ৰঞ্জু শৰ্মা
আগলি
কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে।
আগলি
কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। ...
শৈশৱতে আইতাকে
যে সাধুকথাৰ মাজে মাজে সুৰ লগাই গাই শুনাইছিল, তাই যে বাৰে বাৰে একেটা
সাধুকে শুনাবলে একেটা গানকে গুনগুনাবলে আইতাকৰ ওচৰত আব্দাৰ কৰিছিল, সেইবোৰ আজিও একোটা নজহা-নপমা আটোলটোল স্মৃতি। কথাবোৰ যেন সৌ সিদিনাৰহে!
জোনাকে ধুওৱা ৰূপোৱালী নিশা এটিত চোতালত ঢাৰি পাৰি বহা আইতাকৰ কোলাত মুৰ গুজি দি
অজান দেশৰ ৰাজকুমাৰীৰ সাধু শুনাৰ হেঁপাহ এটাই তাইৰ মনৰ গোপন কোণত এতিয়াও মাজে মাজে
পোখালি মেলিব খোজে।
এই মুহূৰ্তত
পিছে নীলাৰো নিজকে আইতাকৰ মুখত শুনা সাধুটোৰ চিলনীৰ আঁকৰী জীয়েকজনী যেনেই লাগিছে।
তাই যেন বণিজৰ পৰা উভতি আহি থকা সদাগৰজনে অপৰূপ ৰূপত ভোল গৈ বিয়া পাতি অনা চিলনীৰ
আজলী জীয়েকজনী আৰু তাইৰ এই জীৱনটো এটি ৰূপকথাৰ সাধু।
ৰান্ধনীৰ
দায়িত্ব লৈ নতুন ঘৰখনৰ পাকঘৰটোত নীলাৰ সেইদিনা প্ৰথম প্ৰৱেশ৷ মাথোঁ কেইদিনমান আগেয়ে
বোৱাৰী হৈ আহি সোমোৱা ঘৰখনৰ চুক-কোণবোৰৰ সৈতে এতিয়াও তাই অভ্যস্ত হৈ উঠা নাই। পাকঘৰ বুলি নামকৰণ কৰা এই অকণমানি ঠাইডোখৰত থকা বেছিভাগ সামগ্ৰীয়েই তাইৰ বাবে
তেনেই নতুন,আচলতে আচহুৱাই বুলিব পাৰি৷ মুঠতে নীলাই এৰি অহা
তাইৰ শৈশৱৰ ঘৰখনৰ সৈতে এই ঠাই, এই ঘৰ বহু বিসদৃশ। .
অত্যাধুনিক
সা-সুবিধাৰে সমৃদ্ধ চৌখিন পাকঘৰটোৰ মাজমজিয়াত ঠিয় হৈ বৰ্গাকৃতিৰ সৰু কাচৰ বন্ধ
খিৰিকীখনেৰে ডিঙি মেলি তাই এবাৰ বাহিৰলৈ চালে। আচলতে চাবলৈ চেষ্টা কৰিলে তাই।
ডাঠ সেউজীয়া
পাতেৰে সৈতে এচোপ ঘন বাঁহনি, বেলিলৈ বুলি হাত মেলি যোৱা এচোপ কলগছ,
জীয়েকক বাহি-বন শিকাবলৈ ৰাতিপুৱাই আহি কা-কা কৰি খদমদম লগোৱা কাউৰীৰ
জাকটো নে বনৰীয়া গোন্ধ লৈ অহা এছাটি শীতল বতাহ...
নাই সেইবোৰৰ
এটাও ইয়াত নাই!
