সঞ্জীৱ
সভাপণ্ডিত
মোৰ গান হওক ...
গীতিকাৰ-গায়কজনে গানটো লিখিলে, সুৰ
দিলে, গাই দিলে৷
সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷
গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷
কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷ কোনো মানুহক
লৈ লিখা নাই৷ কোনো সময়ক লৈ লিখা নাই৷ গীতিকাৰ–গায়ক-শিল্পীৰ
সমুখত দেখা দি থকা চিৰন্তন কথাবিলাকক লৈয়ে এই গানটো সৃষ্টি হৈছে আৰু জীয়াই আছে৷
এই গানটোত আনে কি শুনিলে-নুশুনিলে মই নাজানো৷
কিন্তু মই শুনিলোঁ যে গায়ক শিল্পীজনে গান গাবলৈ কৈছে৷
সেই তেতিয়াৰে পৰা মোৰ চিন্তা৷
মইতো গায়ক নহয়৷ তেনেহ’লে
মই কেনেকৈ গাম৷ মোৰ গান কোনে লিখিব, কোনে সুৰ দিব আৰু মোক সেই কণ্ঠস্বৰ কোনে দিব?
এই প্ৰশ্নই যে মোক অহৰহ আমনি কৰি আছে, সেই কথা মই ঘুণাক্ষৰেও কাকো
জানিবলৈ নিদিলোঁ৷ কিন্তু মনে মনে মই মোৰ অনুসন্ধান অব্যাহত ৰাখিলোঁ৷
ফাংশ্বনবিলাকলৈ যাওঁ৷ তাত গায়ক-গায়িকাবিলাকে কেনেকৈ গান গায়
মই খুব মগ্ন হৈ চাই থাকোঁ৷ কিন্তু বুজি হ’লে একোকে নাপাওঁ৷
কি আচৰিত কথা? ইমান টান নে?
১৯৭৪ চনত কটন কলেজত এজন ছিনিয়ৰ ল’ৰাই
ষ্টেজত অকলে এটা গান গাইছিল৷ লগত কোনো যন্ত্ৰ-সংগীত সংগী নাছিল৷ ষ্টেজটোৰ
ঠিক মাজত থিয় হৈ দুয়োখন হাতেৰে নিজকে সাবটি তেওঁ মুকেশৰ সেই গানটো গাইছিল—
‘‘নেইনা মাৰে, সাঁঝ চতায়ে, দেখে লাখ’ স্বপনে
সচ্ছ হেই কহী, হংগে য়া নেহী, ক’ই
জানে না--- য়হা...৷’’
তেওঁৰ সমুখত বহি আছিল মস্ত ৰঙা ফোঁট এটা লৈ
তেওঁ ভাল পোৱা ছোৱালীজনী— একে কলেজতে পঢ়া৷
সেইদিনাৰ পাছত মই ল’ৰাজনক
আৰু কেতিয়াও মঞ্চত গান গোৱা দেখা নাই৷ পেছাত তেওঁ গায়ক নহ’লগৈ৷
মই ৰাস্তাই-ঘাটে কেতিয়াবা কেতিয়াবা দেখোঁ৷ ক’ৰবাত
চাকৰি-বাকৰি কৰে চাগে৷ অৱস্থা-পাতি সিমান ভাল যেন নালাগে৷
কিন্তু মোৰ মানত সেই ১৯৭৪ চনৰে পৰা তেওঁ গায়ক
হৈ থাকি গ’ল৷ তেওঁ বোধকৰোঁ কোনোদিনে নিজে একো গানো লিখা নাছিল৷ সুৰকাৰ
বুলিও ভাব নহ’ল তেওঁক৷
বোধকৰোঁ প্ৰেমৰ তাড়নাতে তেওঁ এদিন মঞ্চত উঠিছিল, বোধকৰোঁ গানটোৱে কোৱা
কথাখিনি তেওঁৰো ক’বৰ মন গৈছিল৷ কৈ দিলে৷ এহেজাৰমান ল’ৰা-ছোৱালীৰে
ঠাহ খাই থকা প্ৰেক্ষাগৃহটোত তেওঁৰ দৃষ্টি একান্তভাৱে নিবদ্ধ হৈ আছিল সেই এখন মুখৰ
ওপৰতে৷ হয়তো বহুতৰ চকুত পৰিছিল৷ যি যেনেকৈ বুজিছিল, বুজিছিল৷
