অন্যযুগ/


জাতীয় ঐতিহ্যৰ প্ৰসঙ্গত

         লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ ই নিশ্চিতভাৱে এটা দৰকাৰী পদক্ষেপ৷ অসমৰ অসমীয়াই যদি ঘৰৰ বাহিৰত গৈ নিজৰ বিষয়ে প্ৰচাৰ নকৰে তেন্তে ৰাষ্ট্ৰীয় স্তৰত আন কোনেও সেইফেৰা সহায় অসমীয়াক কৰি নিদিয়েহি৷ বিশ্ববিশ্ৰুত চলচ্ছিত্ৰ নিৰ্মাতা-নিৰ্দেশক সত্যজিত ৰয়ে ১৯৮৮ চনত শ্ৰীমন্ত শঙ্কৰদেৱ ৰাষ্ট্ৰীয় বঁটাৰ প্ৰাপক ৰূপে অসমলৈ আহি শঙ্কৰদেৱ সম্পৰ্কে নিজৰ অজ্ঞতা প্ৰকাশ কৰোঁতে অসমীয়া বাতৰি কাকতসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ সৌ সিদিনা অভিনেত্ৰী-ৰাজনীতিক হেমা মালিনীয়ে নলবাৰীলৈ আহোঁতে ভাষণ প্ৰসঙ্গত শ্ৰীমন্ত শঙ্কৰদেৱক শ্ৰীমন্ত সংস্কাৰদেৱ বুলি কোৱাক লৈও বহুতে বহু ধৰণে প্ৰতিক্ৰিয়া দেখুৱাইছে৷ পিছে প্ৰশ্ন হয়, শ্ৰীমন্ত শঙ্কৰদেৱকনো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সৰহ সংখ্যক লোকে চিনি নাপায় কিয়? অসমৰ অসমীয়াই ৰাষ্ট্ৰীয় বা তাতকৈও বহল পৰিসৰলৈ আমাৰ ঐতিহ্যসমূহক লৈ যাব পাৰিছোঁনে? অসমৰ ভৌগোলিক-ভাষিক সীমাৰ মাজতে বন্দী হৈ থাকি আমি বিশ্বদৰবাৰ বোলা কাল্পনিক ঠাই এখনৰ কথা কোৱাকুই কৰি থকাটো বাৰু ইউট’পিয়ান চিন্তা নহয়নে?

        এতিয়া দেশীয় স্তৰত, দেশৰ ৰাজধানীত চাৰিওফালে লাচিতময় কৰি যি উৎসৱ-অনুষ্ঠান হৈ গ’ল তাৰ যোগেদি অসমৰ কি লাভ হ’ল বুলি নিশ্চয় প্ৰশ্ন এটা উত্থাপন কৰিব পাৰি৷ বহু ৰাজনৈতিক নেতাই ভাষণ দিলে, বহুতে শুনিলেগৈ৷ অসমৰ নিৰ্বাচিত ছাত্ৰ-শিক্ষক একাংশয়ো সেয়া শুনিলেগৈ আৰু চালেগৈ৷ ৰাজ্যখনৰ স্কুল-কলেজৰ লাখ লাখ শিক্ষাৰ্থীকে ধৰি বহুতেই লাচিত বৰফুকনৰ বিষয়ে চমুটোকা (ৰচনা নহয়)-ও লিখিলে৷ এইবোৰৰপৰা কাৰ কি লাভ হ’ল? ৰচনা লিখাৰ কাগজখিনি ছপা কৰা ছপাশাল আৰু যোগান ধৰা ঠিকাদাৰ; দিল্লীত (আৰু অসমৰো জিলাই জিলাই) সভা-সমিতিৰ আয়োজনৰ নামত বেচ কিছু সংখ্যকে বুজন অঙ্কৰ ধন ঘটিলে ঠিকেই৷ কিন্তু সামগ্ৰিকভাৱে অসম আৰু অসমীয়াই কি পালে?

      লাচিত বৰফুকনৰ বিষয়ে বহু চমুটোকা দেখাৰ সৌভাগ্য বা দুৰ্ভাগ্য আমাৰ হ’ল য’ত জাতীয় বীৰজনাক নজনা মানুহৰ সংখ্যাটো পঞ্চাছ শতাংশতকৈও কম হ’ব৷ ইয়াৰ কাৰণ কি? লাচিত বৰফুকনৰ বিষয়ে নজনা অসমীয়া মানুহখিনি অপৰাধী নেকি? যদি হয় বুলি গণ্য কৰা হয় তেন্তে আন এটা প্ৰশ্নই মূৰ দাঙি উঠিব— আমাৰ স্কুলীয়া শৈক্ষিক পাঠ্যক্ৰমত ৰাজ্যখনৰ বুৰঞ্জী পঢ়াৰ-পঢ়ুওৱাৰ সুৰুঙা আমি কিমান ৰাখিছোঁ?