সাতাইছ মহলাৰ
ওপৰৰ শীতাতপ নিয়ন্ত্ৰিত কোঠা এটাৰ পৰা সাধাৰণতে কি দেখা যায়? নীলাই হিচাপ কৰি চালে৷ বিশাল পানীৰ টেংকীবোৰ মূৰত
কঢ়িয়াই সুদূৰত কেইবাখনো ওখ অসমান মুধচ, নিচেই ওচৰৰ
বিল্ডিংবোৰত কিছুমান সৰু বৰ আয়তাকাৰ কাঁচৰ খিৰিকী, উলম্বভাৱে
ওপৰলৈ মূৰ তুলি চালে (যদিওবা অলপ কষ্টকৈ) বৰ্গ আকৃতিৰ অলপ আকাশনীলা আৰু এখন সীমাৱদ্ধ
দিগন্ত। উদ্বেস্তনত আৱদ্ধ কংক্ৰীটৰ পৃথিৱী এখনৰ পৰা ডিঙি মেলি চালে মাথোঁ ইমানেই
দৃষ্টিৰ পৰিসৰ।
- নীলামা, আজিৰ
ব্ৰেকফাষ্টটো নহ'লে তুমিয়েই বনোৱাঁ। কান্তাকো লৈ যোৱাঁ তোমাৰ
লগতে, কটা-কৃটা কামবোৰত সহায় কৰি দিব পাৰিব তাই।
ঘৰুৱা কামত
সহায় কৰিবলৈ অহা কান্তালৈ দেখুৱাই শাহুৱেকে তাইক কথাষাৰি ক’লে।
- - হয় হয় বৌ, বঢ়িয়া হব৷ তোমাক মোৰ ফেভাৰিট আইটেমকেইটা কৈ দিছোঁ ৰ'বা৷ পাস্তা, বেকন, scrambled এগ্ আৰু পিজ্জা। কেতিয়াবা বনাই খুৱাব লাগিব দেই। তোমাৰ হাতৰ সোৱাদ ল'বলৈ একদম এক্সাইটেড হৈ আছো জানা বৌ৷
কথাখিনি কওঁতে নীলাৰ নন্দেকজনীৰ মুখখন উজ্জ্বল হৈ উঠিল। আছে,
নিজৰ একমাত্ৰ বৌৱেকৰ ওচৰত মৰমৰ দাবী জনোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে
তাইৰ৷ ছোৱালীজনীলৈ নীলাৰ কিবা এটা মৰম লাগি গ’ল। পিছে তাই
এইমাত্ৰ উচ্চাৰণ কৰা খাদ্যসমূহৰ নামবোৰহে তাইৰ বাবে তেনেই অচিনাকি।
জীয়েকৰ সুৰতে
সুৰ মিলাই এইবাৰ নীলাৰ শহুৰেকেও মাত লগালে-
-
- মাজনী, কইনা চাবলৈ যোৱাৰ
সময়ত বিয়ৈয়ে কৈছিল তোমাৰ হাতত হেনো মা অন্নপূৰ্ণাৰ আশীৰ্বাদ
আছে। আজি বাৰু ব্ৰেকফাষ্টকে বনোৱাঁ, কোনোবা
এদিন ভালদৰে এসাঁজ বনাই খুৱাব লাগিব দেই।
ঘৰখনৰ
মানুহখিনিৰ মৰমৰ দাবী, আব্দাৰবোৰে নীলাৰ মনত মিহিকৈ ভয় এটিৰ
জন্ম দিলে৷ লগতে অলপ লাজ, অলপ সংকোচ।
চহৰীয়া মুখৰ জুতি চিনি পাবলৈ এতিয়াও তাইৰ বহু বাকী। তাইৰ গাঁৱৰ ঘৰখনৰ
মানুহখিনিয়ে প্ৰায়েই সান্দহগুৰি, পিঠাগুৰিৰ জলপান নাইবা
পোৰা আলুৰ পিটিকাৰে পুৱাৰ আহাৰৰ মোখনি মাৰে, কিন্তু ইয়াত?
