ভৰত ৰাজখোৱা
জিলাখনৰ এমূৰীয়া পঞ্চায়তটোত বাস কৰা মানুহখিনিৰ
এটাই দুঃখ তেওঁলোকে এজন ওখ মানুহ বিচাৰি পোৱা নাই৷ এজন ওখ মানুহৰ অভাৱে আজি
দীৰ্ঘদিন ধৰি মানুহখিনিক কষ্ট দি আহিছে৷
পঞ্চায়তটোক সন্মিলিত জনগোষ্ঠীৰ পঞ্চায়ত বুলি ক’লেও
ভুল কৰা নহ’ব৷ সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহে ইয়াত বসবাস কৰি
আহিছে৷ শান্তি-সম্প্ৰীতিৰে কোনো কালেই কেতিয়াও জাত-পাত
বা ধৰ্মৰ কথা তেওঁলোকৰ বাবে সমস্যা হৈ দেখা দিয়া নাই৷
পঞ্চায়তটোৰ কোনোবা এখন গাঁৱত পুৱা-গধূলি দবা
কোবায়, শঙ্খ বজায়৷ সকলোৱে শুনে৷ হাত দুখন ওপৰলৈ তুলি নেদেখাজনৰ উদ্দেশ্যে সেৱা এটি
জনায়৷ কোনোবা এখন গাঁৱত পুৱা-গধূলি আজান দিয়ে৷ পুৱাৰ
আজানৰ শব্দত শ্ৰমজীৱী মানুহবোৰে খৰধৰকৈ বিছনা এৰে৷ একেখিনি মানুহেই গীৰ্জাৰ ঘণ্টাও
শুনে, মন্দিৰৰ আৰতিও শুনে৷ তাৰ বাবে কাৰো একো ওজৰ আপত্তিও নাই, আক্ষেপো নাই৷
হিন্দুখিনি মাজতো কোনোবা সঙ্ঘীয়া, কোনোবা বামুণীয়া৷ নিজৰ নিজৰ
নিয়মমতে সকলো চলি থাকে৷ সামাজিকভাৱে ভিন্নতা থাকিলেও ঘৰুৱাভাৱে একো নাই৷ বিপদে-আপদে খা-খবৰ কৰে৷ বিহুৱে সংক্ৰান্তিয়ে জা-জলপান খায়৷
যজমানী
কৰা ডিম্বেশ্বৰৰ লগত মাছ পুঁহি, মাছ বিক্ৰী কৰি পৰিয়াল চলোৱা ৰামেশ্বৰৰ ভাল
বন্ধুত্ব আছে৷ এবাৰ ডিম্বেশ্বৰৰ মানুহজনী ডিব্ৰুগড়ৰ মেডিকেল কলেজত পৰি থাকোঁতে
ৰামেশ্বৰে ঘৰৰ গাভিনী গাইজনীক বিক্ৰী কৰি টকা দুহেজাৰ দি সহায় কৰিছিল৷
তেতিয়া
পঞ্চায়তটোৰ প্ৰায়বোৰ মানুহেই ওখ ওখ আছিল৷ মানুহবোৰে বহু দূৰলৈকে দেখিছিল, গতিকে
একো সমস্যাৰ সৃষ্টি হোৱা নাছিল৷
পঞ্চায়তটোত
কাষৰ পঞ্চায়তটোৰ কিছু মানুহো আহি বসবাস কৰিছিল৷ বেলেগ জিলাৰ পৰাও কিছু আহিছিল৷
কিন্তু এই পঞ্চায়তটোৰ মানুহখিনি খুব পৰিশ্ৰমী আছিল৷ সৰহখিনিয়েই আছিল কৃষিজীৱী৷
খেতি আৰু ঘৰুৱাভাৱে পালন কৰা হাঁহ–কুকুৰা, গৰু-ছাগলীৰ পৰা উপাৰ্জিত ধনেৰে তেওঁলোকৰ
অৱস্থা নদন-বদন আছিল৷
হঠাৎ
আজিৰ পৰা চল্লিছ বছৰমানৰ আগেয়ে পঞ্চায়তটোত কেইজনমান ওখ মানুহ ওলাল৷ এইটো পঞ্চায়তৰ
