলত স্থান পাবলৈ কাহানিও সক্ষম নহয়৷ (প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব খুজিছোঁ এষাৰ বেলেগ কথা। আমেৰিকাৰ এখন আগ শাৰীৰ বিশ্ববিদ্যালয়ত কমৰ্ৰত এজন অসমীয়া ৰসায়ন বিজ্ঞানী অধ্যাপকে কথা প্ৰসঙ্গত কৈছিল - 'আমাৰ তাত (ভাৰতত) কি কাম কৰিবাহে? টেষ্ট টিউব্ এটা লাগিলেও তাত তিনিখনমান দৰ্খাস্ত লিখিবলগীয়া হয়।' প্ৰসঙ্গটো নিশ্চয় আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰত চলি থকা ৰঙাফিটাৰ মেৰপেচৰ বিষয়াতন্ত্ৰৰ লগত সম্পৰ্কিত।)

        বিপৰীতে, আমেৰিকাত শিক্ষানুষ্ঠানত ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থীক বিশেষ যত্ন লৈ ঢাপে ঢাপে প্ৰস্তুত কৰা বুলি আমি জানো৷ চীনদেশত ক্ৰীড়াৰ ক্ষেত্ৰত সেনাবাহিনীয়ে একোজন ব্যক্তিৰ যত্ন শিশুকালৰেপৰাই লয় বুলিও শুনা যায়৷ অৰ্থাৎ ভাৰতবৰ্ষৰ দৰে কিছু সংখ্যক দেশক বাদ দি প্ৰায়বোৰ দেশতে ক্ৰীড়াক পৰিকল্পিত ধৰণে বিকশিত কৰিবলৈ যত্ন কৰা হৈছে৷

        সেইবোৰৰ বিপৰীতে আমি একেবাৰে নোপোৱাই পোৱাদি অ’লিম্পিয়ান কেইজনৰ সফলতাক উদ্‌যাপন কৰাৰ নামত ঢাক-ঢোল বজাবলৈ আৰম্ভ কৰি দিছোঁ৷ সম্বৰ্ধনাৰ পাছত সম্বৰ্ধনা, টকা-পইচাৰ সাহায্যৰ ওপৰত সাহায্য, চাকৰিৰ প্ৰস্তাৱ আদিৰে আমি সফলতা লাভ কৰা ক্ৰীড়াৱিদকেইজনক ওপচাই পেলাইছোঁ৷ এনে হোৱা উচিত জানো? 

        আমি বহু ক্ৰীড়াৱিদৰ কথা জানো যিসকলে ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ কাৰণেই বিভিন্ন ক্ষেত্ৰত চাকৰি লাভ কৰে৷ কিন্তু চাকৰিত কৰ্মৰত অৱস্থাত কিমানজন ক্ৰীড়াৱিদে ক্ৰীড়াক্ষেত্ৰত নিজকে পূৰ্বৰ দৰে জিলিকাই ৰাখিবলৈ সক্ষম হয় সেইটো প্ৰশ্ন আমি কাহানিও উত্থাপন কৰা নাই৷ যি সময়ত একোজন খেলুৱৈয়ে নানান ধৰণৰ অভাৱ-অনাটনৰ মাজেদি অভিভাৱকৰ শেষ সম্বলকণো বিক্ৰী কৰি ক্ৰীড়াক্ষেত্ৰত নিজকে প্ৰস্তুত কৰে সেই সময়ত তেওঁলোকে উপযুক্ত প্ৰশিক্ষণ আৰু ঘৰখনৰ আৰ্থিক নিৰাপত্তাৰ সুবিধা পালে তেওঁলোকৰ প্ৰদৰ্শন আৰু উন্নত হ’লহেঁতেন বুলি ভাব হয়৷

        অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবেও এইবাৰৰ ফলাফল গুৰুত্বপূৰ্ণ কিয়নো সমগ্ৰ দেশে লাভ কৰা সাতোটা পদকৰ ভিতৰত দুটা দখল কৰিবলৈ সক্ষম হৈছে উত্তৰ পূবৰ ক্ৰীড়াৱিদে৷ বিশেষকৈ অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ে এইবাৰৰ অ’লিম্পিকত প্ৰথম অসমীয়া হিচাপে এটা পদক পাবলৈ সক্ষম হৈছে৷ কিন্তু লাভলীনাক অনুপ্ৰেৰণা যোগোৱাৰ নামত ক’ভিড প্ৰ’ট’কল ভঙ্গ কৰি স্বয়ং চৰকাৰৰ মন্ত্ৰীসকলেই ৰে’লী বাহিৰ কৰা, লাভলীনাৰ নামত একাধিক মন্ত্ৰীয়ে ডাঙৰ ডাঙৰকৈ নিজৰ ছবি প্ৰচাৰ কৰি বাটে-পথে হ’ৰ্ডিং ওলমোৱা, সমৰ্থক কিছুমানে কে’ক কটা, মন্দিৰে-নামঘৰে পূজা-শৰাই আগ বঢ়োৱাকে ধৰি আচৰিত ধৰণৰ উৎসৱ উদ্‌যাপন কৰা বুলিও প্ৰচাৰ মাধ্যমৰ যোগেদি জানিব পৰা গ’ল৷ এই যে বিচিত্ৰ চৰ্চা আৰু অনুশীলনবোৰ, এইবোৰ দেখি-শুনি আন আন আগ বঢ়া দেশৰ মানুহে বাৰু আমাৰ বিষয়ে কি ধাৰণা কৰে?