কাষৰ চোফাখনত
বহি লেপটপত মূৰ গুজি থকা গিৰীয়েক অম্লানলৈ তাই কেৰাহিকৈ এবাৰ চাই পঠিয়ালে। ৰাইজৰ দাবীবোৰৰ স’তে তাৰ মিচিকিয়া হাঁহিটোও চামিল হৈ পৰিল।
“তাৰ
মানে আজি ৰক্ষা নাই”। সন্মতিসূচক হাঁহি এটি মাৰি, চাদৰৰ
আচলখনৰ চুক এটা কঁকালত খুচি লৈ নীলা পাকঘৰলৈ উঠি গ’ল। পিছে
পিছে কান্তা। হঠাৎ তাইৰ নিজকে আকৌ এবাৰ ৰং-বিৰঙী শাৰী পিন্ধি, নাকে, কাণে, গলে এসোপা
অলংকাৰেৰে পৰিৱেষ্টিত হৈ, সকাতৰ দৃষ্টিৰে আকাশলৈ চিলনীৰ
নিমাখিতা, অসহায় ছোৱালীজনীৰ জনীৰ দৰেই লাগিল। গাব পৰা হ’লে তাইও আজি ইনাই বিনাই গালেহেঁতেন...
“আগলি কলাপাত লৰে কি চৰে,
চিলনী আই মোৰ
আগতে পৰে।”
অতি কম সময়ৰ ভিতৰতে নামনি অসমৰ ভিতৰুৱা গাঁও এখনৰ পৰা মুম্বাই মহানগৰীৰ এটি অভিজাত আবাসিক কলনিলৈ সলনি হৈছিল নীলাৰ ঠিকনা। সম্পৰ্কীয় পেহীয়েক এগৰাকীৰ মধ্যস্থতাত বৰ্তমান মুম্বাই মহানগৰত প্ৰবাসী হৈ থাকিবলগীয়া হোৱা অসমীয়া পৰিয়াল এটিৰ সুপুত্ৰলৈ বিয়া হৈ আহিছিল নীলা। দুখন সম্পূৰ্ণ পৃথক ঘৰ, দুটি সম্পূৰ্ণ পৃথক পৰিৱেশ, অচিনাকী আচাৰ-ব্যৱহাৰ আৰু তাইৰ চৌদিশে বহুত নতুন মানুহ৷ এই নতুনখিনিৰ লগত সম্পূৰ্ণকৈ খাপ খাই পৰিবলৈ তাইক যে কিছু সময় লাগিব সেইদিনা এয়াৰপ- ৰ্টৰ পৰা বাহিৰলৈ ওলাই আহিয়েই নীলাই কথাষাৰ উপলব্ধি কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত তাই নিজকে বহু ভাগ্যৱান বুলিও ভাবে। নতুন ঘৰখনৰ আটাইবোৰ সদস্য ইমান সহজ-সৰল আৰু মৰমিয়াল হ’ব বুলি আচলতে তাই কল্পনাই কৰিব পৰা নাছিল।
মহানগৰীৰ স্বচ্ছন্দ্যৰ মাজত থাকিও ইমান সৰল, ইমান মৰমিয়াল মানুহখিনি!
তেওঁলোকে যেন তাইৰ প্ৰতিটো দুৰ্বলতাকে নিৰ্ভয় ডেউকাৰে সাবটি
ৰাখিব! গিৰীয়েক অম্লানৰ বাহিৰেও শাহুৱেক, শহুৰেক আৰু
নন্দেক আটায়ে বিয়াৰ দিন ধৰি তাইক তাইৰ বাবে নিতান্তই আচহুৱা যেন লগা পৰিৱেশটো সহজ কৰি তুলিবলৈ চেষ্টাৰ
অকণো ক্ৰটি কৰা নাই।
লুচিৰ লগত খাব
পৰাকৈ ভাজি এখন বনাওঁ বুলি ফ্ৰীজটো খুলি নীলাই ফুলকবি এটা উলিয়াই আনি কান্তাৰ হাতত
দিলে। কান্তাই আলুৰে সৈতে পাছলিখিনি কুটি সাজু কৰা সময়খিনিতে তাইও আটা মেকাৰটো উলিয়াই