মানুহখিনিয়ে যিবোৰ বস্তু দেখা নাছিল, সেই ওখ মানুহখিনিয়ে সেইবোৰ সৱ দেখা পালে৷
পঞ্চায়তটোৰ মানুহখিনিক সেই ওখ মানুহ কেইজনে ভালেমান নতুন কথা বুজাবলৈ ধৰিলে৷
সেই
ওখ মানুহকেইজনে পঞ্চায়তৰ মানুহখিনিৰ সুখ-দুখ, শান্তি-সম্প্ৰীতিৰ দায়িত্ব কান্ধ
পাতি ল’লে৷ তেওঁলোকে দঢ়াই দঢ়াই ক’লে যে ওচৰৰ পঞ্চায়ত আৰু অন্য জিলাৰ মানুহখিনিক এই
পঞ্চায়তৰ পৰা খেদি পঠাব পাৰিলেই সকলো সমস্যা নাইকিয়া হ’ব৷ নহ’লে এদিন সিহঁতে
পঞ্চায়তটো আমাৰ পৰা কাঢ়ি ল’ব৷ আমাক মাৰিব, কাটিব৷ আমাৰ জীয়ৰী, বোৱাৰীৰ সতীত্ব হৰণ
কৰিব৷ আমাৰ ভঁৰালৰ ধান, বাৰীৰ তামোল-পাণ সৱ কাঢ়ি নিব৷
পঞ্চায়তটোৰ
মানুহখিনিয়ে ওখ মানুহকেইজনৰ কথাবোৰ ভালকৈ বুজি নাপালেও নিৰ্বিবাদে মানি ল’লে৷ ইমান
ধুনীয়া কথা কৈছে এই মানুহকেইজনে৷ নিজৰ পঞ্চায়তৰে ল’ৰা৷ কিয় বেয়া কথা ক’ব৷
গোটেই
পঞ্চায়টোত হুলস্থূল লাগিল৷ জিলা উপায়ুক্তৰ ওচৰত আৱেদন নিৱেদন কৰা হ’ল৷ জিলা
উপায়ুক্ত বাৰু জিলা সমিতিৰ মানুহে বজালেহে বুজালে, এই পঞ্চায়তৰ মানুহখিনিয়ে
নুবুজিলে৷ বুজিবনো কেনেকৈ, বুজা-বুজিৰ কাৰবাৰটো ওখ মানুহখিনিৰ লগতহে আছে৷
পঞ্চায়তটোৰ
মানুহখিনিয়ে ওখ মানুহখিনি আৰু তেওঁলোকৰ লীডাৰক ঈশ্বৰৰ অৱতাৰ হেন জ্ঞান কৰা হ’ল৷
পঞ্চায়তটোৰ মানুহখিনিক দুঃখ-দুৰ্দশাৰ পৰা মুক্ত কৰিবৰ বাবেই তেওঁলোকৰ আবিৰ্ভাৱ
হৈছে৷ এনে এটা ভাৱ হ’ল সকলোৰে মনত৷ লীডাৰজনৰ ফট’ ঘৰে ঘৰে ওলমিল৷ কোনোবাই কোনোবাই
সন্ধিয়া ধূপ-চাকিও জ্বলালে৷
ওখ
মানুহকেইজনে জিলা সমিতিৰ মানুহৰ লগত কিবা বুজাবুজি কৰিলে৷ সিদ্ধান্ত হ’ল যে অন্য
পঞ্চায়ত আৰু অন্য জিলাৰ মানুহবোৰ সোনকালে যাবগৈ৷ সেইদিনা পঞ্চায়তটোৰ মানুহবোৰে
বেধুম ফূৰ্তি কৰিলে৷
ইয়াৰ
পাছৰ দৃশ্যবোৰ সোনকালে সলনি হ’ল৷ ওখ মানুহকেইটাই এইবাৰ ৰাইজৰ কাম কৰিবলৈ ওলাই
আহিল৷ পঞ্চায়তৰ নিৰ্বাচন খেলিলে৷ ৰাইজে হেঁপাহেৰে সিহঁতক ভোট দিলে৷ লীডাৰজন সভাপতি
হ’ল৷ বাকীকেইজন উপসভাপতি, কাউন্সিলাৰ, সদস্যা আদি৷
দিন
যোৱাৰ লগে লগে সেই ওখ মানুহকেইটা চাপৰ হৈ গৈ থাকিল৷ সিহঁত যিমানে চাপৰ হ’ল, সিমানে