তেতিয়াৰ পৰা মই এটা কথা বুজিছিলোঁ যে গায়ক হ’বলৈ
হ’লে প্ৰেমিক হ’ব লাগে৷
১৫ বছৰ বয়সৰ পৰা ৬২-৬৩
বছৰ বয়সলৈ মই প্ৰেমত নাই পৰা বুলি কোৱাটো মিছা কথা হ’ব৷
প্ৰেমৰ অনুভূতি হৈছে৷ এবাৰেই হৈছে বুলি কোৱাটোও মিছা কথা হ’ব৷
কিন্তু ক’তো লিপিট খাই লাগিবলগা নহ’ল
বা লাগি ধৰিব নোৱাৰিলোঁ৷ নিজেও নোৱাৰিলোঁ, আনকো ৰাখিব নোৱাৰিলোঁ৷ কিন্তু সেইবুলি মোক সেই
গানটোৱে বা গানটোৰ আহ্বানটোৱে আমনি নকৰাকৈ নাথাকিল৷
এনেতে এদিন এজন চিত্ৰকৰ-ভাস্কৰ্যশিল্পীয়ে
কিছুমান গায়কক লৈ কিছুমান ছবি অঁকা দেখিলোঁ৷ তাৰ আগতে ছবিক লৈ গান লিখা পাইছিলোঁ৷
কেনেকৈনো কৰে জানিবলৈ বৰ মন গৈছিল৷ সেই
শিল্পীজনৰ ওচৰত তেওঁ কাম কৰা চাই থাকোঁতে মোৰো হঠাৎ ভাব হ’ল
যে গান নাগালেও হয় দেখোন৷ গানৰ পৰা যদি ছবি হয়, তেনেহ’লে গানৰ সলনি অন্য কামো
দেখোন হ’ব পাৰে!
ভাবি চালোঁ, গানৰ পৰা খেল হ’ব
পাৰে নেকি?
১৯৮৬ চনৰ মেক্সিক’ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত
ছেমি-ফাইনেলত আৰ্জেণ্টিনাৰ ডিয়েগ’ মাৰাড’নাই
ইংলেণ্ডৰ বিপক্ষে যিটো গ’ল দিলে— প্ৰায় একক প্ৰচেষ্টাৰে, সেইটো মোৰ গানৰ নিচিনা লাগি গৈছিল৷ যিটো গ’লক ‘The
Goal of the Century’ বুলি ক’বলৈ
মহান ফুটবল খেলুৱৈ বা টিপ্পনীকাৰসকলে কুণ্ঠাবোধ নকৰিলে৷ সেই গ’লটো
এটা শিল্পকৰ্ম বুলিয়ে মোৰ ভাব হ’ল৷
তেনেকুৱাতে মই Infosys-ৰ অধ্যক্ষ নাৰায়ণমূৰ্তিৰ এটা
ভাষণ শুনিবলৈ পালোঁ গুৱাহাটীৰ Administrative
Staff College-ত৷
তাতে শুনিলোঁ আৰু বুজিলোঁ যে বুদ্ধি কৰি ভাবি-চিন্তি নিজৰ কাম এটা নতুন
ধৰণেৰে যেনে-তেনে কৰিব পৰাটোও এটা গান গোৱাৰ নিচিনাই কথা৷
লগে লগে মোৰ মনটো কিবা ভাল লাগি গ’ল৷
তেতিয়াৰে পৰাই মই আধা ঘণ্টা লোৱা বাট ২৫ মিনিটত পাবলৈ চেষ্টা কৰা হ’লোঁ৷
১,০০০ টকা খৰচ পৰিব পৰা কাম ৭০০ টকাত কৰিবলৈ চেষ্টা কৰা হ’লোঁ৷
প্ৰথমতে কৰিব নোৱৰা বুলি ভবা কাম নেৰা হ’লোঁ৷
অনৱৰতে কিবাকিবি কামৰ অংক কৰি থাকিলেহে ভাল লগা
হ’ল৷ খং উঠিলেও মোৰ ভাল লগা হ’ল৷
উকা কাগজখনত মই কিবাকিবি শব্দ সংযোজন কৰি কৰি গৈ থাকিলেও মোৰ ভাল লগা হ’ল৷
মোৰ লেখাত বিতুষ্ট হৈ উষ্মা প্ৰকাশ কৰা পাঠকৰ কথাও মোৰ গান যেনহে লগা হ’ল৷
মুঠতে মই য’তে-ত’তে
গান দেখা হ’লোঁ, শুনা হ’লোঁ৷
মানুহে ভাবিব পাৰে গান মানুহে দেখে নেকি? দেখে৷
এইবোৰ আক্ষৰিক কথা নহয়৷ কামৰ মাজতে ছন্দ লুকাই