আটাখিনি মঠি লোৱাৰ যো-জা কৰিলে। যদিও এইবোৰ কাম তাই হাতেৰেই
কৰিবলৈ বেছি সুবিধা পায়, আজিকালি এই নতুন সাধনটো ব্যৱহাৰ কৰিবলৈ শিকিছে তাই। এইখন
ঘৰত এয়াই নিয়ম।
বাচন থোৱা
চিঙ্কটোৰ ওপৰলৈ থকা কাঁচৰ খিৰিকীখনৰ গ্লাছখন তাই খুলি দিলে। খিৰিকীখন খোল খাওঁতে
কেৰেককৈ শব্দ এটি হ’ল। সঘনাই নোখোলা বাবেই নেকি লোহাৰ
ফ্ৰেমটোত মামৰ লাগি কল- কব্জাবোৰ টান হৈ আছিল। বেঙা মেলি
নীলাই আকৌ এবাৰ বাহিৰলৈ চালে।
অচিনাকী বতাহ
এছাটি হুৰুসকৈ সোমাই আহি নীলাক আদৰণি জনাই গ’লহি।
এক মাইক্ৰ’ছেকেল্ডমানৰ
কাৰণে তাইৰ ভাব হ’ল কাউৰীতকৈ অলপ ডাঙৰ চিলনী জাতীয় ক’লা চৰাই এজনী যেন খিৰিকীখনৰ কাষেৰে উৰা মাৰি গুচি গ’ল। ডিঙি মেলি
আকৌ এবাৰ চৰাইজনী দেখে নেকি চালে তাই। নাই, এইবোৰ ওখ আকাশত
উৰা চৰাই, ওখ ওখ বিল্ডিংবোৰৰ ওপৰেৰে,
মানুহৰ সান্নিধ্যৰ পৰা বহু নিলগেৰে। সিঁহতৰ
গাঁৱত দেখা চৰাইবোৰৰ নিচিনা নহয়। চাউল এমুঠি হাতত লৈ ‘আহ আহ’
বুলি মাতিলেই ঢপলিয়াই আহি হাততে পৰা ঘনচিৰিকাজাকৰ দৰেতো মুঠেও নহয়!
আবেলি আবেলি বাঁহনিৰ মাজত লুকাই বিষাদ গীত জোৰা কেতেকীজনীৰ দৰেও নহয়। এবাৰ আঁতৰি যোৱাৰ পাছত পুনৰবাৰ দেখিবলৈ আৰু বা কিমান পৰৰ অপেক্ষা!
খিৰিকীখনৰ পিনে কাণখন আগুৱাই নি নীলাই এইবাৰ বাহিৰৰ পৰা আহিব পৰা
সাম্তাব্য শব্দ কিছুমান শুনিবলৈ চেষ্টা কৰিলে। সিঁহতৰ গাঁৱত ৰাতিপুৱাৰ এই সময়খিনি
কিমান যে মুখৰ হৈ থাকে। পুৱাৰ পোহৰৰ খবৰ দিবলৈ অহা কাউৰীজাকৰ কা কা, ঘনচিৰিকা আৰু শালিকীৰ জাকটোৰ কিচিৰ মিচিৰ কোলাহল, দেউতাকৰ
মুখত গোঁসাই ধুওৱা মন্ত্ৰোচ্চাৰণ, ওচৰৰ
স্কুলঘৰটোত টং টংকৈ বজা স্কুল বহা ঘণ্টাৰ শব্দ আৰু তাৰ মাজতে ককাকৰ সেই পুৰণিকলীয়া ৰেডিঅ’টোত
পুৱাৰ আঞ্চলিক বাতৰি। যেন মিশ্ৰিত সুৰৰ ছন্দোময় এক সমাবেত সংগীত!! এই সময়খিনি
সেইবাবেই খুব প্ৰিয় আছিল নীলাৰ। মিঠা শব্দসমূহৰ সন্মিলিত ৰাগে গোটেই ৰাতিপুৱাটোকে জীৱন্ত কৰি ৰাখিছিল।
খিৰিকীখনৰে সোমাই অহা যান্ত্ৰিক কোলাহল এটাত নীলাৰ তন্দ্ৰা ভাঙিল। আবাসীক ক’লনিটোৰ গেট খুলি সোমাই অহা প্ৰকাণ্ড গাৰবেজ ভেনখনৰ কৰ্কশ গোজৰণিটোৱে ৰাতিপুৱাটোক ছিৰাছিৰ কৰি থৈ গ’ল।
আঃ! ইমান
যান্ত্ৰিক, ইমান বেসুৰা চহৰীয়া সময়!