শকত হ’ল৷ ফলত ডিঙি লৰাই ইফালে সিফালে ঘূৰি চাব নোৱৰা হ’ল৷ মাতষাৰো সৰু হৈ পৰিল৷
আগৰ সিহঁৰ দৰে মাতষাৰ উলিয়াবলৈ চেষ্টা কৰিলেও গাধৰ দৰে চিচিঁয়া মাতহে সিহঁতৰ ডিঙিৰ
পৰা ওলোৱা হ’ল৷
এসময়ৰ
ওখ মানুহকেইটা একেবাৰে চাপৰ হৈ পৰিল৷ এতিয়া সিহঁতৰ মাতষাৰ শুনিলেহে সিহঁতৰ
অস্তিত্ব গম পোৱা হ’ল৷
পঞ্চায়তটোৰ
মানুহবোৰে বুজিলে সকলো সমস্যা দূৰৈৰ পৰা দেখা পোৱা এসময়ৰ ওখ মানুহকেইটা কেৱল চাপৰ
হোৱাই নহয়, কলা, অন্ধ আৰু বোবাও হ’ল৷
সিহঁত
হেৰাই গ’ল ঠিকেই, কিন্তু সিহঁতে সৃষ্টি কৰি যোৱা সমস্যাবোৰ থাকি গ’ল৷
বিশেষকৈ
যিখিনি অন্য পঞ্চায়তৰ মানুহে আগতে ইয়াৰ মানুহকে বুকুৰ কুটুম বুলি সাবট মাৰি ধৰি
আছিল, তেওঁলোকৰ মনবোৰ বেয়া হৈ গ’ল৷ বিশ্বাস হেৰাই গ’ল, মৰম-চেনেহ হেৰাই গ’ল৷ বাটত
দেখিলে মুখবোৰ ঘূৰাই দিয়া হ’ল৷ এই বীজাণুটো লাহে লাহে তেওঁলোকৰ সতি-সন্তানলৈও
বিয়পি পৰিল৷ এই পঞ্চায়তটোৰ পুৰণি অধিবাসী আৰু অন্য পঞ্চায়তৰ পৰা অহা মানুহখিনিৰ
সম্পৰ্ক মাজে মাজে ফাটি যোৱা বাঁহ এডালৰ দৰে হৈ পৰিল৷
সেই
তেতিয়াৰ পৰা পঞ্চায়তটোত ওখ মানুহ ওলায়েই আছে৷ যেতিয়াই অন্য এজন ওখ মানুহ ওলায়
মানুহবোৰে বৰ আসাৰে তেওঁৰ মুখলৈ চায়৷ এটাই আশা, এইজন মানুহে কিজানি আমাৰ
অসুবিধাবোৰ দূৰ কৰিব৷
কিন্তু
শেষত সেয়া নহয়গৈ৷ প্ৰত্যেকজন ওখ মানুহেই এতা নতুন ইছ্যু লৈ মানুহবোৰৰ মাজলৈ যায়৷
সেই ইছ্যুটো মানুহবোৰৰ মনঃপূত হয়৷ কাৰণ তেওঁলোক হ’ল চাপৰ মানুহ, সহজ সৰল কৃষিজীৱী
মানুহ৷ গতিকে, সমস্যাবোৰ চাব নাজানে৷ কিন্তু যেতিয়া এজন ওখ মানুহে সেইবোৰ আঙুলিয়াই
দেখুৱাই তেওঁলোকে বুজি পায়৷ আৰু সেই সমস্যাটো সমাধান হ’লেই তেওঁলোকৰ মাজলৈ
শান্তি-সম্প্ৰীতি আহি যাব বুলি ওখ মানুহজনৰ কথামতে কাম কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু
শেষত একো নহয়গৈ৷ নতুন সমস্যা এটা তেওঁলোকৰ মূৰত জাপি দি প্ৰত্যেকজন ওখ মানুহেই
চাপৰ হ’বলৈ আৰম্ভ কৰে৷ চাপৰ হোৱাৰ লগে লগে শকত হৈ যায়৷ লগতে অন্ধ, বোবা আৰু কলা হৈ
