অন্যযুগ/


শিক্ষাজগতৰ সংস্কাৰ আৰু গোটাদিয়েক চকুত নপৰা সমস্যা

 


ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত ইতিমধ্যে সমগ্ৰ দেশতে শিক্ষাজগতৰ সংস্কাৰ আৰম্ভ হৈছে৷ ই নিশ্চিতভাৱে সময়ৰ আহ্বান৷ দেশৰ অতিকে বিজ্ঞ শিক্ষাবিদসকলেই এই নীতিৰ আধাৰ প্ৰস্তুত কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ সুফল-কুফল সম্পৰ্কীয় বিভিন্ন বিতৰ্কও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সাম্প্ৰতিক সময়তো হৈ আছে৷ ইয়াৰ ভাল-বেয়া দিশ সম্পৰ্কে আলোকপাত কৰিবলৈ নগৈও এই নীতিৰ শিক্ষাব্যৱস্থাৰ প্ৰৱৰ্তনৰ বেলিকা শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীয়ে সম্মুখীন হোৱা কিছুমান সমস্যাৰ প্ৰতি আমি চকু মুদি থাকিব নোৱাৰোঁ৷ তেনে কিছু বিষয় আজিৰ এই লেখাত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ব৷

প্ৰথমে, স্নাতক পৰ্যায়ৰ শিক্ষাব্যৱস্থাতে পৰিৱৰ্তন হৈছে সৰ্বাধিক৷ আধুনিক ভাৰতীয় ভাষাৰ বিকল্প হিচাপে বছৰ বছৰ ধৰি শিক্ষাৰ্থীসকলে পঢ়ি অহা ইংৰাজী ভাষাটো বন্ধ কৰাটো নিশ্চয় এই শিক্ষানীতিৰ আটাইতকৈ ডাঙৰ বিশেষত্ব৷ একেদৰে ‘ভাৰতীয় লোকে যিকোনো এটা ভাৰতীয় ভাষা শিকিবই লাগিব’ নিয়মটোও উপৰি উক্ত নিয়মৰে পৰিপূৰক৷ এনেকৈ সকলো [কলা-বিজ্ঞান-বাণিজ্য সকলো শাখাৰ] ছাত্ৰ-ছাত্ৰীয়ে একেটা ভাষা বিষয় হিচাপে পঢ়িবলগীয়া হোৱাৰ ফলত ডাঙৰ ডাঙৰ মহাবিদ্যালয়সমূহত একোটা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হাজাৰৰো অধিক হৈছে৷ তেনে অৱস্থাত পাঠদান কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক একোটা বিষয়ৰ ক্ৰেডিট্‌ সম্পূৰ্ণ কৰোৱাটো সম্ভৱ নহয়৷ অথচ সম্প্ৰতি সকলো চলি গৈছে; সম্ভৱতঃ এনেকৈয়ে চলিও থাকিব৷ এনেকৈ আৰু কিছুমান বিষয় প্ৰৱৰ্তনৰ ফলত শিক্ষানুষ্ঠানসমূহে পৰিস্থিতিৰ জোৰা মাৰিব নোৱৰা আৰু ফলস্বৰূপে ‘কাম চলাই নিব লাগে’ ধৰণে চলি অহা দেখা গৈছে৷ উদাহৰণস্বৰূপে ‘আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া’ বোলা বিষয়টোৰ বাবে কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে কোনো নিৰ্দিষ্ট বিভাগ আৰু শিক্ষক নাই৷ অথচ বিষয়টোত সংস্কৃত, দৰ্শন, ৰাজনীতি বিজ্ঞান, ইতিহাস আদি বিভিন্ন বিভাগৰ পাঠ্যক্ৰম আছে৷ এনে অৱস্থাত আমি লক্ষ্য কৰিলে দেখিম যে অসমৰ অধিক সংখ্যক মহাবিদ্যালয়তে সংস্কৃত বিষয়টো নাই৷ তেনে মহাবিদ্যালয়সমূহত উক্ত বিষয়ৰ সংস্কৃত পাঠ্যাংশৰ পাঠদান কোনে কৰিব এই প্ৰশ্নৰ উত্তৰ কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্যোক্তাসকলে দিয়া নাই৷ একেদৰেই আন এটা বিষয় হৈছে ‘যোগ’৷ এইটো বিষয় বিজ্ঞান-কলা-বাণিজ্য সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক৷ বিষয়টো তাত্ত্বিক আৰু প্ৰায়োগিক উভয় অংশৰে গঠিত৷ বিশুদ্ধ ৰূপত ক্ৰীড়া বিষয়ক মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত আছে যদি নাজানো, কিন্তু আমাৰ কোনো মহাবিদ্যালয়তেযোগ বিষয়টোও নাই, বিষয়টো পঢ়ুৱাবলৈ বা শিকাবলৈ শিক্ষকো নাই৷ এনে অৱস্থাত মহাবিদ্যালয়সমূহে কেনেদৰে এই বিষয়টোৰ পাঠদান, পৰীক্ষা আৰু মূল্যায়ন কৰিছে সি নিশ্চিতভাৱে সকলোৰে জ্ঞাত৷ তৃতীয়তে এই ব্যৱস্থাত শিক্ষাৰ্থীয়ে ইচ্ছা কৰিলে বিভিন্ন বিষয় অধ্যয়ন কৰিব পাৰে– যেনে মেজৰ বিষয় যদি ইতিহাস হয়তেন্তে মাইনৰ বিষয় ৰসায়নো হ’ব পাৰে৷ এতিয়া প্ৰশ্ন হৈছে, এনেকুৱা বিষয় লৈ অধ্যয়ন কৰিযেতিয়া একোজন শিক্ষাৰ্থীয়ে বি এ বা বি এছ চি ডিগ্ৰী আহৰণ কৰিব, তেওঁ ভৱিষ্যতৰ কৰ্মক্ষেত্ৰত কেনে পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়গৈ কোনেও নাজানে৷