নীলাৰ বুকুৰ
কোনোবাখিনিত বিষ এটা বগুৱা বাই উঠি আহিল।
খিৰিকীখনৰ পৰা
আঁতৰি আহি নীলাৰ মনটো এইবাৰ মাথোঁ কেইদিনমান আগেয়ে এৰি অহা তাইৰ গাঁৱৰ ঘৰখনৰ
খিৰিকীখনৰ ওচৰলৈ উৰা মাৰি গ’ল৷ সিহঁতৰ আহল
বহল পাকঘৰটোৰ ক’লা ৰঙৰ কাঠৰ বাটাম দিয়া খিৰিকীখনৰ প্ৰতি
তাইৰ এক আচৰিত মোহ আছিল। খিৰিকীখনৰ সিপাৰে যিমানদুৰলৈকে চকু যায় মাথো ঘন
সেউজীয়া। যেন এখন সেউজীয়া সাগৰ। পাণ, তামোল, নেমুটেঙা, কৰ্দৈ, কঁঠালেৰে
মেটমৰা বাৰী আৰু তাৰ পিছত সীমাহীন এখন বাঁহনি। সিঁহতৰখন, সৰু খুড়াকৰখন,
বাপুকণ মাষ্টৰৰখন। ইখনৰ
লগত সিখনকৈ লগ হৈ থকা বাঁহনিবোৰ। যেন ঘৰকেইখনৰ মানুহবোৰৰ দৰে
বাঁহনিবোৰৰ মাজতো মিতিৰালি। তামোল আৰু নাৰিকল কেইজোপাৰ মাজে মাজে ভূৰুংকৈ দেখা দিয়া কেৰ্কেটুৱাকেইটা আৰু অতদিনে মৰিবলৈ শাও দি থকা গাঁওখনৰ বান্দৰজাকলৈও
নীলাৰ আজি বৰকৈ মনত পৰিছে! সেই জাকটোৱে কমখন ৰঙালাও আৰু পকা অমিতা
নষ্ট কৰি থৈছেনে সিঁহতৰ!
বুঢ়ীমাকৰ ওৰেটো দিন সেইটোৱেই কাম। ‘হেই হেই আহিলে ঔ, খালে, নিলে ঔ –খেদ খেদ’ আইতাক যেন বান্দৰ খেদিবলৈ নিয়োজিত চকিদাৰহে। হ’লেওচোন নীলাৰ কিবা এটা ভাল লাগিছিল। অন্ততঃ চৌপাশে জীৱন আছিল।
-
এই, এইটো কাৰণতেই তোক পাকঘৰলৈ পঠিয়াব নোৱাৰি। খিৰিকীৰ মুখত থিয়
দি আকাশ-পাতাল ভাবি থাকিলে ভাত সিজিব জানো ক’চোন? চাওঁ আঁতৰ হ’৷ দুদিন পিছত এঘৰলৈ ওলাই যাবি। এতিয়ালৈকে
হেতাখনকে ভালকৈ ঘূৰাব পৰা হোৱা নাই। এইজনীয়ে মোক শাহুৱেকৰ গালি খুৱাইহে এৰিব
দেখিছো৷
- - ধেৎ চিন্তা কিয় কৰিছ মা,চিলনীৰ জীয়েকৰ দৰে মই গানটো গাম,”আগলি কলাপাত ল’ৰে কি চ’ৰে, চিলনী আই মোৰ আগতে পৰে।”... তই উৰি উৰি আহি যাবি আকৌ...