যায়৷
একেবাৰে
আজৱ ঘটনা৷ একো সমস্যা নাইকিয়া পঞ্চায়তটোত এতিয়া সমস্যাই সমস্যা৷ মানুহবোৰ প্ৰায়ে
থানালৈ যাবলগীয়া হয়৷ মাজে-মধ্যে মাৰ-পিট হৈয়েই থাকে৷ পুলিচেও আহি ধৰি নিয়ে৷
মানুহবোৰে
বুজি উঠিছে, এয়া ওখ মানুহবোৰৰ কথা শুনাৰ ফল৷
এতিয়া
মানুহবোৰে দবা-কাঁহৰ মাত শুনিলে ভয় খোৱা হ’ল, আজানৰ সুৰ শুনি বেয়া পোৱা হ’ল,
মন্দিৰৰ আৰতি আৰু গীৰ্জাৰ ঘণ্টাৰ শব্দত মুখ বিকটাই দিয়া হ’ল৷ ইজনে সিজনলৈ চাই মৰা
ধুনীয়া হাঁহিবোৰ নাইকিয়া হ’ল৷ পঞ্চায়তটোৰ মানুহবোৰৰ মাজৰ আমাৰ মিঠা সম্পৰ্কবোৰ
এতিয়া শীতল শত্ৰুতালৈ পৰিণত হ’ল৷ ট্ৰাইবেল, নন ট্ৰাইবেল, সাধাৰণ শ্ৰেণী, অন্যান্য
পিছপৰা, বহুবোৰ শব্দ বেছিকৈ প্ৰচলন হ’বলৈ ল’লে৷ এইবোৰ আগতেও আছিল৷ কিন্তু মানুহে
গুৰুত্ব দিবলগা কথা বুলি ভবাই নাছিল৷
কোনোবা দুজনমান ওখ মানুহে এইটো এটা ডাঙৰ সমস্যা বুলি পঞ্চায়তটোৰ মানুহবোৰৰ মূৰত
ভৰাই দিলে৷ এই সমস্যাটোৰ সৃষ্টি কৰি সেইকেইজন ওখ মানুহো আকৌ চাপৰ হৈ গ’ল৷
হিন্দুখিনিৰ
মাজতে উচ্চ আৰু দলিত হৈ গ’ল৷ সম্পৰ্ক হেৰাই গ’ল৷ উচ্চ বুলি ভবাখিনিয়েৰ দলিতখিনিক
ইতিকিং কৰি ভাল পোৱা হ’ল৷ এইবোৰো নতুনকৈ ওখ হ’বলৈ চেষ্টা কৰা মানুহে সৃষ্টি কৰা
সমস্যা৷
আটাইতকৈ
ডাঙৰ কথা হ’ল কিছুমান চাপৰ মানুহেও ওখ মানুহৰ পোছাক পিন্ধি না না সমস্যাৰ কথা
পঞ্চায়তটোৰ মানুহবোৰৰ মাজত বিলাবলৈ আৰম্ভ কৰিলে৷
পঞ্চায়তটোৰ
মানুহখিনিয়ে এতিয়া গোটেই কথাবোৰ বুজি পোৱা হ’ল৷ কিন্তু ভালেমান দিন লাগিল৷
বিভিন্ন
সময়ৰ ওখ মানুহবোৰে সৃষ্টি কৰি যোৱা সমস্যাই তেওঁলোকক দুৰ্বল কৰি পেলালে৷ তেওঁলোকে
এতিয়া এইটোও বুজি পাইছে যে এইবোৰ আচলতে ওখ মানুহ নাছিল৷ ওখ মানুহৰ ভাওজোৰা চাপৰ
মানুহহে৷ ঠিক নীলৰ চৰিয়াত ডুব মৰা শিয়ালটোৰ দৰে৷ এই ওখ মানুহবোৰৰ অকল শিয়ালৰে নহয়
কুকুৰনেচীয়াৰো তেজ আছে৷
সেয়েহে
এতিয়া পঞ্চায়তটোৰ মানুহে এজন সঁচাসঁচি ওখ মানুহ বিচাৰিছে৷ যিজন মানুহে অন্ততঃ
হেৰাই যোৱাখিনি ঘূৰাই আনিব পাৰিব আৰু সঁচা অৰ্থত দূৰলৈকে দেখিব৷