          ওপৰৰ কথাবোৰৰ সমান্তৰালভাৱে আন কিছুমান প্ৰসঙ্গও গুৰুত্বপূৰ্ণ। টকিঅ’ অ’লিম্পিকত  পদক লাভ কৰিবলৈ সক্ষম নােহোৱা অ’লিম্পিয়ানসকলৰ সাম্প্ৰতিক সময়ৰ মনৰ অৱস্থাৰ বিষয়ে বাৰু কিমানজনে চিন্তা কৰিছে? সেইসকল ক্ৰীড়াৱিদেও জানো পদক লাভ কৰিবলৈকে টকিঅ’লৈ যোৱা নাছিল? তেওঁলোকে জানো শ্ৰেষ্ঠখিনি উজাৰি দিয়া নাছিল? তেওঁলোকে পদক লাভ নকৰিলে বুলিয়েই আমি তেওঁলোকক পাহৰি পেলাব লাগেনে? আমি জনাত টকিঅ’ অ’লিম্পিকত পদক লাভ কৰিবলৈ সক্ষম নোহোৱা ক্ৰীড়াৱিদসকলৰ কথা ভাৰতবষৰ্ত কেৱল এজন প্ৰভাৱশালী লোকেহে চিন্তা কৰিছে। তেখেত হৈছে প্ৰসিদ্ধ মানৱতাবাদী উদ্যোগপতি ৰতন টাটা। প্ৰচাৰ মাধ্যমৰ যোগেদি জানিব পৰামতে ৰতন টাটাই টকিঅ’ অ’লিম্পিকত অশেষ প্ৰয়াস কৰিও পদক লাভ কৰিবলৈ সক্ষম নোহোৱা খেলুৱৈসকলকো অনুপ্ৰেৰণা যোগাবলৈ তেওঁলোকৰ প্ৰত্যেককে একোখনকৈ বাহন উপহাৰ দিয়াৰ ব্যৱস্থা কৰিছে। এনে ব্যতিক্ৰমী চিন্তা দেশখনৰ কেইজন ক্ষমতাশালী লোকে কৰিছে? ইফালে প্ৰশিক্ষকসকলৰ প্ৰসঙ্গটো আছেই। ভাৰতীয় ক্ৰীড়াৱিদৰ সফলতাৰ আঁৰত থকা জাৰ্মান প্ৰশিক্ষকৰ গাঁৱত উদুলি মুদুলি পৰিৱেশ সৃষ্টি হোৱাৰ খবৰ আহিছে। কিন্তু ভাৰতীয় প্ৰশিক্ষকসকলৰ অৱস্থা কেনেকুৱা? তেওঁলোকক প্ৰেৰণা যোগাবলৈ কোনোবাই কিবা উদ্যোগ লৈছেনে? 

        পাকিস্তানে এইবাৰ অ’লিম্পিকত এটাও পদক নাপালে৷ এই কথাটো আমাৰ প্ৰচাৰ মাধ্যমে ডাঙৰ ডাঙৰকৈ প্ৰচাৰ কৰিলে৷ কিন্তু আমি অৰাজক পাকিস্তানৰ সৈতে নিজকে তুলনা কৰি আনন্দ লভা উচিত নে আমেৰিকা-চীন-জাপান-ব্ৰিটেইনৰ সৈতে নিজকে ৰিজাই অসন্তুষ্টি লভা উচিত?

        কথাবোৰ চিন্তা কৰিলে নিশ্চয় ভৱিষ্যতৰ দিনবোৰ ভাল হ’ব৷ আমি আমাৰ ভৱিষ্যতক লৈ আশাবাদী৷ পিছে তাৰ কাৰণে উপযুক্ত ব্যক্তিয়ে উপযুক্ত প্ৰকল্প প্ৰস্তুত কৰি সেইমতে আমাৰ নতুন প্ৰজন্মক আগ বাঢ়িবলৈ সুযোগ দিব লাগিব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