কিমান দিনৰ
কথানো এইয়া!! সাধুবোৰ সঁচা হৈ যোৱা হ’লে!! নতুন ঠিকনাই অতীত কৰি
পেলোৱা কথাবোৰ মনত পৰি নীলাৰ চকুহাল সেমেকি উঠিল৷
-
- নীলা, খিড়িকীখন বন্ধ কৰি লোৱাঁ,
ইয়াত আমি খিড়িকী নোখোলোঁৱেই। তোমালোকৰ গাঁৱৰ ঠাইসমূহৰ দৰে বিশুদ্ধ
বতাহ ক’ত পাবানো ইয়াত? চাৰিওপিনে গেলা গোন্ধবোৰহে মাথোঁ। তাতোকৈ চিমনিটোকে অন কৰি লোৱাঁ৷
নীলাক বেঙা মেলি
বাহিৰলৈ চাই থকা দেখি এপাকত অম্লানে আহি কথাকেইটি কৈ গ’লহি।
- -
ছেঃ, যি অকণ উশাহ আছিল,
সেয়াও বিষাক্ত। ... নীলাই মনতে ভোৰভোৰালে।
অত্যাধুনিক গেছ ষ্ট’ভটো লিৰিকি বিদাৰি আকাশ পাতাল ভাবি নীলা পাকঘৰটোৰ সোঁমাজতে ৰৈ থাকিল। এনেকুৱা ষ্ট’ভ আগেয়ে তাই চুই পোৱাতো দূৰৈৰে কথা ছবিও দেখা নাই। গেছ নহৈ যেন সাইলাখ তাইৰ আইতাকে যৌতুকত অনা পেৰাটোহে। সিহঁতৰ ঘৰৰ নিচিনা মাথো দুটা চুলা থকা মামৰে ধৰি ৰং হেৰুওৱা ষ্টীলৰটোৰ দৰে নহয়।
পাগঘৰৰ
খিড়িকীৰে যোগান ধৰা নীলিমা খুড়ীয়েকৰ খোলাচাপৰি পিঠাকেইখন,
জেওৰাখনৰ ওচৰলৈ মাতি লীলা পেহীয়েকে দিয়া সান্দহগুৰিমুঠি, কচুৰ তৰকাৰীখন, নীলাই ভালপায় বুলিয়ে বৰমাকে জীয়েক
সোণপাহীৰ হাতত পঠিয়াই দিয়া হাঁহৰ মাংসৰ তৰকাৰীখন...
আঃ! অন্যমনস্ক হুমুনিয়াহ এটা নীলাৰ মনৰ
ওপৰেৰে পাৰ হৈ গ’ল৷ এই কংক্ৰীটৰ মহানগৰৰ উশাহহীন পৰিৱেশত
সম্ভৱনে বাৰু এইবোৰ?...আছেনে বাৰু নিভাঁজ মৰম? ইমান সৰলতা, ইমান সহৃদয়তা?..
কথাবোৰ নীলাই
যিমানেই ভাবে বুকুখন সিমানেই গধুৰ হৈ গৈ থাকে। অতীত আৰু বৰ্তমানৰ তুলনাবোৰে এটি
বিষ এটিৰ ৰূপ লৈ নীলাৰ অন্তৰখন কুৰুকিবলৈ আৰম্ভ কৰে।
-
- নীলামা, নীলা... চোৱাহিচোন এয়া কোন আহিছে...
শাহুৱেকৰ মাতত
তাই উচপ খাই উঠিল। খিৰিকীখন তেনেকৈ খোলা ৰাখিয়েই তাই পৰ্টিকলৈ ওলাই আহিল। দুৱাৰমুখত হাঁহি মুখে ৰৈ থকা মিঠা বৰণীয়া এগৰাকী প্ৰায়
ষাঠি বছৰীয়া মহিলা। মানুহগৰাকীৰ হাতত এটি ধুনীয়া পাত্ৰ আৰু লগত ফুটুকীয়া ফ্ৰক পিন্ধি এজনী অকণমানি ছোৱালী। মানুহগৰাকীৰ শাৰীৰ আচলেৰে মুখৰ আধা অংশ
ঢাকি লৈ নীলাৰ মুখলৈ চাই তাই মিচিকিয়াই হাঁহি আছে। দেখাত ছোৱালীজনীক মানুহগৰাকীৰ
নাতিনীয়েক যেনেই লাগিছে।
ছোৱালীজনীৰ স’তে
মানুহগৰাকীক দেখি নীলাৰ মনটো কিবা এটা ভাল লাগি গ’ল।
-
- নীলা এখেত আমাৰ কাষৰটো ফ্লেটত থাকে। মিচেছ
ৰেড্ডী। তুমি ৰেড্ডী আণ্টি বুলিয়েই মাতিবা। আমাৰ ইহঁতেও তেনেকৈয়ে মাতে। মানুহগৰাকীয়ে ভঙা ভঙা হিন্দী
কয়, বুজিও পায়। তোমাৰো কথা পতাত অসুবিধা নহ’ব। ইমানদিন তেওঁ হায়দৰাবাদৰ নিজৰ গাঁৱৰ ঘৰত আছিল, এতিয়া
আহিয়েই তোমাক চাবলৈ বুলি ঢপলিয়াই আহিছে।
শাহুৱেকে
মানুহগৰাকীৰ সৈতে তাইক চিনাকি কৰাই দিলে।
নীলাই
মানুহগৰাকীক হাতযোৰ কৰি সম্ভাষন জনালে। মিচেছ ৰেড্টীয়ে ভিতৰলৈ
সোমাই আহি প্ৰথমে হাতত থকা পাত্ৰটো নীলালৈ আগবঢ়াই দি তাইক সাবট মাৰি ধৰিলে। দক্ষিণৰ সুৰ মিহলোৱা ভঙা ভঙা হিন্দীৰে ক’লে...