        এনে প্ৰশ্নবোৰৰ উপৰি আচল প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব? আচল প্ৰশ্নবোৰৰ ভিতৰত এইটো ঘাই— লাচিত বৰফুকন কিহতনো আন আন বীৰ-মহাবীৰসকলতকৈ পৃথক আৰু বিশেষ?

     কিন্তু এইটো প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰাৰ পৰিৱৰ্তে আমি যোৱা কিছু দিন দেখিছোঁ, লাচিতে মোমায়েকক কাটিছিল নে মৌমাইক কাটিছিল, লাচিত আহোম আছিল নে আন জনগোষ্ঠীৰ মানুহ আছিল, লাচিতৰ মাকৰ নাম কি আছিল আদি প্ৰসঙ্গক লৈহে মানুহবোৰ ব্যস্ত হৈছে৷

        সম্ভৱতঃ লাচিত বৰফুকনে কোনো মানুহকে হত্যা কৰা নাছিল— যুদ্ধক্ষেত্ৰতে হওক বা আন ঠাইতে হওক৷ বুৰঞ্জীবিদ সৰ্বেস্বৰ বৰুৱাই দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত এটা প্ৰবন্ধত লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ প্ৰসঙ্গত লিখিছিল লাচিতৰ মুখৰ কথা বুলি প্ৰসিদ্ধ এই বাক্যটো— ‘মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়৷’ দেশত স্বাধীনতা আন্দোলন চলি থকা সময়ত স্বদেশপ্ৰেমৰ গাঢ়তা বঢ়াবৰ উদ্দেশ্যে এনে একোটা বাক্যৰ প্ৰয়োজন আছিল৷ কিন্তু খালৈতে জুলুকি বোৱা অসমীয়াই এইষাৰ কথাকে চিৰন্তন বাণীৰ ৰূপত খামুচি ধৰি আছে যিটো মঙ্গলজনক নহয়৷

      আচলতে লাচিত বৰফুকনৰ বিশেষত্ব আছিল সীমিত শক্তি-সামৰ্থ্যৰ ওপৰত গভীৰ বিশ্বাসত, পৰিকল্পনা কৰাত, সময়োপযোগী সিদ্ধান্ত গ্ৰহণত, শত্ৰুক বিপথে পৰিচালিত কৰিব পৰাত আৰু নিজৰ সেনাবাহিনীক উদ্বুদ্ধ কৰাত৷ মন কৰিব লাগিব, ৰজা ৰামসিংহৰ নেতৃত্বত অহা মোগল বাহিনীৰ প্ৰতিজন সেনাই আছিল বিশেষভাৱে সামৰিক প্ৰশিক্ষণপ্ৰাপ্ত সেনা, বিপৰীতে অসমীয়া সেনাসকল আছিল আচলতে একোজন খেতিয়কহে৷ আনহে নালাগে বৰফুকনে নিজেও কিবা সামৰিক প্ৰশিক্ষণ লাভ কৰিছিল বুলি স্পষ্টতঃ কোনো তথ্য নাই৷ দৰমহাভোগী মোগল সেনাৰ বিৰুদ্ধে পেটে-ভাতে খাই থকা আৰু নিজৰ খেতিখোলাৰ লগতে উচ্চপদস্থ বিষয়াৰ ঘৰত গা খাটি দিয়া অসমীয়া সেনাসকলক লাচিতে কি বিচক্ষণতাৰে পৰিচালনা কৰিছিল সেয়াহে প্ৰকৃততে আলোচনাৰ বিষয় হ’ব লাগে৷

        তদুপৰি লাচিতেই নহয়, তেওঁৰ সেনাবাহিনীত থকা আটায়ে সেই সময়ত আছিল আহোম, যাক এতিয়া অসমীয়া শব্দটোৰে বুজায়৷ সেই আহোমসকলৰ ভিতৰত হিন্দু-মুছলমান, কছাৰী, চুতীয়া, বামুণ, কলিতা আদি আটায়ে সোমাই আছিল৷ 

        ইতিবাচক দৃষ্টিৰে কথাবোৰ চিন্তা কৰি ভৱিষ্যতৰ কাৰণে বাট বন্ধাৰ সময় এয়া৷ নিজৰ মাজতে খোৱা-কামোৰ অসমীয়াই বহুত কৰিলে, আৰু কৰা উচিত নহয়৷

        অসমীয়াই অসমীয়াক ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা নকৰিলে কোনেও কৰি নিদিয়েহি৷ উদাহৰণ হিচাপে সত্ৰীয়া নৃত্যলৈ লক্ষ্য কৰিব পাৰি৷ ড° ভূপেন হাজৰিকা সঙ্গীত নাটক অকাদেমিৰ অধ্যক্ষ হৈ থাকোঁতে ২০০০ চনৰ ১৫ নৱেম্বৰৰ দিনা সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্যৰ স্বীকৃতি প্ৰদান নকৰাহ’লে আজিৰ তাৰিখত এই নৃত্যধাৰা কি অৱস্থাত থাকিলহেঁতেন সন্দেহজনক৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