থাকে৷ সকলো কাম কঠুৱা নহয়৷ বহুত কামৰ মাজত বহুত কোমলতাও লুকাই থাকে৷
এদিনৰ কথা৷ মোৰ এটা বৰ দৰকাৰী কাম চলি আছিল৷
ৰাতি নমান বজাতহে শেষ হোৱাৰ কথা; তাকো একে লেথাৰিয়ে চলি থাকিলেহে৷ তিনিজন ল’ৰাক
কামটোত লগাই থৈছিলোঁ৷ আটাইকেইজন প্ৰয়োজনীয় মানুহ৷ অপৰিহাৰ্য৷ কিন্তু গধূলি পাঁচ
বজাত এজন ল’ৰাৰ ঘৰৰ পৰা খবৰ আহিল— সি তৎক্ষণাত ঘৰলৈ যাব লাগে৷
উপায় নাই— তাক যাবলৈ দিলোঁ৷ চিন্তাক্লিষ্ট হৈ বহি থাকোঁতে ৮ মান বজাত ড্ৰিল মেচিনটোও
বেয়া হৈ থাকিল৷
কথাটো ভবামতে নহ’ল৷
ৰাতি টোপনি নাহিল৷ কিন্তু পুৱা ৫ বজাতে সেই ল’ৰাটো ঘৰৰ পৰা আহি ওলালহি৷
লগত আৰু এটা ল’ৰা লৈ, যাৰ হাতত সকলো হাথিয়াৰ আছিল৷ কাম জনা ল’ৰা৷
মোৰ কৰ্মচাৰীজনৰো বোলে ৰাতি টোপনি নাহিল—কামটোৰ কথা ভাবি৷
৯ মান বজাতে কামটো হ’ল৷
সংগীতৰ আৰোহণ, অৱৰোহণ, দ্ৰুত তাল, বিলম্বিত তাল, অন্তৰা, মুখৰাৰ নিচিনা কথা নহয়নে
বাৰু? সংগীতত কোমলতা থাকে৷ কামতো৷ সংগীত এবাৰ পাগত উঠিলে নিজে নিজে গতি লয়৷ ঠিক
তেনেকৈ কাম জুতিত উঠিলে নিজে নিজে গতি লয়৷
একেবাৰে অংকৰ নিচিনা৷ ১+১=২-টোও
খাটাংকৈ হয়; ২২÷৭=৩.১৪২৮৫৭১৪-টোও
খাটাংকৈ হয়; খাটাং উত্তৰ ওলায়৷ ভুল কথা এটা সঁচা বুলি ধৰি
লৈ তাক পাছত ভুল বুলি প্ৰমাণ কৰি শুদ্ধ উত্তৰটো উলিওৱা হয়৷ এইটো গণিত-বিজ্ঞানৰ এটা
সূত্ৰই৷
অংকৰ উত্তৰ ওলালে যেনেকৈ ভাল লাগে, কাম শেষ হ’লেও
তেনেকৈ ভাল লাগে৷ ভাল লগাটোৱেই আনন্দ, যেনেকৈ গানে আনন্দ দিয়ে৷
গানে আনন্দ দিবলৈ মনটোও যেনেকৈ তেনেকুৱা হ’ব
লাগিব, তেনেকৈ কামে আনন্দ দিবলৈ তাত গান বিচাৰিব জানিবও লাগিব৷ তাৰ কাৰণে ভাগ্যও
লাগে৷ সকলো মানুহৰ হাতত কাম নাথাকে৷ হাতত কাম নথকা মানুহ বৰ দুৰ্ভগীয়া৷ দুয়োখন হাত, দুয়োটা চকু, দুয়োখন কাণ আৰু বুকুখন
কামেৰে ভৰপূৰ হৈ থকাটো বৰ কপালৰ কথা৷ কাম নাথাকিলে বিচাৰি বিচাৰি আনিব লাগে৷ কাম
বিচাৰিবলৈ মন যোৱাটোও ভাগ্যৰ কথা৷ সকলোৱে কাম নিবিচাৰে৷ সকলোৱে কাম চিনি নাপায়৷
সকলো কাম আকৌ কামো নহয়৷ The Tao of
Physics-ৰ
লেখক ফ্ৰিট্জ’ফ কাপ্ৰাই কোৱাৰ নিচিনাকৈ মানুহ মাৰিবলৈ বোমা
নিৰ্মাণ কৰাটো কাম নহয়৷ ঠিক তেনেকৈ ল’ৰা-ছোৱালীৰ
মুখত ভাত দিবলৈ গঁড় হত্যা কৰাটো কোনো কাম নহয়, যেনেকৈ গানৰ ভিডিঅ’ এটা কৰিবলৈ হাবি এখনত জুই
লগোৱাটো একো কাম নহয়৷
এই পৃথিৱীত বেছিভাগ মানুহেই কাম নকৰে৷ কাম কৰি
আনন্দ নাপালে তাক কাম কৰা নোবোলে৷