- -
ন কইনাজনী চাই যাম বুলিয়েই আহিলোঁ। এয়া তোমালৈ বুলি ডোচা বনাই আনিছোঁ। তোমালোকৰ অসমত যে এটি পিঠা পায় ঠিক
তেনেকুৱাই। সেই পিঠাটো তোমাৰ শাহুৱেৰাই আমাক বহুদিন বনাই
খুৱাইছে জানা। আজি তুমিও আমাৰ ডোচা টেষ্ট কৰি চোৱাঁ। অ’ খাই
কেনেকুৱা পালা ক’বা দেই মাজনী।...
উত্তৰ দিবলৈ গৈ
নীলাৰ মুখেৰে এষাৰো মাত নোলাল। অনামী আৱেগত বৈ অহা এধাৰি চকুলোৱে শব্দহীনভাৱে বহু
কথা কৈ গ’ল। কিমান পৰ যে তাই সেই মৰম লগা মুখখনলৈ একেথৰে চাই থাকিল !
এয়া নীলিমা খুড়ী, লীলা পেইী নে সোণপাহীহতৰ
বৰমা?...
মিচেছ ৰেড্ডীয়েও চাগে নীলাৰ মৌন ভাষা ভালকৈয়ে বুজি পালে। নহলেনো যোৱাৰ পৰত আকৌ এবাৰ
তাইক সাবটি ধৰি কপালতে চুমা এটি আঁকি দিয়েনে?...
অলপ সময় আগলৈকে গুনগুনাই থকা ‘চিলনী জীয়েকৰ সাধু’-ৰ গানফাকি এতিয়া আৰু নীলাৰ গাবলৈ মন যোৱা নাই। চৌপাশৰ উশাহহীন ৰুদ্ধ বতাহখিনিও লাহে লাহে তাইৰ ভাল ল’গা হৈ আহিছে। ডোচাৰ পাত্ৰটো লৈ পাকঘৰলৈ গৈ থাকোঁতে তাই মনে মনে ভাৱি আহিল...
নন্দেকে কোৱা
সেই পিজ্জা, বেকন নে পাস্তা এইবোৰৰ বিষয়ে ভালকৈ শিকি ল’ব লাগিব। অম্লানকে ক'ব ৰেচিপি থকা কিতাপ হ'লেও আনি দিব দুখনমান। কাইলৈৰ
ব্ৰেকফাষ্টটো তাই নিজৰ মতে ভালকৈ বনাব।....
ডোচাৰ পাত্ৰতে
চেল্ফখনতে নমাই থৈ অতপৰে খুলি থোৱা বৰ্গাকৃতিৰ সৰু খিৰিকীখনেৰে নীলাই আকৌ এবাৰ
বাহিৰলৈ চালে...
সীমাৱদ্ধ দিগন্তৰ
হ’লেও ওপৰৰ আকাশখন উজ্বল, ঘন নীলা।
***
নেঅ’টাউন, বাংগালুৰু,
ভ্ৰাম্যভাষ : ৯৫৯৯৯৬২০০৪