স্নাতক পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত এইবাৰ দ্বিতীয় দল শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে৷ অসমৰ উচ্চ শিক্ষা বিভাগে এইবাৰ সমগ্ৰ ৰাজ্যতে ‘সমৰ্থ’ নামৰ এটা প’ৰ্টেলৰ যোগেদি কেন্দ্ৰীয়ভাৱে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ব্যৱস্থা কৰিছে৷ ই নিশ্চিতভাৱে ভাল কথা৷ প্ৰথমে ২৭ মে’ৰপৰা ৫ জুন, ২০২৪-লৈ আৱেদন পত্ৰ জমা দিয়াৰ তাৰিখ স্থিৰ কৰা হৈছিল৷ তাৰ পাছত ২০, ২১ আৰু ২২ জুন, ২০২৪ এই তিনিদিনক প্ৰথমখন তালিকাৰ আধাৰত স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ দিন হিচাপে ঘোষণা কৰা হৈছিল৷ পাছত আকৌ ২৬, ২৭ আৰু ২৮ জুন, ২০২৪-তিনিদিনে দ্বিতীয়খন তালিকাৰ আধাৰত নামভৰ্তি কৰাৰ পাছতো, আকৌ ২৯ -জুনৰপৰা¸ ১ জুলাই, ২০২৪ লৈ ‘ঠাইতে কৰিব পৰা’ নামভৰ্তিৰ তাৰিখ ঘোষণা কৰা হৈছিল৷ পাছত ঘোষণা কৰা হৈছিল যে ৰ আগষ্ট, ২০২৪-ৰপৰা ৩ আগষ্ট, ২০২৪ লৈ শিক্ষাৰ্থীসকলৰ বিষয়-পৰিচয় পৰ্ব অনুষ্ঠিত হ’ব আৰু ৫ আগষ্ট, ২০২৪-ৰপৰা ১০ আগষ্ট, ২০২৪ লৈ আৰ্হিপাঠদান হ’ব৷ তাৰ পাছত আকৌ ১২ আগষ্ট, ২০২৪-ৰপৰা ১৪ আগষ্ট, ২০২৪লৈ শিক্ষাৰ্থসকলে তেওঁলোকৰ বিষয়বোৰ সলনি কৰিব পাৰিব আৰু ১৬ আগষ্ট,২০২৪-ৰপৰা পূৰ্ণোদ্যমে পাঠদান হ’ব৷ কিন্তু পাছত আকৌ এক নিৰ্দেশনা আহিল৷ এই নতুন নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে ১৬ আগষ্ট,২০২৪ পৰ্যন্ত তেওঁলোকৰ বিষয়বোৰ সলনি কৰিব পাৰিব৷ তাৰ মাজতে পুনৰ ২১,২২ অৰু ২৩ আগষ্ট, ২০২৪ -ত পুনৰ ‘ঠাইতে কৰিব পৰা নামভৰ্তি’ৰ সুবিধাও প্ৰদান কৰা হৈছিল৷

এতিয়া, অসমৰ কেৱল এখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জীৰ প্ৰসঙ্গলৈ যাব পাৰি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ শৈক্ষিক দিনপঞ্জী অনুসৰি এই শিক্ষাবৰ্ষত স্নাতক প্ৰথম ষান্মাষিকৰ শ্ৰেণী আৰম্ভ হ’ব লাগিছিল যোৱা পহিলা জুন, ২০২৪ তাৰিখৰপৰা আৰু ছেপ্তেম্বৰ, ২০২৪ তাৰিখৰপৰা ১০ ছেপ্তেম্বৰ, ২০২৪ তাৰিখৰ ভিতৰত প্ৰথমটো আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত হ’ব লাগিছিল৷ অথচ উদ্বেগজনক বিষয় এইটোৱেই যে ৩১ আগষ্ট২০২৪ পৰ্যন্ত স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে পঢ়িবলগীয়া বিষয়সমূহেই স্থিৰ নোহোৱা এটা পৰিস্থিতিৰ মাজত থাকিবলগীয়া হৈছে৷ একেদৰে একোখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰা শিক্ষাৰ্থীক নামভৰ্তি প্ৰত্যাহাৰ কৰি আন শিক্ষানুষ্ঠানলৈ যাবলৈ দিয়াৰ ফলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু তাত থাকি যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ মাজতো গড়মিল ওলাইছে৷ যদি গুচি যোৱাসকলক বাদ দিয়া হয় তেন্তে থাকি যোৱাসকলৰ ৰোলনম্বৰবোৰো সলনি হৈ পৰিব৷ তেতিয়াও ছাত্ৰ-ছাত্ৰীসকলে ইমান দিনে পাঠগ্ৰহণ কৰা শ্ৰেণীসমূহৰ উপস্থিতিৰ প্ৰমাণ হেৰুৱাই পেলাব৷ কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানত এইবোৰ সমস্যা বেছি গুৰুত্বপূৰ্ণ নহ’লেও হাজাৰৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা শিক্ষানুষ্ঠানসমূহে এনে সমস্যাৰপৰা উদ্ধাৰ পোৱাটো নিশ্চিতভাৱে কল্পনাতীত শ্ৰমসাধ্য হ’ব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